Class 5 Environment Chapter 7 আহাৰৰ প্ৰয়োজনীয়তা

Class 5 Environment Chapter 7 আহাৰৰ প্ৰয়োজনীয়তা, SEBA Chapter 7 আহাৰৰ প্ৰয়োজনীয়তা Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আহাৰৰ প্ৰয়োজনীয়তা

Chapter – 7

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা-

(ক) আমাক কিয় আহাৰৰ প্ৰয়োজন হয় ?

উত্তৰঃ জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰাই শৰীৰে শক্তি পায়। আহাৰে আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। আহাৰত থকা বিভিন্ন পুষ্টিকাৰক দ্রব্যই শৰীৰক শক্তি যোগায়। আহাৰত থকা খাদ্যপ্ৰাণে দেহত প্রতিষেধক হিচাপে কাম কৰে।

(খ) খাদ্যত থকা উপাদানবোৰ কি কি ?

উত্তৰঃ আমাৰ খাদ্যত ছয়বিধ উপাদান থাকে। সেইবোৰ হ’ল— শৰ্কৰা, প্রাটিন, চর্বি,ভিটামিন, খনিজ লবণ আৰু পানী। 

(গ) শৰ্কৰা, প্ৰ’টিন আৰু চৰ্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ

উত্তৰঃ শৰ্কৰা জাতীয় আহাৰ — ভাত, চেনি।

প্ৰ’টিন জাতীয় আহাৰ —গাখীৰ, কণী।

চর্বিজাতীয় আহাৰ — তেল, মিউ।

(ঘ) সুষম আহাৰ বুলিলে কি বুজা ? সুষম আহাৰৰ কিয় প্রয়োজন ? 

উত্তৰঃ আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ’টিন, চর্বি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰকেই সুষম আহাৰ বোলে।

(ঘ) সুষম আহাৰ বুলিলে কি বুজা ? সুষম আহাৰৰ কিয় প্রয়োজন ?

উত্তৰঃ আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ’টিন, চর্বি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰকেই সুষম আহাৰ বোলে। আমাৰ শৰীৰক নিতৌ প্রয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়। সেয়ে সুষম আহাৰ আমাৰ বাবে অতি প্রয়োজন। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম আহাৰৰ অভাৱত শৰীৰত অভাবজনিত ৰোগে দেখা দিয়ে।

(ঙ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে ?

উত্তৰঃ আমাৰ শৰীৰক যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন। পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে। ই আমাৰ শৰীৰৰ অলাগতীয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।

প্রশ্ন ২। খালী ঠাই পূৰ কৰাঃ

(ক) জীয়াই থাকিবৰ বাবে _____প্রয়োজন।

(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল_____।

(গ) সেউজীয়া শাক-পাচলি আৰু ফলমূলত ____আৰু ____থাকে। 

(ঘ) প্রয়োনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ____আহাৰ বোলে।

(ঙ) ভিটামিন —— ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে। 

উত্তৰঃ (ক) জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন।

(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল প্ৰ’টিন। 

(গ) সেউজীয়া শাক-পাচলি আৰু ফলমূলত ভিটামিন আৰু খনিজ থাকে।

(ঘ) প্রয়োনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে। 

(ঙ) ডিটামিন-A ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।

প্রশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা : 

‘ক’ অংশ‘খ’ অংশ
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল 
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্যবিধ হ’ল
তেজৰ গঠনত সহায় কৰা দ্ৰব্যবিধ হ’ল। 
আয়’ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ’ল
কেলচিয়াম

লো

গৰল

শৰ্কৰা

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল।
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্যবিধ হ’ল।
তেজৰ গঠনত সহায় কৰা দ্ৰব্যবিধ হ’ল।
আয়’ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ’ল।
শৰ্কৰা 

কেলচিয়াম

লো

গৰল

প্রশ্ন ৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা :

(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল গাখীৰ আৰু দৈ/চৰ্বি আৰু প্ৰ’টিন/ভিটামিন আৰু খনিজ দ্রব্য।

(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱ হোৱা বেমাৰক কি বুলি কোৱা হয়— বেৰিবেৰি/কুকুৰীকণা/অভাবজনিত ৰোগ 

(গ) ভিটামিন-C অধিক পৰিমাণে থকা খাদ্য হ’ল গাখীৰ/আমলখি/ছয়াবিন।

(ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ ‘হ’ল গাখীৰ /পানী/শাক-পাচলি।

উত্তৰঃ (ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল ভিটামিন আৰু খনিজ দ্রব্য। 

(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱ হোৱা বেমাৰক অভাৱজনিত ৰোগ বুলি কোৱা হয়।

(গ) ভিটামিন-C অধিক পৰিমাণে থকা খাদ্য হ’ল আমলখি।

(ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল পানী।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। আহাৰৰ পৰিপোষক বুলিলে কি বুজা ?

উত্তৰঃ  আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্রব্য থাকে। এই পুষ্টিকাৰক দ্রব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বোলে।

প্রশ্ন ২। আমাৰ খাদ্যত থকা পৰিপোষকবোৰ কি কি ? 

উত্তৰঃ শৰ্কৰা, প্ৰ’টিন, ভিটামিন, খনিজ দ্রব্য, পানী আদি আমাৰ আহাৰত থকা পৰিপোষক।

প্রশ্ন ৩। শক্তিদায়ক খাদ্য কাক বোলে ?

উত্তৰঃ শৰ্কৰা বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে। 

প্রশ্ন ৪। শাৰীৰিক পৰিশ্ৰম কৰা মানুহক কোনজাতীয় খাদ্যৰ প্ৰয়োজন ?

উত্তৰঃ শাৰীৰিক পৰিশ্ৰম কৰা মানুহক শৰ্কৰা জাতীয় খাদ্যৰ বেছি প্ৰয়োজন। 

প্রশ্ন ৫। চাৰিবিধ চর্বিযুক্ত আহাৰৰ নাম লিখা।

উত্তৰঃ ঘিউ, মাখন, তেল আৰু বাদাম।

প্রশ্ন ৬। ল’ৰা-ছোৱালীৰ বাবে কোন জাতীয় খাদ্যৰ প্ৰয়োজন ?

উত্তৰঃ ল’ৰা-ছোৱালীৰ বাবে প্ৰ’টিন জাতীয় খাদ্যৰ বেছি প্ৰয়োজন। 

প্রশ্ন ৭। আহাৰৰ কোনবিধ উপাদানে শৰীৰত প্ৰতিষেধক হিচাপে কাম কৰে ?

উত্তৰঃ ভিটামিনে শৰীৰত প্ৰতিষেধক হিচাপে কাম কৰে।

প্রশ্ন ৮। আহাৰৰ কোনবিধ উপাদানে দেহত তেজ আৰু হাড় গঠন কৰাত সহায় কৰে ?

উত্তৰঃ আহাৰৰ খনিজ দ্রব্যই দেহৰ তেজ আৰু হাড় গঠন কৰাত সহায় কৰে।

প্রশ্ন ৯। শাক-পাচলি আৰু মাছ-মাংস কিমান পানী থাকে ?

উত্তৰঃ শাক-পাচলিত ৯০ শতাংশতকৈ অধিক আৰু মাছ-মাংসত ৬০-৮০ শতাংশ পানী থাকে। 

প্রশ্ন ১০। কিছুমান শৰ্কৰা জাতীয়, প্ৰ’টিন জাতীয়, চর্বিজাতীয় আৰু ভিটামিন আৰু খনিজ পদার্থ থকা খাদ্যৰ নাম লিখা।

উত্তৰঃ

শৰ্কৰা জাতীয় আহাৰভাত, ৰুটী, চেনি,, গুৰ, আলু, মিঠা আলু, ৰঙা আলু, কল, মৌ, আখৈ, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ ইত্যাদি।
প্ৰ’টিন জাতীয় আহাৰগাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহী, বুট, লেচেৰা, মাহ, ছয়াবিন, কাঠফুলা ইত্যাদি।
ভিটামিন আৰু খনিজতেল, ঘিউ, মাখন, নাৰিকল, সৰিয়হ, বাদাম, তিল, চর্বিযুক্ত, মাংস ইত্যাদি।
পদার্থ থকা আহাৰসেউজীয়া শাক-পাচলি, গাজৰ, বিলাহী, আমলখি নেমুটেঙা, শিলিখা, অমৰা, মধুৰিআম, তিতা কেৰেলা, কাচ কল, সুমথিৰা, পালেং, ব্রাহ্মীশাক, কলডিল, পছলা কচু ইত্যাদি।

প্রশ্ন ১১। প্ৰ’টিনৰ অভাৱত হ’ব পৰা ৰোগৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰ’টিনৰ অভাৱ হ’লে শৰীৰ বৃদ্ধিত ব্যাঘাত জন্মে, মুখমণ্ডল উখহে, চুলি বৰণহীন হয়, ছালৰ বেমাৰ হয় আৰু শক্তি কমি যায়।

প্রশ্ন ১২। শৰ্কৰা আৰু প্ৰ’টিনৰ অভাৱ হ’ব পৰা ৰোগবোৰ উল্লেখ কৰা। 

উত্তৰঃ শৰ্কৰা আৰু প্ৰ’টিন জাতীয় খাদ্যৰ অভাৱত শৰীৰৰ বল আৰু শক্তি কমি যোৱাৰ ফলত টান কাম কৰিব নোৱৰা হয় ।

প্রশ্ন ১৩। ভিটামিনৰ অভাৱত হোৱা ৰোগসমূহৰ উল্লেখ কৰা।

উত্তৰঃ (ক) ভিটামিন-A ৰ অভাৱত মানুহ কুকুৰীকণা হয়।

(খ) ভিটামিন-B ৰ অভাৱত বেবি-বেৰি বেমাৰ হয়। মাংসপেশী দুর্বল হয়।

(গ) ভিটামিন-C ৰ অভাৱত দাঁতৰ আলু উখহে, দাঁতৰ পৰা তেজ ওলায়। 

(ঘ) ভিটামি-Dৰ অভাৱত হাড়ৰ গঠন দুর্বল হয়। কেঁচুৱাৰ পয়ালগা বেমাৰ হয়। হাড় কোমল আৰু বেঁকা হয়।

(ঙ) ভিটামিন-E ৰ অভাৱত মাংসপেশীৰ বিকাৰ হয়। 

(চ) ভিটামিন K ৰ অভাৱত শৰীৰত কটা-ছিঙা হ’লৈ সোনকালে তেজ বন্ধ নহয়।

প্রশ্ন ১৪। তিনিবিধ খনিজ দ্রব্যৰ নাম লিখা-

উত্তৰঃ লো, কেলছিয়াম আৰু আয় ডিন।

প্রশ্ন ১৫। শৰীৰত তেজৰ কণিকা গঠনত সহায় কৰা এবিধ খনিজ দ্ৰব্যৰ নাম লিখা।

উত্তৰঃ লো।

প্রশ্ন ১৬। শৰীৰত আইনৰ অভাৱ হ’লে কেনে ৰোগ হয় ? 

উত্তৰঃ শৰীৰত আইৰণৰ অভাৱ হ’লে ৰক্তহীনতা ৰোগ হয়।

প্রশ্ন ১৭। কেলছিয়ামৰ অভাৱত কেনেকুৱা ৰোগ হয় ?

উত্তৰঃ শৰীৰৰ হাড় আৰু দাঁতৰ গঠনৰ বাবে কেলছিয়ামৰ প্ৰয়োজন। হাড় ঠুনুকা আৰু দুর্বল হয়। কেলচিয়ামৰ অভাৱত দাঁতৰ গঠন দুর্বল হয়।কেলছিয়ামৰ অভাৱত দাঁত ক্ষয় হয়।

প্রশ্ন ১৮। কোনবিধ খনিজ দ্রব্যৰ অভাৱত গৰল বেমাৰ হয় ?

উত্তৰঃ আয় ‘ডিনৰ অভাৱত গৰল বেমাৰ হয়।

প্রশ্ন ১৯। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত কেনেকুৱা নিমখ ব্যৱহাৰ কৰিব লাগে ?

উত্তৰঃ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত আয় ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে।

প্রশ্ন ২০। কিহৰ বাবে মেদবহুলতা ৰোগ হয় ?

উত্তৰঃ বেছি চর্বিযুক্ত খাদ্য খোৱাৰ ফলত মেদবহুলতাই দেখা দিয়ে।

প্রশ্ন ২১। মেদবহুলতাই শৰীৰ কেনেকুৱা অসুবিধা কৰে ? 

উত্তৰঃ মেদবহুলতাৰ বাবে শৰীৰৰ ওজন অস্বাভাৱিক ভাৱে বৃদ্ধি পায়, শৰীৰ শকত হৈ পৰে। অতি সোনকালে ভাগৰ লাগে।

প্রশ্ন ২২। মেদবহুলতাৰ পৰা ৰক্ষা পোৱাৰ এটা উপায় লিখা।

উত্তৰঃ বেছিকৈ খেলা-ধূলা আৰু ব্যায়াম কৰিব লাগে।

প্রশ্ন ২৩। আমি কিয় পুৰণি খাদ্য খাব নালাগে ?

উত্তৰঃ পুৰণি খাদ্যত নানা ধৰণৰ বিষক্রিয়া হ’ব পাৰে। সেইবাবে পুৰণি খাদ্য খোৱা অনুচিত।

প্রশ্ন ২৪। আহাৰ ভালদৰে হজম হ’বলৈ কেনেকুৱা অভ্যাস গঢ়িব লাগে ? 

উত্তৰঃ (ক) আহাৰ ভালদৰে চোবাই খাব লাগে।

(খ) লৰা লৰিকৈ আহাৰ খাব নালাগে। 

(গ) সদায় সেউজীয়া শাক-পাচলি খাব লাগে।

(ঘ) প্ৰয়োজনতকৈ বেছি খাদ্য খাব নালাগে।

(ঙ) এবাৰতে বেছি আহাৰ নাখাই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাব লাগে।

(চ) বেছি ভাগৰ লাগিলে খাব নালাগে। 

প্রশ্ন ২৫।তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা।

(ক) পানীয়ে শৰীৰ শীতল কৰি ৰাখে। 

(খ) আয় ‘ডিনৰ অভাৱত ডিঙি ডাঙৰ হয়।

(গ) আয়’ডিনৰ অভাৱত শিশুৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে। 

(ঘ) মেদবহুলতাই এলাহ বঢ়ায়।

(ঙ) বেছি মছলা যুক্ত খাদ্য উপকাৰী।

(চ) কেলচিয়ামে হাঁড় কোমল কৰে।

(ছ) ভিটামিন-ডি-ৰ অভাৱত কেঁচুৱাৰ পানীলগা ৰোগ হয়।

(জ) সুষম আহাৰ দামী।

(ঝ) শৰ্কৰা আৰু কার্বহাইড্রেট একে।

(ঞ) খাদ্যৰ প্ৰয়োজন বয়স আৰু পৰিশ্ৰম অনুসৰি বেলেগ বেলেগ হয়।

উত্তৰঃ (ক) শুদ্ধ (খ) (গ) শুদ্ধ (ঘ) শুদ্ধ (ঙ) অশুদ্ধ (চ) অশুদ্ধ (ছ) অশুদ্ধ (জ) অশুদ্ধ (ঝ) শুদ্ধ (ঞ) শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top