Class 5 Environment Chapter 5 সম্পদ সংৰক্ষণ

Class 5 Environment Chapter 5 সম্পদ সংৰক্ষণ, SEBA Chapter 5 সম্পদ সংৰক্ষণ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

সম্পদ সংৰক্ষণ

Chapter – 5

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা―

(ক) বন্য প্রাণীৰ আৱাসস্থলীত কোন তিনিটা উপাদান থকা বিশেষ প্রয়োজন ? 

উত্তৰঃ বন্যপ্ৰাণীৰ আৱাসথলী হিচাপে বিবেচিত হ’বলৈ হ’লে প্ৰয়োজনীয় তিনিটা উপাদান যেনে খাদ্য, পানী আৰু বাসস্থান থাকিব লাগিব।

(খ) “প্রাকৃতিক বিশ্ব ঐতিহ্য”ত স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি ?

উত্তৰঃ “প্রাকৃতিক বিশ্ব ঐতিহ্য”ত স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখন হ’ল কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। 

(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে প্ৰকৃততে মানুহেই দোষী। কাৰণ মানুহে ইহঁতৰ আবাসভূমি ধ্বংস কৰি তাত বসবাস কৰিবলৈ লৈছে। ফলত বন্যপ্ৰাণীৰ আৱাসভূমি, খাদ্য আৰু পানীৰ নাটনি হৈছে। বন্যপ্ৰাণীবোৰে খাদ্য আৰু পানীৰ সন্ধানত নগৰ চহৰৰ ঘন বসতি পূর্ণ ঠাইলৈ ওলাই আহে। ফলস্বৰূপে বন্যপ্রাণী আৰু মানুহৰ সংঘাত আৰম্ভ হৈছে।

(ঘ) ব্যাঘ্র প্রকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।

উত্তৰঃ মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্র প্রকল্প আছে। 

(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতি প্ৰাণীৰ নাম লিখা। 

উত্তৰঃ গালী বান্দৰ, নল-গাহৰি, দেওহাঁহ, বনৰীয়া ম’হ আদি বিৰল প্ৰজাতিৰ উদাহৰণ।

প্রশ্ন ২। খালী ঠাই পূৰ কৰাঃ

(ক) ২১ মার্চ দিনটো _____হিচাপে পালন কৰা হয়।

(খ) গুৱাহাটীৰ চিৰিয়াখানাত ____ আছে। 

(গ) মানুহ আৰু বন্যপ্রাণীৰ সংঘাতৰ বাবে____

প্ৰকৃততে দোষী।

(ঘ) ডিব্ৰু-চৈখোৱা এখন____।

(ঙ) সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে_____ সংগ্রহ কৰে।

উত্তৰঃ (ক) ২১ মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়।

(খ) গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান আছে। 

(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে মানুহেই প্ৰকৃততে দোষী।

(ঘ) ডিব্ৰু-চৈখোৱা এখন ৰাষ্ট্ৰীয় উদ্যান।

(ঙ) সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। 

প্রশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোবাঃ

‘ক’ অংশ‘খ’ অংশ
পাহাৰৰ হাবি-বন কাটি
উদ্ভিদ উদ্যানত
অভয়াৰণ্যত
মৰিছাছ দ্বীপত
বিভিন্ন উদ্ভিদ সংৰক্ষণ কৰা হয়।
জুম খেতি কৰা হয়। 
দ’দ’ চৰাই আছিল।
বন্যপ্রাণীবোৰে মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
পাহাৰৰ হাবি-বন কাটি
উদ্ভিদ উদ্যানত
অভয়াৰণ্যত

মৰিছাছ দ্বীপত
জুম খেতি কৰা হয়।
বিভিন্ন উদ্ভিদ সংৰক্ষণ কৰা হয়।
বন্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে।
দদ’চৰাই আছিল।

প্রশ্ন ৪। চমু উত্তৰ দিয়া-

(ক) বন্যপ্রাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয় ? 

উত্তৰঃ বন্যপ্রাণী সপ্তাহ বছৰৰ অক্টোবৰ মাহত পালন কৰা হয়।

(খ) ৰাষ্ট্ৰীয় উদ্যানৰ কোন ভাগত পৰ্যটকৰ বাৰে দৰ্শনৰ ব্যৱস্থা থাকে ?

উত্তৰঃ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চল দৰ্শনৰ সুবিধা থাকে। 

(গ) ‘জৈৱ-বৈচিত্ৰ দিৱস’ কোন তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২২ মে’ তাৰিখে ‘জৈৱ-বৈচিত্ৰ দিৱস’ পালন কৰা হয়।

(ঘ) দদ’ চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ’ল ? 

উত্তৰঃ দদ’চৰাইৰ লগত ‘কেলভেৰিয়া-মেজ’ নামৰ উদ্ভিদবিধ পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ’ল।

প্রশ্ন ৫। চমুটোকা লিখা :

(ক) অভয়াৰণ্য 

(খ) সংৰক্ষিত বনাঞ্চল 

(গ) উদ্ভিদ উদ্যান 

(ঘ) ৰাষ্ট্ৰীয় উদ্যান 

উত্তৰঃ (ক) অভয়াৰণ্য : জৈৱ-বৈচিত্ৰ্যাৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। অভয়াৰণ্য মানুহৰ ঘন বসতিপূর্ণ অঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়।ইয়াত বন্যপ্ৰাণীয়ে বিপদমুক্তভাৱে বিচৰণ কৰিব পাৰে। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। ওৰাং, সোণাই ৰূপাই, পবিতৰা, গৰমপানী আৰু লাওখোৱা আদি অসমৰ উল্লেখযোগ্য অভয়াৰণ্য।

(খ) সংৰক্ষিত বনাঞ্চল : বনজ সম্পদত চহকী কিছুমান অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্রাণী সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়।

(গ) উদ্ভিদ উদ্যান : উদ্ভিদ উদ্যান হ’ল এনে কিছু সংৰক্ষিত অঞ্চল য’ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰি ৰখা হয়। এই উদ্ভিদ উদ্যানত দর্শনার্থীয়ে চিনি পাবৰ বাবে প্রত্যেকডাল উদ্ভিদৰ লগত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। উদ্ভিদ উদ্যানবোৰ চাবলৈ দেশ-বিদেশৰ পৰ্যটক আছে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত উদ্ভিদ উদ্যান আছে।

(ঘ) ৰাষ্ট্ৰীয় উদ্যান : প্রত্যেক স্বাধীন দেশৰ নিজৰ নিজৰ ৰাষ্ট্ৰীয় উদ্যান থাকে। এখন দেশৰ এখনতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে। এই ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতি আৰু বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খড়গ থকা গঁড়ৰ সংৰক্ষণৰ বাবে বিশেষভাৱে গুৰুত্ব দিয়া হয়। মানাহ, নামেৰী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যাঘ্ৰ প্ৰকল্প হাতত লোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰ অঞ্চলত জনসাধাৰণৰ প্রবেশ নিষেধ থাকে। এই অঞ্চলটো বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। এই সংৰক্ষিত অঞ্চলবোৰ চাবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। সম্পদ সংৰক্ষণ বুলিলে কি বুজা ?

উত্তৰঃ ভৱিষ্যতৰ বাবে আঁচনি কৰি সম্পদৰ যথাযোগ্য ব্যৱহাৰ আৰু সঞ্চয় কৰাই হৈছে সম্পদ সংৰক্ষণ। সম্পদসমূহ মিতব্যয়ীভাৱে ব্যৱহাৰ কৰি যথাযথ সংৰক্ষণ কৰা উচিত।

প্রশ্ন ২। পৃথিৱীৰ বুকুৰ পৰা প্ৰাণী বিলুপ্ত হোৱাৰ এটি কাৰণ উল্লেখ কৰা।

উত্তৰঃ জীয়াই থকাৰ উপযুক্ত পৰিৱেশৰ অভাৱ। 

প্রশ্ন ৩। দদ’ নামৰ চৰাইবিধ কোনটো দ্বীপত আছিল ?

উত্তৰঃ দ’দ’ নামৰ চৰাইবিধ মৰিছাছ দ্বীপত আছিল।

প্রশ্ন ৪। দদ’ চৰাই বিধে কোনবিধ গছৰ গুটি খাইছিল ?

উত্তৰঃ দ’ধ’ চৰাইবিধে ‘কেলভেৰিয়া-মেজ’ নামৰ এবিধ গছৰ গুটি খাইছিল। 

প্রশ্ন ৫। ১৬০০ চনৰ পৰা বৰ্তমানলৈ কিমানবিধ প্রাণী বিলুপ্ত হৈছে ?

উত্তৰঃ ১৬০০ চনৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ পৰা প্ৰায় ২৭০ বিধ প্রাণী বিলুপ্ত হৈছে। ইয়াৰে ১৫০ বিধ পক্ষী।

প্রশ্ন ৬। পৃথিৱীৰ পৰা বিলুপ্ত হোৱা এবিধ বৃহৎ আকাৰৰ প্ৰাণীৰ নাম লিখা।

উত্তৰঃ ডাইন চৰ।

প্রশ্ন ৭। পৃথিৱীৰ পৰা বিলুপ্ত হোৱা পাঁচবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ পৰা বিলুপ্ত হোৱা পাঁচবিধ প্রাণী হ’ল লিষ্ট চৰাছ, বাউৰিয়া, থ্রিাক্স ট্রাইক’লডন আৰু মর্গনিক ডন। 

প্রশ্ন ৮। কি কি কাৰণত বনাঞ্চল ধ্বংস হৈছে আৰু বন্যপ্ৰাণীৰ সংখ্যা কমি গৈছে উল্লেখ কৰা। 

উত্তৰঃ (ক) জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ চাহিদা বাঢ়িছে। ফলত মানুহে হাবি-বন ধ্বংস কৰি আৱাসিক আৰু ঔদ্যোগিক অঞ্চল গঢ়ি তুলিছে। 

(খ) যধে-মধে হাবি-বন ধ্বংস কৰাৰ ফলত কিছুমান প্রাণী প্রায় বিলুপ্ত হ’ব ধৰিছে।

(গ) পাহাৰৰ হাবি-বন কাটি ঝুমখেতি কৰাত বনাঞ্চল কমি গৈছে। 

(ঘ) বিস্তীর্ণ তৃণভূমিবোৰ চহাই কৃষিভূমি কৰা হৈছে।

(ঙ) জলাশয়বোৰ পুতি মানুহে সেইবোৰত বসতি কৰিবলৈ লৈছে। ফলত জলজ জীৱৰ আৱাসভূমি কমি আহিছে আৰু লগতে জলজ উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু ঘটিছে। 

প্রশ্ন ৯। জৈৱ-বৈচিত্ৰ্যৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ পৰিৱেশত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্রাণী, চৰাই-চিৰিকতি, পোক-পতঙ্গ, অণুজীৱ আদিয়ে জৈৱ-বৈচিত্ৰ্যৰ সৃষ্টি কৰে।

প্রশ্ন ১০। এখন দেশত একাধিক ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰেনে ? 

উত্তৰঃ এখন দেশত একাধিক ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে।

প্রশ্ন ১১। কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই ‘প্রাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান’ ৰূপে স্বীকৃতি দিয়ে ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাই ‘প্রাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান’ ৰূপে স্বীকৃতি দিয়ে।

প্রশ্ন ১২। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালনাৰ মুখ্য ব্যৱস্থা কেইটা উল্লেখ কৰা।

উত্তৰঃ (ক) বন্যপ্ৰাণীৰ আৱাসথলীৰ সুৰক্ষা। 

(খ) মানুহ আৰু ঘৰচীয়া প্ৰাণীৰ মুক্ত বিচৰণত বাধা আৰোপ।

(গ) পানীৰ সমস্যা দূৰীকৰণৰ বাবে নিজৰা, বিল, জলাহ, দলনি আদিৰ সংৰক্ষণ।

(ঘ) তৃণভূমিৰ সংৰক্ষণ। ইত্যাদি।

প্রশ্ন ১৩। অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ নাম লিখি সেইবোৰত থকা উল্লেখযোগ্য প্রাণী আৰু পক্ষীৰ নাম লিখা

উত্তৰঃ

ৰাষ্ট্ৰীয় উদ্যান/অভয়াৰণ্যউল্লেখযোগ্য প্রাণী আৰু পক্ষী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানএটা খড়গযুক্ত গঁড়, নাহৰফুটুকী বাঘ, হাতী,বিভিন্ন প্ৰজাতিৰ পহু, হৰিণা, হলৌ বান্দৰ, ভালুক, বনৰীয়া ম’হ, নানা প্ৰজাতিৰ চৰাই আদি।
মানাহ ৰাষ্ট্ৰীয় উদ্যানঢেঁকীয়াপতীয়া বাঘ, সোণালী বান্দৰ, নল গাহৰি, খাগৰিকটা পছ, বনৰীয়া কুকুৰা,ময়ূৰ আদি।
নামেৰি ৰাষ্ট্ৰীয় উদ্যানঢেঁকীয়াপতীয়া বাঘ, হাতী, টুপীমুৰীয়া বান্দৰ, দেওহাঁহ, ধনেশ পক্ষী আদি।
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানবনৰীয়া ঘোঁৰা, দেওহাঁহ, বনৰীয়া ম’হ আদি।
ওৰাং অভয়াৰণ্য সোণাই-ৰূপাই অভয়াৰণ্যদেওহাঁহ, বনৰীয়া ম’হ, গঁড়, বাঘ, ময়ূৰ আদি। হাতী, হৰিণা, বনৰীয়া ম’হ, সোণালী বান্দৰ, ক’লা ভালুক, বনৰীয়া গাহৰি, নাহৰফুটুকী বাঘ, দেওহাঁহ আদি।
পবিতৰা অভয়াৰণ্যএটা খড়গযুক্ত গঁড়, বনৰীয়া মেকুৰী, নাহৰফুটুৰী বাঘ, সুগৰি পহু আদি।
গৰমপানী অভয়াৰণ্যহাতী, নাহৰফুটুকী বাঘ, হ’লক গিৱন আদি।
লাওখোৱা অভয়াৰণ্যএটা খড়গযুক্ত গঁড়, বনৰীয়া ম’হ, হাতী,বাঘ, বনৰীয়া হাঁহ, ময়ূৰ আদি।

প্রশ্ন ১৪। বিছনয় নামৰ জনগোষ্ঠীটো ভাৰতৰ ক’ত আছে ? 

উত্তৰঃ ৰাজস্থানত বিছনয় নামৰ জনগোষ্ঠীটো আছে।

প্রশ্ন ১৫। বিছনয় জনগোষ্ঠীৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ তেওঁলোকৰ এটা বৈশিষ্ট্য হ’ল গছ-গছনি আৰু বন্যপ্রাণী সংৰক্ষণ কৰা। 

প্রশ্ন ১৬। ‘বিশ্ব জলাহ’ দিবস কোনটো ?

উত্তৰঃ প্ৰতিবছৰে ২ ফেব্ৰুৱাৰীত ‘বিশ্ব জলাহ দিৱস’ পালন কৰা হয়। 

প্রশ্ন ১৭। বিশ্ব বন দিৱস কোনটো ?

উত্তৰঃ প্ৰতিবছৰে ২১ মাৰ্চ দিনটো ‘বিশ্ব বন দিৱস’ হিচাপে পালন কৰা হয়।

১৮। ‘বিশ্ব জৈৱ-বৈচিত্র্য’ কোনটো ?

উত্তৰঃ  প্ৰতি বছৰে ২২ মে’ দিনটো ‘বিশ্ব জৈৱ বৈচিত্র্য দিবস’ হিচাপে পালন কৰা হয়। 

প্রশ্ন ১৯। কোনটো সপ্তাহ ‘বিশ্ব বন্যপ্রাণী সপ্তাহ’ হিচাপে পালন কৰা হয় ? 

উত্তৰঃ প্ৰতিবছৰে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটো ‘বিশ্ব বন্যপ্রাণী সপ্তাহ’ হিচাপে পালন কৰা হয়। 

প্রশ্ন ২০। “বিশ্ব বাসস্থান দিবস’ কোনটো ?

উত্তৰঃ প্ৰতিবছৰে ৩ অক্টোৰৰ দিনটো “বিশ্ব বাসস্থান দিবস’ হিচাপে পালন কৰা হয়। 

প্রশ্ন ২১। “বিশ্ব পৰিৱেশ দিৱস’ কোনটো ?

উত্তৰঃ প্ৰতি বছৰে ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে পালন কৰা হয়। 

প্রশ্ন ২২। এটা বনাঞ্চলৰ কিমান শতাংশ বনাঞ্চল থকাৰ প্ৰয়োজন ? 

উত্তৰঃ এটা অঞ্চলৰ প্ৰায় ৩৩ শতাংশ বনাঞ্চল থকা প্রয়োজন। 

প্রশ্ন ২৩। এটা হৰিণাৰ ছবি আঁকা। 

উত্তৰঃ

হৰিণা

প্রশ্ন ২৪। এটা ধনেশ পক্ষীৰ ছবি আঁকা।

উত্তৰঃ

ধনেশ পক্ষী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top