Class 5 Environment Chapter 4 প্রাকৃতিক সম্পদ

Class 5 Environment Chapter 4 প্রাকৃতিক সম্পদ, SEBA Chapter 4 প্রাকৃতিক সম্পদ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

প্রাকৃতিক সম্পদ

Chapter – 4

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা। 

উত্তৰঃ শাল, চেগুণ, বনচুম, গমাৰী আদি আমাৰ হাবিত পোৱা মূল্যৱান উদ্ভিদ। 

(খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম লিখা। 

উত্তৰঃ জিকা, ভোল, কোমোৰা, লাউ আদি বাৰিষা কালৰ পাচলি। 

(গ) অসমৰ তিনিখন বিলৰ নাম লিখা।

উত্তৰঃ অসমৰ তিনিখন বিলৰ নাম হ’ল— দীপৰ বিল, চান্দডুবি আৰু চামগুৰি বিল। 

(ঘ) অসমৰ বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। 

উত্তৰঃ জুইশলা উদ্যোগ, কাগজ উদ্যোগ।

(ঙ) বিলাতী মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম লিখা। 

উত্তৰঃ চূণশিল বিলাতী মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঃ

‘ক’ অংশ‘খ’ অংশ
কাৰ্বি আংলঙতখাৰুৱা তেল পোৱা যায়।
ডিগবৈততৈলক্ষেত্র আছে।
নাহৰকটীয়াতচূণশিল পোৱা যায়।
মৰাণততেল শোধানাগাৰ আছে।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
কাৰ্বি আংলঙতচূণশিল পোৱা যায়।
ডিগবৈততেল শোধানাগাৰ আছে।
নাহৰকটীয়াতখাৰুৱা তেল পোৱা যায়।
মৰাণততৈলক্ষেত্র আছে।

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :

(ক) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী ____ নহয়।

(খ) অসমৰ ____ গড় পৃথিৱী বিখ্যাত।

(গ) ব্ৰহ্মপুত্ৰ নৈত পোৱা ____ হ’ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী।

(ঘ) ভূ-পৃষ্ঠ পানী ভাগৰ দৰে_____পানী ভাগো আমাৰ সম্পদ।

(ঙ) কয়লাৰ দৰে খাৰুৱা তেলো একপ্ৰকাৰ _____ইন্ধন।

উত্তৰঃ (ক) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী সম্পদ নহয়। 

(খ) অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত।

(গ) ব্ৰহ্মপুত্ৰ নৈত পোৱা শিহু হ’ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী। 

(ঘ) ভূ-পৃষ্ঠ পানী ভাগৰ দৰে ভূ-গৰ্ভৰ পানী ভাগো আমাৰ সম্পদ |

(ঙ) কয়লাৰ দৰে খাৰুৱা তেলো একপ্ৰকাৰ জীৱাশ্ম ইন্ধন।

প্রশ্ন ৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা।

(ক) তিতাচপা এবিধ কৃষিজাত উদ্ভিদ।

(খ) প্ৰকৃতিৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়।

(গ) নল খাগৰি, শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়।

(ঘ) শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়। 

উত্তৰঃ (ক) তিতাচপা এবিধ বনজ উদ্ভিদ।

(খ) প্ৰকৃতিৰ পৰা আহৰণ কৰা সকলো সামগ্ৰী সম্পদ নহয়।

(গ) নল খাগৰী, শিশু আদি অসমৰ নৈ-উপনৈৰ দুয়োকাষে পোৱা যায়। 

(ঘ) সাগৰৰ তলি, ভূ-গর্ভ’ আৰু শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।

প্রশ্ন ৫। খনিজ সম্পদক কিয় অনৱীকৰণক্ষম সম্পদ বোলে ?

উত্তৰঃ সাধাৰণতে খনিজ সম্পদবোৰ সৃষ্টি হ’বলৈ বহু নিযুত বছৰ লাগে। আনকি সঠিক ব্যৱহাৰৰ ফলত এইবোৰ শেষ হৈ যাব পাৰে। খনিত পৰ্যাপ্তি নাথাকে। এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰৰ সুবিধা নাথাকে। এই বাবেই খনিজ সম্পদক অনৱীকৰণক্ষম সম্পদ বোলে।

প্রশ্ন ৬। নৈ-উপনৈসমূহৰ ওচৰত জাহাজ ঘাট, ফ্ৰেীঘাট আদি গঢ় লৈ উঠাৰ কাৰণ কি ?

উত্তৰঃ সাধাৰণতে নৈ-উপনৈৰ ওচৰৰ পৰা বস্তু-বাহানি জল পৰিবহণ ব্যৱস্থাৰে আন এঠাইলৈ নিয়াৰ সুবিধা থাকে। সেয়ে নৈ-উপনৈৰ ওচৰত জাহাজঘাট, ফ্ৰেীঘাট আদি গঢ়ি উঠে।

প্রশ্ন ৭। চমুটোকা লিখাঃ কয়লা, খাৰুৱা তেল

উত্তৰঃ কয়লা :- নিযুত নিযুত বছৰ আগতে প্রাকৃতিক দুৰ্যোগৰ ফলত গছ গছনিবোৰ ভ্রু গৰ্ভৰ বহু তললৈ গৈ পোত গৈছিল। এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত তৰপে তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল। ভূ-গর্ভৰ তলিত পোত যোৱা এই গছ গছনিবোঁৰ লাহে লাহে গেলি পঁচি চাপ আৰু তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল।

অসমত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায়। বিশেষকৈ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। মাকুমৰ কয়লাখনি অতি পুৰণি। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্টমানৰ কয়লা পোৱা যায়। কয়লাৰ খনিত কাম কৰি বহুতো মানুহে জীৱিকা নির্বাহ কৰে। কেতিয়াবা কয়লাখনিৰ পৰা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খননৰ দ্বাৰা কয়লা আহৰণ কৰাৰ ফলত ওচৰ-পাজৰৰ পৰিৱেশ প্ৰদূষিত হোৱা দেখা যায়।

খাৰুৱা তেল :- বহু নিযুত বছৰৰ আগতে সাগৰ-মহাসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ-মহাসাগৰৰ বহুতললৈ গৈ বোকাৰ মাজত পোত গৈছিল। এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰেই ভূ-গৰ্ভৰ প্ৰচণ্ড চাপ, তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল উৎপন্ন হয়। খাৰুৱা তেল জুলীয়া অৱস্থাত থাকে। ইয়াৰ লগতে প্রাকৃতিক গেছো উৎপন্ন হয়। খাৰুৱা তেলসমূহ শিলৰ স্তৰৰ মাজতো পোৱা যায়। ১৮৮৯ চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। অসমৰ খাৰুৱা তেল থকা ঠাইকেইখন হ’ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা ইত্যাদি।

আনহাতে ভূ-গৰ্ভৰ পৰা আহৰণ কৰা খাৰৱা তেলসমূহ শোধানাগাৰত শোধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি। শোধানাগাৰত খাৰুৱা তেল শোধন কৰি পেট্রল, ডিজেল, কোচিন, নেফথেলিন, মম আদি পৃথক কৰা হয়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধানাগাৰ আছে। শোধানাগাৰত তেল শোধন কৰি আমাৰ ৰাজ্যত ব্যৱহাৰ কৰাৰ উপৰি পাইপযোগে কিছু অংশ অসমৰ বাহিৰলৈ পঠিওৱা হয়। খাৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে। খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত কিছুমান উদ্যোগ গঢ়ি উঠিছে। খাৰুৱা তেল আহৰণৰ ফলত ক্রমান্বয়ে ভূ-গৰ্ভত মজুত থকা খাৰুৱা তেল শেষ হৈ আহিছে। সেয়েহে খাৰুৱা তেলৰ ব্যৱহাৰত মিতব্যয়ী হোৱা উচিত। খাৰুৱা তেলক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক জীৱাশ্ম ইন্ধন বোলে। খাৰুৱা তেল অনৱীকৰণক্ষম সম্পদ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। প্রাকৃতিক সম্পদ কাক বোলে ? 

উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয় ত্বেতিয়াহে তাক প্রাকৃতিক সম্পদ বোলে। প্রাকৃতিক সম্পদ বুলিলে ভূ-পৃষ্ঠৰ উপৰিভাগৰ আৰু ভূ-গর্ভৰ তলত সঞ্চিত হৈ থকা সম্পদসমূহক বুজায়।

প্রশ্ন ২। নৰীকৰণক্ষম সম্পদ কি ?

উত্তৰঃ প্ৰকৃতিৰ এনে কিছুমান সম্পদ আছে যাক বিভিন্ন কামত বাৰে বাৰে ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। আনকি এবাৰ ব্যৱহাৰৰ পিছতো পুনৰ ব্যৱহাৰৰ সুবিধা থাকে। তেনে ধৰণৰ প্ৰাকৃতিক সম্পদক নৱীকৰণক্ষম সম্পদ বোলে।

প্রশ্ন ৩। অনৱীকৰণক্ষম সম্পদ কি ?

উত্তৰঃ প্ৰকৃতিত এনে কিছুমান সম্পদ আছে যাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি হ’বলৈ বহুত সময় লাগে। আনকি অধিক ব্যৱহাৰৰ ফলত এই সম্পদসমূহ শেষ হৈয়ো যাব পাৰে। তেনে ধৰণৰ প্ৰাকৃতিক সম্পদক অনৱীকৰণক্ষম সম্পদ বোলে।

প্রশ্ন ৪। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদৰ মাজত পাৰ্থক্য কি কি ? 

উত্তৰঃ নৱীকৰণক্ষম সম্পদ প্ৰকৃতিত প্ৰচুৰ পৰিমাণে থাকে, কিন্তু অনৱীকৰণক্ষম সম্পদ প্ৰকৃতিত পর্যাপ্ত নাথাকে। দ্বিতীয়তে নবীকৰণক্ষম সম্পদ পুনৰ ব্যৱহাৰৰ সুবিধা থাকে কিন্তু অনৱীকৰণক্ষম সম্পদ পুনৰ ব্যৱহাৰৰ সুবিধা নাথাকে। অনৱীকৰণক্ষম সম্পদ সৃষ্টি হ’বলৈ বহুত সময় লাগে, কিন্তু নৱীকৰণক্ষম সম্পদৰ ক্ষেত্ৰত সেয়া প্রত্যক্ষ কৰা নাযায়।

প্রশ্ন ৫। দুবিধ নৰীকৰণক্ষম সম্পদৰ উদাহৰণ দিয়া। 

উত্তৰঃ বায়ু, সৌৰশক্তি।

প্রশ্ন ৬। দুবিধ অনৰীকৰণক্ষম সম্পদৰ উদাহৰণ দিয়া। 

উত্তৰঃ খাৰুৱা তেল, কয়লা।

প্রশ্ন ৭। প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী সম্পদ নহয় কিয় ? 

উত্তৰঃ প্ৰকৃতিত পোৱা, সামগ্ৰীবোৰ মানুহৰ কামত অহা হ’ব লাগিব বা তেনে সামগ্রী মানুহৰ কামত অহাকৈ উপযোগী কৰি ললেহে তেনে সামগ্রী সম্পদ হৈ পৰে। গতিকে প্ৰকৃতিৰ সকলো বস্তুই সম্পদ নহয়।

প্রশ্ন ৮। অসমত পোৱা প্ৰাকৃতিক সম্পদবোৰক কেইটা ভাগত ভগাব পাৰি ? সেইবোৰৰ নাম লিখা। 

উত্তৰঃ অসমত পোৱা প্ৰাকৃতিক সম্পদবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে– 

(ক) বনজ সম্পদ।

(খ) জলজ সম্পদ।

(গ) কৃষিজাত সম্পদ।

(ঘ) খনিজ সম্পদ।

প্রশ্ন ৯। বৰাক উপত্যকাত পৌৱা তিনিবিধ গছৰ নাম লিখা।

উত্তৰঃ বৰাক উপত্যকাত হোলোং, বনচুম, তিতাচপা আদি গছ পোৱা যায়।

প্রশ্ন ১০। অসমৰ নামনি অঞ্চলত পোৱা গছৰ নাম লিখা।

উত্তৰঃ অসমৰ নামনি অঞ্চলত শাল, চেগুণ, গমাৰী, শিশু আদি গছ পোৱা যায়।

প্রশ্ন ১১। অসমৰ পাহাৰীয়া অঞ্চলত পোৱা দুবিধ গছৰ নাম লিখা।

উত্তৰঃ হোলোং আৰু তিতাচপা।

প্রশ্ন ১২। অসমৰ নৈ-উপনৈৰ দুয়োপাৰে পোৱা কেইবিধমান গছৰ নাম লিখা।

উত্তৰঃ অসমৰ নৈ-উপনৈৰ দুয়োপাৰে খয়েৰ, শিশু, শিমলু, কদম, কৰৈ আদি গছ পোৱা যায়।

প্রশ্ন ১৩। অসমৰ হাবিত পোৱা কেইবিধমান চৰাইৰ নাম লিখা।

উত্তৰঃ  অসমৰ হাবিত পোৱা কেইবিধমান চৰাই হ’ল–ভাটৌ, মইনা, শগুণ, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ ইত্যাদি।

প্রশ্ন ১৪। অসমৰ হাবিত পোৱা কেইটামান আপুৰুগীয়া প্ৰাণীৰ নাম লিখা। 

উত্তৰঃ এশিঙীয়া গঁড়, বন গাহৰি, বনৰীয়া গৰু, বনৰীয়া ম’হ, হলৌ বান্দৰ, সোণালী বান্দৰ, হ’লক, গিবন, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হৰিণা আদি অসমৰ হাবিত পোৱা আপুৰুগীয়া প্ৰাণী।

প্রশ্ন ১৫। কাঠ আৰু বাঁহৰ সহায়ত মানুহে কি কৰে ?

উত্তৰঃ কাঠ আৰু বাঁহৰ সহায়ত মানুহে বিভিন্ন ধৰণৰ আচবাব আৰু দৈনন্দিন জীৱনত ব্যবহৃত বিভিন্ন সা-সৰঞ্জাম তৈয়াৰ কৰি লয়।

প্রশ্ন ৫। দুবিধ নবীকৰণক্ষম সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ বায়ু, সৌৰশক্তি।

প্রশ্ন ৬। দুৰিধ অনৰীকৰণক্ষম সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ খাৰুৱা তেল, কয়লা।

প্রশ্ন ৭। প্রাকৃতিকভাবে পোৱা সকলো সামগ্রী সম্পদ নহয় কিয় ? 

উত্তৰঃ প্ৰকৃতিত পোৱা, সামগ্ৰীবোৰ মানুহৰ কামত অহা হ’ব লাগিব বা তেনে সামগ্রী মানুহৰ কামত অহাকৈ উপযোগী কৰি ললেহে তেনে সামগ্রী সম্পদ হৈ পৰে। গতিকে প্ৰকৃতিৰ সকলো বস্তুই সম্পদ নহয়।

প্রশ্ন ৮। অসমত পোৱা প্ৰাকৃতিক সম্পদবোৰক কেইটা ভাগত ভগাব পাৰি ? সেইবোৰৰ নাম লিখা।

উত্তৰঃ অসমত পোৱা প্ৰাকৃতিক সম্পদবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে – 

(ক) বনজ সম্পদ।

(খ) জলজ সম্পদ।

(গ) কৃষিজাত সম্পদ।

(ঘ) খনিজ সম্পদ।

প্রশ্ন ৯। বৰাক উপত্যকাত পোৱা তিনিধি গছৰ নাম লিখা। 

উত্তৰঃ বৰাক উপত্যকাত হোলোং, বনচুম, তিতাচপা আদি গছ পোৱা যায়।

প্রশ্ন ১০। অসমৰ নামনি অঞ্চলত পোৱা গছৰ নাম লিখা।

উত্তৰঃ অসমৰ নামনি অঞ্চলত শাল, চেগুণ, গমাৰী, শিশু আদি গছ পোৱা যায়।

প্রশ্ন ১১। অসমৰ পাহাৰীয়া অঞ্চলত পোৱা দুবিধ গছৰ নাম লিখা।

উত্তৰঃ হোলোং আৰু তিতাচপা।

প্রশ্ন ১২। অসমৰ নৈ-উপনৈৰ দুয়োপাৰে পোৱা কেইবিধমান গছৰ নাম লিখা।

উত্তৰঃ অসমৰ নৈ-উপনৈৰ দুয়োপাৰে খয়েৰ, শিশু, শিমলু, কদম, কৰৈ আদি গছ পোৱা যায়।

প্রশ্ন ১৩। অসমৰ হাবিত পোৱা কেইবিধমান চৰাইৰ নাম লিখা।

উত্তৰঃ অসমৰ হাবিত পোৱা কেইবিধমান চৰাই হ’ল–ভাটৌ, মইনা, শগুণ, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ ইত্যাদি। 

প্রশ্ন ১৪। অসমৰ হাবিত পোৱা কেইটামান আপুৰুগীয়া প্ৰাণীৰ নাম লিখা।

উত্তৰঃ এশিঙীয়া গঁড়, বন গাহৰি, বনৰীয়া গৰু, বনৰীয়া ম’হ, হলৌ বান্দৰ, সোণালী বান্দৰ, হ’লক, গিবন, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হৰিণা আদি অসমৰ হাবিত পোৱা আপুৰুগীয়া প্ৰাণী।

প্রশ্ন ১৫। কাঠ আৰু বাঁহৰ সহায়ত মানুহে কি কৰে ?

উত্তৰঃ কাঠ আৰু বাঁহৰ সহায়ত মানুহে বিভিন্ন ধৰণৰ আচবাব আৰু দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন সা-সৰঞ্জাম তৈয়াৰ কৰি লয়।

প্রশ্ন ১৬। কেইবিধমান ঔষধি গুণযুক্ত উদ্ভিদৰ নাম লিখা। 

উত্তৰঃ তুলসী, নৰসিংহ, নিমগছ ইত্যাদি।

প্রশ্ন ১৭। অসমৰ প্ৰধান নৈ দুখনৰ নাম কি কি ? 

উত্তৰঃ অসমৰ প্ৰধান নৈ দুখনৰ নাম হ’ল ব্ৰহ্মপুত্ৰ আৰু বৰাক।

প্রশ্ন ১৮। ব্ৰহ্মপুত্ৰ নৈত পোৱা পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম লিখা। 

উত্তৰঃ শিহু।

প্রশ্ন ১৯। ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ দিশে থকা উপনৈকেইখনৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ দিশে থকা উপনৈ সমূহ হ’ল– চম্পাৱতী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়াধনশিৰী, জীয়াভৰলী, সোৱণশিৰি ইত্যাদি।

প্রশ্ন ২০। ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ দিশে থকা উপনৈকেইখনৰ নাম কি কি ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ দিশে থকা উপনৈ কেইখন হ’ল কৃষ্ণাই কপিলী,ধনশিৰি।

প্রশ্ন ২১। বৰাক নৈৰ উপনৈকেইখনৰ নাম লিখা।

উত্তৰঃ ধলেশ্বৰী, সোণাই বৰাক নৈৰ উপনদী। 

প্রশ্ন ২২। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপনৈসমূহ দেখুৱাই অসমৰ আৰ্হি মানচিত্র অংকন কৰা।

উত্তৰঃ 

প্রশ্ন ২৩। নৈৰ কাষৰীয়া অঞ্চল খেতিৰ বাবে উপযোগী কিয় ? 

উত্তৰঃ নদীৰ দাঁতি কাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয়। সেয়ে তেনে মাটি খেতিৰ বাবে উপযোগী।

প্রশ্ন ২৪। অসমৰ তিনিটা জলাশয়ৰ উদাহৰণ দিয়া। 

উত্তৰঃ দীপৰ বিল, চান্দডুবি বিল আৰু চামগুৰি বিল অসমৰ তিনিটা উল্লেখযোগ্য জলাশয়। 

প্রশ্ন ২৫। অসমত শীতকালত হোৱা কেইবিধমান শস্যৰ নাম লিখা।”

উত্তৰঃ ঘেঁহু, গোমধান, সৰিয়হ, আলু, ফুলকবি, বন্ধাকবি, গাজৰ, নেমু, ধান ইত্যাদি।

প্রশ্ন ২৬। অসমৰ প্ৰধান ৰোপণ খেতি কি ? 

উত্তৰঃ চাহ অসমৰ প্ৰধান ৰোপণ খেতি।

প্রশ্ন ২৭। প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধনবিধৰ নাম কি ? 

উত্তৰঃ কয়লা প্ৰকৃতিৰ এবিধ গুৰুত্বপূৰ্ণ ইন্ধন।

প্রশ্ন ২৮। অসমৰ তিনিখন কয়লা পোৱা ঠাইৰ নাম লিখা।

উত্তৰঃ অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰত কয়লা পোৱা যায়।

প্রশ্ন ২৯। কাৰ্বিপাহাৰৰ দুখন কয়লা পোৱা ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰঃ কাৰ্বিপাহাৰৰ কয়লাজান, শিলভেটাত কয়লা পোৱা যায়।

প্রশ্ন ৩০। ইংৰাজসকলে প্ৰথমতে অসমৰ ক’ত খাৰুৱা তেলৰ সন্ধান পাইছিল ?

উত্তৰঃ ইংৰাজসকলে প্ৰথমতে অসমৰ ডিগবৈত খাৰুৱা তেলৰ সন্ধান পাইছিল।

প্রশ্ন ৩১। খাৰুৱা তেল থকা অসমৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰঃ অসমৰ নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদিত খাৰুৱা তেল আছে।

প্রশ্ন ৩২। তেল শোধানাগাৰ থকা অসমৰ চাৰিখন ঠাইৰ নাম লিখা।

উত্তৰঃ অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধানাগাৰ আছে।

প্রশ্ন ৩৩। জীবাশ্ম ইন্ধন কাক বোলে ? 

উত্তৰঃ গছ-গছনি আৰু প্ৰাণী দেহৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱা ইন্ধনক জীৱাশ্ম ইন্ধন বোলে।

প্রশ্ন ৩৪। দুবিধ জীৱাশ্ম ইন্ধনৰ উদাহৰণ দিয়া।

উত্তৰঃ কয়লা আৰু খাৰুৱা তেল দুবিধ জীৱাশ্ম ইন্ধনৰ উদাহৰণ।

প্রশ্ন ৩৫। অসমৰ কোন কোন জিলাত চূণশিল পোৱা যায় ? 

উত্তৰঃ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত চূণশিল পোৱা যায়।

প্রশ্ন ৩৬। কাৰ্বি আংলং জিলাৰ ক’ত বিলাতী মাটিৰ কাৰখানা আছে ?

উত্তৰঃ কাৰ্বি আংলং জিলাৰ বোকাজানত বিলাতী মাটিৰ কাৰখানা আছে। 

প্রশ্ন ৩৭। বোকাজানৰ বিলাতী মাটি উদ্যোগত ক’ৰ পৰা চুপশিল অনা হয় ? 

উত্তৰঃ বোকাজানৰ বিলাতী মাটি উদ্যোগত কয়লাজানৰ পৰা চূণশিল অনা হয়।

প্রশ্ন ৩৮। খালী ঠাই পূৰ কৰাঃ

(ক) কৃষ্ণাই ব্ৰহ্মপুত্ৰৰ ____বাহিনী উপনৈ। 

(খ) কপিলী ব্ৰহ্মপুত্ৰৰ ____ বাহিনী উপনৈ৷

(গ) সোণাই ____ ৰ উপনৈ।

(ঘ) পাগলাদিয়া ব্ৰহ্মপুত্ৰৰ ___বাহিনী উপনৈ৷

(ঙ) ধনশিৰী ব্ৰহ্মপুত্ৰৰ ____ বাহিনী উপনৈ।

উত্তৰঃ (ক) কৃষ্ণাই ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ। 

(খ) কপিলী ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ।

(গ) সোণাই বৰাকৰ ৰ উপনৈ।

(ঘ) পাগলাদিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈ।

(ঙ) ধনশিৰী ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ। 

প্রশ্ন ৩৯। কোন সময়ত অসমত প্ৰচুৰ বৰষুণ হয় ?

উত্তৰঃ গ্ৰীষ্মকালত অসমত প্ৰচুৰ বৰষুণ হয়।

প্রশ্ন ৪০। নেফথেলিন কিহৰ পৰা উৎপাদন হয় ?

উত্তৰঃ খাৰুৱা তেল শোধন কৰি নেফথেলিন উৎপাদন কৰা হয়। 

প্রশ্ন ৪১। তলত দিয়াবোৰৰ একোটাকৈ ছবি আঁকা।

(ক) এবিধ ঔষধিগুণ থকা উদ্ভিদ। 

(খ) এজোপা কুঁহিয়াৰ।

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top