Class 5 Environment Chapter 3 অসমৰ সংস্কৃতি

Class 5 Environment Chapter 3 অসমৰ সংস্কৃতি, SEBA Chapter 3 অসমৰ সংস্কৃতি Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসমৰ সংস্কৃতি

Chapter – 3

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ দিয়া :

(ক) অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা।

উত্তৰঃ অসমত বাস কৰা জনজাতিসকলৰ ভিতৰত বড়ো, কছাৰী, দেউৰী, তিৱা, গাৰো, ডিমাছা, মিছিং, আদিবাসী আৰু ৰাভা আদি উল্লেখযোগ্য। 

(খ) কিছুমান আ-অলংকাৰৰ নাম লিখা।

উত্তৰঃ অসমীয়া সমাজত প্ৰচলিত কিছুমান আ-অলংকাৰৰ ভিতৰত কেক, জোনবিৰি, ঢোলবিবি, গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলপাতা, আঙঠি, থুৰীয়া, ডুগডুগী, নাকফুল আদি উল্লেখযোগ্য।

(গ) তিনিটা নৃত্যৰ নাম লিখা। 

উত্তৰঃ দেউৰী নৃত্য, খেৰাই নৃত্য, দেওধানী নৃত্য।

(ঘ) প্রাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ প্রাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠী হ’ল অষ্ট্রিক, ককেছিয় আৰু টাই মংগোলীয় গোষ্ঠী। 

(ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।

উত্তৰঃ চাউলৰ পৰা তৈয়াৰ কৰা খাদ্যবোৰ হ’ল চিৰা, মুৰি, আখৈ, তিলপিঠা ইত্যাদি। 

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ‘খ’ অংশ
বড়ো
ডিমাছা
কাৰ্বি
 অসমীয়া
বিও ৰিজাম্ফাই 
পিনিকামফ্লাক
মেখেলা
দখনা

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
বড়ো
ডিমাছা
কাৰ্বি
অসমীয়া
দখনা
ৰিও বিজাম্বাই
পিনিকামফ্লাক
মেখেলা

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :- 

(ক) খেৰাই পূজা _____সকলে পালন কৰে।

(খ) কাৰ্বিসকলৰ ঘাই উৎসৱ___আৰু____।

(গ) মিচিংসকলে  _____ পালন কৰে।

(ঘ) ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে___ আৰু ___।

উত্তৰঃ (ক) খেৰাই পূজা বড়ো সকলে পালন কৰে। 

(খ) কাৰ্বিসকলৰ ঘাই উৎসৱ ৰংকাৰ আৰু হেচ্ছা।

(গ) মিচিংসকলে আলি-আই-লিগাং পালন কৰে। 

(ঘ) ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনীগাব্ৰা আৰু হানিগাব্ৰা

প্রশ্ন ৪। অসমীয়া সংস্কৃতি বুলিলে কি বুজা ?

উত্তৰঃ অসমখন বিভিন্ন জাতি-জনজাতিৰ মিলনভূমি। অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি-সংস্কৃতি আছে। এই সকলোবোৰ সংস্কৃতিৰ আধাৰত বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে, অসমীয়া সংস্কৃতি বুলিলে অসমত থকা সকলো জাতি, উপজাতি বা জনগোষ্ঠীৰ এক উমৈহতীয়া সংস্কৃতি। অসমত বাস কৰা ‘সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য, সংগীত-নৃত্য, আচাৰ-ব্যৱহাৰ, সাজ-পাৰ, আ অলংকাৰ, বিবাহ পদ্ধতিৰ লগতে ধর্মীয় ধ্যান-ধাৰণাৰ পৰম্পৰাগত সমন্বয় গঠিত হৈ আচলতে অসমীয়া সংস্কৃতি গঢ়ি উঠিছে।

প্রশ্ন ৫। অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষগৰাকীৰ নাম কি ? মহাপুৰুষগৰাকীয়ে অসমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ কি কি ?

উত্তৰঃ অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকী হ’ল শ্ৰীমন্ত শংকৰদেৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এফালে যিদৰে গীত-পদ, ভাওনা আদিৰ সৃষ্টি কৰিলে আনফালে তেওঁ নিজ উদ্ভাৱনাৰে খোল-তাল আদিৰো সৃষ্টি কৰি অসমীয়া সংস্কৃতিক এটা স্বকীয় ৰূপত প্রতিষ্ঠিত কৰিলে। মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ আৰু সত্ৰসমূহ অসমীয়া কৃষ্টিৰ বৰখুঁটা স্বৰূপ। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্য অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদান। প্রকৃততে শ্ৰীমন্ত শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিবই নোৱাৰি। মহাপুৰুষ জনাই অসমীয়া জাতি গঠন প্রক্রিয়া অধিক সংহত আৰু গতিশীল কৰে।

প্রশ্ন ৬। চমুটোকা লিখা।

(ক) উৎসৱ পাৰ্বণ।

(খ) বাদ্যযন্ত্র।

(গ) নৃত্যগীত।

(ঘ) ৰীতি-নীতি।

উত্তৰঃ (ক) উৎসৱ পার্বণ : উৎসৱ-পার্বণ মানুহৰ মনোৰঞ্জনৰ অন্যতম উপায়। প্রত্যেক জাতিৰে নিজস্ব উৎসৱ-পার্বণ থাকে। সেইদৰে বিহু অসমীয়াৰ জাতীয় উৎসৱ। সেইবাবে জাতি-ধর্ম নির্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে। অৱশ্যে অসমত থকা জনজাতিসমূহৰ কিছুমান নিজস্ব পৃথক ৰীতি-নীতি থাকে আৰু বিহুকেইটা সামান্য পৃথকভাৱে পালন করে। যেনে বড়োসকলে বৈশাণ্ড আৰু খেৰাই পূজা পালন কৰে। কাৰ্বিসকলে ৰংকাৰ আৰু হেচ্ছা, মিচিংসকলে আলি-আই-লিগাং পালন কৰে। ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনীগাৱা আৰু হানিগাৱা। আনহাতে ৰাভাসকলে বাইখো, দেউৰীসকলে বৈশাগী আদি উৎসৱ পালন কৰে। এই সকলোবোৰ উৎসৱ কৃষিভিত্তিক। ইয়াৰ উপৰি অসমত কিছুমান ধর্মীয় আৰু সামাজিক উৎসব পালন কৰা হয়।

(খ) বাদ্যযন্ত্র : বাদ্যযন্ত্র সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। অসমত প্ৰচলিত বিভিন্ন গীত-মাত, নৃত্যৰ লগত বিভিন্ন বাদ্যযন্ত্ৰ পৰিৱেশন কৰা হয়। যেনে— অসমত জিকিৰ, মহখেদা গীত, নাওখেলৰ গীত, বিহুগীত, লোকগীত, হুঁচৰি, দেউৰী নৃত্য, বিছনৃত্য, ঝুমুইৰ নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য আদিৰ প্ৰচলন আছে। এই নৃত্য গীতসমূহৰ লগত সাধাৰণতে ঢোল, পেপাঁ, গগণা, শিঙা, বীণ, টোকাৰী আদি বাদ্যযন্ত্র ব্যৱহাৰ কৰা হয়। অসমৰ পুৰণি গীত-নৃত্য ওজাপালি অনুষ্ঠানতো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰা হয়।

(গ) নৃত্যগীত : অসমীয়া সংস্কৃতিৰ বিভিন্ন নৃত্য গীতৰ প্ৰচলন আছে। অসমত সর্বাধিক প্রচলিত নৃত্য-গীতসমূহৰ ভিতৰত জিকিৰ, মহখেদা গীত, নাওখেলৰ গীত, বিহুগীত, হুঁচৰি, দেউৰী নৃত্য, ঝুমুইৰ নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য আদি উল্লেখযোগ্য। অসমীয়া সংস্কৃতিৰ আন দুবিধ নৃত্য হ’ল— পুতলা নাচ আৰু ওজাপালি। পুতলা নাচৰ সহায়ত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী ৰূপায়ণ কৰা হয়। ওজাপালি অসমৰ পুৰণিকলীয়া গীত-নৃত্যৰ অনুষ্ঠান।

(ঘ) ৰীতি-নীতি : প্রাচীন কালৰে পৰা অসমীয়া সমাজত কিছুমান ৰীতি-নীতিৰ প্ৰচলন হৈ আহিছে। কিছুমান কাম-কাজ বা নীতি-নিয়ম বহুদিনৰ পৰাই ধাৰাবাহিকভাৱে চলি আহিছে। এই ৰীতি-নীতিবোৰে সমাজখন শৃংখলারদ্ধভাৱে চলিবলৈ সহায় কৰে। যেনে— ঘৰলৈ আলহী আহিলে তামোল-পাণ আৰু চাহ জলপান আগবঢ়োৱা, পৰিয়ালৰ জ্যেষ্ঠজনক সম্মান কৰা, কাতি বিহুৰ দিনা তুলসীৰ তলত আৰু খেতি পথাৰত চাকি জ্বলোৱা, ব’হাগ বিহুত গৰুক গা-ধুৱাই নতুন পদ্মা বা দৰখ দিয়া, বিহুৱান দিয়া ইত্যাদি।

প্রশ্ন ৭। এখন শৰাইৰ ছবি আঁকা।

উত্তৰঃ

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কি কি ভাষা-ভাষীৰ লোক অসমলৈ আহিছে ?

উত্তৰঃ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দী, বাংলা, নেপালী আদি ভাষা-ভাষী লোক অসমলৈ আহিছে।

প্রশ্ন ২। সত্ৰীয়া নৃত্যৰ প্ৰৱৰ্তক কোন ? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ সত্ৰীয়া নৃত্যৰ প্ৰৱর্তক।

প্রশ্ন ৩। অসমীয়া কৃষ্টিৰ বৰখুঁটা দুটা কি কি ? 

উত্তৰঃ নামঘৰ আৰু সত্ৰ অসমীয়া কৃষ্টিৰ বৰখুঁটা।

প্রশ্ন ৪। অসমীয়া কৃষ্টিত কোনে ভাওনাৰ আৰম্ভণি কৰে ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া কৃষ্টিত ভাওনাৰ আৰম্ভণি কৰে।

প্রশ্ন ৫। কোনটো বিহুত তুলসীৰ তলত চাকি জ্বলোৱা হয় ?

উত্তৰঃ কাতি বিহুত তুলসীৰ তলত চাকি জ্বলোৱা হয়।

প্রশ্ন ৬। কোনজন মহাপুৰুষৰ আৱিৰ্ভাবৰ পাছত অসমীয়া জাতি গঠন প্রক্রিয়া সংহত আৰু গতিশীল হয় ?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাবৰ পাছত অসমীয়া জাতি গঠন প্রক্রিয়া সংহত আৰু গতিশীল হয়।

প্রশ্ন ৭। অসমৰ স্থানীয় ভাষা কি ?

উত্তৰঃ অসমৰ স্থানীয় ভাষা অসমীয়া। 

প্রশ্ন ৮। অসমৰ প্ৰধান ৰাজ্যিক ভাষাটোৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰধান ৰাজ্যিক ভাষাটো হ’ল অসমীয়া।

প্রশ্ন ৯। অসমীয়া সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে কোনবোৰ লৌকিকভাবে চলি আহিছে ?

উত্তৰঃ অসমীয়া সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে নানা গীত-পদ, ফঁকৰা যোজনা, সাঁথৰ, সাধুকথা আদি লৌকিকভাৱে চলি আহিছে।

প্রশ্ন ১০। দুখন অসমীয়া গল্পপুথিৰ নাম লিখা। 

উত্তৰঃ যোগেশ দাসৰ ‘পৃথিৱীৰ অসুখ’ আৰু ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘প্ৰহৰী’।

প্রশ্ন ১১। অসমীয়া মহিলাই পিন্ধা থলুৱা সাজ-পাৰৰ নাম লিখা। 

উত্তৰঃ অসমীয়া মহিলাসকলে সাধাৰণতে ৰিহা, মেখেলা, চাদৰ আদি পিন্ধে।

প্রশ্ন ১২। অসমীয়া পুৰুষে পিন্ধা থলুৱা সাজ-পাৰৰ নাম লিখা ? 

উত্তৰঃ অসমীয়া পুৰুষে সাধাৰণতে ঋতি-চেলেং চাদৰ, কুৰ্তা আদি পিন্ধে।

প্রশ্ন ১৩। সাম্প্রতিক সময়ত অসমীয়া পুৰুষে পিন্ধা সাজ-পাৰৰ নাম লিখা।

উত্তৰঃ সাম্প্ৰতিক সময়ত পুৰুষে থলুৱা পোছাকৰ উপৰি লং-পেণ্ট, চার্ট, পাইজামা আদি পিন্ধে।

প্রশ্ন ১৪। সাম্প্রতিক সময়ত অসমীয়া মহিলাই পিন্ধা সাজ-পাৰৰ নাম লিখা।

উত্তৰঃ সাম্প্ৰতিক সময়ত অসমীয়া মহিলাই থলুৱা সাজ-পাৰৰ উপৰিও শাৰী, চুৰিদাৰ, লংপেন্ট আদি পিন্ধে।

প্রশ্ন ১৫। তলত উল্লেখ কৰা জনজাতিৰ মহিলাসকলে পৰিধান কৰা থলুৱা সাজ পাৰৰ নাম লিখা।

বড়ো, মিচিং, তিৱা, ডিমাছা, কাৰ্বি

উত্তৰঃ

জনজাতিমহিলাৰ সাজ-পাৰ
বড়োদখনা
মিচিংএগে গাছৰ, ৰিবি গাছেং, গেৰ
তিৱাছচকাই, ফাচকাই
ডিমাছাবিশু বিজাম্ফাই, বিখাউছা, জিচু
কাৰ্বিপিনিকামফ্লাক, পেকক, রামক, চেলেং

প্রশ্ন ১৬। তলত উল্লেখ কৰা জনজাতিৰ পুৰুষসকলৰ থলুৱা সাজ-পাৰৰ নাম লিখা।

বড়ো, মিচিং, তিৱা, ডিমাছা, কাৰ্বি

উত্তৰঃ

জনজাতিপুৰুষৰ সাজ-পাৰ
বড়োগামোছা
মিচিংমিবু গালোক, গনচাওগান,টঙালি
তিৱাঠানা, টাগলা, ফাগা
ডিমাছাৰিছা, ৰিমছাউ, গাইনথাউ, পাগ্‌ৰি
কাৰ্বিছয়হং, চিলেং

প্রশ্ন ১৭। সাধাৰণতে কেনেকুৱা ক্ষেত্ৰত আ-অলংকাৰ আদি ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ সাধাৰণতে বিবাহ, নৃত্য, উৎসৱ-পার্বণ আদিত আ-অলংকাৰ ব্যৱহাৰ কৰাটো পৰম্পৰা।

প্রশ্ন ১৮। অসমৰ জাতীয় উৎসৱটোৰ নাম কি ?

উত্তৰঃ;বিহু অসমৰ জাতীয় উৎসৱ।

প্রশ্ন ১৯। বড়োসকলে দুটা উৎসৱ-পার্বণ উল্লেখ কৰা।

উত্তৰঃ বৈশাগু আৰু খেৰাই পূজা বড়োসকলৰ উল্লেখযোগ্য উৎসৱ-পার্বণ।

প্রশ্ন ২০। কার্বিসকলে পালন কৰা দুটা উৎসৱৰ নাম লিখা। 

উত্তৰঃ কাৰ্বিসকলে ‘ৰংকাৰ’ আৰু ‘হেচ্ছা’ পালন কৰে।

প্রশ্ন ২১। মিচিংসকলে পালন কৰা ঘাই-উৎসৱটোৰ নাম কি ?

উত্তৰঃ মিচিংসকলে আলি-আই-লিগাৎ পালন কৰে। 

প্রশ্ন ২২। ডিমাছাসকলৰ ঘাই উৎসব দুটা কি কি ?

উত্তৰঃ  ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনীগাৱা আৰু হানিগাত্রা।

প্রশ্ন ২৩। ৰাভাসকলৰ এটি উৎসৱৰ নাম লিখা। 

উত্তৰঃ ৰাভাসকলে ‘বাইখো’ উৎসৱ পালন কৰে।

প্রশ্ন ২৪। দেউৰীসকলে পালন কৰা এটি উৎসৱৰ নাম লিখা। 

উত্তৰঃ দেউৰীসকলে ‘বৈশাগীত’ উৎসৱ পালন কৰে।

প্রশ্ন ২৫। জনজাতিসকলৰ উৎসৱসমূহ সাধাৰণতে কিহৰ লগত জড়িত ?

উত্তৰঃ জনজাতিসকলৰ উৎসৱসমূহ সাধাৰণতে কৃষিৰ লগত জড়িত।

প্রশ্ন ২৬। জিকিৰ গীতত ব্যৱহৃত এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।

উত্তৰঃ জিকিৰ গীতত দোঁতৰা ব্যৱহাৰ কৰা হয়। 

প্রশ্ন ২৭। বিহুগীতত ব্যৱহৃত দুবিধ বাদ্যযন্ত্রৰ নাম লিখা ?

উত্তৰঃ বিহুগীতত ব্যৱহৃত দুবিধ বাদ্যযন্ত্র হ’ল ঢোল, গগণা। 

প্রশ্ন ২৮। বৰগীতত ব্যৱহৃত এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।

উত্তৰঃ বৰগীতত খোল ব্যৱহাৰ কৰা হয়। 

প্রশ্ন ২৯। ওজাপালিত ব্যৱহৃত এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।

উত্তৰঃ ওজাপালিত ব্যৱহৃত এবিধ বাদ্যযন্ত্ৰৰ নাম তাল।

প্রশ্ন ৩০। ‘সূতলী’ কি ?

উত্তৰঃ সূতলী এবিধ বাদ্যযন্ত্র।

প্রশ্ন ৩১। কোনবিধ নাচৰ সহায়ত প্রধানত ৰামায়ণ, মহাভাৰতৰ কাহিনী ৰূপায়ণ কৰা হয় ?

উত্তৰঃ পুতলা নাচৰ সহায়ত প্ৰধানত ৰামায়ণ, মহাভাৰতৰ কাহিনী ৰূপায়ণ করা হয়। 

প্রশ্ন ৩২। অসমৰ পুৰণিকলীয়া গীত-নৃত্যৰ অনুষ্ঠান এটাৰ নাম লিখা। 

উত্তৰঃ ওজাপালি অসমৰ পুৰণিকলীয়া গীত-নৃত্যৰ অনুষ্ঠান।

প্রশ্ন ৩৩। অসমৰ মাটি প্রধানত কি খেতিৰ বাবে উপযোগী ?

উত্তৰঃ অসমৰ মাটি প্রধানত ধান খেতিৰ বাবে উপযোগী। 

প্রশ্ন ৩৪। অসমৰ মানুহৰ প্ৰধান খাদ্য কি ?

উত্তৰঃ অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত।

প্রশ্ন ৩৫। দুবিধ অসমীয়া পিঠাৰ নাম লিখা। 

উত্তৰঃ তিল পিঠা আৰু ঘিলা পিঠা।

প্রশ্ন ৩৬। তলৰ কোনখন শ্ৰীমন্ত শংকৰদেৱৰ কাল্পনিক চিত্র ?

উত্তৰঃ চিত্র নং ৩ শ্ৰীমন্ত শংকৰদেৱৰ ফটো। 

প্রশ্ন ৩৭। এটা ঢোলৰ ছবি অংকন কৰা। 

উত্তৰঃ

প্রশ্ন ৩৮। এটি বিহু নৃত্যৰ ছবি অংকন কৰা। 

উত্তৰঃ

প্রশ্ন ৩৯। ‘লোকাপাৰ’ কি ? 

উত্তৰঃ ‘লোকাপাৰ’ এবিধ অসমীয়া অংলকাৰ। 

প্রশ্ন ৪০। শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

(ক) ঠানা/গামোচা হ’ল তিৱা পুৰুষৰ সাজ-পাৰ। 

(খ) ৱামক/চিলেং হ’ল কাৰ্বিমহিলাৰ সাজ-পাৰ। 

(গ) গেৰ/বিছা হ’ল মিটিং পুৰুষৰ সাজ-পাৰ।

(ঘ) ফাগা/পাৰি হ’ল তিৱা মহিলাৰ সাজ-পাৰ।

(ঙ) টঙালি/ফাচকাই হ’ল মিচিং পুৰুষৰ সাজ-পাৰ।

উত্তৰঃ (ক) ঠানা হ’ল তিৱা পুৰুষৰ সাজ-পাৰ।

(খ) ৱামক হ’ল কাৰ্বিমহিলাৰ সাজ-পাৰ। 

(গ) গেৰ হ’ল মিচিং পুৰুষৰ সাজ-পাৰ।

(ঘ) ফাগা হ’ল তিৱা মহিলাৰ সাজ-পাৰ।

(ঙ) টঙালি হ’ল মিচিং পুৰুষৰ সাজ-পাৰ।

প্রশ্ন ৪১। ভুল/শুদ্ধ বিচাৰ কৰা :

(ক) বৈশাগীত বড়োসকলে পালন কৰে। 

(খ) ডিমাছাসকলৰ ঘাই উৎসৱ এটি হ’ল ৰাজিনী গাৱা।

(গ) কাৰ্বিসকলে ৰংকাৰ পালন কৰে।

(ঘ) বড়োসকলে হেচ্ছা পালন কৰে।

(ঙ) ৰাভাসকলে হানিগাৱা পালন কৰে। 

উত্তৰঃ (ক) ভুল (খ) শুদ্ধ (গ) শুদ্ধ (ঘ) ভুল (ঙ) ভুল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top