Class 5 Environment Chapter 16 গাঁও পঞ্চায়ত

Class 5 Environment Chapter 16 গাঁও পঞ্চায়ত, SEBA Chapter 16 গাঁও পঞ্চায়ত Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 16 গাঁও পঞ্চায়ত Notes so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

গাঁও পঞ্চায়ত

Chapter – 16

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা –

(ক) কোনে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল ?

উত্তৰঃ জাতিৰ পিতা মহাত্মা গান্ধীয়ে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল। 

(খ) গাঁও পঞ্চায়তৰ মুঠ আসনৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত ? 

উত্তৰঃ গাঁও পঞ্চায়তৰ মুঠ আসনৰ ভিতৰত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত।

(গ) ভোটাধিকাৰ পাবলৈ হ’লে কিমান বছৰ পূৰ্ণ হ’ব লাগিব ? 

উত্তৰঃ ভোটাধিকাৰ পাবলৈ হ’লে ১৮ বছৰ পূৰ্ণ হ’ব লাগিব।

(ঘ) শেহতীয়া অসম পঞ্চায়ত আইনখন কোন চনত গ্ৰহণ কৰা হয় ?

উত্তৰঃ ১৯৯৪ চনত অসম পঞ্চায়ত আইনখন গ্ৰহণ কৰা হয়।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা—

(ক) গাঁও সভাৰ বৈঠক আহ্বান কৰিবৰ বাবে ____  দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।

(খ) পৌৰ নিগমৰ কাৰ্যকাল ____বছৰ।

(গ) একেখন গাঁও পঞ্চায়ত এলেকাত _____টা আঞ্চলিক সমষ্টি থাকে।

(ঘ) গুৱাহাটী পৌৰ নিগম ____চনত স্থাপন কৰা হয়। 

উত্তৰঃ (ক) গাঁও সভাৰ বৈঠক আহ্বান কৰিবৰ বাবে ১৫ দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।

(খ) পৌৰ নিগমৰ কাৰ্যকাল বছৰ।

(গ) একোখন গাঁও পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টি থাকে। 

(ঘ) গুৱাহাটী পৌৰ নিগম ১৯৭৪ চনত স্থাপন কৰা হয়।

প্রশ্ন ৩। শুদ্ধ উত্তৰ বাছি উলিওৱা :

(ক) গাঁও পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ/ ৬ বছৰ/ ৪ বছৰ।

(খ) পৌৰ সভাৰ সদস্য বা সদস্যাগৰাকীক পৌৰপতি/কাউন্সিলৰ/কমিচনাৰ বোলা হয়। 

(গ) পৌৰ নিগমৰ সদস্যৰ সংখ্যা ৩০জন/২০ জন / ৬০ জনৰ অধিক হ’ব নোৱাৰে।

(ঘ) গাঁও পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত ৬০০০ ৰ পৰা ৮০০০/ ৯০০০/১০০০০ লৈ জনসংখ্যা থকা উচিত।

উত্তৰঃ (ক) গাঁও পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ। 

(খ) পৌৰ সভাৰ সদস্য বা সদস্যাগৰাকীক কমিচনাৰ বোলা হয়।

(গ) পৌৰ নিগমৰ সদস্যৰ সংখ্যা ৬০ জনৰ অধিক হ’ব নোৱাৰে।

(ঘ) গাঁও পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত ৬০০০ ৰ পৰা ১০০০০ লৈ জনসংখ্যা থকা উচিত।

প্রশ্ন ৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা।

(ক) গাঁৱৰ সকলো প্রাপ্তবয়স্ক পুৰুষ আৰু মহিলাক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাঁও সভা।

(খ) গাঁও সভাক ১০ টা ৱাৰ্ডত ভাগ কৰা হয়।

(গ) গাঁও পঞ্চায়ত হ’ল সভাপতি আৰু সদস্য সকলক লৈ গঠিত গাঁৱৰ প্রশাসনিক সংগঠন।

(ঘ) ১৮ বছৰ পূৰ্ণ হোৱা সকলো প্রাপ্তবয়স্ক লোকেই গাঁও পঞ্চায়তৰ সদস্য। 

উত্তৰঃ (ক) প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাঁওসভা।

(খ) প্ৰতিটো গাঁও পঞ্চায়তক ১০ টা বাৰ্ডত ভাগ কৰা হয়।

(গ) গাঁও পঞ্চায়ত হ’ল সভাপতি, উপসভাপতি আৰু সদস্যসকলক গঠিত গাঁৱৰ প্ৰশাসনিক সংগঠন।

(ঘ) ১৮ বছৰ পূৰ্ণ হোৱা কিন্তু ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলেই গাঁওসভাৰ সদস্য।

প্রশ্ন ৫। গাঁওসভা কিদৰে গঠন কৰা হয় ?

উত্তৰঃ গাঁও সভা হ’ল কোনো এখন গাঁও বা পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা সকলো ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভা। এই গাঁও সভাৰ জৰিয়তে গাঁৱৰ ৰাইজক পঞ্চায়তৰ বিভিন্ন কার্যত পোনপটীয়াকৈ যোগদান কৰাৰ সুবিধা দিয়া হয়। গাঁৱৰ সৰু-বৰ বিভিন্ন সমস্যা ৰাইজে সমূহীয়াকৈ মিলাপ্ৰীতিৰে সমাধান কৰাৰ বাবে গাঁও সভা এক উৎকৃষ্ট মাধ্যম। গাঁও সভাৰ যোগেদি গাঁওবাসীসকলে গাঁওখনৰ উন্নয়নমূলক ব্যৱস্থাৰ বিষয়ে আলোচনা আৰু সেই অনুসৰি পৰিকল্পনা গ্রহণ কৰিব পাৰে।

গাঁও সভাৰ বৈঠক আহ্বান কৰিবৰ বাবে ১৫ দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰা হয়। এখন গাঁও সভা অনুষ্ঠিত হ’বলৈ হ’লে মুঠ ভোটাৰৰ কমেও ১০ শতাংশ বা ১০০ শতাংশ মানুহ উপস্থিত থাকিব লাগে। এনে প্রয়োজনীয় সংখ্যক সদস্য উপস্থিত থাকিলে সভাখনৰ ‘থূল’ হোৱা বুলি কোৱা হয়।

গাঁও সভাত থূলতকৈ কম মানুহ থাকিলে সভাৰ সভাপতিগৰাকীয়ে ৩০ মিনিট সময় অপেক্ষা কৰিব পাৰে। সেই সময়ৰ ভিতৰতো যদি থূল নহয়, তেনেহ’লে পিছৰটো সপ্তাহৰ একেটা দিনতে নাইবা সেইদিনাৰ পৰা ৭ দিনৰ ভিতৰত সভাৰ পিছৰ বৈঠকৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিব পাৰে।

প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ তালিকাত নাম থকা ব্যক্তিসকলেই গাঁও সভাৰ সদস্য হয়। সাধাৰণতে একোখন গাঁও সভাত সেইখন গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্রী আৰু তেওঁৰ অনুপস্থিতিত উপ-সভাপতিয়ে সভাপতিত্ব কৰে।

গাঁও সভাত সাধাৰণতে বিভিন্ন বিভাগ, বিত্তীয় প্রতিষ্ঠান, সংগঠন আদিৰ চৰকাৰী আৰু বেচৰকাৰী লোক উপস্থিত থাকিব লাগে। গাঁও সভাৰ কাৰ্যসমূহ নিয়াৰিকৈ চলাবলৈ এখন কাৰ্য-নিৰ্বাহক সমিতি থাকে। সাধাৰণতে পঞ্চায়ত বুলিলে এই কার্য-নির্বাহক সমিতিখনকে বুজায়। গাঁও পঞ্চায়তে আমাক বিভিন্ন ধৰণে সহায় কৰে।

প্রশ্ন ৬। নগৰ অঞ্চলৰ শাসন ব্যৱস্থাত থকা নিকায়সমূহ কি কি ?

উত্তৰঃ নগৰ অঞ্চলত থকা নিকায়সমূহ হ’ল—নগৰ সমিতি, পৌৰ সভা আৰু পৌৰ নিগম।

প্রশ্ন ৭। গাঁও পঞ্চায়তৰ যিকোনো তিনিটা কাম উল্লেখ কৰা।

উত্তৰঃ গাঁও পঞ্চায়তৰ তিনিটা কাম হ’ল―

(ক) গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেট প্রস্তুত কৰা। 

(খ) খাদী বস্তু উৎপাদন আৰু কুটীৰ শিল্পৰ ব্যৱস্থা কৰা।

(গ) প্রাকৃতিক দুর্যোগৰ সময়ত সাহায্য বিষয়ক কাম।

প্রশ্ন ৮। গাঁও সভাৰ বৈঠকখন ‘থূল’ হোৱা বুলি কেতিয়া গণ্য কৰা হয় ? 

উত্তৰঃ মুঠ ভোটাৰৰ কমেও ১০ শতাংশ বা ১০০ জন মানুহ উপস্থিত থাকিলে গাঁওসভাখন ‘থূল’ হোৱা বুলি গণ্য কৰা হয়।

প্রশ্ন ৯। প্ৰতিটো গাঁও পঞ্চায়ত এলেকাক ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱাৰ কাৰণ কি ?

উত্তৰঃ নিৰ্বাচনৰ সুবিধাৰ বাবে প্ৰতিটো গাঁও পঞ্চায়ত এলেকাক ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ভোট দিয়া মানে কি বুজা ?

উত্তৰঃ ভোটাৰ তালিকাত নাম থকা লোকে ভোটদানৰ যোগেদি নিজৰ প্ৰতিনিধিক বাছি দিব লাগে। ইয়াকে ভোট দিয়া বুলি কোৱা হয়।

প্রশ্ন ২। আমাৰ দেশত কিমান বছৰ পূৰ্ণ হ’লে প্রাপ্তবয়স্ক বুলি কোৱা হয় ? 

উত্তৰঃ আমাৰ দেশৰ নিয়ম অনুসৰি ১৮ বছৰ পূৰ্ণ হ’লেহে এজন মানুহ প্রাপ্ত বয়স্ক হয়।

প্রশ্ন ৩। গাঁও পঞ্চায়তৰ একোটা আঞ্চলিক সমষ্টিক কি বোলে ?

উত্তৰঃ গাঁও পঞ্চায়তৰ একোটা আঞ্চলিক সমষ্টিক ৱার্ড বোলে।

প্রশ্ন ৪। গাঁও পঞ্চায়তৰ গঠন সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰঃ প্ৰতিখন গাঁও বা ওচৰা-উচৰিকৈ থকা দুই-তিনিখন গাঁও লগ কৰি এখন গাঁও পঞ্চায়ত গঠন কৰিব পাৰি। একোখন গাঁও পঞ্চায়ত গঠন হ’বলৈ হ’লে গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত ৬০০০ ৰ পৰা ১০,০০০ লৈ জনসংখ্যা থকা উচিত। জনসংখ্যা অনুসৰি একোখন গাঁও পঞ্চায়ত এলেকাত এখন বা একাধিক গাঁও অন্তর্ভুক্ত থাকিব পাৰে। একোখন গাঁও পঞ্চায়ত গঠন কৰিবলৈ তলত উল্লেখ কৰা ব্যক্তিসকলৰ প্ৰয়োজন। সেইসকল হ’ল—

(ক) সভাপতি বা সভানেত্রী :- প্রতিখন গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ বা প্রাপ্তবয়স্ক ৰাইজৰ দ্বাৰা প্ৰত্যক্ষভাৱে নির্বাচিত হয়। 

(খ) সদস্য বা সদস্যা :- প্রতিখন গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ দ্বাৰা প্ৰত্যক্ষভাৱে ১০ গৰাকী সদস্য বা সদস্যা নিৰ্বাচিত কৰা হয়।

(গ) উপ-সভাপতি :- গাঁও পঞ্চায়তৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে নিৰ্বাচনৰ সুবিধাৰ কাৰণে পঞ্চায়ত এলেকাক ১০টা ৱাৰ্ডত ভাগ কৰা হয়। প্ৰতিটো ৱাৰ্ডৰ ভোটাৰসকলে তেওঁলোকৰ সমষ্টিৰ পৰা একোজনকৈ সদস্য নির্বাচন কৰি দিয়ে। গাঁও সভাৰ সদস্যসকলে নিজৰ নিজৰ সমষ্টিৰ প্ৰতিনিধি নির্বাচন কৰি গাঁও পঞ্চায়ত গঠন কৰে।

প্রশ্ন ৫। গাঁৱৰ মুঠ জনসংখ্যাতকৈ ভোটাৰৰ সংখ্যা কম কিয় ?

উত্তৰঃ গাঁৱৰ মুঠ জনসংখ্যাতকৈ ভোটাৰৰ সংখ্যা কম হোৱাৰ কাৰণ হ’ল ১৮ বছৰৰ তলৰ লোকসকল ভোটাৰ হ’ব নোৱাৰে।

প্রশ্ন ৬। প্ৰতিখন গাঁৱতে একোখনকৈ গাঁও পঞ্চায়ত নথকাৰ কাৰণ কি ? 

উত্তৰঃ একোখন গাঁৱত সাধাৰণতে ৬ হাজাৰতকৈ কম জনসংখ্যা থাকে। কিন্তু পঞ্চায়ত আইন মতে ৬০০ তকৈ কম জনসংখ্যাৰে গাঁও পঞ্চায়ত গঠন হ’ব নোৱাৰে। সেয়ে প্ৰতিখন গাঁৱতে একোখনকৈ গাঁও পঞ্চায়ত নাথাকিব পাৰে।

প্রশ্ন ৭। গাঁও পঞ্চায়তত সদস্য সংখ্যা কিমান ?

উত্তৰঃ দহ গৰাকী।

প্রশ্ন ৮। গাঁও পঞ্চায়তৰ মূল উদ্দেশ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ গাঁও পঞ্চায়তৰ মূল উদ্দেশ্যসমূহ হ’ল-

(ক) গাঁৱৰ জনসাধাৰণে আশা কৰা মতে তেওঁলোকৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সাধন কৰা।

(খ) গাঁৱৰ বাসিন্দাসকলৰ মাজত ঐক্য আৰু সংহতি বজাই ৰখাত উৎসাহ যোগোৱা।

(গ) গাঁও পঞ্চায়তৰ কাম-কাজবোৰ সুকলমে সম্পাদন কৰিবলৈ সভাপতিগৰাকীয়ে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দুমাহৰ ভিতৰত কমেও এখন সভা অনুষ্ঠিত কৰা।

(ঘ) গাঁৱৰ স্থানীয় সমস্যাবিলাক সমাধানৰ বাবে ৰাইজৰ অংশগ্রহণক আনুষ্ঠানিক ৰূপ দিয়া ইত্যাদি। 

প্রশ্ন ১০। গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান ?

উত্তৰঃ গাঁও পঞ্চায়তৰ কাৰ্যকাল পাঁচ বছৰ।

প্রশ্ন ১১। গাঁও পঞ্চায়তত সংৰক্ষিত আসন সম্পর্কে কেনে ব্যৱস্থা আছে লিখা।

উত্তৰঃ গাঁও পঞ্চায়তৰ মুঠ আসনৰ ভিতৰত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা থাকে। পঞ্চায়তত অনুসূচীত জাতি আৰু জনাজাতিৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা আছে। 

প্রশ্ন ১২। গাঁও পঞ্চায়তৰ কাম-কাজ সম্পর্কে এখনি তালিকা কৰা।

উত্তৰঃ গাঁও পঞ্চায়তৰ প্ৰধান কাৰ্যসমূহ হ’ল—

(ক) গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বার্ষিক পৰিকল্পনা প্রস্তুতকৰণ।

(খ) গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেট প্রস্তুতকৰণ। (গ) প্রাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য বিষয়ক কাম-কাজ কৰা।

(ঘ) কৃষি সম্প্ৰসাৰণ, ক্ষুদ্ৰ জলসিঞ্চন, ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰা।

(ঙ) পশুপালন, গো-পালন, হাঁহ-কুকুৰা পালন মীন পালন। 

(চ) ৰাজহুৱা বাট-পথ আৰু নলা নৰ্দমা নিৰ্মাণ কৰা, গ্রাম্য বাসস্থান, প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ ব্যৱস্থা কৰা। 

(ছ) খোৱাপানীৰ যোগান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ব্যৱস্থা, বৃক্ষ ৰোপণ আৰু ভূমি সংৰক্ষণৰ ব্যৱস্থা লোৱা।

(জ) খাদী বস্তু উৎপাদন আৰু কুটীৰ শিল্পৰ ব্যৱস্থা লোৱা ইত্যাদি। 

প্রশ্ন ১২। গাঁওসভা আমাক কিয় লাগে ?

উত্তৰঃ গাঁও সভাৰ জৰিয়তে নাগৰিকে নিজ নিজ অঞ্চলৰ উন্নয়ন কার্যত নিজকে জড়িত কৰিব পাৰে। নিজৰ গণতান্ত্রিক অধিকাৰ সাৱ্যস্ত কৰিব পাৰে। নিজে বিচৰা ধৰণে উন্নয়ন আঁচনি গ্ৰহণ কৰিব পাৰে। গাঁওসভা সুস্থ গণতন্ত্ৰৰ আধাৰ স্বৰূপ।

প্রশ্ন ১৩। গাঁও আৰু নগৰৰ মাজত থকা দুটা পার্থক্য লিখা। 

উত্তৰঃ গাঁও আৰু নগৰৰ মাজত থকা দুটা পার্থক্য হ’ল—

(ক) গাঁৱতকৈ চহৰত জনসংখ্যা অধিক। 

(খ) গাঁৱতকৈ চহৰৰ বা নগৰৰ যোগাযোগ ব্যৱস্থা উন্নত। 

প্রশ্ন ১৪। নগৰ সমিতি ক’ত থাকে ?

উত্তৰঃ কম জনসংখ্যাৰ নগৰত নগৰ সমিতি থাকে।

প্রশ্ন ১৫। পৌৰ সভা ক’ত থাকে ?

উত্তৰঃ বেছি জনসংখ্যা থকা নগৰত পৌৰ সভা থাকে। 

প্রশ্ন ১৬। পৌৰ নিগম ক’ত থাকে?

উত্তৰঃ মহানগৰত পৌৰ নিগম থাকে।

প্রশ্ন ১৭। কিমান জনসংখ্যা থকা ঠাইত নগৰ সমিতি গঠন হয় ?

উত্তৰঃ ১০ হাজাৰতকৈ কম জনসংখ্যা থকা ঠাইত নগৰ সমিতি গঠন হয়। 

প্রশ্ন ১৮। নগৰ সমিতিৰ মুৰব্বীজনক কি বোলে ?

উত্তৰঃ নগৰ সমিতিৰ মুৰব্ৰীজনক সভাপতি বোলে।

প্রশ্ন ১৯। নগৰ সমিতিৰ সদস্যসকলক কি বোলে ? 

উত্তৰঃ নগৰ সমিতিৰ সদস্যসকলক ৱাৰ্ড কমিছনাৰ বোলে।

প্রশ্ন ২০। কিমান জনসংখ্যা থকা ঠাইত পৌৰ সভা গঠন হয় ?

উত্তৰঃ ১০ হাজাৰতকৈ অধিক কিন্তু এক লাখ বা তাতকৈ কম জনসংখ্যা থকা ঠাইত পৌৰ সভা গঠন হয়।

প্রশ্ন ২১। কিমান জনসংখ্যা থকা নগৰত পৌৰ নিগম গঠন হয় ?

উত্তৰঃ এক লাখতকৈ অধিক জনসংখ্যা থকা নগৰত পৌৰ নিগম গঠন হয়।

প্রশ্ন ২২। পৌৰ সভাৰ মুৰব্বীজনক কি বোলে ? 

উত্তৰঃ পৌৰ সভাৰ মুৰব্ৰীজনক কমিচনাৰ বোলে।

প্রশ্ন ২৩। পৌৰ নিগমৰ মুৰব্বীজনক কি বোলে ? 

উত্তৰঃ পৌৰ নিগমৰ মুৰব্বীজনক মেয়ৰ বোলে।

প্রশ্ন ২৪। পৌৰ নিগমৰ সদস্যক কি বোলে ? 

উত্তৰঃ পৌৰ নিগমৰ সদস্যক কাউন্সিলৰ বোলে।

প্রশ্ন ২৫। নগৰ সমিতিৰ সদস্য সংখ্যা কিমান ? 

উত্তৰঃ নগৰ সমিতিত ৭ ৰ পৰা ২০ ৰ ভিতৰত সদস্য থাকে।

প্রশ্ন ২৬। পৌৰ সভাত কিমান সদস্য থাকে ?

উত্তৰঃ পৌৰ সভাত ১০ ৰ পৰা ৩০ ৰ ভিতৰত সদস্য থাকে।

প্রশ্ন ২৭। পৌৰ নিগমত কিমান সদস্য থাকে ?

উত্তৰঃ পৌৰ নিগমত ৬০ জন সদস্য থাকে।

প্রশ্ন ২৮। নগৰ সমিতিৰ কাৰ্যকাল কেইবছৰ ? 

উত্তৰঃ সাধাৰণতে নগৰ সমিতিৰ কাৰ্যকাল ৫ বছৰ।

প্রশ্ন ২৯। পৌৰ সভাৰ কাৰ্যকাল কেইবছৰ ? 

উত্তৰঃ পৌৰ সভাৰ কাৰ্যকাল ৫ বছৰ।

প্রশ্ন ৩০। পৌৰ নিগমৰ কাৰ্যকাল কেইবছৰ ?

উত্তৰঃ পৌৰ নিগমৰ কাৰ্যকাল ৫ বছৰ। 

প্রশ্ন ৩১। কিমান চনত গুৱাহাটী পৌৰ নিগম আইন প্রণয়ন কৰা হৈছিল ?

উত্তৰঃ ১৯৬৯ চনত গুৱাহাটী পৌৰ নিগম আইন প্রণয়ন কৰা হয়। 

প্রশ্ন ৩২। গুৱাহাটী পৌৰ নিগমত বৰ্তমান কিমানটা বাৰ্ড আছে ?

উত্তৰঃ গুৱাহাটী পৌৰ নিগমত বৰ্তমান ৬০ টা বার্ড আছে।

প্রশ্ন ৩৩। কিমান চনত গুৱাহাটী পৌৰ নিগম স্থাপন হৈছিল ?

উত্তৰঃ ১৭৯৪ চনত গুৱাহাটী পৌৰ নিগম স্থাপন হৈছিল।

প্রশ্ন ৩৪। নগৰ অঞ্চলৰ নিকায়সমূহৰ মুখ্য কাৰ্যবোৰ উল্লেখ কৰা।

উত্তৰঃ নগৰ অঞ্চলৰ নিকায়সমূহৰ মুখ্য কাৰ্যবোৰ হ’ল – 

(ক) নলা-নর্দমা, দলং, ৰাজহুৱা শৌচাগাৰ-প্ৰস্ৰাৱগাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ আৰু সংৰক্ষণ কৰা, ৰাস্তা-ঘাটৰ নামকৰণ কৰা।

(খ) সংক্রামক ৰোগৰ প্ৰতিষেধক ব্যৱস্থা লোৱা।

(গ) ৰাস্তা-ঘাটত বিজুলী-চাকিৰ যোগান ধৰা।’ 

(ঘ) বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা।

(ঙ) খেল পথাৰ, ৰাজহুৱা উদ্যান, পুথিভঁৰাল আদি স্থাপন কৰা।

(চ) মানুহৰ জন্ম-মৃত্যুৰ হিচাপ ৰখা, মৰিশালি, কবৰস্থান আদি নিৰ্মাণ আৰু সংৰক্ষণ কৰা।

(ছ) বাট-পথৰ ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা কৰি ডাষ্টবিনত জমা কৰি ৰখা আৱৰ্জনাসমূহ আঁতৰাই পৰিষ্কাৰ কৰি ৰখা

(জ) হাট-বজাৰ, কচাই খানা স্থাপন, ভেজাল বস্তু বেচা-কিনা নিষিদ্ধ কৰা। 

(ঝ) অগ্নি-নিৰ্বাপণৰ ব্যৱস্থা লোৱা।

(ঞ) মাতৃ-মংগল আৰু শিশু কল্যাণ কেন্দ্র স্থাপন কৰা ইত্যাদি।

প্রশ্ন ৩৫। পঞ্চায়তীৰাজ শাসন ব্যৱস্থা বুলিলে কি বুজা ? 

উত্তৰঃ গাঁও অঞ্চলৰ বিকাশ সাধনৰ বাবে থকা নিজা শাসন ব্যৱস্থাটোকেই পঞ্চায়তী ৰাজ শাসন ব্যবস্থা বোলে।

প্রশ্ন ৩৬। পঞ্চায়তী ৰাজ শাসন ব্যৱস্থাৰ আটাইতকৈ তলৰ পৰ্যায়ত থকা শাসন ব্যৱস্থাটো কি ?

উত্তৰঃ গাঁও পঞ্চায়ত।

প্রশ্ন ৩৭। ভাৰতবৰ্ষৰ সৰহ সংখ্যক লোক ক’ত বাস কৰে ? 

উত্তৰঃ ভাৰতবৰ্ষৰ সৰহসংখ্যক লোক গাঁও অঞ্চলত বাস কৰে।

প্রশ্ন ৩৮। খালী ঠাই পূৰ কৰাঃ

(ক)____ হ’ল পঞ্চায়তী শাসন ব্যৱস্থাৰ আটাইতকৈ তলৰ পৰ্যায়ৰ শাসন ব্যৱস্থা।

(খ) গাঁও সভাই নিৰ্বাচিত কৰা প্রতিনিধিক গাঁও পঞ্চায়তৰ _____বোলে।

(গ) গাঁও পঞ্চায়তৰ উপসভাপতিক গাঁও পঞ্চায়তখনৰ _____সকলৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়। 

(ঘ) ___ত ১০ হাজাৰতকৈ কম জনসংখ্যা থাকে। 

উত্তৰঃ (ক) গাঁও পঞ্চায়ত হ’ল পঞ্চায়তী শাসন ব্যৱস্থাৰ আটাইতকৈ তলৰ পৰ্যায়ৰ শাসন ব্যৱস্থা।

(খ) গাঁও সভাই নির্বাচিত কৰা প্ৰতিনিধিক গাঁও পঞ্চায়তৰ সদস্য বোলে।

(গ) গাঁও পঞ্চায়তৰ উপসভাপতিক গাঁও পঞ্চায়তখনৰ সদস্যসকলৰ মাজৰ পৰা নির্বাচন কৰা হয়। 

(ঘ) নগৰ সমিতিত ত ১০ হাজাৰতকৈ কম জনসংখ্যা থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top