Class 5 Environment Chapter 15 আমাৰ সংবিধান

Class 5 Environment Chapter 15 আমাৰ সংবিধান, SEBA Chapter 15 আমাৰ সংবিধান Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 15 আমাৰ সংবিধান Notes so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ সংবিধান

Chapter – 15

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা –

(ক) কেতিয়াৰ পৰা ভাৰত এখন যুক্তৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে ? 

উত্তৰঃ স্বাধীনতা লাভৰ পিছৰ পৰাই ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পায়। আনহাতে ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই আমাৰ দেশক সাৰ্বভৌম গণতান্ত্রিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়।

(খ) সংবিধান সভাৰ দুগৰাকী সদস্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ সংবিধান সভাৰ দুগৰাকী সদস্য হ’ল— জৱাহৰলাল নেহৰু আৰু মৌলানা আবুল কালাম আজাদ। 

(গ) কোন তাৰিখে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্রিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয় ?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই ভাৰতবৰ্ষক সার্বভৌম গণতান্ত্রিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়।

(ঘ) সংবিধান সভাৰ সভাপতি কোন আছিল ?

উত্তৰঃ সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ। 

(ঙ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে ?

উত্তৰঃ ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য ১১ টা।

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ‘খ’ অংশ
সার্বভৌমনীতি-নিয়মৰ সমষ্টি।
গণতান্ত্রিকজন-গণৰ দ্বাৰা শাসিত।
সংবিধানসর্বোচ্চ ক্ষমতা থকা বা স্বাধীন।
নির্দেশাত্মক নীতিদেশৰ প্ৰতি সংবিধানৰ নিৰ্দেশনা।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
সার্বভৌমসর্বোচ্চ ক্ষমতা থকা বা স্বাধীন।
গণতান্ত্রিকজন-গণৰ দ্বাৰা শাসিত।
সংবিধাননীতি-নিয়মৰ সমষ্টি।
নির্দেশাত্মক নীতিদেশৰ প্ৰতি সংবিধানৰ নিৰ্দেশনা।

প্রশ্ন ৩। খালী ঠাই পূৰ কৰাঃ

(ক) আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে_____ হিচাপে পালন কৰো।

(খ) _____সংবিধানখন অতি দীঘলীয়া সংবিধান। 

(গ) ভাৰতবৰ্ষ এখন সার্বভৌম ____গণৰাজ্য।

(ঘ) প্রত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব —— আছে।

(ঙ) ____ চনৰ ____ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

উত্তৰঃ (ক) আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে গণতন্ত্র হিচাপে পালন কৰো।

(খ) ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। 

(গ) ভাৰতবৰ্ষ এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য৷

(ঘ) প্রত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে।

(ঙ) ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। 

প্রশ্ন ৪। সংবিধানখনৰ প্ৰস্তাৱনাত কি উল্লেখ আছে ?

উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পূৰ্ণ প্ৰতিচ্ছবি এখন প্রস্তাৱনাত প্রকাশ পাইছে। প্রস্তাৱনাত তলৰ কথাবোৰত গুৰুত্ব দিয়া হৈছে।

(ক) ভাৰতবৰ্ষ এখন সার্বভৌম, গণতান্ত্রিক ৰাজ্য।

(খ) আইনৰ চকুত সকলো নাগৰিক সমান। জাতি, বর্ণ, ধর্ম, লিংগ, ভাষা আদিক লৈ কোনো বৈষম্য নাথাকিব।

(গ) প্রত্যেক নাগৰিকে যিকোনো বিষয়তে মুক্তভাৱে নিজৰ মতামত প্রকাশ কৰিব পাৰিব।

(ঘ) দেশৰ বাস কৰা সকলো শ্ৰেণীৰ লোকে যাতে জীৱন ধাৰণৰ ন্যূনতম সা-সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব। 

(ঙ) ভাৰতীয় নাগৰিকসকলক সমান সুযোগ দি তেওঁলোকৰ মাজত ভাতৃত্বভাব জগাই তুলিব। অর্থাৎ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংবিধানখনৰ উদ্দেশ্য আৰু লক্ষ্যসমূহৰ উল্লেখ আছে।

প্রশ্ন ৫। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।

উত্তৰঃ ভাৰতীয় সংবিধানত নাগৰিকৰ বাবে কিছুমান অধিকাৰ আছে। সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত এই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়।

আমাৰ সংবিধানত ৬ বিধ মৌলিক অধিকার আছে। সেইবোৰ হ’ল— 

(ক) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। 

(খ) স্বাধীনতাৰ অধিকাৰ।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ। 

(ঘ) শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ।

(ঙ) শোষণৰ বিৰুদ্ধে প্ৰতিকাৰৰ অধিকাৰ।আৰু 

(চ) ধৰ্মীয় অধিকাৰ।

প্রশ্ন ৬। শিক্ষাৰ অধিকাৰ আইন বুলিলে কি বুজা ?

উত্তৰঃ ‘প্রাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ।’— এই অধিকাৰ ২০০৯চনত ‘শিক্ষাৰ অধিকাৰ আইন’ ৰূপে প্রচলিত হয়। এই আইন অনুসৰি ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৱে প্রাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়াকৈ গ্রহণ কৰিব পাৰিব।

প্রশ্ন ৭। নির্দেশাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য কি ?

উত্তৰঃ নিৰ্দেশাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য হৈছে সামাজিক আৰু আৰ্থিক দিশত সমতা স্থাপন কৰি জনসাধাৰণৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধন কৰা। এই নির্দেশনা মানি চৰকাৰে জনসাধাৰণৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে কাম কৰা উচিত।

প্রশ্ন ৮। নির্দেশাত্মক নীতিসমূহক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি লিখা। 

উত্তৰঃ নিৰ্দেশাত্মক নীতিসমূহক চাৰিটা ভাগত ভগোৱা হৈছে। সেই কেইটা হ’ল—

(ক) অর্থনৈতিক নীতি :- পুৰুষ-মহিলা উভয়কে সমান কামৰ কাৰণে সমান মজুৰি দিয়া, মাতৃ আৰু শিশুৰ মংগলৰ বাবে ব্যৱস্থা কৰা ইত্যাদি। 

(খ) গান্ধীবাদী নীতি :- পঞ্চায়তীৰাজ ব্যৱস্থা কৰা, কুটীৰ শিল্পৰ সম্প্ৰসাৰণ, বনজ সম্পদ সংৰক্ষণ, গো-পালন ইত্যাদি।

(গ) আন্তঃৰাষ্ট্ৰীয় নীতি :- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা ইত্যাদি।

(ঘ) অন্যান্য :- ঐতিহাসিক তাৎপর্যপূর্ণ ঠাইবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ গণতন্ত্র দিবস কোনটো ?

উত্তৰঃ ভাৰতৰ গণতন্ত্ৰ দিৱসটো হ’ল ২৬ জানুৱাৰী।

প্রশ্ন ২। ভাৰতৰ স্বাধীনতা দিৱস কোনটো ? 

উত্তৰঃ ভাৰতৰ স্বাধীনতা দিৱস হ’ল ১৫ আগষ্ট।

প্রশ্ন ৩। কোন তাৰিখৰ পৰা ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয় ?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয়।

প্রশ্ন ৪। কাক আমাৰ দেশৰ সৰ্বোত্তম আইন বুলি কোৱা হয় ?

উত্তৰঃ সংবিধানক আমাৰ দেশৰ সৰ্বোত্তম আইন বুলি কোৱা হয়।

প্রশ্ন ৫ । কিমান চনত ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৬ চনত ভাৰতৰ সংবিধান সভাখন গঠন কৰা হৈছিল। 

প্রশ্ন ৬। ভাৰতৰ সংবিধান সভাৰ পাঁচগৰাকী সদস্যৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ সংবিধান সভাৰ পাঁচগৰাকী সদস্য হ’ল—জৱাহলাল নেহৰু, মৌলানা আবুল কালাম আজাদ, সৰোজনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত আৰু বল্লভ ভাই পেটেল। 

প্রশ্ন ৭। সংবিধান খচৰা সমিতিত থকা অসমৰ প্ৰতিনিধিজনৰ নাম কি ? 

উত্তৰঃ চৈয়দ মহম্মদ চাদুল্লা।

প্রশ্ন ৮। সংবিধান খচৰা সমিতিয়ে সংবিধান ৰচনা কৰিবলৈ কিমান সময় কষ্ট কৰিছিল ?

উত্তৰঃ সংবিধান খচৰা সমিতিয়ে সংবিধান ৰচনা কৰিবলৈ প্ৰায় তিনিবছৰ কাল পৰিশ্ৰম কৰিছিল। 

প্রশ্ন ৯। সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্র প্রসাদে সংবিধানত কোন তাৰিখে চহী কৰে ?

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে চহী কৰে।

প্রশ্ন ১০। কোনখন দেশৰ সংবিধান পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া সংবিধান ?

উত্তৰঃ ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া সংবিধান।

প্রশ্ন ১১। ভাৰতৰ সংবিধান সভাৰ মহিলা সদস্য দুগৰাকী কোন কোন আছিল ?

উত্তৰঃ সৰোজনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত হ’ল ভাৰতৰ সংবিধান সভাৰ মহিলা সদস্য।

প্রশ্ন ১২। ‘গণৰাজ্য’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘গণৰাজ্য’ শব্দৰ অৰ্থ হৈছে জনগণৰ প্ৰতিনিধিৰ দ্বাৰা শাসিত ৰাষ্ট্ৰ। অৰ্থাৎ আমাৰ দেশৰ মুৰব্বীজন বংশানুক্রমে হ’ব নোৱাৰে।

প্রশ্ন ১৩। এখন দেশৰ নাগৰিক বুলিলে কি বুজা ?

উত্তৰঃ এখন দেশৰ নাগৰিক বুলিলে সাধাৰণতে সেই দেশখনত নাগৰিকত্ব গ্ৰহণ কৰি স্থায়ীভাৱে বসবাস কৰা একোজন ব্যক্তিক বুজায়।

প্রশ্ন ১৪। মৌলিক অধিকাৰৰ জৰিয়তে নাগৰিকসমূহে কোনবোৰ দিশত সমান সুযোগ-সুবিধা লাভ কৰে ?

উত্তৰঃ মৌলিক অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি বিভিন্ন দিশত সমান সুযোগ-সুবিধা লাভ কৰে।

প্রশ্ন ১৫। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়খনৰ নাম কি ?

উত্তৰঃ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়খনৰ নাম হ’ল উচ্চতম ন্যায়ালয়।

প্রশ্ন ১৬। মৌলিক কর্তব্য বুলিলে কি বুজা ?

উত্তৰঃ দেশখনৰ প্ৰতি নাগৰিকৰ কৰণীয়সমূহক মৌলিক কর্তব্য বোলে। 

প্রশ্ন ১৭। ভাৰতৰ সংবিধানত থকা নাগৰিকৰ মৌলিক কর্তব্য কেইটা ?

উত্তৰঃ ভাৰতৰ সংবিধান অনুসৰি নাগৰিকৰ মৌলিক কর্তব্য ১১ টা। 

প্রশ্ন ১৮। ভাৰতৰ সংবিধানত উল্লেখ থকা চাৰিটা মৌলিক কর্তব্য লিখা।

উত্তৰঃ ভাৰতৰ সংবিধানত উল্লেখ থকা মৌলিক কৰ্তব্যসমূহৰ ভিতৰত উল্লেখযোগ্য চাৰিটা কৰ্তব্য হ’ল— জাতীয় পতাকাক সন্মান জনোৱা, সকলো জীৱৰ প্ৰতি দয়াশীল হোৱা, হিংসাত্মক কার্য পৰিহাৰ কৰা আৰু প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ চেষ্টা কৰা।

প্রশ্ন ১৯। খালী ঠাই পূৰ কৰা :

(ক) ____ জানুৱাৰীৰ দিনটো ‘গণতন্ত্র দিৱস’ হিচাপে পালন কৰোঁ।

(খ) ২৬ জানুৱাৰীটো ভাৰতৰ বাবে এটা ____ দিন।

(গ) মানুহ ____জীৱ।

(ঘ) ______ক দেসৰ সৰ্বোত্তম আইন বোলে।

(ঙ) ____সংবিধানখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘলীয়া সংবিধান।

(চ) সংবিধান খচৰা কমিটীৰ সদস্য সংখ্যা আছিল ——–— জন।

(ছ) আইনৰ চকুত সকলো ___সমান। 

(জ) আমাৰ দেশৰ মুৰব্বীজন ____ক্ৰমে হ’ব নোৱাৰে।

(ঝ) সংবিধানত থকা মৌলিক অধিকাৰৰ সংখ্যা ____টা।

(ঞ) ভাৰতীয় নাগৰিকৰ _____টা মৌলিক কর্তব্য আছে।

উত্তৰঃ (ক) ২৬ জানুৱাৰীৰ দিনটো ‘গণতন্ত্ৰ দিৱস’ হিচাপে পালন কৰোঁ।

(খ) ২৬ জানুৱাৰীটো ভাৰতৰ বাবে এটা গুৰুত্বপূর্ণ দিন।

(গ) মানুহ সামাজিক জীব।

(ঘ) সংবিধানক দেশৰ সৰ্বোত্তম আইন বোলে।

(ঙ) ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘলীয়া সংবিধান। 

(চ) সংবিধান খচৰা কমিটীৰ সদস্য সংখ্যা আছিল জন।

(ছ) আইনৰ চকুত সকলো নাগৰিক সমান।

(জ) আমাৰ দেশৰ মুৰব্বীজন বংশানুক্রমে হ’ব নোৱাৰে। 

(ঝ) সংবিধানত থকা মৌলিক অধিকাৰৰ সংখ্যা টা। 

(ঞ) ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কর্তব্য আছে।

প্রশ্ন ২০। শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা :

(ক) ১৫ আগষ্টৰ দিনা স্বাধীনতা দিবস পালন কৰা হয়।

(খ) ১৯৪৬ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কার্যকৰী হয়। 

(গ) ১৯৪৭ চনৰ পূৰ্বে আমাৰ দেশ আহোমৰ অধীনত আছিল।

(ঘ) আমাৰ দেশৰ সংবিধানখন ভাৰতৰ সকলো ৰাজ্যতেই প্রযোজ্য নহয়।

(ঙ) সংবিধান সভা গঠন হৈছিল ১৯৫০ চনত।

(চ) সংবিধান খচৰা কমিটীৰ নেতৃত্ব দিছিল ড° ৰাজেন্দ্ৰ প্ৰসাদে।

(ছ) ভাৰতৰ চূড়ান্ত সংবিধানত সভাপতি হিচাপে স্বাক্ষৰ কৰিছিল ড° ভীমৰাও আম্বেদকাৰে।

(জ) চন্দ্ৰপ্ৰভা শইকীয়ানী সংবিধান সভাৰ মহিলা সদস্য আছিল।

(ঝ) ভাৰতত জন্ম গ্ৰহণ নকৰাকৈয়ো কোনো এজন ব্যক্তিয়ে ভাৰতীয় নাগৰিক হোৱাৰ সুবিধা আছে।

(ঞ) ভাৰতত বহুকেইখন উচ্চতম ন্যায়ালয় আছে।

(ট) ভাৰতৰ মাত্ৰ এখনহে উচ্চ ন্যায়ালয় আছে।

উত্তৰঃ (ক) শুদ্ধ (খ) অশুদ্ধ (গ) অশুদ্ধ (ঘ) শুদ্ধ (ঙ) অশুদ্ধ (চ) অশুদ্ধ (ছ) অশুদ্ধ (জ) অশুদ্ধ (ঝ) শুদ্ধ (ঞ) অশুদ্ধ (ঢ) অশুদ্ধ

প্রশ্ন ২১। ছবি চাই ব্যক্তি চিনাক্ত কৰা :

উত্তৰঃ (ক) জৱাহৰলাল নেহৰু।

(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ।

(গ) মৌলানা আবুল কালাম আজাদ।

(ঘ) বল্লভ ভাই পেটেল।

(ঙ) সৰোজনী নাইডু।

(চ) বিজয়লক্ষ্মী পণ্ডিত।

(ছ) ড° ভীমৰাও আম্বেদকাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top