Class 5 Environment Chapter 12 উদ্যোগ

Class 5 Environment Chapter 12 উদ্যোগ, SEBA Chapter 12 উদ্যোগ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

উদ্যোগ

Chapter – 12

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া। 

(ক) কেঁচামাল বুলিলে কি বুজা ?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচামাল বোলে। সাধাৰণতে কেঁচামালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহ গঢ়ি উঠে। কেঁচামাল যাঁত যেনেকৈ পোৱা যায় তাত তেনেধৰণৰ উদ্যোগ গঢ়ি উঠে।

(খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়াজন ? 

উত্তৰঃ উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামাল আৰু অন্যান্য লাগতীয়াল সামগ্রী উদ্যোগলৈ কঢ়িয়াই নিবলৈ আৰু উদ্যোগৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। উল্লেখযোগ্য যে উন্নত যাতায়াত ব্যৱস্থাৰ বাবেই ক’লকাতা, মুম্বাই, জামছেদপুৰ, কানপুৰ, চেন্নাই আদিত বৃহৎ উদ্যোগ গঢ়ি উঠিছে। 

(গ) উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন ?

উত্তৰঃ উদ্যোগ এটা গঢ়ি উঠিবলৈ পৰ্যাপ্ত পৰিমাণৰ কেঁচামাল,ভূমি আৰু প্ৰচুৰ মূলধন, উন্নত যন্ত্রপাতি, শক্তি, উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ, দক্ষ শ্রমিক, উন্নত যাতায়াত আৰু পৰিবহণ আদি কাৰকৰ প্ৰয়োজন।

(ঘ) লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন ? 

উত্তৰঃ লো-ত উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চুণশিলৰ প্ৰয়োজন।

(ঙ) পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয় ?

উত্তৰঃ নুনি গছৰ খেতি কৰি পাটপলু পোহা হয়। নুনি গছৰ পাত পাটপলুৰ খাদ্য। পলুৰ লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। অৱশ্যে আজিকালি মেচিনতো পাটৰ কাপোৰ তৈয়াৰ কৰা হয়।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা। 

(ক) মুম্বাই ভাৰতৰ আধুনিক ____উদ্যোগৰ প্ৰথম কেন্দ্র।

(খ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল____।

(গ) ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ____। 

(ঘ) চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল _____।

উত্তৰঃ (ক) মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

(খ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল বাঁহ। 

(গ) ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ কৰ্ণাটক

(ঘ) চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল কুঁহিয়াৰ। 

প্রশ্ন ৩। তলত দিয়া বাক্যবোৰৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা।

(ক) সকলো ঠাইতে এৰী আৰু মুগা উৎপন্ন হয়।

(খ) ঘাঁহ আৰু কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ উৎপন্ন কৰা হয়।

(গ) উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীৰ চাহিদা দেশ-বিদেশৰ বজাৰত থাকিব লাগিব।

(ঘ) মুম্বাইৰ পিছত গুজৰাট ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্তু উৎপাদন কেন্দ্র। 

উত্তৰঃ (ক) কেৱল অসমতেই এৰী আৰু মুগা কাপোৰ উৎপন্ন হয়। 

(খ) ঘাঁহ আৰু কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ উৎপন্ন হয়।

(গ) উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে স্থানীয় বজাৰ থকাৰ লগতে দেশ-বিদেশৰ বজাৰতো চাহিদা থাকিব লাগিব। 

(ঘ) মুম্বাইৰ পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্তু উৎপাদন কেন্দ্র।

প্রশ্ন ৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
তেল শোধানাগাৰকঁঠালগুৰি
গেছ পাল্টনামৰূপ
কাগজ উদ্যোগশিলঘাট
মৰাপাট উদ্যোগনুমলীগড়
সাৰ উদ্যোগজাগীৰোড

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
তেল শোধানাগাৰনুমলীগড়
গেছ পাল্টকঁঠালগুৰি
কাগজ উদ্যোগজাগীৰোড
মৰাপাট উদ্যোগশিলঘাট
সাৰ উদ্যোগনামৰূপ

প্রশ্ন ৫। পর্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ সাধাৰণতে কেঁচামালৰ ওপৰত ভিত্তি কৰিয়েই উদ্যোগসমূহ গঢ়ি উঠে। কেঁচামাল য’ত যেনেকৈ পোৱা যায় তাত তেনেধৰণৰ উদ্যোগ গঢ়ি উঠে। কিন্তু কিছুমান দেশত কম পৰিমাণে কেঁচামাল থাকিলেও সেইবোৰ দেশত ঔদোগীকৰণ সম্ভৱ হৈছে। উদাহৰণ স্বৰূপে, জাপানৰ উদাহৰণ দিব পাৰি। জাপান এখন সৰু দেশ আৰু ইয়াত উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামালৰ অভাৱ। তথাপিও এই দেশ শিল্প উদ্যোগত আগবঢ়া। ইয়াৰ প্রধান কাৰণ হ’ল উপকূল অঞ্চলত জাহাজ বন্দৰবোৰ গঢ়ি উঠাৰ ফলত উদ্যোগসমূহলৈ কেঁচামাল আন দেশৰ পৰা আমদানি কৰা আৰু উৎপাদিত সামগ্রী আন দেশলৈ ৰপ্তানি কৰাত যথেষ্ট সুবিধা আছে। পাহাৰ-পৰ্বত আদিৰ ওপৰেদি বৈ অহা নদীবোৰৰ সোঁত বেছি হোৱাৰ বাবে কম খৰছত প্ৰচুৰ পৰিমাণে জলবিদ্যুৎ উৎপন্ন হয়। এনেবোৰ কাৰণতেই জাপানত কেঁচামাল কম হোৱা সত্ত্বেও উদ্যোগ গঢ়ি উঠিছে। বিশেষকৈ জাপানত লোৰ আকৰ কম থকা সত্ত্বেও তীখা উৎপাদনত পৃথিৱীৰ ভিতৰত আগশাৰী এখন দেশ হিচাপে পৰিগণিত হৈছে। আনকি জাপানে তীথা অইন দেশলৈ ৰপ্তানি কৰি আৰ্থিকভাৱে লাভৱান হৈছে।

প্রশ্ন ৬। অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই কাৰণসমূহ বুজাই লিখা।

উত্তৰঃ অসমত প্ৰয়োজন অনুসৰি বৃহৎ উদ্যোগ এতিয়াও গঢ়ি উঠা নাই। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল উদ্যোগ এটা গঢ়ি উঠিবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত পৰিমাণৰ মূলধন, বৃহৎ স্থানীয় বজাৰ, দক্ষ শ্রমিক, উন্নত যাতায়াত ব্যৱস্থা আদিৰ অভাৱ। অসমত ধনী উদ্যোগপতিৰ অভাৱ। তদুপৰি সন্ত্রাসবাদ বা বিচ্ছিন্নতাবাদী কার্যকলাপ বহু দিন চলি থকা বাবে বিদেশী বিনিয়োগকাৰীও অসমলৈ আহিবলৈ আগ্রহ প্রকাশ নকৰে। অসমত কাৰিকৰী জ্ঞান থকা দক্ষ শ্রমিক আনকি উদ্যোগ স্থাপন কৰাটো অতি খৰচী। আকৌ পৰ্বত-পাহাৰে আৱৰি থকা অসমৰ ভালেমান ঠাইৰ যাতায়াত ব্যৱস্থা পুতৌ লগা। গতিকে কেঁচামাল আদি অনাত অসুবিধা হয়। এনেবোৰ কাৰণতেই অসমত উদ্যোগ গঢ়ি উঠা নাই। 

প্রশ্ন ৭। উদ্যোগ বুলিলে কি বুজা?’ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখা।

উত্তৰঃ প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাবে নোপোৱা অথচ আমাৰ প্ৰয়োজনীয় সামগ্রী কিছুমান প্রাকৃতিক সম্পদৰ পৰা যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰি ল’বলৈ স্থাপন কৰা উৎপাদন কেন্দ্ৰবোৰকেই উদ্যোগ বুলি ক’ব পাৰি৷ কিছুমান লঘু উদ্যোগ আৰু কিছুমান গুৰু উদ্যোগ থাকে। ভাৰতৰ বৃহৎ উদ্যোগৰ ভিতৰত কাগজ উদ্যোগ, চেনি উদ্যোগ, বেচয় উদ্যোগ, লো-তীখা উদ্যোগ উল্লেখযোগ্য।

প্রশ্ন ৮। চমুটোকা লিখা : 

চেনি উদ্যোগ, কাগজ উদ্যোগ, ৰেচম উদ্যোগ, কপাহী বস্ত্ৰ উদ্যোগ, লো-তীথা উদ্যোগ।

উত্তৰঃ চেনী উদ্যোগ :- চেনী উদ্যোগবোৰ কুঁহিয়াৰ উৎপন্ন হোৱা ঠাইবোৰৰ দাঁতিতে গঢ়ি উঠিছে। কাৰণ ঠাইসমূহৰ পথাৰবোৰৰ পৰা কেঁচামাল উদ্যোগসমূহলৈ শীঘ্ৰে অনাৰ সুবিধা হয়। এই শিল্পৰ বাবে উন্নত যন্ত্রপাতি আৰু দক্ষ শ্রমিকৰ আৱশ্যক।

ভাৰতত ১২০০ ৰো অধিক চেনি উদ্যোগ আছে। উত্তৰ ভাৰতৰ পৰা দেশৰ প্ৰায় ৬০ শতাংশ চেনি উৎপন্ন হয়। আনহাতে দক্ষিণ ভাৰতৰ মাটি কুঁহিয়াৰ খেতিৰ বাবে অধিক উপযোগী হোৱাৰ বাবে নতুনকৈ চেনি উদ্যোগবোৰ ইয়াত স্থাপন কৰা হৈছে। বিহাৰ, উত্তৰ প্রদেশ, অন্ধ্রপ্রদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনি উৎপাদন কৰা হয়। আমাৰ দেশত উৎপন্ন হোৱা বেছিভাগ চেনিয়েই স্বদেশত ব্যৱহাৰ কৰা হয়। সেইবাবে অতি কম পৰিমাণৰ চেনিহে বিদেশলৈ ৰপ্তানি কৰা হয়।

কাগজ উদ্যোগ :- কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল বাঁহ। বর্তমান কাগজৰ ব্যৱহাৰ পৃথিৱীত বাঢ়ি অহাত আজিকালি সৰল, দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। ইয়াৰ উপৰি ঘাঁহ, পুৰণি কপাহ, মৰাপাটৰ আৱৰ্জনা আদিৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। তুলনামূলকভাৱে আন দেশৰ তুলনাত ভাৰতত কাগজ নির্মাণ উদ্যোগ অতি কম। ইয়াত প্ৰায় ৩২ টা কাগজ উদ্যোগ আছে আৰু ইয়াৰ বেছিভাগেই ক’লকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত।

ৰেচম উদ্যোগ :- নুনি গছৰ পাত পাটপলুৰ খাদ্য। নুনি গছৰ খেতি কৰি পাটপলু পোহা হয়। পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। এইদৰে সূতা তৈয়াৰ কৰা পদ্ধতি বৰ জটিল। ইয়াৰ বাবে কঠোৰ শ্ৰম আৰু কৌশলৰ দৰকাৰ। সেইবাবে এই শিল্পই প্রথমে কুটীৰ শিল্পৰূপেহে গঢ় লৈ উঠে। আজিকালি মেচিনতো পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। ৰেচম কাপোৰ উৎপাদনত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে ভাৰতে এক বিশিষ্ট স্থান অধিকাৰ কৰিছে। কেৱল কৰ্ণাটক ৰাজ্যতে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচমী কাপোৰ উৎপন্ন হয়। কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুৰ বাহিৰে পশ্চিমবংগৰ মুৰ্চিদাবাদ আৰু বিষ্ণুপুৰ, তামিলনাডুৰ কাঞ্চিপুৰম, কাশ্মীৰৰ শ্ৰীনগৰ, উত্তৰ প্ৰদেশৰ বেনাৰস, অসমৰ শুৱালকুছি, ঢকুৱাখানা, বহা, পলাশবাৰী, গুজৰাটৰ গান্ধীনগৰ আদি ৰেচম শিল্পৰ সুপ্রসিদ্ধ কেন্দ্ৰ। কেৱল অসমতেই এৰী আৰু মুগাৰ কাপোৰ উৎপন্ন হয়।

কপাহী বস্ত্ৰ উদ্যোগ :- কপাহী বস্তু তৈয়াৰ কৰাত প্রাচীনকালৰে পৰা ভাৰতৰ সুনাম আছে। ভাৰতত এই শিল্প প্রথমে হস্তশিল্পৰ স্তৰত আছিল। বৰ্তমান কপাহী বস্ত্ৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। ইয়াত যন্ত্রপাতি, কয়লা, উৎকৃষ্ট কপাহ আৰু অন্যান্য লাগতিয়াল সামগ্রী আমদানিৰ বাবে বৃহৎ বন্দৰৰ সুব্যৱস্থা আছে। তাৰ উপৰি কপাহ উৎপন্ন হোৱা অঞ্চলৰ লগত উন্নত যোগাযোগ ব্যবস্থা, দক্ষ শ্রমিক, বৃহৎ স্থানীয় বজাৰ আৰু জলবিদ্যুৎ সৰবৰাহৰ সা-সুবিধাসমূহ থকাৰ বাবে মুম্বাইত এই উদ্যোগ গঢ়ি উঠাত সহায়ক হৈছে।

মুম্বাইৰ পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্তু উৎপাদন কৰা কেন্দ্র। এই কেন্দ্র কপাহ উৎপন্ন হোৱা অঞ্চলবোৰৰ মাজভাগত অৱস্থিত। পর্যাপ্ত মূলধন, উন্নত যোগাযোগ ব্যৱস্থা, দক্ষ শ্রমিক আদিয়ে এই কেন্দ্ৰত কপাহী বস্ত্ৰ উদ্যোগ গঢ়ি উঠাত সহায় কৰিছে। মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্রদেশ, উত্তর প্রদেশ, পশ্চিমবংগ আদি ৰাজ্যত বহুতো কপাহী বস্তু উদ্যোগ আছে।

লো-তীখা উদ্যোগ :- লো-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। ভাৰতত পুৰণিকালৰে পৰা তীখা তৈয়াৰ কৰা উদ্যোগ চলি আহিছে। এই উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লো, কয়লা আৰু চূণশিলৰ আৱশ্যক। বেছি ওজন আৰু আয়তনযুক্ত কেঁচামালৰ প্ৰয়োজন হয় বাবেই এই উদ্যোগ সাধাৰণতে লোৰ খনিৰ ওচৰত গঢ়ি উঠে। তদুপৰি এই উদ্যোগৰ উৎপাদিত গধুৰ সামগ্ৰী পৰিবহণৰ বাবে সুচল যাতায়াত ব্যৱস্থাৰ প্রয়োজন। এই উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্ত্রপাতি আৰু সা-সঁজুলি নিৰ্মাণ কৰা উদ্যোগসমূহো গঢ় লৈ উঠিছে। লো-তীখা উদ্যোগৰ বাবে প্ৰধানকৈ বৃহৎ পৰিমাণৰ মূলধন, উন্নত পৰিবহণ ব্যৱস্থা, প্ৰচুৰ ইন্ধন আৰু কেঁচামালৰ প্ৰয়োজন। ছোটনাগপুৰ মালভূমিৰ অন্তৰ্গত পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু ছত্তিশগড়ৰ বৃহৎ অঞ্চলটো লো-তীখা উদ্যোগৰ কেন্দ্ৰস্থল হৈ পৰিছে। 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। বিভিন্ন জিলাত থকা কিছুমান উদ্যোগৰ নাম, তাত ব্যৱহৃত কেঁচামাল আৰু তাৰ পৰা উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীবোৰৰ নাম লিখা।

উত্তৰঃ

কেঁচামালউদ্যোগউৎপাদিত সামগ্রীক’ত আছে
খাৰুৱা তেলতেল উদ্যোগপেট্রল, ডিজেল, নেফগ্বেলিন, কোচিন,ৰন্ধন গেছডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও।
প্ৰাকৃতিক গেছগেছ প্লাণ্টৰন্ধন গেছকঠালগুৰি
পানীশক্তি উদ্যোগবিদ্যুৎ শক্তিউমৰাংচু (কপিলী), কাৰ্বি লাংপি।
কয়লাশক্তি উদ্যোগবিদ্যুৎ শক্তি(তাপ বিদ্যুৎ)নামৰূপ, চন্দ্ৰপুৰ, চালাকাটি।
চুণশিলবিলাতী মাটিবিলাতী মাটিবোকাজান
খাৰুৱা তেলসাৰ উদ্যোগৰাসায়নিক সাৰনামৰূপ
বাঁহকাগজ উদ্যোগকাগজ জাগীৰোড, পাঁচগ্রাম
মৰাপাটমৰাপাট উদ্যোগ|থৈলা, কার্পেট, বেগ, ৰছীশিলঘাট
কপাহবস্ত্ৰ উদ্যোগসূতা, কপাহী কাপোৰচাৰিদুৱাৰ, জাগীৰোড

প্রশ্ন ২। কিমান চনত ব্ৰিটিছে প্রথম অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ ১৮২৫ চনত ব্ৰিটিছে প্রথম অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ৩। কিমান চনত অসমত প্ৰথম কয়লাখনিৰ আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ ১৮২৫ চনত অসমত প্ৰথম কয়লাখনিৰ আৱিষ্কাৰ হৈছিল।

প্রশ্ন ৪। কিমান চনত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল ?

উত্তৰঃ ১৮৩৩ চনত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল।

প্রশ্ন ৫। কিমান চনত অসমৰ বৰুৱাবামুণ গাঁৱত চেনি উদ্যোগ স্থাপন হৈছিল ?

উত্তৰঃ ১৯৫৮ চনত অসমৰ বৰুৱাবামুণ গাঁৱত চেনি উদ্যোগ স্থাপন হৈছিল।

প্রশ্ন ৬। কিমান চনত নগাঁৱৰ কামপুৰত চেনি উদ্যোগ স্থাপন হৈছিল ?

উত্তৰঃ ১৯৯৮ চনত নগাঁৱৰ কামপুৰত চেনি উদ্যোগ স্থাপন কৰা হৈছিল।।

প্রশ্ন ৭। কেঁচামালৰ ক্ষেত্ৰত দুখীয়া হৈয়ো উদ্যোগ স্থাপনত অগ্রণী হোৱা এখন দেশৰ নাম লিখা।

উত্তৰঃ জাপান।

প্রশ্ন ৮। ক’লকাতা আৰু বিহাৰত উদ্যোগসমূহত যন্ত্রপাতি চলাবলৈ কয়লা বেছিকৈ ব্যৱহাৰ কৰে কিয় ?

উত্তৰঃ ক’লকাতা আৰু বিহাৰত কয়লা বেছিকৈ পোৱা যায়। সেয়ে ইয়াত উদ্যোগসমূহৰ যন্ত্রপাতি চলাবলৈ কয়লা বেছিকৈ ব্যৱহাৰ কৰে।

প্রশ্ন ৯। উদ্যোগত দক্ষ শ্রমিকৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ কেঁচামাল আৰু উৎপাদিত সামগ্ৰী কঢ়িয়াবলৈ আৰু যন্ত্রপাতি চলোৱা আদি কাৰ্যত শ্ৰমিকৰ প্ৰয়োজন হয়। আকৌ কিছুমান উদ্যোগত উৎপাদিত সামগ্রী তৈয়াৰ কৰিবলৈ বিশেষ কৌশলৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত দক্ষ শ্রমিকৰ প্ৰয়োজন। 

প্রশ্ন ১০। ক’লকাতা, মুম্বাই, চেন্নাই আদিত বহুতো উদ্যোগ গঢ়ি উঠাৰ এটা প্ৰধান কাৰণ উল্লেখ কৰা।

উত্তৰঃ উক্ত অঞ্চলত বহুতো উদ্যোগ গঢ়ি উঠাৰ অন্যতম কাৰণ হ’ল এই অঞ্চলবোৰত উন্নত যাতায়াত ব্যৱস্থা।

প্রশ্ন ১১। খালী ঠাই পূৰ কৰা :

কেঁচা সামগ্রীউদ্যোগউৎপাদিত সামগ্রী
কুঁহিয়াৰবাঁহ, কোমল কাঠৰ মণ্ড_____খাৰুৱা তেল___ ____ চাহ গছৰ পাতচেনি উদ্যোগকাগজ উদ্যোগবস্ত্ৰ উদ্যোগতেল উদ্যোগবিলাতী মাটি উদ্যোগপ্লাইউড উদ্যোগ____লো-তীখাৰ উদ্যোগচেনি―――কাপোৰ―――বিলাতী মাটিপ্লাইউডচাহপাততীখা

উত্তৰঃ

কেঁচা সামগ্রীউদ্যোগউৎপাদিত সামগ্রী
কুঁহিয়াৰবাঁহ, কোমল কাঠৰ মণ্ডকপাহখাৰুৱা তেলগছ-গছনিচাহ গছৰ পাতআকৰিক লো, কয়লা, চুনশীলচেনি উদ্যোগকাগজ উদ্যোগবস্ত্ৰ উদ্যোগতেল উদ্যোগবিলাতী মাটি উদ্যোগপ্লাইউড উদ্যোগচাহ উদ্যোগলো-তীখাৰ উদ্যোগচেনিকাগজকাপোৰপেট্ৰল, ডিজেল,কেৰাচিনবিলাতী মাটিপ্লাইউডচাহপাততীখা

প্রশ্ন ১২। কাগজ উদ্যোগ থকা অসমৰ দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ জাগীৰোড আৰু পাঁচগ্রাম।

প্রশ্ন ১৩। কয়লা উদ্যোগৰ কেঁচামাল কি ?

উত্তৰঃ কয়লা উদ্যোগৰ কেঁচামাল হ’ল কয়লা। 

প্রশ্ন ১৪। শক্তি উদ্যোগৰ কেঁচামাল কি ?

উত্তৰঃ শক্তি উদ্যোগৰ কেঁচামাল হ’ল কয়লা।

প্রশ্ন ১৫। সাৰ উদ্যোগ থকা অসমৰ এখন ঠাইৰ নাম লিখা। 

উত্তৰঃ নামৰূপত সাৰ উদ্যোগ আছে।

প্রশ্ন ১৬। পেট্র ‘কেমিকেলছ উদ্যোগ থকা অসমৰ এখন ঠাইৰ নাম লিখা।

উত্তৰঃ বঙাইগাঁও।

প্রশ্ন ১৭। বস্ত্ৰ উদ্যোগ থকা অসমৰ দুখন ঠাইৰ নাম লিখা। 

উত্তৰঃ চাৰিদুৱাৰ আৰু জাগীৰোড।

প্রশ্ন ১৮। শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰা : 

(ক) ভাৰতত ২০০ ৰো অধিক চেনি উদ্যোগ আছে।

(খ) দক্ষিণ ভাৰতত বেছিকৈ চেনি উৎপাদন হয়।

(গ) কাগজ উদ্যোগৰ পৰা ব্যাপক হাৰত চেনি ৰপ্তানি হয়।

(ঘ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল তুই।

(ঙ) মৰাপাট আৱৰ্জনাৰ পৰাও কাগজ উৎপাদন হয়। 

(চ) ভাৰতত প্ৰায় ৬০টা কাগজ উদ্যোগ আছে।

(ছ) ভাৰতত বেছিভাগ কাগজ উদ্যোগ আছে ক’লকাতা আৰু মুম্বাইত।

(জ) পাটপলুৰ প্ৰধান খাদ্য আলু। 

(ঝ) ৰেচম উদ্যোগ প্ৰথমতে কুটিৰ শিল্প আছিল।

(ঞ) ৰেচম কাপোৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়।

উত্তৰঃ (ক) অশুদ্ধ (খ) অশুদ্ধ (গ) অশুদ্ধ (ঘ) অশুদ্ধ (ঙ) শুদ্ধ (চ) অশুদ্ধ (ছ) শুদ্ধ (জ) অশুদ্ধ (ঝ) শুদ্ধ (ঞ) শুদ্ধ। 

প্রশ্ন ১৯। তলৰ যিবোৰ অশুদ্ধ বাক্য সেইবোৰ শুদ্ধকৈ লিখা।

(ক) কপাহী বস্তু উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত তৃতীয়। 

(খ) ক’লকাতা ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

(গ) কপাহী বস্ত্ৰ শিল্প ভাৰতত প্ৰথমে হস্তশিল্প স্তৰত আছিল।”

(ঘ) কপাহী বস্ত্ৰৰ উৎপাদন কেন্দ্ৰ হিচাপে মুম্বাই আৰু দিল্লী বিখ্যাত।

(ঙ) ঝাৰখণ্ড, বিহাৰ, ছত্তিশগড় আদিত লো-তীখাৰ উদ্যোগ আছে।

উত্তৰঃ (ক) কপাহী বস্ত্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়।

(খ) মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

(গ) কপাহী বস্ত্ৰ শিল্প ভাৰতত প্ৰথমে হস্ত শিল্প স্তৰত আছিল। 

(ঘ) কপাহী বস্তুৰ উৎপাদন কেন্দ্র হিচাপে মুম্বাই আৰু আহমেদাবাদ বিখ্যাত। 

(ঙ) ঝাৰখণ্ড, বিহাৰ, ছত্তিশগড় আদিত লো-তীখাৰ উদ্যোগ আছে।

প্রশ্ন ২০। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ‘খ’ অংশ
গেছ প্লান্টশক্তি উদ্যোগবিলাতী মাটিকাগজ উদ্যোগমৰাপাট উদ্যোগসাৰ উদ্যোগপানীমৰাপাটবাঁহপ্রাকৃতিক গেছ খাৰুৱা তেলচূণশিল

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
গেছ প্লান্টশক্তি উদ্যোগবিলাতী মাটিকাগজ উদ্যোগমৰাপাট উদ্যোগসাৰ উদ্যোগপ্রাকৃতিক গেছপানীচুণশিলবাঁহমৰাপাটখাৰুৱা তেল

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top