Class 5 Environment Chapter 11 যাতায়াত

Class 5 Environment Chapter 11 যাতায়াত, SEBA Chapter 11 যাতায়াত Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

যাতায়াত

Chapter – 11

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) যাতায়াত বুলিলে কি বুজা ?

উত্তৰঃ কোনো এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা-যোৱা কৰা কাৰ্যই হৈছে যাতায়াত।

(খ) চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল ? 

উত্তৰঃ চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তু কঢ়িয়াবলৈ ভিন্ন প্রাণী ব্যৱহাৰ কৰিছিল। যেনে— মৰুভূমিত উট, দুর্গম পাহাৰীয়া ঠাইত ঘোঁৰা, হাতী, গাধ আদি ব্যৱহাৰ কৰিছিল। 

(গ) উন্নত যাতায়াত ব্যৱস্থাৰ কিয় প্রয়োজন ?

উত্তৰঃ কোনো এখন দেশৰ অৰ্থনৈতিক বিকাশ উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে দেশৰ সামগ্রিক উন্নয়নৰ বাবেই উন্নত যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। তদুপৰি বিভিন্ন দেশৰ মাজত শান্তি-সম্প্ৰীতি অটুত ৰাখিবলৈ আৰু শিক্ষা, কৃষি, শিল্প-বাণিজ্য, চিকিৎসা ব্যৱস্থা, খেলা-ধূলা আদিৰ আদান-প্ৰদান কৰিবলৈ উন্নত যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। 

(ঘ) পৰিবহণ ব্যৱস্থা বুলিলে কি বুজা ? 

উত্তৰঃ যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু আদি কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। আমাৰ দেশত বিভিন্ন পৰিবহণ ব্যৱস্থা আছে। সেইবোৰ হৈছে ৰে’ল পৰিবহণ, পথ পৰিবহণ, আকাশী পথ পৰিবহণ আৰু ৰচী পৰিবহণ উল্লেখযোগ্য।

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’অংশ
ৰে’লপথত চলা বাহনউৰাজাহাজ, হেলিকপ্টাৰ
আলিবাটত চলা বাহনৰে’লগাড়ী, ট্রাম গাড়ী
আকাশত চলা বাহননাও, ছাবমেৰিন
পানীত চলা বাহনৰিক্সা, চাইকেল, ট্রাক

উত্তৰঃ

‘ক’ অংশ‘খ’অংশ
ৰে’লপথত চলা বাহনৰেলগাড়ী, ট্রাম গাড়ী
আলিবাটত চলা বাহনৰিক্সা, চাইকেল, ট্রাক
আকাশত চলা বাহনউৰাজাহাজ, হেলিকপ্টাৰ
পানীত চলা বাহননাও, ছাবমেৰিন

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা— 

(ক) অসমৰ প্ৰথম ৰে’লপথটো আছিল_____ৰেলপথ।

(খ) ভাৰতবৰ্ষত—– চনত প্ৰথম ৰে’লপথ চৰকাৰীভাৱে মুকলি কৰা হয়। 

(গ) অসমত বৰ্তমান প্রায়____ কি. মি. পথ নিৰ্মাণ কৰা হৈছে।

(ঘ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ’ল____আৰু ____ ।

(ঙ) গুৱাহাটী আৰু দিল্লীৰ মাজত ____ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। 

উত্তৰঃ (ক) অসমৰ প্ৰথম ৰে’লপথটো আছিল ডিব্ৰু-শদিয়া ৰে’লপথ।

(খ) ভাৰতবৰ্ষত ১৮৫৩ চনত প্ৰথম ৰে’লপথ চৰকাৰীভাৱে মুকলি কৰা হয়। 

(গ) অসমত বৰ্তমান প্রায় ৪২.৬৪১ কি. মি. পথ নিৰ্মাণ কৰা হৈছে।

(ঘ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ’ল ডিব্ৰুগড় আৰু নিমাতীঘাট

(ঙ) গুৱাহাটী আৰু দিল্লীৰ মাজত ১৯৮১ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়।

প্রশ্ন ৪। তলৰ অশুদ্ধকেইটা শুদ্ধ কৰি লিখা

(ক) বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰে’ল পথৰ ব্যৱস্থা হোৱা নাই। 

(খ) অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ, জিলা গড়কাপ্টানি পথ, জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি।

(গ) জল পৰিবহণ ব্যৱস্থা বৰ ব্যয়বহুল।

 (ঘ) অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা আছে।

(ঙ) ভাৰতত ৰচী পৰিবহণ ব্যৱস্থা আছে।

উত্তৰঃ (ক) বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰে’ল পথৰ ব্যৱস্থা হোৱা নাই। 

(খ) অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ, জিলা গড়কাপ্টানি পথ, জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি।

(গ) জল পৰিবহণ ব্যৱস্থা অতি কম খৰচী। 

(ঘ) অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা আছে।

(ঙ) ভাৰতত ৰচী পৰিবহণ ব্যবস্থা আছে।

প্রশ্ন ৫। চমু টোকা লিখাঃ 

(ক) জল পৰিবহণ

(খ) ৰে’ল পৰিবহণ

(গ) ৰচী পৰিবহণ

(ঘ) আকাশী পথ পৰিবহণ 

উত্তৰঃ (ক) জল পৰিবহণ :- ভাৰতৰ জল পৰিবহণ ব্যৱস্থা অতি কম খৰচী। ভাৰতৰ জল পথ দুটা ভাগত ভগাব পাৰি। আন্তঃদেশীয় আৰু উপকূলীয় বা মধ্য সাগৰীয় জল পৰিবহণ। ভাৰতবৰ্ষত বৰ্তমানলৈকে কেইখনমান নদীতহে আন্তঃদেশীয় জল পৰিবহণ ব্যৱস্থা আছে। ভাৰতত তিনিটা ৰাষ্ট্ৰীয় জলপথ আছে। ৰাষ্ট্ৰীয় জলপথ ১ঃ গংগা-ভাগীৰথী হুগলী নদীৰ জল পৰিবহণ ব্যৱস্থা; ৰাষ্ট্ৰীয় জলপথ ২: ব্ৰহ্মপুত্ৰৰ শদিয়া-ধুবুৰী জল পৰিবহণ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় জলপথ ৩ : পশ্চিম উপকূলীয় খাল জল পৰিবহণ ব্যৱস্থা। ভাৰতত মুঠ ১২টা প্রধান জাহাজ বন্দৰ আছে। ইয়াৰ ভিতৰত চাৰিটা বন্দৰ হ’ল–মুম্বাই, চেন্নাই, বিশাখাপট্টনম আৰু কলকাতা। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কি. মি. দীঘল জলপথক ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা জাহাজঘাটসমূহ হ’ল ডিব্ৰুগড়, দিচাংমুখ, নিমাতীঘাট, বিশ্বনাথ চাৰিআলি, শিলঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰী। নদীপথসমূহত যাত্রী, মালবাহী জাহাজ আৰু মটৰ নাওসমূহ চলাৰ বাবেও আমাৰ যোগাযোগ ব্যৱস্থা সুচল হৈ পৰিছে। বর্তমান দেশী-বিদেশীৰ পৰ্যটকৰ বাবে খোৱা লোৱাৰ সুবিধা থকা কিছুমান বিলাসী জাহাজ ব্ৰহ্মপুত্ৰত চলিবলৈ আৰম্ভ কৰিছে। 

(খ) ৰে’ল পৰিবহণ :- ৰে’ল পৰিবহণ ভাৰতবৰ্ষৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থা। ১৯৫৩ চনৰ ১৬ এপ্ৰিলত মুম্বাই আৰু থানেৰ মাজত প্রায় ২১ মাইল দীঘল ভাৰতবৰ্ষৰ প্ৰথম ৰে’লপথ চৰকাৰীভাৱে মুকলি কৰা হয়। ভাৰতবৰ্ষত ব্ৰডগজ আৰু মিটাৰ গজ এই দুই প্ৰকাৰৰ ৰে’লপথৰ ব্যৱস্থা আছে। পূৰ্বাঞ্চলৰ মেঘালয় আৰু ছিকিমত এতিয়াও ৰে’লপথৰ ব্যৱস্থা হোৱা নাই। অসমত ১৮৮২–১৮৮৪ চনৰ ভিতৰত ডিব্ৰু-শদিয়া ৰে’ল পথ নিৰ্মাণ কৰা হৈছিল। এইটো আৰু তিনিচুকীয়া জিলাৰ চাহ, খাৰুৱা তেল আৰু বাঁহ উৎপাদন কৰা অঞ্চলবোৰ সংযোগ কৰিছিল। ক্রমান্বয়ে ৰে’লপথ সম্প্ৰসাৰণ কৰি বৰ্তমান অসমৰইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকথন জিলাৰ মাজেৰে ৰে’লপথৰ ব্যৱস্থা কৰা হৈছে। অসমৰ পৰা ভাৰতৰ আন আন ৰাজ্যলৈ কঢ়িওৱা সহজ হৈ পৰিছে। মানুহে কম সময়ৰ ভিতৰতে আৰু কম খৰচতে বহু দূৰ-দূৰণিলৈ অহা-যোৱা কৰাত সুবিধা হৈছে। আৰম্ভণিতে ৰে’লবিলাক ভাপ ইঞ্জিনৰ সহায়ত চলোৱাৰ ফলত অতি বেগেৰে ৰে’ল চলাচল সম্ভৱ হৈছে। 

(গ) ৰচী পৰিবহণ :- ভাৰতত ৰচী পৰিবহণ ব্যৱস্থা আছে। এই প্ৰকাৰ পৰিবহণ ব্যৱস্থা কম খৰচী। পাহাৰীয়া দুর্গম অঞ্চলত খনিৰ পৰা চূণশিল, কয়লা, আদি খনিজ পদার্থ কঢ়িয়াবলৈ এই ব্যৱস্থাৰ সহায় লোৱা হয়। অসমৰ কাৰ্বি আংলঙৰ ডিলাই পাহাৰ আৰু বোকাজানৰ বিলাতী মাটি উদ্যোগৰ মাজত চূণশিল কঢ়িয়াবলৈ প্রায় ৩৫ কি. মি. দূৰত্বৰ একমাত্ৰ ৰচী পৰিবহণ ব্যৱস্থা আছে।

(ঘ) আকাশী পথ পৰিবহণ :- ভাৰতৰ পৰিবহণ ব্যৱস্থা চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ অন্তর্গত। এয়াৰ ইণ্ডিয়া, ইণ্ডিয়ান এয়াৰ লাইনছ আদি বিমান সেৱা চৰকাৰী খণ্ডৰ অন্তৰ্গত। জেট এয়াৰৱেজ, এয়াৰ ডেক্কান, ইণ্ডিগ’ স্কাইচ জেট আদি বেচৰকাৰী খণ্ডৰ অন্তৰ্গত। এই বিমান সেৱাই দেশৰ বিভিন্ন স্থানৰ লগত সংযোগ ৰাখিছে। কিছুমান বিমান সেৱাৰ জৰিয়তে বিদেশলৈ যাত্ৰা কৰিব পাৰি। কেৰালাৰ ক’চিনত থকা ব্যক্তিগত খণ্ডৰ বিমান বন্দৰটোৱেই ভাৰতবৰ্ষৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ আন্তর্জাতিক বিমান বন্দৰ।

১৯৮১ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচল আৰম্ভ হয়। ইতিমধ্যে বৰঝাৰ বিমান বন্দৰক আন্তর্জাতিক বিমান বন্দৰলৈ উন্নীত কৰা হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। মেৰু অঞ্চলত কিহে প্লেজ গাড়ী টানে ? 

উত্তৰঃ মেৰু অঞ্চলত বন্ধা হৰিণে শ্লেজগাড়ী টানে।

প্রশ্ন ২। মেট্ৰ’ ৰে’লসেৱা থকা দুখন চহৰৰ নাম লিখা।

উত্তৰঃ কলকাতা আৰু নতুন দিল্লীত মেট্ৰ’ ৰে’লসেৱা আছে।

প্রশ্ন ৩। ভাৰতৰ প্ৰথমটো চৰকাৰী ৰে’লপথ কোন দুখনৰ ঠাইৰ মাজত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ প্ৰথমটো চৰকাৰী ৰে’লপথ মুম্বাই আৰু থানেৰ মাজত নিৰ্মাণ কৰা হৈছিল।

প্রশ্ন ৪। কিমান চনত ভাৰতৰ প্ৰথমটো চৰকাৰী ৰে’ল সেৱা মুকলি কৰা হৈছিল ? 

উত্তৰঃ ১৮৫৩ চনৰ ১৬ এপ্ৰিলত ভাৰতৰ প্ৰথমটো চৰকাৰী ৰে’লসেৱা মুকলি কৰা হৈছিল।

প্রশ্ন ৫। ভাৰতত কি কি তিনিপ্ৰকাৰৰ ৰে’ল পথ আছে ? 

উত্তৰঃ ভাৰতত ব্ৰডগজ, মিটাৰ গজ আৰু ঠেকগঞ্জ- এই তিনি প্ৰকাৰৰ ৰে’লপথ আছে।

প্রশ্ন ৬। ৰে’লপথ নথকা উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ ছিকিম আৰু মেঘালয়ত ৰে’লপথ নাই। 

প্রশ্ন ৭। অসমৰ প্ৰথম ৰে’লপথটো কোনছোৱা সময়ত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ ১৮৮২-৮৪ চনত অসমৰ প্ৰথমটো ৰেলপথ নিৰ্মাণ কৰা হৈছিল।

প্রশ্ন ৮। ভাৰতৰ প্ৰথমটো ৰে’লপথৰ দৈৰ্ঘ্য কিমান আছিল ? 

উত্তৰঃ ভাৰতৰ প্ৰথমটো ৰে’লপথৰ দৈৰ্ঘ্য আছিল ২১ মাইল।

প্রশ্ন ৯। ভাৰতৰ পথ পৰিবহণ ব্যৱস্থাই সামৰি লোৱা পথবোৰ কি কি ?

উত্তৰঃ ভাৰতৰ পথ পৰিবহণ ব্যৱস্থাই সামৰি লোৱা ভাৰতৰ পথবোৰ হ’ল—ৰাষ্ট্ৰীয় ঘাইপথ, সীমান্ত অঞ্চল পথ, ৰাজ্যিক আৰু আন্তঃৰাজ্যিক পথ, গাঁও অঞ্চলৰ পথ আৰু পৌৰ নিগমৰ পথ।

প্রশ্ন ১০। কোনবোৰ পথ নিৰ্মাণৰ বাবে কেন্দ্ৰই অৰ্থৰ যোগান ধৰে ? 

উত্তৰঃ ৰাষ্ট্ৰীয় ঘাইপথ, সীমান্ত অঞ্চলৰ পথ, ৰাজ্যিক আৰু আন্তঃৰাজ্যিক পথৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থৰ যোগান ধৰে।

প্রশ্ন ১১। পৃথিৱীৰ ভিতৰতে সর্বোচ্চ পথ পৰিবহণ ব্যৱস্থাটোৰ নাম কি ?

উত্তৰঃ উত্তৰ ভাৰতৰ মানালি লেক্ ৰাষ্ট্ৰীয় পথ পৃথিৱীৰ ভিতৰত সর্বোচ্চ পথ পৰিবহণ ব্যৱস্থা।

প্রশ্ন ১২। ভাৰতৰ জলপথৰ ভাগ দুটা কি কি ? 

উত্তৰঃ ভাৰতৰ জলপথৰ ভাগ দুটা হ’ল আন্তঃদেশীয় আৰু উপকূলীয় বা মধ্য সাগৰীয় জল পৰিবহণ।

প্রশ্ন ১৩। ভাৰতৰ ৰাষ্ট্ৰীয় জলপথ তিনিটাৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় জলপথ তিনিটা হ’ল ―

(ক) গংগা-ভাগীৰথী-হুগলী নদীৰ জল পৰিবহণ ব্যৱস্থা।

(খ) ব্ৰহ্মপুত্ৰৰ শদিয়া-ধুবুৰী জল পৰিবহণ ব্যৱস্থা।

(গ) পশ্চিম উপকূলীয় খাল জল পৰিবহণ ব্যৱস্থা। 

প্রশ্ন ১৪। ভাৰতত মুঠ কিমানটা প্রধান জাহাজ বন্দৰ আছে ?

উত্তৰঃ  ভাৰতৰ মুঠ ১২ টা প্রধান জাহাজ বন্দৰ আছে।

প্রশ্ন ১৫। ভাৰতৰ চাৰিটা বন্দৰৰ নাম লিখা।

উত্তৰঃ  মুম্বাই, চেন্নাই, বিশাখাপট্টনম আৰু কলকাতা।

প্রশ্ন ১৬। অসমত থকা একমাত্ৰ ৰাষ্ট্ৰীয় জলপথটোৰ নাম কি ? ইয়াৰ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ অসমত থকা একমাত্ৰ ৰাষ্ট্ৰীয় জলপথটোৰ নাম হ’ল ব্ৰহ্মপুত্ৰৰ শদিয়া-ধুবুৰী জল পৰিবহণ ব্যৱস্থা। ইয়াৰ দৈৰ্ঘ্য হ’ল ৮৯১ কি. মি.।

প্রশ্ন ১৭। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা জাহাজঘাটকেইটাৰ নাম লিখা। 

উত্তৰঃব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা জাহাজঘাটকেইটাৰ নাম হ’ল— ডিব্ৰুগড়, দিচাংমুখ, নিমাতীঘাট, বিশ্বনাথ চাৰিআলি, শিলঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰী। 

প্রশ্ন ১৮। ভাৰতৰ দুটা চৰকাৰী খণ্ডৰ বিমান সেৱাৰ নাম লিখা।

উত্তৰঃ এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান এয়াৰলাইনচ।

প্রশ্ন ১৯৷ ভাৰতৰ দুটা বেচৰকাৰী খণ্ডৰ বিমানসেৱাৰ নাম লিখা। 

উত্তৰঃ জেট এয়াৰৱেজ আৰু এয়াৰ ডেক্কান।

প্রশ্ন ২০। কিমান চনৰ পৰা গুৱাহাটীক বিমান সেৱাৰ লগত সংযোগ কৰা হয় ? 

উত্তৰঃ ১৯৮১ চনৰ পৰা গুৱাহাটীক বিমান সেৱাৰ লগত সংযোগ কৰা হয়। হয়।

প্রশ্ন ২১। গুৱাহাটী আৰু দিল্লীৰ মাজত কেতিয়া প্রথম বিমান সেৱা আৰম্ভ হয় ? 

উত্তৰঃ ১৯৮১ চনত গুৱাহাটী আৰু দিল্লীৰ মাজত প্ৰথম বিমান সেৱা আৰম্ভ

প্রশ্ন ২২। অসমৰ একমাত্র আন্তর্জাতিক বিমান বন্দৰটোৰ নাম কি ? 

উত্তৰঃ গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ (বৰঝাৰ, গুৱাহাটী)

প্রশ্ন ২৩। অসমত থকা একমাত্ৰ ৰচী পৰিবহণ ব্যৱস্থাটোৰ নাম লিখা।

উত্তৰঃ অসমৰ কাৰ্বি আংলঙৰ ডিলাই পাহাৰ আৰু বোকাজানৰ বিলাতী মাটি উদ্যোগৰ মাজত চূণশিল কঢ়িয়াবলৈ ৩৫ কি. মি. দূৰত্বৰ এক ৰচী পৰিবহণ ব্যৱস্থা আছে।

প্রশ্ন ২৪। শুদ্ধটো বাছি উলিওৱা : 

(ক) ইণ্ডিগ’/এয়াৰ ইণ্ডিয়া হ’ল ব্যক্তিগত খণ্ডৰ বিমান সেৱা।

(খ) গুৱাহাটী আৰু দিল্লীৰ মাজত প্ৰথম বিমান চলিছিল ১৯৬৭ চনত / ১৯৮০ চনত/ ১৯৮১ চনত।

(গ) বায়ুদূত সেৱা আছে গুৱাহাটী-বৰাপাণী/গুৱাহাটী-নগাঁৱৰ 

(ঘ) ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ আন্তর্জাতিক বিমান বন্দৰ আছে চেন্নাইত/ক’চিনত মাজত।

(ঙ) বিলাতী মাটিৰ বাবে প্রয়োজন চূণশিল/আগ্নেয়শিল।

(চ) অসমৰ ৰাষ্ট্ৰীয় জলপথটোৰ দৈৰ্ঘ্য হ’ল ৮৯১কি. মি./ ৭৯১ কি. মি.। 

(ছ) অসমৰ বৰ্তমান প্রায় ৪২,৬৪১কি. মি./৩০,৬০০ কি. মি. পথ নির্মাণ কৰা হৈছে।

উত্তৰঃ (ক) ইণ্ডিগ’ হ’ল ব্যক্তিগত খণ্ডৰ বিমান সেৱা।

(খ) গুৱাহাটী আৰু দিল্লীৰ মাজত প্ৰথম বিমান চলিছিল ১৯৮১ চনত।

(গ) বায়ুদূত সেৱা আছে গুৱাহাটী-বৰাপাণী মাজত। 

(ঘ) ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ আন্তৰ্জাতিক বিমান বন্দৰ আছে ক’চিনত।।

(ঙ) বিলাতী মাটিৰ বাবে প্রয়োজন চূণশিল। 

(চ) অসমৰ ৰাষ্ট্ৰীয় জলপথটোৰ দৈৰ্ঘ্য হ’ল ৮৯১কি. মি.। 

(ছ) অসমৰ বৰ্তমান প্রায় ৪২,৬৪১ কি. মি. পথ নিৰ্মাণ কৰা হৈছে।

প্রশ্ন ২৫। এখনৰ ৰে’লৰ ছবি আঁকা।

উত্তৰঃ 

প্রশ্ন ২৬। এখন চাইকেলৰ ছবি আঁকা।

উত্তৰঃ

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising