Class 5 Environment Chapter 10 পৰিৱেশ প্ৰদূষণ

Class 5 Environment Chapter 10 পৰিৱেশ প্ৰদূষণ, SEBA Chapter 10 পৰিৱেশ প্ৰদূষণ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

পৰিৱেশ প্ৰদূষণ

Chapter – 10

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ দিয়া : 

(ক) প্ৰদূষণ কাক বোলে ?

উত্তৰঃ আমাৰ পৰিৱেশ গঠনৰ অন্যতম উপাদান বায়ু, পানী আৰু মাটিত কিছুমান নোসোমাবলগীয়া বাহিৰা পদাৰ্থ সোমায়। এনে অৱস্থাত আমাৰ পৰিৱেশৰ বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ হোৱা বুলি কোৱা হয়।

(খ) দুবিধ জৈৱিক সাৰৰ নাম লিখা। 

উত্তৰঃ পচন সাৰ, কেঁচু সাৰ আদি জৈৱিক সাৰ।

(গ) মাটি প্ৰদূষণ প্ৰতিৰোধ কৰাৰ এটা উপায় উল্লেখ কৰা। 

উত্তৰঃ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি ধোঁৱা, চিত্রকলা, নিমপাত আদি প্রাকৃতিক পদ্ধতি ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা :-

(ক) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ___সাৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(খ) ___ এবিধ উৎকৃষ্ট জৈৱিক সাৰ। 

(গ) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ ___ গেছ বাঢ়ি যায়।

(ঘ) গছৰ পাতে বায়ুত থকা ___ ধৰি ৰাখি বায়ুৰ প্ৰদূষণ কমায়। 

(ঙ) বায়ুমণ্ডলত ____ গেছ বেছি হ’লে প্ৰাণীৰ বিস্তৰ ক্ষতিসাধন হয়।

উত্তৰঃ (ক) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(খ) কেঁচু সাৰ এবিধ উৎকৃষ্ট জৈৱিক সাৰ। 

(গ) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছ বাঢ়ি যায়।

(ঘ) গছৰ পাতে বায়ুত থকা ধূলিকণা ধৰি ৰাখি বায়ুৰ প্ৰদূষণ কমায়। 

(ঙ) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছ বেছি হ’লে প্ৰাণীৰ বিস্তৰ ক্ষতিসাধন হয়।

প্রশ্ন ৩।অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা-

(ক) কাঠ, কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ প্ৰয়োজন হয়।

(খ) বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে য’তে-ড’তে আৱৰ্জনা পেলাব লাগে।

(গ) পুনৰাৱৰ্তন প্ৰক্ৰিাৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। 

(ঘ) জৈৱিক সাৰৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঙ) দূষিত পানী খালে কলেৰা, টাইফয়েদ আদি ৰোগ হয়।

উত্তৰঃ (ক) কাঠ, কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড বৃদ্ধি হয়।

(খ) বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে য’তে-ত’তে আৱৰ্জনা পেলাব নালাগে। 

(গ) পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঘ) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ ৰোধ হয়। 

(ঙ) দূষিত পানী খালে কলেৰা, টাইফয়েদ, জণ্ডিছ, গ্ৰহণী আদি ৰোগ হয়।

প্রশ্ন ৪। পুনৰাৱৰ্তন বুলিলে কি বুজা ?

উত্তৰঃ পুনৰাৱৰ্তন হ’ল এনে এক প্রক্রিয়া যত ব্যৱাহৰ অযোগ্য ভঙা-ছিঙা বস্তুবোৰ যান্ত্রিক পদ্ধতিৰে পুনৰ ব্যৱহাৰৰ উপযোগী বস্তুলৈ পৰিৱৰ্তন কৰা হয়। এনে ব্যৱস্থাৰ ফলত পৰিৱেশত আৱৰ্জনাৰ মাত্ৰা কমি যায় আৰু পৰিৱেশ নিকা হয়। এই পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

প্রশ্ন ৫। মাটিৰ গুণাগুণ কিয় নষ্ট হয় তাৰ কাৰণবোৰ লিখা। 

উত্তৰঃ মাঠ গুণাগুণ নষ্ট হোৱাৰ কাৰণবোৰ হ’ল―

(ক) মাটিৰ গুণাগুণ নষ্ট হোৱাৰ অন্যতম কাৰণ হ’ল মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগ। ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খাদ্যৰ উৎপাদন বৃদ্ধি পায় যদিও ইয়াৰ ফলত মাটিডৰা নষ্ট হয়।

(খ) শাক-পাচলিৰ পেলনীয়া অংশ, ঘৰুৱা আৱৰ্জনা, পেলনীয়া খাদ্য, মল-মূত্র আদি আৱৰ্জনাবোৰ মাটিত য’তে-ত’তে পেলোৱাৰ ফলত সেইবোৰ গেলি-পচি গৈ নানা বীজাণুৰ সৃষ্টি কৰি মাটি প্ৰদূষিত কৰে আৰু ফলত মাটিৰ গুণাগুণ নষ্ট হয়।

(গ) উদ্যোগবোৰৰ পৰা ওলোৱা আৱৰ্জনাবোৰ মাটিত দ’ম কৰাৰ ফলত মাটিৰ উৰ্বৰতা নষ্ট হয়।

(ঘ) টিন আৰু প্লাষ্টিক জাতীয় বস্তু সহজে পচি মাটিত মিহলি হৈ নাযায়। সেইবারে এই বোৰে মাটি একেধৰণে থাকি মাটিৰ গুণাগুণ নষ্ট কৰে। 

(ঙ) খেতি মাটিত শস্যৰ অনিষ্টকাৰী কীট-পতংগ নাশ কৰিবলৈ ব্যৱহাৰ কৰা কীটনাশক দ্রব্যবোৰে মাটিৰ গুণাগুণ নষ্ট কৰে। 

প্রশ্ন ৬। পানী প্ৰদূষণ কিদৰে ৰোধ কৰিব পাৰি ?

উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰিবলৈ কিছুমান ব্যৱস্থা ল’ব পাৰি। যেনে—

(ক) উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰৰ পৰা ৰাসায়নিক দ্রব্যবোৰ আঁতৰ কৰি পানী প্ৰদূষণ বহু পৰিমাণে ৰোধ কৰিব পাৰি।

(খ) নৈ, নিজৰা, খাল-বিল, পুখুৰী আদিৰ পানীত গা-ধোৱা, কাপোৰ ধোৱা, শৌচ প্রস্রাব কৰা আদিৰ পৰা বিৰত থাকিব লাগে। এনেবোৰ কাৰ্য ৰাজহুৱাভাৱে বর্জন কৰি পানী প্ৰদূষণ বহু পৰিমাণে ৰোধ কৰিব পাৰি।

(গ) আধুনিক কৃষি পদ্ধতিত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰি পানী প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পাৰি।

প্রশ্ন ৭। বায়ু প্ৰদূষণ হোৱাৰ চাৰিটা কাৰণ লিখা। 

উত্তৰঃ বায়ু প্ৰদুষণ হোৱাৰ চাৰিটা কাৰণ হ’ল—

(ক) খৰি, কয়লা আদি ইক্ষনবোৰ জ্বলালে বায়ুমণ্ডলত কার্বন-ডাই- অক্সাইড গেছ বাঢ়ি যায়। এইবিধ গেছে বায়ু প্ৰদূষণ কৰে। বায়ুমণ্ডলত এই গেছ বেছি হ’লে প্ৰাণীৰ ক্ষতিসাধন হয়।

(খ) নগৰ-চহৰৰ আৱৰ্জনা, মল-মূত্র, মৃত জীৱ আদি য’তে ত’তে পেলোৱাৰ ফলত এইবোৰ গেলি-পচি বায়ু প্ৰদূষিত কৰে। 

(গ) উদ্যোগৰ পৰা ওলোৱা বিষাক্ত গেছ আৰু গাড়ী-মটৰ চলালে এইবোৰৰ পৰা নির্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।

(ঘ) বনজুইৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰদূষণে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়।

প্রশ্ন ৮। প্রাকৃতিক পদ্ধতিৰে কিদৰে শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি ? 

উত্তৰঃ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি প্রাকৃতিক পদ্ধতি ব্যৱহাৰ কৰি শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি। সেই ব্যৱস্থা হিচাপে ৰাসায়নিক কীটনাশক দ্রব্যৰ সলনি ধোঁৱা, চিত্রনলা, নিমপাত আদি ব্যৱহাৰ কৰিব পাৰি। 

প্রশ্ন ৯। উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ ওখকৈ কিয় সাজিব লাগে ?

উত্তৰঃ উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ বহু ওখকৈ সাজিলে বায়ু প্ৰদূষণ কম হয়। সেয়ে উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ ওখকৈ সাজিব লাগে।

প্রশ্ন ১০। চমুটোকা লিখাঃ

(ক) পচন সাৰ 

খ) জৈৱ গেছ 

(গ) প্ৰদূষক

উত্তৰঃ (ক) পচন সাৰ : পচন সাৰ এবিধ জৈৱিক সাৰ। ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি। ই এবিধ উৎকৃষ্ট জৈৱিক সাৰ। আনকি কৃষি পদ্ধতিত পচন সাৰ ব্যৱহাৰ কৰি পানী প্ৰদূষণ ৰোধ কৰিব পাৰি।

(খ) জৈৱ গেছ : বিভিন্ন ধৰণৰ জৈৱ অপচয়ৰ পৰা উৎপন্ন হোৱা গেছবোৰক জৈৱ গেছ বা বায়’গেছ বোলে। এই জৈৱ গেছক শক্তি উৎপাদনত ব্যৱহাৰ কৰা হয়। যেনে গোবৰ গেছ এক প্ৰকাৰ জৈৱ গেছ। জৈৱ গেছ ৰন্ধন কাৰ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। জৈৱ গেছৰ কেলৰিমান অতি বেছি আৰু এই গেছ পাইপৰ যোগেদি ধাৰকৰ পৰা সহজে ৰান্ধনিশাললৈ নিব পাৰি। তদুপৰি সৰু-সুৰা বৈদ্যুতিক ইঞ্জিন জৈৱ গেছৰ সহায়ত চলাব পাৰি। জৈৱিক আৱৰ্জনাসমূহৰ পৰাও জৈৱ গেছ উৎপাদন কৰিব পাৰি। এনে কাৰ্যই মাটিৰো প্ৰদূষণ কমাব পাৰে।

(গ) প্ৰদূষক : সাধাৰণ অৰ্থত যিবোৰ নাথাকিবলগীয়া বাহিৰা বস্তুৰ বাবে পৰিৱেশ প্ৰদূষিত হয়, সেইবোৰকে প্ৰদূষক বোলে। কল-কাৰখানাৰ ধোঁৱা, বিভিন্ন বিষাক্ত গেছ আদি প্ৰদূষক।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। বায়ুত থকা প্ৰধান গেছ তিনিবিধৰ নাম লিখা। 

উত্তৰঃ বায়ুত থকা প্ৰধান গেছ তিনিবিধ হ’ল— নাইট্ৰ’জেন, অক্সিজেন আৰু হাইড্ৰ’জেন।

প্রশ্ন ২। মাটি প্ৰদূষণৰ প্ৰধান কাৰণটো কি ?

উত্তৰঃ মাটি প্ৰদূষণৰ প্ৰধান কাৰণটো হৈছে মাটিত ৰায়াসনিক সাৰৰ প্ৰয়োগ।

প্রশ্ন ৩। মাটি প্রদূষণ কেনেকৈ ৰোধ কৰিব পাৰি ?

উত্তৰঃ মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ হ’ল ―

(ক) উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰ পেলাই দিয়াৰ আগতে সেইবোৰৰ পৰা বিষাক্ত দ্রব্যবোৰ আঁতৰ কৰিব লাগে যাতে মাটি প্ৰদূষিত হ’ব নোৱাৰে। 

(খ) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে পচন সাৰ, কেঁচুসাৰ আদি জৈৱিক সাৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি। 

(গ) ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি ধোঁৱা, চিত্রনলা, নিমপাত আদি প্রাকৃতিক পদ্ধতি ব্যৱহাৰ কৰি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঘ) জৈৱিক আৱৰ্জনাবোৰ মাটিত য’তে ত’তে নেপেলাই মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

প্রশ্ন ৪। প্ৰদূষিত পানীয়ে কিদৰে বিভিন্ন দিশত প্ৰভাৱ পেলাইছে আলোচনা কৰা। 

উত্তৰঃ প্ৰদূষিত পানীয়ে কিদৰে বিভিন্ন দিশত প্ৰভাৱ পেলাইছে তলত আলোচনা কৰা হ’ল—

(ক) উদ্যোগবোৰৰ পৰা বাহিৰ হোৱা ৰাসায়নিক পদার্থ, নৈ, জান-জুৰি আদি পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। পানী প্ৰদূষণৰ ফলত পানীত থকা মাছকে ধৰি জলজ জীৱবোৰ ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰে। এই ৰোগাক্রান্ত মাছবোৰ খোৱাৰ ফলত মানুহ, প্ৰাণী আৰু চৰাইৰ দেহত নানা বেমাৰ-আজাৰ হয়।

(খ) জান-জুৰি, নদ-নদী, পুখুৰী আদিৰ পানী মানুহৰ দৈনন্দিন কাৰ্য যেনে— গা ধোৱা, কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা, বাচন-বৰ্তন ধোৱা, জাবৰ-জোঁথৰ পেলোৱাৰ ফলত প্ৰদূষিত হয়। এনেকুৱা দূষিত পানী মানুহে খোৱাৰ ফলত কলেৰা, টাইফয়দ, জণ্ডিছ, গ্ৰহণী আদি ৰোগত ভোগে। কেতিয়াবা এইবোৰ বেমাৰত ভুগি মৃত্যু মুখতো পৰিব লগা হয়।

(গ) একেৰাহে বহুত দিন ধৰি বৰষুণ দি থাকিলে নৈ-উপনৈসমূহৰ পানী বাঢ়ে। ফলত বাঢ়নী পানীয়ে বানপানীৰ সৃষ্টি কৰে। বানপানীৰ সময়ত উটি অহা জাবৰ-জোঁথৰ, মৃত জীৱ আদিয়ে পানী প্ৰদূষিত কৰে। এই প্ৰদূষিত পানীয়ে নানাবিধ বীজাণু কঢ়িয়াই আনে। খোৱাপানীৰ লগত মিহলি হৈ এইবোৰ বীজাণু জীবদেহত প্ৰৱেশ কৰিলে নানান ৰোগৰ সৃষ্টি হ’ব পাৰে।

প্রশ্ন ৫। পেলনীয়া জাবৰ-জোঁথৰেৰে কেঁচুসাৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰি আলোচনা কৰা। ইয়াৰ কুফল লিখা।

উত্তৰঃ কেঁচুসাৰ প্ৰস্তুত কৰিবৰ বাবে প্ৰথমতে ৩০ছে. মি. মান দ গাত এটা খান্দি ল’ব লাগে। গাঁত খন্দা ঠাইখিনি বেছি ৰ’দ পৰা নাইবা বেছি চেঁচা হ’ব নালাগে কাৰণ বেছি গৰম নাইবা বেছি ঠাণ্ডা ঠাইত কেঁচু থাকিব নোৱাৰে। গাঁতটো একেবাৰে তলৰ অংশত বালিৰ এটা ডাঠ তৰপ দিব লাগে। কেঁচুৰ খাদ্যৰ বাবে ফল-মূলৰ বাকলি, শাক-পাচলি পেলনীয়া অংশ, তুঁহ আদি দি গাঁতটোৰ কিছু অংশ পূৰাব লাগে। এই আৱৰ্জনাবোৰ সেমেকি থাকিবৰ বাবে অলপ পানী ছটিয়াই দিব লাগে। চাব লাগিব যাতে গাঁতটোৰ পানীৰে উপচি নপৰে। এতিয়া গাঁতটোত কিছুসংখ্যক কেঁচু এৰি দিব লাগে। গাঁতটো ঘাঁহ-বন বা পুৰণা পাতল কাপোৰেৰে এনেদৰে ঢাকি দিব লাগে যাতে বায়ু চলাচল হ’ব পাৰে।

তিনি চাৰি সপ্তাহৰ পিছত গাঁতটো ভালদৰে পৰ্যবেক্ষণ কৰিলে কেঁচুমতাৰে ভৰি পৰা দেখা যাব। কেঁচুমতা হ’ল কেঁচুৰ বিষ্ঠা। কেঁচুৰ বিষ্ঠা এক প্ৰকাৰৰ উৎকৃষ্ট জৈৱিক সাৰ। এই সাৰ শাক-পাচলিৰ খেতি, ফুলৰ বাগিচা, ফুলৰ টাব আদিত দিলে গছবোৰ লহপহকৈ বাঢ়ে। এইদৰে ঘৰৰ আৱৰ্জনাবোৰ য’ত-ত’ত নেপেলাই পুনৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পাৰি। 

প্রশ্ন ৬। আমি কিয় অবাৰত পানী নষ্ট কৰিব নালাগে ?

উত্তৰঃ পানী আমাৰ অমূল্য প্রাকৃতিক সম্পদ। পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰো। পৃথিৱীৰ উপৰিভাগৰ ১০০ ভাগৰ ৯৭ ভাগ পানীয়েই সাগৰ-মহাসাগৰ পানী। এই পানীখিনি খোৱাৰ বাবে উপযোগী নহয়। বাকী ৩ ভাগ নৈ, জান, জুৰি, বিল আৰু ভু গৰ্ভৰ পানী। এই তিনিভাগ পানীহে আমাৰ বাবে উপযোগী। সেইবাবে পানী যাতে অবাবত নষ্ট নহয় তাৰ প্ৰতি আমি সকলোৱে সচেতন হ’ব লাগে।

প্রশ্ন ৭। প্ৰদূষিত পানীৰ পৰা হ’ব পৰা চাৰিবিধ বেমাৰৰ নাম লিখা। 

উত্তৰঃ প্ৰদূষিত পানীৰ পৰা হ’ব পৰা চাৰিবিধ বেমাৰৰ নাম হ’ল— কলেৰা, টায়ফয়দ, জণ্ডিছ, গ্রহণী।

প্রশ্ন ৮। পানী প্ৰদূষণ ৰোধৰ বাবে বিদ্যালয়ত কৰিব পৰা তিনিটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ (ক) বিদ্যালয়ৰ খোৱা পানীৰ উৎস আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ কৰি বৰা। 

(খ) পানীৰ ব্যৱস্থা নথকা বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰা। 

(গ) বিদ্যালয়ৰ বিভিন্ন কাম-কাজৰ বাবে যথাস্থানত পানী ৰখাৰ ব্যৱস্থা কৰা। 

প্রশ্ন ৯। বায়ুত থকা কোনটো আমাৰ বাবে অতি অপৰিহাৰ্য ?

উত্তৰঃ অক্সিজেন গেছ আমাৰ বাবে অতি অপৰিহাৰ্য।

প্রশ্ন ১০।শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰা : 

(ক) গছৰ পাতে ধূলিকণা ধৰি ৰাখে। 

(খ) যান-বাহনত প্ৰদূষণ নিয়ন্ত্রক ফিল্টাৰ লগাব নালাগে।

(গ) অসমত প্ৰদূষণ নিয়ন্ত্রণ বোর্ড আছে। 

(ঘ) গোৱৰ গেছ এবিধ জৈব গেছ।

(ঙ) পুনৰাৱৰ্তন প্ৰদূষণ ৰোধত সহায় নকৰে।

উত্তৰঃ (ক) শুদ্ধ () অ (1) শু (ঘ) (5) অন্ধ।

প্রশ্ন ১০। বায়ু প্ৰদূষণ ৰোধৰ বাবে ল’ব পৰা ব্যৱস্থা সমূহ চমুকৈ আলোচনা কৰা। 

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধৰ বাবে আমি বিভিন্ন ব্যৱস্থা ল’ব পাৰো। সেইসমূহ তলত আলোচনা কৰা হ’ল। 

(ক) পৰাপক্ষত যান-বাহনৰ ব্যৱহাৰ কম কৰা উচিত। যান-বাহনৰ পৰা ওলোৱা ধোঁৱাৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে যান-বাহনত প্ৰদূষক নিয়ন্ত্রক ফিল্টাৰ লগাব লাগে।

(খ) উদ্যোগৰ পৰা বাহিৰ হোৱা ধোঁৱাত কার্বন-ডাই-অক্সাইডকে ধৰি বিভিন্ন ধৰণৰ বিষাক্ত গেছ থাকে। এইবোৰ আঁতৰাবৰ বাবে এক বিশেষ ধৰণৰ প্ৰদূষক ফিল্টাৰ তৈয়াৰ কৰা হৈছে। এনে ব্যৱস্থা উদ্যোগসমূহত থকা উচিত। উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰ বহু ওখকৈ সাজিও বায়ু প্ৰদূষণ কমাব পাৰি।

(গ) উদ্যোগৰ ওচৰে-পাজৰে যথেষ্ট বৃক্ষৰোপণ কৰিব লাগে। উদ্ভিদে উদ্যোগৰ পৰা ওলোৱা কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ হ্ৰাস কৰি বায়ু নিৰ্মল কৰে। গছৰ পাতে বায়ুত থকা ধূলিকণা ধৰি ৰাখি প্ৰদূষণ কমায়। 

(ঘ) কয়লা, পেট্রল, ডিজেল, কোচিন আদিৰ পৰিৱৰ্তে সৌৰশক্তি, গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰে।

প্রশ্ন ১২। খালী ঠাই পূৰ কৰাঃ

(ক)____ বায়ু, পানী, মাটি আদি লগ লাগি আমাৰ পৰিৱেশ গঠিত হৈছে।

(খ) প্ৰদূষিত পৰিৱেশ মানুহ, প্ৰাণী আৰু ____ৰ বাবে অনুপযোগী। 

(গ) ৰাসায়নিক সাৰে খাদ্যৰ ____বৃদ্ধি কৰে।

(ঘ)_____ গেছে মাটিৰ প্ৰদূষণ মাত্রা কমায়।

(ঙ) পৃথিৱীৰ ______ ভাগেই হৈছে সাগৰ-মহাসাগৰৰ পানী।

উত্তৰঃ (ক) জীব বায়ু, পানী, মাটি আদি লগ লাগি আমাৰ পৰিৱেশ গঠিত হৈছে। 

(খ) প্ৰদূষিত পৰিৱেশ মানুহ, প্রাণী আৰু উদ্ভিদৰ বাবে অনুপযোগী।

(গ) ৰাসায়নিক সাৰে খাদ্যৰ উৎপাদন বৃদ্ধি কৰে।

(ঘ) জৈৱ গেছে মাটিৰ প্ৰদূষণ মাত্রা কমায়। 

(ঙ) পৃথিৱীৰ ৯৭ ভাগেই হৈছে সাগৰ-মহাসাগৰৰ পানী।

প্রশ্ন ১৩। খোৱা পানীৰ নাটনি হোৱাৰ কেইটামান কাৰণ চিন্তা কৰি উলিওৱা। 

উত্তৰঃ  বিভিন্ন কাৰণত খোৱাপানীৰ নাটনি হ’ব পাৰে। যেনে –

(ক) নৈ, বিল, পুখুৰীৰ পানীৰ প্ৰদূষণৰ কাৰণে। 

(খ) পৃথিৱীপৃষ্ঠৰ পানীক উদ্যোগ আৰু কৃষিৰ কাৰণে অধিক ব্যৱহাৰ কৰাৰ কাৰণে।

(গ) নগৰ আৰু ঔদ্যোগিক অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব বৃদ্ধিৰ কাৰণে।

(ঘ) মানুহৰ আধুনিক জীৱনশৈলী যাৰ ফলত পানীৰ চাহিদা বৃদ্ধি পাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top