Class 5 Environment Chapter 1 আমাৰ পৰিৱেশ, SEBA Chapter 1 আমাৰ পৰিৱেশ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.
আমাৰ পৰিৱেশ
Chapter – 1
পৰিৱেশ অধ্যয়ন
পাঠভিত্তিক প্রশ্নোত্তৰ
প্রশ্ন ১। উত্তৰ লিখা :
(ক) পৰিৱেশৰ জৈবিক উপাদানকেইটাৰ নাম লিখা ?
উত্তৰঃ উদ্ভিদ, প্রাণী আৰু অণুজীৱ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান।
(ক) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা ?
উত্তৰঃ মেৰু অঞ্চলৰ এবিধ উল্লেখযোগ্য প্রাণী হ’ল পেংগুইন। ইহঁত বৰফত থকা চৰাই বাবে ইহঁতৰ দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু।
(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা।
উত্তৰঃ শিৱসাগৰ জিলাত থকা দুটা উল্লেখযোগ্য পুৰণি কীৰ্তিচিহ্ন হ’ল – ৰংঘৰ আৰু কাৰেংঘৰ।
(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি ?
উত্তৰঃ বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত আদি হৈছে পৰিৱেশৰ অজৈৱিক উপাদান।
(ঙ) মানৱ সৃষ্ট পৰিবেশ বুলিলে কি বুজা ?
উত্তৰঃ মানৱ সৃষ্ট পৰিৱেশ মানুহে নিজে সৃষ্টি কৰে। মানুহে সুবিধামতে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰে। নিজৰ বাবে লাগতিয়াল সকলোখিনি সৃষ্টি কৰি লওঁতে প্রাকৃতিক পৰিৱেশৰ ৰূপান্তৰ বা পৰিশোধন হয়। এনেদৰে মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোৱেই হ’ল মানৱসৃষ্ট পৰিৱেশ। মানুহে নিজৰ দক্ষতা খটুৱাই প্ৰকৃতিৰ পৰা সমল সংগ্ৰহ কৰি এই পৰিৱেশৰ সৃষ্টি কৰে।
(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।
উত্তৰঃ অসমৰ দুটা মন্দিৰ — কামাখ্যা মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ।
অসমৰ দুটা দৌল — শিৱদৌল আৰু জয়দৌল।
অসমৰ দুখন সত্ৰ — আউনীআটি সত্ৰ আৰু কমলাবাৰী সত্ৰ।
প্রশ্ন ২ : ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোবাঃ
‘ক’ অংশ | ‘খ’ অংশ |
তেজপুৰ কামৰূপ গোৱালপাৰা ধুবুৰী কাছাৰ | ভূৱন পাহাৰৰ মন্দিৰ টেগবাহাদুৰৰ গুৰুদ্ধাৰ অগ্নিগড় পোৱামক্কা সূর্য পাহাৰ |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
তেজপুৰ কামৰূপ গোৱালপাৰা ধুবুৰী কাছাৰ | অগ্নিগড় পোৱামক্কা সূৰ্য পাহাৰ টেগবাহাদুৰৰ গুৰদ্বাৰ ভূৱন পাহাৰৰ মন্দিৰ |
প্রশ্ন ৩ : খালী ঠাই পূৰ কৰা :
(ক) মৰুভূমিত প্ৰাণীৰ ছাল____ আৰু ___ ।
(খ) বগা ভালুক ____ অঞ্চলত থাকে।
(গ) তৃণভূমি অঞ্চলত ____ পোৱা যায়।
(ঘ) পানবাৰীৰ ____ মছজিদ ঐতিহ্যৰ প্রতীক।
উত্তৰঃ (ক) মৰুভূমিত প্ৰাণীৰ ছাল ডাঠ আৰু নোমাল।
(খ) বগা ভালুক মেৰু অঞ্চলত থাকে।
(গ) তৃণভূমি অঞ্চলত তৃণভোজী আৰু মাংসভোজী প্ৰাণী পোৱা যায়।
(ঘ) পানবাৰীৰ মিৰজুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক।
প্রশ্ন ৪ : তলৰ উক্তিবোৰ শুদ্ধ কৰি লিখা।
(ক) বগা ভালুক/হৰিণা/ জেব্রা মেৰু অঞ্চলৰ প্ৰাণী।
(খ) ছীল/বুল্লা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।
(গ) জিৰাফ/সিংহ/বাঘৰ গাৰ ৰং ধূসৰ।
উত্তৰঃ (ক) বগা ভালুক স্নেক অঞ্চলৰ প্ৰাণী।
(খ) বল্গা হৰিণৰ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।
(গ) সিংহৰ গাৰ ৰং ধূসৰ।
প্রশ্ন ৫ : চমুটোকা লিখা :
জলাহভূমি, অণুজীৱ।
উত্তৰঃ জলাহভূমিঃ জলাহভূমি হৈছে প্রাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ।‘জলাহভূমি’ক আর্দ্রভূমি বুলিও কোৱা হয়। পানী আৰু মাটি এই দুটা প্রধান উপাদানেৰে জলাহভূমিৰ পৰিৱেশ গঢ়ি উঠে। এই দুটা উপাদান থকা বাবেই জলাহভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্রাণী আৰু অণুজীৱৰ আৱাসভূমি। পুণী, মেটেকা, নল-খাগৰী, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, কচু, ঢেঁকীয়া, বিহলঙণী আদি জলাহভূমিত হোৱা উদ্ভিদ। ইয়াৰ বাহিৰেও জলাহভূমি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেকোঁৰা আদি প্রাণী থাকে। জলাহভূমিত বহুতো অণুজীৱও থাকে। জলাহভূমিৰ দাঁতি কাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰ-টোকোলা, কণামুচৰি, পানী কাউৰী, মাছৰোকা, চিলনী আদি চৰাই থাকে। আনকি খাদ্যৰ বাবে জলাহভূমিৰ প্ৰাণীবোৰ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। চমুকৈ ক’বলৈ গ’লে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ’ল জলাহভূমি।
অণুজীৱঃ অণুজীৱবোৰ পৰিৱেশৰ জৈৱিক উপাদান। ইহঁতক সাধাৰণতে খালী চকুৰে দেখা নাযায়। অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে অণুজীৱবোৰ দেখা যায়। অণুজীৱ বায়ু, পানী, মাটি সকলোতেই থাকে। বেক্টেৰিয়া, ভাইৰাছ অণুজীৱৰ উদাহৰণ। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে।
প্রশ্ন ৬ : প্রাকৃতিক দৃশ্যৰ ছবি আঁকা।

অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১ : জীৱই জীয়াই থাকিবলৈ উপযুক্ত পৰিবেশ থকা সৌৰজগতৰ একমাত্র গ্ৰহটোৰ নাম কি ?
উত্তৰঃ জীৱই জীয়াই থাকিবলৈ উপযুক্ত পৰিৱেশ থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহটোৰ নাম হ’ল পৃথিৱী।
প্রশ্ন ২ : প্রাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ প্ৰধান ভাগ দুটা কি কি ?
উত্তৰঃ প্রাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ প্ৰধান ভাগ দুটা –
(ক) জৈৱিক উপাদান।আৰু
(খ) অজৈৱিক উপাদান।
প্রশ্ন ৩ : কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে কি বুজা ?
উত্তৰঃ কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে জৈৱিক আৰু অজৈৱিক উপাদনকে বুজায়।
প্রশ্ন ৪: প্রাকৃতিক পৰিবেশৰ এটা উত্তম উদাহৰণ দাঙি ধৰা।
উত্তৰঃ প্রাকৃতিক পৰিৱেশৰ এটা উত্তম উপাদান হ’ল— জলাহভূমি বা আর্দ্রভূমি।
প্রশ্ন ৫ : জলাহভূমি বুলিলে কি বুজা ? ইয়াক আৰু কি বুলি অভিহিত কৰা হয়।
উত্তৰঃ সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ’ল জলাহভূমি। জলাহভূমিক ‘আর্দ্রভূমি’ হিচাপেও অভিহিত কৰা হয়
প্রশ্ন ৬ঃ জলাহভূমিত পোৱা দুবিধ উদ্ভিদৰ নাম লিখা ?
উত্তৰঃ জলাহভূমিত পোৱা দুবিধ উল্লেখযোগ্য উদ্ভিদ হ’ল— পুনী আৰু মেটেকা।
প্রশ্ন ৭ : জলাহভূমিত পোৱা দুবিধ প্ৰাণীৰ নাম লিখা।
উত্তৰঃ জলাহভূমিত পোৱা দুবিধ প্ৰাণীৰ ভিতৰত ভেকুলী আৰু সাপ উল্লেখযোগ্য।
প্রশ্ন ৮ : জলাহত পোৱা দুবিধ অজৈবিক উপাদনৰ নাম লিখা।
উত্তৰঃ জলাহত পোৱা দুবিধ অজৈৱিক উপাদন হ’ল পানী আৰু মাটি।
প্রশ্ন ৯ : জলাহৰ ওচৰে-পাজৰে থকা দুবিধ চৰাইৰ নাম লিখা।
উত্তৰঃ জলাহৰ ওচৰে-পাজৰে থকা দুবিধ উল্লেখযোগ্য চৰাই হ’ল বগলী আৰু কণামুচৰি।
প্রশ্ন ১০ : পৰিৱেশৰ জৈৱিক উপাদানসমূহ কি কি ?
উত্তৰঃ উদ্ভিদ, প্রাণী, চৰাই-চিৰিকটি, কীট-পতঙ্গ, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান।
প্রশ্ন ১১ : প্রকৃতিত নিজে নিজৰ খাদ্য প্রস্তুত কৰিব পৰা একমাত্ৰ জৈৱিক উপাদানবিধৰ নাম কি ?
উত্তৰঃ প্ৰকৃতিত নিজে নিজৰ খাদ্য প্রস্তুত কৰিব পৰা একমাত্ৰ জৈৱিক উপাদান বিধ হ’ল উদ্ভিদ।
প্রশ্ন ১২ : শেলাই আৰু ভেঁকুৰৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ শেলাইবোৰ সাধাৰণতে পুখুৰী, নিজৰা বা সেমেকা ঠাইত দেখা যায়। আনহাতে পচা কাঠ, গোবৰ আদিত ভেঁকুৰ দেখা যায়। শেলাইবোৰে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব পাৰে। কিন্তু ভেঁকুৰে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব নোৱাৰে।
প্রশ্ন ১৩ঃ শেলাই আৰু ভেঁকুৰৰ মাজত থকা মিল দেখুওৱা।
উত্তৰঃ শেলাই আৰু ভেঁকুৰৰ শিপা, কাণ্ড আৰু পাত নাথাকে।
প্রশ্ন ১৪ : মচ কি ?
উত্তৰঃ শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা আৱৰণ দেখা যায়। এইবোৰেই মচ।
প্রশ্ন ১৫ : মচবোৰ দেখাত কেনেকুৱা ?
উত্তৰঃ মচৰ পাত আছে আৰু গা-গছ চেপেটা। মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে।
প্রশ্ন ১৬ : ঢেঁকীয়া জাতীয় উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ ঢেকীয়া জাতীয় উদ্ভিদৰ মূল, কাণ্ড আৰু পাত থাকে।
প্রশ্ন ১৭ঃ ভেঁকুৰে কিয় নিজৰ খাদ্য প্রস্তুত কৰিব নোৱাৰে ?
উত্তৰঃ ভেঁকুৰজাতীয় উদ্ভিদৰ পত্ৰহৰিৎ নাথাকে বাবে ইহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে।
প্রশ্ন ১৮ : প্রাকৃতিক পৰিৱেশৰ মুখ্য উপাদান এবিধৰ নাম লিখা।
উত্তৰঃ প্রাকৃতিক পৰিৱেশ এবিধৰ মুখ্য উপাদান হ’ল উদ্ভিদ।
প্রশ্ন ১৯ : মৰুভূমিৰ প্ৰধান প্রাণীবিধৰ নাম কি ?
উত্তৰঃ মৰুভূমিৰ প্ৰধান প্রাণীবিধ হ’ল উট।
প্রশ্ন ২০ : উটে কেনেকৈ মৰুভূমিত প্রচণ্ড গরম সহ্য কৰিব পাৰে ?
উত্তৰঃ উটৰ দেহৰ গঠন মভূমিৰ পৰিৱেশত খাপ খাব পৰাকৈ গঠিত। ইহঁতৰ গাৰ ছাল ডাঠ আৰু নোমাল। ইয়াৰ ফলত বাহিৰৰ তাপ সহজে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে।
প্রশ্ন ২১। মেৰু অঞ্চলৰ প্ৰধান প্রাণীবিধৰ নাম কি ?
উত্তৰঃ মেৰু অঞ্চলৰ প্ৰধান প্রাণীবিধৰ নাম বগা ভালুক।
প্রশ্ন ২২ : বগা ভালুকে নিজকে কেনেকৈ শীতৰ পৰা ৰক্ষা কৰে ?
উত্তৰঃ বগা ভালুকৰ দীঘল ঘন নোমেৰে ঢকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে।
প্রশ্ন ২৩ : বগা ভালুকৰ প্ৰধান খাদ্য কি ?
উত্তৰ : বগা ভালুকে মাছ, ছীল আদি খাই জীয়াই থাকে।
প্রশ্ন ২৪ : বৰফত থকা এবিধ চৰাইৰ নাম লিখা।
উত্তৰঃ বৰফত থকা এবিধ চৰাইৰ নাম হ’ল পেংগুইন।
প্রশ্ন ২৫ : পেংগুইনে কিয় উৰিব নোৱাৰে ?
উত্তৰঃ পেংগুইনৰ ডেউকা দুখন সৰু হোৱা বাবে উৰিব নোৱাৰে।
প্রশ্ন ২৬: পেংগুইনৰ খাদ্য কি ?
উত্তৰঃ পেংগুইনে সাধাৰণতে সাগৰীয় সৰু মাছ খায়।
প্রশ্ন ২৭: পেংগুইনে সাঁতুৰিব আৰু খোজকাঢ়িব পাৰে নে ?
উত্তৰঃ পেংগুইনে সাঁতুৰিব আৰু খোজকাঢ়িব পাৰে।
প্রশ্ন ২৮ : বল্লা হৰিণৰ দেহৰ গঠন কেনেকুৱা ?
উত্তৰঃ বল্গা হৰিণ সাত ফুট পর্যন্ত ওখ হয়।
প্রশ্ন ২৯ : অতি শীতল দেশত পোৱা দুবিধ প্ৰাণীৰ নাম লিখা।
উত্তৰঃ অতি শীতল দেশত পোৱা দুবিধ প্রাণী হ’ল বল্গা হৰিণ আৰু য়াক।
প্রশ্ন ৩০ : ছীল সাধাৰণতে কোন অঞ্চলত প্ৰচুৰ পৰিমাণে থাকে ?
উত্তৰঃ মেৰু অঞ্চলত ছীল প্ৰচুৰ পৰিমাণে থাকে।
প্রশ্ন ৩১ : সিংহই কিয় সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকিব পাৰে ?
উত্তৰঃ সিংহৰ গাৰ ৰং ধূসৰ হোৱা বাবে সিহঁতে সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকিব পাৰে।
প্রশ্ন ৩২ : তৃণভূমি অঞ্চলত পোৱা কিছুমান তৃণভোজী প্ৰাণীৰ নাম লিখা।
উত্তৰঃ হাতী, গড়, হৰিণা, জেব্রা, জিৰাফ আদি তৃণভূমি অঞ্চলত পোৱা তৃণভোজী প্রাণী।
প্রশ্ন ৩৩ : অণুজীৱৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ অণুজীৱসমূহ খালী চকুৰে দেখা নাযায়।
প্রশ্ন ৩৪ : দুবিধ অণুজীৱৰ উদাহৰণ দিয়া।
উত্তৰঃ বেক্টেৰীয়া আৰু ভাইৰাছ হ’ল অণুজীৱৰ উদাহৰণ।
প্রশ্ন ৩৫ : পৰিৱেশত পানীৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰ। ইয়াৰ উপৰি বৰষুণ, হ্রদ, খাল-বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূ-গৰ্ভৰ পানী আদি হ’ল পানীৰ একো একোটা উৎস। পানী অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। বৰষুণৰ অভাৱত কোনো অঞ্চল খৰাং হ’ব পাৰে। সেইদৰে অত্যধিক বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয়।
প্রশ্ন ৩৬ : মাটিৰ পৰা উদ্ভিদে কি কি সংগ্রহ কৰে ? ।
উত্তৰঃ মাটিৰ পৰা উদ্ভিদে প্রধানকৈ পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে।
প্রশ্ন ৩৭ : বায়ুত কি কি বস্তু থাকে ?
উত্তৰঃ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, কার্বন-ডাই অক্সাইড থকাৰ উপৰি জলীয় বাষ্পৰ, আন আন গেছ আৰু ধূলিকণা থাকে।
প্রশ্ন ৩৮ : উদ্ভিদে খাদ্য প্রস্তুত কৰাত ব্যৱহাৰ কৰা মুখ্য অজৈবিক উপাদানবিধৰ নাম কি ?
উত্তৰঃ উদ্ভিদে খাদ্য প্রস্তুত কৰাত ব্যৱহাৰ কৰা মুখ্য অজৈৱিক উপাদানবিধ হ’ল সূৰ্যৰ পোহৰ।
প্রশ্ন ৩৯: সৌৰ শক্তি কাক বোলে ?
উত্তৰঃ সাধাৰণতে সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। এই শক্তিয়েই সৌৰশক্তি।
প্রশ্ন ৪০: কয়লা, খাৰুৱা তেলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা এবিধ শক্তিৰ নাম লিখা।
উত্তৰঃ কয়লা, খাৰুৱা তেলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা এবিধ শক্তি হ’ল সৌরশক্তি।
প্রশ্ন ৪১ : প্রাকৃতিক পৰিবেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত দুটা পার্থক্য লিখা।
উত্তৰঃ প্রাকৃতিক পৰিৱেশৰ স্রষ্টা প্রকৃতি, কিন্তু মানৱসৃষ্ট পৰিৱেশৰ স্রষ্টা মানুহ। প্রাকৃতিক পৰিৱেশ স্বাভাৱিক কিন্তু মানৱসৃষ্ট পৰিৱেশ কৃত্রিম। লিখা।
প্রশ্ন ৪২ : সমাজ-সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিব পৰা এবিধ কাৰকৰ নাম লিখা।
উত্তৰঃ মানুহে সমাজ-সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।
প্রশ্ন ৪৩ : মানবসৃষ্ট পৰিৱেশৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ মানুহে সৃষ্টি কৰা গাঁও, নগৰবোৰেই মানৱসৃষ্ট পৰিৱেশৰ উত্তম উদাহৰণ।
প্রশ্ন ৪৪ : আমাৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচায়ক দুটা উপাদানৰ নাম লিখা।
উত্তৰঃ মানৱসৃষ্ট প্রাচীন কীৰ্তিচিহ্ন আৰু মন্দিৰ-মছজিদ আদি আমাৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচায়ক।
প্রশ্ন ৪৫ : কোনখন জিলাত কোনটো আছে মিলোৱা।
জিলা | কীৰ্তিচিহ্ন, দেৱালয় মন্দিৰ, মছজিদ আদি |
গোৱালপাৰা তেজপুৰ ডিমা হাছাও শিৱসাগৰ কামৰূপ কামৰূপ (মেট্রো) যোৰহাট | কছাৰীৰ কীতিচিহ্ন, ৰংঘৰ, তলাতল ঘৰ, কাৰেং ঘৰ, চণ্ডিকা মন্দিৰ, মেৰঘৰ, পোৱা মক্কা, উমানন্দ, শিৱদৌল, জয়দৌল, দক্ষিণপাত সত্ৰ সূর্য পাহাৰ, অগ্নিগড়। |
উত্তৰঃ
জিলা | কীৰ্তিচিহ্ন, দেৱালয় মন্দিৰ, মছজিদ আদি |
গোৱালপাৰা যোৰহাট তেজপুৰ ডিমা হাছাও শিৱসাগৰ কামৰূপ কামৰূপ (মেট্রো) | সূর্য পাহাৰ দক্ষিণপাত সত্ৰ অগ্নিগড় কছাৰীৰ কীতিচিহ্ন ৰংঘৰ, তলাতল ঘৰ,কাৰেং ঘৰ,কাৰেংঘৰ, চৰাইদেউ মৈদাম, শিবদৌল, জয়দৌল। মদন কামদেৱ, চণ্ডিকা মন্দিৰ, মেৰঘৰ, পোৱা মক্কা, উমানন্দ। |
প্রশ্ন ৪৬ : খালী ঠাই পূৰ কৰা :
(ক) ——ত মিৰজুমলাৰ মছজিদ আছে।
(খ) আজানপীৰৰ দৰগাহ আছে___ ত।
(গ) চৰাইদেউ মৈদাম আছে ____ ত।
(ঘ) কাছাৰৰ ___ কছাৰীসকলৰ কীৰ্তিচিহ্ন আছে।
(ঙ) যোৰহাট জিলাৰ ____ত আউনীআটি সত্র আছে।
(চ) ____ নথকা উদ্ভিদে নিজৰ খাদ্যবস্তু নিজে তৈয়াৰ কৰিব
নোৱাৰে।
(ছ) সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটি ভাগেই হ’ল_____।
(জ) ___ ,প্রাণী আৰু অণুজীৱ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান।
উত্তৰঃ (ক) পাণবাৰীত ত মিৰজুমলাৰ মছজিদ আছে।
(খ) আজানপীৰৰ দৰগাহ আছে দিখৌমুখত ।
(গ) চৰাইদেউ মৈদাম আছে শিৱসাগৰত ।
(ঘ) কাছাৰৰ খাচপুৰত কছাৰীসকলৰ কীৰ্তিচিহ্ন আছে।
(ঙ) যোৰহাট জিলাৰ মাজুলীত আউনীআটি সত্ৰ আছে।
(চ) পত্ৰহৰিৎ নথকা উদ্ভিদে নিজৰ খাদ্যবস্তু নিজে তৈয়াৰ কৰিব নোৱাৰে।
(ছ) সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটি ভাগেই হ’ল জলাহভূমি।
(জ) উদ্ভিদ, প্রাণী আৰু অণুজীৱ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান।
প্রশ্ন ৪৭ : তলত দিয়া উক্তিসমূহ শুদ্ধ কৰি লিখাঃ
(ক) ঢেকীয়া/ শেলাইৰ কাণ্ড আৰু পাত থাকে।
(খ) ভেঁকুৰ/ঢেকীয়াৰ শিপা, কাণ্ড আৰু পাত নাথাকে।
(গ) মচ/ঢেকীয়া/ শেলাইৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে।
(ঘ) য়াক/কণামুচৰি/মাছৰোকা অতি শীতল দেশত পোৱা যায়।
(ঙ) বল্লা হৰিণৰ উচ্চতা ৭ ফুট/১০ফুট/১৫ফুট পর্যন্ত হয়।
(চ) মেৰু অঞ্চলত / মেরু অঞ্চলত বগা ভালুক থাকে।
(ছ) বাঘ/গঁড়/হৰিণা/জিৰাফ মাংসভোজী প্রাণী।
(জ) পোহৰ শক্তিক সৌৰশক্তি/বিদ্যুৎ শক্তি বোলে।
(ঝ) সকলো ঠাইৰে মাটিৰ গুণাগুণ একে/একে নহয়।
(ঞ) উদ্ভিদে মাটিৰ পৰা কেৱল পানী/পানী আৰু খনিজ লৱণ সংগ্ৰহ কৰে।
উত্তৰঃ (ক) ঢেকীয়াৰ কাণ্ড আৰু পাত থাকে।
(খ) ভেঁকুৰৰ শিপা, কাণ্ড আৰু পাত নাথাকে।
(গ) মচৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে।
(ঘ) য়াক অতি শীতল দেশত পোৱা যায়।
(ঙ) বল্গা হৰিণৰ উচ্চতা ৭ ফুট পর্যন্ত হয়।
(চ) মেৰু অঞ্চলত বগা ভালুক থাকে।
(ছ) বাঘ মাংসভোজী প্রাণী।
(জ) পোহৰ শক্তিক সৌৰশক্তি বোলে।
(ঝ) সকলো ঠাইৰে মাটিৰ একে নহয়।
(ঞ) উদ্ভিদে মাটিৰ পৰা পানী আৰু খনিজ লৱণ সংগ্ৰহ কৰে।
প্রশ্ন ৪৭। তলত দিয়া চবিসমূহ চিনাক্ত কৰাঃ

উত্তৰ: (ক) ৰংঘৰ (খ) অগ্নিগড় (গ) কাৰেংঘৰ (ঘ) পোৱামক্কা।
প্রশ্ন ৪৯: হাজোত থকা আন দুটা তীৰ্থস্থানৰ নাম লিখা।
উত্তৰঃ কেদাৰ মন্দিৰ আৰু কামেশ্বৰ মন্দিৰ।
প্রশ্ন ৫০ : তলৰ কোনকেইটা ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে আছে।
কামাখ্যা মন্দিৰ, অগ্নিগড়, ৰংঘৰ, চণ্ডিকা মন্দিৰ, পোৱামক্কা।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে— অগ্নিগড়, পোৱামক্কা।
প্রশ্ন ৫১ : পৰিৱেশ মানে কি ?
উত্তৰঃ সাধাৰণ অৰ্থত আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ’দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকতি, ঘৰ-দুৱাৰ, আলি-পদুলি, গাঁও, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ। বহল অৰ্থত পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়।
প্রশ্ন ৫২ঃ পৰিৱেশ কেই প্ৰকাৰৰ? কি কি? উদাহৰণ দি লিখা।
উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ —
(ক) প্রাকৃতিক পৰিৱেশ। যেনে— মাটি, পানী, বায়ু ইত্যাদি।
(খ) মানৱ সৃষ্ট পৰিৱেশ। যেনে–কল কাৰ্খানা, ঘৰ-দুৱাৰ ইত্যাদি।
প্রশ্ন ৫৩ : পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি ?
উত্তৰঃ পৰিৱেশৰ প্ৰধান উপাংশসমূহহ…
(ক) প্রাকৃতিক পৰিবেশ।
(খ) মানৱ সৃষ্ট পৰিৱেশ।
আকৌ প্রাকৃতিক পৰিৱেশৰ আন দুটা উপাংশ আছে। সেয়া হৈছে–
(ক) জৈৱিক।আৰু
(খ) অজৈবিক।
প্রশ্ন ৫৪ঃশুদ্ধ উত্তৰটোত ( √ ) চিন দিয়াঃ
(ক) কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়।
(ক) মাটি।
(খ) শিক্ষানুষ্ঠান।
(গ) পৰিবহণ ব্যৱস্থা।
উত্তৰঃ (ক) মাটি
(খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয় ?
(ক) পর্বত।
(খ) ঘৰ।
(গ) নদী।
উত্তৰঃ (খ) ঘৰ।
প্রশ্ন ৫৫ : তোমাৰ পৰিৱেশত থকা কেইবিধমান প্রকৃতিসৃষ্ট আৰু মানৱসৃষ্ট উপাদানৰ এখন তালিকা কৰা।
উত্তৰঃ প্ৰকৃতিসৃষ্ট উপাদান : মাটি, পানী, বায়ু, গছ, পাহাৰ, নিজৰা, ইত্যাদি।
মানৱসৃষ্ট উপাদান : স্কুলঘৰ, নামঘৰ, ৰাস্তা, দলং, গাড়ী ইত্যাদি।
প্রশ্ন ৫৬ঃ প্রাকৃতিক নে মানবসৃষ্ট উপাদান লিখা ―
(ক) চিৰিয়াখানা।
(খ) ব্রহ্মপুত্র নদী।
(গ) বিমান বন্দৰ।
উত্তৰঃ (ক) চিৰিয়াখানা – মানৱ সৃষ্ট উপাদান
(খ) ব্রহ্মপুত্র নদী – প্রাকৃতিক উপাদান।
(গ) বিমান বন্দৰ – মানৱ সৃষ্ট উপাদান।
প্রশ্ন ৫৭ : মাটিয়ে উদ্ভিদ আৰু প্ৰাণীক কেনেদৰে সহায় কৰে ?
উত্তৰঃ মানুহক বসবাসৰ বাবে আৰু খেতি কৰিবৰ বাবে মাটি দৰকাৰ। উদ্ভিদ আদি জীয়াই থাকবলৈও মাটিৰ প্রয়োজন। স্থলভাগেই আমাক খনিজ সম্পদৰ যোগান ধৰে। পৰিৱেশত থকা জৈৱিক উপাদানসমূহ স্থলভাগৰ ওপৰতেই নিৰ্ভৰশীল। মাটিৰ ওপৰতেই মানৱ সভ্যতাৰ ভালেমান চানেকি গঢ় লৈছে।
প্রশ্ন ৫৮ : পানীৰ ব্যৱহাৰ সম্পৰ্কে লিখা ?
উত্তৰঃ মানৱ জীৱনত পানীৰ ব্যৱহাৰ অপৰিসীম। পানী অবিহনে প্রাণীয়ে জীয়াই থাকিব নোৱাৰে। জলসিঞ্চন, বিদ্যুৎ উৎপাদন, কল-কাৰখানা আদি সকলোতে পানী ব্যৱহৃত হয়। উদ্ভিদৰ বাবেও পানীৰ প্ৰয়োজন।
প্রশ্ন ৫৯ : পানী নহ’লে আমাৰ কি হ’ব পাৰে ?
উত্তৰঃ পানী অবিহনে মানৱ জীৱন স্থবিৰ হৈ পৰিব। প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। মাছ, কাছৰ মৃত্যু ঘটিব। উদ্ভিদ নাথাকিব। মানৱ সভ্যতা ধ্বংস হ’ব পাৰে। পৰিৱেশৰ ভাৰসাম্য নাথাকিব।
প্রশ্ন ৬০ : তলৰ কাৰ্যসমূহ প্রকৃতিসৃষ্ট নে মানবসৃষ্ট লিখা।
(ক) ৰাষ্ট্ৰীয় ঘাই পথ।
(খ) গৰাখহনীয়া।
(গ) নৈৰ ওপৰত দলং।
(ঘ) বিদ্যালয়ৰ ঘৰ দুৱাৰ।
উত্তৰঃ (ক) ৰাষ্ট্ৰীয় ঘাই পথ — মানৱসৃষ্ট
(খ) গৰাখহনীয়া — প্রকৃতিসৃষ্ট
(গ) নৈৰ ওপৰত দলং — মানবসৃষ্ট
(ঘ) বিদ্যালয়ৰ ঘৰ — দুৱাৰ মানৱসৃষ্ট
প্রশ্ন ৬১. তলৰ কোনটো শুদ্ধ ?
(ক) মানৱসৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।
(খ) প্রাকৃতিক পৰিৱেশৰ উপাদানসমূহক ব্যৱহাৰ কৰি মানৱসৃষ্ট পৰিৱেশৰ উপাদান সৃষ্টি কৰিব নোৱাৰি।
(গ) বাসগৃহ মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়।
উত্তৰঃ (ক) শুদ্ধ (খ) অশুদ্ধ (গ) অশুদ্ধ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.