Class 5 Assamese Chapter 5 ডক্টৰ বাণীকান্ত কাকতি, Class 5 Assamese Chapter 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ডক্টৰ বাণীকান্ত কাকতি Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.
Class 5 Assamese Chapter 5 ডক্টৰ বাণীকান্ত কাকতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 5 ডক্টৰ বাণীকান্ত কাকতি Solutions for All Subject, You can practice these here
ডক্টৰ বাণীকান্ত কাকতি
Chapter – 5
অংকুৰণ
পাঠভিত্তিক ক্রিয়া কলাপ
প্রশ্ন : ১। পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া।
উত্তৰ : ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন : ২। উত্তৰ দিয়া :
(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে?
উত্তৰ : নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে।
প্রশ্ন : (খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল ?
উত্তৰ : বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনৰ কামত আত্মনিয়োগ কৰিছিল।
প্রশ্ন : (গ) নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে ?
উত্তৰ : ডক্টৰেট ডিগ্ৰী পোৱা বাণীকান্ত কাকতিক নতুন ডাক্তৰ বুলি কোৱা হৈছে।
প্রশ্ন : (ঘ) তেখেতে কি চিকিৎসা কৰিছিল ?
উত্তৰ : হোমিওপেথ়িকৰ পুথি কেইখনমান কিনি আনি তাৰ প্ৰাথমিক কথাবোৰ আয়ত্ত কৰি তেখেতে (ড” বাণীকান্ত কাকতি দেৱে) হোমিও চিকিৎসা কৰিছিল।
প্ৰশ্ন : (ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট্ ডিগ্রী লাভ কৰা গ্ৰন্থখনৰ নাম কি ?
উত্তৰ : বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্রী লাভ কৰা (গৱেষণা) গ্ৰন্থখনৰ নাম “আছামিজ, ইচ্ ফর্মেচন এণ্ড ডেভেলপমেন্ট” (অসমীয়া ভাষাৰ গঠন আৰু বিকাশ)।
প্রশ্ন : ৩। ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা।
উত্তৰ : ওপৰত দিয়া পাঠৰ সাৰাংশ পঢ়া।
প্রশ্ন : ৪। ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাছত বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল চমুকৈ লিখা।
উত্তৰ : বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্রী লাভ কৰাৰ বতৰা ৰৌজাল-বৌজাল হৈ প্ৰচাৰ হোৱাত কিছুমানে আনন্দ লাভ কৰিছিল আৰু চকু চৰহা কিছু সংখ্যকে বেয়া পাইছিল। কৌতুক প্রিয় এচাম লোকে ডাক্তৰ বিচাৰি অহা বেমাৰীক নতুন ডাক্টৰ অহা বুলি কাকতিৰ ঘৰলৈ পঠাইছিল। বেমাৰীৰ ভিৰ দেখি কাকতিয়ে হাৰ নামানি হোমিওপেথিকৰ কিতাপ কিনি আনি পঢ়ি, আয়ত্ত কৰি হোমিও চিকিৎসা কৰিছিল।
প্রশ্ন : ৫। অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা।
কৌতুক প্রিয়, আয়ত্ত, সাধনা, থমত্, পৰিস্থিতি, নিষ্ঠা, একান্ত, সুখ্যাতি, আত্মনিয়োগ, প্ৰৱল, চৰ্চা, গতি-গোত্র।
উত্তৰ :
শব্দ | অর্থ |
কৌতুক প্রিয় | কৌতুক বা ধেমালি ভালপোৱা, ধেমেলীয়া, ৰগৰ ভাল পোৱা। |
আয়ত্ত | আহৰণ, বুজা। |
সাধনা | যত্ন |
থতমত | বিব্রত, বিবুধি, বিমূঢ়, অবাক। |
পৰিস্থিতি | অৱস্থা, পৰিবেশ। |
নিষ্ঠা | একাগ্রতা। |
একান্ত | একধ্যান, একমন। |
সুখ্যাতি | ভাল গুণৰ বাবে জনাজাত হোৱা। |
আত্ম-নিয়োগ | নিজক নিয়োজিত কৰা। |
প্ৰৱল | বলী, শক্তিশালী, অতি বেছি। |
চর্চা | অভ্যাস, আখৰা কৰা। |
গতি-গোত্র | আঁতি-গুৰি। |
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন : ১। তলৰ শব্দ কেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা।
নিষ্ঠা, বিজ্ঞানী, ডক্টৰ
উত্তৰ : নিষ্ঠা ষ্ঠ = ষ + ঠ
বিজ্ঞানী জ্ঞ = জ + ম
ডক্টৰ ক্ট = ক + ট
প্রশ্ন : ২। তলৰ আঁচটনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সর্বনামপদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা।
(ক) ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল।
উত্তৰ : তেখেত এগৰাকী ভাষা-বিজ্ঞানী আছিল।
(খ) ৰহিমে পঢ়া-শুনা মনোযোগৰে কৰে।
উত্তৰ : তেওঁ পঢ়া-শুনা মনোযোগেৰে কৰে।
(গ) নীলাই গান গাই ভাল পায়।
উত্তৰ : তাই গান গাই ভাল পায়।
প্রশ্ন : ৩। বাক্য ৰচনা কৰা।
সহজ-সৰলভাৱে, প্ৰৱল, চিকিৎসা, দৃঢ়মনা, আঁতিগুৰি, কৌতুক-প্রিয়, জোকৰ মুখত চূণ, থতমত্ খা ৷
উত্তৰ : সহজ সৰলভাৱে : সকলো কথাকে সহজ সৰলভাৱে বিশ্বাস কৰা টান।
প্রৱল : ল’ৰাজনৰ পঢ়া-শুনাৰ প্ৰতি প্রৱল ধাউতি আছিল।
চিকিৎসা : ড° কাকতিয়ে হোমিও চিকিৎসা কৰিবলৈ লৈছিল।
দৃঢ়মনা : দৃঢ়মনা লোকে জীৱনত কৃতকাৰ্যতা লাভ কৰে।
আঁতিগুৰি : তেওঁ সকলো বিষয় আঁতিগুৰি মাৰি শিকাৰ যত্ন কৰিছিল।
কৌতুক-প্রিয় : কৌতুক-প্রিয় কেইজনমান বেমাৰী মানুহক নতুন ডাক্তৰ অহা বুলি ডক্টৰ কাকতিৰ ওচৰলৈ পঠাইছিল।
জোকৰ মুখত চূণ : বুধিয়ক কাকতিয়েও জোকৰ মুখত চূণ দিবৰ বাবে হোমিওপেথিক কিতাপ পঢ়ি হোমিও চিকিৎসা কৰি দেখুৱাইছিল।
থতমত্ খা : ভূতৰ সাধু শুনি ল’ৰা-ছোৱালীহঁত থতমত খাইছিল।
প্রশ্ন : ৪। এটা শব্দত প্ৰকাশ কৰোঁ আহা :
(ক) যি শিক্ষাদান কৰে।
(খ) যি ৰোগীক চিকিৎসা কৰে।
(গ) যি ভাষা চর্চা কৰে।
(ঘ) একে সময়তে হোৱা।
(ঙ) একান্ত মনে চিন্তা কৰা।
(চ) যি শিক্ষা গ্রহণ কৰে।
উত্তৰ : (ক) শিক্ষক।
(খ) ডাক্টৰ।
(গ) ভাষা-বিজ্ঞানী।
(ঘ) সমসাময়িক।
(ঙ) নিষ্ঠাসহকাৰে/একাগ্রচিত্তে।
(চ) ছাত্র/শিক্ষার্থী
প্রশ্ন : ৫। জানো আহাঁ :
‘প্ৰকৃততে তেখেত আছিল ভাষা-বিজ্ঞানৰহে ডক্টৰেট ডিগ্ৰীধাৰী লোক।’ ‘ভাষা’নো কি ?
উত্তৰ : মানুহে মনৰ ভাব প্রকাশ কৰিবৰ বাবে যি কথা কয় তাকে ভাষা বোলে। অর্থহীন কথা ভাষা নহয়। সেইদৰে অংগী-ভংগীকো ভাষা নোবোলে। ভাষাত বাকধ্বনি আৰু নতুন অৰ্থপ্ৰকাশ কৰাৰ ক্ষমতা থাকে।
ভাষা ৰূপ দুই প্ৰকাৰৰ—
(ক) কথিত ৰূপ । আৰু
(খ) লিখিত, সাধু বা মান্য ৰূপ ।
(ক) কথিত ভাষা : একেটা ভাষাৰ ভিন ভিন অঞ্চলত কোৱা ভিন্ ভিন ৰূপকে কথিত ভাষা বোলে৷ যেনে— অসমীয়া ভাষাৰ ভিন্ ভিন্ অঞ্চলৰ কথিত ৰূপ বেলেগ বেলেগ। উজনি-নামনিৰ ভাষাৰ প্ৰভেদ থকাৰ বাহিৰেও নামনিৰ ৰঙিয়া, নলবাৰী, বৰপেটা, পলাশবাৰী, শুৱালকুছি আদি ঠাইৰ কথিত ভাষাৰ ৰূপৰ পাৰ্থক্য আছে।
(খ) লিখিত ভাষা বা সাধু ভাষা বা মান্য ভাষা : লিখাৰ ক্ষেত্ৰত অসুবিধা নহ’বৰ বাবে কোনো এটা অঞ্চলৰ কথিত ভাষাকে বা উপভাষাকে লিখিত ভাষা বুলি সকলোৱে গ্ৰহণ কৰে। এই সৰ্বসম্মত ভাষাকে লিখিত ভাষা, সাধু ভাষা বা মান্য ভাষা বুলি কোৱা হয়। যেনে— শিৱসাগৰ অঞ্চলৰ কথিত ভাষাকে অসমীয়া ভাষাৰ লিখিত ৰূপ বুলি গ্ৰহণ কৰা হৈছে।
প্রশ্ন : ৬। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
জ্ঞান, সৰল, সাধাৰণ, চোকা, ৰোগী, সুখ্যাতি
উত্তৰ : (উত্তৰত বিপৰীত অৰ্থ বুজোৱা শব্দটোৰ তলত আঁচ টনা হৈছে।)
শব্দ | বিপৰীত অৰ্থৰ শব্দ | শব্দ | বিপৰীত অৰ্থৰ শব্দ |
জ্ঞান | অজ্ঞান | চোকা | ভোটা |
সৰল | জটিল | ৰোগী | নিৰোগী |
সাধাৰণ | অসাধাৰণ | সুখ্যাতি | কুখ্যাতি |
গ-জ্ঞান সম্প্ৰসাৰণ
প্রশ্ন : ১। জানো আহা :
ভাব সম্প্ৰসাৰণ : ‘জোকৰ মুখত চূণ দিয়া’। এই ফঁকৰা-যোজনাটিৰ সাধাৰণ অৰ্থ হৈছে কোনো কথাৰ, বিশেষকৈ ঈৰ্ষা-অসূয়াসূচক কথাৰ যথাযোগ্য উত্তৰ দিয়া।
উত্তৰ : ভাব সম্প্ৰসাৰণ বা মুকলিকৈ লিখা বা ব্যাখ্যা কৰা। জোক হৈছে হাড়-মঙহ নথকা কেৱল কঠিন ছালৰ শৰীৰৰ এবিধ ক্ষুদ্র জীৱ। সচৰাচৰ খাল-বিল, পুখুৰী, নলা আদিৰ বন্ধ পানী, জেকা ঠাইৰ জোপোহা বননি আৰু ঘাঁহনিত ইহঁত থাকে। কিছুমান জোক পানীত আৰু কিছুমান ঘাঁহনি-বননিত থাকে। ইহঁতে মানুহ, গৰু, ম’হ, ছাগলী আদিৰ তেজ শুহি খায়। জন্তু বা মানুহৰ শৰীৰ ঠেক ঠাইবোৰত খোপনি পুতি তেজ শোহে। আঙুলিৰ মাজত, কাষলতিৰ তলত, কাণৰ পিচফাল আদিত ইহঁত লাগি ধৰে। জোক এৰুৱাবলৈ টান, কাৰণ ইয়াৰ গা বৰ পিছল। সেইবাবে মুখত চুণ লগাই দিয়া হয়। চুণ বেছি হ’লে কেতিয়াবা জোক মৰিও যাব পাৰে। কোনো চকু চৰহা মানুহে ঈর্ষা-অসূয়া বা ইতিকিংসূচক কথা শুনালে তাৰ যথাযোগ্য উত্তৰ দিয়াৰ বাবে এই বচনফাঁকি কোৱা হয়। ড° বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী পোৱাৰ পিছত কৌতুক-প্রিয় কোনো লোকে ডাক্তৰ বিচৰা ৰোগীক নতুন ডাক্তৰ বুলি কাকতিৰ ওচৰলৈ পঠাইছিল। ৰোগীৰ ভিৰ বঢ়াত কাকতিয়ে চকুচৰহা সকলৰ মুখত চূণ দিয়াৰ বাবে হোমিওপেথিক কিতাপ পঢ়ি ৰোগীক হোমিও চিকিৎসা কৰি দেখুৱাইছিল।
প্রশ্ন : ২। তলৰ ফঁকৰা-যোজনাটো শিক্ষকৰ সহায়ত বুজি লৈ বহলাই লিখা।
“যি মূলা বাঢ়ে তাৰ দুপাততে চিন’।
উত্তৰ : মুলা এবিধ পাচলি। মূলাৰ পাত কুমলীয়া অৱস্থাত শাক হিচাপে খাব পাৰি। মুলাৰ শিপা মাটিৰ তলত বাঢ়ি ডাঙৰ হয়। ইয়াক পাচলি হিচাপে খোৱা হয়। মুলাৰ শিপা বাঢ়ি ডাঙৰ হ’ব নে নহ’ব সেই কথা মূলা গছবোৰ দুপতীয়া হৈ থাকোতে অৰ্থাৎ সৰু হৈ থাকোতেই বুজিব পাৰি। সেইদৰে সৰু ল’ৰা-ছোৱালীৰ লক্ষণ-পাক্ষণ চাই সি ভবিষ্যতে কেনে হ’ব বুজিব পাৰি। মানৱ সমাজত খ্যাতিমান হোৱা, মহাপুৰুষ হোৱা সকলৰ সৰু কালতে গুণবোৰ প্রকাশ পায়। ড° বাণীকান্ত কাকতিৰো সৰু কালতে এই মহৎ গুণবোৰ প্ৰকাশ পাইছিল। সেই কথাকে বুজাবৰ বাবে ফঁকৰাটি ব্যৱহাৰ কৰা হৈছে।
প্রশ্ন : ৩। জানো আহা :
ড° কৃষ্ণকান্ত সন্দিকৈৰ পৰিচয় : ১৮৯৮ চনৰ ২০ জুলাই তাৰিখে যোৰহাটত ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ পুত্ৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰপৰা প্ৰথম শ্ৰেণীত সংস্কৃত বিষয়ত এম এ পাছ কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল।
ছাত্ৰ অৱস্থাৰপৰাই সাহিত্য চৰ্চা কৰা সন্দিকৈয়ে বাঁহী, চেতনা, আৱাহন, আদি কাকতত লিখিছিল। তেওঁৰ অধ্যয়নৰ পৰিসৰ ব্যাপক আৰু গভীৰ আছিল। বেদ, প্রাচীন ভাৰতীয় সাহিত্য, পাশ্চাত্য সাহিত্য, অভিধান আৰু ব্যাকৰণ আদি আলোচনা কৰিছিল। তেখেতে প্ৰথম অৱস্থাত কিছু গীত আৰু কবিতাও ৰচনা কৰিছিল।
পৃথিৱীৰ কেবাটাও ভাষা তেখেতে আয়ত্ত কৰিছিল আৰু সংস্কৃত সাহিত্যৰ বিশ্ববিখ্যাত পণ্ডিত আছিল। সন্দিকৈদের এজন সুদক্ষ প্রশাসকো আছিল। যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে তেখেতে সেৱা আগবঢ়াইছিল। ড° সন্দিকৈৰ ৰচিত গ্ৰন্থসমূহ হ’ল—‘শ্ৰীহৰ্ষৰ নৈবধ চৰিত’, ‘যশস্তিলক’ আৰু ‘সেতুবন্ধ’।
তেখেত ১৯৩৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। সৰ্বভাৰতীয় প্ৰাচ্য বিদ্যা সন্মিলনৰো তেখেত সভাপতি আছিল।
প্রশ্ন : ৩। উত্তৰ দিয়া :
(ক) ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি ?
উত্তৰ : ডক্টৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চন ১৮৯৮।
(খ) তেখেতে কেতিয়াৰপৰা সাহিত্য চৰ্চা কৰিছিল?
উত্তৰ : তেখেতে ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।
(গ) তেখেতে কোনটো বিষয়ত এম. এ পাছ কৰিছিল?
উত্তৰ : তেখেতে সংস্কৃত বিষয়ত এম. এ পাছ কৰিছিল।
(ঘ) তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম লিখা।
উত্তৰ : ড° সন্দিকৈয়ে ৰচনা কৰা গ্ৰন্থ— শ্ৰীহৰ্ষৰ নৈষধ চৰিত, যশস্তিলক আৰু সেতুবন্ধ।
(ঙ) তেখেতে কি কি আলোচনীত প্রবন্ধ লিখিছিল ?
উত্তৰ : তেখেতে বাঁহী, চেতনা আৰু আৱাহন আলোচনীত প্ৰৱন্ধ লিখিছিল।
প্রশ্ন : ৪। সাঁথৰ ভাঙো আহা :
গছত লাগে, আনোতাই আনে,
ৰান্ধোতাই বান্ধে, খাওঁতাই কিন্তু পেলাই দিয়ে।
উত্তৰ : তেজপাত।
প্রশ্ন : ৫। ‘মহাভাৰত’ শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা।
উদাহৰণ—ম—মহা, মৰত, মত।
উত্তৰ : হা – হাত, হাবি, হাকিম।
ভা – ভাত, ভাৰত, ভানু।
ৰ – ৰ’দ, ৰত্ন, ৰত্নাকৰ।
ত – তল, অতল, তৰল।
ঘ-প্রকল্প
প্রশ্ন : ১। প্রত্যেকেই আমাৰ সমাজত প্ৰচলিত হৈ থকা সাঁথৰ আৰু ফঁকৰা যোজনা চাৰিটাকৈ সংগ্ৰহ কৰি লিখা।
উত্তৰ : সাঁথৰ—
(১) হাবিত কাহে ওলাই নাহে।
(২) ডেকাত কুজা বুঢ়াত পোন, সেইজন বাৰু কোন?
(৩) পাপিষ্ঠ মূৰটো, দুই হাত কুৰি আঙুল নাকটো চকু কাণ নাই, এই জন্তু ক’ত পোৱা যায় ?
(৪) মাক জাপৰা জুপুৰা পুতেক চোকা টেকেলা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.