Class 5 Assamese Chapter 3 অৰূপৰ আবেদন, Class 5 Assamese Chapter 3 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board অৰূপৰ আবেদন Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.
Class 5 Assamese Chapter 3 অৰূপৰ আবেদন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 3 অৰূপৰ আবেদন Solutions for All Subject, You can practice these here
অৰূপৰ আবেদন
Chapter – 3
অংকুৰণ
পাঠভিত্তিক ক্রিয়া কলাপ
প্রশ্ন : ১। পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া।
উত্তৰ : নিজে যত্ন কৰা, প্রয়োজন হ’লে শিক্ষকৰ সহায় লোৱা।
প্রশ্ন : ২। উত্তৰ দিয়া :
(ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল ?
উত্তৰ : গাঁৱৰ এঘৰত ভোজ খাই আহি অৰূপৰ পেট-চলা অসুখ হৈছিল। সেই কাৰণে সি কেবাদিনো স্কুলত অনুপস্থিত আছিল।
প্রশ্নঃ (খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল ?
উত্তৰ : গাঁৱৰ এঘৰত ভোজ খাবলৈ গৈ অৰূপৰ পেট-চলা ৰোগ হৈছিল।
প্রশ্ন : (গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি বুলি কৈছিল ?
উত্তৰ : অৰূপে দিয়া চিঠিখন পটি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপে অসুখৰ কথা লিখিতভাৱে জনোৱাত তেওঁ ভাল পাইছিল। কিন্তু অৰূপৰ সেইখন চিঠিহে হৈছিল আবেদন বা দৰ্খাস্ত হোৱা নাছিল। স্কুলত উপস্থিত থাকিব নোৱাৰিলে ছুটা মঞ্জুৰীৰ বাবে আবেদন কৰিব লাগে। তাৰ পাছত তেওঁ ছাত্ৰসকলক শিকাবৰ বাবে বোর্ডত এখন আবেদন লিখি দিছিল।
প্রশ্ন : (ঘ) আবেদনক কি বুলি কয় ?
উত্তৰ : আবেদনক দৰ্খাস্ত বুলি কয়।
প্রশ্ন : (ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি ?
উত্তৰ : অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদর্শ প্রাথমিক বিদ্যালয়।
প্রশ্ন : (চ) অৰূপে কি বিচাৰি আবেদন কৰিছিল ?
উত্তৰ : অৰূপে স্কুলত অনুপস্থিত থকা দিনকেইটাৰ ছুটীৰ মঞ্জুৰী বিচাৰি আবেদন কৰিছিল।
প্রশ্ন : ৩। তলৰ শব্দবোৰৰ অৰ্থ লিখোঁ আহা :
ব্যস্ত, খতি, পেট-চলা, ছুটী, মঞ্জুৰ, একান্ত, শৈলী, শিৰোনামা।
উত্তৰ :
শব্দ | অর্থ |
ব্যস্ত | আহৰি নোহোৱা, একেৰাহে কামত নিমগ্ন থকা |
খতি | বন্ধ, উপস্থিত নথকা। |
পেট-চলা | অধিক পায়খানা হোৱা পেটৰ অসুখ। |
ছুটী | ওপৰোৱালাৰ অনুমতি লৈ কামত অনুপস্থিত থকা ব্যৱস্থা। |
মঞ্জুৰ | অনুমতি, অনুমোদন, সম্মতি জনোৱা। |
একান্ত | অতি বিনীত, অতি নম্রভাবৰ ধৰণ, পদ্ধতি। |
শৈলী | ধৰণ, পদ্ধতি |
শিৰোনাম | আবেদনৰ ওপৰ ভাগত উল্লেখ কৰা নাম-ঠিকনা, যাৰ ওচৰত আবেদন কৰা হয় তেওঁৰ পদবীৰ নাম ঠিকনাৰ উল্লেখৰ ব্যৱস্থা; কিন্তু ব্যক্তিগত চিঠিৰ ক্ষেত্ৰত হ’লে লেফাফা বা খামৰ ওপৰত চিঠি পাওঁতাজনৰ নাম-ঠিকনা লিখা ব্যৱস্থা। |
প্রশ্ন : ৪। ‘অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি ?’— এই প্রশ্নটো কোনে, কেতিয়া, কাক কৰিছিল ?
উত্তৰ : এই প্রশ্নটো শিক্ষয়িত্ৰী ৰেহেনা বাইদেৱে কৰিছিল। শ্ৰেণীত সোমায়েই কেবাদিনৰ মূৰত স্কুললৈ অহা অৰূপক দেখি প্ৰশ্নটো সুধিছিল। প্ৰশ্নটো অৰূপক কৰিছিল। নাইবা―(শিক্ষয়িত্ৰী ৰেহেনা বাইদেৱে শ্ৰেণীত সোমাই অৰূপক এই প্রশ্ন কৰিছিল।)
প্রশ্ন : ৫। স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে ?
উত্তৰ : স্কুলত অনুপস্থিত থাকিলে শ্রেণী শিক্ষক মহোদয়ৰ/শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে প্রধান শিক্ষক মহোদয়লৈ আবেদন কৰিব লাগে।
প্রশ্ন : ৬। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পার্থক্য দেখিলা? কোৱা আৰু লিখা।
উত্তৰ : অৰূপৰ পত্ৰ বা চিঠিত নাম-ঠিকনাৰ উল্লেখ নাছিল, কেৱল বাইদেৱকক সম্বোধন কৰিছিল। বাইদেৱকৰ আবেদনত নাম-ঠিকনাৰ উল্লেখ কৰিছিল। অৰূপে সামৰণিত চিঠিৰ দৰে লিখিছিল। বাইদেৱে আবেদনত যেনেকৈ লিখিব লাগে সেইদৰে লিখিছিল।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন : ১। জানো আহাঁ :
অৰূপৰ চিঠিত থকা গৈছিলো, হৈছিল, খুৱাইছিল আৰু নাছিল এই ক্রিয়াপদ কেইটাই আগতে হৈ যোৱা কাম বা ঘটনাক বুজাইছে। এইদৰে আগতে ঘটি যোৱা বা হৈ যোৱা ঘটনা বা কাৰ্যৰ কথা প্ৰকাশ কৰা ক্রিয়াপদৰ কালক অতীত কাল বোলা হয়।
শিক্ষয়িত্ৰীগৰাকীয়ে কোৱা পাইছো, হৈছে ক্রিয়াপদ দুটাই কামটো এতিয়া বা চলিত সময়ত বা সদায় হোৱা বুজাইছে। চলিত সময়ত বা এতিয়া হৈ থকা কাম বা ঘটনাক বুজোৱা ক্ৰিয়াৰ কালক বর্তমান কাল বোলে।
শিক্ষয়িত্ৰী বাইদেৱে কোৱা ৰবা, লিখিবা এই ক্রিয়াপদ দুটাই আগলৈ হ’বলগীয়া কাম বা ঘটনাৰ অৰ্থ বুজাইছে। আগলৈ বা ভৱিষ্যতে হ’বলগীয়া ঘটনা বা কাৰ্যৰ কালক ভবিষ্যত কাল বোলা হয়।
প্রশ্ন : ২। (অৰূপৰ আবেদন) পাঠটিত থকা অতীত কাল বুজোৱা পদবোৰ বিচাৰি উলিয়াই লিখা।
উত্তৰ : (অৰূপৰ আবেদন) পাঠটিত থকা অতীত কাল বুজোৱা ক্রিয়া পদবোৰ তলত লিখা হ’ল–হৈছিল, গৈছিলো, খুৱাইছিল, নাছিলো।
প্রশ্ন : ৩ তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে। তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা ‘x’ চিন দিয়া। তাৰ পাছত খাপ খোৱা শব্দটোৰে বাক্যটো পুনৰ লিখা।
উদাহৰণ : মণিকা কালি স্কুললৈ আহিব আহিছিল
মণিকা কালি স্কুললৈ আহিছিল।
উত্তৰ : (ক) মই কাইলৈ গুৱাহাটীলৈ যাম গৈছিলো
মই কাইলৈ গুৱাহাটীলৈ যাম।
(খ) সৌৱা, চৰাইবোৰ আকাশত উৰিছে উৰিছিল
সৌৱা, চৰাইবোৰ আকাশত উৰিছে।
(গ) যোৱাবেলি আমাৰ ইয়াত বানপানী হ’ব হৈছিল
যোৱাবেলি আমাৰ ইয়াত বানগানী হৈছিল।
(ঘ) আহাঁ, আমি ঘৰলৈ যাওঁ গৈছিলো
আহাঁ, আমি ঘৰলৈ যাওঁ।
(ঙ) মই কিতাপ পঢ়োঁ পঢ়ে
মই কিতাপ পঢ়োঁ ।
(চ) তুমি কি কৰিছে কৰিছা
তুমি কি কৰিছা?
(ছ) তেওঁ ধান দাইছা দাইছে
তেওঁ ধান দাইছে।
(জ) আমি ছবি আঁকিছিলো আঁকিছিল
আমি ছবি আঁকিছিলো।
(ঝ) তোমালোকে গীত গাইছিল গাইছিলা
তোমালোকে গীত গাইছিলা।
(ঞ) তেওঁলোকে বল খেলিছিল খেলিছিলা
তেওঁলোকে বল খেলিছিল।
(ট) দেউতা আজি আহি পাম পাব
দেউতা আজি আহি পাব।
(ঠ) সিহঁতে কাইলৈ চিনেমা চাব চাম
সিহঁতে কাইলৈ চিনেমা চাব।
(ড) আমি বৰশী বাম বাব
আমি বৰশী বাম ।
প্রশ্ন : ৪। সিপিঠিৰ ক্ৰিয়া কলাপটোত তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি ভাগে ভাগে লিখা।
উদাহৰণ :
অতীত কাল | বর্তমান কাল | ভবিষ্যত কাল |
মণিকা কালি | মই কিতাপ পঢ়ো | মই কাইলৈ |
স্কুললৈ আহিছিল | গুৱাহাটীলৈ যাম |
উত্তৰ:
অতীত কাল | বর্তমান কাল | ভবিষ্যত কাল |
মই গুৱাহাটীলৈ গৈছিলো। যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। আমি ছবি আঁকিছিলো। তোমালোকে গীত গাইছিলা। তেওঁলোকেবল খেলিছিল। | সৌৱা, চৰাইবোৰ আকাশত উৰিছে। আহাঁ, আমি ঘৰলৈ যাওঁ। তুমি কি কৰিছা ? তেওঁ ধান দাইছে। | দেউতা আজি আহি পাব। সিহঁতে কাইলৈ চিনেমা চাব। আমি বৰশী বাম ৷ |
প্রশ্ন : ৫। তলৰ খালী ঠাইবোৰ ক্ৰিয়া পদেৰে পুৰোৱা।
(ক) যোৱা কালি আমি বনভোজ খাবলৈ——৷
আমাৰ লগত ছাৰ-বাইদেউসকলো———-৷
বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা——-৷
মাজে মাজে আমি গান———- স্ফূৰ্ত্তি—— আৰু কৌতুক শুনি———৷
উত্তৰ : যোৱা কালি আমি বনভোজ খাবলৈ গৈছিলো।
আমাৰ লগত চাৰ-বাইদেউসকলো গৈছিল।
বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা কৈছিল।
মাজে মাজে আমি গান (গাই) শুনি, স্ফূর্ত্তি কৰি আৰু কৌতুক শুনি গৈছিলো।
প্রশ্ন : (খ) পছোৱা বতাহ বলিছে। সৌৱা, পথাৰত এজাক গৰখীয়া ল’ৰাই খেলি——। তেওঁলোকৰ কেইজনমানে হাউণ্ডডু——-। আন কেইজনমানে চিলা উৰুৱাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী—— । আন এজনে আঁহতৰ পাতেৰে টুপী—–৷
উত্তৰ : পছোৱা বতাহ বলিছে। সৌৱা, পথাৰত এজাক গৰখীয়া ল’ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাউগুডু খেলি আছে। আন কেইজনমানে চিলা উৰুৱাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে। আন এজনে আঁহতৰ পাতেৰে টুপী সাজিছে।
প্রশ্ন : (গ) মা কাইলৈ মামাহঁতৰ ঘৰলৈ—-। তাত তেওঁ কেইদিনমান——৷মাহীদেউৰ বিয়াৰ পাছতহে উভতি——। আহোঁতে মোলৈ লাৰু পিঠা—–।
উত্তৰ : মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাৰু পিঠা আনিব।
প্রশ্ন : ৬। শব্দ সাজি বাক্য ৰচনা কৰা।
উত্তৰ :


গ-জ্ঞান সম্প্ৰসাৰণ
প্রশ্ন : ১। অৰূপে শ্রেণী শিক্ষয়িত্ৰীলৈ লিখা চিঠিখন এবাৰ ভালকৈ চাওঁ আহা—
শিৰোণামা— চিঠি আৰু আবেদন বা দৰ্খাস্তৰ শিৰোনীম বেলেগ বেলেগ ধৰণে লিখা হয়। আবেদনৰ শিৰোনাম আবেদনখনৰ ওপৰ ভাগত লিখা হয়। আবেদনখন যালৈ লিখা হয় তেওঁৰ পদবীৰ নাম, য’ৰ পৰা লিখা হয় সেই ঠাইৰ নাম আৰু যিদিনা লিখা হয় সেই দিনৰ তাৰিখ আবেদনখনৰ ওপৰত লিখা হয়। এইখিনি আবেদনখনৰ শিৰোনাম।
কিন্তু চিঠিৰ ক্ষেত্ৰত শিৰোনাম ওপৰত লিখা নহয়। চিঠিখন লেফাফা বা খামত ভৰোৱাৰ পিছত খামটোৰ ওপৰত চিঠিখন যালৈ পঠোৱা হয় তেওঁৰ নাম ঠিকনা লিখা হয় ৷ ইয়েই চিঠিখনৰ শিৰোনাম। ছাত্ৰ-ছাত্ৰীসকলে শিৰোনামৰ এই প্ৰভেদলৈ মন কৰিব লাগে।
আবেদন ডাকযোগে বা পত্ৰবাহকৰ যোগে পঠিয়াব লগা হ’লৈ চিঠিৰ দৰেই খামৰ ওপৰত পদবীৰ নাম আৰু ঠিকনা লিখি পঠিয়াব লাগে। সম্বোধন, মূলভাগ আৰু সামৰণি চিঠিৰ আন আন ভাগ। পাঠ্যপুথিত সেই বিষয়ে পঢ়ি চোৱা ।
প্রশ্ন : ২। স্কুল খতি কৰিলে পঢ়া-শুনাৰো ক্ষতি হয়। সেই ক্ষতি আমি কেনেদৰে পূৰ কৰিব পাৰো দলত আলোচনা কৰোঁ আহাঁ।
উত্তৰ : স্কুল খতি কৰিলে আমি কিছুমান পাঠ শিকিব নাপাওঁ। অর্থাৎ আমাৰ বহুতো ক্ষতি হয়। এই ক্ষতি পূৰ কৰিবৰ বাবে আমি বেলেগ বেলেগ যত্ন কৰিব পাৰো। লগৰীয়াসকলৰ পৰা টোকা বা শিক্ষকে দিয়া প্রশ্নোত্তৰ সংগ্ৰহ কৰি পঢ়ি আয়ত্ত কৰিব পাৰোঁ। আজি-কালি বহুতৰ ঘৰুৱা শিক্ষকো থাকে। সেইসকলে ঘৰুৱা শিক্ষকৰ পৰা শিকি ল’ব পাৰে।
প্রশ্ন : ৩। সমূহীয়া ভোজ-ভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ হ’ব পাৰে ?
– সোৱাদ পাই সৰহকৈ খালে।
– আঞ্জাত বেছি জ্বলা-মছলা হ’লে।
– অসময়ত খোৱাৰ বাবে।
উত্তৰ : সমূহীয়া ভোজ-ভাত খালে আঞ্জাত বেছি জ্বলা-মছলা হোৱা বাবে আৰু অসময়ত খোৱাৰ বাবে আমাৰ পেটৰ অসুখ হ’ব পাৰে।
প্রশ্ন : ৪। তলৰ চিঠিখনৰ উত্তৰ লিখা।
ৰণাকুছি
ডাকঘৰ— দীঘেলী
তাং ১/৬/২০২১
কল্যাণীয় প্ৰণৱ,
পোন প্ৰথমে মোৰ হিয়াভৰা মৰম আৰু শুভাশীষ ল’বা। ভালেমান দিন তোমাৰপৰা চিঠি-পত্ৰ নাপাই চিন্তা লাগি আছে। সৰুবাপু পোনাকশৰ অসুখ ভাল হ’লনে? দেউতাৰাৰ কাম-কাজ (ব্যৱসায়) কেনে চলিছে? চিঠি পোৱাৰ লগে লগে সবিশেষ জনাই উত্তৰ দিবা। ছমহীয়া পৰীক্ষা ওচৰ চাপিছে নিশ্চয় ? মন দি পঢ়া-শুনা কৰিবা। ছাত্র জীৱনত পঢ়াটোৱেই হৈছে প্রধান কাম। এতিয়া প্রতিযোগিতাৰ যুগ। পৰীক্ষাত ভাল ফল দেখুৱাবলৈ যত্ন কৰিবা। পোনাকণক মোৰ মৰম দিবা আৰু মাৰা-দেউতাৰাক মোৰ কুশল বাতৰি জনাবা। বিশেষ নাই। তোমাৰ মংগল কামনাৰে, ইতি—
তোমাৰ আইতাৰা
দময়ন্তী
শিৰোনাম :
শ্রীমান প্ৰণৱ বৰবৰা
মাৰফৎ – প্রধান শিক্ষক
ধাই আলি এম ই স্কুল।
ডাকঘৰ শিৱসাগৰ (অসম)
পিন নং ৭৮৫০০১
উত্তৰ :
ধাইআলি
ডাকঘৰ―ধাইআলি
তাং ১২/৭/২০২১
পূজনীয়া আইতা,
প্রথমে মোৰ সেৱা আৰু মৰম গ্ৰহণ কৰিব। আপোনাৰ চিঠি পাই আমাৰ সকলোৱে বৰ ভাল লাগিছে। পোনাকণৰ অসুখ ভাল হৈছে। দেউতাৰ ব্যৱসায়ৰ কাম ভালদৰে চলি আছে।
আমাৰ ছমহীয়া পৰীক্ষা অহা মাহত হ’ব। মই মন দি পঢ়া-শুনা কৰি আছো। বৰ্তমান যুগত পৰীক্ষাত ভালফল দেখুৱাব নোৱাৰিলে ভাল কলেজত পঢ়াৰ আশা কৰিব নোৱাৰি। তাৰ কাৰণে মই ভালদৰে পঢ়া-শুনা কৰি আছো। আপোনালোকৰ আশীৰ্বাদ পালে ভাল কৰিব পাৰিম বুলি আশা কৰো। মা-দেউতাক আপোনাৰ কথা কৈছো। মা-দেউতাই আপোনালৈ সেৱা জনাইছে। শেষত আপোনালৈ মোৰ সেৱা জনাই আপোনাৰ মংগল কামনা কৰি সামৰিলো। ইতি—
আপোনাৰ মৰমৰ
প্ৰণৱ
শিৰোনাম :
শ্ৰীযুতা দময়ন্তী বৰবৰা
গাওঁ-ৰণাকুছি
ডাকঘৰ-দীঘেলী
জিলা- কামৰূপ (অসম)
প্রশ্ন : ৫। দলত আলোচনা কৰি লিখা :
(ক) বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্রধান শিক্ষক মহোদয়লৈ আবেদন পত্র।
উত্তৰ : (ক)
প্রতি,
ৰূপনগৰ বিদ্যাপীঠৰ মাননীয় প্রধান শিক্ষক মহোদয়, গুৱাহাটী-৩২
তাং ১২/৭/২০২১
বিষয় : বিদ্যালয়ৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ বাবে আবেদন।
মহোদয়,
বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকাত ছাত্ৰ-ছাত্ৰীসকলৰ বহুতো অসুবিধা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰপৰা খোৱাপানী লৈ আহে যদিও সেয়ে যথেষ্ট নহয়। বিদ্যালয় চৌহদত থকা দমকলটো যোৱা দুমাহ ধৰি বেয়া হৈ থকাত হাত-মুখ ধোৱা পানীৰো অভাৱ ঘটিছে।
গতিকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ মই মহোদয়ৰ ওচৰত অনুৰোধ জনাওঁ যেন যথাসম্ভৱ সোনকালে বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা দূৰ ৰে। ইতি—
আপোনাৰ একান্ত বাধ্য ছাত্র
শ্ৰী প্ৰণৱ বৰবৰা
সম্পাদক : ছাত্ৰ একতা সভা
তাং ১২/৭/২০২১
প্রশ্ন : (খ) নৱাগত আদৰণি সভাৰ অভিজ্ঞতা বর্ণাই বন্ধু বান্ধৱীলৈ চিঠি।
উত্তৰ :
শ্রীহৰি
গুৱাহাটী
১০/১০/২০২১
প্ৰিয় অৰ্ণৱ,
প্রথমে মোৰ মৰম লবা। আশা কৰো তোমাৰ ভাল। বৰ্তমান ময়ো ভালে আছো। কালি আমাৰ স্কুলৰ নৱাগত আদৰণি সভা হৈ গ’ল। বেলেগ বেলেগ শ্ৰেণীত ভৰ্ত্তিহোৱা ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাবৰ বাবে অইন বছৰৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ত নৱাগত আদৰণি সভা অনুষ্ঠিত হৈছিল। ময়ো অইন স্কুলৰ পৰা আহি এই বিদ্যালয়ৰ ৫ম মানত ভৰ্ত্তি হোৱাৰ বাবে নৱাগতসকলৰ লগত বহিব লগাত পৰিছিলো।
বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আদৰণি সভাৰ সভাপতি আছিল। বিদ্যালয়ৰ পুৰণি ছাত্ৰ-ছাত্ৰীসকলে নতুন সকলক আদৰণি জনাই বক্তৃতা দিছিল। বিদ্যালয়ৰ নিয়ম কানুন মানি বিদ্যালয়ৰ গৌৰৱ আৰ্জনৰ যত্ন কৰিবলৈ কৈছিল। নৱাগতসকলৰো দুই এজনে কৈছিল। শিক্ষক মহোদয়সকলৰ দুজনে বিদ্যালয়ৰ নিয়ম-কানুনৰ বিষয়ে ছাত্র ছাত্ৰীসকলক জনাইছিল।
সর্বশেষত সভাপতিৰ আসনৰপৰা প্ৰধান শিক্ষক মহোদয়ে ন-পুৰণি সকলো ছাত্র ছাত্রীয়ে আন্তৰিকতাৰে মিলি-জুলি বিদ্যালয়ৰ গৌৰৱ অর্জনৰ বাবে যত্ন কৰিবলৈ উপদেশ দি সভাৰ সামৰণি মাৰিছিল। সভাৰ শেষত খ্ৰীতি-ভোজনৰ ব্যৱস্থা কৰা হৈছিল। প্ৰীতি-ভোজনৰ অন্তত মনত আনন্দ লৈ আমি ঘৰলৈ উভতিছিলো। অধিক নিলিখো। চিঠি পালে তোমাৰ খবৰ জনাই লিখিবা। ইতি—
তোমাৰ বন্ধু
অনুপ
১০/১০/২০২১
প্রশ্ন : (গ) চিঠি আৰু আবেদনৰ মূল ভাগ কেইটা আৰু কি কি? কোনটো ভাগত কি লিখিব লাগে ?
উত্তৰ : চিঠিৰ মূল ভাগ পাঁচটা আৰু আবেদনৰ মূলভাগ চাৰিটা। চিঠিৰ মূল ভাগকেইটা যথাক্রমে— ইষ্টদেৱতাৰ স্মৰণ, সম্বোধন, গর্ভ বা মূল ভাগ, সামৰণি আৰু শিরোনাম। আবেদনতো ইষ্ট দেৱতাৰ স্মৰণ’ৰ বাহিৰে আন ভাগবোৰ থাকে। আজি কালি বহুতে চিঠিৰো ‘ইষ্টদেৱতাৰ স্মৰণ’ অংশ বাদ দিছে। ভাগবোৰৰ কোনটো ভাগত কি থাকে তলত লিখা হ’ল।
সম্বোধন— যালৈ চিঠি লিখা হয় তেওঁলৈ মান্যতা অনুসৰি সম্বোধন কৰা হয়। ডাঙৰ হ’লে পূজনীয়, মাননীয় আদি, সমনীয়া হ’লে বন্ধু-বান্ধৱী, বন্ধুৰ নামেৰে আৰু সৰু হ’লৈ মৰমৰ, কল্যাণীয়, কল্যাণীয়া আদি লিখা হয়। আবেদন পত্ৰত মাননীয় মহোদয়/মহোদয়া আদি লিখা হয়।
গর্ভ বা মূল ভাগ— এই ভাগত চিঠি আৰু আবেদন দুয়োৰে ক্ষেত্ৰত ক’বলগীয়া কথাখিনি খৰচি মাৰি লিখা হয়।
সামৰণি— আবেদনত অনুৰোধেৰে আৰু চিঠিৰ ক্ষেত্ৰত শ্রদ্ধা, মৰম, আদৰ আদিৰে সামৰণি মৰা হয়। বয়স্কজনৰ প্ৰতি শ্ৰদ্ধা আৰু কনিষ্ঠৰ প্ৰতি মৰম-চেনেহ জনোৱা হয়।
শিৰোনাম— আবেদন আৰু চিঠিৰ ক্ষেত্ৰত শিৰোনাম লিখাৰ পাৰ্থক্য আছে। চিঠিৰ শিৰোনাম খাম বা লেফাফাৰ ওপৰত লিখা হয়। শিৰোনামত নাম, গাঁও, ডাক, পিন আদি ঠিকনা স্পষ্টকৈ লিখা হয়। আবেদনৰ ক্ষেত্ৰত আবেদন লিখা কাগজখনৰ ওপৰত যালৈ আবেদন লিখা হয় তেওঁৰ পদবীৰ নাম আৰু ঠিকনা উল্লেখ কৰা হয়।
আবেদন ডাকত বা পত্রবাহকৰ হাতত দি পঠালে চিঠিৰ ওপৰত খামত লিখাৰ দৰেই পাওঁতাজনৰ পদবীৰ নাম আৰু ডাক-ঠিকনা লিখিব লাগে।
প্রশ্ন : ৬। স্থানীয় ডাক ঘৰত হোৱা কাম-কাজৰ বুজ লৈ তলৰ বিষয়বোৰৰ চমুটোকা লিখা। (আৱশ্যকবোধে ডাক-ঘৰৰ বিষয়া, কৰ্মচাৰীৰ সহায় লোৱা।)
ডাক টিকট, পোষ্ট কার্ড, খাম, মণি-অৰ্ডাৰ/বৈদ্যুতিন মণি-অৰ্ডাৰ, ক্ষুদ্র সঞ্চয়/ডাক বীমা, পিন কোড নং।
উত্তৰ : ডাক টিকট : ডাক ঘৰত ডাক-টিকট কিনিব পোৱা যায়। ডাক যোগে পঠাব লগা চিঠি বা আবেদন পত্ৰ খামত ভৰাই, ঠিকনা লিখি, চিঠিৰ ওজন অনুযায়ী খামত ডাক-টিকট লগাব লাগে।
পোষ্ট কাৰ্ড : ডাক-ঘৰত পোষ্ট কার্ড কিনিব পোৱা যায়। পোষ্টকাৰ্ডত চিঠি লিখি ডাক যোগে পঠাব পাৰি। পোষ্টকাৰ্ডত ডাক-টিকট লগাব নালাগে। খাম: ডাক ঘৰত খাম বা লেফাফা কিনিব পোৱা যায়। এই খামৰ ভিতৰত চিঠি পঠাব পাৰি। খামত টিকট লগোৱা থাকে। খাম নিজে তৈয়াৰ কৰিবও পাৰি। তেনে খামত ওজন অনুযায়ী টিকট লগাব লাগে।
মণি-অৰ্ডাৰ/বৈদ্যুতিন মণি-অৰ্ডাৰ : মণি-অৰ্ডাৰ ফৰ্ম ডাক-ঘৰত সহজ মূল্যৰ বিনিময়ত কিনিব পোৱা যায়। দূৰলৈ পইচা পঠাবৰ বাবে মণি-অৰ্ডাৰত টকাৰ পৰিমাণ আৰু পাওঁতাজনৰ ঠিকনা লিখি ডাক-ঘৰত জমা দিলে সেই পইচা যথাসময়ত যালৈ পঠোৱা যায় তেওঁ পায়। এই ব্যৱস্থাত দীঘলীয়া সময় লাগে বাবে আজি কালি বৈদ্যুতিন মাধ্যমেৰে ৫/৬ মিনিটতে পোৱাকৈ টকা পঠিয়াব পাৰি।
ক্ষুদ্র সঞ্চয়/ডাক-বীমা : ডাক-ঘৰত ক্ষুদ্ৰসঞ্চয় আৰু ডাক-বীমা আঁচনি যোগে পইচা জমা কৰিব পাৰি।
পিন কোড নম্বৰ : ডাঙৰ ডাঙৰ নগৰবোৰত থকা বেলেগ বেলেগ অঞ্চলৰ ঠিকনাৰ সুবিধাৰ বাবে আঞ্চলিক নম্বৰ একোটা ব্যৱহাৰ কৰা হয়। ইয়াক পিন কোড নম্বৰ বোলে। চিঠিত পিনকোড নম্বৰ লিখা থাকিলে চিঠি বিতৰণ কৰাত ডাক বিভাগৰ সুবিধা হয় আৰু গ্ৰাহকসকলৰো ডাক যোগে চিঠি পত্র, পা-পইচা গোৱাত সহজ হয়।
• তোমালোকে তৈয়াৰ কৰা—
খাম, শুভেচ্ছাপত্র (নৱবৰ্ষৰ/জন্মদিনৰ)

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.