Class 5 Assamese Chapter 1 অসম আমাৰ ৰূপহী

Class 5 Assamese Chapter 1 অসম আমাৰ ৰূপহী, Class 5 Assamese Chapter 2 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 Assamese Chapter 1 অসম আমাৰ ৰূপহী Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 1 অসম আমাৰ ৰূপহী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 1 অসম আমাৰ ৰূপহী Solutions for All Subject, You can practice these here

অসম আমাৰ ৰূপহী

Chapter – 1

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

উত্তৰ দিয়া:

(ক) ড০ ভূপেন হজৰিকাই ‘ আই ‘ বুলি কাক সম্বোধন কৰিছে?

উত্তৰ: ড০ ভূপেন হাজিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে।

(খ) ড০ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?

উত্তৰ: হাজৰিকাদেৱে মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে।

(গ) শৰৎ নিশাই আইৰ কেশ কিহৰে সজায়?

উত্তৰ: তৰাৰে সজায়।

(ঘ) পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?

উত্তৰ: পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে।

(ঙ) ড০ ভূপেন হাজৰিকাই ক’ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে?

উত্তৰ: হাজৰিকাদেৱে অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

(চ) এই গীতটিত গীতিকাৰ ড০ ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ ‘ বুলি কোনখন দেশক বুজাইছে?

উত্তৰ: এই গীতটিত গীতিকাৰ ড০ ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ’ বুলি নিজৰ দেশ অসম দেশখনৰ কথা কৈছে।

(ছ) গীতিকাৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন কতো কি নোপোৱাৰ কথা কৈছে?

উত্তৰ: গীতিকাৰ ভূপেন হাজিকাই গোটেই জীৱন বিচাৰিেও অসমৰ দৰে ৰসাল মাটি কতো নাপাই বুলি কৈছে।

২। ড০ ভূপেন হাজৰিকাই অসমৰ পৰিবেশ কেনেকুৱা বুলি কৈছে লিখা। 

উত্তৰ: হাজৰিকাদেৱে ” অসম আমাৰ ৰূপহী ” কবিতাটিত অসমৰ প্ৰাকৃতিক পৰিবেশৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। 

কবিয়ে ভাৰতৰ পূৱ দিশত সূৰ্য্য উঠা দেশ বুলি কৈছে অৰ্থাৎ তেওঁ নিজ জনমভূমি অসম দেশক সূৰ্য্য উদয় হোৱা দেশ বুলি কৈছে। কবিয়ে অপৰিসীম গুণেৰে ভৰা ৰূপহী অসমৰ ৰসাল মাটিৰ কতো তুলনা নাই বুলি কৈছে। চিৰ বিনন্দীয়া সেউজ পৰিৱেশৰ গৰাকী মাঘত গোটেই অসমখনে যেন সোণেৰে লখিমী আদৰে, শৰৎ নিশাৰ তৰবোৰে যেন আইৰ কেশ সজায় বুলি কৈছে। বিভিন্ন জাতি, বৰ্ণ, ভাষাৰ মানুহ থকা সকলোৱে একত্ৰিত হৈ  এক সুন্দৰ পৰিৱেশ গঠন কৰাৰ উদাহৰণ হাজৰিকাদেৱে পাহাৰ – ভয়ামৰ মিলন সেতু ৰামধেনুৰ লগত তুলনা কৰি দিব খুজিছে। শেষত এই অসমত জন্ম হৈ এই অসমতে মৃত্যুবৰণ কৰাৰ ইছা প্ৰকাশ কৰিছে।

৩। দলত আলোচনা কৰি বহলাই লিখা:

(ক) ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ – ভৈয়াম একে কৰা মানে কি? 

উত্তৰ: কেতিয়াবা ৰ’দ আৰু বৰষুণ একেলগে দি থাকিলে বৰষুণৰ টোপালত বা আকাশত সাতটা ৰঙৰ সমষ্টি দেখিবলৈ পোৱা যায় তাকে ৰামধেনু বোলে। 

কবিয়ে অসমৰ বিচিত্ৰতাৰ মাজত একতাৰ কথা কব গৈ ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰাৰ কথা কৈছে। 

অথবা 

অসমৰ মানুহৰ মিলাপ্ৰিতিৰ কথা কব গৈ কবিয়ে ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰাৰ কথা কৈছে।

(খ) লৌহিত্য মানে কি ? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? 

উত্তৰ: লৌহিত্য মানে হৈছে লুইত। 

অসমৰ লুইত বুলি কলে প্ৰধানত ব্ৰহ্মপুত্ৰ ক বুজায় আৰু ব্ৰহ্মপত্ৰৰ দুয়ো পাৰে নানান ভাষিক নানান জনজাতিয়ে মিলাপ্ৰিতিৰে বসবাস কৰি আহিছে। এনে একত্ৰিকৰণৰ ফালে লক্ষ্য কৰি কবিয়ে  লুইতৰ বহল পাৰক প্ৰণিপাত জনাইছে।

৪। গীতটিৰ মূলকথাখিনি কোৱা আৰু লিখা। 

উত্তৰ: “অসম আমাৰ ৰূপহী” সুন্দৰ কবিতাটি ড০ ভূপেন হাজিকাৰ দ্বাৰা ৰচিত। 

কবিতাটি মূলতে কবিৰ অতিকৈ মৰমৰ জন্মস্থান অসমৰ ৰূপ আৰু গুণৰ বৰ্ণনা। চিৰসেউজীয়া ৰূপহী অসম খনৰ ৰূপ আৰু গুণৰ কোনো শেষ নাই বুলি প্ৰকাশ কৰিছে। ভাৰতৰ পূৱ দিশত সূৰ্য্য উঠা দেশখনৰ দৰে ৰসাল মাটি কবিয়ে বিচাৰিলেও কতো নাপায় বুলি কৈছে। সেউজ পৰিবেশৰ অধিকাৰী অসমখন বহাগত মহুৰা হৈ ঘূৰাৰ পিছতেই মাঘত সোণগুটিৰ সমতুল্য সোণোৱালী ধাননি খেতিপথাৰে লখিমী আদৰে বুলি কৈছে। শৰৎ নিশাৰ উজ্জ্বল তৰাবোৰে যেন আকাশ খনক জিলিকাই তুলিছে। লগতে অসমৰ লুইতৰ দুয়োকাশে ভিন্ন ভাষিক জনজাতিৰ একত্ৰিকৰ্ণৰ লগত ৰামধেনু ক তুলনা কৰিছে আৰু শেষত এই অসমতে জন্মগ্ৰহণ কৰি এই অসমতে মৃত্যুবৰণ কৰাৰ কামনা কৰিছে ।

৫। উত্তৰ দিয়া: 

(ক) গীতটিত ‘ ম ‘ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে । ‘ ৰ ‘ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে?

উত্তৰ: গীতটিত ‘ৰ ‘ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে।

(খ) গীতটিত ‘ া ‘ – কাৰ ( স্বৰ) চিনটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো -কাৰ( স্বৰ )চিন এবাৰও ব্যৱহাৰ হোৱা নাই?

উত্তৰ: গীতটিত ঋ (ৃ) কাৰ টো এবাৰো ব্যৱহাৰ হোৱা নাই ।

(গ) ” অসম আমাৰ ৰূপহী ” গীতটিত থকা ‘ ৰ ‘  আৰু ‘ ৰে ‘- ৰে শেষ হোৱা শব্দবোৰ লিখা।

উত্তৰ: ‘ ৰ ‘ ৰে শেষ হোৱা শব্দ হল- 

আ মা 
দে শ ৰ 
তো মা ৰ 
দি শ ৰ 
সোন ৰ 
চি ৰ ৰ 
ভাষা ৰ 
ম ধু ৰ 
পাহা ৰ 
ৰূপ ৰ 

ৰে – ৰে শেষ হোৱা শব্দ

ঘূ ৰে 
ত ৰা ৰে 
আ মা ৰে 
হা তে ৰে 
আ ই ৰে 
আ দ ৰে
আ মা ৰে 
ভা ৰ ত ৰে 
লৌহি ত্য ৰে
ম ৰ ম বো ৰে 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top