Class 4 Environment Chapter 5 বায়ু

Class 4 Environment Chapter 5 বায়ু, SEBA Chapter 5 বায়ু Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

বায়ু

Chapter – 5

পৰিৱেশ অধ্যয়ন

১। বায়ু যে সকলোতে আছে , এই কথা আমি কেনেকৈ অনুভৱ কৰোঁ , দুটা উদাহৰণ দিয়া – 

উত্তৰঃ বায়ু সকলোতে থাকে ।এই কথা আমি এনেদৰে অনুভৱ কৰোঁ – 

( ১ ) আমি বেলুন এটা ফুলাই তাৰ মুখখন আঙুলিৰে ধৰি মেলি ধৰিলে কিবা এটা শব্দ হয় । সেই শব্দটোৱে হ’ল বায়ুৰ । মুখখন মেলি ধৰাৰ লগে লগে বায়ুখিনি জোৰেৰে শব্দ কৰি বাহিৰলৈ ওলাই আহিল । 

( ২ ) চকৰি এটা দৌৰি থাকিলে সেই চকৰিটো ঘূৰিবলৈ ধৰে । কাৰণ বায়ু চলাচল কৰি থাকে । 

২। বায়ুত অক্সিজেনৰ পৰিমাণ কেনেকৈ কমিব পাৰে লিখা – 

উত্তৰঃ যেতিয়া গছ – গছনি কমি যায় তেতিয়া বায়ুত অক্সিজেন কমি যায় । ইয়াৰ উপৰিও জাবৰ – জোথৰ , গছৰ পাত আদি পুৰিলে , কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা কাৰ্বন – ডাই – অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় আৰু অক্সিজেন কমি যায় । 

৩। বায়ুত অক্সিজেনৰ পৰিমাণ কেনেকৈ বাঢ়ে লিখা – 

উত্তৰঃ গছ – গছনি বেছিকৈ ৰুলে , প্ৰদূষণ কম হ’লে বায়ুত অক্সিজেনৰ পৰিমাণ বাঢ়ে । 

অনুশীলনী 

১। উত্তৰ লিখা –

( ক ) বায়ুত থকা প্রধান গেছবোৰ কি কি ? 

উত্তৰঃ বায়ুত থকা প্রধান গেছবোৰ হ’ল – অক্সিজেন গেছ , কার্বন – ডাই অক্সাইড আৰু নাইট্ৰ’জেন । 

( খ ) বায়ু প্ৰদূষিত হোৱা তিনিটা কাৰণ লিখা ।

উত্তৰঃ বায়ু প্ৰদূষিত হোৱা তিনিটা কাৰণ হল–

( ১ ) গেলা – পচা জাবৰ – জোঁথৰ , মৰা জীৱ – জন্তু আদিৰ পৰা ওলোৱা দুৰ্গন্ধ । 

( ২ ) মটৰ গাড়ী আৰু কল – কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱা আৰু গেছ বায়ুৰ লগত মিহলি হৈ বায়ু প্ৰদূষিত কৰে । 

( ৩ ) প্লাষ্টিক পুৰিলে , চিগাৰেট হুপিলে , হাবি – বনত জুই লগালে বায়ু প্রদূষিত হয় । 

( গ ) বায়ু প্ৰদূষিত নহ’বলৈ কি কি ব্যৱস্থা ল’ব পাৰি ? 

উত্তৰঃ বায়ু – প্ৰদূষিত নহ’বলৈ ল’ব লগা ব্যৱস্থাসমূহ এনেধৰণৰ –

( ১ ) গছ – গছনি বেছিকৈ ৰুই বায়ুৰ প্ৰদূষণ নোহোৱা কৰিব পাৰি । 

( ২ ) ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিও বায়ু প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি । 

( ৩ ) গাড়ী – মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষিত হোৱাৰ পৰা বচাব পাৰি । 

( ৪ ) মৰা জীৱ – জন্তু আদি গাঁতত পুৰিও প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। 

( ৫ ) হাঁচি – কাহ মৰাৰ সময়ত মুখ আৰু নাকত ৰুমাল ব্যৱহাৰ কৰিলে বায়ুত বীজাণু মিহলি হোৱাৰ পৰিমাণ কমাব পাৰি । 

( ঘ ) ৰোগৰ বীজাণু বায়ুমণ্ডললৈ কেনেকৈ বিয়পে ? 

উত্তৰঃ মানুহে হাঁচি – কাহ মাৰিলে ৰোগৰ বীজাণু বায়ুমণ্ডলৈ বিয়পি যায়। 

( ঙ ) বায়ুত থকা কোনবিধ গেছ আমাৰ আটাইতকৈ প্ৰয়োজনীয় ? 

উত্তৰঃ অক্সিজেন গেছ আমাৰ আটাইতকৈ প্ৰয়োজনীয় । 

২। তলৰ শুদ্ধ বাক্যবোৰত ‘✔’ দিয়া । অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা— 

( ক ) জাবৰ – জোঁথৰবোৰ য’তে ত’তে পেলাব লাগে । 

উত্তৰঃ x

( খ ) প্লাষ্টিকৰ বস্তু পচনসাৰৰ গাঁতত পেলাব নালাগে । 

উত্তৰঃ x 

( গ ) গছ – গছনি বেছিকৈ ৰুই বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি । 

উত্তৰঃ

( ঘ ) কল – কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে। 

উত্তৰঃ

( ঙ ) জাবৰ – জোঁথৰবোৰ পুৰিলে বায়ুত কার্বন – ডাই – অক্সাইডৰ মাত্ৰা বাঢ়ে ।

উত্তৰঃ

৩। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ আঁচ টানি মিলোৱা – 

‘ ক ’‘ খ ‘
গছ – গছনিয়েজুই জ্বলাত সহায় কৰে
জাবৰ – জোঁথৰ পুৰিলেপ্ৰদূষণৰ বাবে হয়
হাঁও ফাওঁৰ বিভিন্ন ৰোগবায়ুত ৰোগৰ বীজাণু বিয়পায় 
হাঁচি , কাহ আদিয়েবায়ু প্ৰদূষণ মুক্ত কৰি ৰখাত সহায় কৰে 
অক্সিজেন গেছেবায়ুত কার্বন – ডাই – অক্সাইডৰ মাত্রা বৃদ্ধি পায়

উত্তৰঃ 

‘ ক ’‘ খ ‘
গছ – গছনিয়েবায়ু প্ৰদূষণ মুক্ত কৰি ৰখাত সহায় কৰে 
জাবৰ – জোঁথৰ পুৰিলেবায়ুত কার্বন – ডাই – অক্সাইডৰ মাত্রা বৃদ্ধি পায় 
হাঁও ফাওঁৰ বিভিন্ন ৰোগপ্ৰদূষণৰ বাবে হয় 
হাঁচি , কাহ আদিয়েবায়ুত ৰোগৰ বীজাণু বিয়পায় 
অক্সিজেন গেছেজুই জ্বলাত সহায় কৰে 

৪। শুদ্ধকৈ লিখা – 

( ক ) ৰাসায়নিক কীটনাশক দ্ৰব্যই বায়ু প্ৰদূষণ কৰে / শোধন কৰে ৷ 

উত্তৰঃ ৰাসায়নিক কীটনাশক দ্রব্যই বায়ু প্রদূষণ কৰে ৷

( খ ) গছৰ পৰি থকা পাত পুৰি / পুতি পেলাব লাগে । 

উত্তৰঃ গছৰ পৰি থকা পাত পুতি পেলাব লাগে ।

( গ ) বায়ুত থকা অক্সিজেন / কার্বন – ডাই – অক্সাইড উশাহ লোৱাত ব্যৱহাৰ হয় । 

উত্তৰঃ বায়ুত থকা অক্সিজেন উশাহ লোৱাত ব্যৱহাৰ হয় ৷

( ঘ ) গছ – গছনি কটাৰ ফলত বায়ু প্ৰদূষণ ৰোধ / বৃদ্ধি হয় । 

উত্তৰঃ গছ – গছনি কটাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি হয় । 

( ঙ ) বায়ুত থকা কার্বন – ডাই – অক্সাইডে জুই জ্বলাত / নুমুৱাত সহায় কৰে ।

উত্তৰঃ বায়ুত থকা কার্বন – ডাই – অক্সাইডে জুই নুমুৱাত সহায় কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top