Class 4 Environment Chapter 4 ৰাষ্ট্ৰীয় দিৱস

Class 4 Environment Chapter 4 ৰাষ্ট্ৰীয় দিৱস, SEBA Chapter 4 ৰাষ্ট্ৰীয় দিৱস Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

ৰাষ্ট্ৰীয় দিৱস

Chapter – 4

পৰিৱেশ অধ্যয়ন

১। তোমালোকে বিদ্যালয়ত শিক্ষক দিৱসৰ দিনটো কিদৰে পালন কৰা লিখা । 

উত্তৰঃ আমি বিদ্যালয়ত শিক্ষক দিৱসৰ দিনটো অতি ধোম – ধামেৰে পালন কৰো । কাৰণ সেইদিনা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল । সেইদিনটোত আমি সকলোবোৰ ছাত্ৰ – ছাত্রী লগ লাগি শিক্ষক – শিক্ষয়িত্ৰীসকলক সন্মান জনাবলৈ বিভিন্ন কাৰ্যসূচী পালন কৰো । 

২। তোমালোকে বিদ্যালয়ত শিশু দিৱসৰ দিনটো কিদৰে পালন কৰা লিখা । 

উত্তৰঃ ১৪ নৱেম্বৰ ভাৰতৰ প্ৰথম প্রধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশুদিৱস হিচাপে পালন কৰা হয় । সেইদিনা আমাৰ বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীসকলৰ মাজত চিত্রাঙ্কন প্রতিযোগিতা , কুইজ প্রতিযোগিতা , আকষ্মিক বক্তৃতা আদি পতা হয় । 

অনুশীলনী

১। উত্তৰ লিখা –

( ক ) ভাৰতৰ জাতীয় পতাকাখনক কিয় ত্ৰিৰংগ পতাকা বুলি কোৱা হয় ? 

উত্তৰঃ ভাৰতৰ জাতীয় পতাকাখনত তিনিটা ৰং থকা বাবে ত্ৰিৰংগ বুলি কোৱা হয় ৷ 

( খ ) জাতীয় প্রতীকৰ মোহৰটো আমি ক’ত ক’ত ব্যৱহাৰ কৰোঁ ? 

উত্তৰঃ জাতীয় প্রতীকৰ মোহৰটো আমি চৰকাৰী কাগজ – পত্র , ডাক টিকট , পোষ্টকার্ড আদিত ব্যৱহাৰ কৰো ৷ 

( গ ) ভাৰতবৰ্ষই কোন তাৰিখে স্বাধীনতা দিৱস উদ্‌যাপন কৰে ? 

উত্তৰঃ ১৫ আগষ্ট দিনটো সমগ্ৰ ভাৰতবৰ্ষই স্বাধীনতা দিৱস হিচাপে উদ্‌যাপন কৰে ৷ 

( ঘ ) জাতীয় পতাকাখনৰ ব্যৱহাৰৰ তিনিটা নিয়ম লিখা । 

উত্তৰঃ জাতীয় পতাকাখনৰ ব্যৱহাৰৰ নিয়ম তিনিটা হ’ল : 

( ১ ) সূর্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূর্য অস্ত যোৱাৰ আগতে নমাব লাগে । 

( ২ ) জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে । 

( ৩ ) পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে – তেনে ওলোমাই থব নালাগে । 

( ঙ ) জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম লিখা । 

উত্তৰঃ জাতীয় পতাকা উত্তোলন কৰা দিৱস দুটা হ’ল- ১৫ আগষ্ট আৰু ২৬ জানুৱাৰী । 

২। জাতীয় পতাকাৰ ৰং কেইটাই কি বুজায় ? ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা—

‘ ক ’‘ খ ’
সেউজীয়া ত্যাগ , দেশপ্ৰেম আৰু সাহসৰ প্রতীক।
বগাকৃষি আৰু প্ৰগতিৰ প্ৰতীক।
গেৰুৱাআকাশ আৰু সমুদ্ৰক বুজায়৷
গাঢ় নীলাসত্য আৰু শান্তিৰ প্রতীক।

উত্তৰঃ 

‘ ক ’‘ খ ’
সেউজীয়া কৃষি আৰু প্ৰগতিৰ প্ৰতীক। 
বগাসত্য আৰু শান্তিৰ প্রতীক।
গেৰুৱাত্যাগ , দেশপ্ৰেম আৰু সাহসৰ প্রতীক। 
গাঢ় নীলাআকাশ আৰু সমুদ্ৰক বুজায়৷

৩। খালী ঠাই পূৰ কৰা – 

( ক ) মহাত্মা গান্ধীৰ জন্মদিনটো ____ হিচেপে পালন কৰা হয়।

উত্তৰঃ মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় ৷ 

( খ ) জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত ____ বুলি পৰিচিত । 

উত্তৰঃ জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত নেহৰু খুড়া বুলি পৰিচিত। 

( গ ) ২৬ জানুৱাৰীত ___ পালন কৰা হয় ।

উত্তৰঃ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয় । 

( ঘ ) ___ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় ।

উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় । 

( ঙ ) আমাৰ জাতীয় প্রতীকটোক ____ বোলে ।

উত্তৰঃ আমাৰ জাতীয় প্রতীকটোক অশোক স্তম্ভ বোলে । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। অশোক চক্ৰটোত কেইডাল দণ্ড আছে ? 

উত্তৰঃ অশোক চক্ৰটোত ২৪ ডাল দণ্ড আছে । 

২। জাতীয় প্রতীকটোৰ চকাটো কোন খিনিত থাকে ? 

উত্তৰঃ জাতীয় প্রতীকটোৰ চকাটো সিংহকেইটাৰ তলত থাকে । 

৩। গণতন্ত্ৰ দিৱসৰ দিনা ত্ৰিৰংগ পতাকা কোনে আৰু ক’ত উত্তোলন কৰে ?

উত্তৰঃ গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে । 

৪। আমাৰ দেশত ‘ জাতিৰ পিতা ‘ বুলি কাক আখ্যা দিয়া হৈছে ? 

উত্তৰঃ মহাত্মা গান্ধীক আমাৰ দেশত ‘ জাতিৰ পিতা ‘ বুলি আখ্যা দিয়া হৈছে । 

৫। ড° সর্বপল্লী ৰাধাকৃষ্ণণ কোন আছিল ? 

উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি আছিল । তেখেত এজন শিক্ষক তথা মহান শিক্ষাবিদ আছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top