Class 4 Environment Chapter 2 উৎসৱ

Class 4 Environment Chapter 2 উৎসৱ, SEBA Chapter 2 উৎসৱ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

উৎসৱ

Chapter – 2

পৰিৱেশ অধ্যয়ন

১। তোমালোকে পালন কৰা উৎসৱসমূহৰ নাম লিখা । 

উত্তৰঃ আমি পালন কৰা উৎসৱসমূহ হ’ল -বিহু , ফাকুৱা বা হোলী উৎসৱ , দুর্গাপূজা , দেৱালী , সৰস্বতী পূজা , ৰাখীবন্ধন , লক্ষ্মী পূজা , ৰাস পূর্ণিমা , শ্ৰীকৃষ্ণৰ জন্মাষ্টমী , শিৱৰাত্ৰি ইত্যাদি । 

অনুশীলনী

১। চমু উত্তৰ লিখা –

( ক ) শিখ ধর্মালম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি ? 

উত্তৰঃ শিখ ধর্মালম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ’ল গুৰু নানকৰ জন্মদিন । 

( খ ) বৰদিন কোন ধর্মালম্বী লোকসকলে পালন কৰে ? 

উত্তৰঃ বৰদিন খ্ৰীষ্টান ধর্মালম্বী লোকসকলে পালন কৰে । 

( গ ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে ? 

উত্তৰঃ অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে । 

( ঘ ) ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয় ? 

উত্তৰঃ ওনাম উৎসৱত কাইকোট্ৰিকালি নৃত্য পৰিৱেশন কৰা হয় । 

( ঙ ) দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটোৰ নাম কি ?

উত্তৰঃ দশেৰা উৎসৱৰ লগত একে সময়তে পূৱ ভাৰতত পালন কৰা উৎসৱটোৰ নাম হ’ল দুর্গাপূজা । 

( চ ) বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম লিখা ৷ 

উত্তৰঃ বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা উৎসৱৰ নাম হ’ল চট্ পূজা । 

২। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা :

‘ ক ’‘ খ ’
বিহুতামিলনাড়ু
বৈশাখীমহাৰাষ্ট্ৰ
পোংগল অসম
ওনামপঞ্জাৱ
গণেশ চতুর্থীকেৰেলা

উত্তৰঃ

‘ ক ’‘ খ ’
বিহুঅসম 
বৈশাখীপঞ্জাৱ 
পোংগল তামিলনাড়ু
ওনামকেৰেলা
গণেশ চতুর্থীমহাৰাষ্ট্ৰ 

৩। উত্তৰ লিখা – 

( ক ) বিহু কেইটা আৰু কি কি ? 

উত্তৰঃ বিহু তিনিটা । বহাগ বিহু , মাঘ বিহু আৰু কাতি বিহু । 

( খ ) ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয় ? 

উত্তৰঃ ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ । সাধাৰণতে ফাগুণ মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয় । এই উৎসৱত ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলি পানী এজনে আনজনৰ গালৈ ছটিয়াই বা সানি নৃত্য – গীত কৰি আনন্দ উপভোগ কৰে । ৰাজস্থানত ‘ চোং ’ নামৰ বাদ্যযন্ত্ৰ বজাই নৃত্য – গীত পৰিৱেশন কৰি হোলী পালন কৰা হয় । 

( গ ) বুদ্ধ পূর্ণিমা কিয় পালন কৰা হয় ? 

উত্তৰঃ বুদ্ধদেৱৰ জন্ম , সিদ্ধিলাভ আৰু মৃত্যু ব’হাগ মাহৰ পূৰ্ণিমা তিথিতেই হৈছিল । সেয়েহে ব’হাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পৱিত্ৰ দিন ৰূপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধপূর্ণিমা হিচাপে পালন কৰে । 

( ঘ ) ঈদ কেইটা আৰু কি কি ? 

উত্তৰঃ ঈদ দুটা । সেই দুটা হ’ল ঈদ – উল – ফিতৰ আৰু ঈদুজ্জোহা । 

( ঙ ) দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিকৃতি জ্বলাই দিয়া হয় ? 

উত্তৰঃ দশেৰা উৎসৱত ৰাৱণ , কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি জ্বলাই দিয়া হয় । 

৪। তুমি ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে পাঁচটা বাক্য লিখা ।

উত্তৰঃ নিজৰ পছন্দ অনুসৰি ভালপোৱা উৎসৱৰ বিষয়ে লিখিবা । 

বহাগ বিহু 

বিহু অসমৰ জাতীয় উৎসৱ । 

চ’তৰ শেষ দিনাখনৰ পৰা ব’হাগ বিহু আৰম্ভ হয় ৷ 

প্রথম বিহুৰ দিনা গৰুৰ গাত মাহ – হালধি ঘঁহে , মাখিয়তি আৰু 

দীঘলতিৰ পাতেৰে কোবাই পুখুৰী বা নদীত গা ধুৱাই গাত লাউ , বেঙেনা আদিৰে মাৰি সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰে । সেয়েহে প্রথম বিহুক গৰু বিহু বুলি কোৱা হয় । 

দ্বিতীয় দিনাৰ পৰা মানুহ বিহু । সেইদিনা সৰুৱে ডাঙৰক সেৱা জনাই আশীর্বাদ লয় । আৰু নানা ঢোল , পেঁহা , বাঁহী , গগনা আদি লৈ বিহু হুচৰি গাই আনন্দ কৰে । 

৫। শুদ্ধ উত্তৰটোত ‘✓’ চিন দিয়া –

( ক ) গুৰুনানক বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক । 

উত্তৰঃ গুৰুনানক বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক । × 

( খ ) ওনাম উৎসৱ কেৰেলাত ধৰ্মনিৰপেক্ষভাৱে পালন কৰা হয় । 

উত্তৰঃ ওনাম উৎসৱ কেৰেলাত ধৰ্মনিৰপেক্ষভাৱে পালন কৰা হয় । ✓ 

( গ ) চট্ পূজাত সূর্য দেৱতাক পূজা কৰা হয় । 

উত্তৰঃ চট্ পূজাত সূৰ্য দেৱতাক পূজা কৰা হয় । ✓ 

অতিৰিক্ত প্ৰশ্নোত্তৰ 

১। অসমৰ জাতীয় উৎসৱ কি ? 

উত্তৰঃ অসমৰ জাতীয় উৎসৱ বিহু । 

২। বিহুত কৃষিভিত্তিক উৎসৱ বুলি কিয় কোৱা হয় ? 

উত্তৰঃ বিহু খেতি – বাতিৰ লগত জড়িত বাবে ইয়াক কৃষিভিত্তিক উৎসৱ বুলিও কোৱা হয় । 

৩। বহাগ বিহু কোনদিনাৰ পৰা আৰম্ভ হয় ? 

উত্তৰঃ বহাগ বিহু চ’ত মাহৰ শেষ দিনাখনৰ পৰা আৰম্ভ হয় । 

৪। বহাগ বিহুৰ প্ৰথম দিনাখনক কি বুলি জনা যায় ? 

উত্তৰঃ বহাগ বিহুৰ প্ৰথম দিনাখনক গৰু বিহু বুলি জনা যায় । 

৫। বহাগ বিহুৰ দ্বিতীয় দিনাৰ পৰা কি বুলি জনা যায় ? 

উত্তৰঃ বহাগ মাহৰ দ্বিতীয় দিনাৰ পৰা মানুহ বিহু বুলি জনা যায় ৷ 

৬। বহাগ বিহুক ৰঙালী বিহু বুলি কিয় কোৱা হয় ? 

উত্তৰঃ বহাগ বিহুত সকলোৱে নাচ – গান গাই ৰং – ৰহইছ কৰি উলহ মালহেৰে পালন কৰে বাবে ইয়াক ৰঙালী বিহু বুলিও কোৱা হয় । 

৭। কাতি বিহু কোনদিনা পালন কৰা হয় ? 

উত্তৰঃ কাতি বিহু আহিন মাহৰ শেষৰ দিনা পালন কৰা হয় ৷ 

৮। কাতি বিহুক কিয় কঙালী বিহু বুলিও কোৱা হয় ? 

উত্তৰঃ কাতি বিহুৰ সময়ত মানুহৰ অভাৱ – অনাটন বেছি হয় বাবে ইয়াক কঙালী বিহু বুলি কোৱা হয় । 

৯। মাঘ বিহু কেতিয়া পালন কৰা হয় ? 

উত্তৰঃ মাঘ বিহু পুহ মাহৰ শেষ দিনা অর্থাৎ সংক্ৰান্তিৰ দিনা পালন কৰা হয় । 

১০। মাঘ বিহুক কিয় ভোগালী বিহু বোলা হয় ? 

উত্তৰঃ মাঘ বিহুৰ সময়ত সকলোৰে খাদ্যৰ উভৈনদী হয় কিয়নো এই সময়ত পথাৰৰ সোণ বৰণীয়া লখিমী আহি মানুহৰ ভঁৰাল উপচি পৰে বাবে সকলোৰে অভাৱ গুচে । সেয়েহে এই বিহুক ভোগালী বিহু বোলা হয় । 

১১। দুর্গাপূজা কেতিয়া পালন কৰা হয় ? 

উত্তৰঃ দুর্গাপূজা শৰৎকালত পালন কৰা হয় । 

১২। কোনদিনা দুর্গাদেৱীৰ প্ৰতিমা বিসর্জন দিয়া হয় ? 

উত্তৰঃ বিজয়া দশমীৰ দিনা দুৰ্গাদেৱীৰ প্ৰতিমা বিসর্জন দিয়া হয় । 

১৩৷ চট্ পূজা ক’ত ক’ত পালন কৰা হয় ? 

উত্তৰঃ চট্ পূজা বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা হয় ৷ 

১৪। চট্ পূজাত কি দেৱতাক পূজা কৰা হয় ? 

উত্তৰঃ চট্ পূজাত সূর্য দেৱতাক পূজা কৰা হয় । 

১৫। ‘ চোং ’ কি ? 

উত্তৰঃ ‘ চোং ’ হৈছে এবিধ ৰাজস্থানৰ বাদ্যযন্ত্ৰ । ৰাজস্থানত এই বাদ্যযন্ত্র বজাই নৃত্য – গীত পৰিৱেশন কৰি ফাকুৱা বা হোলী উৎসৱ পালন কৰা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top