Class 4 Environment Chapter 19 সাধাৰণ জ্ঞান (জানি থওঁ আহা)

Class 4 Environment Chapter 19 সাধাৰণ জ্ঞান (জানি থওঁ আহা), SEBA Chapter 19 সাধাৰণ জ্ঞান Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

সাধাৰণ জ্ঞান

Chapter – 19

পৰিৱেশ অধ্যয়ন


প্রশ্নঃ ১। আমাৰ ৰাজ্যখনৰ নাম অসম কেনেকৈ হ’ল ? 

উত্তৰঃ বহুতো পণ্ডিতৰ মতে ৰাজ্যখন জান – জুৰি , পৰ্বত – পাহাৰেৰে অসমান হোৱা বাবেই অসম নাম হোৱা বুলি ক’ব খোজে । কোনো কোনো পণ্ডিতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই ‘ আহোম ’ শব্দটোৰ পৰা অসম নামৰ সৃষ্টি হ’ল বুলি কয় ৷ 

প্রশ্নঃ ২। অসমৰ প্রাচীন নাম কি আছিল ? 

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ । 

প্রশ্নঃ ৩ । আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল ? 

উত্তৰঃ মুংদুনদুন খাম । 

প্রশ্নঃ ৪। আহোমসকল কেতিয়া আহিছিল ? 

উত্তৰঃ ১২২৮ খ্ৰীঃ ত । 

প্রশ্নঃ ৫ । আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ? 

উত্তৰঃ স্বৰ্গদেউ চুকাফা । 

প্রশ্নঃ ৬। আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল ? 

উত্তৰঃ চৰাইদেউত । 

প্রশ্নঃ ৭। শেষ আহোম ৰজাজনৰ নাম কি ? 

উত্তৰঃ চন্দ্ৰকান্ত সিংহ । 

প্রশ্নঃ ৮। আহোমৰ শ্ৰেষ্ঠ ৰজা কোন ? 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ । 

প্রশ্নঃ ৯। কোনজন আহোম ৰজাই পিতৃহত্যা কৰি ৰাজপাটত বহে ? 

উত্তৰঃ চুক্লেনমুং । 

প্রশ্নঃ ১০। আহোম প্রথমতে হোৱা বিবাহক কি বুলি কোৱা হয় ? 

উত্তৰঃ চকলং । 

প্রশ্নঃ ১১। ল’ৰা ৰজাৰ প্ৰকৃত নাম কি আছিল ? 

উত্তৰঃ চুলিকফা । 

প্রশ্নঃ ১২। জয়মতী কোন আছিল ? 

উত্তৰঃ আহোম ৰজা গদাধৰ সিংহৰ পত্নী । 

প্রশ্নঃ ১৩। তেওঁ ( জয়মতী ) কিয় আত্মোৎসর্গ কৰিছিল ? 

উত্তৰঃ নিজৰ স্বামীৰ জীৱন ৰক্ষাৰ কাৰণে ৷ 

প্রশ্নঃ ১৪। মূলা গাভৰু কোন ? 

উত্তৰঃ বৰগোহাঁই ফ্রাংচেংমুঙৰ পত্নী । তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্রু পক্ষৰ লগত যুদ্ধ কৰিছিল । 

প্রশ্নঃ ১৫৷ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ প্রমত্ত সিংহই । 

প্রশ্নঃ ১৬। কাৰেংঘৰ আৰু তলাতল ঘৰৰ নিৰ্মাতা কোন ? 

উত্তৰঃ আহোম ৰজা ৰাজেশ্বৰ সিংহ । 

প্রশ্নঃ ১৭ । শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল ? 

উত্তৰঃ ৰজা শিৱসিংহই । 

প্রশ্নঃ ১৮। জয়দৌল , জয়সাগৰ পুখুৰী আৰু ৰঙ্গনাথৰ মন্দিৰ কোনে প্রতিষ্ঠা কৰে ? 

উত্তৰঃ ৰুদ্ৰ সিংহই । 

প্রশ্নঃ ১৯। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ? 

উত্তৰঃ ১৬৭১ খ্ৰীঃত । 

প্রশ্নঃ ২০। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? 

উত্তৰঃ মোগল আৰু আহোমৰ মাজত । 

প্রশ্নঃ ২১। শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি কোন কোন আছিল ? 

উত্তৰঃ আহোম সেনাপতি –লাচিত বৰফুকন মোগল সেনাপতি — ৰাম সিংহ । 

প্রশ্নঃ ২২। মোগল সম্রাটসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ? 

উত্তৰঃ ১৭ বাৰ ৷ 

প্রশ্নঃ ২৩। মানৰ প্ৰথম আক্রমণ কেতিয়া হৈছিল ? 

উত্তৰঃ ১৮৭১ খ্ৰীঃত । 

প্রশ্নঃ ২৪। অসমলৈ কোনে মান আনিছিল ? 

উত্তৰঃ বদন বৰফুকনে । 

প্রশ্নঃ ২৫। সতী জয়মতীক শাস্তি বিহা ঠাইখনৰ নাম কি ? 

উত্তৰঃ জেৰেঙা পথাৰ । 

প্রশ্নঃ ২৬। বদন বৰফুকনক কোনে আৰু কাৰ আঁচনিমতে হত্যা কৰিছিল ? 

উত্তৰঃ ৰাজমাওৰ আঁচনিমতে ৰূপসিং চুবেদাৰে হত্যা কৰিছিল । 

প্রশ্নঃ ২৭ । অসমলৈ মুছলমানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল ? 

উত্তৰঃ ১২০৩ খ্ৰীঃত । 

প্রশ্নঃ ২৮। উমানন্দ মন্দিৰ কোনে , কেতিয়া প্ৰতিষ্ঠা কৰে ? 

উত্তৰঃ আহোম ৰজা গদাধৰ সিংহই ১৬৯৪ খ্ৰীঃত। 

প্রশ্নঃ ২৯। কছাৰী ৰাজ্যৰ সৰ্বশ্রেষ্ঠ ৰজা কোন ? 

উত্তৰঃ শত্রুদমন ৷ 

প্রশ্নঃ ৩০৷ দন্দুৱা বিদ্রোহ কিয় হৈছিল ? 

উত্তৰঃ আহোম বৰফুকন কলীয়া ভোমোৰাই কামৰূপত অত্যাচাৰ কৰা কাৰণে । 

প্রশ্নঃ ৩১। দিহিঙ্গীয়া ৰজাৰ প্ৰকৃত নাম কি ? 

উত্তৰঃ চুহুংমুং , দিহিং নদীৰ পাৰত ৰাজধানীৰ প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰা কাৰণে তেওঁক দিহিঙ্গীয়া ৰজা বুলি কৈছিল । 

প্রশ্নঃ ৩২। খোৰা ৰজা কোন ? 

উত্তৰঃ চুখ্ৰাংফা । 

প্রশ্নঃ ৩৩। কোন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হৈছিল ? 

উত্তৰঃ জয়ধ্বংস সিংহক । 

প্রশ্নঃ ৩৪। কোন ৰজাৰ দিনত লতা কটা ৰণ হৈছিল ? 

উত্তৰঃ ৰাজেশ্বৰ সিংহৰ দিনত । 

প্রশ্নঃ ৩৫। কোন মন্দিৰত মানুহ বলি দিয়াৰ প্ৰথা আছিল ? 

উত্তৰঃ শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত । গৌৰীনাথ সিংহই এই প্রথা উঠাই দিয়ে । 

প্রশ্নঃ ৩৬। কোন আহোম কুঁৱৰীয়ে মহন্তসকলৰ বলিৰ তেজেৰে প্ৰজাসকলৰ কঁপালত ফোট দিছিল ? 

উত্তৰঃ ফুলেশ্বৰী কুঁৱৰীয়ে । 

প্রশ্নঃ ৩৭ । মোৱামৰীয়া বিদ্ৰোহ কেইবাৰ হৈছিল ? 

উত্তৰঃ তিনিবাৰ ৷ 

প্রশ্নঃ ৩৮। অসম কৃষি বিশ্ববিদ্যালয় ক’ত আছে ? 

উত্তৰঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট জিলাৰ বৰভেটাত আছে । 

প্রশ্নঃ ৩৯। অসমৰ এখন সাৰ কাৰখানা থকা ঠাইৰ নাম লিখা। 

উত্তৰঃ অসমৰ এখন সাৰ কাৰখানা থকা ঠাইৰ নাম হ’ল— ডিব্ৰুগড় জিলাৰ নামৰূপ । 

প্রশ্নঃ ৪০। অসমৰ ( এখন ) সৈনিক স্কুল থকা ঠাইৰ নাম লিখা । 

উত্তৰঃ অসমৰ ( এখন ) সৈনিক স্কুল থকা ঠাইৰ নাম হ’ল গোৱালপাৰা জিলাৰ মৰনৈ । 

প্রশ্নঃ ৪১। অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয়টো ক’ত আছে আৰু নাম কি ? 

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয়টো যোৰহাট জিলাত আছে। এই কাৰ্যালয় ভৱনটোৰ নাম চন্দ্ৰকান্ত সন্দিকৈ ভৱন । 

প্রশ্নঃ ৪২ । অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম লিখা৷ 

উত্তৰঃ অসম সাহিত্যসভাৰ প্ৰথম সভাপতিজনৰ নাম পদ্মনাথ গোহাঞি বৰুৱা । 

প্রশ্নঃ ৪৩। অসমৰ দুখন শিশু আলোচনীৰ নাম লিখা ? 

উত্তৰঃ অসমৰ দুখন শিশু আলোচনীৰ নাম হ’ল মৌচাক আৰু সঁফুৰা । 

প্রশ্নঃ ৪৪। বর্তমান অসমৰ ৰাজ্যপালজনৰ নাম লিখা । 

উত্তৰঃ বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম জানকী বল্লভ পাটনায়ক । 

প্রশ্নঃ ৪৫। বর্তমান অসমৰ শিক্ষা মন্ত্ৰীজনৰ নাম লিখা । 

উত্তৰঃ বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰীজনৰ  ড° হিমন্ত বিশ্ব শৰ্মা ৷

প্রশ্নঃ ৪৬। অসমৰ প্ৰথম অর্জুন বঁটা বিজয়ী পুৰুষ খেলুৱৈজনৰ নাম লিখা । 

উত্তৰঃ অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী পুৰুষ খেলুৱৈজনৰ নাম শ্রীভোগেশ্বৰ বৰুৱা । 

প্রশ্নঃ ৪৭। অসমৰ প্ৰথম অর্জুন বঁটা বিজয়ী মহিলা খেলুৱৈগৰাকীৰ নাম লিখা । 

উত্তৰঃ অসমৰ প্ৰথম অর্জুন বঁটা বিজয়ী মহিলা খেলুলৈ গৰাকী হ’ল শ্ৰীযুতা মনালিছা বৰুৱা ( মেহতা ) । 

প্রশ্নঃ ৪৮। অসমৰ এখন শিশু বিজ্ঞান আলোচনীৰ নাম লিখা ৷ 

উত্তৰঃ অসমৰ এখন শিশু বিজ্ঞান আলোচনীৰ নাম হ’ল – নতুন আৱিষ্কাৰ । 

প্রশ্নঃ ৪৯। পৃথিৱী বিখ্যাত নদী দ্বীপটোৰ নাম কি আৰু ক’ত অৱস্থিত ? 

উত্তৰঃ পৃথিৱী বিখ্যাত নদী দ্বীপটোৰ নাম মাজুলী । এই নদী দ্বীপটো যোৰহাট জিলাত অৱস্থিত । 

প্রশ্নঃ ৫০। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰটো ক’ত আছে ? 

উত্তৰঃ ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰটো তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত ৷ 

প্রশ্নঃ ৫১৷ পৃথিৱীৰ বিখ্যাত চাহ গৱেষণা কেন্দ্ৰ ক’ত আছে ? 

উত্তৰঃ পৃথিৱী বিখ্যাত চাহ গৱেষণা কেন্দ্ৰ যোৰহাট জিলাৰ টোকোলাইত আছে । 

প্রশ্নঃ ৫২। অসমৰ ক’ত আঞ্চলিক গৱেষণা কেন্দ্র আছে ? 

উত্তৰঃ অসমৰ যোৰহাট জিলাৰ আঞ্চলিক গৱেষণা কেন্দ্ৰ আছে । 

প্রশ্নঃ ৫৩। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্রতম দ্বীপটো ক’ত আছে আৰু নাম কি ? 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্রতম দ্বীপটো অসমৰ কামৰূপ জিলাত আছে । এই দ্বীপটোৰ নাম উমানন্দ । 

প্রশ্নঃ ৫৪। অসমৰ ক’ত আঞ্চলিক ধান গৱেষণা কেন্দ্র আছে ? 

উত্তৰঃ অসমৰ যোৰহাট জিলাৰ তিতাবৰত আঞ্চলিক ধান গৱেষণা কেন্দ্র আছে । 

প্রশ্নঃ ৫৫৷ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম লিখা । 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম শৰাইঘাট ।

প্রশ্নঃ ৫৬। অসমত আটাইতকৈ ডাঙৰ ভূমিকম্প কোন চনত হৈছিল ? 

উত্তৰঃ অসমত আটাইতকৈ ডাঙৰ ভূমিকম্প ১৯৫০ চনত হৈছিল । 

প্রশ্নঃ ৫৭। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম লিখা । 

উত্তৰঃ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম লোকপ্রিয় গোপীনাথ বৰদলৈ । 

প্রশ্নঃ ৫৮। কাছাৰ জিলাত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ নাম লিখা । 

উত্তৰঃ কাছাৰ জিলাত থকা কেন্দ্রীয় বিশ্ববিদ্যালয়খনৰ নাম ‘ অসম বিশ্ববিদ্যালয় ‘ । 

প্রশ্নঃ ৫৯। অসমৰ ৰাজ্যিক তাৰকাগৃহ ক’ত আছে ? 

উত্তৰঃ অসমৰ ৰাজ্যিক তাৰকাগৃহ কামৰূপ জিলাৰ লতাশিল ( গুৱাহাটী) ত আছে । 

প্রশ্নঃ ৬০। বৰঝাৰ বিমান কোঠটো কি নামেৰে নামকৰণ কৰা হ’ল ? 

উত্তৰঃ বৰঝাৰ বিমান কোঠটো– লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান কোঠ নামে নামাকৰণ কৰা হ’ল । 

প্রশ্নঃ ৬১। কটন মহাবিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল ? 

উত্তৰঃ কটন মহাবিদ্যালয় ১৯০১ চনত স্থাপন কৰা হৈছিল । 

প্রশ্নঃ ৬২। অসমৰ ৰাজ্যিক প্রতীক কি ? 

উত্তৰঃ অসমৰ ৰাজ্যিক প্ৰতীক হ’ল গঁড় । 

প্রশ্নঃ ৬৩। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত ? 

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত । 

প্রশ্নঃ ৬৪৷ অসমৰ গৰম পানীৰ উঁহ ক’ত আছে ? 

উত্তৰঃ অসমৰ গৰম পানীৰ উঁহ গোলাঘাট জিলাৰ নামবৰত আছে । 

প্রশ্নঃ ৬৫৷ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম মৰম ফখৰুদ্দিন আলি আহমদ । 

প্রশ্নঃ ৬৬। অসমৰ শেষত হোৱা মহকুমাটোৰ নাম কি ? 

উত্তৰঃ অসমৰ শেষত হোৱা মহকুমাটোৰ নাম হ’ল – তিতাবৰ মহকুমা। 

প্রশ্নঃ ৬৭ ৷ অসমৰ প্ৰধান নৈ দুখনৰ নাম লিখা । 

উত্তৰঃ অসমৰ প্ৰধান নৈ দুখনৰ নাম হ’ল – 

( ১ ) ব্ৰহ্মপুত্ৰ । আৰু

( ২ ) বৰাক ।

প্রশ্নঃ ৬৮। অসমৰ জুইশলা কাৰখানা থকা এখন ঠাইৰ নাম লিখা । 

উত্তৰঃ অসমৰ জুইশলা কাৰখানা থকা এখন ঠাইৰ নাম হ’ল – ধুবুৰী । 

প্রশ্নঃ ৬৯৷ ‘ ভাটনাগৰ’বঁটা বিজয়ী এজন বিজ্ঞানীৰ নাম লিখা। 

উত্তৰঃ ‘ ভাটনাগৰ ’ বঁটা বিজয়ী এজন বিজ্ঞানীৰ নাম হ’ল ড° জিতেন্দ্র নাথ গোস্বামী । 

প্রশ্নঃ ৭০। মহাপুৰুষ শংকৰদেৱৰ জন্ম হোৱা ঠাইখনৰ নাম লিখা । 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ জন্ম হোৱা ঠাইখনৰ নাম মৰিগাঁও জিলাৰ পাতেকীবৰী আলিপুখুৰীত । 

প্রশ্নঃ ৭১। অসমৰ এজন অর্থনীতিবিদৰ নাম লিখা ৷ 

উত্তৰঃ অসমৰ এজন অর্থনীতিবিদৰ নাম হ’ল— ড° জয়ন্ত মাধৱ বৰা । 

প্রশ্নঃ ৭২ । অসমৰ এগৰাকী মহিলা মহাকাশ বিজ্ঞানীৰ নাম লিখা । 

উত্তৰঃ অসমৰ এগৰাকী মহিলা মহাকাশ বিজ্ঞানীৰ নাম শ্ৰীযুতা ৰেণিতা শ‍ইকীয়া । 

প্রশ্নঃ ৭৩। প্রথম অসমীয়া ৰেংলাৰ কোন ? 

উত্তৰঃ প্ৰথম অসমীয়া ৰেংলাৰ শ্ৰীযুত অনুপম শ‍ইকীয়া ৷ 

প্রশ্নঃ ৭৪। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম লিখা । 

উত্তৰঃ বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম ড° আবুল পকিৰ জালালুদ্দিন আব্দুল কালাম ( ড° এ , পি , জে , আব্দুল কালাম ) 

প্রশ্নঃ ৭৫। বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰীজনৰ নাম লিখা । 

উত্তৰঃ বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰীজনৰ নাম ড° মনমোহন সিং । 

প্রশ্নঃ ৭৬। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্যজনৰ নাম লিখা ৷ 

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্যজনৰ নাম পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ । 

প্রশ্নঃ ৭৭। ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী সাহিত্যিকজনৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী সাহিত্যিকজনৰ নাম কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ । 

প্রশ্নঃ ৭৮। অসমৰ প্ৰথম বোলছবিখনৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰথম বোল ছবিখনৰ নাম জয়মতী । 

প্রশ্নঃ ৭৯। জয়মতী বোলছবি কোনে নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ জয়মতী বোলছবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল । 

প্রশ্নঃ ৮০। যোৰহাট জিলাৰ ক’ত বন গৱেষণা কেন্দ্ৰ আছে ? 

উত্তৰঃ যোৰহাট জিলাৰ ছটাইত বন গৱেষণা কেন্দ্র আছে । 

প্রশ্নঃ ৮১৷ অসমৰ দুজন বোলছবি অভিনেতাৰ নাম লিখা । 

উত্তৰঃ অসমৰ দুজন বোলছবি অভিনেতাৰ নাম হ’ল ―

( ১ ) শ্ৰীযুত বিজু ফুকন । আৰু

( ২ ) শ্ৰীযুত তপন দাস । 

প্রশ্নঃ ৮২। ‘ দাদা চাহেব ফাল্কে বঁটা ’ লাভ কৰা অসমৰ এজন ব্যক্তিৰ নাম লিখা । 

উত্তৰঃ ‘ দাদা চাহেব ফাল্কে বঁটা ’ লাভ কৰা অসমৰ এজন ব্যক্তিৰ নাম হ’ল – ড° ভূপেন হাজৰিকা । 

প্রশ্নঃ ৮৩। অসমৰ আটাইতকৈ দীঘল ৰেল পথৰ সুৰঙ্গটো ক’ত আছে ? 

উত্তৰঃ অসমৰ আটাইতকৈ দীঘল ৰেলপথৰ সুৰংগটো উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মাহুত আছে । 

প্রশ্নঃ ৮৪। অসমৰ পক্ষী নিৰীক্ষণ কেন্দ্ৰ থকা এখন ঠাইৰ নাম লিখা । 

উত্তৰঃ অসমৰ পক্ষী নিৰীক্ষণ কেন্দ্ৰ থকা এখন ঠাইৰ নাম হ’ল উত্তৰ কাছাৰ পার্বত্য জিলাৰ জাটিংগা । 

প্রশ্নঃ ৮৫। অসমৰ বিলাতী মাটিৰ কাৰখানা থকা এখন ঠাইৰ নাম লিখা । 

উত্তৰঃ অসমৰ বিলাতী মাটিৰ কাৰখানা থকা এখন ঠাইৰ নাম হ’ল— কাৰ্বি আংলং জিলাৰ বোকাজান । 

প্রশ্নঃ ৮৬। অসমৰ এখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। 

উত্তৰঃ অসমৰ এখন স্বাস্থ্যকৰ ঠাইৰ নাম হ’ল উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাফলং । 

প্রশ্নঃ ৮৭। কাৰ্বি আংলং জিলাৰ হাবিত পোৱা এবিধ আপুৰুগীয়া প্ৰাণীৰ নাম লিখা । 

উত্তৰঃ কাৰ্বি আংলং জিলাৰ হাবিত পোৱা এবিধ আপুৰুগীয়া প্ৰাণী হ’ল বনৰৌ ।

প্রশ্নঃ ৮৮। বঙাইগাঁও জিলাৰ ক’ত পেট্ৰ’কেমিকেল উদ্যোগ আছে ? 

উত্তৰঃ বঙাইগাঁও জিলাৰ ঢালিগাঁৱত পেট্ৰ’কেমিকেল উদ্যোগ আছে । 

প্রশ্নঃ ৮৯৷ উত্তৰ – পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানাটো ক’ত আছে ? 

উত্তৰঃ উত্তৰ – পূব ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কাৰখানাটো অসমৰ বঙাইগাঁও জিলাত আছে । 

প্রশ্নঃ ৯০। পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম লিখা ৷ 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখন হ’ল মেঘালয় ৰাজ্যৰ মৌছিনৰাম । 

প্রশ্নঃ ৯১। চীনা পৰিব্ৰাজক হিউৱেন চাঙ কোন ৰজাৰ ৰাজত্ব কালত অসমলৈ আহিছিল ? 

উত্তৰঃ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালত । 

প্রশ্নঃ ৯২। বর্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন ? 

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মন ।

প্রশ্নঃ ৯৩৷ কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন কোন আছিল ? 

উত্তৰঃ ভগদত্ত , কৌৰৱ পক্ষৰ হৈ যুঁজিছিল । 

প্রশ্নঃ ৯৪৷ বান ৰজাৰ ৰাজধানী ক’ত আছিল ? 

উত্তৰঃ শোণিতপুৰত ৷ 

প্রশ্নঃ ৯৫। বান ৰজাৰ কন্যাৰ নাম কি আছিল ? 

উত্তৰঃ ঊষাদেৱী । 

প্রশ্নঃ ৯৬। হৰি – হৰৰ যুদ্ধ কাৰ মাজত হৈছিল ? 

উত্তৰঃ বানৰজা ফলীয়া মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিল । 

প্রশ্নঃ ৯৭ । ঊষাদেৱীৰ কাৰ লগত বিবাহ হৈছিল ? 

উত্তৰঃ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত । 

প্রশ্নঃ ৯৮। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ নৰকাসুৰে ৷ 

প্রশ্নঃ ৯৯। কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনে কিয় কৰে ? 

উত্তৰঃ কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰাত কোঁচৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰে । 

প্রশ্নঃ ১০০। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন ? 

উত্তৰঃ নৰনাৰায়ণ । 

প্রশ্নঃ ১০১। নৰনাৰায়ণৰ সেনাপতি কোন আছিল ? 

উত্তৰঃ মহাবীৰ চিলাৰায় ৷ 

প্রশ্নঃ ১০২। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ? 

উত্তৰঃ চক্ৰধ্বজ সিংহৰ দিনত ৷ 

প্রশ্নঃ ১০৩। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ? 

উত্তৰঃ ১৮২৬ খ্ৰীঃত । 

প্রশ্নঃ ১০৪। এই সন্ধি কাৰ কাৰ মাজত হৈছিল ? 

উত্তৰঃ বৃটিছ আৰু মান ৰজাৰ মাজত । 

প্রশ্নঃ ১০৫৷ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম ছহিদ কোন ? 

উত্তৰঃ পিয়লি ফুকন । 

প্রশ্নঃ ১০৬। মণিৰাম দেৱানক ফাঁচি কোন চনত দিছিল ? 

উত্তৰঃ ১৮৫৮ চনত । 

প্রশ্নঃ ১০৭। কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল । 

উত্তৰঃ পুৰন্দৰ সিংহক ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top