Class 4 Environment Chapter 17 আমাৰ ৰাজ্যখন

Class 4 Environment Chapter 17 আমাৰ ৰাজ্যখন, SEBA Chapter 17 আমাৰ ৰাজ্যখন Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ ৰাজ্যখন

Chapter – 17

পৰিৱেশ অধ্যয়ন


১। মানচিত্র দুখন চাঁই তলৰ প্ৰশ্নসূহৰ উত্তৰ লিখা–  

( ক ) অসম ৰাজ্যৰ দক্ষিণ দিশত অৱস্থিত ৰাজ্যবোৰৰ নাম কি কি ? 

উত্তৰঃ অসম ৰাজ্যৰ দক্ষিণ দিশত অৱস্থিত ৰাজ্যবোৰ হ’ল – মেঘালয় ৰাজ্য , মিজোৰাম , ত্ৰিপুৰা । 

( খ ) অসম ৰাজ্যৰ উত্তৰ – পূব দিশত থকা ৰাজ্যখনৰ নাম কি ? 

উত্তৰঃ অসম ৰাজ্যৰ উত্তৰ – পূব দিশত থকা ৰাজ্যখন হ’ল অৰুণাচল প্ৰদেশ ।

২। মানচিত্ৰ চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা –

( ক ) অসমৰ প্ৰধান নৈ দুখনৰ নাম । 

উত্তৰঃ অসমৰ প্ৰধান নৈ দুখন -ব্ৰহ্মপুত্ৰ আৰু বৰাক । 

( খ ) ব্ৰহ্মপুত্ৰ নদীৰ পাঁচখন উপনৈৰ নাম । 

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ পাঁচখন উপনৈ- জীয়াভৰালী , কপিলী , বুঢ়ীদিহিং, ধনশিৰি আৰু সোণকোষ ৷ 

( গ ) বৰাক নৈৰ দুখন উপনৈৰ নাম । 

উত্তৰঃ ধলেশ্বৰী আৰু সোণাই । 

( ঘ ) তোমাৰ জিলাখন কোনটো প্রাকৃতিক বিভাগত পৰে ? 

উত্তৰঃ মানচিত্র চাই নিজে লিখিবা । 

( ঙ ) অসমৰ কোনটো প্রাকৃতিক বিভাগে অধিক ঠাই আগুৰি আছে ? 

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাই অধিক ঠাই আগুৰি আছে । 

( চ ) বৰাক উপত্যকা অসমৰ কোন দিশত অৱস্থিত ? 

উত্তৰঃ দক্ষিণ দিশত । 

৩। অসমৰ মানচিত্ৰ চাই তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা –

( ক ) অসমৰ চাৰিসীমাত কি কি ৰাজ্য আছে ? 

উত্তৰঃ অসমৰ চাৰিসীমা :- 

পূৱে – ণিপুৰ , নাগালেণ্ড আৰু অৰুণাচল প্রদেশ । 

পশ্চিমে – মেঘালয় আৰু বাংলাদেশ । 

উত্তৰে – ভূটান আৰু অৰুণাচল প্রদেশ ।

দক্ষিণে – ত্ৰিপুৰা , মিজোৰাম আৰু মেঘালয় ৰাজ্য । 

৪। অসমৰ ওচৰত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি ? 

উত্তৰঃ অসমৰ ওচৰত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম হ’ল ―

( ক ) ভূটান । আৰু 

( খ ) বাংলাদেশ । 

৫। অসমৰ ৰাজধানীৰ নাম লিখা । 

উত্তৰঃ অসমৰ ৰাজধানীৰ নাম হ’ল – দিছপুৰ । 

অনুশীলনী 

১। উত্তৰ লিখা – 

( ক ) অসমৰ প্ৰধান প্রাকৃতিক বিভাগ কেইটা আৰু কি কি ? 

উত্তৰঃ অসমৰ প্ৰাকৃতিক বিভাগ তিনিটা সেইবোৰ হ’ল ―

( ক ) ব্ৰহ্মপুত্ৰ উপত্যকা । 

( খ ) বৰাক উপত্যকা । আৰু 

( গ ) পাহাৰীয়া উপত্যকা । 

( খ ) অসমৰ প্ৰধান নৈ দুখনৰ নাম কি কি ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ প্ৰধান নৈ । 

( গ ) অসম ৰাজ্যৰ ওচৰতে থকা বিদেশী ৰাষ্ট্ৰ কেইখনৰ নাম কি কি ? 

উত্তৰঃ ভূটান আৰু বাংলাদেশ । 

( ঘ ) অসমৰ চাৰিসীমা লিখা । 

উত্তৰঃ অসমৰ চাৰিসীমা :-  

পূৱে – মণিপুৰ , নাগালেণ্ড আৰু অৰুণাচল প্রদেশ ।

পশ্চিমে – মেঘালয় আৰু বাংলাদেশ ।

উত্তৰে – ভূটান আৰু অৰুণাচল প্ৰদেশ ।

দক্ষিণে –ত্ৰিপুৰা , মিজোৰাম আৰু মেঘালয় ৰাজ্য । 

( ঙ ) বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম কি কি ? 

উত্তৰঃ কাছাৰ জিলা , হাইলাকান্দি আৰু কৰিমগঞ্জ । 

২। খালী ঠাই পূৰ কৰা –

( ক ) অসম ৰাজ্যৰ ___অংশত ব্ৰহ্মপুত্ৰ উপত্যকা আছে । 

উত্তৰঃ উত্তৰ ।

( খ ) আমাৰ দেশ ভাৰতৰ ___অংশত ব্ৰহ্মপুত্ৰ উপত্যকা আছে। 

উত্তৰঃ উত্তৰ – পূৱ ।

( গ ) মানচিত্ৰত পৰ্বত , পাহাৰ , নৈ আদি বুজাবলৈ ব্যৱহাৰ কৰা চিনবোৰক ___চিহ্ন বোলে । 

উত্তৰঃ সাংকেতিক চিহ্ন ।

( ঘ ) অসমৰ দক্ষিণ অংশত ___বৰাক উপত্যকা আছে ।

উত্তৰঃ বৰাক ।

৩। শুদ্ধ উত্তৰটো বাচি উলিয়াই লিখা –

( ক ) অসমক প্রধানকৈ দুটা / তিনিটা / চাৰিটা প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে ।

উত্তৰঃ অসমক প্রধানকৈ তিনিটা প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে ।

( খ ) ব্রহ্মপুত্র উপত্যকা অসম ৰাজ্যৰ উত্তৰ / দক্ষিণ / পূব অংশত ।

উত্তৰঃ ব্রহ্মপুত্র উপত্যকা অসম ৰাজ্যৰ উত্তৰ অংশত ।

( গ ) অসম ৰাজ্যৰ ওচৰত দুখন / তিনিখন / চাৰিখন বিদেশী ৰাষ্ট্ৰ আছে । 

উত্তৰঃ অসম ৰাজ্যৰ ওচৰত দুখন বিদেশী ৰাষ্ট্ৰ আছে । 

( ঘ ) মানাহ / সোৱণশিৰি / ধলেশ্বৰী হ’ল বৰাক নৈৰ উপনৈ ।

উত্তৰঃ ধলেশ্বৰী হ’ল বৰাক নৈৰ উপনৈ ।

৪। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা –

উত্তৰঃ                

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top