Class 4 Environment Chapter 15 গ্ৰহ আৰু নক্ষত্ৰৰ কথা

Class 4 Environment Chapter 15 গ্ৰহ আৰু নক্ষত্ৰৰ কথা, SEBA Chapter 15 গ্ৰহ আৰু নক্ষত্ৰৰ কথা Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

গ্ৰহ আৰু নক্ষত্ৰৰ কথা

Chapter – 15

পৰিৱেশ অধ্যয়ন


১। তলৰ বাক্যকেইশাৰী পূৰাওঁ আহা –

( ক ) সূর্য এটা ___।

উত্তৰঃ নক্ষত্র ।

( খ ) পৃথিৱী এটা ___।

উত্তৰঃ গ্রহ । 

( গ ) সূৰ্যৰ নিজা __আৰু __ আছে । 

উত্তৰঃ পোহৰ,তাপ ।

( ঘ ) পৃথিৱীৰ নিজা ___ নাই ।

উত্তৰঃ তাপ আৰু পোহৰ ।

( ঙ ) নক্ষত্ৰবোৰ আকাশত ___ থাকে ।

উত্তৰঃ তিৰবিৰাই থাকে । 

⇒ চিন্তা কৰি লিখা –

২। সূর্যটো নাথাকিলে কি হ’লহেতেন ? 

উত্তৰঃ সূৰ্যটো নাথাকিলে আমি তাপ আৰু পোহৰ নাপালোহেঁতেন । আৰু তাৰ ফলত পৃথিৱীৰ সমগ্ৰ মানুহ , জীৱ – জন্তু , গছ – গছনিৰ বহুতো অসুবিধা হ’লহেতেন ।

অনুশীলনী 

১। খালী ঠাই পূৰ কৰা –

( ক ) ৰাতিৰ আকাশত তিৰ্বিৰাই থকা তৰাবোৰক ___ বুলি কোৱা হয় ।

উত্তৰঃ নক্ষত্ৰ ।

( খ ) আমি পোহৰ আৰু তাপ পোৱা নক্ষত্ৰটোৰ নাম ___।

উত্তৰঃ সূর্য । 

( গ ) সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম ____।

উত্তৰঃ বুধ । 

( ঘ ) সূৰ্যৰ পৰা আটাইতকৈ দূৰ্ত থকা গ্ৰহটোৰ নাম ___।

উত্তৰঃ নেপচুন ।

( ঙ ) আমি বাস কৰা গ্ৰহটোৰ নাম ___।

উত্তৰঃ পৃথিৱী ।

২। উত্তৰ লিখা –

( ক ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ? 

উত্তৰঃ সৌৰজগৰৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ’ল -বৃহস্পতি । 

( খ ) সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি ? 

উত্তৰঃ বুধ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ । 

( গ ) কৃত্রিম উপগ্রহ কিহৰ সহায়ত আকাশলৈ পঠিয়ায় ? 

উত্তৰঃ বিজ্ঞানীসকলে বিশেষভাৱে সাজি উলিওৱা যন্ত্রক , ৰকেটৰ সহায়ত আকাশলৈ পঠিয়াই দিয়া হয় । আৰু সেয়ে হ’ল কৃত্রিম উপগ্রহ । 

( ঘ ) ভাৰতে পঠিওৱা প্ৰথম কৃত্রিম উপগ্ৰহটোৰ নাম কি ? 

উত্তৰঃ ভাৰতে পঠিওৱা প্ৰথম উপগ্ৰহটো হ’ল – আর্যভট্ট । 

৩। পার্থক্য লিখা –

( ক ) নক্ষত্ৰ আৰু গ্ৰহ ৷ 

উত্তৰঃ নক্ষত্ৰ আৰু গ্ৰহৰ পাৰ্থক্যসমূহ এনেধৰণৰ ―

( ১ ) নক্ষত্ৰবোৰৰ নিজা তাপ আৰু পোহৰ আছে । কিন্তু গ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ নাই । 

( ২ ) ৰাতিৰ আকাশত নক্ষত্ৰবোৰ তিবিৰাই জিলিকি থাকে । কিন্তু গ্ৰহবোৰে আকাশত স্থিৰ হৈ জিলিকি থাকে । 

৪। কৃত্রিম উপগ্ৰহৰ সহায়ত কৰা দুটা কামৰ বিষয়ে লিখা । 

উত্তৰঃ কৃত্রিম উপগ্ৰহৰ সহায়ত কৰা কাম দুটা হ’ল –

( ১ ) বতৰৰ আগজাননী ।

( ২ ) দুৰদৰ্শনৰ ছবি আৰু বাৰ্তা প্ৰেৰণ কৰিবলৈ । 

৫। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ আঁচ টানি মিলোৱা –

‘ ক ‘‘ খ ‘
শুক্রসূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্রহ। 
বৃহস্পতি জীৱ থকা গ্রহ।
বুধপৃথিৱীৰ ওচৰত থকা গ্রহ।
পৃথিৱীসূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্রহ।
নেপচুনআৰ্টইতকৈ ডাঙৰ গ্ৰহ।

উত্তৰঃ

‘ ক ‘‘ খ ‘
শুক্রপৃথিৱীৰ ওচৰত থকা গ্রহ। 
বৃহস্পতি আৰ্টইতকৈ ডাঙৰ গ্ৰহ। 
বুধসূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্রহ।
পৃথিৱীজীৱ থকা গ্রহ। 
নেপচুনসূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্রহ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top