Class 4 Environment Chapter 12 প্রাকৃতিক সম্পদ

Class 4 Environment Chapter 12 প্রাকৃতিক সম্পদ, SEBA Chapter 12 প্রাকৃতিক সম্পদ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

প্রাকৃতিক সম্পদ

Chapter – 12

পৰিৱেশ অধ্যয়ন


ক্রিয়া – কলাপ

১। বনজ সম্পদসমূহক তলত দিয়া ধৰণে ভগাওঁ আহা –

উদ্ভিদপ্ৰাণী
১। বনচোম১। দেওহাঁহ

উত্তৰঃ   

উদ্ভিদপ্ৰাণী
১। বনচোম১। দেওহাঁহ
২। শাল২। হাতী 
৩। চেগুন৩। গঁড়
৪। তিতাচপা৪। বাঘ
৫। গমাৰী৫৷ ম’হ
৬। বাঁহ – বেত৬। হৰিণা
৭। বান্দৰ
৮। ধনেশ
৯। বৰটোকোলা 

⇒ চিন্তা কৰি লিখা –

( ক ) যান – বাহন চলাবলৈ আমাক কি কি ইন্ধন লাগে ? 

উত্তৰঃ যান – বাহন চলাবলৈ আমাক পেট্রল , ডিজেল আদি ইন্ধন লাগে৷ 

( খ ) গেছ ষ্টোভ জ্বলাবলৈ কি ইন্ধনৰ প্ৰয়োজন ? 

উত্তৰঃ গেছ ষ্টোভ জ্বলাবলৈ প্ৰাকৃতিক গেছৰ প্ৰয়োজন । 

( গ ) কল – কাৰখানা চলাবলৈ কি কি ইন্ধন লাগে ? 

উত্তৰঃ কল – কাৰখানা চলাবলৈ কয়লা ব্যৱহাৰ কৰা হয় । 

ক্ৰিয়া – কলাপ 

১। কি কি কামত কয়লা ব্যৱহাৰ কৰিব পাৰি ভাবি চাই কাষৰ খালী বাকচত লিখা : 

উত্তৰঃ                  

⇒ দলত আলোচনা কৰি লিখা –

( ক ) বনজ সম্পদে আমাক কি ধৰণে সহায় কৰে ? 

উত্তৰঃ বনজ সম্পদে আমাক বহুতো সহায় কৰে । 

( ১ ) হাবিত থকা গছৰ পৰা মূল্যবান কাঠ , খৰি , বাঁহ , বেত আদি পাওঁ । 

( ২ ) কাঠ , বাঁহ , বেতৰ পৰা আমি বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰিব পাৰোঁ । এই আচবাবৰ ব্যৱসায় কৰি আমাৰ বহু লোক আর্থিকভাৱে লাভবান হৈছে ৷ গছ – গছনিয়ে বায়ুমণ্ডলৰ কিছু পৰিমাণে প্ৰদূষণো দূৰ কৰে ৷ 

( খ ) খাৰুৱা তেল নহ’লে আমাৰ কি অসুবিধা হ’ব ? 

উত্তৰঃ খাৰুৱা তেল নহ’লে আমাৰ বহুতো অসুবিধা হ’ব । 

( ১ ) গাড়ী – মটৰ চলাব নোৱাৰিম । 

( ২ ) ৰন্ধা – বঢ়াৰ কাৰণে আমি গেছ ব্যৱহাৰ কৰিব নোৱাৰিম । 

( ৩ ) কেৰাচিন নাপালে লেম্প – চাকি , স্তোভ ব্যৱহাৰ কৰিব নোৱাৰিম। 

( ৪ ) মমবাতি , ভেচলিন , আলকাতৰা , নেপথালিন আদি উৎপাদন কৰিব নোৱাৰিম । 

অনুশীলনী 

১। উত্তৰ লিখা – 

( ক ) প্রাকৃতিক সম্পদ কাক বোলে ? 

উত্তৰঃ আমাৰ পৃথিৱীখন বায়ু , পানী , মাটি , খনিজ পদার্থ , অৰণ্য আৰু বন্যপ্ৰাণীৰে ভৰপুৰ ৷ এইবোৰ প্রত্যেকেই একো একোটা সম্পদ । প্রকৃতিত পোৱা এই সম্পদবোৰকেই প্রাকৃতিক সম্পদ বোলে । 

( খ ) খনিজ সম্পদ কাক বোলে ? 

উত্তৰঃ ভূ – গৰ্ভত পোৱা খাৰুৱা তেল , প্রাকৃতিক গেছ , কয়লা , চূণশিল আদি পোৱা যায় । ভূ – গৰ্ভত পোৱা এই সম্পদবোৰকেই খনিজ সম্পদ বোলা হয় । 

( গ ) অসমৰ খনিজ সম্পদসমূহ কি কি ? 

উত্তৰঃ কেৰাচিন , পেট্র’ল , ডিজেল আদি ।

( ঘ ) অসমক কিয় ‘ পনীয়া সোণৰ ৰাজ্য ‘ বুলি কোৱা হয় ? 

উত্তৰঃ অসম খাৰুৱা তেলৰ বাবে ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য । সেয়েহে অসমক ‘ পনীয়া সোণৰ ৰাজ্য ‘ বুলি কোৱা হয় । 

( ঙ ) জলজ সম্পদ কি ? 

উত্তৰঃ পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহক জলজ সম্পদ বুলি কোৱা হয় ৷ যেনে :- মাছ , কাছ , ঘৰিয়াল ইত্যাদি । 

( চ ) অসমক কিয় ‘ নদী – মাতৃক দেশ ’ বুলি কোৱা হয় ? 

উত্তৰঃ অসমত নদ – নদী বেছি থকাৰ কাৰণে অসমক ‘ নদী মাতৃক দেশ ’ বুলি কোৱা হয় ৷ 

( ছ ) তিনিবিধ বনজ সম্পদৰ নাম লিখা । 

উত্তৰঃ বনচোম , গঁড় , ধনেশ পক্ষী । 

২। আমি কিয় প্রাকৃতিক সম্পদবোৰৰ সদ্ ব্যৱহাৰ কৰিব লাগে ? 

উত্তৰঃ সকলো প্রাকৃতিক সম্পদেই অতি মূল্যবান ৷ সেয়ে এই সম্পদবোৰ আমি সংৰক্ষণ কৰিব লাগে , যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায় ৷ 

৩। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া – 

( ক ) আলকেতেৰা কয়লাখনিত পোৱা যায় । 

উত্তৰঃ x

( খ ) চূণ এবিধ বনজ সম্পদ । 

উত্তৰঃ x

( গ ) প্রাকৃতিক সম্পদৰ আমি সদ্‌ব্যৱহাৰ কৰিব লাগে । 

উত্তৰঃ  

( ঘ ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায় । 

উত্তৰঃ x 

( ঙ ) ভূ – গৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী । 

উত্তৰঃ x 

৪। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা –

‘ ক ’‘ খ ’
কয়লাবনজ সম্পদ
খাৰুৱা তেলজলজ সম্পদ
গঁড় , হাতীখনিজ সম্পদ
পানীত থকা প্ৰাণীসমূহপনীয়া সোণ 

উত্তৰঃ

‘ ক ’‘ খ ’
কয়লাখনিজ সম্পদ 
খাৰুৱা তেলপনীয়া সোণ 
গঁড় , হাতীবনজ সম্পদ
পানীত থকা প্ৰাণীসমূহজলজ সম্পদ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top