Class 4 Environment Chapter 10 বীজাণু আৰু ৰোগ

Class 4 Environment Chapter 10 বীজাণু আৰু ৰোগ, SEBA Chapter 10 বীজাণু আৰু ৰোগ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

বীজাণু আৰু ৰোগ

Chapter – 10

পৰিৱেশ অধ্যয়ন


অনুশীলনী 

১। উত্তৰ লিখা – 

( ক ) এজনৰ পৰা আন এজন মানুহলৈ বিয়পা ৰোগক কি বুলি কোৱা হয় ? 

উত্তৰঃ সংক্রামক ৰোগ । 

( খ ) ৰোগৰ বীজাণু এজনৰ পৰা আন এজনৰ গালৈ কি কি উপায়েৰে বিয়পিব পাৰে লিখা । 

উত্তৰঃ ৰোগৰ বীজাণুবোৰ বায়ু , পানী , খাদ্যবস্তু , ৰোগীৰ থু – খেকাৰ, মল মূত্ৰ আদিৰ দ্বাৰা বিয়পে। ৰোগীৰ সংস্পৰ্শলৈ আহিলেও এনেবোৰ ৰোগৰ বীজাণু এজনৰপৰা আন এজনৰ গালৈ বিয়পিব পাৰে । 

( গ ) কি যন্ত্ৰৰ দ্বাৰা বীজাণুবোৰ দেখা পোৱা যায় ? 

উত্তৰঃ অনুবীক্ষণ যন্ত্ৰদ্বাৰা বীজাণুবোৰ দেখা পোৱা যায় । 

( ঘ ) চাৰিটা সংক্রামক ৰোগৰ নাম লিখা । 

উত্তৰঃ পানীলগা জ্বৰ বা ইনফ্লুয়েঞ্জা , টাইফয়েড বা সান্নিপাত জ্বৰ , যক্ষ্মা আৰু মেলেৰিয়া । 

( ঙ ) এটা উপকাৰী অনুজীৱৰ নাম লিখা ৷ 

উত্তৰঃ ইষ্ট হৈছে এটা উপকাৰী অণুজীৱ । 

২। শুদ্ধ উত্তৰ বাছি উলিওৱা : 

( ক ) সকলো অণুজীৱই বীজাণু হয় / নহয় ৷

উত্তৰঃ সকলো অণুজীৱই বীজাণু নহয় ৷

( খ ) সংক্রামক ৰোগ এজনৰপৰা আন এজনলৈ নিবিয়পে / বিয়পে । 

উত্তৰঃ সংক্রামক ৰোগ এজনৰপৰা আন এজনলৈ বিয়পে । 

( গ ) বীজাণুৱে বেমাৰ বিয়পাব পাৰে / নোৱাৰে ।

উত্তৰঃ বীজাণুৱে বেমাৰ বিয়পাব পাৰে ।

( ঘ ) মেলেৰিয়া ৰোগ বায়ুৰদ্বাৰা বিয়পে / নিবিয়পে । 

উত্তৰঃ মেলেৰিয়া ৰোগ বায়ুদ্বাৰা নিবিয়পে ।

( ঙ ) প্রতিষেধক ব্যৱস্থা লৈ সংক্রামক ৰোগৰপৰা হাত সাৰিব পাৰি / নোৱাৰি । 

উত্তৰঃ প্রতিষেধক ব্যৱস্থা লৈ সংক্রামক ৰোগৰপৰা হাত সাৰিব পাৰি । 

৩। তলত দিয়া ৰোগবোৰ কেনেকৈ বিয়পে আঁচ টানি মিলোৱা –

ৰোগকেনেদৰে বিয়পে
পানীলগা জ্বৰৰোগীৰ সংস্পৰ্ষৰ দ্বাৰা বিয়পে
পিঠাখোৱাহাঁচিৰ দ্বাৰা বিয়পে
মেলেৰিয়াৰোগীৰ মলমুত্র , কফ , থু – খেকাৰ আদিৰে  বিয়পে
যক্ষ্মামাইকী এন’ফিলিছ মহে কামুৰিলে বিয়পে 

উত্তৰঃ

ৰোগকেনেদৰে বিয়পে
পানীলগা জ্বৰহাঁচিৰ দ্বাৰা বিয়পে
পিঠাখোৱাৰোগীৰ সংস্পৰ্ষৰ দ্বাৰা বিয়পে
মেলেৰিয়ামাইকী এন’ফিলিছ মহে কামুৰিলে বিয়পে
যক্ষ্মাৰোগীৰ মলমুত্র , কফ , থু – খেকাৰ আদিৰে  বিয়পে 

৪। খালী ঠাই পূৰ কৰা –

( ক ) ____নামৰ অণুজীৱৰ সহায়ত পাওৰুটী প্ৰস্তুত কৰা হয় । 

উত্তৰঃ ঈষ্ট।

( খ ) ____যন্ত্ৰৰদ্বাৰা সৰু বস্তুবোৰ ডাঙৰ দেখা যায় ৷

উত্তৰঃ অণুবীক্ষণ।

( গ ) অপকাৰী ___বেমাৰৰ সৃষ্টি কৰে ৷

উত্তৰঃ অণুজীৱই।

( ঘ ) পানী ভালদৰে ___ খাব লাগে ৷ 

উত্তৰঃ উতলাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top