Class 4 Environment Chapter 1 পৰিয়াল

Class 4 Environment Chapter 1 পৰিয়াল, SEBA Chapter 1 পৰিয়াল Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

পৰিয়াল

Chapter – 1

পৰিৱেশ অধ্যয়ন

⇒ দলত আলোচনা কৰি কোৱা : 

১। দুয়োটা পৰিয়াল একেইনে ? দুয়োটা পৰিয়ালৰ মাজত কি কি অমিল দেখিছা ? 

উত্তৰঃ ছবিত থকা দুয়োটা পৰিয়াল একে নহয় ৷ দুয়োটা পৰিয়ালৰ মাজত থকা অমিলসমূহ হ’ল ― 

( ১ ) প্রথম পৰিয়ালটো একক পৰিয়াল আৰু দ্বিতীয় পৰিয়ালটো যৌথ পৰিয়াল । 

( ২ ) প্রথম পৰিয়ালটোৰ সদস্য সংখ্যা কম আৰু দ্বিতীয় পৰিয়ালটোৰ সদস্য সংখ্যা বেছি । 

( ৩ ) প্রথম পৰিয়ালটোত দুজন শিশু সদস্য আছে , কিন্তু দ্বিতীয় পৰিয়ালটোত তিনিজন শিশু সদস্য আছে । 

( ৪ ) প্রথম পৰিয়ালটোত দুগৰাকী মহিলা সদস্যা আছে আৰু দ্বিতীয় পৰিয়ালটোত পাঁচগৰাকী মহিলা সদস্যা আছে । 

( ৫ ) প্রথম পৰিয়ালটোত দুজন পুৰুষ সদস্য আছে আনহাতে দ্বিতীয় পৰিয়ালটোত চাৰিজন পুৰুষ সদস্য আছে । 

২। প্রথম পৰিয়ালৰ সদস্য কেইজন ? 

উত্তৰঃ প্ৰথম পৰিয়ালৰ সদস্য চাৰিজন । 

৩। দ্বিতীয় পৰিয়ালৰ সদস্য কেইজন ? 

উত্তৰঃ দ্বিতীয় পৰিয়ালৰ সদস্য ন জন । 

⇒ ওপৰত দিয়া অনিতাৰ পৰিয়ালটোৰ বৰ্ণনাৰ আলমত তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়া ৷ 

৪। অনিতাৰ পৰিয়ালটোত কোন কোন আছে ? 

উত্তৰঃ অনিতাৰ পৰিয়ালটোত অনিতাৰ ককাক – আইতাক , খুড়াক খুৰীয়েক , পেহীয়েক , মাক – দেউতাক আৰু তেওঁলোকৰ ল’ৰা ছোৱালীসমূহ আছে । 

৫। পৰিয়ালৰ কোন কেইজন সদস্যই তাইৰ যত্ন লয় ? 

উত্তৰঃ পৰিয়ালৰ প্ৰায় প্রত্যেক জন লোকেই অনিতাৰ যত্ন লয় । খুড়ীয়েকে তাইক বিদ্যালয়লৈ যাবলৈ সাজু কৰি দিয়ে আৰু খুড়াকে অফিচলৈ যাওঁতে তাইক বিদ্যালয়লৈ লৈ যায় । আইতাক আৰু পেহীয়েকে প্রত্যেক দেওবাৰে গান শিকায় আৰু মাকে তাইৰ পঢ়া – শুনাৰ যত্ন লয় ৷ 

৬। অনিতাৰ পৰিয়ালটোৰ মুৰব্বী কোন ? 

উত্তৰঃ যিহেতু পৰিয়ালৰ জেষ্ঠজনক পৰিয়ালৰ মুৰব্বী বুলি কোৱা হয় , গতিকে অনিতাহঁতৰ পৰিয়ালৰ মুৰব্বী হ’ল অনিতাৰ ককাক । 

৭। মণি , পৰী আৰু জুৰি তিনিগৰাকী সহপাঠী একেলগে এটা ভাৰা ঘৰত থাকে । এইটো এটা পৰিয়ালনে ? যদি হয় কিয় ? যদি নহয় কিয় ? 

উত্তৰঃ এইটো এটা পৰিয়াল নহয় । এইটো এটা পৰিয়াল নোহোৱাৰ কাৰণ হ’ল মণি , পৰী আৰু জুৰি একে পৰিয়ালৰ সদস্য নহয় । তিনিগৰাকী কেৱল সহপাঠীহে মাথোন । 

⇒ তোমালোকৰ ওচৰতে থকা পৰিয়াল এটাৰ ঘৰলৈ গৈ তলৰ তথ্যখিনি সংগ্ৰহ কৰা –( শিক্ষক – শিক্ষয়িত্রী বা অভিভাৱকৰ সহায় ল’বা । ) 

( ক ) পৰিয়ালটোৰ সদস্যৰ সংখ্যা কিমান ? 

উত্তৰঃ পৰিয়ালটোৰ সদস্য সংখ্যা হ’ল চাৰিজন । 

( খ ) পৰিয়ালটো একক নে যৌথ পৰিয়াল ? 

উত্তৰঃ পৰিয়ালটো একক । 

( গ ) পৰিয়ালৰ মুৰব্বী কোন ? 

উত্তৰঃ পৰিয়ালৰ মুৰব্বী হ’ল সেই পৰিয়ালৰ জ্যেষ্ঠজন , তেওঁৱেই পৰিয়ালটো পৰিচালনা কৰে। 

( ঘ ) পৰিয়ালটোত উপাৰ্জন কৰা সদস্য কেইজন ? 

উত্তৰঃ পৰিয়ালটোত উপাৰ্জন কৰা সদস্য এজন । 

( ঙ ) পৰিয়ালটোত ১৫ বছৰৰ তলৰ ল’ৰা – ছোৱালী সংখ্যা কিমান ? 

উত্তৰঃ পৰিয়ালটোত ১৫ বছৰৰ তলৰ ল’ৰা – ছোৱালীৰ সংখ্যা দুজন । 

( চ ) পৰিয়ালটোত কথা কোৱা আৰু শুনাৰ অসুবিধা থকা ল’ৰা ছোৱালী আছে নেকি ? 

উত্তৰঃ পৰিয়ালটোত কথা কোৱা আৰু শুনাৰ অসুবিধা থকা ল’ৰা – ছোৱালী নাই । 

( ছ ) তেওঁলোকৰ পঢ়া – শুনাৰ যত্ন কোনে লয় ? 

উত্তৰঃ তেওঁলোকৰ পঢ়া – শুনাৰ যত্ন মাক – দেউতাকে লয় , লগতে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰে। 

ক্রিয়া কলাপ

৮। তোমাৰ পৰিয়ালত কোন কোন সদস্য আছে ? 

উত্তৰঃ আমাৰ পৰিয়ালত মোৰ মা – দেউতা , মই , মোৰ দাদা , খুৰা – খুৰী আৰু খুৰা – খুৰীহঁতৰ ছোৱালী জুৰি , ককা আইতা আৰু পেহী আছে।

৯। অনিতাহঁতৰ ‘ পৰিয়াল বৃক্ষ ’ জোপা চাই তোমালোকেও নিজৰ নিজৰ ‘ পৰিয়াল বৃক্ষ ’ একোজোপা আঁকা । 

অনুশীলনী

১। চমু উত্তৰ দিয়া :

( ক ) পৰিয়াল এটা কোনে পৰিচালনা কৰে ? 

উত্তৰঃ পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীজনে পৰিচালনা কৰে । 

( খ ) অনিতাৰ পৰিয়ালৰ সদস্য কেইজন ? 

উত্তৰঃ অনিতাৰ পৰিয়ালৰ সদস্য ন জন । 

( গ ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত ? 

উত্তৰঃ অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত ৷ 

( ঘ ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল ? 

উত্তৰঃ শশাংকুৰ পৰিয়ালটো একক পৰিয়াল । 

২। খালী ঠাই পূৰ কৰা :

( ক ) সমাজৰ এটা প্রাথমিক গোট হ’ল ____।

উত্তৰঃ সমাজৰ এটা প্ৰাথমিক গোট হ’ল পৰিয়াল৷

( খ ) পৰিয়াল এটা শৃঙ্খলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা ____থাকে। 

উত্তৰঃ পৰিয়াল এটা শৃঙ্খলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা নীতি – নিয়ম থাকে । 

( গ ) শশাংকুৱে ধুনীয়া ____ আঁকা।

উত্তৰঃ শশাংকুৱে ধুনীয়া ছবি আঁকে ।

( ঘ ) শিক্ষয়িত্ৰীয়ে শশাংকুক সাধু কথা ____। 

উত্তৰঃ শিক্ষয়িত্ৰীয়ে শশাংকুক সাধু কথা ইংগিত আৰু অংগী – ভংগীৰে বুজায় ।

৩। উত্তৰ লিখা : 

( ক ) একক পৰিয়াল বুলিলে কি বুজা ? 

উত্তৰঃ যি পৰিয়ালত কেৱল মাক – দেউতাক আৰু তেওঁলোকৰ ল’ৰা ছোৱালী একেলগে থাকে তাক একক পৰিয়াল বোলে । 

( খ ) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে ? 

উত্তৰঃ শশাংকুৱে ভালকৈ কথা ক’ব নোৱাৰে আৰু ভালদৰে শুনা নাপায়।সেইকাৰণে শশাংকুৱে ইংগিতেৰে কথা পাতে । 

( গ ) যৌথ পৰিয়াল বুলিলে কি বুজা ? 

উত্তৰঃ যি পৰিয়ালত দুটা তিনিটা সৰু পৰিয়াল লগ হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে তাক যৌথ পৰিয়াল বোলে । যৌথ পৰিয়াল এটাত ককাক – আইতাক , খুৰাক – খুৰীয়েক , মাক – দেউতাক , বৰদেউতাক বৰ্মাক , পেহীয়েক আৰু তেওঁলোকৰ ল’ৰা – ছোৱালীসমূহ একেলগে থাকে। 

( ঘ ) শশাংকুৱে বিদ্যালয় লগৰীয়াৰ লগত কি কি কৰে ? 

উত্তৰঃ শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত পুতলা সজা , সাঁথৰ আৰু কাঠৰ টুকুৰা লগ – লগাই বিভিন্ন ধৰণৰ বস্তু সজা আদি খেল খেলে । 

৪। তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা :

‘ক’‘খ’
দেউতাৰ ককায়েকপেহী
ককাৰ দেউতাকবৰদেউতা
দেউতাৰ মাকমামা
মাৰ ভায়েকককা
দেউতাৰ ভনীয়েকআইতা
মাৰ দেউতাকআজোককা

উত্তৰঃ   

‘ক’‘খ’
দেউতাৰ ককায়েকবৰদেউতা 
ককাৰ দেউতাকআজোককা
দেউতাৰ মাকআইতা 
মাৰ ভায়েকমামা 
দেউতাৰ ভনীয়েকপেহী
মাৰ দেউতাকককা

৫। তোমালোকৰ নিজৰ নিজৰ পৰিয়ালৰ বিষয়ে পাঁচটা বাক্য লিখা । 

উত্তৰঃ ( ১ ) আমাৰ পৰিয়ালটো এটা যৌথ পৰিয়াল । 

( ২ ) আমাৰ পৰিয়ালত মোৰ মা – দেউতা , দাদা , ককা – আইতা , খুৰা – খুৰী আৰু তেওঁলোকৰ ল’ৰা – ছোৱালী আৰু পেহী থাকে । 

( ৩ ) আমাৰ পৰিয়ালৰ মুৰব্বী হ’ল মোৰ ককা । 

( ৪ ) আমাৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই মোৰ যথেষ্ট যত্ন লয় । 

( ৫ ) আমাৰ পৰিয়ালটোৰ মাজত মিলা – প্ৰীতি আছে আৰু ইজনে সিজনক বিভিন্ন কামত সহায় – সহযোগিতা কৰি দিয়ে ৷ 

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। পৰিয়াল কাক বোলে ? 

উত্তৰঃ মা – দেউতা , বাই – ভনী , দাদা – ভাইটি সকলো মিলিয়েই হৈছে পৰিয়াল ।

২। পৰিয়ালৰ মুৰব্বী কোন হয় ?

উত্তৰঃ পৰিয়ালৰ জেষ্ঠ্য লোকজনেই পৰিয়ালৰ মুৰব্বী হয় ৷ 

৩। অনিতাহঁতৰ পৰিয়ালটো ক’ত থাকে ? 

উত্তৰঃ অনিতাহঁতৰ পৰিয়ালটো শিৱসাগৰ জিলাৰ নাজিৰাত থাকে । 

৪। অনিতাহঁতৰ পৰিয়ালত কোন কোন আছে ? 

উত্তৰঃ অনিতাহঁতৰ পৰিয়ালত অনিতাৰ ককাক – আইতাক , মাক দেউতাক , খুড়াক – খুড়ীয়েক , পেহীয়েক আৰু খুড়াকৰ ল’ৰা জিণ্টু আছে । 

৫। অনিতাই ককাকক কি কামত সহায় কৰি দিয়ে ? 

উত্তৰঃ অনিতাই ককাকক আবেলি ফুলনিত পানী দিয়াত সহায় কৰি দিয়ে । 

৬। অনিতাই কাৰ ওচৰত গান শিকে ? 

উত্তৰঃ অনিতাই পেহীয়েকৰ ওচৰত গান শিকে । 

৭। অনিতাই কি প্রতিযোগিতাত প্ৰথম পুৰষ্কাৰ পাইছিল ? 

উত্তৰঃ অনিতাই বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত হোৱা জ্যোতি সংগীত প্রতিযোগিতাত প্ৰথম পুৰষ্কাৰ পাইছিল । 

৮। শশাংকু ক’ত থাকে ? 

উত্তৰঃ শশাংকু শোণিতপুৰ জিলাৰ চতিয়াত থাকে। 

৯। শশাংকু কোন বিদ্যালয়ত পঢ়ে ? 

উত্তৰঃ শশাংকু ঘৰৰ ওচৰতে থকা প্ৰাক্‌ – প্রাথমিক বিদ্যালয়খনত পঢ়ে। 

১০। শশাংকুক ৰাতিপুৱা মাকে কেনেদৰে জগাই দিয়ে ? 

উত্তৰঃ শশাংকুক ৰাতিপুৱা মাকে হাতখন জোকাৰি জগাই দিয়ে । 

১১। শশাংকুৱে ৰাতিপুৱা কাৰ লগত খেলে ? 

উত্তৰঃ শশাংকুৱে ৰাতিপুৱা দেউতাকৰ লগত নানা ধৰণৰ খেল খেলে । 

১২। শশাংকুৱে কি কাম কৰি ভাল পায় ? 

উত্তৰঃ শশাংকুৱে ছবি আঁকি ভাল পায় ? 

১৩। শশাংকুৱে কিয় শ্ৰৱণ – যন্ত্ৰ ব্যৱহাৰ কৰে ? 

উত্তৰঃ শশাংকুৱে ভালদৰে শুনা নাপায় বাবে শ্ৰৱণ – যন্ত্ৰ ব্যৱহাৰ কৰে । 

১৪। শশাংকুৰ প্রিয় খেল কি ? 

উত্তৰঃ ক্রিকেট । 

১৫। শশাংকুৱে ডাঙৰ হ’লে কি হ’ব বিচাৰে ? 

উত্তৰঃ শশাংকুৱে ডাঙৰ হ’লে এজন ক্রিকেট খেলুৱৈ হ’ব বিচাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top