Class 4 Assamese Chapter 14 গছে যদি খোজ কাঢ়ে

Class 4 Assamese Chapter 14 গছে যদি খোজ কাঢ়ে, SEBA Chapter 14 গছে যদি খোজ কাঢ়ে Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

গছে যদি খোজ কাঢ়ে

Chapter – 14

অংকুৰণ

ASSAMESE

☆ শব্দ অর্থ লিখা।

শব্দঅর্থ
মজাসুখ, সোৱাদ, ভোগ, আমোদ, ডুবা, তলালৈ যা।
পাততপাতেৰে মেৰাই জুইত সোমাই সিদ্ধ কৰা।
বান্ধিগাঠি, জৰীৰে আবদ্ধ কৰ, গাঠনি।
বিলাইবিলৈ, দুৰ্দ্দশা, দুৰবস্থা।
মিলিঐক্য, বন্ধুতা, সাদৃশ্য, সঙ্গী কৰা।
শাৰীশ্ৰেণী, ইটোৰ পিছত সিটো কৈ থকা।
লগৰীয়াএকেলগে থকা, একেলগে ফুৰা।
দেখেননিশ্চয় অৰ্থত ব্যৱহাৰ কৰা হয়।

ক-পাঠভিত্তিক

☆ পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা

☆ পদ্যটো আবৃত্তি কৰোঁ আহা কৰা।

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী আবৃত্তি)

☆ উত্তৰ দিয়া –

(ক) ১।পদ্যটোত আমাৰ দৰে গছেও কি কি কৰাৰ কথা কল্পনা কৰা হৈছে ? 

উত্তৰঃ কবিয়ে কল্পনাৰ জৰিয়তে গছ আৰু মানুহক একে শাৰীতে বাখিছে। গতিকে গছে মানুহৰ দৰে কথা কওক, খোজ কাঢ়ক। মানুহে গছৰ পৰা ফলবোৰ যেনেদৰে পাৰি ঘৰলৈ নিয়ে তেনেদৰে গছে ফলবোৰ পাৰি ঘৰে ঘৰে গৈ দিয়ে। গছবোৰে হাবিত নাথাকি ফুট পথেৰে খোজ কাঢ়ি যোৱাৰ কথা কল্পনা কৰিছে।

২৷ গছে যদি খোজ কাঢ়ে তোমাৰ কেনে লাগিব ?

উত্তৰঃ গছে খোজকাঢ়িলে বৰ মজা লাগিব।

৩৷ আমাৰ মৰম-চেনেহবোৰ গছে কিহত বান্ধি নিব ? 

উত্তৰঃ আমাৰ মৰম-চেনেহবোৰ গছে পাতত বান্ধি নিব।

৪৷ হাবি এৰি গছ কাৰ লগত যাব বুলি ভবা হৈছে ? 

উত্তৰঃ হাবি এৰি গছে মানুহৰ লগত যাব বুলি ভবা হৈছে।

৫৷ আমাৰ লগৰীয়া কোন হ’ব বুলি কোৱা হৈছে ?

উত্তৰঃ গছবোৰ আমাৰ লগৰীয়া হ’ব বুলি কোৱা হৈছে।

(খ) ১। সৰু-ডাঙৰ গছবোৰ শাৰী পাতি গ’লে কি হ’ব ?

উত্তৰঃ গছবোৰ হাবি এৰি আহি মানুহে যোৱা পথেৰে শাৰী পাতি গ’লে ৰাস্তাৰ দুয়ো কাষৰ পৰাই লৰা বুঢ়াই লাগি চাব।

২। হাবি এৰি গছ গুচি গ’লে কাৰ কি অসুবিধা হ’ব ?

উত্তৰঃ গছবোৰে যদি হাবি এৰি গুচি আহে তেনেহলে চাইকেল, ৰিক্সা, গাড়ীবোৰৰ অসুবিধা হ’ব। কাৰণ গছবোৰে গাড়ীবোৰক বাট এৰি নিদিব।

৩৷ গছ তোমাৰ ঘৰলৈ আহিলে তুমি কি কৰিবা ? 

উত্তৰঃ গছ আমাৰ ঘৰলৈ আহিলে বৰ মজা হ’ব। মই সিহঁতক বহিবলৈ দিন। ঘৰৰ ভিতৰত যিহেতু সোমাব নোৱাৰে গতিকে চোতালতে ওখকৈ চকী বনাই আনি বহিবলৈ দিম।

☆ শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

শব্দঅর্থ
মজা
বিলাই
ৰ লাগি
লগৰীয়া

উত্তৰঃ

শব্দঅর্থ
মজাআনন্দ, সুখ, সোৱাদ, তললৈ যা।
বিলাইবিলে, দুর্দশা, দুৰবস্থা।
ৰ লাগিএকেথৰে, তথা লগা, একান্ত মনে চাই থকা।
লগৰীয়াবন্ধু, সঙ্গ, একেলগে থকা।

☆ পদ্যটো গদ্য ৰূপত কোৱা আৰু লিখা।

উত্তৰঃ কবিৰ কল্পনাৰ সীমা নাই। কবিয়ে কল্পনাৰ জৰিয়তে অগম্য ঠাইলৈও যাব পাৰে, সাগৰ মহাসাগৰেও কথা ক’ব পাৰে। সেইদৰে কবিৰ কল্পনাও শুনিবলৈ পাইছে গছে। কথা কোৱা আৰু গছে খোজকাঢ়ি ঘুৰি ফুৰা। ঘৰে ঘৰে গৈ ফল মূলবোৰ ভগাই দি আহিছে। মানুহৰ কষ্ট লাঘৱ হৈছে। গছে ঘৰে ঘৰে ফল-মূল দি অহাত সি মানুহৰ পৰা মৰম-চেনেহ বোৰ পাতত বাড়ি লৈ গৈছে। এনেদৰে যদি গছবোবে হাৰি এৰি মানুহৰ লগে লগে যায় তেনেহলৈ চাইবেল:বিহ্বা, গাড়ীবোৰৰ বিলাই বিপত্তি নোহোৱা হ’ব। তেওঁলোকৰ দুখ বুলাই পাচিয়ে নধৰা হ’ব।

হাবিব থকা ডাঙৰ গছ আৰু সৰু গছবোৰে যেতিয়া একেলগ হৈ শাৰী পাতি খোজ কাঢ়ি গৈ থাকিব তেতিয়া সেই দৃশ্যটো বৰ মনোৰম হ’ব। তেনেকুৱা এটা মনোরম দৃশ্য সাষ্টাৰ দুয়োকাষৰ পৰা ল’ৰা বুঢ়াই চকু থৰ হৈ চাই ৰ’ব | গতিকে কৰিয়ে গছ কাঢ়ি অহা যোৱা কৰাটোত বৰ মজা অর্থাৎ আমোদ পাব।গছবোৰ কবিৰ লগৰীয়া হৈ একেলগে ঘূৰি ফুৰিব।

☆ তলৰ খালী ঠাইবোৰত পদ্যটোৰ পৰা শব্দ বহুৱাই সম্পূর্ণ কৰা। 

(ক) গছে যদি ……………………………

পাৰে কথা ………………………………

গছে যদি খোজ কাঢ়ে ………………………

(খ) সৰু-ডাঙৰ …………………

শাৰী ………………

………………… ল’ৰা-বুঢ়াই

ৰ লাগি চাব।

(গ) ……………… যে ভাই

কেনে মজা হ’ব,

গছবোৰো ………………… 

লগৰীয়া হ’ব।

উত্তৰঃ (ক) গছে যদি আমাৰ দৰে

পাৰে কথা ক’ব,

গছে যদি খোজ কাঢ়ে

কেনে মজা হ’ব। 

(খ) সৰু-ডাঙৰ গছ মিলি

শাৰী পাতি যাব

দুয়ো কাষে ল’ৰা-বুঢ়াই

ৰ লাগি চাব।

(গ) কেনে মজা হ’ব যে ভাই

কেনে মজা হ’ব, 

গছবোৰো আমাৰ দেখোন

লগৰীয়া হ’ব।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

☆ পদ্যটোত থকা যুক্তাক্ষৰ দুটা ভাঙি দেখুৱাই দুটাকৈ শব্দ লিখা।

ক্স   ন্ধ

উত্তৰঃ ক্স  =  ক + স  কই সই  ক্স – নক্সা, ৰিক্সা

ন্ধ  =  ন + ধ  নই ধই  ন্ধ – বিন্ধা, অন্ধ

☆ যুক্তাক্ষৰ গঠন কৰা।

উত্তৰঃ

☆ পদ্যটোৰ পৰা বিচাৰি উলিয়াই লিখা।

(ক) বিশেষ্য পদবোৰযেনে-গছ, ঘৰ ……………
(খ) বিশেষণ পদবোৰযেনে-সৰু, ডাঙৰ ……………
(গ) ক্রিয়া পদবোৰযেনে-কাঢ়ে, ক’ব ……………

উত্তৰঃ

(ক) বিশেষ্য পদবোৰযেনে– গছ, ঘৰ, ফল, পাত, হাবি, চাইকেল, ৰিক্সা, গাড়ী, ল’ৰা-বুঢ়া।
(খ) বিশেষণ পদবোৰযেনে– সৰু, ডাঙৰ, মজা, মৰম-চেনেহ, বিলাই, শাৰী পাতি, ৰ লাগি।
(গ) ক্রিয়া পদবোৰযেনে– কাঢ়ে, ক’ব, আনে, নিয়ে যায়, যাব, হ’ব।

☆ তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য লিখা।

মজা,মৰম-চেনেহ,বিলাই,লগৰীয়া

উত্তৰঃ মজা :- পূজাত ৰমেন আহিলে খগেনে বেছ মজা পাব। 

মৰম-চেনহ :- ভাই-ভনীৰ মাজত মৰম-চেনেহ থাকিব লাগে। 

বিলাই :- বাপেকৰ মৃত্যুৰ পাছত ল’ৰাজনৰ বিলাই নোহোৱা হ’ল। 

লগৰীয়া :- পুলকে লগৰীয়া সকলৰ লগত ফুটবল খেলিছে।

গ-জ্ঞান সম্প্ৰসাৰণ

☆ দলত আলোচনা কৰি লিখা। 

(ক) গছে আমাক কি কি দিয়ে ?

উত্তৰঃ গছে আমাক ফল-মূল দিয়ে। গছে গৰমৰ দিনত শীতল ছাঁ দিয়ে। গছৰ পৰা কাঠ পোৱা যায়। এই কাঠৰ পৰা আমাক লাগতিয়াল বস্তু যেনে – বিচনা, মেজ, চৰ্কী, খৰাহী, পাৰ্চী আদি তৈয়াৰ কৰি ল’ব পাৰো। গছৰ পৰা বিভিন্ন শাক, পাচলি খাদ্য আদি পাব পাৰো।

(খ) গছৰ পৰা আমি কি কি কৰিব পাৰোঁ ? 

উত্তৰঃ গছৰ পৰা আমাৰ দৈনন্দিন জীৱণত লাগতিয়াল ঘৰ, দৰ্জা, খিৰিকী, চকী-মেজ, বিচনা, ডলা, কুলা, খৰাহী, পাচী আদি তৈয়াৰ কৰি ল’ব পাৰো। 

(গ) গছ নাথাকিলে আমাৰ কি হ’ব ?

উত্তৰঃ গছ নাথাকিলে মানৱ সভ্যতা স্থবিধ হৈ ৰ’ব৷ পৃথিৱীখন সেউজীয়া নহয়, বালিময় হৈ পৰিব। খেতি বাতি কৰিব পৰা নাযায়। মানুহে অনাহাৰ অনিদ্ৰাই নাথাই নবয় মৰিব লাগিব। মুঠতে গছ নাথাকিলে মানব সভ্যতা ধ্বংস হ’ব।

(ঘ) গছ নাথাকিলে পশু-পক্ষীৰ কি হ’ব ?

উত্তৰঃ গছ নাথাকিলে পশু-পক্ষী জীয়াই থাকিব নোৱাৰিব। গছত বাস কৰা চৰাইবোৰৰ পৰা নাইকিয়া হৈ যাব। গছ নাথাকিলে চৰাইবোবে খাদ্য খাবলৈ নাপাব। ফলত অকালতে মৃত্যুক আকোৱালি ল’ব লাগিব। 

☆ সাঁথৰ ভাঙা –

(ক) গছৰ ওপৰত গুটি

গুটিৰ ওপৰত গছ 

কোৱাচোন বাৰু মই

কি গছৰ সঁচ ?

উত্তৰঃ মাটি কঁঠাল। (আনাৰস)

☆ গছৰ পৰা আমি কি কি পাওঁ ?

উত্তৰঃ গছৰ পৰা আমি (১) ফল (২) খৰি (৩) ছাঁ (৪) শাক-পাচলি (৫) ঔষধ (৬) কাগজ (৭) কাঠৰ আচবাব (৮) অক্সিজেন গেছ আদি পাওঁ।

☆ ভাবি গুণি কোৱা।

“আমাৰ পৰা মৰম-চেনেহ 

পাতত বান্ধি নিয়ে।”

—যি বিলাক গছৰ পাত নাই সেইবিলাকে কিহত বান্ধি নিব ?

উত্তৰঃ পাত নথকা গছত কাঁইট থাকে। (যেনে-সাগৰ ফেনা) গতিকে কাঁইটত বান্ধি নিব।

☆ “সৰু-ডাঙৰ গছ মিলি

শাৰী পাতি যাব, 

দুয়ো কাষে ল’ৰা-বুঢ়াই

ৰ লাগি চাব।”

–ফল ফুল নলগা কাঁইটীয়া গছ যদি তেনেকৈ আহে তেনেহ’লে কি হ’ব ? 

উত্তৰঃ কাঁইটৰ আঁচোৰত মানুহ বা আন জন্তু আঘাত প্রাপ্ত হ’ব। জীৱ-জন্তু বোৰে গছ অহা দেখিলে পলাই পত্ৰং দিব। 

☆ “হাবি এৰি গছ যদি

আমাৰ লগত যায়,” 

—আশ্রয় বিচাৰি অৰণ্যৰ হিংস্র জন্তুবোৰ আহি যদি আমাৰ বাসস্থান পায়হি, কি হ’ব ?

উত্তৰঃ মানুহ আৰু জন্তুৰ সহাৱস্থান হ’লে পৃথিৱীখন স্বৰ্গত পৰিণত হ’ব। কাৰণ জীৱ জন্তু মানুহৰ মাজত হিংসা হিংসী নাথাকিব। সকলোৱে এক মন আৰু এক প্রাণ লৈ একেলগে বসবাস কৰিব। 

☆ দলত আলোচনা কৰি কোৱা।

—গছে শিপাৰ সহায়ত সাধাৰণতে মাটিৰ পৰা খাদ্য সংগ্ৰহ কৰে। খোজ কাঢ়ি ঘূৰি ফুৰিলে সিহঁতে ক’ৰ পৰা কি খাদ্য খাব ? 

উত্তৰঃ গছে খোজ কাঢ়ি ঘুৰি ফুৰিলে মানুহে ৰান্ধি খোৱা খাদ্যবোৰ উলিয়াই নি খাব। কাৰণ ই নিজে ৰান্ধি খাব নোৱাৰে।

―খোজ কঢ়া গছে যদি কথাও পাতিব পাৰিলেহেঁতেন তুমি সিহঁতৰ লগত কি কি কথা পাতিলাহেঁতেন ?

উত্তৰঃ গছক সুধিলো হেতেন সি কেনেদৰে (আহাত) খাদ্য খায়, থিয় হৈ থাকিলে তাৰ কষ্ট হয় নে নহয়, সি কেতিয়া টোপনি মাৰে। গছৰ গাত উঠিলে সি কি অনুভৱ কৰে। গছে বাৰু ৰ’দ বতাহৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰে। এনে ধৰণৰ কথা পাতিলে হেঁতেন।

―তুমিও যদি পানীৰ ওপৰেদি আৰু শূণ্যত (বায়ুত) খোজ কাঢ়িব পাৰিলাহেঁতেন তেনেহ’লে তোমাৰ কি কি সুবিধা হ’ল হেঁতেন ?

উত্তৰঃ উৰা জাহাজত ভ্ৰমণ কৰা ইচ্ছা আছে। যদি শূণ্যত খোজ কাঢ়িব পাৰিলোহেতেন তেনেহলে মুঠিয়ে মুঠিয়ে তৰাবোৰ চুই চালোহেতেন। পৃথিৱীত পোৱা গৰমৰ পৰা হাত সৰাৰ বাবে শূণ্যত থাকিলোহেতেন। চন্দ্ৰৰ জুৰ পোহৰত গা শাঁও পেলালোহেতেন।

পানীৰ ওপৰেদি খোজ কাঢ়িব পাৰিলে পানীৰ তলত থকা মাছ কাছ বোৰে কি কৰে চালোহেতেন। মান মুকুতবোৰ বাচি বাচি ঘৰলৈ আনিলেহেতেন। পানীত পৰাৰ ভয় নাথাকিলহেতেন। বানপানীক কোনেও ভয় নকৰা হ’লহেতেন। গাড়ী মটৰৰ আৱশ্যক নহল হেতেন। কমলা পেট্ৰ’লৰ ব্যৱহাৰ নহ’লহেতেন।

—গছে খোজ কাঢ়ি ঘূৰি ফুৰিলে কাৰ কি সুবিধা আৰু অসুবিধা হ’ব ? 

উত্তৰঃ গছে যদি খোজকাঢ়ি ঘূৰি ফুৰিলে মানুহক যি ফল লাগে সেই ফল মূলবোৰ নিজৰ ইচ্ছা মতে চিঙিব পাৰিলেহেতেন। ‘আমি নেদেখা গছবোৰ চাব পাৰিলোহেতেন। বন্য জন্তু বোৰো অৰণ্যৰ লগত আহিলহেতেন। দূষিত বায়ু ঘূৰি ফুৰা গছবোৰে পৰিস্কাৰ কৰিলেহেতেন।

গছবোৰ অহা যোৱা কৰিলে মানুহে এতিয়াৰ দৰে ঘৰ বাৰী সাজি থাকিব নোৱাৰিলেহেতেন। নিজৰ বুলিবলৈ গছ গছনি এডালো নাথাকিব। গাড়ী মটৰৰ ব্যৱহাৰ ন্ধ হ’ব। ফলত খোজকাঢ়ি অহা-যোৱা কৰিব লাগিলহেতেন। দুই দিনত যাব লগা বাট এমাহত গৈ পাব। গতিকে মানুহৰ অসুবিধা বেছিকৈ হ’ব। 

―অৰণ্য আৰু অভয়াৰণ্যৰ মাজত পার্থক্য কি ?

উত্তৰঃ অৰণ্যত গছ-গছনি থাকে সেইবোৰ ব্যক্তিগত খণ্ডতো থাকিব পাৰে। এজন মানুহে একোখন অৰণ্য নিজে সৃষ্টি কৰিব পাৰে। তাত থকা জীৱ-জন্তুক নিধচনা কৰিব পাৰে। নিজৰ ইচ্ছানুযায়ী গছ-গছনি কাটিব পাৰে। কিন্তু অভয়াৰণ্য বোৰ চৰকাৰৰ অধীনত থাকে। উদ্ভিদ আৰু প্ৰাণীৰ ৰক্ষণাবেক্ষণৰ বাবে ইয়াৰ হাবি-বনবোৰ সংৰক্ষিত বন। ইয়াৰ জীৱ-জন্তু কোনেও বধ কৰিব নোৱাৰে। সংৰক্ষিত বন বা অভয়াৰণ্য ৰক্ষা কৰাটো আমাৰ সকলোৰে প্ৰধান কর্তব্য।

অৰণ্যবোৰৰ পৰিসৰ অভয়াৰণ্যতকৈ বেছি। কিন্তু অভয়াৰণ্যত জীব জন্তুবোৰ সংৰক্ষিত কৰা হয়। এটা নিৰ্দ্দিষ্ট এলেকাৰ ভিতৰত জীবৃজন্তু সমূহ ৰাখিব লগা হয়। কিন্তু অৰণ্যত জীৱ-জন্তুবোৰ থাকে যদিও সেইবোৰৰ হিচাপ নাই।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising