Class 3 Environment Chapter 8 আমাৰ অনুষ্ঠান-প্রতিষ্ঠান

Class 3 Environment Chapter 8 আমাৰ অনুষ্ঠান-প্রতিষ্ঠান, SEBA Chapter 8 আমাৰ অনুষ্ঠান-প্রতিষ্ঠান Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ অনুষ্ঠান-প্রতিষ্ঠান

Chapter – 8

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) ডাকঘৰৰ চিঠি-পত্র বিলোৱা মানুহজনক কি বোলে?

উত্তৰ : ডাকোৱাল বা পোষ্টমেন বোলে। 

(খ) ৰোগীবিলাকক কোন প্রতিষ্ঠানত চিকিৎসা কৰা হয়?

উত্তৰ : চিকিৎসালয়ত চিকিৎসা কৰা হয়।

(গ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে?

উত্তৰ : চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ আৰু ৰোগীক চোৱা-চিতাৰ বাবে নাৰ্ছ থাকে। 

(ঘ) ডাকঘৰত থকা আধুনিক যোগাযোগ ব্যৱস্থাৰ নাম লিখা।

উত্তৰ : টেলিগ্রাফ, টেলিফোন, ফেক্স আদি।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা :

(ক) ––––– যোগেদি চিঠি-পত্র অনা-নিয়া কৰা হয়।

উত্তৰ : ডাকঘৰৰ যোগেদি চিঠি-পত্র অনা-নিয়া কৰা হয়।

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে –––––আছে।

উত্তৰ : পশু-পক্ষীৰ চিকিৎসাৰ বাবে পশু-চিকিৎসালয় আছে। 

(গ) ––––– ৰ লোকে দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

উত্তৰ : আৰক্ষীৰ লোকে দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

(ঘ) ––––– ৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস। 

উত্তৰ : পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস। 

(ঙ) ধর্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজ আৰু –––––উৎসৱ পালন কৰা হয়। 

উত্তৰ : ধর্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজ আৰু ৰাজহুৱা ভাবে উৎসৱ পালন কৰা হয়।

প্রশ্ন ৩। তলত দিয়া বাক্যবোৰ ভালদৰে পঢ়া। তোমাৰ বিদ্যালয়ৰ লগত যি কথা খাটে, সেইটো শব্দত ‘✓’ চিন দিয়া।

(ক) বিদ্যালয়ত জাৱৰ-জোঁথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে/নাই।

উত্তৰ : বিদ্যালয়ত জাবৰ-জোঁথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে/নাই। 

(খ) শৌচ-প্রস্রাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ আছে/নাই। 

উত্তৰ : শৌচ-প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ আছে/নাই।

(গ) খোৱাপানীৰ সুব্যবস্থা আছে/নাই। 

উত্তৰ : খোৱাপানীৰ সুব্যবস্থা আছে/নাই। 

(ঘ) বিদ্যালয়ৰ ঘৰটো ৰ’দঘাই/জেকা।

উত্তৰ : বিদ্যালয়ৰ ঘৰটো ৰ’দৰ্ঘাহ/জেকা।

(ঙ) পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা আছে/নাই। 

উত্তৰ : পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা আছে/নাই। 

প্রশ্ন ৪। তলত দিয়া কামবোৰ কোনবোৰ অনুষ্ঠানৰ যোগেদি কৰা হয় লিখা।

(ক) চিঠি-পত্র আদান-প্রদান কৰা অনুষ্ঠান।

উত্তৰ : ডাকঘৰ।

(খ) কিতাপ, আলোচনী আদি পঢ়িবৰ কাৰণে থকা অনুষ্ঠান। 

উত্তৰ : পুথিভঁৰাল।

(গ) আইন-শৃংখলা ৰক্ষা কৰা অনুষ্ঠান।

উত্তৰ : আৰক্ষী চকী।

(ঘ) সমূহীয়াভাৱে নামাজ পঢ়া অনুষ্ঠান।

উত্তৰ : মছজিদ। 

প্রশ্ন ৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা :

‘ক’‘খ’
(১) চিকিৎসালয়শিক্ষক-শিক্ষয়িত্রী
(২) ডাকঘৰডাক্তৰ
(৩) মছজিদপূজাৰী
(৪) আৰক্ষী চকীপোষ্টমাষ্টৰ
(৫) মন্দিৰমৌলবী
(৬) বিদ্যালয়আৰক্ষী বা পুলিচ

উত্তৰ :

‘ক’‘খ’
(১) চিকিৎসালয়ডাক্তৰ
(২) ডাকঘৰপোষ্টমাষ্টৰ
(৩) মছজিদমৌলবী
(৪) আৰক্ষী চকীআৰক্ষী বা পুলিচ
(৫) মন্দিৰপূজাৰী
(৬) বিদ্যালয়শিক্ষক-শিক্ষয়িত্রী

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। চাৰিটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰ : ডাকঘৰ, বিদ্যালয়, মছজিদ, চিকিৎসালয়।

প্রশ্ন ২। ডাকঘৰৰ যোগেদি কি কৰিব পাৰি ?

উত্তৰ : ডাকঘৰৰ যোগেদি চিঠি-পত্র অনা-নিয়া কৰাৰ টকা-পইচাৰো আদান-প্রদান কৰা হয়। 

প্রশ্ন ৩। তোমালোকৰ ঘৰৰ ওচৰত থকা আৰক্ষী চকীটোৰ নাম লিখা।

উত্তৰ : শিক্ষকৰ দ্বাৰা জানি লোৱা।

প্রশ্ন ৪। আৰক্ষীৰ তিনিটা কাম লিখা। 

উত্তৰ : (১) আৰক্ষীৰ লোকে দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

(২) আলিবাটৰ যান-বাহন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(৩) সমাজৰ অপকাৰ হোৱা কাম-কাজ কৰাত বাধা দিয়ে।

প্রশ্ন ৫। বিদ্যালয়ৰ কি কি কামত ৰাইজে সহায় কৰিব পাৰে। 

উত্তৰ : বিদ্যালয়ৰ ঘৰ-দুৱাৰ মেৰামতি কৰা, চৌহদত বেৰ দিয়া, খোৱাপানীৰ ব্যৱস্থা, শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নিৰ্মাণ কৰা আদি কামত ৰাইজে সহায় কৰিব পাৰে।

প্রশ্ন ৬। বিদ্যালয়ত লিখা-পঢ়াৰ বাহিৰেও কি কি কাম কৰে? 

উত্তৰ : বিদ্যালয়ত লিখা-পঢ়াৰ বাহিৰেও নাচ-গান, খেল-ধেমালি, কবিতা-আবৃত্তি, তর্ক প্রতিযোগিতা আদি পতা হয়।

প্রশ্ন ৭। ডাকঘৰত থকা দুবিধ বা তিনিবিধ আধুনিক ব্যৱস্থাৰ নাম লিখা।

উত্তৰ : টেলিগ্রাফ, টেলিফোন আৰু ফেক্স।

প্রশ্ন ৮। ডাকঘৰৰ সকলোবোৰ কামকাজ চোৱা-চিতা কৰা মানুহজনক কি বোলে? 

উত্তৰ : পোষ্টমাষ্টৰ বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top