Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫)

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অতিৰিক্ত প্রশ্নোত্তৰ

১। আহোমসকলে কিমান বছৰ কাল অসমত ৰাজত্ব চলাইছিল ? 

উত্তৰঃ আহোমসকলে প্রায় ছয়শ বছৰকাল অসমত ৰাজত্ব চলাইছিল ।

২। আহোম ৰাজ্যখন ক’ৰ পৰা কলৈ বিস্তৃত আছিল ? 

উত্তৰঃ আহোম ৰাজ্যখন পূৱে পটাকাই পৰ্বতৰ পৰা পশ্চিমে মানাহ নদীলৈকে প্রায় আঠশ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত আছিল । 

৩। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে কোনে বসতি কৰিছিল ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে ভূটীয়া , অকা , দফলা , মিচিং , মিচিমি আৰু চিংফৌসকলে বসতি কৰিছিল ।

৪। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে আহোম ৰাজ্যখনে কোন ভূমিলৈ বিস্তাৰ লাভ কৰিছিল আৰু কোন দেশৰ সীমা স্পৰ্শ কৰিছিল ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে আহোম ৰাজ্যখনে নগাভূমিলৈ বিস্তাৰ লাভ কৰিছিল আৰু লগতে মণিপুৰ আৰু ব্ৰহ্মদেশৰ সীমা স্পৰ্শ কৰিছিল । 

৫। অসম ৰাজ্যখন কি কাৰণত ভাৰত ভূমিৰ মূল ভূ – খণ্ডৰ পৰা বিচ্ছিন্ন হৈ আছিল ? 

উত্তৰঃ অসম ৰাজ্যখন ভৌগোলিক অৱস্থানৰ বাবে দীর্ঘদিন ধৰি ভাৰত ভূমিৰ মূল ভূ – খণ্ডৰ পৰা বিচ্ছিন্ন হৈ আছিল । 

৬। কি কাৰণত অসমত তিনিবাৰকৈ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল ? 

উত্তৰঃ আহোম শাসনৰ দুৰ্বলতা , ডা – ডাঙৰীয়াৰ মইমতালি আৰু শাক্তপন্থা বৈষ্ণৱপন্থাৰ সংঘাতৰ ফলত অসমত তিনিবাৰকৈ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল । 

৭। গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীত কিয় আশ্রয় লৈছিল ? 

উত্তৰঃ বিদ্রোহী মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰাৰ চেষ্টা চলোৱাত গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীত আশ্ৰয় লৈছিল । 

৮। গৌৰীনাথে মোৱামৰীয়া বিদ্রোহ দমন কৰাৰ বাবে কাক আৱেদন জনাইছিল ? 

উত্তৰঃ গৌৰীনাথে মোৱামৰীয়া বিদ্রোহ দমন কৰাৰ বাবে লর্ড কৰ্ণাৱলিচক আৱেদন জনাইছিল । 

৯ ৷ লর্ড কর্ণাবলিচে কেপ্তেইন থমাচ বেলচক অসমলৈ কিয় পঠাইছিল ? 

উত্তৰঃ অসমৰ আভ্যন্তৰীণ পৰিস্থিতিটো ভালদৰে জনাৰ বাবে আৰু ব্যৱসায় – বাণিজ্যৰ খা খবৰ সংগ্ৰহ কৰাৰ অৰ্থে কেপ্তেইন থমাছ ৱেলচক অসমলৈ পঠিয়াইছিল । 

১০। কিমান চনত থমাছ বেলচ অসমলৈ আহিছিল ? 

উত্তৰঃ ১৭৯২ চনত থমাছ ৱেলচ অসমলৈ আহিছিল । 

১১। কাৰ মৃত্যুৰ পিছত আহোম ৰাজবংশটো সিংহাসনৰ উত্তৰাধিকাৰীক কেন্দ্ৰ কৰি বিভক্ত হৈ পৰিছিল ? 

উত্তৰঃ গৌৰীনাথ সিংহৰ অকাল বিয়োগৰ পিছত আহোম ৰাজবংশটো সিংহাসনৰ উত্তৰাধিকাৰীক কেন্দ্ৰ কৰি বিভক্ত হৈ পৰিছিল । 

১২। বদন বৰফুকনক গুৱাহাটীৰ পৰা ধৰি আনিবলৈ কোনে সেনা প্ৰেৰণ কৰিছিল ? 

উত্তৰঃ বদন বৰফুকনক গুৱাহাটীৰ পৰা ধৰি আনিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাইয়ে সেনা প্ৰেৰণ কৰিছিল । 

১৩। বদন বৰফুকন কিয় কলিকতালৈ পলাই যায় ? 

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ ৰাজনৈতিক হস্তক্ষেপত বদন বৰফুকনে বিৰোধিতা কৰাৰ বাবে তেওঁ গুৱাহটীৰ পৰা ধৰি আনিবলৈ পূৰ্ণানন্দ বুঢ়াগোঁহায়ে সেনা প্ৰেৰণ কৰিছিল । সেইবাবে এই কথা গম পাই বদন বৰফুকন কলিকতালৈ পলাই যায় ।

১৪। কিমান চনত মান সেনাবাহিনী অসমত উপস্থিত হয় ? 

উত্তৰঃ ১৮১৭ চনত মান সেনাবাহিনী অসমত উপস্থিত হয় । 

১৫। চন্দ্রকান্ত সিংহক কোনে আহোম সিংহাসনত প্ৰতিষ্ঠা কৰিছিল ? 

উত্তৰঃ চন্দ্ৰকান্ত সিংহক মানসকলে আহোম সিংহাসনত প্ৰতিষ্ঠা কৰিছিল। 

১৬। মানসকল নিজ দেশলৈ উভতি যোৱাৰ পিছত চন্দ্ৰকান্ত সিংহক কোনে ক্ষমতাচ্যুত কৰিছিল ? 

উত্তৰঃ মানসকল নিজ দেশলৈ উভতি যোৱাৰ পিছত চন্দ্ৰকান্ত সিংহক পুৰন্দৰ সিংহই ক্ষমতাচ্যুত কৰিছিল । 

১৭। কাৰ অনুৰোধত আৰু কিমান চনত পুনৰ মানসকল অসমলৈ আহে ? 

উত্তৰঃ চন্দ্ৰকান্ত সিংহৰ অনুৰোধত ১৮১৯ চনত পুনৰ মানসকল অসমলৈ আহে । 

১৮। পুৰন্দৰ সিংহই গুৱাহাটীত কিয় আশ্রয় লয় ? 

উত্তৰঃ মানৰ সেনাপতি আলামিঙ্গিক প্রতিহত কৰিব নোৱাৰি পুৰন্দৰ সিংহই গুৱাহাটীত আশ্রয় লয় । 

১৯। পুৰন্দৰ সিংহই বঙ্গদেশৰ কোন ঠাইত বাহৰ পতিছিল ? 

উত্তৰঃ পুৰন্দৰ সিংহই বঙ্গদেশৰ শিলমাৰীত বাহৰ পাতিছিল । 

২০। সেই সময়ৰ মান ৰজা কোন আছিল ? 

উত্তৰঃ সেই সময়ৰ মান ৰজা ‘ বাংগী দাৱ ’ আছিল । 

২১। মানসকলে চিটাগং সীমান্তৰ চাহপুৰী দ্বীপটো কেতিয়া দখল কৰে ? 

উত্তৰঃ মানসকলে চিটাগং সীমান্তৰ চাহপুৰী দ্বীপটো ১৮২৩ চনত দখল কৰিছিল । 

২২। কিমান চনত ডেভিদ স্কটক উত্তৰ – পূৱ সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল ? 

উত্তৰঃ ১৮২৩ চনৰ নৱেম্বৰ মাহত ৰংপুৰৰ কমিছনাৰৰ দায়িত্বৰ লগতে ডেভিদ স্কটক উত্তৰ – পূৱ সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল । 

২৩। ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে কিমান চনত যুদ্ধ ঘোষণা কৰে ? 

উত্তৰঃ ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে ১৮২৪ চনত যুদ্ধ ঘোষণা কৰে । 

২৪। কাৰ নেতৃত্বত ব্ৰিটিছ সেনা বাহিনীয়ে ৰংপুৰ অধিকাৰ কৰে ? 

উত্তৰঃ লেফটেনেণ্ট ক’ল’নেল ৰিচাৰ্ডৰ নেতৃতবিত ব্ৰিটিছ সেনা বাহিনীয়ে ৰংপুৰ অধিকাৰ কৰে ।

২৫। মিঙ্গিমাহা বন্দুলাৰ মৃত্যু কিমান চনত হয় ? 

উত্তৰঃ মিঙ্গিমাহা বন্দুলাৰ মৃত্যু ১৮২৫ চনত হয় । 

২৬৷ কাৰ মাজত আৰু কিমান চনত ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় ? 

উত্তৰঃ মানৰজা বা – গী – দাও আৰু জেনেৰেল কেম্বেলৰ মাজত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয় । 

২৭। আহোম ৰজা যোগেশ্বৰ সিংহৰ মৃত্যু ক’ত আৰু কিমান চনত হয় ? 

উত্তৰঃ আহোম ৰজা যোগেশ্বৰ সিংহৰ মৃত্যু যোগীঘোপাত ১৮২৫ চনত হয় । 

২৮। ডেভিদ স্কটে অসমৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে কি দুটা পৰামৰ্শ আগবঢ়াইছিল ? 

উত্তৰঃ ডেভিদ স্কটে অসমৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে আগবঢ়োৱা পৰামৰ্শ দুটা তলত উল্লেখ কৰা হ’ল— 

( ক ) কোম্পানী চৰকাৰৰ সুৰক্ষাৰ মাজত ৰাখি আহোম ৰাজতন্ত্ৰৰ প্ৰতিনিধিক কতলীয়া ৰজা হিচাপে পুনৰ সংস্থাপন কৰিব লাগে । 

( খ ) প্ৰমটোৰ বিকল্প হিচাপে ব্ৰিটিছে বিশ্বনাথলৈকে নামনি অসমখন নিজৰ হাতত ৰাখিব লাগে আৰু মোৱামৰীয়া , খামতি তথা চিংফৌ সকলৰ অধিকৃত অঞ্চলবোৰ বাদ দি , উজনি অসমত আহোম প্রতিনিধি এজনক শাসনৰ দায়িত্বভাৰ অৰ্পন কৰিব পাৰে । 

২৯। ব্ৰিটিছ চৰকাৰে অসমখনক কেইটা ভাগত ভাগ কৰিছিল আৰু কি কি ? 

উত্তৰঃ ব্ৰিটিছি চৰকাৰে অসমখনক দুটা ভাগত ভাগ কৰিছিল । সেই ভাগকেইটা হ’ল— 

( ক ) পশ্চিম বা নামনি অসম । আৰু 

( খ ) পূৱ বা উজনি অসম । 

৩০। দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থানৰ সূচনা কেতিয়া আৰু কাৰ নেতৃত্বত হৈছিল ? 

উত্তৰঃ দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থানৰ সূচনা ১৮২৯ চনত ইয়াং বুমেনদাও বা গদাধৰ সিংহৰ নেতৃত্বত হৈছিল । 

৩১। তৃতীয় ব্ৰিটিছ বিৰোধী অভিযান কাৰ নেতৃত্বত হৈছিল ? 

উত্তৰঃ তৃতীয় ব্ৰিটিছ বিৰোধী অভিযান ধনঞ্জয় বৰগোঁহাইৰ নেতৃত্বত হৈছিল । 

৩২। মিলচৰ প্ৰতিবেদন কিমান চনত দাখিল কৰা হয় ? 

উত্তৰঃ মিলচৰ প্ৰতিবেদন ১৮৫৩ চনত দাখিল কৰা হয় ।

৩৩। চিপাহী বিদ্রোহ কিমান চনত সংঘটিত হৈছিল ? 

উত্তৰঃ চিপাহী বিদ্রোহ ১৮৫৭ চনত সংঘটিত হৈছিল । 

৩৪। ফুলগুৰি বিদ্রোহ কিমান চনত হৈছিল ? 

উত্তৰঃ ফুলগুৰি বিদ্ৰোহ ১৮৬১ চনত হৈছিল । 

৩৫। ৰঙিয়াত কৃষক বিদ্রোহে কেতিয়া গা কৰি উঠিছিল ? 

উত্তৰঃ ৰঙিয়াত কৃষক বিদ্রোহে ১৮৯ চনৰ ডিচেম্বৰ আৰু ১৮৯৪ চনৰ জানুৱাৰী মাহত গা কৰি উঠিছিল । 

৩৬। অসম এছ’চিয়েশ্বনৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হয় ? 

উত্তৰঃ অসম এছ’চিয়েশ্বনৰ প্ৰথম অধিৱেশন ১৯০৫ চনত ডিব্ৰুগড়ত হয় । 

৩৭। ভাৰত চৰকাৰে দুখলপীয়া বিমানমণ্ডল কিমান চনত প্ৰদান কৰে ? 

উত্তৰঃ ভাৰত চৰকাৰে দুখলপীয়া বিমানমণ্ডল ১৯৩৫ চনত প্ৰদান কৰে। 

৩৮। ভাৰতলৈ কেবিনেট মিছন কিমান চনত প্ৰেৰণ কৰা হয় ? 

উত্তৰঃ ভাৰতলৈ কেবিনেট মিছন ১৯৪৬ চনৰ মাৰ্চ মাহত প্ৰেৰণ কৰা হয় । 

৩৯। গোপীনাথ বৰদলৈৰ মৃত্যু কিমান চনত হয় ? 

উত্তৰঃ গোপীনাথ বৰদলৈৰ মৃত্যু ১৯৫০ চনত হয় । 

৪০। ১৯৪৭ চনৰ স্বাধীন ভাৰত বিলখন কিমান তাৰিখে মহাৰাণীয়ে স্বাক্ষৰ কৰে ? 

উত্তৰঃ ১৯৪৭ চনৰ স্বাধীন ভাৰত বিলখন ১৮ জুলাইত মহাৰাণীয়ে স্বাক্ষৰ কৰে । 

৪১। আহোম সকলৰ অসমত ৰাজত্বৰ কথা চমুকৈ লিখা । 

উত্তৰঃ ঊনৈশ শতিকাৰ আৰম্ভণিতে ইংৰাজে অসম দখল কৰাৰ আগে আহোমসকলে প্রায় দুশ বছৰকাল অসমত ৰাজত্ব চলাইছিল । আহোম ৰাজ্যখন পূবে পাটকাই পৰ্বতৰ পৰা পশ্চিমে মানাহ নদীলৈকে প্রায় আঠশ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত আছিল । ব্রহ্মপুত্ৰ নদীৰ উত্তৰে ভূটীয়া , অকা, দফলা , মিচিং , মিচিমি আৰু চিংফৌসকলৰ বসতি অঞ্চল চুইছিল । দক্ষিণে আহোম ৰাজ্যখনে নগাভূমিলৈ বিস্তাৰ লাভ কৰাৰ লগতে মণিপুৰ আৰু ব্ৰহ্মদেশৰ সীমা স্পৰ্শ কৰিছিল । আহোমসকলে মূলতঃ ব্রহ্মপুত্ৰ উপত্যকাত শাসন কৰিলেও , উত্তৰ পূৱ ভাৰতত আহোম ৰাজশক্তিক দাঁতিকাষৰীয়া সৰু বৰ ৰাজ্যই মান্যতা প্ৰদান কৰিছিল । 

৪২ । আহোমসকলে একাষৰীয়াকৈ থকা নীতিক কিয় অৱলম্বন কৰিছিল ? 

উত্তৰঃ অসম ৰাজ্যখন ভৌগোলিক অৱস্থানৰ বাবে দীর্ঘদিন ধৰি ভাৰত ভূমিৰ মূল ভূ – খণ্ডৰ পৰা বিচ্ছিন্ন হৈ আছিল । আনহাতে পাহাৰ – পৰ্বত, নৈ – বিলেৰে ভৰা অসমৰ শাসনকর্তা আহোমসকলেও একাষৰীয়াকৈ থকা নীতিকে অৱলম্বন কৰিছিল । 

৪৩। কেপ্তেইন থমাছ ৱেলচক অসমলৈ প্ৰেৰণ কৰিছিল কোনে ? 

উত্তৰঃ গৌৰীনাথ সিংহই কোম্পানীৰ সেনা বাহিনীৰ খা – খৰচ দিবলৈ সন্মতি প্ৰকাশ কৰাত কৰ্ণৱালিচে , ‘ অসমৰ আভ্যন্তৰীণ পৰিস্থিতিটো ভালদৰে জনাৰ বাবে ’ আৰু ‘ ব্যৱসায় বাণিজ্যৰ খা – খবৰ ‘ সংগ্ৰহ কৰাৰ অৰ্থে কেপ্তেইন থমাছ ৱেলচক অসমলৈ প্ৰেৰণ কৰাৰ অনুমতি প্রদান কৰিছিল । 

৪৪। চন্দ্রকান্তক ক্ষমতাচ্যুত কৰি কাক আহোম ৰাজ্যৰ শাসনভাৰ দিছিল আৰু কিয় ? 

উত্তৰঃ মান উভতি যোৱাৰ পিছত চন্দ্ৰকান্তক ক্ষমতাচ্যুত কৰি তেওঁৰ ঠাইত পুৰন্দৰ সিংহক আহোম ৰাজ্য শাসনৰ দায়িত্বভাৰ অৰ্পণ কৰে । 

৪৫। ১৮২২ চনৰ প্ৰতিবেদনত কি লিখা গৈছিল ? 

উত্তৰঃ ১৮২২ চনৰ জুলাই মাহত ঊর্দ্ধতন কর্তৃপক্ষলৈ লিখা প্রতিবেদনত এই বুলি জনাইছিল যে মানসকলে অসমৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব স্থাপনৰ বাবে আৰু তেওঁলোকৰ প্ৰতিনিধি এজনক ৰাজ্যখনৰ সৰ্বোচ্চ ক্ষমতাৰ গৰাকী ৰূপে নিয়োগ কৰা ঘটনাই আহোম ৰাজ্যখন ব্ৰহ্মদেশৰ সম্ৰাটৰ অধীনলৈ যোৱা বুলি বিবেচনা কৰিব পাৰি। 

৪৬। ডেভিদ স্কটক কেতিয়া উত্তৰ পূৱ সীমান্তৰ গৱৰ্ণৰ জেনেৰেল এজেন্ট হিচাপে নিযুক্তি দিয়ে ? 

উত্তৰঃ ১৮২৩ চনৰ নৱেম্বৰ মাহত ৰংপুৰৰ কমিছনাৰৰ দায়িত্বৰ লগতে ডেভিদ স্কটক উত্তৰ পূৱ সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিযুক্তি প্রদান কৰে । 

৪৭। কিমান চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট – ইণ্ডিয়া কোম্পানীয়ে যুদ্ধ ঘোষণা কৰে ? 

উত্তৰঃ ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যুদ্ধ ঘোষণা কৰে । 

৪৮। দ্বিতীয় ব্ৰিটিছ বিৰোধী অভ্যুত্থান কোনে আৰু কেতিয়া কৰিছিল ? 

উত্তৰঃ ১৮২৯ চনত ইয়াং বুমেনদাও বা গদাধৰ সিংহৰ নেতৃত্বত দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থানৰ সূচনা হয় । 

৪৯। তৃতীয় ব্ৰিটিছ বিৰোধী অভিযানটোৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ তৃতীয় ব্ৰিটিছ বিৰোধী অভিযানটোৰ নেতৃত্ব দিছিল ধনঞ্জয় বৰগোহাঁয়ে ।

৫০। কেপ্তেইন নিউভিলে কাক কাক মৃত্যুদণ্ড বিহিছিল ? 

উত্তৰঃ কেপ্তেইন নিউভিলে সেনাবাহিনী এটা লৈ যোৰহাটত উপস্থিত হয় আৰু ১৮৩০ চনৰ মাজভাগত ব্ৰিটিছ বিৰোধী বিদ্রোহ দমন কৰে । ৰূপছান্দ কোঁৱৰ , জীউৰাম দুলীয়া বৰুৱা , হৰনাথ , পিয়লি ফুকন , দিহিঙীয়াবৰুৱা আৰু বুম চিংফৌৰ বিৰুদ্ধে যোৰহাটৰ বৰ পঞ্চায়তত বিচাৰ হয় আৰু ৰাজদ্ৰোহৰ অপৰাধৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত কৰে । বিচাৰৰ ৰায় ডেভিদ স্কটলৈ প্ৰেৰণ কৰা হয় আৰু তেওঁ পিয়লি ফুকন আৰু জীউৰামৰ মৃত্যুদণ্ড বাহাল ৰাখি আনসকলৰ ক্ষেত্ৰত যাৱজ্জীৱন কাৰাবাস শাস্তি প্রদান কৰি ঢাকা জেললৈ প্ৰেৰণ কৰে । 

৫১। এজেণ্ট ৰবাৰ্টচনৰ লগত পুৰন্দৰ সিংহৰ মাজত হোৱা চুক্তিখন কিমান চনত হৈছিল ? আৰু চুক্তিৰ চৰ্তসমূহ কি আছিল ? 

উত্তৰঃ ১৮৩৩ চনৰ ২ মাৰ্চৰ দিনা ব্ৰিটিছৰ ৰাজনৈতিক এজেণ্ট ৰবাৰ্টচনৰ লগত পুৰন্দৰ সিংহৰ গুৱাহাটীত এখন চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ প্ৰধান চৰ্তসমূহ হ’ল— 

( ক ) ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ – পূৱফালে অৱস্থিত ধনশিৰি নদীৰ পৰা বিশ্বনাথলৈকে সমগ্র অঞ্চলটো শাসনৰ দায়িত্ব পুৰন্দৰ সিংহক অৰ্পণ কৰে। 

( খ ) উজনি অসমত কমেও ১২০,০০০ টকা ৰাজহ সংগ্ৰহ হ’ব বুলি ধৰি লৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুৰন্দৰ সিংহৰ পৰা বছৰেকীয়া বৰঙণিৰূপে ৫০,০০০ টকা দাবী কৰে । 

( গ ) নতুন ৰজা পুৰন্দৰে ব্ৰিটিছৰ আইন কানুন আৰু ন্যায় ব্যৱস্থাক কঠোৰভাৱে মানি চলিব লাগিব আৰু পূৰ্বৰ আহোম ৰজাসকলৰ নিচিনাকৈ অপৰাধীক শাৰীৰিকভাৱে শাস্তি বিহিব নোৱাৰিব । 

( ঘ ) পুৰন্দৰ সিংহই উজনি অসমৰ ব্ৰিটিছ ৰাজনৈতিক এজেণ্ট আৰু উত্তৰ – পূৱ সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ পৰামৰ্শ মানি চলিব লাগিব । 

( ঙ ) ব্ৰিটিছ বিষয়াই দাবী কৰিলে পুৰন্দৰৰ ৰাজ্যত আশ্রয় লোৱা অপৰাধীক কোম্পানীৰ হাতত গতাই দিব লাগিব । 

( চ ) বৰসেনাপতিৰ অধীন মোৱামৰীয়া অঞ্চল আৰু শদিয়া খোৱা গোঁহাইৰ এলেকা দুটা পুৰন্দৰ সিংহৰ শাসনাধীন এলেকাৰ বাহিৰত ৰখা হ’ব । 

( ছ ) ইংৰাজৰ প্ৰতি আনুগত্যশীল হৈ থকালৈকে , পুৰন্দৰে কোম্পানীৰ পৰা নিৰাপত্তা লাভ কৰিব , কিন্তু তেওঁ যদি বিশ্বাস ভংগ কৰে বা প্ৰজাৰ ওপৰত নিৰ্যাতন চলায় , কোম্পানীৰ চৰকাৰে আন এগৰাকী আহোম প্রতিনিধিৰ হাতত উজনি অসমখন শাসন কৰাৰ কৰ্তৃত্ব হস্তান্তৰ কৰিব অথবা ব্ৰিটিছ শাসনৰ অধীন কৰাৰ বাবে উজনি অসমখন অধিগ্রহণ কৰিব । 

( জ ) কাণিৰ খেতি আৰু ক্রয় বিক্ৰয়ৰ ক্ষেত্ৰত পুৰন্দৰ সিংহই ব্ৰিটিছক সহযোগ কৰিব । 

( ঝ ) নিজ ৰাজ্যত সতীপ্রথা নিষিদ্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিব লাগিব । 

৫২। কিমান চনত পুৰন্দৰ সিংহই সিংহাসন গ্ৰহণ কৰে আৰু তেওঁ কি উপাধি লয় ? 

উত্তৰঃ ১৮৩৩ চনৰ এপ্ৰিল মাহত পুৰন্দৰ সিংহই আনুষ্ঠানিকভাৱে সিংহাসন আৰোহণ কৰে । যোৰহাটত ৰাজধানী স্থাপন কৰা পুৰন্দৰে শ্ৰী শ্ৰী মহাৰজা পুৰন্দৰ সিংহ নৰেন্দ্ৰ উপাধি গ্রহণ কৰে ।

৫৩। কিমান চনত পুৰন্দৰ সিংহক কেৱল যোৰহাটৰ শাসনকর্তা হিচাপে ঘোষণা কৰে ? 

উত্তৰঃ ১৮৩৩ চনৰ জুন মাহত কোম্পানীৰ চৰকাৰে পুৰন্দৰ সিংহৰ ক্ষমতা কৰ্তন কৰি তেওঁক কেৱল যোৰহাট এলেকাটোৰ শাসনকর্তা বুলি ঘোষণা কৰে । 

৫৪। পুৰন্দৰ সিংহক কেতিয়া শাসনৰ পৰা আঁতৰাই পঠোৱা হয় ? 

উত্তৰঃ ১৮৩৮ চনৰ ১৬ অক্টোবৰ তাৰিখে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্তৃপক্ষই পুৰন্দৰ সিংহক শাসনৰ পৰা আঁতৰাই উজনি অসমখন কোম্পানীৰ শাসনাধীন কৰাৰ কথা ঘোষণা কৰে । 

৫৫। কোনে কোনে নাৰী সমাজক সংগঠিত কৰাৰ বাবে ‘ মুক্তি সংঘ ’ গঠন কৰিছিল ? 

উত্তৰঃ আইন অমান্য আন্দোলনত পুষ্পলতা দাস , পুণ্যপ্ৰভা বৰুৱা , জ্যোৎস্না মজুমদাৰ আদি নেত্ৰীসকলে নাৰী সমাজক সংগঠিত কৰা বাবে‘ মুক্তি সংঘ ’ গঠন কৰে । 

৫৬। সদৌ অসম ছাত্ৰ সন্থাই ’ কিমান চনত বিদেশী আন্দোলন আৰম্ভ কৰে ? 

উত্তৰঃ সদৌ অসম ছাত্ৰ সন্থাই বিদেশী বহিষ্কাৰৰ দাবীত ১৯৭৮ চনৰ জুলাইত ১৬ দফীয়া দাবী চনদৰ ভিত্তিত আন্দোলন আৰম্ভ কৰে ।

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Question Answer can be of great value to excel in the examination.

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫) Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Question Answer can be of great value to excel in the examination.

Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 6 অসমৰ ৰাজনৈতিক বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top