Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান and select needs one.

Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান Solutions for All Subject, You can practice these here…


প্রশ্ন ১১। সাম্প্রদায়িকতাবাদ বুলিলে কি বুজা ? 

উত্তৰঃ সাম্প্রদায়িকতাবাদ হ’ল এবিধ আদর্শবাদ যিয়ে কোনাে ধর্ম আদর্শ বা ভাবধাৰাক জনসাধাৰণৰ মাজত উৎসাহিত কৰিব বিচাৰে , যিটো নেকি আন ধৰ্মৰ আদর্শ বা ভাবধাৰাৰ প্রতি সম্পূর্ণ বিৰােধী আৰু অনিষ্টকাৰী ভাবধাৰা । 

প্রশ্ন ১২। আঞ্চলিকতাবাদ কি ? 

উত্তৰঃ যেতিয়া কোনাে এজন নাগৰিকে তেওঁৰ নিজৰ অঞ্চলটোক ভাল পায় আৰু আন এটা অঞ্চলক ঘৃণা কৰিবলৈ আৰম্ভ কৰে ইয়াকে সাধাৰণতে আঞ্চলিকতাবাদ বুলি জনা যায় । আন কোনাে এটা অঞ্চলক উৎসাহ জনােৱাটোও একপ্রকাৰৰ আঞ্চলিকতাবাদ বুলি ক’ব পাৰি । এটা অঞ্চলৰ নাগৰিকে আন এটা অঞ্চলৰ নাগৰিকক বিদেশী জ্ঞান কৰাটো আঞ্চলিকতাবাদৰ বৈশিষ্ট্য । উদাহৰণস্বৰূপে যদি বিহাৰৰ মানুহে মহাৰাষ্ট্রৰ মানুহক বিদেশী বুলি ভাবে ইয়াকে আঞ্চলিকতাবাদৰ লক্ষণ বুলি ক’ব পাৰি । 

প্রশ্ন ১৩। আঞ্চলিকতাবাদ কিদৰে জাতীয় ঐক্যৰ বাবে বাধাৰ স্বৰূপ বুলি কোৱা হয় ? 

উত্তৰঃ যেতিয়া দেশৰ এটা অঞ্চলৰ লােকে নিজৰ অঞ্চলটো অগ্রাধিকাৰ দিয়ে আৰু অতি ভাল পায় আন এটা অঞ্চলক বিদেশীৰ অঞ্চলৰ বুলি জ্ঞান কৰে তাকে আঞ্চলিকতাবাদ বুলি কোৱা হয় । সাধাৰণতে আন অঞ্চলৰ মানুহৰ ঘৃণাৰ চকুৰে চোৱা হয় । এইদৰে সমতাৰ অনুভূতি বা ভাব আৰু ভ্রাতৃৰ ভাব আঞ্চলিকতাবাদে সম্পূর্ণ নাইকিয়া কৰি দিয়ে । এই মনােভাবে এটা অঞ্চলৰ মানুহৰ শ্ৰেষ্ঠতাৰ ভাবক উৎসাহিত কৰে আৰু এই ভাবে দুয়ােটা অঞ্চলৰ মানুহৰ মাজত ঐক্যতাৰ ভাব গঢ়ি উঠাত বাধাৰ সৃষ্টি কৰে । 

প্রশ্ন ১৪। সাম্প্রদায়িকতাবাদ কি ? 

উত্তৰঃ সাম্প্রদায়িকতাবাদে সাধাৰণতে ধৰ্মৰ ওপৰত প্রতিষ্ঠিত আক্রোহী অযুক্তিকৰ পৰিচয়ক বুজায় । আন ভাষাত ক’বলৈ হ’লে আমি সাম্প্রদায়িকতাবাদক ধৰ্মৰ লগত সম্পর্ক থকা আক্রোহী ৰাজনৈতিক আদর্শ বুলি ক’ব পাৰো । সাম্প্রদায়িকতাবাদে সকলােবােৰ সীমা । চেৰাই ধর্মীয় পৰিচয় ৰক্ষা কৰে । 

প্রশ্ন ১৫। কি কি বিচিত্ৰতাৰ বাবে ভাৰতক এখন বৈচিত্র্যময় দেশ বুলি কোৱা হয় ? 

উত্তৰঃ ( ১ ) প্রায় ১০২৪মিলিয়ন জনসংখ্যাৰে , সামাজিক আৰু সাংস্কৃতিকভাৱে ভাৰত পৃথিৱীৰ ভিতৰতে এখন অতি বৈচিত্রময় দেশ । 

( ২ ) পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনসংখ্যাৰ এনে এখন দেশৰ জনসংখ্যাই প্রায় ১৬৩২ সংখ্যক ভাষা আৰু দোৱানত কথা কয় ।

( ৩ ) ধৰ্মৰ ক্ষেত্রত প্রায় ৮৫.৫% হিন্দু জনসংখ্যা প্রায় ১৩.৪% মুছলিম, ২.৩% খ্রীষ্টিয়ান,১.৯% শিখ , ০.৮% বুদ্ধিষ্ট আৰু ০.৪% জৈন ধর্মীয় লােক আছে । 

( ৪ ) ইয়াৰ উপৰি ভাৰতত বিভিন্ন সংস্কৃতি , ৰীতি – নিয়ম , বংশগত নীতি ( পূজা ) ; উৎসৱ । 

প্রশ্ন ১৬। সাম্প্রদায়িক পৰিচয় কি আৰু ইয়াৰ বৈশিষ্ট্য কি ?

উত্তৰঃ ( ১ ) সম্প্রদায় পৰিচয়ে , সাধাৰণভাৱে জন্ম আৰু সা – সম্পদক বুজায় লব্ধ অৰ্হতাক নুবুজায় । সম্প্রদায় হ’ল আমি প্রকৃততে যিটো , আমাৰ যি আছে সেইটো নহয় । 

( ২ ) লব্ধ পৰিচয় আৰু সম্প্রদায় অনুভূতি হ’ল সার্বজনীন । 

( ৩ ) আমি মাজে – সময়ে আৱেগিকভাৱে আমাৰ সম্প্রদায় পৰিচয়ৰ বাবে সংলগ্ন হ’ব লগা হয় । 

( ৪ ) জনসাধাৰণে সাধাৰণতে আৱেগিকভাৱে প্রতিক্রিয়া প্রকাশ কৰে নাইবা এনেকি ভীষণভাৱে যেতিয়া তেওঁলােকৰ সম্প্রদায়ক দেখাদেখি কৈ ভাবুকি দিয়ে । 

( ৫ ) সম্প্রদায়ে ধৰ্মক প্রথম স্থান দিব বিচাৰে । 

প্রশ্ন ১৭। আঞ্চলিকতাবাদৰ অর্থ কি ? কি উপাদানৰ ওপৰত ই প্রতিষ্ঠিত ? নাইবা , আঞ্চলিকতাবাদক উৎসাহিত কৰা কাৰক দুটা উল্লেখ কৰা ৷ 

উত্তৰঃআঞ্চলিকতাবাদ হ’ল কোনাে এক নির্দিষ্ট আঞ্চলিক পৰিচয়ৰ প্রতিশ্রুত আদর্শবাদ যিটো নেকি ভৌগােলিক বৈশিষ্ট্যৰ উপৰি ভাষা , গােষ্ঠীগত আৰু অন্যান্য বৈশিষ্ট্যৰ ওপৰতে নিৰ্ভৰশীল হ’ব পাৰে । 

আঞ্চলিকতাবাদৰ ভিত্তিবােৰ সৃষ্টিৰ কাৰকবােৰ–

( ১ ) আমাৰ দেশত আঞ্চলিকতাবাদ গভীৰভাৱে প্রতিষ্ঠিত হ’ল বিভিন্ন ভাষা , সংস্কৃতি , জনজাতিবােৰ আৰু ধৰ্মৰ ওপৰত । 

( ২ ) আঞ্চলিক আৰু জনজাতীয় পৰিচয় ভাষাৰ লগত মিশ্রিত হৈ ভাৰতত এটা গােষ্ঠীগত ৰাষ্ট্ৰীয়তাবাদী পৰিচয় গঢ়ি তুলিবলৈ এক শক্তিশালী হাতিয়াৰ তৈয়াৰ হৈছিল । 

( ৩ ) মাজে – সময়ে গােষ্ঠীয়তাই জনজাতীয় পৰিচয় , ভাষা , আঞ্চলিক বঞ্চনা আৰু পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি হঠাৎ আঞ্চলিকতাবাদৰ ভিত্তি হৈ অৱশেষত ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি তাক কার্যকৰী তােলা দেখা যায় । 

প্রশ্ন ২৬। সংবিধান মতে সংখ্যালঘু সকলে কি কি ব্যৱস্থা মতে ৰক্ষণাবেক্ষণ পায় ? নাইবা , সংখ্যালঘু আৰু সাংস্কৃতিক বিচিত্রতা সন্দৰ্ভত ভাৰতীয় সংবিধানে আগবঢ়োৱা উপযুক্ত ব্যবস্থা সম্পর্কে লিখা । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ব্যৱস্থা মতে – সংখ্যলঘুসকলে তলত দিয়া দৰে ৰক্ষণাবেক্ষণ পায় –

( ১ ) সংবিধানৰ ২৯ অনুচ্ছেদ মতে – 

( i ) ভাৰতত নাইবা ইয়াৰ কোনাে অংশত বসবাস

কৰা যিকোনাে গােটৰ নাগৰিকে , যিসকলৰ স্পষ্ট নিজা ভাষা , লিপি , নাইবা সংস্কৃতি আছে , তেওঁলােকে ৰক্ষণাবেক্ষণ পাবলৈ সক্ষম হ’ব । 

( ii ) কোনাে ভাৰতীয় নাগৰিককে ৰাজ্য চৰকাৰৰ দ্বাৰা চলােৱা নাইবা চৰকাৰৰ পুঁজিৰে চলােৱা শিক্ষা প্রতিষ্ঠানত নাম লিখাৰ পৰা নাকচ কৰা নহ’ব কেবল মাত্র ধর্মীয় , জাতীয় , গােষ্ঠীগত , ভাযা নাইবা অন্যান্য কাৰণৰ বাবে । 

( ২ ) সংবিধানৰ ৩০ অনুচ্ছেদ মতে :-

( i ) সকলাে সংখ্যালঘু ধৰ্মৰ নাইবা ভাষাৰ ভিত্তিতেই হওক নিজৰ ইচ্ছামতে বিদ্যালয় প্রতিষ্ঠা বা পৰিচালনা কৰাৰ অধিকাৰ থাকিব । 

( ii ) কোনাে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে দান – অনুদানৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি গ্রহণ কৰা নহব । সংখ্যালঘু ধর্ম বা ভাষাৰ ক্ষেত্ৰত । 

প্রশ্ন ১৮। অসমীয়া সংস্কৃতিৰ বিচিত্রধর্মী দিশটোৰ সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ বৰ্তমানৰ অসমীয়া , সংস্কৃতি এক সংমিশ্রিত সংস্কৃতি । ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিতে বিভিন্ন জাতি , জনগােষ্ঠীৰ ভাষা , ধর্ম , সাহিত্য , দর্শন , কলা – কৃষ্টিৰ এক সমাৱেশ ঘটিছে । অসমৰ আদিম জনগােষ্ঠীৰ লগত কালক্ৰমত আহােম , টাই , মােগল , ইংৰাজ আদি জাতিৰ লােক অসমলৈ অহাৰ উপৰিও ভাৰতৰ বিভিন্ন প্রদেশৰ পৰা নানা ভাষা – ভাষী , ধর্ম – সংস্কৃতিৰ মানুহ অসমলৈ আহি নিগাজীকৈ বসবাস কৰিবলৈ লৈছে । এইবােৰে অসমীয়া কলা – কৃষ্টিত বাৰুকৈয়ে প্রভাৱ পেলাবলৈ সক্ষম হৈছে । 

অসমীয়া সমাজৰ সংস্কৃতি আগৰে পৰাই নানা বৈচিত্রধর্মী সংস্কৃতিৰে পূৰ্ণ । যেনে— অসমত নানা জনগােষ্ঠী বসবাস কৰে । তাৰ ভিতৰত বড়াে , কছাৰী , নৈষ্ঠিক হিন্দুসকল , মুছলমানসকল , ইংৰাজসকল , বঙ্গদেশৰ পৰা অহা বঙালীসকল , দেশ বিভাজনৰ সময়ত অহা হিন্দু বঙালীসকল । এই সকলাে লােকেই অসমত আহি নিগাজীকৈ বসতি কৰি অসমীয়া সমাজৰ লগত মিলি গৈছে । এই লােক সকলৰ প্ৰায় ভাগৰে ভাষা – ধর্ম আদি বেলেগ বেলেগ , চাল চলন , পিন্ধন – উৰণ , খাওন – দাওন বেলেগ , যদিও সকলােৱে অসমৰ কলা – সংস্কৃতিক সন্মান কৰি অসমীয়া বুলি পৰিচয় দি ভাল পায় । মুঠতে ভাৰতৰ সকলাে প্রদেশৰ কলা – সংস্কৃতি লােক আহি , অসমীয়া সংস্কৃতিৰ বিচিত্রধর্মী দিশ এটা ফুটাই তুলিছে । এই সংস্কৃতিত সকলাে প্ৰকাৰৰ সংস্কৃতিৰ এটা সংমিশ্রণহে হৈছে । 

প্রশ্ন ১৯। ভাৰতীয় সংস্কৃতিক কিয় সংমিশ্রণ সংস্কৃতি বােলা হয় ? অথবা, ভাৰত হ’ল বিভিন্ন প্রজাতিৰ মিলন ভূমি ’ – আলােচনা কৰা । অথবা , সংস্কৃতিক বৈচিত্র বুলিলে কি বুজা ? নাইবা , “ ভাৰতীয় সমাজ এখন বহুধা ভিত্তিক সমাজ ” – উক্তিটো বিচাৰ কৰা । অথবা , ভাৰতৰ সাংস্কৃতিক বিচিত্রতা আলােচনা কৰা । 

উত্তৰঃ ভাৰত এখন বিশাল দেশ । ভাৰতীয় সংস্কৃতি বিভিন্নতা আৰু বিচিত্ৰতাৰ এক উজ্জ্বল চানেকি । অতীজ কালৰে পৰা ভাৰতলৈ অহা বিভিন্ন জাতি – উপজাতিবােৰৰ সাংস্কৃতিক উপাদানবােৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে । প্রাচীনকালৰে পৰা বিৰাজ কৰি থকা হিন্দুধর্মই পাছত ভাৰতলৈ অহা আন ধৰ্মৰ প্রতি কেতিয়াও অসহিষ্ণু ভাব দেখুওৱা নাই বৰং সেইবােৰক সহনশীলতা আৰু উদাৰ দৃষ্টিভংগীৰে সন্মান সহকাৰে সামৰিহে লৈছে । এই ভেটিত আৰ্যসকলে আৰু পাছলৈ শক , হুণ , গ্রীক , মােগলসকলে নতুন নতুন উপাদান সংযােগ কৰিছে । কিন্তু ভাৰতলৈ যিয়েই স্থায়ীভাবে বসবাস কৰিবলৈ আহিছে তাৰে স্বকীয়তা ভাৰতীয় সংস্কৃতিৰ বুকুত বিলীন হৈ গৈছে । ভাৰতীয় সংস্কৃতি যেনিবা এখন সাগৰহে , তাত সংস্কৃতিৰ নানা নৈ পৰি নিজৰ স্বকীয় স্বৰূপ , অস্তিত্ব বিলীন কৰিবলগীয়া হৈছে । 

ভাৰতীয় সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল এই যে অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া সুকীয়া ৰূপ আছে । ভাৰতৰ প্রত্যেক অঞ্চল বা প্ৰদেশৰ মানুহৰ ভাষা , ধর্ম , সাজ পােছাক , আহাৰ – পানী , চলন – ফুৰণ , পিন্ধন – উৰণ সুকীয়া সুকীয়া । কিন্তু এইটো ঠিক যে সকলাে অঞ্চলৰ লােকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পােৱা যায় । এই বিভিন্নতা আৰু বৈচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্যই বিৰাজ কৰিছে । সেই কাৰণেই কোৱা হয় ভাৰতীয় সংস্কৃতি এক সংমিশ্রণ সংস্কৃতি ।

প্রশ্ন ২০। ভাৰতীয় সংস্কৃতিৰ বিচিত্রধর্মী দিশটো সম্পর্কে এটা টোকা লিখা । নাইবা , বিচিত্ৰতাৰ মাজত ঐক্য ভাৰতীয় সমাজৰ বৈশিষ্ট্য ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতীয় সংস্কৃতি বিভিন্ন আৰু বিচিত্ৰতাৰ এক উজ্জ্বল চানেকি । অতীজ কালৰে পৰা ভাৰতলৈ অহা শক , হুণ , কুশান , পাঠান , মুছলমান , ইংৰাজ আদি বিভিন্ন জাতি – উপজাতিবােৰৰ সাংস্কৃতিক উপাদানবােৰ ভাৰতীয় সংস্কৃতিৰ লগত খাজে – খাপে মিলি গৈছে । প্রাচীন কালৰে পৰা বিৰাজ কৰি থকা হিন্দুধর্মই পাছত ভাৰতলৈ অহা আন ধৰ্মৰ প্রতি কেতিয়াও অসহিষ্ণু ভাব দেখুওৱা নাই বৰং সেই বােৰক সহনশীলতা আৰু উদাৰ দৃষ্টিভঙ্গীৰ সন্মানহে জনায় অহিছে । 

ভাৰতীয় সংস্কৃতিৰ আন এটা আকর্ষণীয় দিশ হ’ল— অঞ্চল বিশেষে এই সংস্কৃতিৰ সুকীয়া ৰূপ আছে । কিন্তু সকলাে অঞ্চলৰ লােকৰ সংস্কৃতিৰ মাজত এটা উমৈহতীয়া ভাৰতীয় বৈশিষ্ট্য দেখিবলৈ পােৱা যায় । বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ভাৰতীয় ঐক্যই বিৰাজ কৰি আছে । বিচিত্রতাবােৰক পৰিহাৰ কৰাৰ প্ৰয়ােজন হােৱা নাই । ভাৰতৰ প্ৰতিখন প্রদেশৰ এনেকি একেখন প্রদেশতে বিভিন্ন প্রকাৰৰ ভাষা – ভাষী, ধর্ম , সাজ – পােছাক , মাত – কথা , ভাব ভাষা , ৰীতি – নীতি , চাল – চলন , খাওন – দাওন , ধর্মবিশ্বাস , পূজা – পাতল , উৎসৱ – পার্বণ আদি সকলাে দিশত বিচিত্রতাবােৰ ফুটি উঠে যদিও সকলাে লােকেই নিজকে এক ভাৰতৰ নাগৰিক বুলি সামাজিকভাৱে উপলব্ধি কৰে । 

ভাৰতীয় সংস্কৃতিয়ে নিজৰ অন্তর্নিহিত উপাদানবােৰৰ লগতে আন দেশৰ সংস্কৃতিৰ উপাদানসমূহ সামৰি লৈ বৰ্তমানৰ অৱস্থাত উপনীত হৈছে । 

ওপৰৰ আলােচনাটিৰ পৰা এইটো প্রতিপন্ন হয় যে ভাৰতৰ বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজত ঐক্য – সম্প্রীতি ভাৱ অতীজ কালৰ পৰা অটুট আছে । সকলাে দিশতে বিচিত্রতা থাকিলেও দৃঢ় ঐক্য গঢ়ি উঠিছে । দেশৰ আৰু ৰাষ্ট্ৰীয় ঐক্যৰ সংকট মুহূর্তত সমগ্ৰ ভাৰতবাসী এক হৈ থিয় দিয়া নিদর্শনে বৃহৎ সংহতি আৰু ঐক্যৰ পৰিচায়ক ।

প্রশ্ন ৩০। ভাবতীয় জাতিপ্রথা কি ? নাইবা , জাতিপ্ৰথাৰ মূল চৰিত্ৰসমূহ কি ?

উত্তৰঃ ভাৰতীয় জাতিপ্রথা সামাজিক স্তৰীকৰণৰ এক উল্লেখযােগ্য বৈশিষ্ট্য । ভাৰতৰ হিন্দুজাতিৰ মাজত থকা স্তৰীকৰণৰ উদাহৰণ পৃথিৱীৰ আন জাতিৰ মাজত অতি বিৰল । বিভিন্ন সমাজশাস্ত্রবিদে বিভিন্ন প্রকাৰে এই জাতি ব্যৱস্থাৰ সংজ্ঞা দাঙি ধৰিছে । সমাজশাস্ত্রবিদে এই সংজ্ঞা দিছে— “ জাতি এনে কিছুমান পৰিয়ালৰ সমষ্টি যিবােৰ পৰিয়ালে একেপ্রকাৰৰ বৃত্তি অৱলম্বন কৰে আৰু একোটা পিতৃ – পুৰুষৰ বা দেৱতাৰ বংশধৰ বুলি নিজকে পৰিচয় দিয়ে আৰু যিসকলে বংশানুক্রমে একেধৰণৰ বৃত্তি , ব্যৱসায় কৰি জীৱন – নির্বাহ কৰে , একে নীতি – নিয়ম , ধর্ম পালন কৰে আৰু নিজকে একে গােষ্ঠী বা সম্প্রদায়ৰ লােক বুলি চিনাকি দিয়ে । ” তাকে জাতি বুলি কোৱা হয় । এজন ব্যক্তিৰ জাতি তেওঁৰ জন্মৰ লগত জড়িত থাকে জাতি এক বন্ধ স্তৰীকৰণ । উদাহৰণস্বৰূপে ব্রাহ্মণ প্রজাতিত জন্মগ্রহণ কৰা লােককহে ব্রাহ্মণ , তেওঁ যি কামকে নকৰক কিয়াতেওঁ সদায়ে ব্রাহ্মণ । কৰ্মৰ দ্বাৰা জাতি নির্ণয় কৰিব নােৱাৰি । জাতি পৰিচয় এজন ব্যক্তিৰ জন্মগত পৰিচয় ।

See Next Page…

1 thought on “Class 12 Sociology Chapter 6 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top