Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি and select needs one.

Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ সংবিধান মতে দুর্বল শ্রেণীসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ সকলাে দেশৰ জনসাধাৰণৰ মাজতে কিছুমান দুর্বল বা বঞ্চিত শ্রেণীৰ বাসিন্দা থকা দেখা যায় । এই লােকসকল সামাজিক , ৰাজনৈতিক , অর্থনৈতিক নাইবা শৈক্ষিক দিশত বৰ পিছ পৰা দেখা যায় । আমাৰ ভাৰতীয় সমাজতাে সাংবিধানিকভাৱে অনুসূচীত জাতি , জনজাতি , অন্যান্য পিছ পৰা জাতি , মহিলা , সংখ্যালঘু আদি কিছুমান শ্রেণীক দুর্বল বা বঞ্চিত শ্রেণী বুলি গণ্য কৰা হৈছে । 

ভাৰতীয় সংবিধানৰ ৪৬ অনুচ্ছেদ মতে প্রত্যেক ৰাজ্যই পিছপৰা নাগৰিকসকলৰ উন্নয়নৰ বাবে বিশেষ যত্নেৰে শৈক্ষিক আৰু আর্থিক দিশত প্রচেষ্টা চলােৱা দৰকাৰ । এইসকলৰ ভিতৰত অনুসূচীত জাতি আৰু জনজাতিৰ বিশেষ যত্ন লােৱা আৱশ্যক । এইসকল লােকক সংবিধানে কেইটামান সুবিধা আৰু অধিকাৰ প্ৰদান কৰিছে । সংখ্যালঘুসকলক নিজা ভাষা , হৰফ ( script ) , সংস্কৃতি , নিজৰ বিদ্যালয় নির্মাণ আৰু পৰিচালনা কৰাৰ অধিকাৰ দিয়া হৈছে ( অনুচ্ছেদ -২৯ আৰু ৩০ ) । 

ভাৰতৰ স্বাধীনতাৰ পিছত অনুসূচীত জাতি অনুসূচীত জনজাতিৰ আৰু পিছ পৰা শ্রেণী , মহিলা , সংখ্যালঘুৰ বাবে এক সংৰক্ষিত প্রভেদ নীতি গ্রহণ কৰে । এই নীতিৰ দ্বাৰা দুর্বল শ্রেণীবােৰৰ প্রয়ােজনীয় সুবিধা পূৰণৰ যত্ন লােৱাত সফল হােৱা দেখা যায় । সমাজ তত্ত্বগত ভাবে বিচাৰ কৰিলে কিছুমানৰ কাৰণে , কিছুমান বিশেষ সুবিধা সৃষ্টি কৰি , ক্ষতি পূৰণৰ প্রভেদ নীতিৰ সামাজিক বৈষম্য হ্রাস কৰাৰ ব্যৱস্থাটোক এক বিশেষ পন্থা বুলি ক’ব পাৰি । স্বাভাৱিকতে , সকলােৰে বাবে সমান সুবিধা আৰু কিছুমানৰ বাবে বিশেষ সুবিধা এই দুয়ােটা নীতি পৰস্পৰ বিৰােধী কাৰণে এক ভীষণ উদ্বোৰ সৃষ্টি হয় । কিন্তু ভাৰতবাসীৰ মাজত বৈষম্যমূলক নীতিৰ অৱসান ঘটাই বৃহত্তৰ উদ্দেশ্য পূৰণ কৰাটোহে সফলকাম হ’ব । 

দুর্বল শ্রেণীবােৰ :-  পিছ পৰা শ্রেণী বা দুর্বল শ্রেণী বুলি ক’লে সাধাৰণতে সকলাে দুর্বল শ্রেণীকে বুজায় । ইয়াৰ দ্বাৰা বিশেষকৈ অনুসূচীত জাতি , অনুসূচীত জনজাতি আৰু অন্যান্য পিছ পৰা জাতিসমূহক বুজায় । ইয়াৰ লগতে বর্তমান মহিলা আৰু সংখ্যালঘু শ্রেণীবােৰকো ধৰা হয় । 

প্রশ্ন ২। ভাৰতৰ অনুসূচীত জাতিৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ অনুসূচীত জাতি :- ভাৰতৰ অনুসূচীত জাতিটো এটা অন্যতম পিছপৰা জাতি । ১৯৯১ চনৰ লােকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যাৰ শতকৰা প্রায় ১৬.৪৮ , লােক অনুসূচীত জাতিৰ লােক । চৰকাৰৰ কাৰ্যসূচীত অনুসূচীত জাতিৰ কল্যাণ সাধনৰ বাবে বিশেষ কেন্দ্রীয় সাহায্যৰ ব্যৱস্থা ৰখা হৈছে । 

ভাৰতৰ সমগ্র জাতি ব্যৱস্থাত সামগ্রিকভাৱে অনুসূচীত জাতিক একেবাৰে নিম্ন স্থানত ৰখা হয় । এই জাতিটো একেবাৰে নিম্ন স্থানৰ এটা সুকীয়া জাতি । এই জাতি বর্ণ ’ ব্যৱস্থাৰ চাৰিটা বৰ্ণৰ ভিতৰত নপৰে । অনুসূচীত জাতিৰ মাজত ধর্মীয় ক্রিয়া – কর্ম , নীতি – নিয়ম বৰ বেছি । এই জাতিৰ বৃত্তিমূলক কাম – কাজ একেবাৰে নিম্নখাপৰ বুলি গণ্য কৰা হয় সেই কাৰণে এনে জাতিৰ লােক সাধাৰণতে গাঁওৰ আছুতীয়া অঞ্চলবােৰত বসবাস কৰিছিল । ‘ অনুসূচীত জাতি ’ ( Scheduled caste ) এই শব্দ দুটা প্রথমে ‘ চাইমন আয়ােগে ’ আৰু তাৰ পিছত ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনৰ দ্বাৰা স্বীকৃত হয় । স্বাধীনতাৰ পিছত ভাৰতৰ সংবিধানত এই শব্দ দুটা সন্নিৱিষ্ট কৰি স্বীকৃতি দিয়া হয় আৰু কিছুমান বিশেষ সুবিধা ক্ষতিপূৰণৰ প্রভেদ নীতিৰে প্ৰদান কৰিবলৈ ব্যৱস্থা কৰা হয় । এই জাতিবােৰক গান্ধীজীয়ে ‘ হৰিজন’ ( ভগৱানৰ সন্তান ) আখ্যা দিছে । আনহাতে আমূল পৰিৱর্তনবাদী সকলে এই শ্ৰেণীটোক ‘ দলিত ‘ বুলি গণ্য কৰে । দালিত সম্প্রদায়ৰ লােকসকলক বহুতে অস্পৃশ্য বুলিও গণ্য কৰিছিল । দলিত শব্দটো দাক্ষিণাত্যৰ জাতি বা কুলে ড ° আম্বেদকাৰে ইয়াক ব্যৱহাৰ কৰি ইয়াক জনপ্রিয় কৰি তুলিছিল । 

প্রশ্ন ৩। অনুসূচীত জাতিৰ সামাজিক সমস্যাবােৰ আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ অনুসূচীত জাতি বা দলিতসকল মূল অত্যাৱশ্যকীয় সুবিধাৰ পৰা বঞ্চিত অতি দুখীয়া লােক , তেওঁলােক সামাজিকভাৱে পিছপৰা শ্রেণী । এই জাতিৰ লােকসকলৰ বেছিভাগৰে আৱশ্যক মতে খাদ্য – খানাৰ অভাৱ , কাপােৰ – কানিৰ অভাৱ , স্বাস্থ্যৰ বাবে চিকিৎসা ব্যৱস্থাৰ অভাৱ , বাসস্থানৰ অভাৱ প্রকটভাৱে দেখা যায় । জাতিটোৰ আটাইতকৈ গুৰুত্বপূর্ণ সমস্যা হৈছে আৱশ্যকীয় শিক্ষাৰ অভাব ।

অনুসূচীত জাতিৰ মাজত যদিও পৰম্পৰাগতভাৱে প্রচলিত বৃত্তিমূলক কামৰ প্ৰচলন ক্রমান্বয়ে কমি আহিছে তথাপি সামাজিকভাৱে কম প্ৰস্থিতিৰ বৃত্তিতহে বেছিভাগ লােক আৱদ্ধ হৈ থকা , দেখা যায় । ভাৰতৰ আধুনিকীকৰণৰ ব্যৱস্থাই পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা জাতিগত বৃত্তিৰ প্রচলন শিক্ষা – দীক্ষা পােৱাসকলৰ মাজত কিছু পৰিমাণে কমাবলৈ সক্ষম হৈছে । 

আনহাতে ভাৰতৰ কোনাে কোনাে অঞ্চলত অস্পৃশ্যতা প্রথা সংবিধান অৱজ্ঞা কৰি এতিয়াও প্রচলিত হৈ আছে । অনুসূচীত জাতি ভাৰতৰ সকলাে ঠাইতে একে নহয় । বৃত্তি অনুযায়ী ঠাই বিশেষে এই জাতিও বেলেগ বেলেগ । ভৌগােলিক সম্প্ৰসাৰণ , সংখ্যাগত ক্ষেত্ৰত আৰু ধর্মীয় ক্রিয়া – কৰ্মত বেলেগ । সকলাে ঠাইৰে এই জাতিটো একোটা সুকীয়া অঞ্চলতহে থাকে । তেওঁলােকে সামাজিকভাৱে বাধাহীন নহয় । বিভিন্ন বাধাৰ সন্মুখীন তেওঁলােকে হ’ব লগা হয় । ভাৰতৰ সংবিধান প্রবর্তন অর্ধশতিকা পাৰ হােৱাৰ পিছতাে আৰু দশম পাঁচ বছৰীয়া পৰিকল্পনা শেষ হােৱাৰ পিছতাে এই জাতিটোৰ নাগৰিকসকলে পৰাধীনতাৰ আগৰ সামাজিক অৱস্থাতে থকা বুলি ক’ব পাৰি । ভাৰতৰ গ্রামাঞ্চলত এতিয়াও অস্পৃশ্যতাৰ প্ৰচলন আছে । এতিয়াও গাঁৱৰ বহুতাে অনুসূচীত জাতিয়ে নানা সুবিধাৰ পৰা বঞ্চিত হৈ আহি আছে । উন্নত বুলি কোৱা কেবাখনাে ৰাজ্যত উচ্চ জাতিৰ কবলত পৰি এই জাতিয়ে দলিত জীৱন জাপন কৰিব লগা হৈ আছে । মাটিৰ গৰাকীৰ তলত , নানা অত্যাচাৰ ভােগ কৰি জীৱন অতিবাহিত কৰিব লগা হৈছে । মাটিৰ মালিকে এই শ্ৰেণীৰ লােকক নানাভাৱে শােষণ কৰি চলি আছে স্বাধীনতাৰ ৫০ বছৰ পিছতাে । বর্তমান অৱশ্যে ৰাজ্যবােৰত সমস্যাবােৰ নিৰাময়ৰ নানা উপায় অৱলম্বন কৰা হৈছে । 

প্রশ্ন ৪। অনুসূচীত জাতিৰ বাবে চৰকাৰে লােৱা ব্যৱস্থা সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ অনুসূচীত জাতিটোৰ ৰক্ষণাবেক্ষণৰ বাবে সংবিধানত নানা সা – সুবিধাৰ ব্যৱস্থা ৰখা হৈছে । চৰকাৰে অনুসূচীত জাতিটোৰ ওজৰ – আপত্তিবােৰ চোৱা – চিতা কৰিবলৈ এজন কমিচনাৰ নিযুক্ত কৰি দিছে । তেওঁ সংসদত বছৰেকীয়া প্রতিবেদন দাখিল কৰিব লাগে । অনুসূচীত জাতিৰ বাবে ভাৰতৰ চৰকাৰে কিছুমান কল্যাণমূলক ব্যৱস্থা হাতত লৈছে । সেইবােৰ তলত উল্লেখ কৰা হ’ল –

১। অস্পৃশ্যতা ৰদ কৰা । 

২। সামাজিক অন্যায় আৰু বিভিন্ন শােষণমূলক ব্যৱস্থাৰ পৰা ৰক্ষণাবেক্ষণ দিয়া । 

৩। ৰাজহুৱা প্ৰকৃতিৰ ধর্মীয় অনুষ্ঠান – প্রতিষ্ঠান অনুসূচীত জাতিৰ বাবে খােলা ৰখা । 

৪। পানী খােৱা কুঁৱা , পুখুৰী , দোকান , হােটেল , ৰেষ্টুৰেণ্ট আদিত থকা বাধা – নিষেধ । 

৫। ৰাজ্যৰ বিদ্যালয়বােৰত নাম ভৰ্তিৰ বাবে তেওঁলােকক অগ্রাধিকাৰ দিয়াৰ ব্যৱস্থা ৰখা ।

৬। শিক্ষা – দীক্ষা গ্ৰহণৰ বাবে তেওঁলােকক বিভিন্ন সা – সুবিধা দিয়াৰ উপৰি আর্থিক দান অনুদান আদি দিয়া হয় ।

৭। চৰকাৰী কাম – কাজত ক্ষতিপূৰণমূলক নিযুক্তি আৰু পদোন্নতি দিয়াৰ ব্যৱস্থাৰখা হৈছে । 

৮। সংসদৰ লােকসভা আৰু ৰাজ্যৰ বিধানসভাত বিশেষ প্রতিনিধিত্বৰ ব্যৱস্থা ৰখা হৈছে । 

৯। কল্যাণমূলক কাম কাজৰ উন্নতি সাধনৰ উদ্দেশ্য আৰু সা – সুবিধাবােৰক ৰক্ষণাবেক্ষণৰ  বাবে সুকীয়া চৰকাৰী বিভাগ আৰু পৰামৰ্শকাৰী পৰিষদ গঠন কৰা হৈছে । 

১০। অনুসূচীত জাতি অধ্যুষিত অঞ্চলবােৰ নিয়ন্ত্রণ আৰু প্ৰশাসনৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । 

প্রশ্ন ৫। ভাৰতৰ অনুসূচীত জনজাতি বিষয়ে আলােচনা কৰা । নাইবা , অনুসূচীত জনজাতিয়ে সন্মুখীন হােৱা সমস্যাবােৰ কি কি ? 

উত্তৰঃ ১৯৯১ চনৰ লােকপিয়ল মতে ভাৰতত জনজাতিৰ সংখ্যা প্রায় ৬.৭ নিযুত । ভাৰতৰ মুঠ জনসংখ্যা প্রায় ৮.২৮ শতাংশ । ভাৰতৰ ৰাজ্যবােৰৰ ভিতৰত মধ্যপ্রদেশতে আটাইতকৈ বেছি জনজাতীয় লােক আছে বুলি কোৱা হয় । ভাৰতৰ বিভিন্ন অঞ্চলত জনজাতীয় লােক আছে । এই জনজাতিবােৰৰ মাজত ভালেমান বৈচিত্র্য দেখা যায় । ভাৰতীয় সংবিধানৰ ৩৪১ নং আৰু ৩৪২ নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিৰ আদেশ মর্মে অনুসূচীত জনজাতিবােৰ নিৰ্ধাৰণ কৰা হয় । সংবিধানে অনুসূচীত জনজাতিৰ কোনাে সংজ্ঞা । দিয়া নাই । ৰাষ্ট্রপতিয়ে সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ লগত পৰামৰ্শ কৰি অনুসূচীত জনজাতিবােৰ নির্ধাৰণ কৰিব পাৰে । ভাৰতৰ বিভিন্ন ৰাজ্যত থকা জনজাতীয় লােকসকলৰ মাজত বহুতাে পার্থক্য থকা দেখা যায় । তেওঁলােকৰ মাজত পর্যায় ক্রমে বয়স লিংগ বা স্বজনীয়তাক লৈ পার্থক্য আছে । এই জনজাতীয় লােকসকলক ভাষা , ধর্ম , জীৱনধাৰণৰ প্ৰকাৰক লৈ বিভিন্ন ভাগত ভাগ কৰিব পাৰি । জনজাতীয় লােকসকলৰ কিছুমান প্রকৃতি অজনজাতীয় লােকসকলৰ প্ৰকৃতিৰ লগত মিল থকা দেখা যায় । 

অনুসূচীত জনজাতীয়লােকৰ সমস্যাবোৰ : 

১। ঋণগ্রস্ততা :- ঋণগ্রস্ততা ভাৰতৰ জনজাতীয় লােকসকলৰ আটাইতকৈ কঠিন সমস্যা বুলি ক’ব পৰা যায় । ইয়াৰ প্ৰধান কাৰণ হ’ল বহু দিনৰে পৰা চলি অহা দৰিদ্ৰ অৱস্থা , ভূমিকা আৰু বনৰ ওপৰত মালিকীস্বত্ব হেৰুওৱা লগতে পৰম্পৰাগত প্রাচীন কৃষি পদ্ধতি । আর্থিক অৱস্থাই যে অধিক গভীৰ সমস্যা তেনে নহয় তেওঁলােক সামাজিক আৰু মনস্তাত্ত্বিকভাৱেও বৰ পিছপৰা । 

২। ভূমি হস্তান্তৰকৰণ :- অনুসুচীত জনজাতীয় লােকসকলৰ প্ৰধানকৈ কৃষিজীৱী । তেওঁলােকৰ বৃত্তি মূল কৃষি । প্রায় ৮৮ % শতাংশ লােক কৃষক । তেওঁলােকৰ আবেগিক সম্বন্ধ হ’ল ভূমিৰ লগতহে । ভূমিক কেন্দ্ৰ কৰিয়ে তেওঁলােকে দোকানী , টকা ধাৰ দিয়া , ব্যৱসায়িক লােকৰ লগত সম্পর্ক ৰক্ষা কৰে । তেওঁলােকৰ সৰলতা আৰু অজ্ঞতক কেন্দ্ৰ কৰিয়ে লাহে লাহে ভূমি সম্পত্তি হস্তান্তৰিত হৈ দুখীয়া দৰিদ্ৰত পৰিণত হৈ পৰে ।

৩। দৰিদ্ৰতা আৰু নিবনুৱা অৱস্থা :- জনজাতীয় লােকসকলৰ প্রায় ৫৮৯ শতাংশ লােক দৰিদ্র – সীমাৰেখাত তলত জীৱন – যাপন কৰে । জনজাতি অধ্যুষিত অঞ্চলত দুখীয়া আৰু নিবনুৱা লােকৰ জনসংখ্যা অত্যধিক হােৱা দেখা যায় । ভাৰতত বর্তমান ১৯৮৯ চনৰ পৰা জৱাহৰ বােজগাৰ যােজনাৰ প্ৰৱৰ্তন কৰা হৈছে । এই যােজনাৰ জৰিয়তে তেনে অঞ্চলবােৰত অনুসূচীত জাতি আৰু জনজাতীয় লােকসকলক অগ্রাধিকাৰ দিয়াৰ চেষ্টা কৰা হৈছে । 

৪। সুপ্রিয়তা :- সুপ্রিয়তা বা সুৰাবাদীঅভ্যাস জনজাতীয় জীৱনৰ এটা বিশেষ বৈশিষ্ট্য । জন্মৰে পৰা জনজাতীয় লােক সুপ্রিয় বুলি ক’লেও অতুক্তি কৰা নহয় । প্রায় ভাগ জনজাতীয় লােকে নিজৰ ঘৰতে সুৰা তৈয়াৰ কৰি পৰিয়ালৰ সকলােৱে নিয়মীয়াকৈ ব্যৱহাৰ কৰে । চাহ কফি খােৱাৰ দৰে ঘৰৰ সকলােৱে সুৰা পান কৰা এটা নিয়মৰ দৰে । জনজাতীয় গাওবােৰত সুৰ প্ৰচুৰ পৰিমাণে সহজে কম দামতে বিক্রী হয় বাবে এই অঞ্চলবােৰত অসামাজিক , সমাজবিৰােধী লােকৰ ভিৰ হােৱা দেখা যায় । সুৰাৰ অপর্যাপ্ত ব্যৱহাৰৰ বাবেই , দৰিদ্রতা , ঋণগ্রস্ততাত পতিত হয় , ভূমি হস্তান্তৰকৰণ আৰু স্বাস্থ্যহীনতা , আদি অসামাজিক কার্যবােৰ প্রচলন হােৱা দেখা যায় ।

৫। অন্যান্য সমস্যাবােৰ :- ওপৰত আলােচনা কৰা সমস্যাবােৰৰ উপৰি জনজাতীয় লােকসকলে আন – আন বিভিন্ন সমস্যাৰ সন্মুখীন হােৱা দেখা যায় । সেইবােৰ হ’ল— নিৰক্ষৰতা , বাসস্থান , হীনতা , যাতায়ত যােগাযােগ , উদ্যোগীকৰণ , নগৰীকৰণ , প্ৰব্ৰজন , জনসংখ্যা হীনতা , ‘ মানুহ প্ৰকৃতিৰ ভাৰসাম্যহীনতা মানৱবিহীন বননীতি আদি সমস্যাই জনজাতীয় সমাজক যথেষ্ট পৰিমাণে জুৰুলা কৰা বুলি ক’ব পাৰি । 

প্রশ্ন ৬। অনুসূচীত জনজাতিসকলৰ কল্যাণৰ বা চৰকাৰে লােৱা সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে লিখা । নাইবা , অনুসূচীত জাতিৰ উন্নয়নৰ কাৰণে চৰকাৰে লােৱা দুটা প্রতিকাৰমূলক ব্যৱস্থা উল্লেখ কৰা । 

উত্তৰঃ ভাৰতৰ সংবিধানত ‘ অনুসূচীত জনজাতিৰ কোনাে স্পষ্ট সংজ্ঞা নাই । সংবিধানৰ ৩৪২ নং অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্রপতিয়ে কোনাে জাতিক অনুসূচিত জনজাতি বুলি নির্ধাৰণ কৰিব পাৰে । এই ক্ষেত্ৰত দুটা সাংবিধানিক ব্যৱস্থা আছে প্রথম তেওঁলােকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আৰু আনটো তেওঁলােকৰ উন্নয়নৰ বাবে— 

( ১ ) অনুসুচীত জনজাতিৰ শৈক্ষিক সমতা লাভৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছে । এই ব্যৱস্থাবােৰৰ ভিতৰত— আসন সংৰক্ষণ , বয়স আৰু আৱশ্যকীয় নম্বৰৰ সকাহ ( হ্রাসকৰণ ) , আর্থিক সাহায্য , বছৰেকীয়া জলপানিৰ ব্যৱস্থা কৰা হয় । 

( ২ ) চৰকাৰী চাকৰি – বাকৰিত পদ সংৰক্ষণ । 

( ৩ ) জনজাতীয় লােকৰ সম্পত্তিৰ স্বার্থ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা । 

( ৪ ) ৰাজ্য চৰকাৰবােৰে জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে শৈক্ষিক আৰু আর্থিক স্বার্থ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সামাজিক অন্যায় আৰু শােষণৰ পৰা ৰক্ষাৰ ব্যৱস্থা কৰা । 

( ৫ ) সংসদ লােকসভাৰ আৰু ৰাজ্যিক বিধানসভাৰ আসন সংৰক্ষণ কৰা । 

( ৬ )পৰম্পৰাগতভাৱে ভূমিৰ ওপৰত থকা অধিকাৰ আৰু ভূমি হস্তান্তৰ বাবে বৈধ ৰক্ষণাবেক্ষণ ব্যৱস্থা কৰা । 

( ৭ ) ভাৰতৰ ৰাষ্ট্রপতিয়ে অনুসূচীত জনজাতিৰ বাবে প্রশাসনীয় আৰু কল্যাণমূলক কাম – কাজ সম্পকীয় ব্যৱস্থাৰ বিষয়ে জানিবলৈ যিকোনাে সময়তে আয়ােগ নিযুক্ত কৰি প্রতিবেদন বিচাৰিব পাৰে । 

মুঠতে ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা জনজাতীয় লােকৰ অৱস্থাৰ উন্নতি কৰাৰ বাবে নানা প্রচেষ্টা চলােৱা হৈছে । 

( i ) তেওঁলােকৰ মাজত ভূমি বিতৰণ আৰু আগৰ মাটি – বাৰীৰ উন্নয়ন সাধন । 

( ii ) কৃষিৰ উন্নত সা – সঁজুলি , বীজ ; সাৰ আৰু আন সা – সুবিধাৰ সম্প্ৰসাৰণ কৰা । 

( iii ) টকা – পইচা ধাৰ দিয়া লােকৰ পৰা ৰক্ষণাবেক্ষণ দিয়া আদি । কেন্দ্রীয় চৰকাৰে অনুসূচীত জনজাতিৰ প্রয়ােজনীয়তাৰ বাবে নজৰ ৰখা বা ১৯৯৯ চনত জনজাতীয় পৰিক্ৰমাৰ বাবে মন্ত্রীসভাত সুকীয়া ব্যৱস্থা কৰিছে । 

প্রশ্ন ৭। ভাৰতৰ অন্যান্য পিছপৰা শ্রেণী বুলিলে কি বুজা ? সংক্ষেপে আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ অন্যান্য পিছপৰা শ্রেণী ’ বুলিলে সাধাৰণতে পিছ পৰা জাতিৰ অনা অস্পৃশ্য লােকক বুজোৱা হয় । নিম্ন আৰু মধ্য জাতি হিচাপে পৰম্পৰাগতভাৱে কৃষি , পশু পালন , হস্তশিল্প , কার্যত নিয়ােজিত লােকক বুজোৱা হয় । জাতিৰ স্থান আৰু বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি অন্যান্য পিছ পৰা শ্রেণী নির্ধাৰণ কৰা হয় । অন্যান্য পিছ পৰা শ্ৰেণীৰ লােকসকল অস্পৃশ্য শ্রেণী ওপৰৰ শ্ৰেণীৰ আৰু আনহাতে দ্বিজসকলৰ ব্ৰহ্মণ , ক্ষত্রিয় আৰু বৈশ্য ) তলৰ শ্ৰেণীৰ লােক বুলি গণ্য কৰা হয় । অন্যান্য পিছ পৰা শ্ৰেণীৰ গঠন আৰু ইয়াৰ বাবে কৰা ব্যৱস্থাৰ ক্ষেত্ৰত বহুতাে খেলিমেলি দেখা যায় । অৱশ্যে মণ্ডল আয়ােগৰ গােচৰত সর্বোচ্চ ন্যায়ালয়ে সংবিধানৰ ১৬ ( ৪ ) অনুচ্ছেদ মতে সিদ্ধান্ত গ্রহণ কৰে যে পিছ পৰা কথাটো সম্পূর্ণ সামাজিক শৈক্ষিক নহয় । অন্যান্য পিছ পৰা শ্রেণীটো একেটা শ্রেণীৰে লােক নহয় । ইয়াত বহুতাে শাখা – প্রশাখাৰ লােক আছে । এই শ্রেণীৰ পিছ পৰা কথাটো ব্যক্তিগত নহয় , ই সম্প্রদায় ভিত্তিক । পিছ পৰা শ্ৰেণীটো প্রকৃতাৰ্থত শ্রেণী নহয় আচলতে এটা সম্প্রদায়ৰ এটা দলহে । ই এটা বিভিন্ন ব্যক্তিৰ ডাঙৰ মিশ্রিত জনসমষ্টিহে । গতিকে অন্যান্য পিছপৰা শ্ৰেণীটো ‘ অস্পষ্ট আৰু দ্ব্যর্থবােধক ’ এটা শ্রেণী বুলিয়ে ক’ব পাৰি ।

প্রশ্ন ৮। অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সাংবিধানিক ব্যৱস্থাবােৰ কি কি আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ বর্তমান প্রায় ৫১ শতাংশ লােক অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত পৰে । ভাৰতৰ সংবিধানে ‘ পিছপৰা শ্ৰেণীৰ কোনাে সংজ্ঞা দিয়া নাই । সংবিধানৰ ৩৪০ নং অনুচ্ছেদ মতে পিছপৰা শ্ৰেণীৰ অৱস্থা অনুসন্ধান কৰিবলৈ এখন আয়ােগ নিযুক্ত কৰাৰ ব্যৱস্থা কৰে । ১৯৫৩ চনত কাকা চাহেব কালেলকাৰৰ সভাপতিত্বত প্রথম পিছ পৰা শ্ৰেণীৰ আয়ােগ গঠন কৰা হৈছিল । এই আয়ােগে মুঠতে ২৩৯৯ টা জাতিক ( প্রায় ৭০ শতাংশ লােক ) পিছপৰা বুলি চিনাক্ত কৰে । এইখন আয়ােগে মন্তব্য কৰে যে চৰকাৰৰ সাহায্য অবিহনে এই শ্ৰেণীৰ লােকে নিজৰ উন্নয়ন সাধন কৰিব নােৱাৰে । জাতিকে মূল উপাদান হিচাপে লৈ এই অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাখন প্রস্তুত কৰা হয় । এই তালিকাভুক্ত শ্রেণীবােৰৰ বাবে চৰকাৰৰ ২৫ শতাংশ প্রথম শ্রেণীৰ , ৩৩ শতাংশ দ্বিতীয় শ্রেণীৰ আৰু ৪০ শতাংশ তৃতীয় শ্রেণীৰ চাকৰি সংৰক্ষণ কৰিব লাগে বুলি প্ৰস্তাৱ দিয়ে । অৱশেষত এই আয়ােগে মন্তব্য প্রকাশ কৰে যে ভাৰতত প্রকৃত সামাজিক সমতা আনিব পৰা যাব কেৱল মাত্র জাতি প্রথা বিলােপ সাধন আৰু সামাজিক বৈষম্য নাইকিয়া কৰিছে । প্রধানমন্ত্রী ভি . পি . সিঙৰ চৰকাৰৰ দিনত মণ্ডল আয়ােগৰ প্রতিবেদন মতে মুঠ ২৯ শতাংশ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় । ১৯৯২ চনত সর্বোচ্চ ন্যায়ালয়ে মণ্ডল আয়ােগৰ প্রতিবেদনৰ ওপৰত তলত দিয়া বৈশিষ্ট্যবােৰ উল্লেখ কৰে : 

১। অন্যান্য পিছ পৰা শ্ৰেণীৰ লােকক চিনাক্ত কৰাৰ বাবে জাতিকে মূল ভিত্তি বুলি গ্ৰহণ কৰা হয় । 

২। আসন সংৰক্ষণৰ সর্বোচ্চ সীমা ৫০ শতাংশ হ’ব বুলি নিৰ্ধাৰণ কৰা হয়।

৩।সর্বোচ্চ পর্যায়ৰ ( Creamy layer ) সেই জাতিৰ লােকসকলক সংৰক্ষণৰ পৰা বাদ দিয়া হ’ব । 

৪। কিছুমান কাৰিকৰী পদ সংৰক্ষণ নকৰিবলৈ পৰামর্শ দিয়া হৈছে । 

৫। পদোন্নতিৰ ক্ষেত্ৰত সংৰক্ষণ নাথাকিব । 

৬। পিছ পৰা শ্রেণীৰ সামাজিকভাৱে উন্নত অগ্রণী ব্যক্তিসকলক বাদ দিবৰ বাবে কিছুমান আর্থ – সামাজিক চর্ত কেন্দ্রীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিছে । 

৭। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই শ্রেণীত সন্নিবিষ্ট কৰা বা নকৰাৰ বাবে কৰা অভিযােগ বা অনুৰােধ পৰীক্ষা – নিৰীক্ষা আৰু বিচাৰ কৰাৰ বাবে বিচাৰালয় স্থাপন কৰিব লাগে । 

বর্তমান সমাজতত্ত্ববিদসকলে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিক দিয়া ক্ষতিপূৰণমূলক প্রভেদ আৰু অন্যান্য পিছ পৰা শ্রেণীক দিয়া সুবিধাবােৰৰ মাজত পার্থক্য দেখুৱাইছে । ভাৰতীয় সমাজত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিবােৰ সহজতে চিনাক্ত কৰিব পৰা জাতি কিন্তু অন্যান্য পিছ পৰা শ্ৰেণীৰ লােকক তেনেদৰে চিনাক্ত কৰিব নােৱাৰি । পিছ পৰা শ্রেণীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰবােৰৰ নীতিবােৰ বেলেগ বেলেগ । কিছুমান ৰাজ্যত মুছলিমসকলকো অন্যান্য পিছ পৰা শ্ৰেণীত ধৰা হৈছে । 

মহিলাসকল :- ভাৰতীয় সমাজৰ দুৰ্বল শ্রেণীবােৰৰ ভিতৰত আন এটা আটাইতকৈ সংখ্যাগৰিষ্ঠ দুর্বল , শক্তিহীন , পৰম্পৰাগতভাৱে অৱহেলিত শ্রেণী হ’ল মহিলাসকল । ১৯৪৭ চনত স্বাধীনতা লাভ ; আৰু ১৯৫০ চনত গণতান্ত্রিক সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে । আজি ৫৫ বছৰো অধিক কাল ভাৰতবৰ্ষত ভাৰতৰ জনসাধাৰণে নিজে প্রতিনিধি নির্বাচিত কৰি , ন্যায় , স্বতন্ত্রতা , সমতা আৰু ভাতৃত্বৰ মহান আদর্শ আগতলৈ দেশ শাসন কৰিছে যদিও মহিলাসকলে এতিয়াও পুৰুষৰ সমান স্থান পােৱা নাই । সমাজত পুৰুষ – মহিলাৰ মাজৰ অসমতা বিভিন্ন সংস্থা , প্রথা আৰু কাৰ্যৰে প্রমাণিত হয় যেনে আর্থিক , সামাজিক , স্বাস্থ্য , পুষ্টিহীনতা আদিৰ ক্ষেত্ৰত । দেশখনত প্ৰতি বছৰে মহিলাৰ বিৰুদ্ধে নানা অপৰাধৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । মহিলাৰ প্রতি সামাজিক সম্মান , শালীনতা যথেষ্ট হ্রাস পাই আহিছে । মহিলাৰ বিৰুদ্ধে শাৰীৰিক অত্যাচাৰ , যৌতুক , ধর্ষণ , স্ত্রীৰ ওপৰত দমন অত্যাচাৰ , হত্যা আদি অমানুষিক কার্য চলি আহি আছে । কিছুমানৰ বাবে মহিলাসকল পণ্য দ্রব্যত পৰিণত হৈ পৰিছে । এইবােৰৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে নানা কার্যসূচী লৈছে । কিন্তু আশানুৰূপভাৱে ফলৱতী হ’ব পৰা নাই ।

2 thoughts on “Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top