Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি and select needs one.

Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি Solutions for All Subject, You can practice these here…

প্রশ্ন ২১। আধুনিক যুগত বর্তমান ভাৰতত মহিলাৰ প্ৰস্থিতি কেনে ? 

উত্তৰঃ ভাৰতত বর্তমান যুগত মহিলাৰ প্ৰস্থিতি পুৰুষৰ সমান । বর্তমানৰ সমাজত মহিলাই ,  সামাজিক , ৰাজনৈতিক আৰু অর্থনৈতিক সকলাে দিশতে পুৰুষৰ সমানে অধিকাৰ উপভােগ কৰিব পাৰে । মহিলাই শিক্ষা – দীক্ষা , চাকৰি বাকৰি , অফিচ – কাছাৰি , উকিল – মহৰী , ৰাজনীতি , অর্থনীতি পুলিচ – প্রশাসন , সৈন্যবাহিনী সকলাে ক্ষেত্ৰতে মহিলাক উপযুক্ততাৰ ভিত্তিত পুৰুষৰ সমানে কাম কৰিবলৈ অধিকাৰ দিয়া হৈছে । সা – সম্পত্তিৰ ক্ষেত্ৰতাে মহিলাক পুৰুষৰ সমানে অধিকাৰ দিয়া হৈছে । পাশ্যাত্যৰ মহিলাৰ দৰে ভাৰতৰ মহিলাসকলকো সকলাে প্ৰকাৰৰ ৰাজনৈতিক অধিকাৰ দিয়া হৈছে । ভাৰতৰ বর্তমান ৰাষ্ট্ৰপতি গৰাকীয়ে মহিলা ৰাষ্ট্রপতি প্রতিভা পাটিল । 

প্রশ্ন ২২। ভাৰতীয় মহিলাৰ প্ৰস্থিতিৰ বাবে হােৱা সংস্কাৰ আন্দোলনৰ প্ৰভাৱ কেনেকুৱা আছিল ? 

উত্তৰঃ ভাৰতৰ সংস্কাৰ আন্দোলনৰ সময়ত বংগদেশৰ ৰাজা ৰামমােহন ৰায় , ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ , দাক্ষিণাত্যৰ জুতিকা ফুলে আদি অগ্রগামী নেতাসকলৰ প্রচেষ্টাতে , লগতে পৰৱর্তী কালত বহুতাে সমাজ সংস্কাৰকে মহিলা প্রস্থিতি উন্নত কৰাত অশেষ বৰঙণি যােগাইছিল । মুঠতে ইংৰাজসকলৰ দিনতে স্ত্রী শিক্ষাৰ ভেটি প্রতিষ্ঠা হৈছিল । ইংৰাজ শাসকসকলেই ভাৰতীয় মহিলাৰ সামাজিক প্রস্থিতি প্রতিষ্ঠাৰ ক্ষেত্ৰত ভালেখিনি আইন আদি প্ৰৱৰ্তন কৰি থৈ গৈছে । সেইবােৰ হ’ল–

( ১ ) লর্ড উইলিয়াম বেন্টিংকৰ দিনতে বিধবা বিবাহ , আইন , বাল্য বিবাহ নিষিদ্ধ কৰা হৈছিল । সতীদাহ প্রথা বন্ধ কৰা হৈছিল । 

( ২ ) স্বাধীন ভাৰতৰ মহিলাক সকলাে দিশতে পুৰুষৰ সমানে অধিকাৰ দিয়া হৈছে । সা সম্পত্তিৰ অধিকাৰ মহিলাসকলকো পুৰুষৰ সমানে দিয়া হৈছে । 

( ৩ ) বর্তমান বাজনৈতিক অধিকাৰ , সমানে পুৰুষৰ লগত চাকৰি কৰাৰ অধিকাৰ দিয়া হৈছে । 

( ৪ ) মুঠতে বর্তমান মহিলা – পুৰুষ আইনৰ ফালৰ পৰা সম্পূর্ণ সমান । 

প্রশ্ন ২৩। স্বাধীনতাৰ পাছত সমাজত মহিলাৰ প্ৰস্থিতিৰ উন্নয়নৰ বাবে হােৱা কেইখনমান আইনৰ নাম উল্লেখ কৰা । 

উত্তৰঃ মহিলা প্ৰস্থিতিৰ উন্নতি সাধন কৰা আইন কেইখন— 

( ১ ) হিন্দু বিবাহ আইন ১৯৫৫ ।

( ২ ) বিশেষ বিবাহ আইন ১৯৫৪ ।

 ( ৩ ) হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬ । 

( ৪ ) অস্পৃশ্যতা দোষী আইন ১৯৫৫ ।

( ৫ ) বাল্য বিবাহ নিষেধ আইন ১৯৭৮ ।

( ৬ ) যৌতুক নিবাৰণ আইন ১৯৬১ আৰু ১৯৮৬ । 

( ৭ ) হিন্দু বিবাহ আৰু বিচ্ছেদ আইন ১৯৭৬ আদি । 

প্রশ্ন ২৪। একক নাইবা আনবিক পৰিয়ালত মহিলা প্ৰস্থিতি কেনেকুৱা এটি আভাস দিয়া । 

উত্তৰঃ আনৱিক পৰিয়ালত মহিলাৰ প্ৰস্থিতি বৰ ভাল বুলিয়ে কব পাৰি । আনবিক পৰিয়ালত মহিলাইও পুৰুষৰ দৰে সম্পূর্ণ স্বাধীনভাৱে ঘৰৰ বাহিৰত কাম – কাজ কৰাৰ সুবিধা উপভােগ কৰিব পাৰে বা চাকৰি বাকৰি কৰা দেখা যায় । ঘৰখনৰ প্ৰায়ভাগ কাম – কাজত মহিলা গৰাকীৰ মতেহে বা তেওঁৰ পৰামর্শতেহে ঘৰখনৰ চলে । মহিলা গৰাকীও পুৰুষৰ সমানে বাহিৰলৈ গৈ  চাকৰি কৰি , পুৰুষৰ সমানে আয় – ইনকাম কৰা দেখা যায় । মুঠতে আনবিক পৰিয়ালত মহিলাৰ প্ৰস্থিতিৰ স্থান বৰ উচ্চ দেখা যায় । 

প্রশ্ন ২৫। আধুনিক যুগত মহিলাৰ প্ৰস্থিতি আৰু কল্যাণৰ বাবে সমাজ সংস্কাৰত অৰিহণা যােগােৱা সমাজ সংস্কাৰক কেইজন মানৰ নাম উল্লেখ কৰা ।

উত্তৰঃ মহিলাৰ কল্যাণকামী সংস্কাৰকসকল হ’— 

( ১ ) ৰাজা ৰামমােহন ৰায় ।

( ২ ) ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ ।

( ৩ ) জ্যোতিকা ফুলে ।

( ৪ ) স্বামী দয়ানন্দ সৰস্বতী ।

( ৫ ) স্বামী বিবেকানন্দ ।

( ৬ ) মহর্ষি কার্বে । আৰু 

( ৭ ) গােবিন্দ ৰাণাডে ।

এইসকল সমাজ সংস্কাৰকে বৃটিছ শাসনৰ সময়ত মহিলাৰ প্ৰস্থিতিৰ উন্নতিৰ বাবে যথেষ্ট অৰিহণা যােগাইছিল । 

প্রশ্ন ২৬। বৈদিক যুগত মহিলাসকলৰ প্ৰস্থিতি কেনে আছিল ?

 উত্তৰঃ বৈদিক যুগত সমাজত মহিলাৰ প্ৰস্থিতি বৰ উচ্চ আছিল । 

( ১ ) পৰিয়ালত মহিলাৰ ভালেখিনি অধিকাৰ আছিল । 

( ২ ) তেতিয়াৰ দিনত মহিলাই শিক্ষা – দীক্ষা লােৱা আৰু ধনসম্পদ লাভ কৰিব পাৰিছিল । 

( ৩ ) সেই যুগত মহিলাই যজ্ঞ আদি কৰাৰ নিয়ম আছিল ।

( ৪ ) শিক্ষা – দীক্ষা আহৰণ কৰাৰ ক্ষেত্ৰত মহিলা পুৰুষৰ সমান আছিল । 

( ৫ ) বৈদিক যুগত মহিলা বিধবা বিবাহ প্রচলিত আছিল ।

প্রশ্ন ২৭। ভাৰতৰ দুগৰাকী বিশিষ্ট সমাজ সংস্কাৰকৰ নাম লিখা । অথবা , ভাৰতৰ সামাজিক সংস্কাৰকামী সংগঠনৰ সৈতে জড়িত যি কোনাে দুজন নেতাৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) সমাজ সংস্কাৰক ৰাজা ৰামমােহন ৰায় ।

( ২ ) স্বামী দয়ানন্দ সৰস্বতী । 

( ৩ ) মহিলাৰ শিক্ষাৰ উন্নত প্রচেষ্টা কৰা ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ । 

প্রশ্ন ২৮। সমাজত মহিলাৰ প্ৰস্থিতি উন্নত হােৱা কাৰণবােৰ কি ? নাইবা, আধুনিক যুগৰ কোনবােৰ সমাজ সংস্কাৰকে মহিলাসকলৰ কল্যাণৰ বাবে বৰঙণি যােগইছিল ? 

উত্তৰঃ ( i ) আধুনিক যুগত পাশ্চাত্যৰ জ্ঞান – বিজ্ঞানৰ শিক্ষাৰে শিক্ষিত এচাম অগ্রণী সমাজ সংস্কাৰক চিন্তা চাই কুসংস্কাপন্ন ভাৰতীয় সমাজখনক কুপ্রথা , অন্ধবিশ্বাসৰ মাজৰ পৰা উদ্ধাৰ কৰা বাবে একাণপতীয়া প্রচেষ্টাৰে মহিলাৰ শােচনীয় প্রস্থিতি প্রতি ভালেমান পদক্ষেপ লৈছিল সেই সময়ৰ বংগদেশৰ সংস্কাৰক ৰাজা ৰামমােহন ৰায়, ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ আদি কিছুমান সমাজ সংস্কাৰকে তেওঁলােকে স্ত্রীশিক্ষা , সতীদাহ , বিধবা বিবাহ , বাল্য বিবাহ , আৰু কন্যা শিশু হত্যা আদিৰ বিৰুদ্ধে বিভিন্ন আন্দোলন আৰু এইবােৰ আইনৰ দ্বাৰা নিষিদ্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত অনুৰােধ কৰিছিল । তেওঁলােকৰ চেষ্টাতে ১৮২৯ চনত সতীদাহ নিষিদ্ধ , বিধবা বিবাহ প্রচলন ১৮৫৬ চনত আইন প্রণয়ন হৈছিল ৷ তেওঁলােকৰ চেষ্টাতে চৰকাৰে এই কুপ্রথা দুটা বন্ধ কৰা হৈছিল । 

( ii ) এই আন্দোলন পাছত ভাৰতৰ বহুতাে সংস্থা , আৰু দলে ভাৰতত মহিলাৰ প্ৰস্থিতি উন্নত কৰাত আগবাঢ়ি আহে তাৰ ভিতৰত প্রার্থনা সভা, সত্য মােদক সমাজ , আর্য সমাজ , ব্রাহ্ম সমাজৰ নাম উল্লেখনীয় । এই স্বেচ্ছামুলক সংগঠনবােৰে জনসাধাৰণৰ মাজত এক আন্দোলন গঢ়ি তােলে । মহিলাৰ মাজত স্ত্রীশিক্ষা প্রসাৰণ , প্ৰস্থিতিৰ উন্নতি কৰা , জাগৰণ আনে । সেই সময়ত ৰমাবাই ৰানাডে , গােবিন্দ ৰাণাডে আদি সংস্কাৰকসকল বিখ্যাত আছিল । 

( iii ) ইয়াৰ পাছত , এনি বেচান্ত , কাস্তুৰী বা গান্ধী আদি সংস্কাৰকসকলেও মহিলাৰ সৱলীকৰণত মাত মাতিছে যাতে সমাজত মহিলা প্রস্থিতি উন্নত কৰিব পৰা যায় । 

( iv ) ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে মহিলাৰ সৱলীকৰণৰ বাবে বিভিন্ন আইন কানুন প্রণয়ন কৰাৰ উপৰিও মহিলাক সমাজৰ উৎসাহ উদ্দীপনা দিবলৈ নানা সজাগ সচেতনাৰ আঁচনি হাতত লৈছে । চৰকাৰে প্ৰসূতি , শিশুৰ চিকিৎসাৰ বাবে নানা আঁচনি লােৱাৰ উপৰিও দান – অনুদানৰ ব্যৱস্থা কৰিছে । 

( v ) পাশ্চাত্যকৰণৰ দ্বাৰাও ভাৰতীয় সমাজৰ মহিলাসকল যথেষ্ট প্রভাৱিত আৰু উপকৃত হৈছে । বর্তমানৰ মহিলাই কি সামাজিক , আর্থিক ৰাজনৈতিক এই সকলাে দিশতে সহায় সহযােগ কৰিবলৈ পিছপৰি থকা নাই । উদাহৰণস্বৰূপে ভাৰতৰ ৰাজনীতি বর্তমান ইন্দিৰা গান্ধী , চোনিয়া গান্ধী , জয়ললিতা , সুষমা স্বৰাজ , প্রতিভা পাটিলৰ নাম উল্লেখ কৰিব পাৰি ।

প্রশ্ন ২৯। ভাৰতীয় সমাজত , মহিলাৰ প্ৰস্থিতিত কি কি পৰিবৰ্তন পৰিলক্ষিত হৈছে ব্যাখ্যা কৰা । 

উত্তৰঃ মহিলাৰ প্ৰস্থিতিত হােৱা পৰিবর্তনবােৰ – 

( ১ ) শিক্ষাৰ ক্ষেত্ৰত মহিলাৰ প্ৰস্থিতিৰ যথেষ্ট পৰিবৰ্তন হৈছে । মহিলা পুৰুষতকৈ কোনাে কাৰণতে কম মেধা সম্পন্ন নহয় । 

( ২ ) মহিলাই পুৰুষৰ সমানে সকলাে প্ৰকাৰৰ চাকৰিতে যােগদান কৰিব পাৰিছে । I.A.S অফিচাৰ , ডাক্তৰ , প্ৰফেচাৰ , ইঞ্জিনিয়াৰ , বায়ুসেনা , পুলিচ অফিচাৰ আদি সকলাে প্ৰকাৰৰ চাকৰিতে মহিলাই যােগদান কৰিছে । 

( ৩ ) মহিলা সকলৰ মানসিকভাৱে এক পৰিবৰ্তন আহিছে যাৰ ফল তেওঁলােক কোনােখন ক্ষেত্রতে পিছ পৰি থকা নাই । ব্যৱসায় – বাণিজ্যতাে মহিলা সকলে আগবাঢ়ি আহি পুৰুষসকলােক সহায় কৰা দেখা গৈছে । 

( ৪ ) মহিলাসকলে আগেয়ে ৰাজনীতিত প্রত্যক্ষভাৱে যােগদান কৰা নাছিল বা থাকিলেও সংখ্যা বৰ কম আছিল । বর্তমান মহিলাৰ আসন ৩৩ % সংৰক্ষণ কৰা হয় । 

( ৫ ) বর্তমান সমাজত একক পৰিয়াল সংখ্যা বৃদ্ধি হােৱাৰ পাছত পৰিয়ালৰ কামত মহিলাসকল লাগি থাকিব নালাগে । গতিকে বাহিৰা সমাজৰ কামত সময় দিব পাৰে । 

প্রশ্ন ৩০। জনজাতিসকলে কি কি সমস্যাৰ সন্মুখীন হৈছে ? 

উত্তৰঃ সমস্যাসমূহঃ ( ১ ) জনজাতীয় লােকসকলে সাধাৰণতে বৰ দূর্গম ঠাইত বিশেষকৈ পাহাৰীয়া অঞ্চল , বা বনাঞ্চলৰ কাষত বসবাস কৰিবলৈ লয় । জনপূর্ণ বা জনবহুল ঠাইৰ পৰা আঁতৰত বাস কৰে । সেইবােৰ ঠাইলৈ যানবাহন নচলে , বাট – পথৰ সুবিধা নাথাকে । 

( ২ ) জনজাতীয় লােকসকলে উন্নয়ন কি ভালদৰে বুজি নাপায় । এই লােকসকলক আন জাতিৰ লােকসকলে শােষণ কৰিবলৈ সুবিধা পায় । আন জাতীয় লােকে তেওঁলােকৰ সা সম্পদ কম দামত কিনি লৈও তেওঁলােকক শােষণ কৰে । 

( ৩ ) তেওঁলােকে শ্রমিক হিচাপে কাম কৰিলেও , আন ঔদ্যোগিক লােকে বা ঠিকাদাৰ আদিয়ে তেওঁলােকক হাজিৰা বা শ্ৰমৰ মূল্য কমকৈ দিয়ে । এইদৰে আন লােকে এই জাতিটোক চাৰিওফালৰ পৰা শােষণ কৰে কাৰণে প্রায়বােৰ লােক দুখীয়া হৈয়ে জীৱন কটায় । 

( ৪ ) এই জাতিৰ লােকসকলে খুব বেছি অভাৱ বা দুখ – কষ্ট হলে নিজে বসবাস কৰা মাটিডােখৰ বিক্ৰী কৰি আন নতুন পাহাৰীয়া বা অৰণ্য ভূমিলৈ গুচি যাব লগা হয় । 

প্রশ্ন ৩১। জনজাতীয় লােকৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে কি পদক্ষেপ হাতত লৈছে ? 

উত্তৰঃ জনজাতীয় এই পিছপৰা লােকৰ কল্যাণৰ বাবে চৰকাৰে নানা কল্যাণমূলক পদক্ষেপ লৈছে ।

( ১ ) জনজাতীয় অধ্যুষিত অঞ্চলত এই ল’ৰা – ছােৱালীবােৰক বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে । 

( ২ ) প্রত্যেক ছাত্র – ছাত্ৰীক বিনামূলীয়াকৈ কিতাপ , সাজ – পাৰ , এনেকি খােৱা – লােৱাৰ ব্যৱস্থাও দিয়ে । 

( ৩ ) ছাত্র – ছাত্ৰীক স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থাও আছে । 

( ৪ ) খেতিয়ক সকলক কৃষি ঋণ , জলসিঞ্চনৰ সুবিধা বিনামূলীয়া ঘৰ সাজিও দিছে । 

( ৫ ) সেই ঠাইবােৰত ক্ষুদ্র উদ্যোগ প্রতিষ্ঠাৰ বাবে ঋণ আদিও দিয়ে । 

( ৬ ) এই অঞ্চলবোৰলৈ প্রধান আলি , বাটপথৰ ব্যৱস্থা আৰু উন্নতিও কৰি দিছে । চিকিৎসালয় , খােৱা পানীৰ ব্যৱস্থা কৰি দিছে । 

প্রশ্ন ৩২। পিছ পৰা শ্ৰেণীটো কি কি বেলেগ নামেৰে জনা যায় ? নাইবা , অস্পৃশ্য জাতিৰ লােকসকলক কি কি বেলেগ বেলেগ নামেৰে জনা যায় । 

উত্তৰঃ পূৰ্বৰে পৰা পিছপৰা শ্রেণীটোক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় । 

( ১ ) অস্পৃশ্য জাতি :- ইয়াৰ মানে হ’ল স্পর্শ কৰাৰাে অযােগ্য , অর্থাৎ এই লােকসকলক স্পর্শ কৰিলে আন লােক অপবিত্র হৈ পৰে । সেই বাবে এওঁলােকক অস্পৃশ্য নামে জনা যায় । 

( ২ ) হৰিজন :- পিছপৰা জাতিৰ আন কিছুমান লাের্কক মহাত্মা গান্ধীয়ে হৰিজন নাম দিয়ে । তেতিয়াৰে পৰা নিম্ন মানৰ কামকাজ কৰা শ্ৰেণীৰ লােকক হৰিজন বুলি জনা যায় । ইয়াৰ উপৰি চণ্ডাল , চমাৰ , মেটৰ , মুচি আদি বুলিহে সাধাৰণ মানুহে জানে । হৰিজনটো তেওঁলােকক সন্মান জনকভাৱে মহাত্মা গান্ধীয়ে হৰিজন নামটো দিছিল । 

( ৩ ) বাহ্যিক জাতি :- কিছুমান পিছপৰা লােকক ইংৰাজসকলে বাহ্যিক জাতিৰ ( Exterior Castes ) লােক বুলি নাম দিছিল । কাৰণ এই লােকসকলে নিজকে হিন্দু জাতিৰ বাহিৰৰ মানুহ বুলিহে চিনাকি দিছিল । 

( ৪ ) চিদিউল্ড জাতি :- ১৯৩৫ চনত ভাৰত চৰকাৰে পিছপৰা জাতিৰ কিছুমান লােকৰ এখন তালিকা ( চিদিউল্ড ) কৰিছিল । সেইকাৰণে এই লিষ্টি বা তালিকাভুক্ত লােক সকলক চিদিউল্ড জাতিৰ লােক বা চিদিউল্ড কাষ্টৰ লােক বুলি জনা যায় । 

প্রশ্ন ৩৩। সংখ্যা লঘিষ্ঠ গােট মানে কি ? 

উত্তৰঃ যেতিয়া সমাজত কিছুমান মানুহৰ প্রতিনিধিত্ব কম হয় , তেতিয়া তেওঁলােককে সংখ্যা লঘিষ্ঠ বা মাইনৰিটি গােট বুলি জনা যায় । ইয়াৰ অৰ্থ এই যে যেতিয়া মানুহৰ যিকোনাে এটা গাের্টত বিশেষকৈ ধৰ্ম আৰু জাতিৰ ভিত্তিত নাইবা ভাষাৰ ভিত্তিত , মুঠ জনসংখ্যাৰ ভিতৰত কম সংখ্যক সদস্য হয় তেতিয়াই সেই গােটৰ লােকক সংখ্যালঘিষ্ঠ গােট বুলি জনা যায় । 

প্রশ্ন ৩৪। ভাৰতৰ কেইটামান সংখ্যা লঘিষ্ঠ গােটৰ নাম লিখা । 

উত্তৰঃ সংখ্যালঘিষ্ঠ গােটসমূহঃ

( ১ ) মুছলিমসকল ।

( ২ ) শিখসকল ।

( ৩ ) বুদ্ধিষ্টসকল ।

( ৪ ) খ্রীষ্টিয়ানসকল ।

( ৫ ) জৈনসকল , ভাৰতৰ সংখ্যালঘিষ্ঠ গােট । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ৩৫। ভাৰতত সংখ্যালঘু গােটবােৰে সন্মুখীন হােৱা সমস্যাবােৰ উল্লেখ কৰা  । 

উত্তৰঃ সংখ্যালঘু গােটবােৰৰ সমস্যা –

( ১ ) সংখ্যালঘু ভাৰতীয়সকলৰ আৱশ্যকীয় শিক্ষাৰ অভাৱ । 

( ২ ) ভাৰতীয় সংখ্যালঘু সকলৰ মাজত উপযুক্ত নেতাৰ অভাৱ দেখা যায় । 

( ৩ ) সংখ্যালঘুৰ সদস্যসকলে নিৰাপত্তাহীনতাত আৰু নীচাত্বিকা ভাবত ভােগা দেখা যায় । 

( ৪ ) সংখ্যালঘুসকল প্রায়ে বৰ দুখীয়া , দৰিদ্ৰতাৰ বাবে শিক্ষা – দীক্ষাতাে আগবাঢ়িব নােৱাৰে । 

প্রশ্ন ৩৬। বঞ্চিতৰ গােট বুলিলে কি বুজা ? উদাহৰণ দি বুজাই দিয়া । 

উত্তৰঃ প্ৰায়বােৰ সমাজতে বিভিন্ন গােট থকা দেখা যায় । সমাজৰ সকলাে গােট সমান নহয় । কিছুমান গােট প্রায় বিভিন্ন দিশৰ পৰা বঞ্চিত হৈ থকা দেখা যায় । এইবােৰৰ ভিতৰত কিছুমান আর্থিকভাৱে , কিছুমান সামাজিকভাৱে আৰু কিছুমান ৰাজনৈতিক আৰু শৈক্ষিকভাৱে বঞ্চিত হৈ অহা দেখা যায় ; আন কিছুমান গােট আছে প্রায় সকলাে ক্ষেত্ৰতে বঞ্চিত আৰু পিছপৰি আছে । এই সকলাে দিশতে বঞ্চিত হৈ অহা গােটকে বঞ্চিত গােট বুলি জনা যায় । এই বঞ্চিত গােটবােৰ হ’ল— অনুসূচীত জাতি , অনুসূচীত জনজাতি মহিলাসকল , আৰু অন্যান্য পিছপৰা শ্রেণীবােৰ । 

প্রশ্ন ৩৭। সংখ্যালঘু আয়ােগ সম্বন্ধে কি জানা লিখা ।

উত্তৰঃ সংখ্যালঘু আয়ােগ গঠন কৰা হৈছিল ১৯৭৮ চনত । এই আয়ােগত এজন সভাপতি আৰু এজন সদস্য আছে । এই দুয়ােজনকে সংখ্যালঘু গােটৰ পৰাই মনােনীত কৰা হৈছে । আয়ােগে সংখ্যালঘুৰ বিভিন্ন অভিযােগবােৰ শুনে আৰু সেইবােৰ সময়ে সময়ে মূল্যায়ন কৰে আৰু চৰকাৰক সংখ্যালঘু কল্যাণৰ বাবে পৰামর্শ দিয়ে । ইয়াৰ উপৰি ভাষিক সংখ্যালঘু কাৰণেও আন এখন আয়ােগ আছে । ১৯৯৩ চনত ৰাষ্ট্ৰীয় সংখ্যা লঘু আয়ােগ এখন প্রতিষ্ঠা কৰা হৈছে সংখ্যালঘু আয়ােগৰ ঠাইত । 

প্রশ্ন ৩৮। ভাৰতৰ সংখ্যালঘু সকলৰ উন্নয়নৰ বাবে কি কি প্রধান সাংবিধানিক ব্যৱস্থা আছে । 

উত্তৰঃ ভাৰতৰ সংখ্যালঘু সকলৰ ভাৰতৰ মূল সুঁতিৰ লগত সংলগ্ন কৰাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা ৰখা হৈছে । ইয়াৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহুতাে সুবিধা প্রদান কৰিছে । তলত এই ব্যৱস্থাবােৰ উল্লেখ কৰা হ’ল– 

( ১ ) সকলাে ভাৰতীয় নাগৰিককে কোনাে বৈষম্য নকৰাকে জাতি , বর্ণ , ধর্ম , ভাষা লিংগ নির্বিশেষে সকলােকে সমান বুলি গণ্য কৰা হয় আৰু সমান অধিকাৰ প্ৰদান কৰে ( Arts 14-18 )

( ২ ) সংবিধানৰ ২৫-২৮ অনুচ্ছেদ মতে সকলাে নাগৰিককে ধর্মীয় অধিকাৰ প্রদান কৰা হৈছে । এই অধিকাৰ মতে ধর্ম অৱলম্বন আৰু প্ৰচাৰ কৰিব পাৰিব । 

( ৩ ) সংবিধান ২৯ আৰু ৩০ অনুচ্ছেদ মতে , সকলাে নাগৰিককে শােষণৰ বিৰুদ্ধে অধিকাৰ দিয়া হৈছে । সকল নাগৰিকে যিকোনাে শিক্ষা অনুষ্ঠানতে নাম ভূৰ্তি কৰিব পাৰে আৰু নিজৰ ভাষা আৰু সাংস্কৃতিৰ চৰ্চা কৰিব পাৰে । 

( ৪ ) অনুচ্ছেদ ৩০ ৰ মতে সকলাে ধর্মীয় আৰু ভাষিক সংখ্যালঘু লােকে নিজৰ শৈক্ষিক অনুষ্ঠান প্রতিষ্ঠা কৰিব পাৰিব । সংবিধান মতে ভাৰত এখন ধর্মনিৰপেক্ষ দেশ । ভাৰতৰ কোনাে ৰাষ্ট্ৰীয় ধর্মীয় অনুগত্যতা নাই । 

( ৫ ) ৩০০ অনুচ্ছেদ মতে ভাৰতৰ কোনাে শিক্ষা অনুষ্ঠানকে বৈষম্যমূলকভাৱে ব্যৱহাৰ কৰা নহ’ব । 

( ৬ ) ৩৫০ নং অনুচ্ছেদ মতে , ভাৰতৰ সকলাে সংখ্যালঘু গােটৰ ল’ৰা – ছােৱালীক প্রাথমিক শিক্ষা নিজৰ মাতৃভাষাতে দিয়া উচিত হ’ব । এই ব্যৱস্থাবোৰৰ উপৰি এখন সংখ্যালঘু আয়ােগ গঠন কৰা হৈছে । এই আয়ােগে সময়ে সময়ে চৰকাৰক সংখ্যালঘু কল্যাণৰ বাবে চৰুকাৰক পৰামর্শ দিব পাৰিব ।

See Next Page…

2 thoughts on “Class 12 Sociology Chapter 5 সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top