Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি

Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি and select needs one.

Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা ? জনসংখ্যা বৃদ্ধিৰ কাৰকবােৰৰ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ কোনাে এখন দেশ বা এটা অঞ্চলৰ জনসংখ্যা এক নির্দিষ্ট সময়ত যিমান হয় , তাৰ তুলনাত এটা নির্দিষ্ট সময়ৰ অন্তত যদি অধিক হয় তাকে জনসংখ্যা বৃদ্ধি হােৱা বুলি কোৱা হয় । আনহাতে কোনাে এখন দেশত বা ঠাইত এটা নির্দিষ্ট সময়ৰ ভিতৰত মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বৃদ্ধি হলেই জনসংখ্যা বৃদ্ধি হয় । অৱশ্যে কোনাে এখন দেশলৈ বাহিৰৰ পৰা লােক প্ৰব্ৰজন হৈও জনসংখ্যা বৃদ্ধি পাব পাৰে । 

জনসংখ্যা বৃদ্ধিৰ কাৰক :- জনসংখ্যা বৃদ্ধিৰ কাৰক তিনিটা— জন্ম , মৃত্যু আৰু প্রব্রজন । সাধাৰণতে কোনাে এটা নির্দিষ্ট সময়ত জন্মৰ তুলনাত মৃত্যুৰ সংখ্যা কম হলে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি হােৱাক বুজায় । কিন্তু কোনাে এটা নির্দিষ্ট সময়ত জন্মৰ সংখ্যাৰ তুলনাত মৃত্যুর সংখ্যা বেছি হ’লে জনসংখ্যা স্বাভাৱিকতে হ্রাস হােৱাক বুজাব । গতিকে দেখা যায় মৃত্যুৰ সংখ্যাৰ তুলনাত জন্মৰ সংখ্যা অধিক হােৱাটোকে জনসংখ্যা বৃদ্ধি হােৱা বুলি কোৱা হয় ।

আনহাতে প্রব্রজনাে জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ । এখন দেশ বা এটা অঞ্চলৰ পৰা কোনাে লােক আন দেশ বা অন্য এটা অঞ্চললৈ যােৱাকে জনসংখ্যাৰ প্ৰব্ৰজন বুলি কোৱা হয় । কোনাে এখন দেশৰ পৰা কোনাে এখন দেশলৈ আহিলে তাকে আন্তঃপ্রব্রজন বােলে । আনহাতে কোনাে এখন দেশৰ পৰা লােক আন কোনাে এখন দেশলৈ গ’লে তাক বহিঃপ্রব্রজন বােলে । গতিকে এটা নির্দিষ্ট সময়ৰ ভিতৰত আন্তঃপ্ৰব্ৰজনৰ তুলনাত বহিঃপ্ৰব্ৰজন কম হলে জনসংখ্যা বৃদ্ধি হয় আৰু আন্তঃপ্রব্রজনৰ তুলনাত বহিঃপ্ৰব্ৰজন বেছি হ’লে জনসংখ্যা হ্রাস হ’ব । গতিকে কোনাে এখন দেশৰ এটা নির্দিষ্ট সময়ৰ ভিতৰত হােৱা মুঠ আন্তঃপ্রব্রজন আৰু মুঠ বহিঃপ্ৰব্ৰজনৰ পার্থক্যই হ’ল প্রণােদিত বৃদ্ধি । 

এতিয়া কোনাে এখন দেশৰ মুঠ জনসংখ্যা বৃদ্ধি পাবলৈ হ’লে দেশখনৰ মুঠ স্বাভাবিক বৃদ্ধি আৰু মুঠ প্রণােদিত বৃদ্ধিৰ দ্বাৰা নিৰ্ধাৰিত হ’ব । স্বাভাবিক বৃদ্ধি হ’ল দেশখনৰ মুঠ জন্মৰ সংখ্যা আৰু মুঠ মৃত্যুৰ সংখ্যাৰ পার্থক্য । আনহাতে প্রণােদিত বৃদ্ধি হ’ল মুঠ আন্তঃপ্রব্রজন আৰু মুঠ বহিঃপ্ৰব্ৰজনৰ পার্থক্য । এই দুয়ােটা পার্থক্য সমষ্টিয়েই হ’ল দেশখনৰ মুঠ বৃদ্ধি । এইদৰে দেশ এখনৰ জনসংখ্যাৰ মুঠ বৃদ্ধি উলিয়াব পাৰি ।

প্রশ্ন ২। জনসংখ্যা বৃদ্ধিৰ সমস্যা বুলিলে কি বুজোৱা হয় ? উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ প্রভাৱ কেনেকুৱা বর্ণনা কৰা ।

উত্তৰঃ আধুনিক কালত প্রায়বােৰ দেশতে বিশেষকৈ পিছপৰা আৰু উন্নয়নশীল দেশবােৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি উচ্চ হােৱা বাবে সেই দেশবােৰত বিভিন্ন সমস্যাই দেখা দিছে । কাৰণ জনসংখ্যা বৃদ্ধিৰ সমানে মানুহৰ অভাৱ পূৰণৰ বাবে অত্যাৱশ্যকীয় বস্তুৰ উৎপাদন কৰিব পৰা নাযায় । সেইবাবে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বাসস্থান , সাজপাৰ , শিক্ষা – দীক্ষা , কর্মসংস্থান , খেতিৰ মাটি আদি সকলাে দিশতে নাটনিৰ সৃষ্টি হয় । সমাজত মানুহৰ জীৱনৰ মানদণ্ডও নিম্নগামী কৰি তােলে । মুঠতে জনসংখ্যা বৃদ্ধিয়ে জনসংখ্যা বিস্ফোৰণ’ৰ সৃষ্টি কৰি মানৱ সমাজত সকলাে দিশতে অনিষ্ট সাধন কৰে । গতিকে জনসংখ্যা বৃদ্ধিয়ে দেশখনক সকলাে দিশতে পিছপৰা এটা অৱস্থালৈ লৈ যায় । অতি উচ্চ হাৰত বৃদ্ধি পােৱা জনসংখ্যাই এইদৰে বিভিন্ন সমস্যাৰ সৃষ্টি কৰি দেশৰ অধঃপতন আনে । গতিকে জনসংখ্যা বৃদ্ধিৰ সমস্যাই ইয়াকে বুজায় । 

উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱঃ 

১। অত্যাৱশ্যকীয় বস্তুৰ নাটনি :-

( ক ) উচ্চ হাৰত বৃদ্ধি পােৱা জনসংখ্যাই পােন প্রথমেই খাদ্য সামগ্ৰীৰ নাটনি সৃষ্টি কৰে । পােনতে ‘ পৰিয়ালত , তাৰ পিছত দেশত খাদ্য বস্তুৰ জনমূৰি ভােগৰ পৰিমাণ কম কৰে , পুষ্টিকৰ খাদ্যৰ নাটনিৰ সৃষ্টি কৰে । ক্রমে সাজপাৰ , থকা ঠাই , বাসস্থান , ঔষধ , চিকিৎসা সেৱা , শিক্ষা – দীক্ষা আদিৰ নাটনি কৰে । প্ৰত্যেকজন ল’ৰা – ছােৱালীক উপযুক্ত মানুহ হিচাপে গঢ়ি তােলাৰ ব্যৱস্থা আদিত নাটনিৰ সৃষ্টি কৰে । সীমিত উপার্জনেৰে অভিভাৱকসকলে এইবােৰ যােগান ধৰাৰ ক্ষমতাৰ অভাৱ হৈ এখন শিক্ষাহীন , স্বাস্থ্যহীন আৰু দৰিদ্র , নিম্ন মানদণ্ডৰ সমাজত বা দেশত পৰিণত হয় । 

( খ ) জনসংখ্যা দ্রুত গতিত বৃদ্ধি পালে খাদ্য সামগ্ৰীৰ নাটনি হয় । ফলত দেশৰ চৰকাৰে আন দেশৰ পৰা আমদানি কৰি আনি এই নাটনি পূৰণ কৰিব লগা হয় । 

( গ ) তৃতীয়তে বর্ধিত জনসংখ্যাৰ লােকসকলৰ বাবে সকলাে ক্ষেত্রতে আৱশ্যক হােৱা ওপৰঞ্চি সামগ্ৰী আৰু সেৱাৰ বাবে খৰচৰ মাত্রা যথেষ্ট বৃদ্ধি হৈ পৰে আৰু সমস্যা বৃদ্ধি হৈ গৈ থাকে । 

২। নিবনুৱা সমস্যাৰ সৃষ্টি আৰু বৃদ্ধি :- জনসংখ্যা অত্যধিক গতিত বৃদ্ধি হােৱাৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হয় আৰু ক্রমান্বয়ে ই বৃদ্ধি হৈ গৈ থাকে । কাৰণ জনসংখ্যা যি গতিৰে বৃদ্ধি পায় কর্মসংস্থান সেই গতিৰে বৃদ্ধি নহয় । ফলত কর্মযােগ্য লােকসকল কর্মহীন হৈ পৰে , পৰিয়ালত অর্থাৎ দেশত ওপৰঞ্চি লােকৰ বােজা বৃদ্ধি হৈ সঞ্চয়ৰ হাৰ কমি আহে , আৰু মূলধন গঠন কমি যায় । ফলত উৎপাদন ব্যৱস্থা সংকুচিত হৈ কর্মসংস্থান বৃদ্ধি নহয় । নিবনুৱা  সমস্যা আৰু বেছি বৃদ্ধি পায় । 

৩। খেতিৰ মাটিৰ নাটনি :- কৃষিপ্রধান দেশবােৰত প্রায় ৭০ শতাংশ লােক খেতিয়ক আৰু গ্রামাঞ্চলত বসবাস কৰা কৃষিজীৱী লােক । জনসংখ্যা বৃদ্ধিয়ে একোটা পৰিয়ালৰ সীমিত মাটিৰ ওপৰত হেঁচা বৃদ্ধিয়েই নহয় , পৰিয়ালৰ সংখ্যা বৃদ্ধি হৈ কেইবাটাও পৰিয়ালত বিভক্ত হােৱাৰ ফলত ভূমি – সম্পত্তি বিভাজিত হৈ মাটিৰ পৰিমাণ কমি গৈ নাটনিৰ সৃষ্টি কৰে । খাদ্য শস্যৰ নাটনি হয় । 

৪। পৰিৱেশ দূষিকতকৰণ :- জনসংখ্যা বৃদ্ধি হলে বর্ধিত জনসংখ্যাৰ বাবে বাসস্থান ঘৰ বাৰী , খেতিপথাৰ , বাট – পথ , শিল্প – উদ্যোগ আদি গঢ়ি তােলাৰ বাবে গছ – গছনি , হাবি – বন কাটি পাহাৰ – পর্বত , নদ – নদী , বিল , হ্রদ সমান কৰি প্ৰাকৃতিক ভাৰসাম্য নষ্ট কৰি পেলােৱাৰ ফলত সমাজত প্ৰদূষণ বৃদ্ধি পায় । নগৰ – চহৰত জনসংখ্যা বৃদ্ধি হৈ যিকোনাে ঠাইতে চাউনি পাতি পেলনীয়া বস্তুৰে নানা আৱৰ্জনাৰ সৃষ্টি কৰি , নলা – নর্দমা বন্ধ কৰি প্ৰদূষণ বৃদ্ধি কৰে । এইদৰে গােটেই পৰিৱেশটো নষ্ট কৰি তােলে । 

প্রশ্ন ৩। ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হােৱাৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ তিনিটা জন্মৰ উচ্চ হাৰ , মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন । 

( ১ ) জন্মৰ হাৰ বৃদ্ধিৰ কাৰণ :- ভাৰতত যােৱা পঞ্চাশ বছৰৰ আগৰ পৰাই মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ অধিক হৈ আহিছে । সেই কাৰণেই ভাৰতত জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে । ভাৰতত যােৱা পঞ্চাশ বছৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কমিছে যদিও মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কৰ্মকৈ কমিছে । সেই কাৰণেই জনসংখ্যা বৃদ্ধিৰ হাৰ সামান্যহে কমিছে । ভাৰতত জন্মৰ হাৰ উচ্চ হৈ থকাৰ কাৰণবােৰ স্পষ্টকৈ জানিবলৈ হ’লে আমি আৰু কেইটামান কাৰণ আলােচনা কৰা উচিত হ’ব । 

( ক ) বাল্য বিবাহ আৰু কম বয়সত বিবাহ হােৱাৰ প্রথা :- ভাৰতত বাল্য কালতে বা কম বয়সতে বিবাহ প্রথা থকা বাবে দীর্ঘকাল ধৰি সন্তান জন্ম দি সন্তানৰ সংখ্যা বৃদ্ধি কৰে । সংসাৰ জ্ঞানৰ অভাৱতে বেছি সন্তান জন্ম দি দৰিদ্ৰ জীৱন যাপন কৰে । 

( খ ) বহু বিবাহ প্রথা :- ভাৰতৰ হিন্দু আৰু ইছলাম ধৰ্মৰ লােকে ধর্মান্ধতাৰ বাবেই একাধিকবাৰ বিয়া কৰায় । সন্তানহীনতাক এই সকলাে লােকে পাপৰ ফল বুলি ভাবে আৰু মৃত্যুৰ পাছত মুক্তি নাপায় বুলি বিশ্বাস কৰি বাৰে বাৰে বিয়া কৰাই বহুতাে সতি – সন্ততিৰ জন্ম দিয়ে । এই কাৰণতাে ভাৰতৰ জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে । 

( গ ) মৃত্যুৰ হাৰ উচ্চ হােৱাৰ কাৰণত :- এটা সময়ত ভাৰতত মৃত্যুৰ হাৰ অধিক আছিল , বিশেষকৈ শিশুসকলৰ মাজত । সেই কাৰণতে অনিশ্চয়তাৰ বাবে পিতৃ – মাতৃয়ে অধিক সন্তানৰ জন্ম দিছিল , যাতে কিছু সংখ্যকৰ মৃত্যু হলেও কিছু সংখ্যক বাচি থাকে । ফলত দেশতজনসংখ্যা অত্যধিকভাৱে বৃদ্ধি পায় । 

( ঘ ) অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবে :- ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লােকৰ অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবেও জনসংখ্যা বৃদ্ধি পাইছে । গ্রাম্য লােকে জন্ম নিয়ন্ত্রণ কৰা পাপ বুলি ভাবে , সতি – সন্ততিক ভগৱানৰ দান বুলি ভাবে আৰু সেইবােৰ ভগৱানেই পালন কৰা বুলি ভাবে । আনহাতে চিকিৎসা সেৱাৰ অভাৱতাে ল’ৰা – ছােৱালী জন্ম হােৱাটো বন্ধ কৰিব নােৱাৰিছিল । 

( ঙ ) দৰিদ্রতা :- দৰিদ্ৰ বা দুখীয়া লােক ভাৰতীয় সমাজত অধিক । এই অধিক গ্রামবাসী লােকসকলে পৰিয়ালত অধিক ল’ৰা – ছােৱালী জন্ম হােৱাটো ভাল কথা বা সুবিধাজনক বা লাভজনক বুলিয়ে ভাবিছিল । কিয়নাে এই ল’ৰা – ছােৱালীবােৰক পিতৃ – মাতৃয়ে অতি কম বয়সৰ পৰা উপার্জনমুখী কামত নিয়ােগ কৰিবলৈ বিশেষকৈ কৃষি , পশুপালন , হস্তশিল্প আদিৰ নিচিনা কামত শিশুসকলক নিয়ােগ কৰাৰ বাবেই বেছিকৈ সতি – সন্ততিৰ জন্ম দিছিল ; ফলত দেশত জনসংখ্যা বৃদ্ধি পায় । 

( চ ) শিক্ষাৰ অভাৱৰ বাবে :- শিক্ষাৰ অভাৱৰ বাবেই পিতৃ – মাতৃয়ে জনসংখ্যা বৃদ্ধিৰ অপকাৰিতাৰ কথা শুদ্ধভাৱে চিন্তা কৰিব নােৱাৰে । বৰং ভুলকৈ ভাবিয়ে ল’ৰা – ছােৱালী বেছিকৈ জন্ম দিয়ে আৰু ল’ৰা – ছােৱালীক কম বয়সতে উপার্জনমুখী কামত নিয়ােগ কৰে । বিশেষকৈ স্ত্রী শিক্ষাৰ অভাৱতত ল’ৰা – ছােৱালীৰ বেছি জন্ম হােৱাৰ পৰিণাম চিন্তা কৰিয়ে সীমিত ল’ৰা ছােৱালী জন্ম দিয়ে । গতিকে শিক্ষাৰ অভাৱ জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ । 

( ২ ) মৃত্যুৰ হাৰ হ্রাস পােৱাৰ কাৰণত জনসংখ্যা বৃদ্ধি পায় :- স্বাধীনতাৰ পাছৰ কালছােৱাত চিকিৎসা সেৱাৰ যথেষ্ট উন্নতি হৈছে আৰু ইয়াৰ ফলতে ভাৰতত বর্তমান মহামাৰী বিশেষকৈ কলেৰা , বসন্ত , প্লেগ আদি নির্মূল হৈছে । শিক্ষা ব্যৱস্থাৰ উন্নতিয়ে মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমাণে কমাইছে , ফলত মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে আৰু জনসংখ্যা বৃদ্ধিত যথেষ্ট বৰঙণি যােগাইছে । গতিকে জনসংখ্যা বৃদ্ধিৰ ইয়াে এটা কাৰণ । 

( ৩ ) প্ৰব্ৰজন :- জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হ’ল প্ৰব্ৰজন । বহিঃপ্ৰব্ৰজন , আন্তঃপ্রব্রজনতকৈ কম হলে দেশত জনসংখ্যা বৃদ্ধি পায় । অৱশ্যে ভাৰতৰ নিচিনা বিশাল জনসংখ্যাৰ দেশত আন্তঃপ্রব্রজনে উচ্চ হাৰত জনসংখ্যা বৃদ্ধি কৰিব নােৱাৰে যদিও ভাৰতৰ কোনাে কোনাে ৰাজ্যত প্রজনে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি কৰিব পাৰে । বিশেষকৈ অসম বা পশ্চিমবংগৰ নিচিনা ৰাজ্যলৈ দুর্ভিক্ষপীড়িত দেশ পাকিস্তান , বাংলাদেশ , নেপাল আদি ৰাষ্ট্ৰৰ পৰা বহুতাে লােক আহি ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ কৰি তােলে । এইবােৰেই হ’ল জনসংখ্যা উচ্চ হাৰত বৃদ্ধি হােৱাৰ কাৰণ । 

প্রশ্ন ৪। ভাৰতত জন্মৰ হাৰ উচ্চ হােৱাৰ কাৰণবােৰ আলােচনা কৰা ।

উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণবােৰৰ ভিতৰত জন্মৰ হাৰ বৃদ্ধি মৃত্যুৰ হাৰ হ্রাস আৰু প্ৰব্ৰজন এই তিনিটাকে গণ্য কৰা হয় । জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্যকে জনসংখ্যা বৃদ্ধি বুলি ধৰা হয় যদিহে জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হয় আৰু আনহাতে বহিঃপ্রব্রজনতকৈ আন্তঃপ্রব্রজন বেছি হ’লে জনসংখ্যা বৃদ্ধি হয় । জনসংখ্যা এইদৰে বৃদ্ধি পােৱাৰ উপৰি জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ আৰু দ্রুত হােৱাৰ আন কিছুমান কাৰণাে আছে । সেই কাৰণবােৰ তলত সংক্ষেপে আলােচনা কৰা হ’ল । 

( ১ ) বাল্যবিবাহৰ কাৰণে :- মধ্য যুগৰে পৰা ভাৰতত প্ৰচলিত হৈ অহা বাল্যবিবাহ প্রথাৰ বাবে কম বয়সতে বিবাহ হােৱা দম্পতীয়ে দীর্ঘকাল ধৰি ল’ৰা – ছােৱালী জন্ম দি দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুত কৰি তােলে । 

( ২ ) ধর্মীয় গােড়ামী আৰু অন্ধবিশ্বাস :- ভাৰতৰ হিন্দুসকলে সন্তানহীনতাক পাপ বুলি জ্ঞান কৰিছিল । তাৰােপৰি সন্তান জন্ম নহ’লে মৃত্যুৰ পাছত আত্মাই মুক্তি নাপাব বুলি ভাবিছিল । সেইবাবে হিন্দুসকলে একাধিকবাৰ বিবাহ কৰাইছিল । ইছলামধর্মী লােকসকলেও কেইবাজনীও স্ত্রী বিবাহ কৰা ধর্মীয় নিয়ম আছিল । এজন পুৰুষেই কেইবাজনীও তিৰােতা বিয়া কৰােৱাৰ ফলত একেটা পৰিয়ালতে বহুতাে সন্তান জন্ম দিছিল । ফলত জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছিল । 

( ৩ ) মৃত্যুৰ হাৰ অত্যধিক হােৱা বাবে :- আগেয়ে মৃত্যুৰ হাৰ অত্যধিক আছিল , বিশেষকৈ শিশু কালত আৰু বয়সীয়াসকলৰ মাজতাে কলেৰা , বসন্ত আদি ৰােগত বহুতাে লােকৰ মৃত্যু হৈছিল । সেইবাবে পিতৃ – মাতৃয়ে বহুতাে সন্তান জন্ম দিছিল যাতে কিছু মৰিলেও কিছু থাকে । ফলত দ্রুত গতিত জনসংখ্যা বৃদ্ধি হৈছিল । 

( ৪ ) অজ্ঞতা আৰু চিকিৎসা সেৱাৰ অভাৱ :- আগৰ কালত সীমিত পৰিয়ালৰ জ্ঞান বা জন্ম নিয়ন্ত্ৰণৰ জ্ঞান মানুহৰ নাছিল । জনসংখ্যা বৃদ্ধিৰ কুফলৰ কথাও মানুহে ভাবিব নােৱাৰিছিল । চিকিৎসা সেৱাৰ সুবিধা নাছিল । জন্ম নিয়ন্ত্ৰণৰ ইচ্ছা থাকিলেও তাক বাধা দিয়াৰ উপায় নাছিল । ফলত জনসংখ্যা বৃদ্ধি পাইছিল । 

( ৫ ) দৰিদ্ৰতা আৰু অজ্ঞতা :- ভাৰতত দৰিদ্ৰ আৰু দুখীয়া পৰিয়ালৰ সংখ্যা বেছি আছিল । এই পৰিয়ালবােৰৰ ল’ৰা – ছােৱালীৰ সংখ্যা বেছি হ’লে সুবিধাহে হৈছিল , কাৰণ সৰুৰে পৰা সিহঁতক উপার্জনমুখী কামত নিয়ােগ কৰিছিল । সেইকাৰণতে বেছি ল’ৰা – ছােৱালী জন্ম দিছিল । ইয়াৰ ফলতে জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছিল । 

( ৬ ) শিক্ষাৰ অভাৱ :- শিক্ষা – দীক্ষাৰ অভাৱৰ বাবেও বিশেষকৈ স্ত্রীশিক্ষাৰ অভাৱতে , আগৰ কালত মানুহে বাল্য বিবাহ বা সৰু কালতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দীর্ঘকাল ল’ৰা – ছােৱালী জন্ম দিছিল । পৰিণামৰ কথা নাভাবিছিল । শিক্ষিত মানুহৰ চিন্তাহে দূৰদৰ্শিতাসম্পন্ন হয় । এনেবােৰ কাৰণতে ভাৰতৰ জনসংখ্যা অতি দ্রুত গতিত বৃদ্ধি পাইছিল ।

3 thoughts on “Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top