Class 12 Sociology Chapter 15 সামাজিক আন্দোলন

Class 12 Sociology Chapter 15 সামাজিক আন্দোলন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 15 সামাজিক আন্দোলন and select needs one.

Class 12 Sociology Chapter 15 সামাজিক আন্দোলন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 15 সামাজিক আন্দোলন Solutions for All Subject, You can practice these here…

সামাজিক আন্দোলন

পাঠ: ৮

দ্বিতীয় খণ্ড

পাঠ্যপুথি অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। সামাজিক আন্দোলন মানে কি ? 

উত্তৰঃ যেতিয়া কোনাে এখন সমাজৰ জনসাধাৰণ , সমাজৰ প্রচলিত সামাজিক পৰিস্থিতিত অসন্তুষ্ট হয় আৰু তেওঁলােকে ইয়াৰ এটা পৰিবৰ্তন আনিব বিচাৰে , তেতিয়াই সামাজিক আন্দোলন আহি পৰে । সামাজিক আন্দোলন সদায়ে এটা আদৰ্শৰ ওপৰত আৰম্ভ হয় । কেতিয়াবা সামাজিক আন্দোলন উদ্ভব হয় কোনে পৰিবৰ্তনৰ বিৰােধীতাৰ বাবে । আগৰ কালত সমাজ শাস্ত্রবিদসকলে ভাবিছিল যে সামাজিক আন্দোলন এনে এক প্রচেষ্টা যাৰ দ্বাৰা সমাজত এক পৰিবৰ্তন আনিব বিচৰা হয় ; কিন্তু আধুনিক সমাজতত্ত্ববিদসকলে ভাবে যে আন্দোলনে হয় , সামাজিক পৰিবর্তন আনে নাইবা পৰিবর্তন বন্ধ কৰে । 

সেই ফাৰণে বিভিন্ন চিন্তাবিদৰ অভিমত । ওপৰত নিৰ্ভৰ কৰি , আমি কব পাৰাে যে সামাজিক আন্দোলন হ’ল সমাজৰ সদস্য সকলৰ এক সমূহীয়া আচৰণ , যাৰ উদ্দেশ্য হল— হয় প্রচলিত সংস্কৃতি আৰু সামাজিক সংগঠনৰ পৰিবর্তন নাইবা তাৰ বিৰােধীতা কৰা । সেইকাৰণে সামাজিক আন্দোলনক এক সামূহিক প্রচেষ্টা বা সামাজিক প্রতিক্রিয়া বুলিয়ে কব পাৰি । 

প্রশ্ন ২। চমুটোকা লিখা ? 

( ক ) নাৰী আন্দোলন ,( খ ) দলিত জনজাতীয় আন্দোলন । 

উত্তৰঃ ( ক ) নাৰী আন্দোলন :- প্রাচীন কালৰে পৰা ভাৰতীয় সমাজত নাৰী সম্পর্কীয় বহুতাে কুপ্রথা প্রচলিত হৈ আহিছে । এনে কিছুমান কাৰণতে ভাৰতত কুৰিশতিকাৰ আৰম্ভণীৰে পৰা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পর্যায়ত বহুতাে নাৰী সংগঠন গঢ়লৈ উঠিছে । সেইবােৰৰ ভিতৰত ভাৰতীয় নাৰী সংস্থা ১৯১৭ চনত , সদৌ ভাৰত নাৰী অধিবেশন ১৯২৬ চনত ভাৰতৰ বাষ্ট্রীয় নাৰী পৰিষদ ১৯২৫ চনত গঢ়ি উঠিছিল । কিছুমান সংস্থা সংকীর্ণ উদ্দেশ্যেৰে গঠন হ’লেও পাচলৈ তেওঁলােকৰ দৃষ্টিভংগীৰ পৰিবৰ্তন হৈছিল । ভাৰতীয় নাৰীসকলে যদিও সীমিত উদ্দেশ্য লৈ গঠিত হৈছিল পাছলৈ প্ৰায়বােৰ নাৰী সংস্থাই পুৰুষৰ লগতে স্বাধীনতা সংগ্রামতাে অৰিহণা যােগাইছিল । 

সাধাৰণ ভাবে ধৰিলােৱা হয় যে মধ্যবিত্ত শ্ৰেণীৰ শিক্ষিত মহিলাসকলেহে সামাজিক আন্দোলনত জড়িত হয় । কিন্তু আমি মন কৰিব লাগিব যে মহিলাসকলেও স্বাধীনতা সংগ্রামত অংশগ্রহণ কৰিছে । তেওঁলােকে পুৰুষৰ লগতে জনজাতীয় আন্দোলনতাে যােগদান কৰিছিল । আমি উদাহৰণ স্বৰূপে কব পাৰাে যে বংগদেশৰ তেভাগা আন্দোলন , তেলেংগানা সশস্ত্র সংগ্রাম , সেই সময়ৰ নিজামৰ শাসনত , মহাৰাষ্ট্রৰ ওৱালি জনজাতিৰ বিপ্লৱ আদি বিশেষ ভাবে উল্লেখনীয় । সাধাৰণতে ১৯৪৭ চনৰ আগতে নাৰী আন্দোলনবােৰ কোনো নির্দিষ্ট বিষয়ৰ ওপৰতহৈ গঢ়ি উঠিছিল আৰু প্ৰায়বােৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আছিল । 

কিন্তু ১৯৪৭ চনৰ পাছত নাৰীবাদী আন্দোলনবােৰ জাতীয়তা ৰাষ্ট্ৰীয় গঠনৰ লগত জড়িত আছিল । ১৯৭০ দশকৰ পাছত ভাৰতত নাৰী আন্দোলন পুনৰ আৰম্ভ হৈছিল । বহুতে এই আন্দোলনকনাৰী আন্দোলন দ্বিতীয় পর্যায় বুলি কব খােজে । ভাৰতৰ স্বাধীনতাৰ পাচত , স্বাৱলম্বী নাৰী আন্দোলনৰ বিকাশ ঘটে । আৰু ৰাজনৈতিক দলৰ পৰা স্বতন্ত্র ভাবে পৰিচালনা হয় । এইটো অনুভব কৰিছিল যে ৰাজনৈতিক দলে নাৱীক সদায়ে এফলীয়া কৰি ৰাখে । 

সাংগঠনিক পৰিবৰ্তনৰ আৰু প্ৰকৃতৰ পৰিবৰ্তনৰ বাহিৰে নতুন বিষয়বােৰ আলােকিত হৈছিল নতুন আন্দোলনবােৰত যেনে নাৰীৰ বিৰুদ্ধে অত্যাচাৰ , বলাৎকাৰ , বহুতাে সমদল , আৰম্ভ কৰা হৈছিল তাৰ পূৰৱর্তি কালত এই কুপ্রথাবােৰৰ বিৰুদ্ধে । এনেবােৰ কাৰণতে বর্তমান সন্তানৰ নামৰ লগত বাপেকৰ নামৰ লগতে স্ত্রীৰ ( মাকৰ ) নামে লিখা হয় । ইয়াৰ উপৰিও আন গুৰুত্বপূৰ্ণ বৈধ পৰিবৰ্তন কৰা হৈছে একমাত্র নাৰীৰ আন্দোলনৰ বাবেই । নিয়ােগ নীতি , ভূমিৰ অধিকাৰ , লগতে যৌতুক আৰু যৌন অত্যাচাৰৰ বিৰুদ্ধেও সংগ্রাম চলাই আহিছে । 

( খ ) দলিত জনজাতীয় আন্দোলন :- বিভিন্ন জনজাতীয় গােটবােৰে উমৈহতীয়া কিছুমান বিষয়ক লৈ সমগ্র দেশতে বিয়পি পৰিছে । কিন্তু তেওঁলােক প্রত্যেকেই প্রত্যেকৰ পৰা পৃথক পৃথক । কিছুমান জনজাতীয় আন্দোলন মধ্য ভাৰতৰ কিছুমান জনজাতীয় অঞ্চলত গঢ়ি উঠিছিল । তাৰ ভিতৰত চানথাল , ওঁৰাণ্ড , হাে , মুণ্ডা আদি প্রধান আছিল । ঝাৰখণ্ডৰ জনজাতীয় অঞ্চলৰ বাৰে প্রধান অঞ্চল আছিল । 

২০০০ চনত দক্ষিণ বিহাৰৰ পৰা ঝাৰখণ্ড ৰাজ্যখন সৃষ্টি কৰা হৈছিল । এই ৰাজ্যখন গঠন কৰিবলৈ এই অঞ্চলৰ জনজাতিবােৰে প্রায় একশ বছৰ যুজিব আন্দোলন কৰিব লগা হৈছিল । সেইসময়ৰ প্ৰতাপী , ত্যাগী জননেতা বিছামুণ্ডাৰ নেতৃত্বত সেই অঞ্চলৰ জনজাতীয় জাতিবােৰ ঐক্যবদ্ধ আৰুসজাগ হৈ প্রথমে এই আন্দোলন ব্রিটিছৰ বিৰুদ্ধে আৰু পাচলৈ স্বাধীন চৰকাৰৰ লগত সংঘাট হৈছিল । বিছা এই আন্দোলন কেন্দ্রবিন্দু আছিল । তেওঁৰ মৃত্যুৰ পাছত তেওঁক লৈ বহুতাে গীত – মাত, গল্প – কাহিনী ঝাৰখণ্ডত প্ৰচলিত হৈছিল । ঝাৰখণ্ডত বিছাৰ স্মৃতিত এতিয়াও বহুতাে লিখনী প্রচলন হৈ আছে । 

সেই অঞ্চলত খ্রীষ্টান মিছাৰীসকলৰ শিক্ষা – দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে । দক্ষিণ বিহাৰৰ শিক্ষিত জনজাতীয় লােক সকলে বিৰ্ছাৰ মুক্তিকামী সংগ্ৰামৰ বিষয়ে নানা গৱেষণা , কাহিনী , গল্প লিখি উলিয়াইছে । তেওঁলােকে সেই অঞ্চলৰ জনজাতীয় প্রচলিত প্রথা , নীতি নিয়ম , সংস্কৃতি সম্পর্কে বহুতাে লিখিত সাহিত্য , গল্প প্রবন্ধ চৰ্চা কৰিছে । এনে কাৰণতে এক ঐক্যবদ্ধ জনগােষ্ঠীয় সচেতনতাৰ সৃষ্টি কৰি নিজকে ঝাৰখণ্ডী বুলি পৰিচয় প্রতিপন্ন কৰিব পাৰিছে । 

ঝাৰখণ্ডত শিক্ষিত আদিবাসীসকলে বর্তমান চৰকাৰী চাকৰী – বাকৰিত নিযুক্তি পাইছে । আৰু মধ্যবিত্ত শ্রেণীৰ জনজাতীয় বুদ্ধিজীবিসকলৰ মাজত বর্তমান নিজকে নেতৃত্ব দিবপৰা লােক ওলাই আহিছে । এই লােকসকলেই তেওঁলােকৰ বাবে যে এখন সুকীয়া ৰাজ্য লাগে তাক দাবী আকাৰে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল । তাকে তেওঁলােকে ভাৰত চৰকাৰৰ ওচৰত এনেকি বিদেশতাে লবিকৰি তাক কার্যকৰি কৰিছিল । দক্ষিণ বিহাৰ অঞ্চলৰ জনজাতীয় লােকসকলৰ সেই অঞ্চলত থকা দিক্ষু সকলৰ বিৰুদ্ধে এক উমৈহতীয়া ঘৃণা আছে । 

কাৰণ এই দিক্ষুসকলেই ( বহিৰাগত বেপাৰী , টকা ধাৰ দিয়া সূতখােৰ জাতি ) তেওঁলােকক শােষণ কৰি সকলাে সা – সম্পদ কাঢ়িলৈ স্থানীয় লােকসকলক সর্বশ্রান্ত কৰিছে । এই খনিজ প্রধান অঞ্চলটোত , উদ্যোগিক উন্নয়নৰ সকলাে মুনাফা এই দিসকলে হস্তগত কৰিছে । এনেকি বহুতাে অধিবাসীক সেই অঞ্চলৰ পৰা উচ্ছেদ কৰি তেওঁলােকৰ সকলাে সা – সম্পদ এই দি শ্রেণীটোৱে আত্মসাৎ কৰিছিল । 

মুঠতে জনজাতিসকলে বহু দিনীয়া অভিজ্ঞতাৰ পৰা বুজিব পাৰিছিল যে তেওঁলােক বঞ্ছিত হৈছে , অন্যায় ভাবে তেওঁলােক শােষিত হৈ আহিছে এই ভাবধাৰাই ঐক্যবদ্ধ সংগ্রাম পথ বিচাৰি লৈছিল । তেওঁলােকৰ ঐক্যবদ্ধ, দৃঢ়তা আৰু প্ৰতিজ্ঞা অৱশেষত ঝাৰখণ্ড ৰাজ্যৰ প্রতিষ্ঠাই এটা নতুন পৰিচয় দিছে । 

প্রশ্ন ৩। ভাৰতবৰ্ষত পুৰণি সামাজিক আন্দোলন আৰু নতুন সামাজিক আন্দোলনৰ মাজত পার্থক্য নির্ণয় কৰাটো যথেষ্ট কঠিন কাম । এই বিষয়ে আলােচনা কৰা । নাইবা , সামাজিক আন্দোলনৰ প্ৰকাৰবােৰ আলােচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষত বহুতাে সামাজিক আন্দোলন গঢ়ি উঠিছে— “ কৃষক, নাৰী , শ্রমিক , আদিবাসী , দলিত আৰু অন্যান্য বৃহুতাে সামাজিক আন্দোলন সকলাে শাসকৰ বিৰুদ্ধে চলি আছে । এতিয়া আমি এই সামাজিক আন্দোলনবােৰক নতুন সামাজিক আন্দোলন বুলি কব পাৰিনে ? এই আন্দোলন সংক্রান্তত গেইল অভেড় ( Gail Omved ) নামৰ এগৰাকী মহিলাই লেখা গ্রন্থ এখনত ( Reinventing Revolution ) লিখিছে যে সামাজিক অসমতা আৰু সম্পদৰ অসমান বিতৰণ ব্যৱস্থাৰ বাবেই এই সামাজিক আন্দোলনবােৰ হয় । এই ক্ষেত্ৰত –

( ১ ) কৃষক আন্দোলনবােৰ হয়— কৃষিৰ উৎপাদিত সামগ্রীৰ উচিত মূল্যৰ পৰা বঞ্ছিত হােৱা বাবে । 

( ২ ) আনহাতে দলিতসকলে আন্দোলন কৰে উচ্চজাতৰ ভূস্বামীৰ অন্যায় অত্যাচাৰৰ বাবে , ধন ধাৰলৈ দিয়া সুদখােৰৰ অত্যাচাৰ শোষণৰ পৰা মুক্তি পাবলৈ আন্দোলন কৰে । 

( ৩ ) নাৰীসকলে আন্দোলন কৰে আদিম অৱস্থাৰে পৰা পাই অহা পুৰুষৰ অত্যাচাৰ , উৎপীৰণ , সম অধিকাৰৰ পৰা পুৰুযে , সমাজে কৰি অহা হীন , নিম্ন বুলি কৰা ব্যৱহাৰৰ পৰা মুক্তি পাবলৈ । সমাজৰ সম্পত্তি , পুৰুষৰ লগত সমান ব্যৱহাৰৰ অধিকাৰ পােৱাৰ বাবে সংগঠিত হৈ ওলাই অহাৰ অধিকাৰৰ বাবে , মুক্তি পােৱাৰ বাবে নাৰীক প্রভেদ বুলি জ্ঞান কৰা অন্যায় । 

এই একে সময়তে এই নতুন সামাজিক আন্দোলনবােৰ কেৱল অর্থনৈতিক অসমতাৰ , দৰে পুৰণি কিছুমান কাৰণৰ বাবেই সৃষ্টি হােৱা নাছিল নাইবা সামাজিক শ্রেণী বিভাজনৰ বাবেও হােৱা নাছিল । এই নতুন সামাজিক আন্দোলন সৃষ্টিত আজি যুগৰ ৰাজনীতি , সাংস্কৃতিক উদ্দেগ , আশা – আকাংক্ষাবােৰও জড়িত হৈ থাকে । এই আন্দোলনবােৰত কোনাে ধৰণৰ শ্রেণী ভিত্তিক অসমতা বিচাৰি পােৱা নাজায় । কাৰণ এনে আন্দোলন সকলাে শ্রেণীৰে লােক জড়িত হৈ থাকে । উদাহৰণস্বৰূপে নগৰৰ নাৰী আন্দোলনত উচ্চ , নিচ , ধনী বা মধ্যবিত্ত বুলি কোনাে শ্রেণী বিভাজন নাথাকে দৰিদ্ৰ , শ্রমজীবি , কৃষি জীৱি সকলােলােক থাকে । আনহাতে পৃথক ৰাজ্যৰ বাবেক আন্দোলনতাে কোনাে বিশেষ শ্রেণীবা জাতিৰ আন্দোলনহয় , এই আন্দোলনাে সকলােৰে আন্দোলন । এই সামাজিক আন্দোলনত কোনাে সামাজিক বৈষম্য নাথাকে । 

প্রশ্ন ৪। প্ৰায়বােৰ পাৰিপাৰ্শ্বিক আন্দোলনেই বেছিভাগ সময়তে অর্থনৈতিক দিশ আৰু পৰিচয় বিষয়ক দিশ সাঙুৰি লয় । এই সম্পর্কে আলােচনা কৰা । নাইবা , পৰিৱেশ তান্ত্রিক আন্দোলন বুলিলে কি বুজা ? নাইবা , পৰিৱেশ তান্ত্রিক আন্দোলনৰ অৰ্থ লিখা । 

উত্তৰঃ আধুনিক যুগত আটাইতকৈ বেছি গুৰুত্ব প্রদান কৰা বিষয়টো হ’ল উন্নয়ন । আজি বহু দশকৰ আগৰে পৰা জনসাধাৰণে লক্ষ্য কৰি আহিছে যে মানুহে প্রাকৃতিক সম্পদসমূহ অনিয়ন্ত্রিত ভাবে ব্যৱহাৰ কৰি আহিছে । আৰু উন্নয়নৰ নমুনাই নতুন নতুন প্রয়ােজনৰ সৃষ্টিহে কৰিছে । মুঠতে প্রাকৃতিক সম্পদসমূহৰ অত্যাধিক ভাবে ব্যৱহাৰ কৰি দেশত উন্নয়ন কৰিব বিচৰা হৈছে । যাৰ বাবে বহু প্রাকৃতিক সম্পদ ধ্বংসৰ দিশলৈ আগহে বাঢ়ি গৈ আছে আৰু পৰিবেশৰ অৱনতি সাধন কৰিছে । আৰু পৰিবেশৰ অৱনতিৰ লগতে সামাজিক দিশতাে বিৰূপ প্রভাব পেলাইছে । 

যেনে বৃহৎ নদী বান্ধৰ পৰা যিদৰে বিদ্যুৎ উৎপাদনে উদ্যোগিক উন্নয়ন কৰিছে সেইদৰে হাজাৰ হাজাৰ লােকক ভূমিহীন কৰি দুখীয়া দৰিদ্ৰত পৰিণত কৰিছে । বানপানীত বছৰে বছৰে ক্ষতি সাধন কৰিছে । বহু লােকক স্থানান্তৰ কৰিব লগা হৈছে । জীৱন নির্বাহৰ পথ হেৰুৱাব লগা হৈছে । উদ্যোগবােৰৰ পৰা প্রাকৃতিক পৰিবেশ বিঘ্নিত হৈছে , প্ৰদূষণৰ সৃষ্টি হৈছে । এনেবােৰ উন্নয়নমূলক কার্যহ পৰিবেশ নষ্ট কৰি , প্ৰদূষণ সাধন কৰি , সমাজ জীৱনত বিৰূপ । প্রভাব পেলাই সমাজত এক অশান্তিৰ পৰিবেশ সৃষ্টি কৰিছে । তাৰ ফলত সমাজত বিভিন্ন সমাজিক আন্দোলন গঢ়ি উঠিছে । 

পাৰিপাৰ্শ্বিক পৰিবেশ বিনষ্ট কৰাৰ বাবে যিবােৰ আন্দোলন গঢ়লৈ উঠে তাক পাৰিপার্শ্বিক আন্দোলন বােলে । এই আন্দোলনৰ লক্ষ্য হ’ল পৰিবেশত সৃষ্টি হােৱা বিভিন্ন সমস্যাৰােধ কৰা । এই খিনিতে আমি এটা পাৰিপাৰ্শ্বিক আন্দোলন উদাহৰণ দিব লাগিব । হিমালয়ৰ পাদ দেশৰ গ্ৰাম্যাঅঞ্চলত বসবাস কৰা লােকে পাদদেশত থকা মূল্যবান অ ‘ আৰু ৰ’দ’দ্রেণড্রন নামৰ গছ দুবিধক ৰক্ষা কৰিবলৈ এক আন্দোলন কৰিছিল । কিয়নাে এই অৰণ্যখনৰ ওপৰতে সেই অঞ্চলৰ গাঁওবােৰে জীৱন ধাৰণ কৰিছিল । কিন্তু চৰকাৰৰ বনবিভাগে এই গছবোৰ কাটিবলৈ ঠিকাদাৰ সকল ঠিকা দিছিল তাৰ ফলত অৰণ্যভূমি লাহে লাহে মুকলি হৈ পৰিছিল । গ্রাম্য অঞ্চলৰ ৰাইজৰ প্রয়ােজনীয় সামগ্ৰীৰ অভাব ঘটিল , লাহে লাহে মানুহৰ জীৱন বিপন্ন হৈ পৰিল । চৰকাৰ আৰু ৰাইজৰ মাজত এক সংঘাত সৃষ্টি হ’ল । এফালে জীৱন ধাৰণ অর্থনীতি ৰক্ষাৰ বিৰুদ্ধে চৰকাৰৰ মুনাফা আহৰণৰ অর্থনীতি । কিন্তু অৱশেষত বহু সংখ্যক মহিলাকে ধৰি গাঁৱৰ ৰাইজ আগবাঢ়ি আহি গছবােৰ ৰক্ষা কৰিবলৈ গছবােৰ প্রত্যেকেই সাৱটি ধৰি ৰাখিছিল । এইদৰে চিপকো আন্দোলনে চৰকাৰৰ গছকটা আঁচনি বিফল কৰি পৰিৱেশ ৰক্ষা কৰিছিল । 

প্রশ্ন ৫। কৃষক আন্দোলন আৰু নব্য কৃষক আন্দোলনৰ মাজৰ পার্থক্য বিচাৰ কৰা । 

উত্তৰঃ সামাজিক আন্দোলনৰ ভিতৰত কৃষক আন্দোলনবােৰ অন্যতম । এই আন্দোলনবােৰ প্রাক – ঔপনিবেশ কালৰ পৰাই আৰম্ভ হৈছিল । এই আন্দোলনবােৰৰ কাৰণ বা উদ্দেশ্য একে নাছিল— কিছুমান নির্দিষ্ট অভিযােগৰ বাবে , নীল খেতিৰ বিৰুদ্ধে , কৰ মুক্ত কৰা , বন নীতিৰ বিপক্ষে , অর্থনৈতিক শােষণৰ পৰা মুক্ত কৰা । স্বাধীনতাৰ সময়ৰ টেভাগা আন্দোলন ( ১৯৪৬ ) আৰু টেলেংগানা আন্দোলন ( ১৯৫১ ) । দেশ স্বাধীনতাৰ পাচৰ গুৰুত্বপূর্ণ আন্দোলন দুটা হ’ল— নক্সাল সংগ্রাম ( ১৯৬৭ ) আৰু নব্য কৃষক আন্দোলন । কৃষকসকলৰ মুখ্য সমস্যাটো হ’ল ভূমি সমস্যা । কৃষকৰ বেছিভাগ আন্দোলন ভূমি বিষয়ক এই সমস্যাবােৰ আছিল । এনেধৰণৰ জমিদাবী উচ্ছেদ আন্দোলন ; ভূমি সংস্কাৰ আন্দোলন , কৃষকৰ শােষণ মুক্ত কৰা আন্দোলন ; মাটিৰ ৰাজহ বৃদ্ধি ৰােধ আন্দোলন ; মাটি পৰিমাণৰ সীমা নিৰ্দ্ধাৰণ আইন আন্দোলন । এই প্রায় সকলােবােৰ আন্দোলন আছিল , ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগতে হােৱা আন্দোলন । 

কিন্তু ভাৰতৰ নতুন কৃষক আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ পাচত । এই আন্দোলনৰ মূল বিষয় বা উদ্দেশ্য আছিল অলপ বেলেগ — কৃষি কার্যত দিয়া চাবছিদিবােৰ আতৰ নকৰা ; কৃষকৰ কল্যাণ সাধন কৰা , তেওঁলােকে ঋণবােৰৰ পৰা ৰেহাই দিয়া ; কৃষিৰ উৎপাদিত সামগ্রীত অধিক মূল্য দিয়া । সামগ্রীবােৰৰ বজাৰ দৰ বেছি কৰা । এইদৰেই পুৰণা কৃষক আন্দোলন আৰু নতুন কৃষক আন্দোলনৰ কিছুমান পার্থক্য বিচাৰি পােৱা যায় । 

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। সামাজিক সংস্কাৰ আন্দোলন কি ?

উত্তৰঃ যেতিয়া সমাজত প্ৰচলিত হৈ থকা কুসংস্কাৰ আৰু কুপ্রথাবােৰ আঁতৰােৱাৰ বাবে আন্দোলন আৰম্ভ হয় তাকে সামাজ সংস্কাৰ আন্দোলন বােলে । যেনে – কৃষক আন্দোলন । 

প্রশ্ন ২। ভাৰতৰ জনজাতীয় আন্দোলন কিয় আৰম্ভ হৈছিল ?

উত্তৰঃ জনজাতীয় গােষ্ঠীৰ সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে জনজাতীয় আন্দোলন আৰম্ভ হৈছিল যাতে তেওঁলােকৰ সংস্কৃতি আন সংস্কৃতিৰ লগত মিশ্রিত নহয় ।

প্রশ্ন ৩। ভাৰতত দুজন সমাজ সংস্কাৰকৰ নাম লিখা ।

উত্তৰঃ বিখ্যাত সমাজ সংস্কাৰক দুজন হ’ল–

( ১ ) ৰাজা ৰামমােহন ৰায় ( ১৭৭৪-১৮৩৩ খ্রীঃ পূঃ ) । আৰু

( ২ ) জ্যোতি ৰাও গােবিন্দ ৰাও ফুলে । ( ১৮২৭-১৮৯০ খ্রীঃ পূঃ ) ।

প্রশ্ন ৪। ৰাজনৈতিক আন্দোলন কি ?

উত্তৰঃ ৰাজনৈতিক পৰিৱৰ্তন বা শাসন সম্পর্কীয় পৰিবৰ্তনৰ বাবে চৰকাৰৰ বিৰুদ্ধে কৰা আন্দোলনকে ৰাজনৈতিক আন্দোলন বােলে । 

প্রশ্ন ৫। সমাজ কল্যাণ কি ? 

উত্তৰঃ সকলাে সংগঠিত সামাজিক প্রচেষ্টাকে সমাজ কল্যাণৰ ভিতৰত ধৰিব পাৰি যাৰ সহায়ত সমাজৰ সকলাে সদস্য উপকৃত হয় । 

প্রশ্ন ৬। সমাজ সংস্কাৰ কি ? 

উত্তৰঃ যেতিয়া সমাজৰ কোনাে বুদ্ধিজীৱী লােকে সমাজত প্ৰচলিত হৈ থকা কু – সংস্কাৰ বা কু – প্রথাৰ বিৰুদ্ধে কোনাে আন্দোলন আৰম্ভ কৰে আৰু তাক আঁতৰাব বিচাৰে তাকে সমাজ সংস্কাৰ বােলে । 

প্রশ্ন ৭। স্বাধীনতাৰ আগতে কৃষক আন্দোলন কিয় হৈছিল ? 

উত্তৰঃ ভাৰতৰ কৃষক আন্দোলনৰ প্রকৃতি বেলেগ বেলেগ হ’লেও ভাৰতৰ সকলাে কৃষক আন্দোলনৰ প্ৰধান কাৰণ আছিল — কৃষকৰ অর্থনৈতিক শােষণ আঁতৰােৱাৰ দাবী । 

প্রশ্ন ৮। দলিত কোন ? 

উত্তৰঃ ভাৰতৰ দলিতসকল সমাজৰ আটাইতকৈ নিম্নস্তৰৰ লােক । তেওঁলােক প্রাচীন কালৰে পৰা শােষণৰ বিৰুদ্ধে থকা অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে তেওঁলােকৰ জীৱন দুখ – কষ্ট , অসন্মান , অবজ্ঞা আৰু দৰিদ্ৰতাৰে ভৰপূৰ । 

প্রশ্ন ৯। সাংস্কৃতিক আন্দোলন কি ? 

উত্তৰঃ যি আন্দোলনে নিজৰ সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবলৈ প্রচেষ্টা কৰে আৰু তাকেই মূল লক্ষ্য বুলি গণ্য কৰে তাকে সাংস্কৃতিক আন্দোলন বােলে । 

প্রশ্ন ১০। কি কাৰণত পৰিবেশ আন্দোলন গঢ়ি উঠে ? 

উত্তৰঃ সমাজত উন্নয়নৰ নামত মানুহে প্রাকৃতিক পৰিৱেশৰ অত্যাধিক অনিষ্ট সাধন কৰি আহিছে । যেনে – বনাঞ্চল ধ্বংস , গছ – গছনি কাটি বনাঞ্চল মুকলি কৰা , পাহাৰ – পর্বত কাটি বিদ্যুৎ প্রকল্প নির্মাণ , ঘৰ – দুৱাৰ নিৰ্মাণ কৰি পৰিৱেশ বিনষ্ট কৰিছে । এনে পৰিৱেশ ধ্বংসকাৰী কৰ্মৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনকে পৰিৱেশ আন্দোলন বােলে । ওপৰত উল্লেখ কৰা কাৰণতে পৰিৱেশ আন্দোলন গঢ়ি উঠে । 

প্রশ্ন ১১। দলিত শব্দৰ উদ্ভাৱক ড° আম্বেদকাৰ । ( হয় নে নহয় লিখা ) 

উত্তৰঃ হয় । 

প্রশ্ন ১২। ভাৰতৰ স্বাধীনতাৰ আগতে হােৱা দুটা কৃষক আন্দোলন উল্লেখ কৰা ।

উত্তৰঃ আন্দোলন দুটা হ’ল— 

( ১ ) নীল বা বংগ বিপ্লৱ ( ১৮৫৯ এ . ডি ) ।

( ২ ) চম্পাবন আন্দোলন ( ১৯১৭-১৮ এ . ডি ) । 

প্রশ্ন ১৩। দলিত সকলে কিয় আন্দোলন কৰে ? 

উত্তৰঃ দলিতসকলে নিজকে বঞ্চিত লাঞ্ছিত , উৎপীড়িত বুলি গণ্য কৰে । একে মানৱ জাতিৰ সন্মান পাবলৈ বা স্বীকৃতি পাবলৈ আন্দোলন কৰে । অস্পৃশ্যতা নিষিদ্ধ কৰিবলৈ নাগৰিকৰ মর্যাদা পাবলৈ আন্দোলন কৰে । 

প্রশ্ন ১৪। তলত উল্লেখ কৰা আন্দোলন দুটাৰ কোনটো কি আন্দোলন উল্লেখ কৰা । 

( ক ) টেলেংগানা সংগ্রাম ( খ ) টেভাগা আন্দোলন । ( গ ) চিপকো আন্দোলন ( ঘ ) নক্সাল আন্দোলন ।

উত্তৰঃ ( ক ) সুকীয়া ৰাজ্যৰ দাবী আন্দোলন 

( খ ) কৃষক আন্দোলন । 

( গ ) পৰিৱেশ আন্দোলন । 

( ঘ ) বিপ্লৱী আন্দোলন । 

প্রশ্ন ১৫। তলত দিয়াবােৰ প্রত্যেকৰে একোটা উদাহৰণ দিয়া । 

( ক ) কৃষক আন্দোলন ( খ ) জনজাতীয় আন্দোলন ( গ ) নাৰী আন্দোলন ( ঘ ) ৰাজনৈতিক আন্দোলন ( ঙ ) পৰিৱেশ আন্দোলন । 

উত্তৰঃ ( ক ) কৃষক আন্দোলন— বংগদেশৰ নীল আন্দোলন । 

( খ ) জনজাতীয় আন্দোলন— চিপকো আন্দোলন 

( গ ) নাৰী আন্দোলন–যৌতুক বিৰােধী আন্দোলন 

( ঘ ) ৰাজনৈতিক আন্দোলন— ফৰাচী বিপ্লব ।

( ঙ ) পৰিৱেশ আন্দোলন —চিপকো আন্দোলন । 

প্রশ্ন ১৬। কেতিয়া কত হৈছিল লিখা । 

( ক ) চিপকো আন্দোলন ( খ ) উলগুলান আন্দোলন ।

উত্তৰঃ ( ক ) চিপকো আন্দোলন উত্তৰাখণ্ডত ১৯৭০ চনত হৈছিল । ই এক পাৰিপাৰ্শ্বিক আন্দোলন আছিল । 

( খ ) বর্তমান ঝাৰখণ্ডৰ জনজাতীয় আন্দোলন এই আন্দোলন ব্রিটিছৰ দিনৰ পৰা আৰম্ভ হৈ ২০০০ চনত শেষ হৈ সুকীয়া ৰাজ্য গঠন হয় । 

প্রশ্ন ১৭। দুটা নাৰী সংগঠনৰ নাম লিখা । 

( ক ) ” The Women’s India Association ” ( ১৯২৬ ) 

( খ ) ” National Council For Women’s in India ” ( ১৯২৫ ) 

প্রশ্ন ১৮। নক্সালবাদী আন্দোলন প্রথমে ক’ত হৈছিল ? 

উত্তৰঃ বংগদেশৰ নক্সালবাৰীত ১৯৬৭ চনত । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ১৯। ঝাৰখণ্ডৰ সামাজিক আন্দোলনৰ নেতা কোন আছিল ? 

উত্তৰঃ জননেতা বিছা মুণ্ডা । 

প্রশ্ন ২০। ঝাৰখণ্ডৰ সামাজিক নেতা কোন আছিল ? 

উত্তৰঃ বিছা মুণ্ডা ।

প্রশ্ন ২১। সামাজিক আন্দোলনৰ দুটা বৈশিষ্ট্য লিখ । 

উত্তৰঃ ( ১ ) সামাজিক আন্দোলনৰ কাৰণ আর্থিক সমস্যাৰ লগত জড়িত । 

( ২ ) ভূমি অধিকাৰ সম্পৰ্কৰ লগত জড়িত থাকে । 

( ৩ ) জীৱিকা বা কর্ম সংস্থাপনৰ লগত সম্পর্কিত হয় । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top