Class 12 Sociology Chapter 15 সামাজিক আন্দোলন

Class 12 Sociology Chapter 15 সামাজিক আন্দোলন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 15 সামাজিক আন্দোলন and select needs one.

Class 12 Sociology Chapter 15 সামাজিক আন্দোলন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 15 সামাজিক আন্দোলন Solutions for All Subject, You can practice these here…

চমুপ্রশ্নোত্তৰ

প্রশ্ন ১। সামাজিক সংস্কাৰ আন্দোলন কি ? 

উত্তৰঃ যেতিয়া কোনাে এটা আন্দোলন সমাজৰ প্রচলিত কুসংস্কাৰ আৰু কুপ্রথা আঁতৰ কৰাৰ উদ্দেশ্যেৰে আৰম্ভ হয় তাকে সামাজিক সংস্কাৰ আন্দোলন বােলে ।

প্রশ্ন ২। সামাজিক সংস্কাৰ আন্দোলনৰ জৰিয়তে কি ধৰণৰ পৰিৱৰ্তন আনিব পৰা যায় ?

উত্তৰঃ ভাৰতবর্ষ এখন কল্যাণকামী ৰাষ্ট্র , য’ত প্ৰতিজন ঝক্তিয়ে সমান সুবিধা পায় । কল্যাণকামী ৰাষ্ট্র এখন প্রধান উদ্দেশ্য হ’ল জনসাধাৰণৰ জীৱনটো সুখী কৰা । কিন্তু এইটো সম্ভৱ হ’ব যদিহে সমাজৰ সকলাে প্রচলিত বেয়া বিশ্বাস আৰু কু – প্রথা আঁতৰ কৰিব পৰা যায় । কেৱল সামাজিক সংস্কাৰ আন্দোলনেহে সেইবােৰ আঁতৰ কৰিব পাৰিব । আইন আদি প্রণয়ন কৰি তাক কৰিব নােৱাৰি । 

এইকাৰণতে সমাজত সংস্কাৰৰ প্রয়ােজন । উদাহৰণ স্বৰূপে বাল্য বিবাহ, যৌতুক প্রথা আৰু শিশু শ্রমিক আদিৰ বাবে আইন – কানুন আছে । কিন্তু কু – সংস্কাৰ , কু – প্রথা আমাৰ সমাজত উমৈহতীয়াভাৱে চলিছে । এই সকলােবােৰ আমাৰ সমাজত বাধাৰ স্বৰূপ । যদি আমি আমাৰ সমাজত উন্নতি বিচাৰে তেতিয়া হ’লে সমাজ সংস্কাৰ আন্দোলন অতি প্রয়ােজনীয় । সেই কাৰণতে এনে সমাজ সংস্কাৰ আন্দোলনেহে সমাজত পৰিৱৰ্তন আনিব পাৰে । 

প্রশ্ন ২। কি কাৰণত ভাৰতত সমাজ সংস্কাৰ আন্দোলন আৰম্ভ হৈছিল ? 

উত্তৰঃ তলত উল্লেখ কৰা কাৰণতে ভাৰতত সমাজ – সংস্কাৰ আন্দোলন আৰম্ভ হৈছিল— 

( ১ ) ভাৰতীয় সমাজৰ কু – সংস্কাৰবােৰ ধৰ্মৰ লগত জড়িত আছিল । 

( ২ ) ভাৰতীয় সমাজখন জাতিৰ ভিত্তিত বিভক্ত হৈছে আৰু জাতিৰ সৃষ্টি হৈছে ধর্মভিত্তিত । জাতি নীতি ভংগ কৰাক পাপ বুলি গণ্য কৰ্য হয় । 

( ৩ ) সমাজত নাৰীৰ প্ৰস্থিতি অতি নিম্ন , যাৰ বাবে সমাজত তেওঁলােকৰ কোনাে গুৰুত্ব নাছিল । 

( ৪ ) ভাৰতীয় সমাজখন নিৰক্ষৰ লােকৰ দ্বাৰা পৰিপূর্ণ । 

( ৫ ) ভাৰতীয় সমাজত বহুতো সামাজিক কু – সংস্কাৰ আৰু কু – প্রথা আছে । যেনে— জাতি ভেদ প্রথা , সতীদাহ প্রথা , বাল্য বিবাহ প্রথা , কন্যা শিশুবধ প্রথা , বিধবা বিবাহ নিষিদ্ধ আদি । এনেবােৰ কাৰণতে সমাজ সংস্কাৰকসকলে ভাৰতীয় সমাজত সংস্কাৰ অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সংস্কাৰ আন্দোলন গঢ়ি তুলিছিল ।

প্রশ্ন ৪। জনজাতীয় আন্দোলন কিয় গঢ় লৈ উঠিছিল ? 

উত্তৰঃ সমগ্ৰ ভাৰতত প্রায় একশতকৈও বেছি জনজাতীয় গােষ্ঠীয়ে বসবাস কৰে । এই জনজাতিবোৰৰ প্রত্যেকৰে নিজস্ব সুকীয়া জীৱন শৈলী আছে । আন জাতিৰ তুলনাত এই জনগােষ্ঠীবােৰৰ জীৱন যাত্ৰাৰ প্রয়ােজন সামগ্রী সীমিত বুলি কোৱা হয় । এই গােষ্ঠীটো তেওঁলােকৰ সংস্কৃতি আৰু জনজাতীয় পৰিচয় ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বৰ সচেতন । যদি এই জনজাতীয় লােকসকলে তেওঁলােকৰ সংস্কৃতিত আনে হস্তক্ষেপ কৰে আৰু তেওঁলােকৰ দাবী আওকাণ কৰা হয় , বা তেওঁলােকৰ পৰিচয় সংকটাপন্ন হয় তেওঁলােকে সাধাৰণতে আন্দোলনৰ পথ লয় । 

জনজাতীয় লােকসকলে কোনাে নির্দিষ্ট পৰিৱর্তনৰ বাবেও সততে আন্দোলনৰ পথ লােৱাৰ পােষকতা কৰে । সাধাৰণতে বিভিন্ন সম্প্রদায়, ধৰ্ম আৰু শ্রেণী ৰক্ষণশীলতা প্রভাৱৰ বাবেও তেনে হােৱা দেখা যায় । উদাহৰণস্বৰূপে জনজাতীয় আন্দোলন গঢ়ি উঠে , সুকীয়া ৰাজ্য গঠনৰ দাবীত ৰাজ্যখণ্ডৰ জনজাতিৰ বাবে । বিছা মুণ্ডাৰ নেতৃত্বতে মুণ্ডা জাতি এই জনজাতীয় আন্দোলন গঢ়ি উঠিছিল । মুণ্ডা জনগােষ্ঠীটোত ‘ বিছাক’ভগবান জ্ঞান কৰিছিল । তেওঁৰ প্রচেষ্টাতে খ্রীষ্টান জাতিলৈ ধর্মান্তৰিত হােৱা বহুতাে মুণ্ডা জনজাতীয় লােকক পুনৰ হিন্দু ধৰ্মলৈ ধর্মান্তৰিত কৰিছিল । তেওঁলোেক অতি গােড়া হিন্দু আছিল ।

প্রশ্ন ৫। ভাৰতৰ স্বাধীনতাৰ পূৰ্বে আৰম্ভ কৰা সামাজিক আন্দোলনবােৰ প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ আগতে হােৱা সামাজিক আন্দোলনবােৰৰ প্রধান বৈশিষ্ট্যবােৰ– 

( ১ ) প্রথম আৰু প্রধান বৈশিষ্ট্য হ’ল হিন্দু ধর্মক জাতিৰ বাবে পুনৰ প্রতিষ্ঠা কৰা , কাৰণ হিন্দুসকলে মুছলমান আৰু ব্রিটিছ শাসকসকলৰ পৰা এটা সাংঘাটিক প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছিল । 

( ২ ) মহিলাসকলক , হৰিজনসকলক আৰু শােষিত জাতিবােৰক উন্নত কৰা যাতে তেওঁলােকৰ এটা আন জাতিৰ দৰে এটা ভাল জীৱন যাপন কৰিব পাৰে । 

( ৩ ) এই আন্দোলনে আগৰ পৰম্পৰাগত আদর্শ আঁতৰাব বিচাৰে আৰু নতুন পদ্ধতি প্রতিষ্ঠা কৰিব বিচাৰে । 

( ৪ ) এই আন্দোলনে আগৰ জাতিভেদ প্রথাৰ বান্ধোন চিঙি পেলাব বিচাৰে আৰু সমতাৰ মনােভাব প্রতিষ্ঠা কৰি সমাজত এটা ভ্রাতৃত্বভাবৰ পৰিৱেশ গঢ়ি তুলিব বিচাৰে । 

( ৫ ) এই আন্দোলনে ভাৰতবাসীৰ মাজত সহানুভূতি ভাব , সহনশীলতা , ভ্রাতৃত্বভাব আদি গঢ়ি তুলিব বিচাৰে । 

প্রশ্ন ৬। চিপকো ( Chipko ) আন্দোলনৰ বিষয়ে এটি আভাস দিয়া । নাইবা , এটা পৰিবেশতান্ত্রিক আন্দোলনৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ চিপকো আন্দোলন ১৯৭০ চনত , উত্তৰা খণ্ডৰ পার্বত্য অঞ্চলত আৰম্ভ হৈছিল । সেই অঞ্চলত বনাঞ্চল হ’ল অঞ্চলটোৰ অধিবাসীসকলৰ জীৱিকাৰ একমাত্র উপায় । জনসাধাৰণে বনাঞ্চলৰ পৰাই বিভিন্ন বস্তু সংগ্রহ কৰি জীৱন নির্বাহ কৰে । চৰকাৰে সেই বনাঞ্চলখন ঠিকাদাৰক ঠিকা ভিত্তিত তাৰ গছকটা ঠিকা দিয়ে ৰাজহ আদায়ৰ বাবে । ঠিকা লােৱা বাবে , গ্রামাঞ্চলৰ কোনাে লােকক বনাঞ্চলখনত খৰি – খেৰ আৰু আন সামগ্রী সংগ্রহ কৰা বন্ধ কৰে । এই কথাত চাৰিওফালৰ গাঁওবাসী জাগ্ৰত হৈ সংগ্ৰাম আৰম্ভ কৰে । যেতিয়া ঠিকাদাৰৰ মানুহ গছ কটাৰ বাবে বনাঞ্চলত সােমাই চাৰিওফালৰ হাজাৰ হাজাৰ গাঁওবাসী পুৰুষ – মহিলা , ল’ৰা – ছােৱালী আহি কর্মস্থলীত গছবােৰ সাবটি ধৰি ৰাখি গছ কটা বন্ধ কৰে । 

নাৰীসকল , ল’ৰা – ছােৱালী সকলােৱে সমানে এই আন্দোলনত যােগদান কৰিছিল । বিখ্যাত পৰিবেশবিদ সুন্দলাল বহুগুণাও এই আন্দোলনত যােগ দিছিল । এই আন্দোলনত সমগ্র গাঁওবাসীয়ে গছৰােৰ সাৱটি ধৰি ৰক্ষা কৰিছিল সেই কাৰণে এই আন্দোলনক চিপকো ( সাৱটি ধবা ) আন্দোলন বােলে । এই আন্দোলন ফলৱতী হৈছিল কাৰণ অৱশেষত চৰকাৰে এই আঁচনি বন্ধ কৰি দিছিল । 

প্রশ্ন ৭৷ নতুন সামাজিক আন্দোলন আৰু পুৰণি সামাজিক আন্দোলনৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ পার্থক্যবােৰ হ’ল— 

( ১ ) সাধাৰণতে পুৰণা সামাজিক আন্দোলনবােৰ ৰাজনৈতিক দলৰ নেতৃত্বত কার্যাবলী পৰিচালনা কৰে । কিন্তু নতুন সামাজিক আন্দোলনবােৰে সমাজত ক্ষমতাৰ বিতৰণ ব্যৱস্থাৰ পৰিবর্তন বিচৰটো লক্ষ্য নহয় কাৰণ তেওঁলােক এটা পৰিষ্কাৰ পৰিবেশত কাম কৰিব বিচাৰে । 

( ২ ) পুৰণা সামাজিক আন্দোলনবােৰে সমাজৰ পৰা কু – সংস্কাৰবােৰ আঁতৰাব বিচাৰে আৰু সমাজৰ পৰা শােষণ নির্মূল কৰিব খােজে । কিন্তু নতুন সামাজিক আন্দোলনে এখন উন্নত মানব সমাজ গঢ়ি উন্নত জীৱন ধাৰণৰ মান প্রতিষ্ঠা কৰিব বিচাৰে । 

( ৩ ) পুৰণি সামাজিক আন্দোলনত ৰাজনৈতিক দলৰ ভূমিকা আন্দোলন কেন্দ্রবিন্দু , সকলাে । কাম ৰাজনৈতিক দলে পৰিচালনা কৰে , কিন্তু আধুনিক বা নতুন সামাজিক আন্দোলনবােৰ সাধাৰণতে ৰাজনৈতিক দলৰ পৰা আঁতৰি থাকে । তেওঁলােকে বাহিৰত থাকি চৰকাৰৰ ওপৰত চাপৰ সৃষ্টি কৰে । 

প্রশ্ন ৮। সামাজিক আন্দোলনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ( ১ ) সামাজিক আন্দোলন সদায়ে সমাজ বিৰােধী । 

( ২ ) সামাজিক আন্দোলনবােৰে পৰিকল্পিত আৰু ইচ্ছাকৃতভাবে কৰা ৷ 

( ৩ ) তেওঁলােকৰ প্রধান উদ্দেশ্য হ’ল সমাজ সংস্কাৰ সাধন কৰা । 

( ৪ ) এই আন্দোলনত সমূহীয়া প্রচেষ্টা অতি আবশ্যক কাৰণ এজন লােকে গাইগুটিয়াভাৱে সমাজত কোনাে পৰিৱৰ্তন আনিব নােৱাৰে । 

প্রশ্ন ৯। বৈপ্লবিক আন্দোলনৰ বৈশিষ্ট্যবােৰ কি ? 

উত্তৰঃ বৈপ্লৱিক আন্দোলনৰ কিছুমান বৈশিষ্ট্য থাকে । তলত কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা হ’ল–

( ১ ) বিপ্লৱী আন্দোলনে সদায়ে নতুন পদ্ধতি এট্য প্রতিষ্ঠা কৰিব বিচাৰে । 

( ২ ) বিপ্লৱী আন্দোলনত উগ্র – আতংকমূলক , দমনমূলক নীতি অৱলম্বন কৰা হয় । 

( ত ) এই আন্দোলনে স্বেচ্ছাচাৰী শাসকৰ শাসন উচ্ছেদ কৰিব বিচাৰে । 

( ৪ ) বিপ্লৱী আন্দোলন হঠাৎ উৎপত্তি হয় আৰু ইয়াৰ গতি অতি তীব্রতৰ হয় । 

প্রশ্ন ১০। পৰিবেশতান্ত্রিক ( environmental ) আন্দোলন বুলিলে কি বুজা ? উদাহৰণসহ আলােচনা কৰা । 

উত্তৰঃ যােৱা দুটা দশকত ভাৰতবৰ্ষত অনিয়ন্ত্রিতভাৱে প্রাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে । নতুন নতুন প্রয়ােজনত পূর্বৰে পৰা কমি অহা প্রাকৃতিক সম্পদৰ ওপৰত মানুহৰ প্রয়ােজন বহুতাে বৃদ্ধি পাইছে । আনহাতে উন্নয়নৰ উদ্দেশ্যে চৰকাৰ আৰু জনসাধাৰণে প্ৰকৃতিৰ পৰা সম্পদ আহৰণত উঠি পৰি লাগিছে । এনেবােৰ কাৰণতে মাটি , পানী , অৰণ্য ভূমি আদি আহৰণৰ বাবে জনসাধাৰণৰ মাজত এক সামাজিক আন্দোলনৰ সৃষ্টি হৈছে । এনে পাৰিবেশিক আন্দোলনকে পৰিৱেশ ( ecological ) আন্দোলন বােলে । 

আমাৰ ভাৰতৰ এনে বহুতাে পৰিবেশ আন্দোলনৰ উদাহৰণ দিব পাৰি । যেনে– হিমালয়ৰ পাদদেশৰ চিপকো’আন্দোলন , নির্মদা বাচাও ‘ আন্দোলন । 

প্রশ্ন ১১। দলিত আন্দোলনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ ‘দলিত’ এই শব্দটো সাধাৰণতে হিন্দী , মাৰাঠা বা গুজৰাটী আদি ভাষাত ব্যৱহাৰ কৰা হয় । এই শব্দটোৰ দ্বাৰা দৰিদ্র ; নিষ্পেষিত লােকসকলক বুজোৱা হয় । দলিতসকল সমাজৰ আটাইতকৈ নিম্নস্তৰৰ লােক বুলি গণ্য কৰা হয় । এই সকল লােক প্রাচীন কালৰে পৰা বিভিন্ন । ধৰণে শােষণৰ বলি হােৱাৰ উপৰি অন্যান্য অধিকাৰৰ পৰাওঁ বঞ্চিত হৈ আহিছে । তেওঁলোকৰ জীবন দুখ – কষ্ট , অসন্মান , অৱজ্ঞা আৰু দৰিদ্ৰতাৰে ভৰপূৰ । ভাৰতত আদিতে এই শ্ৰেণীৰ লােকক উচ্চ শ্ৰেণীৰ লােকে ইচ্ছাকৃতভাৱে দমনমূলক আৰু অবহেলাৰ দৃষ্টিৰে চাইছিল । দলিত আন্দোলন হ’ল মানুহ হিচাপে স্বীকৃতি পােৱাৰ আন্দোলন । 

আত্মবিশ্বাস আৰু স্বনিয়ন্ত্রণ প্রতিষ্ঠা আন্দোলন । দলিতসকলৰ এই সংগ্রাম হ’ল অস্পৃশ্যতাৰ দাগ মােচনৰ সংগ্ৰাম আৰু নিজকেম্পৃশ্য কৰাৰ সংগ্ৰামহে । এই আন্দোলনৰ উমৈহতীয়া প্রত্যাশাবােৰ হ’ল — সম অধিকাৰ , সম মর্যাদা আৰু আত্মসম্মান প্রতিষ্ঠা লাভৰ আন্দোলন । এই আন্দোলনৰ উদ্দেশ্য হল উচ্চ জাতিয়ে তেওঁলােকৰ প্ৰতি থকা দেখুওৱা অস্পৃশ্যতাৰ মনােভাৱ , দমনমূলক , অৱজ্ঞাৰ ভাব নােহােৱা কৰা । এই আন্দোলন ভাৰতৰ কিছুমান নগৰ – চহৰত চলি থকা দেখা যায় । এওঁলােকৰ শিক্ষিত আৰু সচেতন লােকসকল ঐক্যবদ্ধ হৈ নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজনৈতিক আৰু সামাজিকভাৱে মুক্তিকামী আন্দোলন কৰিবলৈ আগবাঢ়ি আহিছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top