Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন

Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন and select needs one.

Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবর্তন Solutions for All Subject, You can practice these here…

বিশ্বায়ন আৰু সামাজিক পৰিবর্তন

পাঠ: ৬

দ্বিতীয় খণ্ড

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। তােমালােক ভাললগা যিকোনাে এটা বিষয় বাছি লােৱা আৰু সেই বিষয়ত গােলকীকৰণৰ প্ৰভাৱৰ বিষয়ে আলােচনা কৰা । বােলছবি , চাকৰি , বিয়া – বাৰু বা তেনে কোনাে বিষয় ল’ব পাৰা । 

নাইবা , গােলকীকৰণ আৰু নিৱনুৱা সমস্যা বা কর্ম সংস্থাপনৰ সম্পর্ক কি আলােচনা কৰা । নাইবা,সামাজিক পৰিবৰ্তনত গােলকীকৰণৰ প্ৰভাৱৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ গােলকীকৰণ প্রক্রিয়াই আমাৰ ভাৰতীয় নগৰিকৰ সমাজ জীৱনৰ সকলাে দিশ চুই গৈছে । বর্তমান আমাৰ ভাৰতত সমাজ জীৱনত আটাইতকৈ প্ৰভাৱশালী সমস্যা হৈছে নিবনুৱা সমস্যা । সেই কাৰণে মই নিবনুৱা বা চাকৰিৰ ক্ষেত্ৰত গােলকীকৰণ প্রভাব কি তাক আলােচনা কৰিম । 

নিৱনুৱা আৰু গােলকীকৰণ :- গােলকীকৰণৰ লগত নিৱনুৱা সমস্যা বা সংস্থাপন অতপ্রতােভাৱে জড়িত হৈ থকা দেখা যায় । গােলকীকৰণৰ যদিও বহুতাে অন্যায়কাৰী দোষ আছে কিছুমান উপকাৰী গুণও আছে । গােলকীকৰণে নিৱনুৱা সমাজত জৰ্জৰিত বহুতাে দেশক উদ্ধাৰ কৰা দেখা যায় । গােলকীকৰণৰ ফলত আমাৰ ভাৰতলৈ বহুতাে বিদেশী বিনিয়ােগকাৰীৰ আগমন হৈছে । এই পূজিপতিসকলে ভাৰতত বহুতাে বৃহত্তম কল – কাৰখানা প্রতিষ্ঠা কৰি ভাৰতত অর্থনৈতিক উন্নয়নৰ পথ মুকলি কৰিছে । প্রযুক্তি আৰু কাৰীকৰি বিজ্ঞানে আজি ভাৰতৰ হাজাৰ হাজাৰ শিক্ষীত যুবক – যুবতীক বিভিন্ন চাকৰি বাকৰিত সংস্থাপন দিবলৈ সক্ষম হৈছে । কমপিউটাৰ , ইণ্টাৰনেট আদি কাৰীকৰি বিজ্ঞানৰ বিভিন্ন ইলেক্ট্রনিক মাধ্যমৰ বাবে । ভাৰতত বহুতাে যুবক – যুবতীয়ে বিভিন্ন কাম কাযত নিয়ােজিত হ’বলৈ সুবিধা পাইছে । 

গােলকীকৰণে কৃষিৰ ক্ষেত্ৰতাে আধুনিক প্রযুক্তিবিদ্যাৰ যােগেদি কৃষি উৎপাদন যথেষ্ট বৃদ্ধি কৰিছে । গ্রাম্যাঞ্চলতাে বর্তমান নিবনুৱাৰ সংখ্যা কমি আহিছে । বর্তমানে এই গােলকীকৰণৰ বাবেই মানুহৰ খাদ্যাভ্যাসৰ পৰিবৰ্তন হৈছে । হােটেল ৰেষ্টুৰেণ্টৰ সংখ্যা বাঢ়িছে , কম শিক্ষীত যুৱক – যুৱতী এনে কামত সংস্থাপন পাবলৈ সহজ হৈ পৰিছে । মুঠতে গােলকীকৰণৰ দ্বাৰা আমাৰ ভাৰতত কর্মসংস্থানৰ বাবে আমাৰ নিবনুৱা সমস্যাৰ কিছু পৰিমাণে হ’লেও লাঘৱ হৈছে বুলি কব পাৰি । 

প্রশ্ন ২। গােলকীয় অর্থনীতিৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰােৰ কি ? আলােচনা কৰা । 

উত্তৰঃ গােলকীকৰণ এনে এক পদ্ধতি যাৰ দ্বাৰা এখন দেশৰ অর্থনীতি আন এখন দেশৰ অর্থনীতিৰ লগত সংলগ্নিত হয় । আন কথাত কবলৈ হ’লে এখন দেশৰ সামগ্রী , সেৱা , মূলধন , আৰু শ্ৰম আন এখন দেশৰ লগত অবাধ বিনিময় হােৱাকে গােলকীকৰণ বুলি জনা যায় । বিভিন্ন দেশৰ অর্থনীতিবােৰে পৰম্পৰৰ লগত এইদৰে সম্পৰ্কলৈ আহে । এই ব্যৱস্থাৰে দেশবােৰৰ মাজত মুক্ত বাণিজ্যিক বিনিময় ব্যৱস্থা গঢ়লৈ উঠে । এইদৰে বিভিন্ন অর্থনীতি ঐক্যবদ্ধ হােৱা পদ্ধতিকে গােলকীকৰণ বােলে । এইদৰে গােলকীকৰণৰ দ্বাৰা গােটেই পৃথিৱীখন এখন গাঁৱত পৰিণত হৈ পৰিছে । 

গােলকীকৰণ অর্থনীতিৰ বৈশিষ্ট্যসমূহ :-  

( ১ ) গােলকীকৰণ অর্থনীতি মুক্ত বাণিজ্যিক অর্থনৈতিক তত্ত্বৰ ওপৰত নিৰ্ভৰশীল । মুক্ত বাণিজ্যই প্রতিদ্বন্দিতা আৰু সক্ষমতাক উৎসাহ প্রদান কৰে । নিয়ন্ত্রিত অর্থনীতিত এই ব্যৱস্থাবােৰ নাথাকে । বেছি কাম কৰাৰ সক্ষমতাই সেৱা সমতা বৃদ্ধি কৰাত সহায় কৰে । 

( ২ ) গােলকীকৰণ অর্থনীতিৰ যিকোনাে দেশ অর্থনৈতিক ব্যৱস্থাতে বেছি বৈদেশিক বিনিয়ােগ হােৱা দেখা যায় । 

( ৩ ) অনিয়ন্ত্রীত বৈদেশিক মূলধন আৰু সামগ্ৰীৰ গতিৰ বাবে মুক্ত বাণিজ্যিক নীতি ব্যৱহাৰ কৰা হয় । ইয়াত এইটো চিন্তা কৰা হয় যে এই ব্যৱস্থায় তৃতীয় বিশ্ব অর্থনীতিক সহায় কৰিব । 

( ৪ ) গােলকীকৰণে সাধাৰণতে দেশসমূহত দেখা দিয়া সাংঘাটিক নিবনুৱা সমস্যাৰ বা দৰিদ্ৰতাৰ সমস্যাৰ সমাধান কৰাত সহায় কৰে । গােলকীকৰণে সংস্থাপনৰ বা নিযুক্তিৰ সা সুবিধা বৃদ্ধি কৰাত সহায় কৰে । এইদৰে দেশৰ অর্থনৈতিক উন্নয়নত সহায় কৰে । 

( ৫ ) গােলকীকৰণে বিভিন্ন দেশৰ অৰ্থনীতিৰ ঐক্য স্থাপনত সহায় কৰে আৰু সামাজিক ন্যায় প্রতিষ্ঠাৰ সমস্যা সমাধানত সহায় কৰে । কিছুমান মানুহে ভাবে যে অর্থনীতিৰ উদাৰীৰণে বঞ্চিত গােটক বহুতে সা – সুবিধা দিব পাৰে । 

( ৬ ) বিভিন্ন দেশৰ মাজত বিনিময় বৃদ্ধি পায় গােলকীকৰণ অর্থনীতিতহে আৰু ইয়ে বিশ্বশান্তি স্থাপনত সহায় কৰে । 

প্রশ্ন ৩। সংস্কৃতিত গােলকীকৰণৰ প্ৰভাৱৰ বিষয়ে চমকৈ আলােচনা কৰা । নাইবা , আমাৰ স্থানীয় সংস্কৃতিৰ ওপৰত গােলকীকৰণৰ প্ৰভাৱ কেনে ধৰণে পৰিছে  আভাস দিয়া ।

উত্তৰঃ গােলকীকৰণৰ দ্বাৰা বিভিন্ন প্রকাৰে আমাৰ সংস্কৃতি বিঘ্নিত হৈছে । যুগ যুগ ধৰি ভাৰতবৰ্ষই , সাংস্কৃতিক প্রভাৱৰ প্রতি এক মুক্ত দৃষ্টিভংগী লৈ আহিছে । এই কাৰণতে ভাৰতীয়  সংস্কৃতিয়ে আজি সমৃদ্ধিশালী হৈ উঠিব পাৰিছে । যােৱা দশকবােৰত আমি সংস্কৃতিত কিছুমান গুৰুত্বপূৰ্ণ পৰিবর্তন দেখিবলৈ পাই আমাৰ ভয় হৈছে , যে আমাৰ স্থানীয় সংস্কৃতিবােৰক গােলকীকৰণ সংস্কৃতিয়ে গ্রাস কৰি পেলাব নেকি ? আমি আগৰে পৰা সকলােৱে জানাে যে নাদৰ ভেকুলীৰ দৰে আমি চাৰিবেৰৰ মাজত থাকি থাকি বাহ্যিক জগতখনলৈ আমাৰ প্ৰায়ে সন্দেহ ওপজে । অৱশ্যে সৌভাগ্যবশতঃ আমি আগৰে পৰা এটা পৰম্পৰাগত মুকলি মন লৈ আছে যাৰ বাবে আমাৰ মাজত উত্তপ্ত বির্তক আৰু আলােচনা বিভিন্ন বিষয়ত হয় কিৰাজনীতি , অর্থনীতি বা সামাজিক পৰিবৰ্তন , ফেচন , সাজ – পাৰ পিন্ধন – উৰণ , চলচিত্র , কথাচবি , গীত মাত , ভাষা , দৈহিক ভঙ্গীম আদি বিষয়ে সজোৰে যুক্তি আগবঢ়োৱা হয় । বহুতাে সমাজ সংস্কাৰকে , আগৰ ১৯ শতিকাৰ জাতীয়তাবাদীসকলে সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে নানা বিতুর্কত লিপ্ত হৈছিল । এই বিষয়বােৰ আজিৰ যুগতাে কিছুমান একে আৰু কিছুমান বেলেগ । এই বেলেগ খিনিয়ে হৈছে পৰিবর্তন মাপ – কাঠী আৰু পৰিবৰ্তনৰ গভীৰতা । 

প্রশ্ন ৪। গােলকীকৰণ কি ? বহুজাতিক কোম্পানীবােৰে প্ৰচলন কৰা ই কেৱল বজাৰ আঁচনি নেকি ? অথবা ই সংস্কৃতিৰ প্রকৃত সংশ্লেষণ ( synthesis ) নেকি ? আলােচনা কৰা । 

উত্তৰঃ গােলকীকৰণ পদ্ধতিয়ে গােলকীয় স্থানীয়ৰ লগত মিশ্রিত কৰা কথাক বুজায় । ই সম্পূর্ণ ধাৰাবাহিকো নহয় । নাইবা ই সম্পূর্ণৰূপে গােলকীকৰণৰ বাণিজ্যিক স্বার্থৰ পৰা সম্পূর্ণ বিচ্ছিন্নও নহয় । গােলকীকৰণ প্ৰকৃততে বহুজাতিক কোম্পানীবােৰে বলবৎ কৰা এক বজাৰ কৌশল বুলিয়ে ক’ব পাৰি । 

( ক ) গােলকীকৰণ শব্দটোৱে স্পষ্টকৈ উল্লেখ কৰিছে যে ইয়াৰ পৰিসৰ সীমিত এটা অঞ্চলৰ বা এলেকাৰ ভিতৰত । 

( খ ) গােলকীকৰণ সাধাৰণতে এক বজাৰ কৌশল , যিটো বহুৰাষ্ট্রীয় কোম্পানীবােৰে স্থানীয় বংশধৰ সকলৰ লগত বলবৎ কৰে । 

( গ ) যিটো আমি আমাৰ দেশত দেখিবলৈ পাইছাে — সকলােবােৰ টেলিভিচন ( দূৰদৰ্শণৰ ) চেনেলে যেনে— Cartoon Network আদিয়ে ভাৰতীয় ভাষা ব্যৱহাৰ কৰে । 

( ঘ ) মেকডােনাল্ড কোম্পানীয়ে ভাৰতত কেৱল নিৰামিষ আৰু কুকুৰাৰ সামগ্রী বিক্রি কৰে কিন্তু তেওঁলােকৰ গােমাংস সামগ্রী বিক্রি নকৰে । আনহাতে নবত্রি উৎসৱত কোম্পানীটোৱে নিৰামিয় চলায় । এই কার্যবােৰ বজাৰ কৌশলত বাহিৰে আন একো নহয় । 

গােলকীকৰণৰ আৰু সাংস্কৃতিৰ মাজত অন্য এটা দিশ ক্রমান্বয়ে স্পষ্ট হৈ পৰিছে সেইটো হৈছে পৰম্পৰাগত থলুৱা শিল্প , কলা কৌশল , সাহিত্য সম্ভাৰ তথা স্থানীয় জ্ঞানভাণ্ডাৰৰ ওপৰত গােলকীকৰণৰ আওপকীয়া প্ৰভাৱ । 

গােলকীকৰণৰ আগতেই বিদেশী শাসনে আমাৰ সমাজত পৰিবৰ্তন আনিছে । সেইবােৰেও আমাৰ পৰম্পৰাগত সংস্কৃতিত আৰু বৃত্তিত আঘাত হানিছিল । মুম্বাই বস্ত্র কলৰ বহু শ্রমিকে কর্ম সংস্থান হেৰুৱাইছিল । বিদ্যুৎচালিত তাঁত শালৰ লগত ফেৰ মাৰিব নােৱাৰি চিৰচিল্লা আৰু মেডক গাঁওৰ বহুতাে শিপিনীয়ে আত্মহত্যা কৰিছিল । 

মুঠতে আওপকীয় ভাবে গােলকীকৰণে , বহু – ৰাষ্ট্রীয় কোম্পানীবােৰৰ দ্বাৰা পৰম্পৰাগত ভাবে যুগ যুগ ধৰি গঢ়ি তােলা , সংস্কৃতি , প্রযুক্তি , থলুৱা জ্ঞান আদিৰ ওপৰত আওপকীয়া ভাবে হলেও আঘাত হানিছে । মুঠতে গােলকীকৰণে আমাৰ জীৱনত কিদৰে বিচিত্র আৰু জটিল ৰূপত প্রভাব বিস্তাৰ কৰিছে সেয়া এই সংক্ষিপ্ত আলােচনাৰে সম্যকৰূপে দিয়াতাে সম্ভব নহয় । 

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বিশ্ব বাণিজ্যিক সংস্থা ( WTO ) কি ? 

উত্তৰঃ বিশ্ব বাণিজ্যিক সংস্থা ( World Trade Organisation ) এটা আন্তর্জাতিক সংস্থা , যিটো ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবােৰে ১৯৫৫ চনত প্রতিষ্ঠা কৰিছিল । এই সংস্থাই ইয়াৰ বিভিন্ন নীতি নিয়মৰ মাজেৰে আন্তৰাষ্ট্ৰীয় বাণিজ্য আৰু সেৱা নিয়ন্ত্রণ কৰে । 

প্রশ্ন ২। গােলকীকৰণ গাঁও বুলিলে কি বুজা ? 

উত্তৰঃ আজিকালি আন্তর্জাতিক কোম্পানীবােৰে পৃথিৱীৰ সকলাে দেশতে কোম্পানী প্রতিষ্ঠা কৰিছে । তেওঁলােকৰ বাণিজ্যিক বিকাশ আৰু সম্পর্ক গঢ়ি তােলাৰ বাবে । গতিকে গােলকীকৰণে পৃথিৱীখনক এখন গাঁওৰ দৰে সৰু কৰি পেলাইছে । ইয়াক গােলকীকৰণ গাঁও বােলে । 

প্রশ্ন ৩। উদাৰীকৰণ কি ?

উত্তৰঃ নিয়ন্ত্রীত অর্থনীতিৰ অপ্রয়ােজনীয় বাধা – নিষেধবােৰ আতৰ কৰাকে উদাৰীকৰণ বােলে । উদ্যোগ আৰু বাণিজ্য চৰকাৰে কিছুমান বাধা – নিষেধ আৰােপ কৰে । এই বাধা নিষেধ আতােৰােৱাকে উদাৰীকৰণ বােলে । 

প্রশ্ন ৪। ৰাষ্ট্ৰজোৰা ( Transnational ) কোম্পানী মানে কি ? 

উত্তৰঃ ৰাষ্ট্ৰজোৰা কোম্পানী মানে যিবােৰ কোম্পানীয়ে এখনতকৈ বেছি দেশত সামগ্রী উৎপাদন কৰে আৰু বজাৰিকৰণ কৰে বা বেচা – কিনা কৰে তাকে ৰাষ্ট্ৰজোৰা কোম্পানী বােলে । এইবােৰ কিছুমান সৰু সুৰা কোম্পানী এওঁলােকৰ এটা বা দুটা ফেক্টোৰী থাকে । এইবােৰ কোম্পানীয়ে বিশ্বজোৰা বাণিজ্যও কৰে ।

প্রশ্ন ৫। দুটা বৈদেশিক চেনেলৰ নাম লিখা যি দুটাই ভাৰতত সম্প্রচাৰ চলায় । 

উত্তৰঃ M.T.V . আৰু Star T.V . ।

প্রশ্ন ৬। নিগম সংস্কৃতি কি ? 

উত্তৰঃ নিগম সংস্কৃতি হ’ল পৰিচালনা তত্ত্বৰ এটা শাখা । যিয়ে ইয়াৰ উৎপাদন আৰু প্রতিদ্বন্দীতা বৃদ্ধি কৰিব বিচাৰে উৎকৃষ্ট সাংগঠকিন সংস্কৃতিৰ মাজেৰে । 

প্রশ্ন ৭। গোলকীকৰণৰ দুটা সামাজিক প্রভাব উল্লেখ কৰা ।

উত্তৰঃ প্রভাব দুটা হ’ল–

( ১ ) পিন্ধন উৰণ আৰু সাজপাৰৰ ফেশ্বনৰ ওপৰত পৰা প্রভাব । 

( ২ ) মানুহৰ খাওঁন – সাওনৰ খাদ্যাভ্যাসৰ পৰিবর্তন ।

প্রশ্ন ৮। কোন দুটা কাৰণত ভাৰত চৰকাৰে নতুন অর্থনৈতিক নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছিল ? 

উত্তৰঃ কাৰণ দুটা হ’ল–

( ১ ) ভাৰতত উদ্যোগিক উৎপাদনৰ হাৰ হ্রাস হোৱা বাবে । 

( ২ ) দূর্নীতি , অদক্ষতা , অকার্যকৰী পৰিচালনা বিশেষকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগত । 

প্রশ্ন ৯। কোন বছৰৰ পৰা চৰকাৰে উদাৰীকৰণ নীতি আৰু গােলকীকৰণৰ নীতি গ্রহণ কৰিছিল ? 

উত্তৰঃ ১৯৯১ চনৰ পৰা । 

প্রশ্ন ১০। গােলকীকৰণে অনা দুটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ গােলকীকৰণৰ সুবিধা দুটা হ’ল–

( ১ ) যােগাযােগৰ দিশত যথেষ্ট সুবিধা লাভ কৰা হৈছে । যেনে- টেলিফোনৰ যথেষ্ট সুবিধা হৈছে । আৰু 

( ২ ) বহুতাে নতুন নতুন খাদ্যৰ আমদানি হৈছে । মানুহৰ খাদ্যভ্যাসৰ পৰিবৰ্তন হৈছে । 

প্রশ্ন ১১। ‘ASEAN’ ৰ সম্পূর্ণ নাম কি ? 

উত্তৰঃ ‘ASEAN’ সম্পূর্ণ নাম হ’ল— “The Association of South East Asian Nations’- দক্ষিণ পূর্ব – এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top