Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ

Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ and select needs one.

Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ Solutions for All Subject, You can practice these here…

ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ

পাঠ: ৫

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। শ্রমিক সংগঠন ( Trade Union ) কি ? 

উত্তৰঃ শ্রমিক সংগঠন সংগঠিত খণ্ডৰ এটা বিশেষ বৈশিষ্ট্য । শ্রমিক স্বার্থ ৰক্ষার্থে ইয়াক সংগঠিত কৰা হয় । 

প্রশ্ন ২। কৰ্পৰেট সংস্কৃতিয়ে কি বুজায় ? 

উত্তৰঃ কৰ্পৰেট সংস্কৃতি হ’ল পৰিচালনা ( Management ) তত্ত্বৰ এটা শাখা যিটোৱে নিজৰ পামখন ( firm ) সকলাে সদস্যকে জড়িত কৰি এটা অদ্বিতীয় সাংগঠনিক সংস্কৃতি সৃষ্টি কৰি উৎপাদন বৃদ্ধি আৰু প্রতিদ্বন্দ্বিতা গঢ়ি তুলিব পাৰে ।

প্রশ্ন ৩। ‘তলাবন্ধ’ আৰু ধর্মঘটৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ ধৰ্মঘটত কৰ্মচাৰীসকলে কর্মস্থলীলৈ নাযায় , কিন্তু তলা বন্ধত পৰিচালকসকলে ( Management ) কর্মস্থানৰ গেট বন্ধ কৰি কৰ্মচাৰীসকলক বাধা প্রদান কৰে । 

প্রশ্ন ৪। বহিঃউৎসৰ সেৱা ( Out sourcing ) মানে কি ? 

উত্তৰঃ বহিঃ উৎসৰ সেৱা মানে কোনাে কাম নিজৰ কোম্পানীত বা ফেক্টৰীত নকৰি কম খৰচত বাহিৰত সৰু কোম্পানীৰ দ্বাৰা কৰিবলৈ দিয়া পদ্ধতিক বুজায় । 

প্রশ্ন ৫। ক্ষুদ্র উদ্যোগবােৰক চৰকাৰে কিদৰে উৎসাহিত কৰিছে ? 

উত্তৰঃ ক্ষুদ্র উদ্যোগবােৰক চৰকাৰে সহায় – সহযােগিতা আগবঢ়াই উৎসাহিত কৰে । সৰু উদ্যোগবােৰত কেঁচামাল কিনাৰ বাবে গৰাকীক সাময়িকভাৱে স্বকালীন আৰু দীর্ঘকালীন ঋণ দিয়াৰ সুবিধা কৰি দিয়ে । ক্ষুদ্র উদ্যোগসমূহক সৰু সৰু যন্ত্রপাতি বা কল – কাৰখানাৰ মেচিন আদি কিনি ‘ চাবচিদি বা ৰেহাই মূল্যত কিনাৰ বাবে চৰকাৰী সাহায্য দিয়াৰ নীতি – নিয়ম আছে । এই উদ্যোগবােৰত উৎপাদিত সামগ্রী বজাৰত বিক্ৰীৰ বাবে বেচা – কিনা বজাৰৰ সুবিধা কৰি দিয়াৰাে ব্যৱস্থা কৰে । 

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ স্বাধীনতাৰ প্ৰথম বছৰবােৰত ঔদ্যোগিকৰণৰ অৱস্থাৰ এটি আভাস দিয়া । 

উত্তৰঃ ভাৰত স্বাধীন হােৱাৰ সময়ত ভাৰতৰ আধুনিক উদ্যোগ আছিল কপাহ , মৰাপাট , কয়লাখনি আৰু ৰেলগাড়ীৰ উদ্যোগ । সেই সময়ত প্রতিক্ষা , পৰিবহণ , যােগাযােগ , বিদ্যুৎশক্তি , খনিজ সম্পদৰ ব্যক্তিগত খণ্ডৰ । স্বাধীনতাব পাচতে মিশ্রিত অর্থনীতিৰ দ্বাৰা কেইটিমান উদ্যোগ কেন্দ্রীয় চৰকাৰৰ হাতত আৰু কিছুমান উদ্যোগ ব্যক্তিগত খণ্ডত ৰখা হৈছিল । চৰকাৰে উদ্যোগ প্রতিস্থাৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছিল । তেনে উদ্যোগবােৰ ভাৰতৰ সকলাে ঠাইতে বিয়পি পৰিছিল । 

স্বাধীনতাৰ পূর্বে উদ্যোগবােৰ সাধাৰণতে বন্দৰ নগৰীবোৰতহে প্রতিষ্ঠা কৰিছিল । যেনে— মাদ্রাজ , বােম্বাই , কলিকতা আদিত । অৱশ্যে পাচতদা , কইম্বাটোৰ , বাঙ্গালােৰ , পুনে , ফৰিদাবাদ , ৰাজকোট আদিতাে প্রতিষ্ঠা হৈছে । পাছত চৰকাৰে ক্ষুদ্র উদ্যোগৰ ক্ষেত্ৰতাে কিছু উদ্যোগ লৈছিল আৰু উৎসাহ উদ্দীপনা যােগাইছিল । এই ক্ষেত্ৰত বনজ সামগ্রী , ষ্টেচনাৰীসামগ্রী , গ্লাছ , কেৰামিক আদি উৎপাদন কৰিছিল । অৱশ্যে ১৯৯১ চনৰ পৰা ২৪ শতাংশ কর্মশক্তি বৃহৎ উদ্যোগত আৰু ৭২ শতাংশ ক্ষুদ্র উদ্যোগত খটুৱা হৈছিল । 

প্রশ্ন ২। গােলকীকৰণ আৰু ঔদ্যোগীকৰণৰ ফলত ভাৰতৰ উদ্যোগসমূহলৈ অহা পৰিবৰ্তনবােৰ কি কি ? 

উত্তৰঃ ( ১ ) ভাৰত চৰকাৰে ১৯৯০ চনৰ পৰা উদাৰীকৰণ নীতি গ্রহণ কৰে । সেই কাৰণে ব্যক্তিগত খণ্ড কোম্পানীবােৰ আৰু বিদেশী অনুষ্ঠানবােৰক চৰকাৰৰ কাৰণে বিনিয়ােগ কৰিবলৈ উৎসাহিত কৰিছিল । 

( ২ ) উদাৰীকৰণৰ কাৰণেই অধিগ্রহণ কৰা হয় । ইয়াৰ উপৰি বহুতাে ভাবতীয় কোম্পানী বহুজাতিক কোম্পানীলৈ পৰিৱৰ্তন কৰা হৈছিল । 

( ৩ ) চৰকাৰে অধিবিনিয়ােগ পদ্ধতিৰে চৰকাৰী খণ্ডৰ বহুতাে বিত্ত অংশ ( Share money ) বিক্ৰী কৰাৰ চেষ্টা কৰে । তেনে কোম্পানীৰ শ্ৰমিকসকলে নিজৰ চাকৰিবােৰ হেৰুৱাৰ ভয়ত এনে কাৰ্যৰ বিৰােধিতা কৰে । প্রথম ৫ বছৰত মডার্ণ ফুড কোম্পানীয়ে ৬০ শতাংশ চাকৰি ব্যক্তিগতকৰণ কৰিছিল । 

( ৪ ) পৃথিৱীজোৰা উদাৰীকৰণ পদ্ধতিৰে বহুতাে কোম্পানীয়ে ক্রমে বহুতাে স্থায়ী চাকৰিয়ালক বাধ্যতামূলক অৱসৰ দি , বহিঃ উৎসৰ পৰা সেৱা কিনাৰ ব্যৱস্থা কৰে । ইয়াৰ ফলতে ডাঙৰ কোম্পানীবােৰত চাকৰিৰ নিৰাপত্তা কমিবলৈ ধৰে । 

প্রশ্ন ৩। খনি শ্ৰমিকসকলে সন্মুখীন হােৱা বিপদ আৰু বিপদাশংকাবােৰ কি কি ? 

উত্তৰঃ মাটিৰ তলৰ বিভিন্ন খনিজ সম্পদৰ উদঘাটনৰ বাবে চৰকাৰে কাম – কাজ নিয়ন্ত্রণ বহুতাে আইন – কানুন কৰিছে যদিও কয়লা খনিত কাম কৰা প্রায় ৫.৫ লাখ শ্রমিকে বৰ বিপদশংকুল অৱস্থাত বহু ঘণ্টা ধৰি মাটিৰ তলত কাম কৰিব লাগে । বহু ক্ষেত্ৰত খনিৰ ভিতৰত বহু ঘণ্টা ধৰি কাম কৰিবলগীয়া হয় । অনেক সময়ত সৰু কোম্পানীবােৰে খনি নীতি – নিয়ম অমান্য কৰি শ্ৰমিকৰ ন্যায্য দাবী পূৰণ নকৰে । উপকণ্টাক্টৰসকলে বহুতাে ক্ষেত্ৰত আকস্মিক দুর্ঘটনাৰ ভাট্টা বা সহায়ক অনুদান দিবলৈ অস্বীকাৰ কৰে । 

খনি শ্ৰমিকসকলে ভূগৰ্ভৰ তলত সাংঘাটিক বিপদসংকুল অৱস্থাত কাম কৰিব লাগে । কেতিয়াবা বানপানী , ভূকম্পন , অগ্নিকাণ্ড , ওপৰৰ ভূঋলন , গেছ নির্গমন , ভেন্টিলেচন বিফল হােৱা , বহুতাে শ্ৰমিকৰ মৃত্যু পর্যন্ত হােৱা দেখা যায় । মাটিৰ তলৰ শ্ৰমিকৰ উপৰি ওপৰত কাম কৰা শ্ৰমিকৰ বহুতাে কষ্ট আৰু বিপদৰ আশংকা বহুত বেছি দেখা যায় । ভাৰতৰ খনি দুর্ঘটনা শতকৰা হিচাপ আন দেশৰ তুলনাত বেছি ।

প্রশ্ন ৪। শ্ৰমিকৰ ওপৰত ঔদ্যোগীকৰণৰ নেতিবাচক প্রভাব কি ? 

উত্তৰঃ ঔদ্যোগিক সমাজত সাধাৰণতে নেতিবাচক প্রভাৱ পৰাটো স্বাভাৱিক কথা আছিল । বৃটিছৰ শাসন কালৰে পৰা ফেক্টৰি , উদ্যোগৰ শ্রমিক শােষণ কৰা হৈছিল । খুব কম মজুৰিত হাড় ভগা শ্রমদান কৰিবলগা হৈছিল । ঠিকাদাৰসকলেহে শ্রমিকক কামত খটুৱাইছিল । শ্ৰমিকসকল কোনাে অঞ্চল বা ৰাজ্যৰ পৰা কোনাে বিশেষ সম্প্রদায়ৰ পৰাহে আহিছিল । বর্তমান পৰিচালনা ব্যৱস্থা ( Management ) নাইবা ইউনিয়ন আদিয়েহে তেওঁলােকৰ নিজৰ দল বা সম্প্রদায়ৰ শ্রমিকক নিযুক্ত কৰে । 

নির্মাণ কার্য বা ইটাভাটাৰ শ্ৰমিকসকলক ঠিকাদাৰসকলে কোনাে ৰাজ্যৰ কোনাে অঞ্চলত গাঁৱত গৈ কামৰ ধ্বৰ দি , কাম বিচৰাসকলক ধন ঋণ হিচাপে আগতীয়াকৈ পৰিবহণৰ বাবে অগ্রীম দিব লাগে । এই ঋণ শেষ নােহােৱালৈ চুক্তি হিচাপে কাম কৰিব লাগে । মুঠতে অগ্রীম হিচাপে দিয়া টকাৰ বাবে কাম কৰি শেষ কৰি দিব লাগে অর্থাৎ বন্ধা খাটিব লাগে । বহুতাে ক্ষেত্ৰত শ্ৰমিকসকলৰ কাম কৰাৰ পৰিৱেশৰ প্রতি মালিকসকলে বেছি সুবিধা দিয়া দেখা নাযায় । 

প্রশ্ন ৫। কি দৰে ঔদ্যোগীকৰণে সমাজত বেছি সমতা আনে ? 

উত্তৰঃ ( ১ ) ঔদ্যোগীকৰণ পদ্ধতিয়ে কোনাে ধৰণে ৰেলগাড়ী , বাছগাড়ী নাইবা চাইবাৰ কাফে আদিত জাতি ভেদ পার্থক্য গণ্য নকৰে , সকলােকে সমান বুলি গণ্য কৰে । 

( ২ ) নতুনকৈ গঢ় লৈ উঠা ফেক্টৰী নাইবা কর্মসংস্থানবােৰত সামাজিক সমতাবােৰ যথেষ্ট পৰিমাণে কমি আহিছে । জাত – পাত , উচ্চ – নীচ প্রকট হৈ উঠা দেখা নাযায় । 

প্রশ্ন ৬। ‘গৃহ ভিত্তিক কর্ম’ ( Home based ) অর্থনীতিৰ এক গুৰুত্বপূর্ণ অংশ । বিড়ি উদ্যোগৰ উদাহৰণ দি ব্যাখ্যা কৰা । 

উত্তৰঃ অর্থনীতিৰ গুৰুত্বপূর্ণ অংশ হিচাপে গৃহভিত্তিক কর্মই লাখতকৈ বেছি উৎপাদক , ঘৰবােৰত দেখা যায় –যেনে ,জাৰী , কাঠমিস্ত্রি , কুমাৰ , বিড়ি , ধুমপান আদি । 

উদাহৰণ স্বৰূপে – বিডি ফেক্টৰীৰ উল্লেখ কৰিব পাৰি । 

( ১ ) অৰণ্য প্রতিৱেশী গাঁওবােৰত বিড়ি ফেক্টৰী গঢ়লৈ উঠে । অৰণ্যৰ কাষৰ গাঁওবােৰৰ বাসিন্দাসকলে ‘ টেন্দুৰ ’ ( tendu ) পাত ( leaves ) বুটলি আনি বন বিভাগক নাইবা ব্যক্তিগত ঠিকাদাৰসকলক বিক্রী কৰে । 

( ২ ) একোজন লােকে প্রতি দিনে ১০০ বান্দুল ( ৫০ পাতৰ ) বুটলিব পাৰে । এই টেদ্ৰপাত চৰকাৰে বিড়ি ফেক্টৰীৰ মালিকক ডাকত বিক্রী কৰে । 

( ৩ ) ঠিকাদাৰসকলে গৃহভিত্তিক কর্মীসকলক ‘ টামাখা ’ বা চাধা আৰু টেন্দুৰ পাত যােগান ধৰে কৰ্মীসকলে বিশেষকৈ মহিলা কর্মীসকলে বিড়িবােৰ ঘৰতে হাতেৰে পকায় । ঠিকাদাৰসকলে এই বিড়ি সংগ্রহ কৰি উৎপাদকসকলক বিক্রী কৰে । উৎপাদকসকলে বিড়িবােৰ পেকেট কৰি বাদুল কৰি নিজৰ লেবেল লগাই বজাৰত বিক্ৰী কৰি লাভবান হয় । বিতৰকসকলে বিভিন্ন  বেপাৰীক বিক্রী কৰে । 

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। ঔদ্যোগীকৰণ বুলিলে কি বুজা ? সমাজত দেখা দিয়া ঔদ্যোগীকৰণৰ ফলাফলৰ এটি বিৱৰণ দিয়া । 

উত্তৰঃ ঔদ্যোগীকৰণ কি ? :- ১৮ শতিকাৰ মাজ ভাগৰ পৰা পৃথিৱীৰ সকলাে প্রগতিবাদী সমাজৰে বিশেষভাৱে ইপ্সিত লক্ষ্য আৰু উদ্দেশ্য হ’ল ঔদ্যোগীকৰণ । ক্রমে বর্ধিত সমাজখনৰ বর্ধিত চাহিদা পূৰণৰ বাবে আওপুৰণি পৰম্পৰাগত উৎপাদন ব্যৱস্থা অপাৰগ হােৱাৰ পিছত মানুহৰ বৈজ্ঞানিক চিন্তা – চৰ্চাৰ ফলত নানা যন্ত্রপাতি , কলা – কৌশলৰ আৱিষ্কাৰ হয় । ইউৰােপত হােৱা এলানি আৱিষ্কাৰে ইংলণ্ডত শিল্প বিপ্লৱৰ সৃষ্টি কৰে । এই বিপ্লৱে আৱিষ্কাৰ কৰা নতুন নতুন যন্ত্রপাতি , বাষ্পচালিত ইঞ্জিন আদি উৎপাদন ব্যৱস্থাত ব্যৱহাৰ কৰি সমাজত এক আমূল  পৰিৱর্তনৰ সূচনা কৰে । উৎপাদন ব্যৱস্থাত মানুহৰ কায়িক বা শাৰীৰিক শ্ৰমৰ পৰিবৰ্তে যন্ত্রপাতি , নানা ইঞ্জিন – মেচিন আদিৰ ব্যৱহাৰ কৰা প্রক্রিয়াটোকে ঔদ্যোগীকৰণ বুলি ক’ব পাৰি । 

আধুনিক যুগত বর্ধিত জংসংখ্যাৰ বর্ধিত চাহিদা পূৰণৰ বাবে , পৃথিৱীৰ সকলাে দেশেই উৎপাদন ব্যৱস্থাৰ এক আমূল পৰিৱর্তন সাধন কৰি উৎপাদন বৃদ্ধি কৰা উদ্দেশ্যে বৃহৎ উদ্যোগ স্থাপন কৰি নানা যন্ত্রপাতি , ইঞ্জিন কল – কাৰখানা স্থাপন কৰি অপর্যাপ্ত পৰিমাণে বিভিন্ন সামগ্ৰীৰ উৎপাদন কৰিবলৈ সক্ষম হয় । এইদৰে উদ্যোগৰ জৰিয়তে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱর্তন অনা প্রক্রিয়াটোকে ঔদ্যোগীকৰণ বােলে । – 

ঔদ্যোগীকৰণৰ ফলত বিভিন্ন সামগ্ৰীৰ উৎপাদন ব্যৱস্থা আমূল পৰিৱৰ্তন দেখা দিলে— বস্ত্র উদ্যোগ , যাতায়ত – পৰিবহণ ব্যবস্থা , বাস্তা – ঘাটৰ উন্নতি , কৃষি কাৰ্যৰ উন্নতি আদি নানা দিশত প্ৰভাৱ পেলাবলৈ সক্ষম হয় । 

পৃথিৱীৰ সকলাে দেশতে ঔদ্যোগীকৰণৰ প্ৰভাৱে এক আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হয় । ঔদ্যোগীকৰণৰ ফলত সকলাে দেশেই প্রাকৃতিক সম্পদৰাজিউদ্ভাৱন কৰি বিভিন্ন অত্যাধুনিক সামগ্রী উৎপাদন কৰিবলৈ সক্ষম হয় । 

ঔদ্যোগীকৰণৰ আৰু নগৰীকৰণৰ ফলাফল বা প্ৰভাৱ :- 

( ক ) সুফলবােৰঃ

১।ঔদ্যোগীকৰণ বিকাশৰ লগে লগে আর্থিক জীৱনৰ কেন্দ্র গ্রামাঞ্চলৰ পৰা নগৰ অঞ্চললৈ স্থানান্তৰিত হয় । ঔদ্যোগীকৰণে নগৰীকৰণ সৃষ্টি কৰে ফলত নতুন নতুন নগর্ব – চহৰ সৃষ্টি হ’বলৈ ধৰিলে । হাজাৰ হাজাৰ লােকৰ গাঁওৰ পৰা নগৰলৈ কর্মসংস্থানৰ বাবে প্ৰব্ৰজন হ’বলৈ আৰম্ভ কৰে । 

২। বৃহৎ ঔদ্যোগিক দেশবােত উদ্যোগৰ পৰা লাভ কৰা আৱৰ পৰিমাণ, কৃষিৰ পৰা হােৱা আয়তকৈ বহু গুণে বেছি হৈছিল । ফলত সেইবােৰ দেশব জাতীয় আয় যথেষ্ট বৃদ্ধি পাইছিল । 

৩। বৃহৎ ঔদ্যোগবােৰলৈ কেঁচা সামগ্রী আমদানি আৰু উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ বাবে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি হয় । ৰাস্তা – ঘাটৰ যথেষ্ট উন্নতি সাধন হয় । ইয়াৰ ফলত যােগাযােগ ব্যৱস্থা উন্নত হয় । 

৪। ঔদ্যোগীকৰণৰ ফলত নগৰ – চহৰবােৰত বৃদ্ধি পােৱা জনসংখ্যাই আন কিছুমান সমস্যাৰ , সৃষ্টি কৰিছিল । জনসংখ্যা বৃদ্ধিয়ে নগৰবােৰত বাসস্থানৰ সমস্যা , স্বাস্থ্য ৰক্ষাৰ সমস্যা , পবিষ্কাৰ পৰিচ্ছন্নত্যৰ সমস্যাই দেখা দিয়ে । গাওৰ পৰা নগৰলৈ যােৱা মানুহৰ অৱস্থা অতি শােচনীয় হ’বলৈ আৰম্ভ কৰে । জীৱন – ধাৰণৰ মানদণ্ড অতি নিম্ন স্তৰৰ হয় । নগৰত ঔদ্যোগবােৰৰ পৰা অহা ধোৱা – ছাই আদিয়ে বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি কৰে । 

৫। ঔদ্যোগীকৰণে সমাজখনক দুটা শ্ৰেণীত ভাগ কৰে । উৎপাদনৰ আহিলাবােৰ মালিকসকল আৰু আনহাতে উদ্যোগবােৰত কাম কৰা শ্ৰমিকসকল অর্থাৎ পুঁজিপতি আৰু শ্রমিক । ইয়াৰ ফলতে ঔদ্যোগিক সমাজত শ্রেণী – সংগ্রাম সৃষ্টি হয় — কাৰণ উদ্যোগপতিসকলে সদায় মুনাফা বৃদ্ধিৰ চেষ্টা কৰে আৰু আনহাতে শ্রমিকে সদায়া মজুরি বৃদ্ধিৰ বাবে চেষ্টা কৰে । ফলত এই দুই বিপৰীত স্বার্থ সংঘর্ষ হৈ শ্রেণীসংগ্রাম আৰম্ভ হয় ।

৬। ঔদ্যোগীকৰণৰ ফলত বৃহৎ উদ্যোগবােৰত অপর্যাপ্ত সামগ্রী উৎপাদিত হয় । এই উৎপাদিত বস্তু বিক্ৰীৰ বাবে ঔদ্যোগিক দেশৰ বাৱে পৃথিৱীৰ আন আন দেশত বজাৰ বিচাৰি উপনিবেশ স্থাপন কৰি নানা বেপাৰ – বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ ফলতে উপনিবেশবাদৰ সৃষ্টি হয় লগতে বাণিজ্যিক উন্নতি হয় । এই উপনিবেশ বাদেই ক্রমে সাম্রাজ্য বাদলৈ ৰূপান্তৰিত হয় । 

৭। ঔদ্যোগীকৰণৰ ফলত জনসংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে । কিন্তু ঔদ্যোগীকৰণৰ উচ্চ পর্যায় পােৱা দেশবােৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ ক্ৰমে কমি জনসংখ্যা বৃদ্ধিৰ হাৰ এটা স্থিৰ পর্যায়লৈ আহে । ইয়াৰ ফলত দেশত জনমূৰি আয় বৃদ্ধি পাবলৈ আৰম্ভ কৰে লগে লগে সামগ্রীৰ চাহিদাও বৃদ্ধি পায় আৰু ক্ৰমে জনসাধাৰণৰ জীৱন নির্বাহৰ মানদণ্ড উন্নত হয় । 

৮। উদ্যোগীকৰণে ক্রমে আধুনিক শিক্ষা – দীক্ষা , কাৰিকৰী প্রশিক্ষণ আৰু প্ৰযুক্তিবিদ্যাৰ সুবিধা প্রদানৰ দ্বাৰা শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধি কৰে । 

৯। ঔদ্যোগীকৰণে ঔদ্যোগিক সংগঠনৰাে পৰিৱৰ্তন আনে । ক্রমে উদ্যোগ প্রতিষ্ঠানৰ কার্যাবলী বৃদ্ধি হােৱাৰ ফলত এজনীয়া মালিকী ব্যৱস্থাৰ পৰিৱর্তে সংযুক্ত মালিকী ব্যৱস্থাৰ প্রবর্তন হ’বলৈ ধৰে ফলত কোম্পানী , সংযুক্ত কোম্পানীৰ সৃষ্টি হয় । 

১০। ঔদ্যোগীকৰণে পৃথিৱীৰ দেশবােৰক দুটা ভাগত ভাগ কৰিছে— (ক ) ঔদ্যোগিক আৰু ( খ ) অনুদ্যোগিক । ঔদ্যোগিক দেশবােৰে বৃহৎ উদ্যোগবােৰত কেৱল উৎপাদন কৰে । অনুদ্যোগিক দেশবােৰে ঔদ্যোগিক দেশবােৰক কেঁচা সামগ্ৰীৰ যােগান ধৰাৰ উপৰি উৎপাদিত সামগ্রীৰ বজাৰ হিচাপেও কাম কৰে । 

১১। ঔদ্যোগীকৰণে শ্রমিককলৰ মাজত ঐক্যবদ্ধতাৰ ভাব সৃষ্টি কৰে । শ্ৰমিকসকলে নিজৰ অধিকাৰ সাব্যস্ত আৰু আদায় কৰাৰ বাবে শ্রমিক সংগঠনবােৰ গঢ়ি তােলে । ইয়াৰ ফলত সৃষ্টি হয় সমাজবাদী ভাৱধাৰাৰ ।

১২। ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত সমাজত নিবনুৱা সমস্যাৰ সৃষ্টি হয় । মানুহৰ কায়িক শ্ৰমৰ ঠাইত যন্ত্রপাতি কল – কাৰখানাত উৎপাদন হােৱা ব্যৱস্থাই মানুহৰ শাৰীৰিক শ্ৰমৰ আৱশ্যকতা কমাই আনে । বহু – মানুহৰ শ্ৰমৰ পৰিৱর্তে এটা মেচিন বা ইঞ্জিন আৰু যন্ত্রপাতি ব্যৱহাৰ কৰিয়ে উৎপাদন কার্য চলাব পৰা হ’ল , ফলত মানুহৰ শ্ৰমৰ আৱশ্যকতা কমি আহে । এই ব্যবস্থাই ঔদ্যোগিক দেশবােৰত উৎকট নিবনুৱা সমস্যাৰ সৃষ্টি কৰে । 

( ক ) কু – ফলবােৰ :-

১।ঔদ্যোগীকৰণে জনসংখ্যা বৃদ্ধি কৰি বিপুল জনসমাগমৰ পৰিৱেশ সৃষ্টি কৰাৰ ফলত নগৰীয়া অঞ্চলত বাসস্থানৰ অভাৱ গঢ়ি তােলে । খুউব কম ঠাইতে ঘন – ঘনকৈ বসবাস কৰিব লগা হয় । সাধাৰণ মানুহ নগৰত বাসস্থানহীন হৈ পৰে । নগৰৰ চাৰিওফালে বস্তি ক্ষেত্র গঢ়লৈ উঠে । এক অপৰিষ্কাৰ , লেতেৰা পৰিৱেশ গঢ়ি উঠে আৰু অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হয় । বৃহৎ নগৰ – চহৰবােৰত অসংখ্য লােক পদ পথতে ৰাতি কটোৱা । এটা সাধাৰণ ব্যবস্থা গঢ়ি উঠে ।

২। ঔদ্যোগীকৰণৰ ফলতে বৃহৎ উদ্যোগবােৰৰ ধোঁৱা – ছাই আৰু পৰিত্যক্ত নানা ৰাসায়নিক বস্তুই নগৰৰ জলবায়ু বিষাক্ত কৰি তােলে । এই ধোৱা আৰু ৰাসায়নিক বস্তুই নানা বেমাৰ – আজাৰৰ সৃষ্টি কৰে । যানবাহনৰ ধোঁৱা – ধূলি , শব্দ আদিয়ে নগৰৰ পৰিৱেশ কদর্য কৰি তােলে । 

৩। ঔদ্যোগীকৰণে সমাজখনক দুটা বিৰােধী শ্রেণীত বিভক্ত কৰি তােলে । উদ্যোগবােৰৰ মালিক শ্ৰেণী আৰু উদ্যোগবােৰত কাম কৰা শ্রমিক শ্রেণী । এই দুয়ােটা শ্ৰেণীৰ স্বার্থ বিপৰীতমুখী । মালিকসকলে সদায় তেওঁলােকৰ মুনাফা বৃদ্ধিৰ বাবে চেষ্টা কৰে আনহাতে শ্রমিকবােৰে সদায় তেওঁলােকৰ মজুৰি বৃদ্ধিৰ চেষ্টা কৰে । ইয়াৰ ফলত দুয়ােটা শ্রেণীৰ সংঘর্ষত দুটা শ্রেণী সংগ্রামে গঢ় লৈ উঠে । 

৪। ঔদ্যেগীকৰণে সমাজত মানুহক কর্মব্যস্ত কৰি তােলে । প্ৰায়বােৰ মানুহ একোটা যন্ত্রত পৰিণত হ’বলৈ আৰম্ভ কৰে । কাম আৰু স্বার্থৰ বাহিৰে আন একো চিন্তা নকৰে । আত্মকেন্দ্রিক হৈ সমূহীয়া কামত অনিহা আহে । আন মানুহৰ লগত সম্পর্কহীনতা গঢ়ি উঠে । পৰম্পৰ মাজত সম্পর্ক নাইকিয়া হয় । ওচৰ – চুবুৰীয়াৰ লগত সম্পর্ক নাথাকে । নিজৰ পৰিয়ালকলৈয়ে ব্যস্ত থাকে । 

এইদৰে ঔদ্যোগীকৰণে পৃথিৱীৰ প্রায়বােৰ দেশবে সামাজিক আৰু আর্থিক দিশত এক আমূল পৰিৱৰ্তন আনি দিছে । এই পৰিৱর্তনৰ ফলত ওপৰত উল্লেখ কৰা নানা সুফল আৰু কুফল দেখা দিছে ।

প্রশ্ন ২। ঔদ্যোগীকৰণ আৰু নগৰীকৰণে ভাৰতীয় সমাজত সৃষ্টি কৰা সামাজিক সমস্যাৱলী আলােচনা কৰা । নাইবা , নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ মাজৰ সম্বন্ধ দেখুওৱা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ৩। ঔদ্যোগীকৰণ প্রক্রিয়াই ভাৰতীয় সমাজত কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰিছে । উদাহৰণসহ আলােচনা কৰা । 

উত্তৰঃ ভাৰতৰ পৰিয়াল পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণসমূহৰ বিষয়ে আলােচনা কৰিবলৈ হলে আমি আধুনিক যুগত পাশ্চাত্য সভ্যতাৰ প্ৰভাৱত আৰম্ভ হােৱা পৰিৱৰ্তনৰ ওপৰতহে বেছি গুৰুত্ব আৰােপ কৰিব লাগিব । ইংৰাজসকল ভাৰতলৈ অহাৰ পাছৰে পৰা পশ্চিমীয়া শিক্ষা সংস্কৃতিয়ে আৰু ঔদ্যোগীকৰণে সামাজিক ব্যৱস্থাত বিশেষকৈ পৰিয়াল পদ্ধতিত আমূল পৰিৱৰ্তনৰ সূচনা কৰে । তলত কাৰণসমূহ আলােচনা কৰা হ’ল –

সামাজিক পৰিৱৰ্তন ঔদ্যোগীকৰণৰ প্ৰভাৱ :- ঔদ্যোগীকৰণ ব্যবস্থাই মধ্য যুগৰ সামাজিক স্থবিতা হাস কৰাত সহায় কৰে । উদ্যোগীকৰণ ব্যৱস্থাই বহুতাে ব্যৱসায় বৃত্তিৰ সা – সুবিধা আনেন । মানুহে এনে সুবিধা গ্রহণৰ বাবে নিজৰ ঠাই এৰি আন ঠাইলৈ যাব লগা হয় । ঔদ্যোগীকৰণৰ প্রভাৱ পৰিলক্ষিত হৈছে বিশেষকৈ তলত দিয়া পৰিৱৰ্তনবােৰৰ ক্ষেত্ৰত –

১। নতুন বৃত্তিৰ উদ্ভৱ :- ঔদ্যোগীকৰণৰ ফলত ভাৰতত বিভিন্ন বিভাগত অসংখ্য নতুন বৃত্তিৰ সৃষ্টি হয় । মানুহে জীৱিকা অর্জনৰ কাৰণে নিজ পৰিয়ালৰ পৰা আঁতৰি গৈ বেলেগ বৃত্তি লৈ জীৱন নির্বাহ কৰিবলৈ আৰম্ভ কৰে । নগৰ – চহৰত মানুহে কম পৰিশ্ৰমত সহজে ধন ঘটাৰ বাবে নিজৰ পৰিয়াল বা গাঁও এৰি নগৰলৈ যাব লগা হয় । ইয়াৰ ফলত পৰিয়ালত পৰিৱর্তনে দেখা দিয়ে । 

২। কুটীৰ – শিল্পৰ অৱনতি :- নতুন ঔদ্যোগবােৰত উৎপাদিত সামগ্ৰীৰ লগত গাঁৱলীয়া কুটীৰ – শিল্পৰ সামগ্ৰীয়ে ফেৰ মাৰিব নােৱাৰা হ’ল ফলত কুটীৰ – শিল্পৰ অৱনতি হ’বলৈ ধৰে । মানুহে কুটীৰ – শিল্প এৰি বৃহৎ উদ্যোগবােৰত কাম – কাজৰ অনুসন্ধান কৰিবলৈ ধৰে । 

৩। নগৰীয়া বাতাবৰণ :- উদ্যোগ কেন্দ্রবিলাক গঢ়ি উঠাৰ লগে লগে সেই ঠাইবােৰত নগৰবাে সৃষ্টি হ’বলৈ আৰম্ভ কৰে । নগৰ – চহৰবােৰত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বাঢ়িবলৈ ধৰে । নগৰ – শিক্ষা – দীক্ষা আদিৰ সা – সুবিধা বৃদ্ধি হ’বলৈ ধৰে । নগৰৰ আধুনিক সা – সুবিধাই গাওৰ শিক্ষিত মানুহক আকর্ষণ কৰিবলৈ ধৰে । গাঁওৰ পৰা নগৰলৈ এটা প্ৰব্ৰজনৰ সোঁত ব’বলৈ ধৰে । 

৪। নগদ ধনৰ প্ৰচলন :- ঔদ্যোগীকৰণৰ লগে লগে শ্ৰমিকৰ মজুৰি নগদ ধনেৰে দিয়াৰ নিয়ম প্রচলন হ’ল । নগদ টকাৰে কাৰ্য্যৰ পৰিমাণ স্থিৰ কৰাৰ নিয়ম প্রচলন হ’ল । ফলত ব্যক্তিবাদী চিন্তাধাৰাই গা কৰি উঠাত যুটীয়া পৰিয়ালৰ ৰক্ষণশীল বান্ধোনত সংঘাতে দেখা দিলে । যুটীয়া আয় – ব্যয়ৰ কথা এৰি মানুহে ব্যক্তিগত চিন্তা কৰিবলৈ ল’লে ৷ 

৫। বাসস্থানৰ সমস্যা :- ব্যৱসায় , চাকৰি , শিক্ষা আদিৰ সুবিধা গ্রহণৰ বাবে নগৰত বাস কৰিবলগীয়া হােৱাত নগৰবােৰত বাসস্থানৰ সমস্যাই দেখা দিয়ে । গতিকে পৰিয়ালবােৰ সৰু সৰু হ’বলৈ ধৰে আৰু যুটীয়া পৰিয়াল লােপ পাবলৈ আৰম্ভ কৰে । 

৬। নাৰীৰ কর্মসংস্থানৰ ব্যৱস্থা :- ঔদ্যোগীকৰণে কেৱল পুৰুষকেই যে সুবিধা প্রদান । কৰিছে তেনে নহয় , শিক্ষিত নাৰীসকলকো পুৰুষৰ সমানেই কর্মসংস্থানৰ সা – সুবিধা আগবঢ়াইছে । নাৰীয়ে পুৰুযৰ সমানে ধন উপার্জন কৰিব পৰা হােৱাত পুৰুষৰ ওপৰত থকা নিৰ্ভৰশীলতা লাহে লাহে হ্রাস পাবলৈ ধৰে । নাৰীৰ সমান অধিকাৰ আৰু মৰ্য্যাদাৰ দাবীয়ে সংৰক্ষণশীল পৰিয়ালৰ ভেটি ল’ৰাই দিয়ে । নাৰীৰ স্বাধীনতা আৰু মুক্তিৰ হাবিয়াসে পৰিয়ালৰ এটা আমূল পৰিৱৰ্তন আনে । 

৭। যাতায়তৰ উন্নতি :– ব্ৰিটিছ শাসনৰ শেষ ফালে আৰু ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰা যাতায়ত আৰু পৰিবহণৰ লগত যােগাযােগ ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হয় । এইবােৰে বাণিজ্য ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ লগতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যােৱাত যথেষ্ট সুবিধা হয় । 

৮। পৰিয়ালৰ কাম – কাজৰ পৰিৱর্তন :- কৃষিজীৱী পৰিয়ালত সামূহিক বা সন্মিলিত শ্ৰমৰ আৱশ্যক । পুৰুষ – মহিলাৰ মাজত শ্রম বিভাজন আছিল । কিন্তু ঔদ্যোগীকৰণে পাৰি বাৰিক কাম কাজৰ মৌলিক পৰিৱর্তা ঘটোৱাত , পৰিয়ালত সন্মিলিত শ্রম : আৱশ্যক নােহােৱা হ’ল । 

৯। ধর্ম আৰু ব্যক্তি যােগ্যতাৰ ওপৰত গুৰুত্ব :- ঔদ্যোগিক সমাজত ধন – সম্পদৰ মাধ্যমতহে সামাজিক প্রস্থিতি , মর্যাদা প্রতিষ্ঠা আদি নির্ণয় কৰা হ’বলৈ ধৰে । এই সমাজত সম্পদ আহৰণৰ বাবে ব্যক্তিগত যােগ্যতাৰ একান্ত প্রয়ােজন হ’বলৈ ধৰে । ৰক্ষণশীল যুটীয়া পৰিয়ালৰ বান্ধোনত মানুহে ব্যক্তিগত যােগ্যতাৰ উন্নতি সাধন কৰিব নােৱাৰা হ’ল । গতিকে মানুহে সেই বান্ধোন ভাঙি দিবলৈ ধৰে । 

১০। জনসংখ্যা বৃদ্ধি আৰু আর্থিক ব্যৱস্থা :- যুটীয়া পৰিয়ালত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰাত সীমিত আয় বা পৰিসৰত সীমিত পৰিমাণৰ মাটিয়ে পৰিয়ালবােৰক আর্থিক নাটনিৰ সন্মুখীন কৰে ফলত অচল হৈ পৰে । এই পৰিয়ালবােৰ যুটীয়া পৰিয়ালবােৰ বােজা স্বৰূপ নিবনুৱা ডেকা – গাভৰুসকল আত্মনিৰ্ভৰশীল হৈ ওলাই আহিবলৈ ধৰে । 

১১। আধুনিক শিক্ষা :- আধুনিক শিক্ষাই প্ৰসাৰতা লাভ কৰাৰ লগে লগে মানুহৰ মনত ব্যক্তিবাদ , সমতা , স্বতন্ত্রতা আদি চিন্তাধাৰাই গা কৰি উঠে । বিশেষকৈ ইংৰাজী শিক্ষা আৰু পশ্চিমীয়া সংস্কৃতিয়ে সমগ্র ভাৰতীয় সমাজ ব্যৱস্থাত এটা আমূল পৰিৱর্তনৰ সূচনা কৰে । শিক্ষাই মানুহৰ সংকীর্ণতা আঁতৰাই উদাৰ দৃষ্টিভংগীৰ সৃষ্টি কৰে । শিক্ষাই মানুহৰ সহনশীলতা , বুজাপৰা , যুক্তি আৰু শুদ্ধভাৱে চিন্তা কৰাৰ পথ প্রশস্ত কৰে । শিক্ষাই মানুহৰ মানসিক উৎকর্ষতা বৃদ্ধি কৰে । গতিকে শিক্ষা আধুনিকীকৰণৰ এক গুৰুত্বপূর্ণ কাৰক । আগৰ যুটীয়া পৰিয়ালৰ পৰিৱর্তে একক পৰিয়ালৰ প্রতি ভাৰতীয়সকল বেছি আকর্ষিত হয় । ব্যক্তিগত পৰিয়ালত যিমান স্বাধীনতা স্বতন্ত্রতা আৰু আন সা – সুবিধা পাব পাৰি যুটীয়া পৰিয়ালত তেনে সা – সুবিধা পােৱাকৈ সম্ভৱ নহয় । 

১২। আইনৰ প্ৰভাৱ :- স্বাধীনােত্তৰ কালৰ বিবাহ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় আইনবােৰৰ প্ৰভাৱ বিশেষ তাৎপর্যপূর্ণ । আন্তর্জাতিক বিবাহ অনুমােদনৰ ফলত ৰক্ষণশীলতাৰ কেন্দ্ৰস্বৰূপ যুটীয়া পৰিয়ালৰ বান্ধোন সােলক – ঢােলক হৈ পৰিছে । নাৰীক পুৰুষৰ সমানে সম্পত্তিৰ অধিকাৰ দিয়াত নাৰীয়ে পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পৰা হ’ল । বিবাহক আগতে যিদৰে ধর্মীয় সংস্কাৰ বুলি ধৰা হৈছিল , বিবাহ সম্পৰ্কীয় নতুন আইনে সেই ধাৰণাৰ সলনি কৰিছে । ওপৰত আলােচনা কৰা বিভিন্ন কাৰণত সামগ্রিকভাৱে পৰিয়াল সংৰচনা পদ্ধতিৰ সঘন পৰিৱৰ্তন পৰিলক্ষিত হৈছে । অৱশ্যে এই পৰিৱৰ্তসমূহৰ নানা – সুফলৰ লগতে অনেক কুফলাে নােহােৱা নহয় । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top