Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ

Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ and select needs one.

Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ Solutions for All Subject, You can practice these here…


প্রশ্ন ৪। নগৰীকৰণ মানে কি বুজা ? ভাৰতবৰ্ষত নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি বিৱৰণ দিয়া । নাইবা , নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি টোকা লিখা । নাইবা , স্বাধীন ভাৰতত নৰীকৰণৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ ১। পৰিচয়ঃ সকলাে সমাজতে নগৰীকৰণৰ দিশত এটা গতি প্রচলিত হৈ আহিছে । মানুহ গাঁওৰ পৰা নগৰলৈ প্ৰব্ৰজন কৰে আৰু স্থায়ীভাবে বসবাস কৰিবলৈ লয় । কিছুমান সমাজত নগৰীকৰণৰ গতি খৰতকীয়া আৰু আন কিছুমানত ইয়াৰ গতি লেহেম । বিশেষভাৱে ক’বলৈ হ’লে পাশ্চাত্য দেশবােৰত কাৰিকৰী উন্নয়ন বেছি হােৱা বাবে তুলনামূলকভাৱে নগৰীকৰণৰ গতি অতি খৰ আৰু প্ৰাচ্যৰ দেশসমূহত কাৰিকৰী উন্নয়ন কয় , হােৱা বাবে নগৰীকৰণৰ গতি লেহেম ।

২। নগৰীকৰণ কি :- নগৰীকৰণ এনে এক সামাজিক প্রক্রিয়া যাৰ লগত সমাজখনৰ অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক দিশৰ সম্পর্ক আছে । নগৰীকৰণ হ’ল নগৰ এখনত প্ৰব্ৰজনৰ বাবে জনসংখ্যা একত্রিত হােৱাৰ আৰু এই জনসংখ্যাৰ পৰিসৰ আৰু ঘনত্ব ক্রমে বৃদ্ধি হােৱাৰ এটা প্রক্রিয়া । মিটচেলৰ মতে , নগৰ গঠনৰ প্রক্রিয়া , নগৰলৈ গতিশীলতা কৃষি ক্ষেত্ৰৰ পৰা নগৰৰ বিভিন্ন ক্ষেত্রলৈ ৰূপান্তৰ আৰু আচাৰ ব্যৱহাৰৰ পৰিৱর্তনে হৈছে নগৰীকৰণ । 

নগৰীণৰ ক্ষেত্ৰত জনসংখ্যা এটা উল্লেখযােগ্য বৈশিষ্ট্য কাৰণ জনসংখ্যাৰ বসতিৰ ঘনত্ব , বৃত্তি , সামাজিক জীৱনধাৰণ প্ৰণালী আদিক ভিত্তি কৰিহে একোটা অঞ্চলক নগৰ বা গাঁও, বুলি চিনাক্ত কৰা হয় । ভাৰতত নগৰ এখনৰ জনসংখ্যা কমেও দহ হাজাৰ হ’ব লাগে । সেয়েহে ভাৰতীয় দৃষ্টিভঙ্গীৰে জাতি ব্যৱস্থাৰ , শ্রেণী ব্যৱস্থালৈ ৰূপান্তৰ , যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ ৰূপান্তৰ , কৃষি ভিত্তিক বৃত্তিৰ পৰা বিভিন্ন ঔদ্যোগিক বৃত্তিলৈ ৰূপান্তৰ আৰু গ্রামাঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ জনসাধাৰণৰ প্ৰব্ৰজন , পৰম্পৰাগত আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তন আদিৰ সামগ্রিক প্রক্রিয়াকে মুঠতে নগৰীকৰণ বুলি ক’ব পাৰি । 

৩। ভাৰতৰ নগৰীকৰণ :- ভাৰত এখন গ্রাম্য প্রধান দেশ হলেও নগৰীকৰণৰ ক্ষেত্ৰত অতি পিছ পৰা দেশ নহয় । সিন্ধু সভ্যতাৰ যুগৰে পৰা আৰম্ভ কৰি মােগল যুগলৈ বিভিন্ন নগৰ চহৰৰ ইতিহাস পােৱা যায় । বৃটিছ যুগৰ আৰম্ভণিৰে পৰা ভাৰতৰ নগৰীকৰণৰ প্রক্রিয়া তুলনামূলকভাৱে বৃদ্ধি পাই আহিছে । ইংৰাজৰ শাসনে ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰণ , উদ্যোগীকৰণ নানা ব্যবসায় – বাণিজ্য , পৰিবহণ , যােগাযােগ আদিৰ উন্নতি সাধন কৰে । ইংৰাজ শাসনে প্ৰৱৰ্তন কৰা এই উন্নয়নৰ ফলতে ভাৰতত নগৰীকৰণ গতি তুলনামূলকভাৱে বৃদ্ধি পায় , ভাৰতত জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণৰ গতি অধ্যয়ন কৰিলে দেখা যায়— 

( ১ ) ১৯ শতিকাৰ পৰা নগৰত বাসক জনসংখ্যাৰ পৰিমাণ ক্রমে বৃদ্ধি পাইছে আভ্যন্তৰীণ জনসংখ্যাৰ বৃদ্ধি আৰু প্ৰব্ৰজনৰ বাবে । 

( ২ ) ১৯ শতিকাৰ তুলনাত কুৰি শতিকাত নগৰীকৰণ প্রক্রিয়াৰ গতি খৰতকীয়া হৈছে । 

( ৩ ) নগৰ আৰু মহানগৰবােৰৰ জনসংখ্যা ভাৰতৰ সকলাে ঠাইতে ক্রমে বৃদ্ধি পাই আহিছে । নগৰবােৰত নগৰীকৰণৰ গতি উর্ধমুখী । 

( ৪ ) গ্রামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ এনে কিছুমান অন্তর্নিহিত কাৰণ আছে । যিবােৰৰ বাবে নগৰীকৰণৰ গতি খৰতকীয়া হৈছে । নগৰ অঞ্চলত এইবােৰ হ’ল— 

( ক ) কর্মসংস্থান ।

( খ ) শিক্ষা – দীক্ষা ।

( গ ) পৌৰ সা – সুবিধা ।

( ঘ ) স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা ।

( ঙ ) সামাজিক কল্যাণৰ ব্যৱস্থা ।

( চ ) যাতায়াত আৰু যােগাযােগৰ ব্যৱস্থা আদিয়ে গ্রামাঞ্চলৰ লােকক নগৰ অঞ্চললৈ আকর্ষণ । কৰে । 

আনহাতে গ্রামাঞ্চলত উক্ত সা – সুবিধাবােৰৰ অভাৱৰ উপৰি –

( ১ ) প্রাকৃতিক দুর্যোগ ।

( ২ ) আওপুৰণি কৃষি ব্যবস্থা । 

( ৩ ) লেহেম আধুনিকীকৰণৰ গতি ।

( ৪ ) ৰাস্তা – ঘাটৰ দুৰৱস্থা ।

( ৫ ) গাওবােৰত জনসংখ্যা বৃদ্ধিৰ বাবে উৎকট নিবনুৱা সমস্যাৰ সৃষ্টি আদিৰ বাবে গ্রামাঞ্চলৰ পৰা মানুহনগৰ অঞ্চললৈ আহিবলৈ বাধ্য হয় । 

স্বাধীন ভাৰতত নগৰীকৰণ প্ৰক্ৰিয়াৰ গতি যথেষ্ট দ্রুতগামী হৈছে । ভাৰত চৰকাৰে বিভিন্ন দিশত বিশেষকৈ উদ্যোগীকৰণ , যাতায়াত , যােগাযােগ পৰিবহণ ব্যৱস্থা , শিক্ষা সম্প্রসাৰণৰ ব্যৱস্থা , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধনৰ দ্বাৰা পুৰণা নগৰ – চহৰৰ সম্প্ৰসাৰণ আৰু নতুন নগৰ – চহৰৰ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । 

বিভিন্ন দিশৰ উদ্যোগীকৰণে যথেষ্ট সংখ্যক কর্মসংস্থানৰ ব্যৱস্থা কৰিছে । এই কর্মসংস্থানবােৰৰ বাবে যথেষ্ট সংখ্যক লােক গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্রব্রজিত হৈছে । সেইদৰে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে গাঁও আৰু নগৰ – চহৰৰ মাজৰ যােগাযােগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰি , গাঁওৰ পৰা নগৰলৈ অহা – যােৱা সুবিধাজনক কৰি তুলিছে । নগৰবােৰত বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠাৰ বাবে , সকলাে ঠাইৰ পৰা বিশেষকৈ গাঁওবােৰৰ পৰা ছাত্র – ছাত্রী পঢ়িবলৈ আহি নগৰৰ জনসংখ্যা বৃদ্ধি কৰে । নগৰীকৰণৰ ফলত সমাজত আন কিছুমান প্রতিক্রিয়াই দেখা দিছে । 

( ১ ) নগৰীকৰণৰ ফলতে একেখন পৰিয়ালৰ লােকৰ মাজত থকা পৰম্পৰাগত সমতাৰ পার্থক্য সৃষ্টি হৈছে । নগৰত বাস কৰা সকলৰ জীৱন নির্বাহৰ মানদণ্ড গাঁওত বাস কৰা সকলৰ পৰা সম্পূর্ণ বেলেগ হৈছে । 

( ২ ) নগৰৰ বর্ধিত জনসংখ্যাৰ হেঁচাত — নগৰত , বাসস্থানৰ নাটনি যানবাহনত ভীৰ , পৌৰ সা – সুবিধাৰ নাটনি , উপকণ্ঠ অঞ্চলত লেতেৰা বস্তিৰ সৃষ্টি অপৰাধী , অসামাজিক কার্যৰ বৃদ্ধি আদি গঢ়ি উঠা দেখা যায় । 

জনসংখ্যা বৃদ্ধিৰ হেঁচাত ডাঙৰ নগৰ – চহৰত , বিশেষকৈ মহানগৰবােৰ উন্নয়ন নিগমৰ জৰিয়তে নানা উন্নয়ন আঁচনি কৰি কিছুমান সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে । 

প্রশ্ন ৫। নগৰবােৰত জনসংখ্যা বৃদ্ধি পােৱাৰ কাৰণবোৰ কি কি আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিবা ।

প্রশ্ন ৫। নগৰীকৰণত অৰিহণা যােগােৱা প্রধান উপাদানসমূহ কি কি আলােচনা কৰা । নাইবা , ভাৰতীয় সমাজৰ পৰিৱৰ্তন প্রক্রিয়াত নগৰীকৰণৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ সামাজিক জীৱনত নগৰ – চহৰবােৰে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । সাধাৰণতে সামাজিক উন্নয়ন আৰু প্ৰগতিৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰা হয় নগৰ – চহৰৰ প্রগতিকহে সমাজ এখনত মানুহৰ সামাজিক আৰু সাংস্কৃতিক কার্যাৱলীৰ কেন্দ্ৰ হ’ল নগৰবােৰ । নগৰ আৰু গাঁওৰ মাজৰ সীমাৰেখা নির্ধাৰণ কৰা অতি কঠিন কাম যদিও জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়ে গাঁও আৰু নগৰক চিনাক্ত কৰা হয় । সাধাৰণতে ভাৰতত নগৰৰ নিম্নতম জনসংখ্যাৰ সীমা হ’ল দহ হাজাৰ । সভ্যতা বা সংস্কৃতিৰ তেনে কোনাে স্পষ্ট সীমাৰেখা নাই । সাধাৰণতে কোনাে এখন ঠাইত যথেষ্ট সংখ্যক জনসংখ্যাৰে উন্নত সামাজিক অবস্থা এটাৰ জনসমষ্টিকে নগৰ বুলি ক’ব পাৰি । প্রাচীন কালত নদী উপত্যকাবােৰত গঢ়ি উঠা সভ্যতাবােৰকে নগৰ – চহৰ আখ্যা দিয়া হৈছিল । গতিকে সভ্যতাকে নগৰ বা চহৰ বুলি ক’বও পাৰি । উদাহৰণস্বৰূপে মেছােপটেমিয়া , ইজিপ্ত , গ্রীক , সিন্ধু সভ্যতা আদি নগৰীকৰণৰে আন এটা ৰূপ । এই নগৰ চহৰবােৰ গঢ়ি উঠাৰ মূলতে আছিল কিছুমান উপাদানৰ অৰিহণা । এই উপাদানবােৰ তলত আলােচনা কৰা হ’ল ।

১। অতিৰিক্ত সম্পদৰাজি :- প্রাচীন কালত প্রাকৃতিক সম্পদৰাজি মানুহে উদ্ভাৱন কৰিব পৰা নাছিল । মানুহে প্রকৃতি ৰাজ্যতে বাস কৰি জীৱন নির্বাহ কৰিছিল । মানুহৰ আৱশ্যকীয় বস্তু সীমিত আছিল । কিন্তু মানুহে যেতিয়া জুই , চকা , কৃষিৰ আৱিষ্কাৰ কৰি নানা আহিলা , যন্ত্রপাতি আৱিষ্কাৰ কৰিলে মানুহৰ আৱশ্যকীয় সম্পদ , অতিৰিক্তভাৱে বৃদ্ধি পাবলৈ ধৰে আৰু তাৰ ফলতে জনসংখ্যাৰ প্রব্রজন সেই ঠাইলৈ আৰম্ভ হৈনগৰ – চহৰ গঢ়ি উঠে । 

২। অনুকূল ভৌগােলিক অৱস্থা :- আদিম মানৱ প্রাকৃতিক জীৱ । পৃথিৱীৰ যিবােৰ ঠাইৰ জলবায়ু মানুহৰ বাসােপযােগী , মাটি সাৰুৱা আৰু বেপাৰবাণিজ্য বা আদান – প্রদানৰ সুবিধাজনক তেনে ঠাইতে মানুহে একেলগে বাস কৰিবলৈ লৈছিল ফলত নগৰ – চহৰবােৰ গঢ়ি উঠিছিল । উদাহৰণস্বৰূপে এই কাৰণতে প্রাচীন নগৰ – চহৰবােৰ নদী উপত্যকাবোৰতহে গঢ়ি উঠিছিল । 

৩। জনসংখ্যা বৃদ্ধি :- নগৰীকৰণৰ আন এটা উল্লেখযােগ্য উপাদান হ’ল জনসংখ্যা । যেতিয়ালৈকে কোনাে এখন ঠাইৰ জনসংখ্যা সীমিত আৰু জীৱন নির্বাহৰ বাবে বৃত্তি আদি সীমিত হৈ থাকে ই গাঁও হৈয়ে থাকে । কিন্তু জনসংখ্যা বৃদ্ধি হৈ সমস্যা বাঢ়ি অহাৰ লগে লগে মানুহে জীৱননির্বাহৰ সংস্থান বাসস্থান বিচাৰি আন সুবিধাজনক ঠাইলৈ প্রত্ৰজিত হ’বলৈ আৰম্ভ কৰে । এই প্ৰব্ৰজনে নগৰ – চহৰৰ সৃষ্টি কৰে । 

৪। উদ্যোগীকৰণ :- যেতিয়া মানুহে বৈজ্ঞানিক চিন্তা – চৰ্চাৰে নানা যন্ত্রপাতি আৱিষ্কাৰ আৰু উদ্ভাৱন কৰিবলৈ ধৰিলে তেতিয়াই আৰম্ভ হ’ল উদ্যোগীকৰণৰ । পৃথিৱীৰ বিভিন্ন দেশত মানুহে কম শ্ৰমেৰে , কম সময়তে অপর্যাপ্ত সামগ্রী উৎপাদন কৰাৰ উদ্দেশ্যে বৃহৎ উদ্যোগ প্রতিষ্ঠা কৰিবলৈ ধৰিলে । এইবােৰত যথেষ্ট সংখ্যক শ্রমিক প্রয়ােজন হ’ল গাঁওৰ পৰা নগৰলৈ শ্রমিক প্রব্রজিত ফলত হ’বলৈ ধৰিলে । ঔদ্যোগিক স্থানলৈ কেঁচা সামগ্রী আনিবলৈ আৰু উৎপাদিত সামগ্রী নিবলৈ ৰাস্তা – ঘাটৰ প্রয়ােজন হ’ল ৷ এইদৰে গঢ়ি উঠিবলৈ ধৰিলে পৃথিৱীৰ বিশেষকৈ ইউৰােপৰ নানা ঠাইত নগৰ – চহৰবােৰ । 

৫। বেপাৰ বাণিজ্য :- উদ্যোগীকৰণৰ আন এটা দিশ হ’ল বেপাৰ বাণিজ্যৰ প্ৰসাৰণ । উদ্যোগ প্রতিষ্ঠা হােৱা ঠাইবােৰৰ গুৰুত্ব বিভিন্ন প্রকাৰে বৃদ্ধি পাবলৈ ধৰে । উদ্যোগ প্রয়ােজনীয় কেঁচা সামগ্রী আমদানি কৰিবলৈ আৰু উদ্যোগত উৎপাদিত সামগ্ৰী ৰপ্তানী কৰিবলৈ সেই ঠাইবােৰতে বাণিজ্যিক কেন্দ্র গঢ়ি , বিভিন্ন কামৰ বাবে শ্রমিকৰ আৱশ্যক হয় , মানুহে কর্মসংস্থান বিচাৰি সেই ঠাইলৈ প্রব্রজিত হ’বলৈ ধৰে , জনসংখ্যা বৃদ্ধি হয় । ইয়াৰে ফলত গঢ়ি উঠে নগৰ চহৰ ।

৬। যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি :- ৰাস্তা – ঘাট , যান-বাহন নাথাকিলে মানুহে অহা – যােৱা বা বস্তু বাহানি অনা – নিয়া কৰা নানা অসুবিধা হয় । মানুহৰ প্ৰয়ােজনৰ বাবে , উদ্যোগ আদি প্ৰতিষ্ঠাৰ লগে লগে , ৰাস্তা – ঘাট , যান – বাহনৰ উন্নতিয়ে মানুহ প্ৰব্ৰজীত হােৱা আৰু সামগ্রী আমদানি ৰপ্তানী কৰাত সুবিধা হয় । এই সুবিধাই নগৰ – চহৰবােৰ গঢ়ি উঠাত যথেষ্ট অৰিহণা যােগায় । 

৭। আর্থিক আকর্ষণ :- কোনাে এখন ঠাইৰ ঔদ্যোগিক উন্নয়নে বিভিন্ন ক্ষুদ্র উদ্যোগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে বেপাৰ বাণিজ্যৰ নানা সা – সুবিধা সৃষ্টি কৰে , নানা প্রকাৰৰ কর্মসংস্থান সৃষ্টি কৰে , নিজা ববীয়াকৈ আত্মসংস্থানৰ সা – সুবিধা ওলায় , নগৰৰ লাহ – বিলাহৰ জীৱননির্বাহ আদিয়ে গাঁও অঞ্চলৰ মানুহক , যি ঠাইত এইবােৰৰ অভাৱ সাধাৰণতে আকর্ষণ কৰে আৰু ইয়াৰ ফলতেই গাঁওবােৰৰ পৰা নগৰ – চহৰলৈ মানুহ প্রব্রজিত হৈ নগৰ – চহৰবােৰ সম্প্ৰসাৰিত কৰি মহানগৰত পৰিণত কৰে । নগৰবােৰক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উন্নত কৰায় । 

৮। শিক্ষা – দীক্ষা কেন্দ্রস্থান :- নগৰৰ বর্ধিত জনসংখ্যাৰ বাবে বিভিন্ন স্কুল – কলেজ , বিশ্ববিদ্যালয় , নানা প্রশিক্ষণ কেন্দ্র , কাৰিকৰী প্রযুক্তি বিদ্যাৰ কেন্দ্ৰ গঢ়ি উঠে । এইবােৰৰ শিক্ষা দীক্ষা লােৱাৰ বাবে নগৰীয়া লােকৰ উপৰি নগৰৰ বাহিৰৰ গাঁও অঞ্চলৰ লােক আহিবলগীয়া হয় আৰু স্থায়ীভাৱে থাকিবলৈ লয় । এইদৰেই নগৰ – চহৰবােৰ বৃদ্ধি পায় আৰু গঢ়ি উঠাত সহায়ক হয় । এইবােৰেই হ’ল নগৰ এখন গঢ়ি উঠাৰ প্রধান উপাদান । 

প্রশ্ন ৬। নগৰীয়া সমাজৰ সাধাৰণ চৰিত্ৰবােৰ কি কি ? ভাৰতৰ নগৰীকৰণৰ প্রক্রিয়া সম্বন্ধে এটি চমু আলােচনা আগবঢ়োৱা । নাইবা , নগৰীকৰণৰ পৰা কি কি সমস্যা উদ্ভৱ হয় ?

উত্তৰঃ আমাৰ সামাজিক জীৱনত নগৰবােৰে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে । ই আমাৰ সামাজিক আৰু সাংস্কৃতিক কার্যাৱলীৰ কেন্দ্র । নগৰ এখন জীৱন আৰু সমাজ গাঁওৰ সমাজ আৰু জীৱনৰ পৰা সম্পূর্ণ পৃথক । নগৰৰ কিছুমান নিজৰ বৈশিষ্ট্য আছে । 

১। নগৰীয়া সমাজ প্রাথমিক সমূহনহয় :- নগৰৰ জনসমষ্টিত প্রাথমিকসমূহৰ কোনাে চৰিত্র নাথাকে । ইয়াৰ জনসমষ্টিৰ মাজত আত্মীয়তা , বন্ধুত্ব , চুবুৰীয়া ভাবৰ , সহানুভূতিৰ বান্ধোন নাই । পৰস্পৰৰ মাজৰ যােগাযােগ নাই । ইয়াৰ মানুহৰ মাজত দল , খেল , চাত আদি নাথাকে । নগৰীয়া সম্প্রদায় এক নাম বিহীন সম্প্রদায় । ইয়াৰ পৰিয়ালবােৰ আনৰ ওপৰত নিৰ্ভৰশীল নহয় । 

২। সামাজিক জটিলতা :- নগৰীয়া সমাজৰ সামাজিক সংৰচনা অতি জটিল আৰু সমস্যা বহুল । নগৰৰ আন্তক্রিয়া পদ্ধতিত অসংখ্য জনতাৰ অংশগ্রহণ , বিভিন্ন প্ৰকাৰৰ বৃত্তি , বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণৰ সমাৱেশে এই জটিলতাৰ সৃষ্টি কৰিছে । 

৩। বাসস্থানৰ নাটনি :- নগৰীয়া সমাজৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল বাসস্থানৰ অভাৱ , গাওৰ তুলনাত নগৰৰ বাসস্থানৰ সমস্যা বৰ প্রকট হােৱা দেখা যায় । ঘৰ – ভাড়াৰ সমস্যা আৰু ভাড়াৰ পৰিমাণ অতি বেছি হােৱা দেখা যায় । সাধাৰণ শ্ৰেণীৰ মানুহৰ বাসস্থানৰ সমস্যা অতি জটিল । দৰিদ্র সীমাৰেখাৰ তলৰ হাজাৰ হাজাৰ লােকে ডাঙৰ নগৰ – চহৰত পদপথতে জীবন কটাবলগীয়া হয় । 

৪। সামাজিক সহনশীলতা :- নগৰীয়া সমাজত ব্যক্তিসকলে পৰস্পৰে পৰম্পৰক নাজানে । সেইবাবে সমিল মিল জীৱন – যাপনৰ বাবে এই সহনশীলতা অতি আৱশ্যক । যিহেতু নগৰীয়া লােকৰ মাজত মুক্ত যােগাযােগ আৰু ব্যক্তিগত মিলামিচা নাথাকে সহনশীলতা থকাটো স্বাভাৱিক । সেইবাবেই সকলাে ক্ষেত্রতে এক সহনশীল সামাজিক পৰিৱেশ এটা গঢ়ি উঠে ।

৫। শ্রেণীব্যবস্থা অত্যন্ত ভাল – বেয়াৰ সংমিশ্রণ :- নগৰীয়া সমাজৰ শ্ৰেণীব্যৱস্থা অতিশয় ভাল আৰু বেয়াৰ এক সংমিশ্রণ । নগৰত অতি ধনী মানুহ যেনে কম পৰিমাণৰ থাকে ঠিক তেনেদৰে অতি দুখীয়া মানুহৰ সংখ্যা অতি বেছি , সেইদৰে শিক্ষিত – অশিক্ষিতৰো , সৎ – অসৎ , সৰল স্বভাৱৰ আৰু ধূর্ত প্রকৃতিৰ মানুহ থাকে । মুঠতে অত্যন্ত ভাল – বেয়া প্রকৃতিৰ লােক নগৰত থাকে । 

৬। সামাজিক গতিশীলতা :- নগৰীয়া সমাজত সামাজিক গতিশীলতা দ্রুতগামী হয় । নগৰৰ লােকৰ মাজত শ্রমবিভাজন , প্রতিযােগিতা , প্রতিদ্বন্দ্বিতা অতি বেছি । নগৰৰ মানুহে ব্যক্তিগত প্রচেষ্টাৰে নিজৰ প্ৰস্থিতি উন্নত কৰে নগৰত অসমতা অতি বেছি , আনহাতে সামাজিক স্তৰীকৰণৰ জাতিপ্ৰথাৰ কঠোৰতা অতি কম । 

৭। সামাজিক বিভিন্নতা :- নগৰীয়া সমাজত সামাজিক বিভিন্নতা থাকে । নগৰীয়া লােকৰ মাজত বিভিন্ন ঠাইৰ বিভিন্ন জাতি – উপজাতি , ভাষা – ভাষী , ধর্ম সংস্কৃতিৰ লােক একেলগে বসবাস কৰে । এই লােকসকলৰ মাজত তেজৰ সম্পর্ক বা ব্যক্তিগত সম্পর্ক নাই । 

৮। স্বেচ্ছাসেৱক সন্থা :- নগৰীয়া সমাজত এজন ব্যক্তিৰ গাইগুটিয়া সামাজিক মূল্য বৰ কম । সেইবাবে কোনাে কামৰ বাবে প্রত্যেকে কোনাে স্বেচ্ছাসেৱক সন্থাৰ জৰিয়তেহে নিজক প্রতিনিধিত্ব কৰে । সেইবাবে নগৰত স্বেচ্ছাসেৱক অনুষ্ঠানবােৰৰ গুৰুত্ব অতি বেছি । 

৯। দ্রুতগামী জীৱন :- নগৰীয়া সমাজৰ জীৱন অতি দ্রুতগামী থমকি ৰবৰ সময় নাই । মেচিন আৰু মানুহৰ কোনাে পার্থক্য নাই । নগৰৰ মানুহে বিভিন্ন কামত অংশগ্রহণ কৰে । দিনে ৰাতিয়ে কাম কৰে । জিৰণীৰ আহৰি নাই । প্রতিজন ব্যক্তি এফালে গ্রাহক আনহাতে উৎপাদক নগৰীয়া জীৱন অতি ব্যস্ত জীবন ।

১০। ব্যক্তিবাদী জীৱন :- নগৰৰ মানুহ ব্যক্তিবাদী । প্রত্যেকে নিজৰ কথাহে চিন্তা কৰে আনৰ কথা চিন্তা কৰিবলৈ আহৰি নাই । প্রত্যেক ব্যক্তিয়ে প্ৰতিটো কামতে প্রতিযােগিতাৰ সন্মুখীন হ’ব লাগে । প্রত্যেক ব্যক্তিয়ে সকলাে সিদ্ধান্ত নিজেই লয় । 

১১। একক পৰিয়াল পদ্ধতি :- নগৰীয়া সমাজত পৰিয়াল ব্যৱস্থা একক পৰিয়ালৰ । পতি পত্নী আৰু নিজৰ ল’ৰা – ছােৱালীক লৈয়ে একোটা পৰিয়াল গঠিত হয় । অৱশ্যে ভাৰতত খুব কম সংখ্যক সংযুক্ত পৰিয়ালাে দেখা যায় ।

১২। শিক্ষাৰ মানদণ্ড :- নগৰীয়া সমাজ তুলনামূলকভাবে গ্রাম্য সমাজতকৈ বেছি শিক্ষিত । নগৰীয়া মানুহে শিক্ষাৰ সকলাে সুবিধা পায়।শিক্ষাৰ মানদণ্ড গাঁৱলীয়া সমাজতকৈ সকলাে ক্ষেত্রতে বেছি দেখা যায় । 

১৩। নাৰী – পুৰুষ প্রস্থিতি :- নগৰত নাৰী – পুৰুষৰ প্ৰস্থিতি সমান । নগৰত নাৰীৰ প্ৰস্থিতি যথেষ্ট উন্নত হােৱা দেখা যায় । নগৰৰ নাৰী গাঁওৰ নাৰীৰ তুলনাত যথেষ্ট মুক্ত আৰু পুৰুষৰ সমানে অধিকাৰ উপভােগ কৰে । 

১৪। ধৰ্মৰ প্ৰভাৱ :– নগৰীয়া সমাজত ধৰ্মৰ প্ৰভাৱ গাঁওৰ তুলনাত যথেষ্ট কম দেখা যায় । গাওৰ মানুহ ধর্মভীৰু , পুজা – পাতল , নাম – প্রসঙ্গ নিয়মীয়াকৈ কৰাৰ উপৰি ধর্মীয় নিয়ম মানি চলে কিন্তু নগৰত ধৰ্মৰ প্ৰভাৱ বৰ কম । ধর্মীয় নীতি – নিয়ম পালন কমকৈ কৰে ।

১৫। গণমাধ্যমৰ প্ৰভাৱ :- নগৰীয়া সমাজৰ মানুহ গাঁওৰ মানুহৰ তুলনাত খা – খবৰৰ প্রতি যথেষ্ট বেছি সজাগ – সচেতন । নগৰৰ মানুহে নিয়মীয়াকৈ ৰেডিঅ ’ , টেলিভিশন , বাতৰি কাকত , আলােচনী , চিনেমা আৰু বিভিন্ন যােগাযােগ মাধ্যমৰ জৰিয়তে পৃথিৱীৰ সকলাে দেশৰ খা খবৰ সহজে পাব পাৰে । এইবােৰেই হ’ল নগৰীয়া সমাজৰ প্রধান বৈশিষ্ট্য ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top