Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ

Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ and select needs one.

Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 10 ভাৰতীয় গণতন্ত্রৰ বিৱৰণ Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। গণতান্ত্রিক চৰকাৰ বুলিলে কি বুজা ? 

উত্তৰঃ গণতন্ত্র হ’ল আধুনিক যুগৰ উৎকৃষ্ট শাসনব্যৱস্থা । যি শাসনব্যৱস্থাত জনসাধাৰণে নিজে নাইবা প্রতিনিধিৰ দ্বাৰা চৰকাৰ গঠন কৰি দেশ শাসন কৰে তাকে গণতান্ত্রিক চৰকাৰ বােলে । আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি আব্রাহাম লিংকনৰ মতে “ গণতন্ত্র হৈছে জনসাধাৰণৰ দ্বাৰা , জনসাধাৰণৰ কাৰণে গঠন কৰা জনসাধাৰণৰ চৰকাৰ ” । ইয়াক আধুনিক যুগত উৎকৃষ্ট শাসন ব্যৱস্থা বুলি গণ্য কৰা হয় । 

গণতন্ত্র দুই প্রকাৰৰ— 

( ক ) প্রত্যক্ষ গণতন্ত্র । আৰু 

( খ ) পক্ষে গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্র । 

প্রশ্ন ২। প্রত্যক্ষ গণতন্ত্র কাক বােলে ? 

উত্তৰঃ প্রত্যক্ষ গণতন্ত্রত সকলো নাগৰিকে পােনপটীয়াভাৱে শাসনকার্যত অংশ গ্রহণ কৰে । এই শাসন ব্যৱস্থাত নাগৰিকে নিজে আইন প্রণয়ন কৰে আৰু জনসংখ্যা থকা সৰু ৰাষ্ট্ৰতহে প্রত্যক্ষ গণতন্ত্র প্রচলন কৰা সম্ভৱ । বর্তমান ছুইজাৰলেণ্ডৰ কেইখনমান কেন্টনতহে এই শাসন ব্যবস্থা প্রচলিত ।

প্রশ্ন ৩। প্রতিনিধিত্বমূলক গণতন্ত্র কাক বােলে ? 

উত্তৰঃ যি শাসন ব্যৱস্থাত জনসাধাৰণে এটা নির্ধাৰিত সময়ৰ মূৰে মুৰে তেওঁলােকৰ মাজৰ পৰা প্রতিনিধি নির্বাচিত কৰি , চৰকাৰ গঠন কৰি , দেশৰ শাসন চলায় তাকে পক্ষে গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্র বােলে । বর্তমান গণতন্ত্র বুলিলে প্রতিনিধিত্বমূলক গণতন্ত্রকে বুজায় । বর্তমান যুগ পৰােক্ষ গণতন্ত্রৰ যুগ । পৃথিৱীৰ প্ৰায় সকলাে দেশতে এই শাসন প্রচলিত । 

প্রশ্ন ৪। গণতন্ত্ৰক কিয় উৎকৃষ্ট বা উত্তম চৰকাৰ বুলি কোৱা হয় দুটা যুক্তি দিয়া । নাইবা , গণতন্ত্রৰ দুটা সুফল লিখা । 

উত্তৰঃ গণতন্ত্র উৎকৃষ্ট চৰকাৰ , কাৰণ :-

১। গণতান্ত্রিক চৰকাৰত জনসাধাৰণে অংশগ্রহণ কৰিব পাৰে ৷ ই সমতা , স্বাধীনতা আৰু ভ্ৰাতৃভাবৰ ওপৰত প্রতিষ্ঠিত চৰকাৰ । 

২। গণতান্ত্রিক চৰকাৰ যুক্তিৰ ওপৰত প্রতিষ্ঠিত চৰকাৰ । আলাপ – আলােচনা , সন্মতি আৰু জনমতৰ ওপৰত নিৰ্ভৰ কৰিহে এই চৰকাৰ চলে । 

প্রশ্ন ৫। গণতন্ত্রৰ উক্তৃষ্ট সংজ্ঞা দিওঁতাজন কোন ? উৎকৃষ্ট সংজ্ঞাটো কি ?

উত্তৰঃ ১। আমেৰিকাৰ ৰাষ্ট্রপতি আব্রাহাম লিংকন । 

২। গণতন্ত্রৰ উৎকৃষ্ট সংজ্ঞাটো হ’ল— “ গণতন্ত্র হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত , জনসাধাৰণৰ কাৰণে , জনসাধাৰণৰ চৰকাৰ । 

প্রশ্ন ৬। গণতন্ত্রৰ যিকোনাে চাৰিটা অসুবিধা বা কুফল উল্লেখ কৰা । 

উত্তৰঃ গণতন্ত্রৰ অসুবিধা চাৰিটা হল— 

১। গণতন্ত্রত দলীয় একনায়কত্ববাদ প্রচলিত হ’ব পাৰে । 

২। গণতন্ত্রত গুণতকৈ সংখ্যাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় । 

৩। গণতন্ত্রত জৰুৰী অৱস্থাত ক্ষিপ্র সিদ্ধান্ত গ্রহণ কৰা সহজ নহয় । 

৪। ৰাইজৰ নামত , ধনী শ্রেণীয়েহে গণতান্ত্রিক চৰকাৰ পৰিচালিত কৰে ।

প্রশ্ন ৭। গণতন্ত্র কৃতকার্য কৰিবৰ বাবে প্রয়ােজনীয় চাৰিটা চর্ত উল্লেখ কৰা । 

উত্তৰঃ গণতন্ত্র কৃতকার্য কৰা চৰ্ত চাৰিটা— 

১। গণতন্ত্রত নাগৰিকসকলৰ ৰাজনৈতিক সচেতনতা থাকিব লাগিব । 

২। গণতান্ত্রিক দেশৰ নাগৰিকসকল শিক্ষিত হ’ব লাগে ।

৩। সকলাে নাগৰিকৰ সহনশীলতা গুণ থাকিব লাগে । 

৪। নাগৰিকসকলে চৰকাৰৰ লগত সহযােগ কৰিব লাগে ।

প্রশ্ন ৮। সংসদীয় চৰকাৰ কাক বােলে ? 

উত্তৰঃ যি শাসনব্যৱস্থাত চৰকাৰৰ কাৰ্যপালিকা বিভাগ আৰু বিধানমণ্ডলব সম্পর্ক অতি ঘনিষ্ঠ আৰু নিবিড় তেনে চৰকাৰকে সংসদীয় চৰকাৰ বােলে । এই শাসনব্যৱস্থাত চৰকাৰৰ কাপালিকা বিভাগ বা মন্ত্রীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ । এই শাসনত মন্ত্রীসভাই শাসন চলীয় বাবে ইয়াক মন্ত্রীসভা পৰিচালিত চৰকাৰ বা দায়বদ্ধ চৰকাৰো বােলে ।

প্রশ্ন ৯। গণতান্ত্রিক চৰকাৰৰ চাৰিটা গুণ বা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ গণতান্ত্রিক চৰকাৰৰ সুবিধা চাবিটা— 

১। গণতন্ত্র যুক্তিৰে পৰিচালিত চৰকাৰ হােৱাৰ বাবে ইয়াৰ ত্রুটি কম । 

২। গণতান্ত্রিক চৰকাৰ জনমতৰ দ্বাৰা পৰিচালিত চৰকাৰ , ই সকলােৰে কল্যাণ সাধন কৰে । 

৩। গণতন্ত্রত স্বেচ্ছাচাৰী শাসন স্থায়ীভাৱে চলিব নােৱাৰে । 

৪। গণতান্ত্রিক চৰকাৰত বিপ্লৱৰ সম্ভাৱনা কম । 

প্রশ্ন ১০। সংসদীয় পদ্ধতিৰ চৰকাৰৰ চাৰিটা সুযােগ লিখা । 

উত্তৰঃ ১। কার্যপালিকা আৰু বিধান মণ্ডলৰ সহযােগিতাত থকা বাবে দৰকাৰ মতে বিধি বিধান ৰচনা কৰিব পাৰে ।

২। মন্ত্রীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ ।

৩। চৰকাৰত নমনীয়তা থকা বাবে সংকটকালত ক্ষিপ্রতাৰে সিদ্ধান্ত ল’ব আৰু মন্ত্রীসভা গঠন কৰিব পাৰে ।

৪। দ্বি দলীয় ব্যবস্থা থকা বাবে শাসন ক্ষমতাত থকা দলে জনসাধাৰণৰ ইচ্ছামতে শাসন চলাবলৈ চেষ্টা কৰে । 

প্রশ্ন ১১। সংবিধান কাক বােলে ? ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল ? 

উত্তৰঃ ( ক ) সকলাে ৰাষ্ট্ৰৰে একোখন সংবিধান থাকে । সংবিধান ৰাষ্ট্রৰ এনে এক ব্যৱস্থা য’ত ৰাষ্ট্ৰখনৰ বা জাতীয় জীৱনৰ উদ্দেশ্য , কার্যপন্থা , আদর্শ আদি বিধিসিদ্ধ কৰি গ্ৰহণ কৰা হয় । গতিকে সংবিধানক দেশ শাসনৰ প্ৰাথমিক নীতি – নিয়মবােৰৰ সমষ্টি বুলিব পাৰি । 

( খ ) ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা গ্ৰহণ কৰা হৈছিল । 

প্রশ্ন ১২। নির্বাচন কাক বােলে । নির্বাচন কেইপ্ৰকাৰ আৰু কি কি ? 

উত্তৰঃ গণতন্ত্রত নির্বাচন অপৰিহার্য । প্রতিনিধিত্বমূলক গণতন্ত্রত এটা নির্দিষ্ট সময়ৰ মূৰে মূৰে জনসাধাৰণে ভােট দি প্রতিনিধি নির্বাচিত কৰি চৰকাৰ গঠন কৰিব লাগে । সেইবাবে গণতান্ত্রিক দেশত প্রতিনিধি নির্বাচন সময়ে সময়ে নির্বাচন পতা হয় । গতিকে নির্বাচন হ’ল  গণতান্ত্রিক চৰকাৰ গঠনৰ বাবে জনসাধাৰণৰ মতামত লৈ প্রতিনিধি বিচাৰৰ ব্যৱস্থা । মুঠতে যি ব্যৱস্থাৰ দ্বাৰা গণতান্ত্রিক দেশৰ ভােটদাতাসকলে প্রতিনিধি বাছি চৰকাৰ গঠন কৰে তাৰে নির্বাচন বােলে । নির্বাচন দুই প্রকাৰ— প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচন । 

প্রশ্ন ১৩। প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচন কাক বােলে ? 

উত্তৰঃ ( ক ) প্রত্যক্ষ নির্বাচন :- প্রত্যক্ষ নির্বাচনত ভােটাৰসকলে নিজে ভােটদান কৰি প্রতিনিধিজনক নির্বাচিত কৰে । যেনে- লােকসভাৰ সদস্যসকলৰ নির্বাচন । 

( খ ) পৰােক্ষ নির্বাচন :-  পৰােক্ষ নির্বাচনত ভােটাৰসকলে প্রথমে কিছুমান প্রতিনিধি নির্বাচিত কৰি এটা নির্বাচনী গােট গঠন কৰে , পাছত এই নির্বাচনী গােটৰ প্ৰাৰ্থসকলেহে নির্বাচিত কৰিবলগীয়া প্রতিনিধিজনক নির্বাচিত কৰে । যেনে ৰাজ্যসভাৰ সদস্যসকলৰ নির্বাচন । ইয়াত প্রথমে সাধাৰণ ভােটাৰে বিধানসভাৰ সদস্যসকলক নির্বাচিত কৰে ; পাছত তেওঁলােকেহে ৰাজ্যসভাৰ সদস্যজন কৰা সকলক বাছে পৰােক্ষ নির্বাচনত দুটা নির্বাচন হয় । 

প্রশ্ন ১৪। প্রত্যক্ষ নির্বাচনৰ দুটা দোষ বা আসোঁৱাহ উল্লেখ কৰা । 

উত্তৰঃ দোষ দুটা— 

( ক ) এই নির্বাচনত সাধাৰণ প্রার্থীৰ গুণাগুণ বিচাৰৰ ক্ষমতা নাথাকে । 

( খ ) সাধাৰণ ভােটাৰক সহজে প্রলােভিত কৰিব পাৰে । 

প্রশ্ন ১৫। প্রত্যক্ষ নির্বাচনৰ সপক্ষে তিনিটা যুক্তি আগবঢ়োৱা । 

উত্তৰঃ যুক্তি তিনিটা হ’ল— 

( ক ) ভােটদাতাই নিজে ভােট দি প্রতিনিধি নির্বাচন কৰাত সুবিধা পায় । 

( খ ) প্রত্যক্ষ নির্বাচনে  জনসাধাৰণ কৰা জনৈতিকভাৱে সচেতন কৰে । 

( গ ) প্রতিনিধি আৰু ভােটাৰৰ মাজত সম্পর্ক স্থাপন কৰে । 

প্রশ্ন ১৬। পৰোক্ষ নির্বাচনৰ দুটা অসুবিধা ( দোষ ) উল্লেখ কৰা ।

উত্তৰঃ অসুবিধা দুটা হ’ল– 

( ক ) পৰোক্ষ নির্বাচনত ভােটদাতাৰ সংখ্যা কম হােৱা বাবে দুর্নীতি আৰু শােষণ – নীতিৰ প্ৰভাৱ বেছি হােৱাৰ সম্ভাবনা থাকে । 

( খ ) পৰােক্ষ নির্বাচনত প্রতিনিধি আৰু সাধাৰণ ভােটাৰৰ মাজত সম্পর্ক নাথাকে । ফলত প্রতিনিধিসকলে সাধাৰণ ভােটাৰৰ কল্যাণৰ বাবে গুৰুত্ব নিদিব পাৰে । 

প্রশ্ন ১৭। প্রত্যক্ষ নির্বাচন আৰু পৰােক্ষ নির্বাচনৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ ( ক ) প্রত্যক্ষ নির্বাচনত এটাহে নির্বাচন হয় আৰু প্রার্থী নির্বাচন কৰে ; কিন্তু পৰােক্ষ নির্বাচনত প্রার্থীজন নির্বাচনৰ বাবে দুটা নির্বাচন হয় । 

( খ ) প্রত্যক্ষ নির্বাচনত ভােটাৰৰ সংখ্যা বেছি কাৰণে তেওঁলােকৰ সম্পর্ক প্রত্যক্ষ নহয় , কিন্তু পৰােক্ষ নির্বাচনত ভােটাৰৰ সংখ্যা কম , নির্বাচনত ভােটাৰৰ মাজত প্রত্যক্ষ সম্পর্ক থাকে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ১৮। পৰােক্ষ নির্বাচনৰ সুবিধা দুটা লিখা । 

উত্তৰঃ সুবিধা দুটা— 

( ক ) অভিজ্ঞ ভােটাৰসকলে সঠিক বিচাৰ – বুদ্ধিৰে অভিজ্ঞ উপযুক্ত প্রতিনিধি নির্বাচন কৰিব পাৰে । 

( খ ) পৰােক্ষ নির্বাচনত ৰাজনৈতিক পৰিৱেশ কলুষিত হােৱাৰ সম্ভাৱনা কম । 

প্রশ্ন ১৯। ভাৰতীয় সংবিধানৰ যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য হল – 

( ক ) ভাৰতীয় সংবিধানখন লিখিত সংবিধান । 

( খ ) নাগৰিকৰ মৌলিক অধিকাৰ । 

প্রশ্ন ২০। ৰাজনৈতিক দল বুলিলে কি বুজা লিখা । তিনিটা সৰ্বভাৰতীয় আৰু দুটা আঞ্চলিক দলৰ নাম লিখা । 

উত্তৰঃ ( ক ) ৰাজনৈতিক দল ’ গণতন্ত্রৰ এটা অপৰিহার্য অংগ । গণতান্ত্রিক দেশসমূহত জনসাধাৰণৰ নিজ নিজ মত সংগঠনৰ বাবে ৰাজনৈতিক দল গঠনৰ অধিকাৰ দিয়া হয় । একে আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হােৱা , শাসন ক্ষমতা হস্তগত কৰিব বিচৰা , সংগঠিত ব্যক্তিৰ সমষ্টিকে ৰাজনৈতিক দল বােলে ।

( খ ) সৰ্বভাৰতীয় ৰাজনৈতিক দল হ’ল–

( ১ ) কংগ্রেছ ( আই ) ,

( ২ ) ভাৰতীয় জনতা পাটি ,

( ৩ ) চি , পি , আই ( এম ) । 

( গ ) আঞ্চলিক বাজনৈতিক দল হ’ল—

( ১ ) ডি . এম . কে ( তামিলনাড়ু ) ,

( ২ ) এ . জি . পি . ( অসম ) । 

প্রশ্ন ২১। ৰাজনৈতিক দলৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ বৈশিষ্ট্যসমূহ— 

( ক ) সদস্যসকলৰ আদৰ্শ আৰু নীতি একে । 

( খ ) সাংবিধানিক উপায়েৰে নিৰ্বাচনৰ জৰিয়তেহে চৰকাৰ গঠন কৰাৰ চেষ্টা কৰে । 

( গ ) দলীয় সদস্যসকলৰ এটা সংগঠন থাকিব লাগে । 

( ঘ ) দলৰ এক দীর্ঘম্যাদী আঁচনি থাকিব । 

প্রশ্ন ২২। ৰাজনৈতিক দলৰ যিকোনাে চাৰিটা কার্য লিখা । 

উত্তৰঃ ( ক ) নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ।

( খ ) ৰাজনৈতিক চেতনা জাগ্রত কৰা ।

( গ ) জনমত গঠন কৰা ।

( ঘ ) চৰকাৰ গঠনত সহায় কৰা । 

প্রশ্ন ২৩। সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ’বুলিলে কি বুজা ? বর্তমানে এজন ভাৰতীয়ই কিমান বয়সত ভােটদানৰ যােগ্যতা লাভ কৰিব পাৰে ? 

উত্তৰঃ ( ক ) সকলাে দেশতে এটা নির্ধাৰিত বয়স পূর্ণ হােৱাৰ পাছতহে কোনাে এজন লােকক প্রাপ্তবয়স্ক বুলি ধৰা হয় । গণতান্ত্রিক দেশসমূহত জাতি , বর্ণ , ধৰ্ম আৰু ভাষা নির্বিশেষে সকলাে প্রাপ্তবয়স্ক লােকক দিয়া প্রতিনিধি নির্বাচনৰ অধিকাৰকে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলা হয় । এই ভােটাধিকাৰৰ বয়স সকলাে ৰাষ্ট্ৰতে একে নহয় । আমাৰ ভাৰতত ভােটাধিকাৰৰবয়স বর্তমান ১৮ ( ওঠৰ ) বছৰ কৰা হৈছে । 

( খ ) ভাৰতীয় নাগৰিক এজনে ১৮ ( ওঠৰ ) বছৰ পূৰ্ণ হ’লে ভােটদানৰ যােগ্যতা লাভ কৰে । 

প্রশ্ন ২৪। গণতন্ত্রত ৰাজনৈতিক দলসমূহৰ তিনিটা গুৰুত্বপূর্ণ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ গুৰুত্বপূর্ণ ভূমিকা তিনিটা— 

( ক ) গণতান্ত্রিক শাসনত শাসক দলৰ চৰকাৰে যাতে স্বেচ্ছাচাৰী শাসন চলাব নােৱাৰে তাৰ বাবে আন বিৰােধী ৰাজনৈতিক দলবােৰে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে । 

( খ ) ৰাজনৈতিক দলে দেশৰ জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি ৰাখিব লাগে । 

( গ ) ৰাজনৈতিক দলবােৰে আৱশ্যক মতে জনমত গঢ়ি তুলিবৰ বাবে সজাগ সচেতন হৈ থাকে ।

প্রশ্ন ২৫। প্রত্যক্ষ আৰু পৰােক্ষ গণতন্ত্রৰ দুটা পার্থক্য দেখুওৱা । 

উত্তৰঃ পার্থক্য দুটা হ’ল– 

( ক ) প্রত্যক্ষ গণতন্ত্রত নাগৰিকে নিজে শাসনকার্যত অংশ লয় , আনহাতে পক্ষে গণতন্ত্র প্রতিনিধিৰ দ্বাৰা শাসনকার্য চলায় , নিজে অংশ নলয় । 

( খ ) অতি কম জনসংখ্যাৰ ৰাষ্ট্ৰতহে প্রত্যক্ষ গণতন্ত্র প্রচলন সম্ভৱ ; আধুনিক যুগৰ অগণন জনসংখ্যাৰ ৰাষ্ট্ৰত ই অপ্রচলিত , বেছি জনসংখ্যাৰ ক্ষেত্ৰত পৰোক্ষ গণতন্ত্র প্রচলন কৰা হয় । 

প্রশ্ন ২৬। প্রতিনিধিত্বমূলক গণতন্ত্র কাক বােলে ? 

উত্তৰঃ যি শাসনব্যৱস্থাত জনসাধাৰণে এটা নির্ধাৰিত সময়ৰ মূৰে মূৰে তেওঁলােকৰ মাজৰ পৰা প্রতিনিধি নির্বাচিত কৰি , চৰকাৰ গঠন কৰি , দেশৰ শাসন চলায় তাকে পৰােক্ষ গণতন্ত্র বা প্রতিনিধিত্বমূলক গণতন্ত্র বােলে । বর্তমান গণতন্ত্র বুলিলে প্রতিনিধিত্বমূলক গণতন্ত্রকে বুজায় । বর্তমান যুগ পৰােক্ষ গণতন্ত্রৰ যুগ । পৃথিৱীৰ প্রায় সকলো দেশতে এই শাসন প্রচলিত । 

প্রশ্ন ২৭৷ কি নীতিৰ ভিত্তিত চৰকাৰক সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই দুটা ভাগত ভাগ কৰা হয় ? দুয়ােবিধ চৰকাৰৰ দুটা পার্থক্য দেখুওৱা । 

উত্তৰঃ ( ক ) গণতান্ত্রিক চৰকাৰৰ অংগসমূহৰ পৰস্পৰৰ মাজৰ সম্পৰ্কৰ ভিত্তিত চৰকাৰক সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰত ভাগ কৰা হয় । 

( খ ) ( ১ ) সংসদীয় চৰকাৰত কাৰ্যপালিকা বিভাগ আৰু আইন বিভাগৰ মাজৰ সম্পর্ক অতি ঘনিষ্ঠ আৰু নিবিড় ; কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত এই দুটা বিভাগৰ মাজত সম্পর্ক নাথাকে , প্রত্যেকেই স্বতন্ত্র একোটা বিভাগ । 

( ২ ) সংসদীয় চৰকাৰত কাৰ্যপালিকা বিভাগ আন বিভাগৰ ওচৰত দায়বদ্ধ ; কিন্তু ৰাষ্ট্রপতীয়ত কাৰ্যপালিকা বিভাগ দায়বদ্ধ নহয় । 

প্রশ্ন ২৮। দায়বদ্ধ চৰকাৰ কাক বােলে ? এখন দায়বদ্ধ চৰকাৰৰ উদাহৰণ দিয়া ।

উত্তৰঃ ( ক ) যি চৰকাৰত কাৰ্যপালিকা বিভাগ বিধান মণ্ডলৰ ওচৰত দায়বদ্ধ থাকে , অর্থাৎকাৰ্যপালিকা বিভাগৰ প্রকৃত কাৰ্যপালিকা , বা মন্ত্রীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকি দেশৰ শাসন চলাব লাগে তাকে দায়বদ্ধ চৰকাৰ বা সংসদীয় চৰকাৰ বােলে । 

( খ ) ভাৰতবর্ষ আৰু ইংলেণ্ডৰ চৰকাৰক এনে দায়বদ্ধ চৰকাৰৰ উদাহৰণ হিচপে উল্লেখ কৰিব পাৰি । 

প্রশ্ন ২৯। অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা ? নাইবা , আর্থিক পৰিকল্পনা কি ? 

উত্তৰঃ চৰকাৰে গােটেই দেশখনৰ আর্থিক উন্নয়নৰ বাবে এটা লক্ষ্যত নির্দিষ্ট সময়ৰ ভিতৰতে উপনীত হ’বলৈ গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ সামগ্রিক আঁচনিকে আর্থিক পৰিকল্পনা বােলে । 

প্রশ্ন ৩০। অর্থনৈতিক পৰিকল্পনাৰ যিকোনাে তিনিটা লক্ষ্য আঙুলিয়াই দিয়া । 

উত্তৰঃ অর্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্য বা লক্ষ্য তিনিটা হ’ল–

১। উন্নয়ন বাধাসমূহ দূৰ কৰা । 

২। প্রাকৃতিক সম্পদৰ উদঘাটন আৰু উচিত ব্যৱহাৰ কৰা । 

৩। জনমুৰি প্রকৃত আয় আৰু আর্থিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা । 

প্রশ্ন ৩১। অর্থনৈতিক উন্নয়নৰ এটা বাধা উল্লেখ কৰা ।

উত্তৰঃ অর্থনৈতিৰ উন্নয়নৰ বাধা এটা –

( ক ) জনসংখ্যা অত্যধিক বৃদ্ধি । 

প্রশ্ন ৩২। সামাজিক ন্যায় প্রতিষ্ঠা বুলিলে কি বুজা ব্যাখ্যা কৰা । 

উত্তৰঃ উন্নয়নশীল গণতান্ত্রিক , অত্যধিক জনসংখ্যা বৃদ্ধিৰ দেশত দুখীয়া , দৰিদ্র , নিৰক্ষৰ লােক বেছি । এনে সমাজত সামাজিক আৰু আর্থিক বৈষম্য অতি বেছি । আর্থিকভাবে দুর্বল , নিম্নস্তৰৰ মানুহৰ জীৱন নানাভাবে শােষিত হয় । সামাজিক , আর্থিকভাৱে নিৰাপত্তাহীন হৈ পৰে , সামাজিক ন্যায় বিপর্যস্ত হয় । এনে দেশৰ গণতান্ত্রিক চৰকাৰে সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে যথেষ্ট গুৰুত্ব আৰােপ কৰিব লাগে । এনে উন্নয়নশীল দেশৰ চৰকাৰে সাংবিধানিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়াৰ উপৰি আর্থিক দিশতাে দুর্বল , দুখীয়া শ্রেণীক ৰক্ষণাবেক্ষণ দিব লাগিব কম সুতত , কৃষি ঋণ আৰু বাসস্থান , কর্মসংস্থান আদি দিয়াতাে উচিত । দেশৰ জনসাধাৰণৰ মাজত আয় উপার্জনৰ ব্যৱধান হ্ৰাস কৰিব লাগিব । পিছপৰা দুর্বল শ্ৰেণীৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে অত্যাৱশ্যকীয় সামগ্রী সুলভ মূল্যত ব্যৱস্থা কৰিব লাগিব । এনেবােৰ কার্যৰ দ্বাৰা চৰকাৰে সমতা ৰক্ষাৰ চেষ্টাকে সামাজিক ন্যায় প্রতিষ্ঠা কৰা বুলি বুজা যায় । 

প্রশ্ন ৩৩। ভাৰতৰ অর্থনৈতিক পৰিকল্পনাৰ যিকোনাে চাৰিটা লক্ষ্য উল্লেখ কৰা । 

উত্তৰঃ ভাৰতৰ অর্থনৈতিক পৰিকল্পনাৰ লক্ষ্য তিনিটা— 

( ক ) আর্থিক উন্নয়নৰ বিভিন্ন বাধাসমূহ আঁতৰ কৰা ।

( খ ) ভাতৰত নিম্নহাব প্রকৃত জনমুৰি আয় আৰু অর্থনৈতিক উন্নয়ন হাৰ বৃদ্ধি কৰা । 

( গ ) দ্রুত মূলধন গঠন আৰু ঔদ্যোগীকৰণ । 

( ঘ ) কৃষিখণ্ডৰ উন্নয়নৰ বাবে বৈজ্ঞানিক ব্যৱস্থাৰে উৎপাদন বৃদ্ধি কৰা । 

প্রশ্ন ৩৪। ভাৰতবৰ্ষৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনাে চাৰিটা উদ্দেশ্য লিখা । 

উত্তৰঃ উদ্দেশ্য চাৰিটা হল— 

( ক ) প্রতি বছৰে ৮ শতাংশ হাৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি কৰা ৷ 

( খ ) দেশত দৰিদ্ৰতাৰ অনুপাত ২০০৭ চনত ৫ শতাংশ আৰু ২০১২ চনৰ ভিতৰত ১৫ শতাংশলৈ হ্রাস কৰা । 

( গ ) লাভজনক আৰু উচ্চমানৰ কর্মসংস্থানৰ উপায় সৃষ্টি কৰা । 

( ঘ ) ২০০৭ চনৰ ভিতৰত সকলাে ল’ৰা – ছােৱালীৰ বাবে প্রাথমিক শিক্ষাৰ সকলাে সুবিধা নিশ্চিত কৰা ।

প্রশ্ন ৩৫। ভাৰতবৰ্ষৰ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনাে তিনিটা উদ্দেশ্য লিখা । 

উত্তৰঃ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্য তিনিটা হ’ল–

( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ বছৰি ৮-১০ শতাংশলৈ বৃদ্ধি কৰা। 

( খ ) কৃষি খণ্ডৰ উন্নয়ন বছৰি ৪ শতাংশৰ হাৰত বৃদ্ধি কৰা । 

( গ ) ৭ কোটি’ অতিৰিক্ত নিবনুৱা লােকৰ বাবে কর্মসংস্থানৰ ব্যৱস্থা কৰা । 

প্রশ্ন ৩৬। অসমৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনাে চাৰিটা উদ্দেশ্য লিখা । 

উত্তৰঃ ( ক ) বিদ্যুৎ শক্তি উৎপাদন আৰু বণ্টন , ৰাভা , ঘাট , দলং , যােগাযােগ ব্যৱস্থাৰ উন্নতি কৰা । 

( খ ) কৃষি , জলসিঞ্চন আৰু অন্যান্য আনুষংগিক খণ্ডসমূহ উন্নয়ন কৰা ৷ 

( গ ) স্বাস্থ্যসেবা , পর্যটন , বৈজ্ঞানিক তথ্য সংগ্রহ আদি সেৱাৰ উন্নয়ন সাধন কৰা । 

( ঘ ) শিক্ষা , প্রশিক্ষণ দক্ষতা গঠন , পৰিচালনাৰ যােগেদি মানৱ সম্পদৰ উন্নতিসাধন কৰা ।

প্রশ্ন ৩৭। অসমৰ একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনাে তিনিটা উদ্দেশ্য লিখ । 

উত্তৰঃ অসমৰ একাদশ পৰিকল্পনাৰ উদ্দেশ্যবােৰ–

( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ ৮.৫ শতাংশলৈ বৃদ্ধি কৰা । 

( খ ) কৃষি , ক্ষুদ্র উদ্যোগ , বস্ত্র শিল্প আদিৰ উন্নয়ন কৰি গ্ৰাম্য উন্নয়নৰ গতি ক্ষিপ্ৰ কৰা । 

( গ ) কৃষি উন্নয়ন বছৰি ২ শতাংশ হাৰত বৃদ্ধি কৰা । 

( ঘ ) মানৱ সম্পদৰ বিকাশ সাধন কৰা ব্যৱস্থা কৰা । 

প্রশ্ন ৩৮। প্ৰভাৱ গােষ্ঠী বুলিলে কি বুজা ? 

উত্তৰঃ প্রভাৱ গােষ্ঠী আধুনিক গণতান্ত্রিক ব্যবস্থাত ৰাজনৈতিক দলৰ উপৰি আন আন বহুতাে স্বার্থন্বেষী গােট আৰু সংস্থা আছে যিবােৰৰ জৰিয়তে নাগৰিকসকলে চৰকাৰ আৰু ৰাজনীতিত অংশ গ্রহণ কৰে । বহুতাে কাৰণত কিছুমান নাগৰিক ৰাজনৈতিক দলৰ পৰা প্রত্যক্ষ আৰু পৰােক্ষভাৱে আঁতৰি থাকে ; কিন্তু সহকর্মী বন্ধুৰ স্বাৰ্থ আৰু সহানুভূতিৰ বাবে তেওঁলােকে কিছুমান সাংস্কৃতিক , সাহিত্যিক , বৃত্তিমূলক গােট আৰু সংস্থাৰ মাধ্যমত দেশৰ চৰকাৰৰ আৰু ৰাজনীতিৰ কার্যত হেঁচা বা প্রভাৱ পেলায় । এই গােটবােৰৰ ভিতৰত প্রভাব গােষ্ঠী আৰু স্বার্থন্বেষী গােট বিশেষভাবে উল্লেখযােগ্য । 

প্রশ্ন ৩৯। প্ৰভাৱ গােষ্ঠীৰ প্রধান বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ প্রধান বৈশিষ্ট্যবােৰ প্ৰভাৱ গােষ্ঠীৰ এক সংগঠিত অনুষ্ঠান হিচাপে কিছুমান নিজস্ব বৈশিষ্ট্য আছে । তলত কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা হ’ল— 

১। প্রভাৱ গােষ্ঠী হ’ল কিছুমান স্বার্থন্বেষী সদস্যৰ এক বেচৰকাৰী সংগঠন । সংগঠনৰ জৰিয়তে চৰকাৰৰ ওপৰত হেঁচা বা প্রভাৱ পেলাবলৈ চেষ্টা কৰে । 

২। ই এক অৰাজনৈতিক সংগঠন । ৰাজনীতিৰ লগত ইয়াৰ কোনাে সম্পর্ক নাথাকে আৰু কোনাে নির্দিষ্ট মতাদর্শও নাথাকে । স্বার্থৰ বাবে যিকোনাে ৰাজনৈতিক দল বা মতাদৰ্শৰ লগতে মিলি পৰিব পাৰে । 

৩। ইসদায় নেপথ্যত থাকি কাম কৰে । চৰকাৰৰ আইন প্রণয়ন কার্যকৰী কৰাৰ ক্ষেত্ৰত ই বাহিৰৰ পৰা কর্তৃপক্ষৰ ওপৰত হেঁচা প্রয়ােগ কৰে । 

৪। ই নিজ গােষ্ঠীৰ স্বার্থ পূৰণৰ বাবে জাতীয় বা বাজহুৱা স্বার্থক আওকাণ কৰিব পাৰে । আনকি বহুতাে দুর্নীতিৰো আশ্রয় লােৱা দেখা যায় । 

প্রশ্ন ৪০। স্বার্থান্বেষী গােট কাক বােলে ?

উত্তৰঃ স্বার্থান্বেষী গােটবােৰ প্ৰভাৱ গােষ্ঠীৰ দৰেই নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে গঠন হয় । স্বার্থন্বেষী গােটৰ পৰিসৰ প্ৰভাৱ গােষ্ঠীতকৈ সৰু । স্বার্থান্বেষী গােটবােৰক প্রভাৱ গােষ্ঠীৰ এজেন্ট বুলি ক’ব পাৰি । যেনে , ভাৰতৰ বৃহৎ ব্যৱসায়ীক প্রভাৱ গােষ্ঠীৰ সৰু সৰু স্বার্থান্বেষী গােটবােৰ হ’ল টাটা , বিলা , ডালমিয়া , গােয়েংকা আদি গােট । এইবােৰ নিজৰ নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে সংগঠিত হয় আৰু চৰকাৰৰ আইন প্রণয়ন । আৰু কার্যাৱলীকৰণত যথেষ্ট প্রভাৱ পেলায় । এই স্বার্থান্বেষী গােটবােৰ একো একোটা পৰিয়াল বা সম্প্রদায়ৰ ভিতৰতে আৱদ্ধ থকাও দেখা যায় । যেনে — মাৰোৱাৰী সম্প্রদায় বা গােয়েংকা পৰিয়াল আদি উল্লেখনীয় । এই স্বার্থান্বেষী গােটবােৰে নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে সংগঠিত হৈ প্ৰভাৱ গােষ্ঠীৰ সৃষ্টি কৰে । 

প্রশ্ন ৪১। আইন কি ? সংজ্ঞা দিয়া ।

উত্তৰঃ সংজ্ঞা :- বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে আইনৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে । ইংলণ্ডৰ আইনজ্ঞ জন অষ্টিনে আইনক “ উর্ধ্বতন কর্তৃপক্ষই নিম্নতম কর্তৃপক্ষলৈ দিয়া আদেশ ” বুলি কৈছে । কিন্তু ঐতিহাসিক আইনজ্ঞ হেনৰী মেইন আদি চিন্তাবিদ মতে আইন হ’ল সামাজিক উন্নয়নশীল শক্তিৰ ফলত সৃষ্টি হােৱা নিয়ম । তেওঁলােকৰ মতে সকলাে আইন ‘ নির্দেশ নহয় । উদ্রো উইলচনৰ মতে “ আইন হ’ল সমাজত প্রতিষ্ঠিত কিছুমান ভাব আৰু অভ্যাস যিবােৰে চৰকাৰৰ কর্তৃত্ব আৰু ক্ষমতাৰ সহায়ত সমৰূপীনীতি আৰু নিয়ম হিচাপে স্পষ্ট আৰু আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিছে । 

অধ্যাপক হলেণ্ডে দিয়া আইনৰ সংজ্ঞাটোহে আটাইতকৈ উৎকৃষ্ট সংজ্ঞা বুলি গণ্য কৰা হয় । তেওঁৰ মতে— “ আইন হ’ল সার্বভৌম ৰাজনৈতিক কর্তৃপক্ষই বলৱ কৰা মানুহৰ বাহ্যিক কাৰ্যৰ সাধাৰণ নীতি – নিয়ম । ” ( “ A low is a general of external action enforced by a sovereign political authority . ” ) 

ওপৰত উল্লিখিত সংজ্ঞাৰ পৰা এইটো বুজা যায় যে আইন হ’বলৈ হ’লে তিনিটা বস্তুৰ আৱশ্যক– 

( ১ ) এটা সংগঠিত জনসমষ্টি লাগে যিয়ে নিজৰ ইচ্ছাক ৰূপ দিব পাৰে । 

( ২ ) । সামাজিক স্বভাৱৰ কিছুমান স্বীকৃত নিয়ম লাগিব । 

( ৩ ) নিয়মবােৰ বলবৎ কৰিবৰ বাবে এটা সার্বভৌম ক্ষমতাৰ আৱশ্যক । এই তিনিটাৰ সংমিশ্রণত আইনৰ সৃষ্টি হ’ব পাৰে । 

প্রশ্ন ৪২। কল্যাণকামী ৰাষ্ট্ৰ বুলিলে কি বুজা ? 

উত্তৰঃ সংজ্ঞা :- কল্যাণকামী ৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন লিখকে বিভিন্ন প্রকাৰে দিছে । চিন্তাবিদ কোলেৰ মতে কল্যাণকামী ৰাষ্ট্র এনে এখন সমাজ য’ত প্রত্যেক নাগৰিকে জীৱন – ধাৰণৰ নিম্নতম এটা মান উপভােগ কৰাৰ বাবে আৱশ্যকীয় সুযােগ সুবিধাখিনি প্ৰদান কৰা হয় । আন এজন চিন্তাবিদ কেণ্টৰ মতে যি ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ সৰ্বাংগীন উন্নতি সাধনৰ চেষ্টা কৰে তাকে কল্যাণকামী ৰাষ্ট্ৰ বােলে । মুঠতে দেখা যায় ৰাষ্ট্ৰখনত বসবাস কৰা সকলাে প্ৰজাৰ সর্বাংগীন উন্নতিৰ বাবে সুযােগ – সুবিধা প্রদান কৰা ৰাষ্ট্ৰই হ’ল কল্যাণকামী ৰাষ্ট্ৰ । আনহাতে কল্যাণকামী ৰাষ্ট্র এখনৰ বাসিন্দাসকলেও পৰস্পৰে পৰস্পৰৰ সুযােগ – সুবিধাৰ সদ্ব্যব্যৱহাৰ কৰিবৰ বাবে প্রত্যেকেই সকলােৰে বাবে আৰু সকলােৱে প্রত্যেকৰ বাবে ’ সহায় – সহযােগ আগবঢ়াব লাগে । এয়েই হ’ল কল্যাণকামী ৰাষ্ট্রৰ মূলমন্ত্র ( Each for all and all for each ) । 

প্রশ্ন ৪৩। আইন আৰু ন্যায়ৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ আইন আৰু ন্যায়ৰ সম্পৰ্ক অতি নিবিড় আৰু ওতঃপ্রােত । সমাজত সকলাে ব্যক্তিয়ে সমান হােৱা উচিত । ন্যায় বা সামাজিক ন্যায়ে জাতি , বর্ণ , ধর্ম আদি নির্বিশেষে কোনাে প্রকাৰৰ বৈষম্যমূলক ব্যৱস্থা নােহােৱাটোকে বুজায় । সমাজত প্ৰচলিত বৈষম্যমূলক নীতি বা কার্য ন্যায়ৰ পৰিপন্থী । 

মানৱ সমাজত নানা ধৰণৰ সামাজিক অসমতা দেখা যায় । ন্যায়ে সমাজৰ এই বিভিন্ন প্রকাৰ অসমতা বা অন্যায় আঁতৰােৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা কথাক বুজায় । ন্যায়ে সকলে ব্যক্তি সমানে ৰক্ষণাবেক্ষণ দিয়াটো বুজায় । এই ন্যায়ক আইনে ৰক্ষণাবেক্ষণ দিয়ে । আইন হ’ল ৰাষ্ট্র কর্তৃত্বশালী অংগই সৃষ্টি কৰা এক ব্যৱস্থা বা নীতি যাৰ দ্বাৰা ন্যায়ক ৰক্ষণাবেক্ষণ দিয়া হয় । আইনৰ অবিহনে সমাজত ন্যায় ৰক্ষা নপৰিব পাৰে । গতিকে সামাজিক ন্যায় ৰক্ষাৰ বাবেই আইন সমাজত অপৰিহাৰ্য বুলি গণ্য কৰা হয় । 

প্রশ্ন ৪৪। স্বার্থান্বেষী গােটৰ ভূমিকা কি ? 

উত্তৰঃ ভাৰতৰ শ্রমিক সংস্থাবোৰও স্বার্থান্বেষী গােট গঠন কৰে । বিভিন্ন উদ্যোগ শ্ৰমিকসকলে নিজৰ উদ্যোগৰ শ্ৰমিকৰ স্বাৰ্থ পূৰণৰ বাবে প্রত্যেক গােট গঠন কৰে । বৃহৎ উদ্যোগতাে এনে সংগঠন আছে । এনেধৰণৰ উদ্যোগৰ শ্ৰমিকসকলে সংগঠিত হৈ প্রভাৱ গোষ্ঠীৰ সৃষ্টি কৰে । শ্রমিক গােটবােৰে ধর্মঘট , শােভাযাত্রা , অনশন আদি কৰি নিজৰ সমস্যা আৰু দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰে । মুঠতে সদস্যসকলৰ নিজৰ ন্যস্তস্বার্থ পূৰণৰ উদ্দেশ্যে গঠিত হৈ চৰকাৰৰ আইন আৰু প্ৰশাসনীয় কার্যত প্ৰভাৱ পেলােৱা সংগঠনকে স্বার্থান্বেষী গােট বােলে । 

প্রশ্ন ৪৫। প্ৰভাৱ গােষ্ঠীৰ তিনিটা গুণ আৰু তিনিটা দোষ লিখা । 

উত্তৰঃ ( ক ) প্রভাৱ গােষ্ঠীৰ গুণ তিনিটা হল— 

১। প্রভাৱ গােষ্ঠীবােৰে চৰকাৰৰ বিধানমণ্ডলক আইন প্রণয়ন কৰাৰ ক্ষেত্ৰত হেচা প্রয়ােগ কৰাৰ উপৰিও দিহা – পৰামৰ্শ দি সহায় কৰে । 

২। প্রভাৱ গােষ্ঠীবােৰে ৰাজনৈতিক দলবােৰক নানা প্রকাৰে দান – বৰঙণি দি শক্তিশালী কৰি গঠন কৰাত সহায় কৰে । 

৩। বহুতাে ক্ষেত্ৰত প্ৰভাৱ গােষ্ঠীবোৰে সমাজত সুস্থ সবল জনমত গঠন কৰি চৰকাৰৰ ওপৰত প্রয়ােজনীয় হেঁচা প্রয়ােগ কৰি জনমত মতে কাম কৰিবলৈ বাধ্য কৰায় । 

( খ ) প্রভাৱ গােষ্ঠীৰ দোষ তিনিটা হল— 

১। প্রভাৱ গােষ্ঠীবােৰে সদায় কেৱল মাত্র নিজৰ সদস্যসকলৰ নাইবা শ্ৰেণীটোৰ স্বার্থ পূৰণৰ কথাহে ভাবে , সাধাৰণ শ্ৰেণীৰ লােকৰ কথা নাভাবে । 

২। অনেক ক্ষেত্ৰত প্ৰভাৱ গােষ্ঠীবােৰে দুৰ্নীতিৰ আশ্ৰয় লৈ হ’লেও নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰে । 

৩। প্রভাৱ গােষ্ঠীবােৰে ৰাষ্ট্ৰীয় স্বার্থ উপেক্ষা কৰি হ’লেও নিজৰ শ্ৰেণীটোৰ স্বাৰ্থ পূৰণ কৰাৰ পৰা বিচলিত নহয় । 

প্রশ্ন ৪৬। গাঁও সভা কি ? গাঁওসভাৰ কার্যাবলী কি কি ?

উত্তৰঃ গাঁও সভা হ’ল গাঁৱৰ প্রাপ্তবয়স্ক বাসিন্দাসকলৰ সভা বা প্রাপ্তবয়স্ক ( পুৰুষ আৰু মহিলা ) সদস্যসকলৰ ( নাগৰিকসকলৰ ) সভা ।এইসদস্যসকলে ভােট দিগাঁও পঞ্চায়তৰ সভাপতি আৰু সদস্য প্রতিনিধিসকলক নির্বাচিত কৰি গাঁও পঞ্চায়তখন গঠন কৰে । 

গাঁও পঞ্চায়তৰ কিছুমান কাম আছে— 

১। গাঁও সভাই গাঁও পঞ্চায়তৰ সভাপতিজনক আৰু পঞ্চায়তৰ সদস্যসকলক নির্বাচিত । 

২। সভাপতিয়ে গাঁও পঞ্চায়তৰ বছৰেকীয়া বাজেট সভাত দাখিল কৰিব লাগে । সভাই এই বাজেট আলােচনা কৰে । 

৩। সভাই গাঁৱৰ উন্নয়নমূলক কামৰ সিদ্ধান্তবােৰ লয় । 

৪।গাঁও সভাৰ সদস্যসকলে পঞ্চায়তৰ সদস্যসকলক গাঁৱৰ বিভিন্ন কামৰ বাবে প্রশ্ন কৰিব পাৰে । 

প্রশ্ন ৪৭। পঞ্চায়তৰ আয়ৰ উৎস তিনিটা উল্লেখ কৰা । 

উত্তৰঃ পঞ্চায়তৰ আয়ৰ পথ তিনিটা হ’ল – 

( ক ) চৰকাৰে দিয়া দান – অনুদান । 

( খ ) ঘৰৰ ওপৰত লগােৱা কৰৰ পৰা হােৱা আয় । 

( গ ) পঞ্চায়তৰ নিজৰ ভূমিৰ পৰা হােৱা আয় । 

প্রশ্ন ৪৬। গাঁও পঞ্চায়তৰ চাৰিটা প্রধান কাম উল্লেখ কৰা । 

উত্তৰঃ প্রধান কাম চাৰিটা— 

( ক ) গাঁওবাসীৰ বাবে খােৱা পানী যােগানৰ ব্যৱস্থা কৰা । 

( খ ) গাঁৱৰ ৰাস্তা – ঘাট নির্মাণ কৰা । 

( গ ) গাঁওখন পৰিষ্কাৰ – পৰিচ্ছন্ন কৰি ৰখা । আৰু 

( ঘ ) গাঁৱত বিজুলীবাতিৰ ব্যৱস্থা কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top