Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ

Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ and select needs one.

Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। গাঁৱৰ সংজ্ঞা দিয়া । অসমৰ গ্রামাঞ্চলৰ প্রধান বৈশিষ্ট্যসমূহ কি কি ? নাইবা , ভাৰতীয় গ্রাম্য সমাজ প্রধান বৈশিষ্ট্যসমূহ কি কি লিখা ? 

নাইবা , ভাৰতীয় গ্রাম্য সমাজ ব্যৱস্থাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ভাৰত এখন গ্রামপ্রধান দেশ । এই গ্রাম্য জীৱনেই হ’ল ভাৰতীয় সমাজ আৰু সভ্যতা – সংস্কৃতিৰ বিকাশৰ মূল ভেটি । বর্তমান মানৱ সমাজক দুটা পৰিৱেশত ভাগ কৰা হয় — গাৱলীয়া পৰিৱেশ আৰু নগৰীয়া পৰিৱেশ । 

সংজ্ঞা :- আমি সাধাৰণতে , যেতিয়া কিছুমান কৃষিজীৱী পৰিয়ালে নির্দিষ্ট ভৌগােলিক অঞ্চল এটাত স্থায়ীভাৱে বসবাস কৰোঁ , তাকে গাঁও বুলি কওঁ । গাঁৱক কৃষিজীৱী লােকৰ বাসস্থান বুলিয়ে ক’ব পাৰি । সমাজশাস্ত্রবিদসকলে বিভিন্ন প্রকাৰে গাঁৱৰ সংজ্ঞা দিবলৈ চেষ্টা কৰি আহিছে । অধ্যাপক শ্রীনিবাসৰ মতে যেতিয়া কোনাে জনসমূহে আন তেনে জনসমূহৰ পৰা কিছু দূৰে দূৰে এটা নির্দিষ্ট সীমাৰ ভিতৰত স্থায়ীভাৱে বাস কৰে , এই সমূহবােৰৰ মাজত যাতায়াত ব্যৱস্থা অতি শােচনীয় হয় , এই সমূহবােৰৰ সৰহ সংখ্যক লােক কৃষিজীৱী , এওঁলােক আর্থিক , সামাজিক আদি বহুতাে ক্ষেত্ৰত পৰম্পৰ নিৰ্ভৰশীল । তেওঁলােকৰ অভিজ্ঞতাও অতি সাধাৰণ । এই বিশেষত্ববােৰে সমূহৰ বাসিন্দাসকলৰ মাজত দৃঢ় ঐক্যবন্ধন গঢ়ি তােলে । এনে সমূহকে গাঁও বােলে । 

ভাৰতীয় গ্রাম্য জীৱনৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে । তলত প্রধান বৈশিষ্ট্যবােৰ আলােচনা কৰা হ’ল । 

প্রধান বৈশিষ্ট্যবোৰ :-

১। পৰিয়ালৰ সমষ্টি :- পৰিয়াল সমাজৰ প্রাথমিক গােট । কিছুমান পৰিয়ালৰ সমষ্টিয়েই হ’ল গাঁও । পৰিয়ালৰ ব্যক্তিসকলৰ ব্যক্তিত্ব , দক্ষতা , প্রতিভা , প্রস্থিতি আদি নিৰ্ভৰ কৰে পৰিয়ালৰ সামাজিক প্ৰস্থিতিৰ ওপৰত । পৰিয়ালক কেন্দ্ৰ কৰিয়েই গাঁৱলীয়া সমাজবােৰ চলি থাকে । 

২। জাতিপ্রথা :- ভাৰত এখন জাতি প্রধান দেশ । হিন্দু সমাজ জাতিগত সমাজ । অতীজ ভাৰতত গাঁওবােৰ জাতি বা সম্প্রদায় ভিত্তিতে গঢ়ি উঠিছিল । জাতি ব্যৱস্থাৰ লগত স্বজনতা , পৱিত্ৰতা , অপবিত্রতা , খােৱা – বােৱা , আদান – প্রদান , বিয়া – বাৰু আদিত নানা বাধা – নিষেধ থাকে । জাতিপ্রথাই সামাজিক ক্রিয়া – কর্ম , আচাৰ – ব্যৱহাৰ নিয়ন্ত্রণ কৰে । গাঁৱলীয়া সমাজ ব্যৱস্থা জাতিপ্ৰথাৰ দ্বাৰা প্ৰভাৱিত । 

৩। ভৌগােলিক অৱস্থান :- গাঁওবােৰৰ ভৌগােলিক অৱস্থানাে এক স্বকীয় উল্লেখযােগ্য বৈশিষ্ট্য । গ্রামাঞ্চলৰ অৱস্থান নগৰাঞ্চলৰ পৰা কিছু দূৰ দূৰণিত অৱস্থিত । এই গাঁওবােৰৰ লগত নগৰাঞ্চলৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ কোনাে পােনপটীয়া সংযােগ নাই । এইবােৰ কাৰণতে ই নগৰৰ পৰা বিচ্ছিন্ন আৰু শিক্ষা – দীক্ষা সকলাে ক্ষেত্রতে পিছপৰা ।

৪। কৃষিভিত্তিক :- গাঁও কৃষিজীৱী লােকৰ বাসস্থান । গাঁওবাসীৰ প্ৰধান বৃত্তি আৰু জীৱিকা হ’ল কৃষি । গ্রামাঞ্চলৰ শতকৰা ৮০ ভাগ লােক প্রত্যক্ষভাৱে নিৰ্ভৰ কৰে কৃষিৰ ওপৰত । গাঁৱৰ প্রত্যেকটো পৰিয়ালেই একো একোটা কৃষি উৎপাদনৰ গােট । 

৫। প্রাকৃতিক সম্বন্ধ :- প্রকৃতিৰ লগত গাঁওবাসীৰ সম্বন্ধ অতি নিবিড় আৰু ঘনিষ্ঠ । প্রকৃতিৰ মাজতে গাঁৱৰ লােকসকল ডাঙৰ – দীঘল হয় । খেতি – পথাৰ , নৈ – বিল , গছ – লতা , বােকা – পানীৰ , মাজতে গাঁওবাসীৰ জীৱন অতিবাহিত হয় । কৃষিৰ সকলাে কার্য প্রকৃতিৰ ওপৰতে নিৰ্ভৰ কৰে । প্রাকৃতিক পৰিৱেশেই হ’ল গাঁৱলীয়া পৰিবেশ । অৱশ্যে আধুনিক যুগত বৈজ্ঞানিক , কাৰিকৰী ওয়ানৰ সম্প্ৰসাৰণৰ বাবে জলসিঞ্চন , বৈদ্যুতিক যন্ত্রপাতিৰ ব্যৱহাৰে লাহে লাহে এই পৰিবেশৰ পৰিবর্তন ঘটাবলৈ আৰম্ভ কৰিছে । 

৬। জীৱন – যাপনৰ পৰিবেশ :- গাঁৱৰ মানুহে অস্বাস্থ্যকৰ পৰিৱেশত নিম্নমানবিশিষ্ট জীৱন যাপন কৰে । গাঁওবিলাক কু – সংস্কাৰ , অন্ধবিশ্বাস আদিৰে আৱেষ্টিত হৈ থাকে । গাঁৱৰ প্ৰায়ভাগ লােকেই ধর্ম আৰু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি চলে । মৌলিক প্রয়ােজনীয় বস্তুৰ সংগ্ৰহ আৰু উৎপাদন কৰাই গাঁওবাসীৰ প্ৰধান আৰু মুখ্য কাম । তেওঁলোক বিলাসিতা , প্রসাধন আৰু জকৰ্জমক জীৱনৰ প্রতি আকৃষ্ট নহয় । গাঁৱলীয়া জীৱন অতি সহজ – সৰল , আধুনিক নগৰীয়া জীৱনৰ জটিলতাই তাক ঢুকি নাপায় । 

৭। বৈচিত্র্যহীন জীৱন :- গ্রাম্য জীৱন বৈচিত্র্যহীন । পৰম্পৰাগতভাৱে প্রচলিত ৰীতি নীতিবােৰ মানি , পুৰুষানুক্রমে নিজ নিজ বৃত্তি ধাৰণ কৰি , জীৱন অতিবাহিত কৰোঁতে গাঁওবাসী লােক ব্যস্ত । বংশগত বৃত্তি এৰি আন বৃত্তি অনুসৰণ কৰা গ্রামাঞ্চলত দেখা নাযায় । আর্থিক , সামাজিক , ধর্মীয় আদি ক্ষেত্ৰত গাঁৱলীয়া জীৱনৰ বিচিত্রতা দেখা নাযায় । গাঁওবাসীয়ে পৰস্পৰ সহযােগিতা , মিলাপ্ৰীতিৰ মাজেৰে ঐক্যবদ্ধ জীৱন – যাপন কৰে । 

৮। ধৰ্মৰ প্ৰভাৱ :- ভাৰতীয় গ্রাম্য জীৱনত ধর্মীয় প্রভাৱ অতি বেছি । গাঁৱলীয়া মানুহ ধর্মভীৰু । নিজ নিজ ধর্মৰ নীতি – নিয়ম পালন কৰাৰ উপৰি আন লােকৰ ধৰ্মৰ প্ৰতিও সমানে শ্রদ্ধা – ভক্তি কৰে । গাঁওবােৰত পূজা – পাতল , উৎসৱ – পার্বণ , ধর্ম – কর্মৰ কাম তুলনামূলকভাৱে নগৰতকৈ বেছি । 

৯। নিৰক্ষৰতা :- নিৰক্ষৰতা গাঁৱলীয়া সমাজৰ আন এটা উল্লেখযােগ্য বৈশিষ্ট্য । গাঁৱৰ নিৰক্ষৰতাৰ হাৰ নগৰতকৈ অতি বেছি । বর্তমান গাঁওবাসীৰ নিৰক্ষৰতাৰ হাৰ লাহে লাহে কমিবলৈ ধৰিছে । 

১০। জনমতৰ গুৰুত্ব :- ভাৰতৰ গ্রামাঞ্চলত , নগৰাঞ্চলৰ তুলনাত জনমতৰ প্ৰভাৱ অতি বেছি । গাঁও অঞ্চলত প্রচলিত প্রথা , ৰীতি – নীতিৰ বান্ধোন অতি কঢ়া । কোনাে লােকে এই বান্ধোন ভঙ্গ কৰিবৰ সাহস নকৰে , কাৰণ ভঙ্গ কৰাৰ পৰিণামত নানা শাস্তি প্রদান কৰিব পাৰে । এইবােৰ কাৰণতে জনমতে গাঁওবাসীক বাৰুকৈয়ে প্রভাৱিত কৰিব পাৰে । এইবােৰেই হ’ল ভাৰতীয় গ্রামাঞ্চলৰ প্রধান বৈশিষ্ট্য । কম – বেছি পৰিমাণে ভাৰতবৰ্ষৰ সকলাে গাঁৱতে এই বৈশিষ্ট্যসমূহ দেখিবলৈ পােৱা যায় । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1ভাৰতীয় সমাজ
Chapter 2ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি
Chapter 3 সামাজিক সংস্থাবােৰৰ ধাৰাবাহিকতা আৰু পৰিবর্তন
Chapter 4সামাজিক সংস্থা হিচাপে বজাৰ
Chapter 5সামাজিক বৈষম্য আৰু বৰ্জন আৰ্হি
Chapter 6সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান
Chapter 7প্রকল্প আঁচনিৰ বাবে পৰামর্শ
Unit 2দ্বিতীয় খণ্ড
Chapter 1সংৰচনাত্মক পৰিৱর্তন
Chapter 2সাংস্কৃতিক পৰিবর্তন
Chapter 3ভাৰতীয় গণতন্ত্রৰ বিৱৰণ
Chapter 4গ্রাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ
Chapter 5ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ
Chapter 6বিশ্বায়ন আৰু সামাজিক পৰিবর্তন
Chapter 7গণমাধ্যম আৰু যােগাযােগ
Chapter 8সামাজিক আন্দোলন

প্রশ্ন ২। তােমাৰ পাঠ্যপুথিৰ মতে কি কি তিনিটা প্রকাৰে নগৰ চহৰবােৰ গঠন হয় ? 

উত্তৰঃ ভাৰতত সাধাৰণতে তলত দিয়া তিনিটা পদ্ধতিৰে নগৰ – চহৰবােৰ গঠন হােৱা আৰু সম্প্ৰসাৰণ বা বিকাশ হােৱা দেখা যায় । 

( ১ ) প্রথম পদ্ধতিত — গৰিষ্ঠসংখ্যক লােকে জীৱন সংস্থাপনৰ বাবে গাঁও এৰি নগৰলৈ যায় । যি ঠাইত নগৰ গঢ়ি উঠিবলৈ আৰম্ভ কৰে , তালৈ ওচৰ – পাজৰৰ গাঁৱবােৰৰ পৰা জীৱিকাৰ পথ বিচাৰি গৈ স্থায়ীভাৱে বাস কৰিবলৈ লয় । এইদৰে নগৰৰ জনসংখ্যা বৃদ্ধি পায় , ৰাস্তা – ঘাট , ঘৰ – দুৱাৰ , অত্যাৱশ্যকীয় বস্তুৰ দোকান – পােহাৰ গঢ়ি উঠে , শিক্ষানুষ্ঠান গঢ়ি উঠে , আমদানি ৰপ্তানি বাঢ়ে , কল – কাৰখানা , ফেক্টোৰী , নানা বস্তুৰ উৎপাদন কেন্দ্র গঢ়ি উঠিবলৈ লয় । ক্রমান্বয়ে জনসংখ্যা বাঢ়ি গৈ ঠাইখন নগৰত পৰিণত হয় । মুম্বাই , কলিকতা এইদৰে গঢ় লৈ উঠিছিল । 

( ২ ) দ্বিতীয় পদ্ধতি :- কিছুমান নগৰ গঢ়ি উঠিছে প্রথমে কিছুমান বিশেষ উদ্যোগক কেন্দ্র কৰি । উদাহৰণ স্বৰূপে দিগবৈ নগৰখন আৰম্ভ হৈছিল এছিয়াৰ প্রথম খাৰুৱা তেল আবিষ্কাৰক লৈ । তেল উদঘাটনক লৈ ইয়াত প্রথম তেল উদ্যোগ গঢ়ি উঠিছিল তাৰ পাছত কর্ম সংস্থাপনক কেন্দ্ৰ কৰি চাৰিওফালৰ পৰা কৰ্মীৰ প্ৰব্ৰজন হয় । যাতায়াত – পৰিবহনৰ বাবে ৰাস্তা – ঘাট গঢ়ি উঠে , দোকান , বেপাৰ – বাণিজ্য , আবাস স্থলি আদি গঢ়ি উঠে । এইদৰে গঢ়ি উঠিছিল ডিগবৈ নগৰখন । ঠিক তেনেদৰে উজনি অসমত আন কেবাখনাে নগৰ যেনে যােৰহাট ; গােলাঘাট , ডিব্ৰুগড় নগৰ কেইখন অসমৰ চাহ উদ্যোগক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল । 

( ৩ ) তৃতীয় পদ্ধতিত :- কিছুমান সৰু নগৰ , ক্রমান্বয়ে সম্প্রসাৰণ হৈ চাৰিওফালে থকা গাঁওবােৰক সামৰি লৈ , গ্রামাঞ্চলবােৰ নগৰ অঞ্চললৈ উন্নীত কৰণ কৰি একোখন বিশাল নগৰত পৰিণত কৰে । গতিকে প্রথমে সৰু নগৰ হিচাপে আৰম্ভ হােবা নগৰ এখন মহানগৰত পৰিণত হয় । আমাৰ অসমৰ গুৱাহাটীনগৰখন প্রথমে এখন সৰু নগৰহে আছিল কিন্তু স্বাধীনতাৰ পাছৰে পৰা ক্ৰমে বিশেষকৈ শিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অহাৰ পাছৰে পৰা গুৱাহাটী এখন বিশাল মহানগৰত পৰিণত হয় আৰু চাৰিওফালে থকা গ্রামাঞ্চলবােৰ সামৰি লৈ পূবে চন্দ্ৰপুৰৰ পৰা পশ্চিমে মির্জা – পলাশবাৰী উত্তৰে আমিনগাঁও , উত্তৰ গুৱাহাটী আৰু দক্ষিণে ৰাণী – যােৰাবাটলৈ এখন অতি বিশাল মহানগৰ হৈ পৰিছে । 

প্রশ্ন ৩। ভাৰতৰ গ্রামাঞ্চলৰ আর্থিক ব্যৱস্থাৰ বিষয়ে এটি চমু আলােচনা কৰা । নাইবা , গ্রাম্য অৰ্থনীতিৰ মূল ভিত্তি কি ? নাইবা , গ্রাম্য জীৱনৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ মানৱ সভ্যতাৰ কেন্দ্রবিন্দু হ’ল গাঁও । অঘৰী আদিম মানৱে কৃষি কাৰ্য আৰম্ভ কৰাৰ পিছৰে পৰা গাঁও পাতি স্থায়ীভাবে বাস কৰিবলৈ আৰম্ভ কৰিলে । কৃষি কাৰ্যই অঘৰী মানৱক স্থায়ীভাৱে গাও পাতি বাস কৰিবলৈ সুবিধা দান কৰে । গতিকে গাওৱেই হ’ল মানুহৰ সভ্যতাৰ প্রথম পাতনি । আদিম অৱস্থাৰ পৰাই গাও হ’ল কৃষিভিত্তিক ।

গাঁও হ’ল কৃষিজীৱী মানুহৰ বাসস্থান । গাঁওৰ অৰ্থনীতিৰ মূল ভেটি হ’ল কৃষি । কৃষিকাৰ্যৰ ওপৰতে গাঁওৰ প্রায় সকলাে মানুহে জীৱিকা নির্বাহ কৰে । প্রাকৃতিক পৰিৱেশত যি অঞ্চলৰ গাঁওত যি খেতি – বাতি হয় সাধাৰণতে তেনে খেতিৰ উৎপাদিত শস্য খাইয়ে গাঁওৰ মানুহে জীৱন ধাৰণ কৰে । মানুহৰ আৱশ্যকীয় সকলাে প্ৰকাৰৰ খেতি গাঁওবােৰত হয় , যেনে— ধান , মাহ , সৰিয়হ , কুঁহিয়াৰ , মৰাপাট , গম , জৱ , মাকৈ আদি শস্যৰ পৰা হােৱা খাদ্য খাই গাঁৱৰ মানুহে জীৱিকা নির্বাহ কৰে , ইয়াৰ উপৰি বিভিন্ন শাক – পাচলি , আলু , কচু , বেঙেনা , পিয়াজ , জলকীয়া আদিৰ খেতিও হয় । গাঁওবােৰত সাধাৰণতে নিজৰ আৱশ্যকীয় পৰমাণৰ খেতিহে কৰে , বিক্ৰীৰ বাবে বা বিক্ৰী কৰি অর্থ উপার্জনৰ বাবে গাঁওবাসীয়ে কৃষিকার্য সাধাৰণতে নকৰে । 

গ্রাম্য অর্থনীতি মূল ভিত্তি কৃষি উদ্যোগ ; সাধাৰণতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল । ভাৰতৰ বেছিভাগ গাওঁতে আদিম যুগৰে পৰা ব্যৱহাৰ কৰি অহা নাঙল , কোৰ , গৰু আদিৰ সহায়তে গাঁওৰ মানুহে কৃষিকার্য চলায় । সেইবাবে কৃষিৰ উৎপাদন সীমিত , আনহাতে , মানুহৰ পৰিশ্ৰম অত্যধিক হয় । নিজৰ আৱশ্যকতকৈ বেচি উৎপাদন কৰা শাৰীৰিকভাৱে সম্ভৱ নহয় । অৱশ্যে , আধুনিক যুগত কিছুমান ৰাজ্যত যেনে পঞ্জাৱ , হাৰিয়ানা আদিত ট্ৰেক্টৰ , জলসিঞ্চন , বিদ্যুতৰ ব্যৱহাৰ কৰি কৃষিকার্য কৰি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰা দেখা যায় । মুঠতে গাঁওৰ কৃষিকাৰ্যৰ সঁজুলিৰ পৰিৱৰ্তন সাধন কৰি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পৰা যায় আৰু অর্থনীতি টনকীয়াল কৰিব পাৰি ।

গ্রাম্য অর্থনীতিৰ আন এটা উল্লেখযােগ্য দিশ হ’ল পৰিয়ালৰ প্ৰত্যেকজন লােকেই কৃষিকাৰ্যৰ কামত সহায় কৰে । গ্রাম্য অর্থনীতিৰ উৎপাদন ব্যৱস্থাত প্রত্যেক পৰিয়ালে একোটা শ্রমিক গােট হিচাপে কাম কৰে । গ্রাম্য অর্থনীতিত আন এটা লক্ষ্য কৰিবলগীয়া কথা হ’ল প্রত্যেক পৰিয়ালে একোটা স্বাৱলম্বী গােট হিচাপে চলে । প্রতিটো পৰিয়ালেই নিজৰ নিজৰ অর্থনৈতিক প্রয়ােজনীয়তা যেনে খাদ্যসামগ্রী , পিন্ধন – উৰণৰ সামগ্রী , খেতিৰ সা – সঁজুলি , ঘৰ – দুৱাৰ নিৰ্মাণৰ সামগ্ৰী আদি নিজেই সাজি লয় । মুঠতে আৱশ্যকীয় প্ৰায়বােৰ বস্তু নিজেই উৎপাদন কৰি লয় । নিজৰ আৱশ্যকীয় কাপােৰ – কানি নিজে বই লয় , ঢাবি – পাতি , খেতিৰ সা – সঁজুলি , ঘৰ – দুৱাৰৰ কাম বাঁহ – বেতেৰে নিজই তৈয়াৰ কৰি লয় । এইদৰে কুটীৰ শিল্পৰ জৰিয়তেও অর্থনীতিৰ এটা দিশ সামৰি লয় । গাঁও অঞ্চলত থকা কুমাৰ – কমাৰেও গাঁৱৰ মানুহৰ প্রয়ােজনীয় সা – সঁজুলিৰ যােগান ধৰে । এইদৰে কুটীৰ শিল্পৰ জৰিয়তেও গাঁওৰ সীমিত সংখ্যক মানুহে জীবিকা নির্বাহ কৰে । 

ইংলণ্ডৰ বিদেশী শাসনে ভাৰতৰ পুৰণিকলীয়া গ্রাম্য অর্থনীতিৰ কিছু পৰিৱর্তন সাধন কৰিছিল । ইংৰাজৰ শাসনকালত গাওঁবাসীয়ে যেতিয়া মাটিৰ খাজনা দিয়াতাে বাধ্যতামূলক হৈ পৰিছিল , গাঁওবাসীয়ে বাণিজ্যিক ভিত্তিত খেতি – বাতি কৰি অর্থ উপার্জনৰ মনােভাব ল’বলৈ বাধ্য হৈছিল । মুঠতে নিজৰ খাদ্য উৎপাদনৰ উপৰি , বিক্ৰীৰ বাবেও খেতি – বাতিক মনােভাৱ পােষণ কৰিবলৈ লয় । খাজনৰ পৰিমাণ বৃদ্ধি হােৱা বাবেই মানুহে কৃষিকার্যত অধিক উৎপাদন কৰি বাণিজ্যমুখী চিন্তা কৰিবলৈ লয় । কৃষকৰ ওপৰত দিয়া খাজনাৰ হেঁচাই আন এটি সমস্যাৰ ,উদ্ভাৱন কৰে । খাজনা দিব নােৱাৰি বহুতাে কৃষকে নিজৰ মাটিৰ বাৰী বন্ধকত দিব লগাও হয় । বা সুতখোৰ জমিদাৰ মহাজনৰ হাতত সর্বস্ব ত্যাগ কৰি সৰ্বহাৰাত পৰিণত হয় । 

প্রশ্ন ৪। গাঁও পঞ্চায়ত বুলিলে কি বুজা ? ইয়াৰ কার্যাবলীৰ এটা বিৱৰণ দিয়া । নাইবা , গাঁও কাক বােলে ? গাঁৱৰ প্রধান কার্যাবলী কি কি ? 

উত্তৰঃ গাঁও পঞ্চায়ত এটা ৰাজনৈতিক সংস্থা । স্বাধীনােত্তৰ কালত গণতান্ত্রিক শাসনব্যবস্থা  প্রৱর্তনৰ পিছত ক্ষমতাৰ বিকেন্দ্রীকৰণৰ উদ্দেশ্য গাঁও অঞ্চলত “ স্থানীয় স্বায়ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দিহা কৰা হয় । মহাত্মা গান্ধীয়ে কৈছিল যে গাঁৱলীয়া সমাজৰ উন্নতি সাধন নহ’লে , স্বাধীনভাৱে কোনাে অস্তিত্ব নাথাকে । সেইবাবেই ভাৰতৰ নতুন সংবিধানৰ চতুর্থ অধ্যায়ৰ ৪০ নং অনুচ্ছেদত , ভাৰতৰ সকলাে ৰাজ্যৰ গাঁওসমূহত গাও পঞ্চায়ত ‘ গঠন কৰি স্বায়ত্ব শাসনৰ অনুষ্ঠান হিচাপে কাম কৰাৰ ক্ষমতা আৰু কর্তৃত্ব দিয়াৰ নির্দেশ দিছে । গাঁৱলীয়া স্বায়ত্ত শাসনত স্থানীয় জনসাধাৰণে অংশগ্রহণ কৰিবৰ বাবেই এই পঞ্চায়তীব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে । গাঁও পঞ্চায়তেই আটাইতকৈ নিম্নখাপৰ স্থানীয় প্রশাসনিক কৃর্তৃপক্ষ । প্রত্যেক গাঁওতে এই সভা গঠন কৰা হয় । গাঁওখনৰ সকলাে প্রাপ্তবয়স্ককে এই সভাৰ সদস্য বুলি ধৰা হয় । গাঁওখনৰ সদস্যসকলে তেওঁলােকৰ মাজৰ পৰা আইন মতে কেইজনমান সদস্য সংখ্যাগৰিষ্ঠ ভােটেৰে নির্বাচিত কৰি এখন কার্যনির্বাহক কমিটি গঠন কৰে । এই কমিটিখনকে ‘ গাঁও পঞ্চায়ত বােলে । 

গাঁও পঞ্চায়তৰ কার্যাৱলী :- গাঁও পঞ্চায়তসমূহে নিজ নিজ এলেকাত তলত দিয়া কামবােৰ কৰিব লাগে । 

( ক ) জনস্বাস্থ্য ৰক্ষা আৰু স্বাস্থ্যৰ উন্নতিসাধন :- গাঁওৰ বাট – পথ , নলা – নর্দমা পৰিষ্কাৰ কৰা , লাইটৰ ব্যৱস্থা কৰা , শ্মশান – কবৰখানাৰ ব্যৱস্থা কৰা , খােৱা – পানী , খেল – পথাৰ , ৰাজহুৱা ফুলনি আদি সংৰক্ষণ কৰা , ৰাজহুৱা পায়খানা নির্মাণ আৰু সংৰক্ষণ কৰা , সংক্রামক ৰোগ প্রতিকাৰ কৰা , জাবৰ – জোঠৰৰ দম , হাবি – জংঘল চাফা কৰা আদি কাম কৰিব লাগে । 

( খ ) ৰাজহুৱা ( গড়কাপ্তানী )কার্য :- গাঁও এলেকাৰ গৰু – ম’হৰ ঘাঁহনি পথাৰ সংৰক্ষণ কৰা , বাট – পথৰ কাষত গছ ৰােৱা , গৰু – ম’হৰ খােৱাৰৰ ব্যৱস্থা কৰা । ৰাজহুৱা ঘৰ – দুৱাৰ , ৰাস্তা , নলা নর্দমা , সৰু দলং আদি নির্মাণ আৰু মেৰামতি কৰা । হাট – বজাৰ , কাচাইখানা , ধর্মশালা আদি পৰিচালনা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা আদি কার্য কৰিব লাগে । 

( গ ) শিক্ষা – সংস্কৃতি আৰু খেল – ধেমালিৰ কার্য :- গাঁৱত স্কুল , পুথিভঁৰাল , পাঠাগাৰ , যুৱক সংস্থা , থিয়েটাৰ পার্টি আদি স্থাপনৰ ব্যৱস্থা কৰা । ৰাজহুৱাভাৱে ৰেডিঅ ‘ , টেলিভিছন শুনা আৰু চোৱাৰ ব্যৱস্থা কৰা । নিৰক্ষৰতা দূৰ কৰাৰ ব্যৱস্থা কৰা । খেলা – ধূলা জনপ্রিয় কৰা , ৰাজহুৱা সভা , উৎসৱ আদি পৰিচালনা কৰি গাঁওত এটা শ্রেষ্ঠ সংস্কৃতি গঢ়ি তুলিব লাগে । 

( ঘ ) আত্মৰক্ষা আৰু গাঁও প্রতিক্ষাৰ কাৰ্য :- গাঁও প্ৰতিৰক্ষাৰ বাবে গাঁওৰক্ষী বাহিনী ‘ বা স্বেচ্ছাসেৱক বাহিনী ‘ , অগ্নিনির্বাপক বাহিনী আদি সংগঠন কৰি গাঁওবাসীৰ সা – সম্পদ ৰক্ষা কৰিব লাগে ।

( ঙ ) প্রশাসনীয় কার্য :- গাঁওখনত উৎপন্ন হােৱা বস্তুৰ হিচাপ ৰখা , জনসংখ্যা , ঘৰ – দুৱাৰ , গৰু ম’হ , নিবনুৱা , মাটিৰ পৰিমাণ , মাটিহীন মানুহ , জন্ম – মৃত্যু আৰু বিবাহ আদিৰ হিচাপ ৰাখিব লাগে । চৰকাৰে দিয়া সাহায্য বিতৰণ কৰা , চৰকাৰক আৱশ্যকীয় খবৰৰ যােগান ধৰা , উৎপাদন বৃদ্ধি আৰু উন্নয়নমূলক আঁচনি প্রস্তুত কৰা আদি কামসমূহ কৰিব লাগে । 

( চ ) জনকল্যাণমূলক কাম :- মহিলা , ল’ৰা – ছােৱালী আৰু পিছপৰা সম্প্রদায়ৰ কল্যাণমূলক কাম কৰা ; বানপানী , খৰাং , ভূমিকম্প , দুর্ভিক্ষ আদিত সাহায্য দান কৰা । যুৱক সংস্থা , সমবায় সমিতি আৰু বিভিন্ন কল্যাণমূলক সংস্থা গঠন কৰি সাহায্য দান কৰা ।

( ছ ) কৃষি আৰু পশুপালনকার্য :- গাঁৱত কৃষিজাত বস্তুৰ উৎপাদন বৃদ্ধি কৰা , উন্নত সমবায় কৃষি পদ্ধতি প্রচলনৰ ব্যৱস্থা কৰা । উন্নত ৰাসায়নিক সাৰ , বীজ আৰু শস্যৰ ঔষধ ব্যৱহাৰ কৰা , হাঁহ – কুকুৰা আৰু উন্নতজাতৰ গৰু পােহাত উৎসাহ প্রদান কৰা । উৎপন্ন বস্তু বিক্ৰীৰ ব্যৱস্থা কৰা , কৃষি বেংকৰপৰা সহায় লােৱাৰ দিহা পৰামৰ্শ দিয়া আদি কাম কৰিব লাগে । 

( জ ) গাঁৱলীয়া ঔদ্যোগিক কার্য :- গাঁৱত থকা বিভিন্ন কুটীৰ শিল্পৰ কামত সাহায্য দান আৰু উন্নয়নত উৎসাহ প্রদান কৰিব লাগে । ইয়াৰ উপৰি মহকুমা পৰিষদ আৰু চৰকাৰে সময়ে সময়ে প্ৰদান কৰা কার্যাৱলী সম্পাদন কৰিব লাগে । এইবােৰই গাঁও পঞ্চায়তৰ বিশেষ উল্লেখযােগ্য কাম । গ্রাম্য অর্থনীতিত ধৰ্মৰ প্ৰভাৱাে মন কৰিবলগীয়া । ধর্মীয় পূজা – পাতল , পর্ব আদিৰ বাবেও গাওবাসীয়ে নিজৰ কাম – কাজ বাদ দি তেনে কামত যথেষ্ট সময় অতিবাহিত কৰে বা ধর্মীয় কামৰ বাবে গাঁওবাসীয়ে খাটি দিব লাগে । এই ধর্মীয় নীতি – নিয়ম গাঁওৰ এটা অপৰিহার্য অংগ । 

অর্থনীতিৰ পৰিৱর্তন :- আধুনিক যুগত গ্রাম্য অর্থনীতিত কিছু পৰিৱর্তনে দেখা দিছে । যাতায়াত ব্যৱস্থাৰ উন্নতি , শিক্ষা – দীক্ষাৰ সম্প্ৰসাৰণ , উদ্যোগীকৰণ , নগৰীকৰণ , আধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ, বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্রৱর্তন , সমবায় কৃষি পদ্ধতি আদিৰ প্রৱর্তনে উৎপাদন বৃদ্ধিত যথেষ্ট সহায়ক হৈছে । এই আধুনিকীকৰণ কার্যত চৰকাৰেও কৃষকসকলক আর্থিক সাহায্যৰ উপৰি নানা প্রশিক্ষণ আদি দিয়াৰ ব্যৱস্থা কৰিছে । 

গ্রাম্য অৰ্থনীতিত সহায়কাৰী আন উল্লেখযােগ্য দিশ এটি হ’ল পশুপালন আৰু হাঁহ – কুকুৰা । পালন , মীন পালন আদি । ইয়াৰ পৰা গাখীৰ , মাংস , কণী মাছ আদি পুষ্টিকৰ খাদ্য উৎপাদন -বিশেষ উল্লেখযােগ্য । এই কাৰ্যৰ দ্বাৰা গাঁওবাসীয়ে নিজে খােৱাৰ উপৰি এইবােৰ বিক্ৰী কৰি অর্থ উপার্জনাে কৰা দেখা যায় । মুঠতে বিভিন্ন দিশত গ্রাম্য অর্থনীতিৰ পৰিৱৰ্তন হােৱা দেখা যায় । 

প্রশ্ন ৫। ভাৰতৰ পঞ্চায়তী পদ্ধতিৰ এটা চমু আভাস দিয়া । 

উত্তৰঃ প্রাচীন কালৰে পৰা গ্রামাঞ্চলতাে এটা ৰাজনৈতিক দিশ প্রচলিত হৈ অহা দেখা যায় । অৱশ্যে বিভিন্ন ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ স্বৰূপ বিভিন্ন প্রকাৰে , বিভিন্ন নামেৰে জনা যায় । গ্রামাঞ্চলৰ বাদ – বিবাদ মীমাংসা কৰাৰ বাবে গাঁওৰ মুখীয়ালৰ তত্ত্বাৱধানত নানা অনুষ্ঠানে এই কার্য সমাধা কৰি আহিছে । 

গাঁও অঞ্চলৰ আইন – শৃংখলা ৰক্ষাৰ বাবে ৰাজনৈতিকভাৱে শাসন প্রচলন হােৱাৰ পৰা পঞ্চায়ত ব্যৱস্থাৰ প্ৰচলন হােৱা বুলি ক’ব পাৰি । অতীতৰ পৰাই পঞ্চায়তী পদ্ধতি ভাৰতৰ গ্রামাঞ্চলত প্ৰচলিত হৈ অহা দেখা যায় । মুঠতে পঞ্চায়ত বুলিলে আমি সাধাৰণতে গাঁওৰ যিটো প্ৰশাসনীয় গােটক বুজি পাওঁ তেনে প্রশাসনীয় গােট একোটা । “ ভাৰতৰ গাঁও অঞ্চলত প্ৰচলিত হৈ অহা বুলি ক’ব পাৰি । 

গাঁও পঞ্চায়তৰ কাম মূলতঃ গাঁৱৰ মানুহৰ মাজত শান্তি শৃংখলা অটুট ৰাখি , ন্যায় প্রতিষ্ঠা , কৰি , ৰাজনৈতিকভাৱে নিৰাপত্তা দিয়া আৰু গাঁৱৰ সামূহিক মঙ্গল আৰু উন্নতি সাধন কৰা । গাঁৱত যেতিয়া কোনাে বিবাদৰ সৃষ্টি হয় , অন্যায় – অবিচাৰ হয় , তেতিয়া পঞ্চায়তে গাঁৱৰ পৰম্পৰাগত নীতি আৰু সামাজিক মূল্যবােধৰ ভিত্তিত ন্যায় বিচাৰ কৰি দোয়ীক দণ্ড দিয়া নাইবা অন্যায় – অবিচাৰৰ বলি হােৱাজনক ন্যায় বিচাৰৰ জৰিয়তে ৰাজনৈতিক নিৰাপত্তা প্রদান কৰে । এইবােৰৰ উপৰি গাঁৱৰ বিভিন্ন দুর্যোগ বিপর্যয় বা সামূহিক সমস্যা সমাধানৰ ক্ষেত্ৰত পঞ্চায়তে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । গাঁওসমূহত চৰকাৰৰ পঞ্চায়তী আইনে পঞ্চায়তবােৰক যথেষ্ট ক্ষমতা প্রদান কৰিছে । 

আধুনিক শাসন ব্যৱস্থাত ৰাজনৈতিক ক্ষণতা বিকেন্দ্রীকৰণ নীতিৰ ওপৰত ভিত্তি কৰি । বহুতাে আর্থিক আৰু প্রশাসনীয় ক্ষমতা প্রদান কৰিছে । 

এই ব্যৱস্থাৰ দ্বাৰা গাঁওৰ মানুহক গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্রশিক্ষণ দিয়াৰ লগতে আত্মনিৰ্ভৰশীল হােৱাৰ বাবেও যথেষ্ট উনি দিয়া । হয় । স্বাধীনােত্তৰ কালত ভাৰত চৰকাৰে ক্ষমতাৰ বিকেন্দ্রীকৰণৰ বাবে সকলাে ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থা প্রৱর্তনৰ বাবে ৰাজ্যিক আইন আদি প্রণয়ন কৰি সকলাে ৰাজ্যতে পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। অসমতাে ১৯৭২ চনৰ পঞ্চায়তীৰাজ আইন মতে বর্তমান গাও অঞ্চলত গাঁও পঞ্চায়ত আৰু মহকুমা পৰিষদৰ দ্বাৰা গাওবােৰ শাসন কৰা হৈছে । 

প্রশ্ন ৬। গাঁৱৰ সংজ্ঞা দিয়া । গাঁও আৰু নগৰৰ পার্থক্য দেখুওৱা ।

 উত্তৰঃ আমি সাধাৰণতে , যেতিয়া কিছুমান কৃষিজীৱী পৰিয়ালে নির্দিষ্ট ভৌগােলিক অঞ্চল এটাত স্থায়ীভাৱে বসবাস কৰোঁ , তাকে গাঁও বুলি কওঁ । 

গাঁও আৰু নগৰৰ মাজৰ পাৰ্থক্যসমূহ :- সমাজত গাঁও আৰু নগৰৰ মাজত কিছুমান স্পষ্ট পার্থক্য দেখা যায় । বিভিন্ন সমাজবিদে এই পার্থক্য বিভিন্ন প্রকাৰে দিছে যদিও তলত দিয়াৰ দৰে এই পার্থক্যবােৰ দেখুওৱা হ’ল । 

১। ভৌগােলিক পৰিৱেশ :- গাঁও আৰু নগৰৰ প্রাকৃতিক পৰিৱেশ সম্পূর্ণ বেলেগ । গাঁৱৰ মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল । গছ – লতা , পশু – পক্ষী , খেতি – বাতি , বােকা – পানী , মুকলি পথাৰ , গৰু – গাই আদিৰ মাজতে মানুহে জীৱন অতিবাহিত কৰে । কিন্তু আনহাতে নগৰীয়া মানুহে কল কাৰখানা , দোকান – পােহাৰ , গাড়ী – মটৰ – ৰে’ল , যন্ত্রপাতিৰ মাজত জীৱন কটাব লাগে । এই পৰিৱেশ মানুহে তৈয়াৰ কৰি লােৱা । ই এক কৃত্রিম বাতাবৰণ , প্রাকৃতিক নহয় । 

২। বৃত্তিমূলক পার্থক্য :- গাও আৰু নগৰৰ মানুহৰ বৃত্তি , জীবিকাৰ উপায় বেলেগ । বেলেগ গাঁৱৰ মানুহ কৃষিজীৱী । কৃযিয়েই তেওঁলােকৰ প্ৰধান বৃত্তি । অতি কম সংখ্যক লােকেহে কুটীৰশিল্প বা আন বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে । আনহাতে , নগৰীয়া মানুহৰ প্রধান বৃত্তি হ’ল চাকৰি । নগৰৰ নানান উদ্যোগ , কল – কাৰখানাৰ বনুৱা , যান – বাহনৰ শ্ৰমিক , কেৰাণী , অফিচাৰ , মহৰি , উকিল , ডাক্তৰ আদি বৃত্তিৰ লােক , ব্যৱসায় – বাণিজ্য , অর্থাৎ কিনা – বেচাও নগৰৰ আন এটা উল্লেখযােগ্য দিশ ।

৩। জনসংখ্যাৰ আকাৰ :- গাঁৱৰ মানুহৰ সংখ্যা নগৰৰ তুলনাত কম ; ঘনত্ব সেৰেঙা । বাৰী – বাগান সহ মানুহৰ বসতি অতি পাতল । আনহাতে , নগৰত মানুহৰ সংখ্যা অতি বেছি , ‘ ঘনত্ব বেছি , কম ঠাইতে বহুত মানুহে বসবাস কৰে । একেটা ঘৰৰে প্রতিটো ৰুমতে একো একোটা পৰিয়ালে বাস কৰা দেখা যায় ।

৪। জাতীয়তাৰ পার্থক্য :- গাঁৱৰ মানুহ আৰু নগৰৰ মানুহৰ জাতীয়তা একে নহয় । একোখন গাঁৱৰ মানুহৰ জাতি বা প্রজাতি একে ধৰণৰ । বিভিন্ন জাত মানুহৰ সংমিশ্রণ নহয় । তেওঁলােকৰ আচৰণ – ব্যৱহাৰ , ৰীতি – নীতি আৰু ধৰ্মৰ এটা মিল থাকে । সেইবাবে গাঁৱৰ মানুহ সমজাতীয় । আনহাতে , নগৰৰ মানুহৰ , জাতি , ধর্ম , আচাৰ – ব্যৱহাৰ , ৰীতিনীতিৰ কোনাে মিল নাই । দেশ বিদেশৰ নানা জাতি – উপজাতি , ধর্ম – কর্মৰ মানুহৰ সংমিশ্ৰণত নগৰবােৰ গঢ়ি উঠে । 

৫। গতিশীলতা :- গাঁৱৰ গতিশীলতা নগৰতকৈ কম । নগৰ সদায় উন্নয়নশীল । নগৰৰ উন্নতিৰ গতি অতি খৰ ; কিন্তু গাঁৱৰ উন্নয়নৰ গতি অতি লেহেম । গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন হয় । কিন্তু নগৰৰ পৰা গাঁওলৈ মানুহৰ প্ৰব্ৰজন নহয় । 

৬। সমুদায়ৰ আকাৰ :- সকলাে দেশতে নগৰীয়া সমুদায়ৰ আকাৰ গ্ৰাম্য সমুদায়ৰ আকাৰতকৈ ডাঙৰ । গ্রাম্য কৃষি জীৱিকা আৰু সমুদায়ৰ আকাৰৰ কোনাে প্রত্যক্ষ সম্বন্ধ দেখা নাযায় ; কিন্তু । নগৰীয়া জীৱিকা আৰু সমূদায়ৰ আকাৰৰ প্রত্যক্ষ সম্বন্ধ থাকে । 

৭। সামাজিক বিভেদীকৰণ আৰু স্তৰীকৰণ :- গ্রাম্য আৰু নগৰীয়া এই দুয়াে সমাজতে সামাজিক বিভেদীকৰণ আৰু স্তৰীকৰণ আছে যদিও গাঁৱৰ বিভেদীকৰণ নগৰৰ তুলনাত অতি নগণ্য । নগৰাঞ্চলত এই বিভেদীকৰণ আৰু স্থৰীকৰণ অতি সুস্পষ্টভাৱে লক্ষণীয় । 

৮। অন্যান্য পার্থক্য :- ওপৰত আলােচনা কৰা বিভিন্ন দিশৰ উপৰি গাঁও আৰু নগৰৰ মাজৰ আৰু কিছুমান দিশ আছে যিবােৰে দুয়াে ঠাইৰ সামাজিক আর্থিক , ধর্মীয় , ৰাজনৈতিক , নৈতিক আদি নানা দিশত মানুহৰ জীৱনত পার্থক্য আনি দিয়ে । গাঁৱলীয়া মানুহৰ , পিন্ধন উৰণ , খাবন – দাৱন , চলন – ফুৰণ , ভাবাদর্শ , কথা – বতৰা আদি সকলাে দিশতে নগৰৰ মানুহৰ গত এটা বিৰাট ব্যৱধান পৰিলক্ষিত হয় । নগৰীয়া বৈচিত্র্যময় জীৱনৰ ৰূপ গাঁওত পােৱা নাযায় । নগৰীয়া জীৱনব জটিলতা গাৱৰ জীৱনত নাই । গাঁৱলীয়া জীৱনৰ সামাজিক সম্বন্ধৰ বান্ধ নগৰত নাই । গতিকে গাঁও আৰু নগৰৰ পার্থক্য অন্তহীন বুলিয়ে ক’ব পাৰি । 

প্রশ্ন ৭। গ্রাম্য সমুদায়ৰ পৰিৱর্তনৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় গ্রাম্য সমাজৰ পৰিৱর্তনৰ কাৰণবােৰ :- ভাৰতত মােগলৰ শাসন প্রৱর্তন হােৱাৰ লগে লগে গ্রাম্য সমুদায়ৰ ওপৰত অভিনৱ প্রভাৱ পৰিবলৈ ধৰে । তেওঁলােকে সমগ্র অধীকৃত অঞ্চল এককেন্দ্রীয় শাসনৰ অধীনলৈ আনি এক নতুন ভূমি – নীতিৰ ৰচনা কৰে । এই ভূমি – নীতি ৰাজহ আৰু প্ৰশাসনৰ সহায়ক হয় । অৱশ্যে মােগলসকলৰ এই নতুন ব্যৱস্থাৰ প্রৱর্তনৰ ফলত ভাৰতীয় সামাজিক জীৱনত চকুত লগাকৈ পৰিৱর্তন সাধিব পৰা নাছিল । বৃটিছ আমােলৰ লগে লগ্নে বৃটিছসকলে অভিনৱ ৰাজনৈতিক , অর্থনৈতিক , প্রশাসনীয় । তথা শিক্ষা ব্যৱস্থা প্রৱৰ্তন কৰিলে । তাৰ ফলস্বৰূপে গ্রাম্য জনসাধাৰণৰ সুদূৰপ্ৰসাৰী প্ৰৱর্তন ঘটালে । তাৰ পিছত স্বাধীনােত্তৰ কালত গ্রাম্য সমুদায়ৰ পৰিৱৰ্তন বিশেষ ধৰণে মন কৰিবলগীয়া । এই পৰিৱৰ্তনৰ প্ৰধান কাৰণবােৰ তলত উল্লেখ কৰা হৈছে । 

১। যাতায়াত আৰু যােগাযােগৰ উন্নতি :- ইংৰাজসকলে তেওঁলােকৰ ব্যৱসায় – বাণিজ্য বঢ়াবৰ কাৰণে সমগ্ৰ ভাৰততে যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ওপৰত মনােনিৱেশ কৰে । বিশেষকৈ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা এই দুই দিশত বিশেষ উন্নতি সাধিবৰ কাৰণে যত্ন কৰা হৈছে । নগৰ , চহৰ , উদ্যোগ কাৰখানা বৃদ্ধিৰ লগে লগে গাঁও আৰু নগৰৰ সংশ্রব যথেষ্ট বাঢ়িছে । আলি – পদূলি নির্মাণ কৰি ডাক – তাৰ বিভাগ গাঁৱলৈ সম্প্ৰসাৰণ ঘটাই গাঁও আৰু নগৰৰ পার্থক্য হ্রাস কৰা হৈছে । তদুপৰি গাঁও উন্নয়ন আঁচনিবিলাকে এই ক্ষেত্ৰত বিশেষ ধৰণৰ অৰিহণা যােগাইছে । 

২। উদ্যেগীকৰণ ( Industrialisation ):- আধুনিক যন্ত্র উদ্যোগৰ প্রৱর্তা আৰু পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাই গাঁৱৰ ক্ষুদ্র উদ্যোগ শিল্পবিলাকৰ পতন ঘটিবলৈ ধৰে । তাৰ ফলত গাঁৱৰ বহুতাে লােকে অন্নসংস্থান বিচাৰি বৃহৎ উদ্যোগবিলাক কাষ চাপিব লগা হয় । তদুপৰি জনসংখ্যা বৃদ্ধিৰ লগে লগে ভূমি সমস্যাই দেখা দিয়ে । পৰিণাম স্বৰূপে গাঁৱৰ বহুতাে লােকেই চহৰলৈ গৈ কল কাৰখানাত সােমাই জীৱিকা উলিয়াব লগাত পৰে । গাঁওবাসীৰ এইদৰে চহৰলৈ হোৱা স্ত্ৰজনে আৰু নগৰীয়া সভ্যতাৰ লগত হােৱা সান্নিধ্যই গ্রাম্য সমুদায়ৰ পৰিৱৰ্তন আনে । 

৩। শিক্ষাৰ সম্প্ৰসাৰণ ( Extension of Education ) :- স্বাধীনতাৰ পিছৰে পৰা গ্রাম্য জনসাধাৰণৰ নিৰক্ষৰতা দূৰীকৰণৰ কাৰণে যথেষ্ট যত্ন কৰা হৈছে । সেইহেতু শিক্ষানুষ্ঠান সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । তদুপৰি সামাজিক , কৃষি , স্বাস্থ্য আদি বিষয়তাে শিক্ষাৰ সম্প্ৰসাৰণ ঘটাবলৈ অহৰহ চেষ্টা কৰা হৈছে । শিক্ষাৰ পােহৰ পৰাৰ লগে লগে গ্রাম্য সমুদায়ৰ কু – সংস্কাৰ অন্ধবিশ্বাস , আদিৰ পৰিৱর্তন সাধন হৈছে । বিশেষকৈ পশ্চিমীয়া সংস্কৃতি আৰু দৰ্শনৰ লগত পৰিচিত হােৱাৰ কাৰণে গ্রাম্য জনসাধাৰণেও উন্নত জীৱন যাপন কৰাৰ প্রতি যথেষ্ট আকৃষ্ট হােৱা দেখা গৈছে । 

৪। পঞ্চবার্ষিক পৰিকল্পনা আৰু সমুদায় উন্নয়ন আঁচনি :- গান্ধীজীয়ে দেশৰ যিকোনাে উন্নয়নমূলক আঁচনিত গ্রাম্য সমাজৰ প্ৰগতিক অগ্রাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব দিছিল । সেয়ে স্বাধীন চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনাৰ জৰিয়তে দেশৰ সামগ্রিক উন্নতিৰ বাবে আঁচনি প্রস্তুত কিৰিছে । এই আঁচনিবিলাকৰ প্রধান লক্ষ্য হৈছে গ্রাম্য জনসাধাৰণৰ সামাজিক আৰু আর্থিক উন্নতি সাধন কৰা । সমুদায় উন্নয়ন আঁচনিবিলাকত তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলাইছে । 

( ক ) কৃষিকার্য , পশুপালন , মাছ পােহা আদি বিষয়ত বৈজ্ঞানিক পদ্ধতিৰ অৱলম্বন । উৎকৃষ্ট বীজ , ৰাসায়নিক সাৰ , উৎকৃষ্ট পশু , কৃষিৰ কাৰণে ভূমি উন্নতকৰম ইত্যাদিত প্রশিক্ষণৰ ব্যৱস্থা কৰা ।

( খ ) এই আঁচনিবিলাকৰ দ্বাৰা গ্রাম্য সমাজত ক্রমে বাঢ়ি অহা নিবনুৱা সমস্যা দূৰ কৰি কুটীৰ শিল্পৰ উৎকর্ষ সাধন কৰা । 

( গ ) গ্রাম্য স্বাস্থ্য আঁচনিৰ জৰিয়তে ঘৰ – বাৰীৰ পৰিৱেশ , খােৱাপানীৰ বিশুদ্ধিকৰণ আৰু কলেৰা , হাইজা, মেলেৰিয়া , গ্রহণী আদি সক্রামক ৰােগবিলাকৰ বিৰুদ্ধে অভিযান চলােৱা । 

( ঘ ) এই আঁচনিবিলাকৰ সহায়ত শিক্ষাৰ সম্প্ৰসাৰণ কৰিবলৈ প্রাথমিক তথা মাধ্যমিক স্কুল প্রতিষ্ঠা কৰা আৰু গ্ৰাপ্তবয়স্ক লােকৰ নিৰক্ষৰতা দূৰ কৰিবৰ কাৰণে যত্ন কৰা হয় । 

( ঙ ) ইতিমধ্যে উনুকিয়াই অহাৰ দৰে গাঁও পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত গাঁওবিলাকত যাতায়াত – সুব্যৱস্থা কৰি এই আঁচনিবিলাকৰ সহায়ত যােগাযােগ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ যত্ন কৰা । 

( চ ) আঁচনিবিলাকৰ সফল ৰূপায়ণ দিওঁতে গ্রাম্য সমুদায়ৰ প্ৰয়ােজনীয় আত্ম সহায় আৰু স্বাৱলম্বনৰ দিশৰ ওপৰতাে অধিক গুৰুত্ব আৰােপ কৰা হৈছে । তদুপৰি মাতৃকল্যাণ , শিশুকল্যাণ , নানা ধৰণৰ মেলা , খেল – ধেমালি প্রতিযােগিতা , প্রদর্শনী ইত্যাদিৰ সহায়ত গ্রামবাসীৰ সামাজিক ব্যৱস্থাৰ সলনিকৰণৰ বাবে অহৰহ প্রচেষ্টা চলাই থকা হৈছে । 

এই আঁচনিবিলাকৰ মূল্যাংকন আৰু গ্রাম্য পুননির্মাণ কার্য পর্যালােচনা কৰিবলৈ মেহতা কমিটি নিয়ােগ কৰা হৈছিল । এই কমিটি অনুমােদন অনুসৰি ১৯৫৮-৫৯ চনৰ পৰা তিনি তৰপীয়া পঞ্চায়তীৰাজৰ প্রৱৰ্তন কৰা হয় । ইয়াৰ মুলভে টি হ’ল ক্ষমতাৰ বিকেন্দ্রীকৰণ । ইয়াৰে নিম্নতম স্তৰটো হ’ল গাঁও পঞ্চায়ত , মাজৰটো আঞ্চলিক আৰু আনটো মহকুমা বা ‘জিলা পৰিষদ । ইয়াৰ পিছতে এই ব্যৱস্থাৰ পুনৰ সংশােধন কৰি দুতৰপীয়া কৰা হৈছে— যাতে প্রাদেশিক আৰু কেন্দ্রীয় চৰকাৰৰ লগত খৰতকীয়া যােগাযােগ ব্যৱস্থা কৰি গাঁওসমূহৰ উন্নতি কৰিব পাৰি ।

2 thoughts on “Class 12 Sociology Chapter 1 ভাৰতীয় সমাজ”

  1. You are doing a verry good work

    We are really benefitted by this pdf Or link whatever…… Send by you…… Keep it up… ?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top