Class 12 Political Science Chapter – 9 বিশ্বায়ন

Class 12 Political Science Chapter – 9 বিশ্বায়ন answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 9 বিশ্বায়ন and select needs one.

Class 12 Political Science Chapter – 9 বিশ্বায়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 9 বিশ্বায়ন Solutions for All Subject, You can practice these here.

বিশ্বায়ন

পাঠ: ৯

প্ৰথম খণ্ড

1. ‘বিশ্বায়ণৰ এক গুৰুত্বপূর্ণ আহিলা হ’ল প্রযুক্তিবিদ্যা’ – হয় নে নহয়?

উত্তৰঃ হয়।

2. বিশ্বায়ণৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মুক্ত বজাৰ ব্যৱস্থা।

3. সংস্কৃতিক একীভূতকৰণ ________ ৰ এটা ৰূপ (খালী ঠাই পূৰ কৰা।)

উত্তৰঃ বিশ্বায়ণ। 

4. বিশ্বায়ণ প্রক্রিয়া কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ 1990 চনত।

5. ভাৰতে কেতিয়া নতুন অর্থনৈতিক নীতি গ্রহণ কৰিছিল?

উত্তৰঃ 1991 চনত।

6. অৰ্থনৈতিক বিশ্বায়ণৰ সৈতে জড়িত থকা দুটা সংস্থাৰ নাম লিখা।

উত্তৰঃ (i) বিশ্ব বেংক (W.B)

(ii) আন্তর্জাতিক মুদ্রা নিধি। (L.M.F)

7. MNC ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ Multi National Company.

৪. বিশ্বায়ণৰ চাৰিটা অর্থনৈতিক ফলাফল উল্লেখ কৰা।

উত্তৰঃ বিশ্বায়ণৰ চাৰিটা অর্থনৈতিক ফলাফল তলত উল্লেখ কৰা হ’ল:

ইতিবাচক: 

(১) বিশ্বাষণৰ ফলত থলুৱা কুটিৰ শিল্পই বিশ্বৰ বজাৰত উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে।

(২) বিশ্বায়ণে উপযুক্ত লোকক কর্মসংস্থাপনৰ সুযোগ প্রদান কৰিছে।

নেতিবাচক:

(১) বিশ্বায়ণৰ ফলত সকলো দেশৰ সামগ্রী একেখন বজাৰত বিক্ৰী হোৱা বাবে নিম্ন প্রযুক্তিবিদ্যা সম্পন্ন দেশৰ লগত প্রতিযোগিতাত লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে। যাৰ ফলত উদ্যোগবোৰ বন্ধ হৈছে আৰু ই অনুন্নত দেশৰ অর্থনীতিত কু-প্ৰভাৱ পেলাইছে।

(২) ই নিৱনুৱা সমস্যাৰ সৃষ্টি কৰিছে, ধনী দুখীয়াৰ মাজত প্রভেদৰ সৃষ্টি কৰিছে।

(৩) জনস্বাস্থ্য, শিক্ষন আদিৰ দৰে গুৰুত্বপূর্ণ সেবাসমূহ ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতলৈ যোৱাত দুখীয়া লোকসকল সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।

উত্তৰঃ দিয়াঃ

1. বিশ্বায়ণৰ চাৰিটা ৰাজনৈতিক ফলাফল উল্লেখ কৰা।

উঃ বিশ্বায়ণৰ চাৰিটা ৰাজনৈতিক ফলাফল উল্লেখ কৰা হ’ল —

ইতিবাচক:

(১) বিশ্বায়ণে ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধিৰ দ্বাৰা যুদ্ধৰ ভয়াবহ পৰিস্থিতিৰ কিছু উপশম ঘটাইছে।

(২) বিশ্বায়ণ প্রক্রিয়াই নতুন সুযোগ সুবিধা সৃষ্টিৰে ৰাষ্ট্রৰ কর্মদক্ষতা বৃদ্ধিত সহায় কৰিছে।

(৩) উন্নত প্রযুক্তিবিদ্যাৰ জৰিয়তে ৰাষ্ট্ৰই বর্তমান খুব সহজতে নাগৰিকৰ আশা-আকাংশাবোৰৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰাত সহায় কৰিছে।

নেতিবাচক:

(১) বিশ্বায়ণে সমর্থন কৰা মুক্ত বাণিজ্য ব্যৱস্থা বা বৈদেশিক প্রত্যক্ষ বিনিয়োগ ব্যৱস্থাই অনুন্নত তথা উন্নয়ণশীল ৰাষ্ট্ৰবোৰক এক নতুন প্রকৃতিৰ উপনিবেশবাদৰ মাজলৈ ঠেলি দিছে।

(২) বিশ্বায়ণৰ ফলত ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্য্যাৱলীৰ ওপৰত এক সীমাবদ্ধতা আহি পৰিছে। চৰকাৰৰ কার্যাবলী সংকুচিত হৈ পৰিছে। জাতিসমূহৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

(৩) বিশ্বায়ণ ব্যৱস্থাই ব্যক্তিগতকৰণত উৎসাহ যোগোৱাৰ ফলত ৰাষ্ট্ৰৰ সামাজিক দায়বদ্ধতা হ্রাস পাইছে, যাৰ ফলত দুখীয়া শ্ৰেণীৰ জীৱন নিৰ্বাহ কঠিন হৈ পৰিছে।

10. বিশ্বায়ণৰ চাৰিটা সাংস্কৃতিক ফলাফল উল্লেখ কৰা।

উত্তৰঃ বিশ্বায়ণৰ চাৰিটা সাংস্কৃতিক ফলাফল তলত উল্লেখ কৰা হ’ল-

ইতিবাচক:

(১) বিশ্বায়ণে সকলোকে বিশ্ব দৰবাৰত নিজৰ নিজৰ স্বকীয় পৰিচয় বা অস্তিত্ব দাঙি ধৰাত সুযোগ প্রদান কৰিছে।

(২) সাংস্কৃতিক বিশ্বায়ণে সার্বজনীন বিশ্ব ভাতৃত্ববোধ সৃষ্টি কৰাত সহায় কৰিছে।

নেতিবাচক:

(১) বিশ্বায়ণৰ ফলত সমাজত বহুতো অপসংস্কৃতিৰে গা কৰি উঠিছে।

(২) বিশ্বায়ণ প্রক্রিয়াই পশ্চিমীয়া সংস্কৃতিক বিভিন্ন কৌশলেৰে জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা চলাইছে। গণমাধ্যমসমূহৰ বিভিন্ন প্ৰকাৰৰ সংঘাতৰ লগতে কোনো এটা বিশেষ আদৰশক প্রতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ ফলত বহুতো থলুৱা সংস্কৃতি লোপ পাবলৈ ধৰিছে।

11. বিশ্বায়ণৰ বিভিন্ন মাত্রাবোৰ (দিশ) উল্লেখ কৰা।

উত্তৰঃ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক।

12. খালী ঠাই পুৰণ কৰা।

(i) বিশ্বায়ণ হ’ল এক_______ ধাৰণা।

উত্তৰঃ বহুমুখী।

(ii) অর্থনৈতিক________ সমগ্ৰ বিশ্বতে মতভেদৰ সৃষ্টি কৰিছে।

উত্তৰঃ উদাৰীকৰণে।

13. বিশ্বায়ণৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বিশ্বায়ণৰ চাৰিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল:

(i) বিভিন্ন দেশৰ মাজত সামগ্ৰী আৰু সেৱাৰ আদান-প্রদানত থকা বাধা নিষেধ হ্রাস।

(ii) শিথিল আমদানি ৰপ্তানি নীতি।

(iii) বিভিন্ন দেশৰ মাজত উৎপাদন প্রযুক্তিৰ মুক্ত প্রবাহৰ বাবে অনুমিত প্রদান।

(iv) উদ্যোগ আৰু ব্যৱসায় বাণিজ্যত আধুনিক প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ।

14. ভাৰতবৰ্ষত বিশ্বায়ণৰ প্রভাৱ উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ বিশ্বায়ণৰ প্ৰভাৱ তলত উল্লেখ কৰা হ’ল-

উপনিৱেশবাদৰ সময়ছোৱাত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ আছিল। কিন্তু পিছলৈ ভাৰতত বিশ্বায়ণৰ ফলত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত এক গভীৰ পৰিবৰ্তন হৈছে। 1991 চনত অৰ্থনৈতিক সংকটৰ সময়ত আৰু উচ্চ অর্থনৈতিক বিকাশৰ ইচ্ছাৰ বাবে ভাৰতবৰ্ষই অর্থনৈতিক সংশোধনৰ এক নতুন আঁচনি গ্রহণ কৰিলে, যিটোৱে ব্যৱসায় আৰু আন ৰাষ্ট্ৰত বিনিয়োগকে ধৰি বিষয়ত গুৰুত্ব প্রদান কৰিলে। বিশ্ব ব্যৱস্থাত মুক্ত বজাৰ ব্যৱস্থাৰ ফলত ভাৰতবৰ্ষই ৰাজহুৱা খণ্ডটো বহু ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি তুলিছে। ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে। উন্নত প্রযুক্তিবিদ্যা তথা মহাকাশত প্রযুক্তিবিদ্যাৰ কৌশলে ভাৰতবৰ্ষক এখোজ আগুৱাই লৈ যোৱাত সহায় কৰিছে। ব্যবসায় বাণিজ্যৰ ক্ষেত্ৰতো ভাৰতৰ ভূমিকা গুৰুত্বপূর্ণ।

ভাৰতত বিশ্বায়ণলৈ বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰতিবন্ধকতা নথকা নহয়। ইয়াত বাঁওপন্থী সকলে অর্থনৈতিক উদাৰতাবাদৰ বিৰোধিতা কৰি আহিছে। ৰাজনৈতিক অধিকাৰৰ পৰাও বিশ্বায়ণলৈ প্রতিবাদ আছে।

15. বিশ্বায়ণ কি? বিশ্বায়ণৰ দুটা কাৰক উল্লেখ কৰা।

উত্তৰঃ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, তথা প্রযুক্তিৰ অগ্রগতি আৰু প্ৰসাৰৰ ফলস্বৰূপে পৃথিৱীৰ মানুহৰ মাজত আৰু বিভিন্ন অঞ্চলৰ মাজত পাৰস্পৰিক সম্পর্ক আৰু যোগাযোগ বৃদ্ধি পাইছে। ইয়াৰ ফলত সামগ্রীকভাবে বিশ্বৰ অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহৰ কাম কাজ, গতিবিধিৰ মাজত এক প্ৰকাৰ একমুখীতাৰ সৃষ্টি হৈছে। এই সমগ্র প্রক্রিয়াটোকে বিশ্বায়ণ বোলে।

বিশ্বায়ণৰ দুটা কাৰণ-

(i) তথ্য প্রযুক্তিৰ দ্রুত অগ্রগতি।

(ii) যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ অভূতপূর্ব উন্নয়ন।

16. বিশ্বব্যাপী হোৱা আন্তঃসংযোগ কি? ইয়াৰ উপাদানসমূহ কি?

উত্তৰঃ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্রন্তলৈ আদর্শ, অর্থনীতি, সম্পত্তি আৰু মানুহৰ মাজত হোৱা প্ৰবাহকে বিশ্বব্যাপী আন্তঃসংযোগ বুলি কোৱা হয়। বিশ্বায়ণৰ মূলতে হ’ল- আধুনিক প্রযুক্তি কৌশল। এই প্রযুক্তি কৌশলৰ উন্নয়নৰূপে সমগ্ৰ বিশ্বতে সংযোগ স্থাপন কৰিছে। বিভিন্ন দূৰবাৰ্তা প্ৰেৰণ যন্ত্র, দূৰবীক্ষণ যন্ত্র, দূৰভাষ, ফেক্স, ইন্টাৰনেট আদিৰ আৱিষ্কাৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগত যোগাযোগ ব্যৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন সাধন কৰিছে। এনেদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত ঘটনাই একে সময়তে আন এটা প্রান্তত প্ৰভাৱ বিস্তাৰ কৰে। ইয়ে ৰাজনৈতিক, অর্থনৈতিক তথ্য সাংস্কৃতিক ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰে। একে সময়তে বিশ্বৰ সমগ্র জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।

18. বিশ্বায়ণৰ প্ৰতি ভাৰতত হোৱা বিৰোধিতা সম্পর্কে উল্লেখ কৰা।

উত্তৰঃ বিশ্বায়ণৰ প্ৰতি ভাৰতত বিৰোধিতাঃ

(i) মাক্সবাদী আৰু বামপন্থী ৰাজনৈতিক দল সমূহে সংসদ বা বিধানসভাৰ ভিতৰে বাহিৰে চৰকাৰৰ বিশ্বায়ণৰ নীতিক সমালোচনা কৰাৰ লগতে তাৰ বিৰুদ্ধে অৱদান গ্রহণ কৰি আহিছে।

(ii) সোঁপন্থী ৰাজনৈতিক শক্তিসমূহে ভাৰতীয় সংস্কৃতিৰ ওপৰত বিদেশী পূজিঁৰ প্রভাৱ পেলোৱা নেতিবাচক প্ৰভাৱৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি আহিছে।

(i) বিভিন্ন ট্রেউ ইউনিয়ণসমূহে বিশ্বায়নৰ নীতিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছে।

ফলত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত এক গভীৰ পৰিবৰ্তন হৈছে। 1991 চনত অর্থনৈতিক সংকটৰ (M) ভাৰতৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা তৃণমূল আন্দোলন সমূহে বিশ্বায়ণৰ বিৰুদ্ধে বা অর্থনৈতিক উদাৰীকৰণ আৰু ব্যক্তিগত খণ্ডৰ বিৰুদ্ধে প্রতিবাদ গঢ়ি তুলিছে। বহুতো বেচৰকাৰী সংস্থা (NGO) ইয়াৰ অংশীদাৰ হৈ পৰিছে।

উত্তৰঃ দিয়াঃ

1. গােলকীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ গােলকীকৰণ সম্পূৰ্ণৰূপে এটা অর্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায়। তৎসত্ত্বেও ইয়াৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক , সাংস্কৃতিক পৃথিৱীৰ অন্যবােৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে — এই গােটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটো ‘ গােলকীকৰণ ’ বোলা হয়।

2. ৰাষ্ট্রৰ সমৰ্থনত গােলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা। 

উত্তৰঃ প্রযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্রয়ােজনীয় তথ্য – পাতি প্ৰদান কৰিব পাৰে। 

3. হয় নে নহয় লিখা। 

(i) গােলকীকৰণৰ ক্ষেত্ৰত প্রযুক্তি হ’ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা। 

উত্তৰঃ হয়।

4. অর্থনৈতিক গােলকীকৰণে কি বুজায় ? 

উত্তৰঃ বিশ্বায়ন হৈছে এক বহুমুখী প্রক্রিয়া , এক অবিৰত প্রবাহক বুজায়। গতিকে ই পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অর্থনৈতিক আদান – প্রদানৰ ক্ষেত্ৰত ওতঃপ্রােতভাৱে জড়িত। 

5. সাংস্কৃতিক একীভূতকৰণ মানে কি ? 

উত্তৰঃ বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান – প্রদানৰ জৰিয়তে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয়। 

6. খালী ঠাই পূৰ কৰা:

(i) সাংস্কৃতিক একত্রীকৰণৰ …………… এটা ৰূপ। 

উত্তৰঃ সাংস্কৃতিক একত্ৰীকৰণ বিশ্বায়নৰ এটা ৰূপ। 

7. ভাৰতে ইয়াৰ অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল ? 

উত্তৰঃ ১৯৯১ চনত। 

8. বিশ্ব সামাজিক মঞ্চ কি ? 

উত্তৰঃ উদাৰনৈতিক বিশ্বায়নৰ বিৰােধিতা কৰা এখন বিশ্ব মঞ্চ । 

9. বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠকৰ আয়ােজন কেতিয়া কৰা হৈছিল ? 

উত্তৰঃ ২০০১ চনত ব্রাজিলৰ পাের্লো এলেগ্রেত। 

10. গােলকীকৰণৰ এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ প্রযুক্তি বিদ্যা গােলকীকৰণৰ এক গুৰুত্বপূর্ণ উপাদান। গােলকীকৰণে “ প্রযুক্তি বিদ্যা ” ৰ ওপৰত নিৰ্ভৰশীল হৈ গতি কৰে। 

11. ৰাষ্ট্রৰ সার্বভৌমত্বক গােলকীকৰণে কিদৰে প্ৰভাৱিত – কৰে ? 

উত্তৰঃ ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ তিনিটা দিশ আছে। ৰাষ্ট্ৰীয় সামর্থ্য কমি যায়। আগৰ জনকল্যাণৰ ঠাইত এতিয়া বজাৰসমূহে অর্থনৈতিক আৰু সামাজিক তাগ্রাধিকাৰসমূহ নির্ণয় কৰে। বহু জাতিক নিগমৰ বৰ্দ্ধিত ভূমিকাই চৰকাৰসমূহৰ সিদ্ধান্ত গ্রহণৰ সামর্থ্য কমাই পেলাইছে। 

12. সাংস্কৃতিক একীভূতকৰণে কি সূচায় ? 

উত্তৰঃ সাংস্কৃতিক একীভূতকৰণে মিশ্রিত সংস্কৃতিৰ সৃষ্টি কৰে। মুঠতে বিশ্বায়ণে একো একোটা সংমিশ্রিত সংস্কৃতি সৃষ্টি কৰা দেখা যায়। 

13. গােলকীকৰণত প্রযুক্তিয়ে কিদৰে বৰঙণি যােগায় ? 

উত্তৰঃ প্রযুক্তি বিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূর্ণ উপাদান তাত কোনাে সন্দেহ নাই। বিশেষকৈ যােগাযােগৰ বৰ্তমানৰ মাধ্যমবােৰে বিশ্বায়নৰ সকলাে কাম – কাজ , লেন – দেন , আদান – প্রদান ; দেশ – বিদেশৰ দূৰত্ব সংকোচন কৰি আনিছে। 

14. গােলকীকৰণৰ ফলত অনিষ্ট হােৱা দুটা ক্ষেত্র কি কি ? 

উত্তৰঃ (ক) কৃষিকার্যত বিফলতাৰ বাবে কৃষকৰ আত্ম হত্যা। 

(খ) বাণিজ্যৰ ক্ষেত্ৰত খুচৰা ব্যবসায়ীৰ আন্দোলনৰ পৰা হােৱা অনিষ্টকাৰী ফলাফল। 

15. টিকি থকা অসম (অসমান) বিশ্ব দুখন কি কি ? 

উত্তৰঃ উত্তৰ আৰু দক্ষিণ গােলার্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত দৃষ্টিভংগীৰ পার্থক্য আছে। বিশ্ব পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে উত্তৰ গােলাৰ্দ্ধৰ উন্নত ৰাষ্ট্ৰবােৰ উদ্যোগীকৰণৰ অনিষ্টকাৰী ফলাফলৰ বাবে জগৰীয়া , কিন্তু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰবােৰ অৱক্ষয়ৰ বাবে কোনাে প্রকাৰে জগৰীয়া নহয়। উত্তৰ গােলাৰ্ধৰ ৰাষ্ট্ৰবােৰ উন্নত ধনী আনহাতে দক্ষিণ গােলাৰ্দ্ধৰ ৰাষ্ট্ৰবােৰ উন্নয়নশীল দুখীয়া। এই দুখনকে অসমান বিশ্ব বুলি ক’ব পাৰি। 

16. অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক কি ? 

উত্তৰঃ আধুনিক কল্যাণকামী ৰাষ্ট্ৰত বজাৰে ( Market ) ই হ’ল অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক।

17. বাণিজ্যিক উদাৰীকৰণ কি কি ? 

উত্তৰঃ উদাৰীকৰণ মানে উদ্যোগৰ বাবে উদাৰ নীতি গ্রহণ কৰা। এই ব্যৱস্থাই দূটা কথাক ” বুজায়। 

প্রথমতে — যিবােৰ ঔদ্যোগিক কার্য আগেয়ে ৰাজহুৱা খণ্ডৰ দ্বাৰা কৰা হৈছিল সেইবােৰ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা কৰা হয়। 

দ্বিতীয়তে , উদ্যোগ নীতিৰ সকলাে নীতি নিয়ম শিথিল কৰি আগেয়ে আৰোপ কৰা বাধানিষেধ ব্যক্তিগত খণ্ডৰ প্রতি শিথিল কৰা হয়। বাণিজ্যিক কৰ আদিও হ্রাস কৰা হয় । 

18. ৰাষ্ট্ৰীয় পৰ্যায়ত গােলকীকৰণৰ এটা ইতিবাচক পৰিণাম উল্লেখ কৰা।

উত্তৰঃ এটা ইতিবাচক পৰিণাম হ’ল অসমতা, বিশেষকৈ আর্থিক অসমতাৰ ক্ষেত্ৰত দেখা যায় বিভিন্ন দেশৰ মাজত থকা অসমতা গােলকীকৰণৰ দ্বাৰা সমাধান কৰিব পৰা যায়।

2 thoughts on “Class 12 Political Science Chapter – 9 বিশ্বায়ন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top