Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ

Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ and select needs one.

Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 8 পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ Solutions for All Subject, You can practice these here.

পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ

পাঠ: ৮

প্ৰথম খণ্ড

1. দুটা সেউজ গৃহ গেছৰ নাম লিখা।

উত্তৰঃ (i) মিথেন।

(ii) কার্বন মন ক্সাইড।

2. বিশ্বজনীন উমৈহতীয়া মানে কি? বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ দিয়া।

উত্তৰঃ বিশ্বজনীন সামূহীয়া সম্পদ হ’ল সেইবোৰ সম্পদ, যিবোৰ কোনো বিশেষ এখন ৰাষ্ট্ৰৰ নিয়ন্ত্রণত নাথাকে। অর্থাৎ সকোলো ৰাষ্ট্ৰই এইবোৰ ব্যৱহাৰ কৰিব পাৰে। যেনে- পৃথিৱীৰ বায়ুমগুল, মহাসাগৰ, আকাশ মার্গ আদি।

বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে তলত দুটা পৰামৰ্শ আগবঢ়োৱা হ’ল-

(i) বহনক্ষম উন্নয়নৰ কৌশল অৱলম্বণ কৰা।

(ii) আন্তর্জাতিক সহযোগীতা বৃদ্ধি কৰা।

3. ভাৰতে কেতিয়া কায়ট’ প্ৰটকলত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ 2002 চনত।

4. দুটা উমৈহতীয়া বিশ্বজনীন সম্পদৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডল, সূৰ্যৰ তাপ ইত্যাদি।

5. বসুন্ধৰা বা ধৰিত্ৰী সম্মিলন কেতিয়া হৈছিল?

উত্তৰঃ 1992 চনত।

6. বিশ্ব ৰাজনীতিত পাৰিপার্শ্বিক বিষয়বোৰে গুৰুত্ব পোৱাৰ কাৰণ কি?

উত্তৰঃ পৰিৱেশ সংক্রান্তীয় বিষয়বোৰ 1960 ৰ দশকৰ পৰাই আন্তঃ ৰাষ্ট্ৰীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। 

ইয়াৰ প্ৰধান কাৰণবোৰ হ’ল-

(ক) পৰিৱেশৰ দ্রুত অৱক্ষয়।

(খ) প্রাকৃতিক সম্পদৰ কাৰণে বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাত ইত্যাদি।

7. উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতাৰ ধাৰণাটো আলোচনা কৰা।

উত্তৰঃ পৰিৱেশ প্ৰদূষণ ৰোধ সম্পর্কীয় দায়িত্ব গ্রহনত বিভিন্ন সময়ত গোলকীয় উত্তৰ আৰু দক্ষিণ ৰ পাৰ্থক্যৰ সৃষ্টি হৈছে। গোলকীয় উত্তৰৰ দেশসমূহৰ মতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰই সমানে দায়িত্ব বহন কৰিব লাগে। আকৌ গোলকীয় দক্ষিণৰ দেশসমূহৰ মতে, উন্নত তথা গোলকীয় উত্তৰৰ ৰাষ্ট্ৰসমূহেই যিহেতু পৰিৱেশৰ অৱক্ষয়ৰ বাবে প্রধানকৈ দায়ী: সেয়েহে তেওঁলোকে পৰিৱেশ ৰক্ষাৰ বাবে অধিক দায়িত্ব বহন কৰিব লাগে। অৰ্থাৎ ৰাষ্ট্ৰ অনুসৰি দায়িত্ব পৃথক পৃথক হ’ব লাগে। এই পৃথক দায়বদ্ধতাকে উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা বুলি কোৱা হয়। 1992 চনৰ ৰিঅ’ সন্মিলন, 1997 চনৰ কায়ট’ প্ৰটকলত এই পৃথকীকৃত দায়বদ্ধতাৰ স্বীকৃতি দিয়া হৈছিল। অৱশ্যই পিছলৈ ই যথেষ্ট বিতর্কৰো সৃষ্টি কৰিছিল। মূলত অর্থনৈতিক উন্নয়নৰ স্বাৰ্থতে উন্নয়ণশীল দেশসমূহকলৈ এই পৃথকীকৃত দায়বদ্ধতাৰ ধাৰণাৰ সৃষ্টি হৈছিল। কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও নহয় যে, এই দেশসমূহে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কোনো দায়িত্ব গ্রহণ কৰিব নালাগে। সমূহীয়াভাৱে সকলোৱে কম বেছি পৰিমাণে পৰিৱেশ সুৰক্ষাৰ প্ৰতি অৰিহণা যোগোৱাটো উচিত। 

৪. কোনটো পৰিৱেশ সন্মিলনত Agenda 21 গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ৰিঅ’ সন্মিলনত।

9. পৰিৱেশ সংক্রান্তীয় বিষয়ত ভাৰতৰ নীতি আৰু স্থিতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম ভাৰতবৰ্ষ অতীতৰে পৰাই পৰিৱেশ সুৰক্ষা সম্পর্কত যথেষ্ট সচেতন। আন্তঃ ৰাষ্ট্ৰয়ীয় পর্যায়ত পৰিৱেশ সুৰক্ষাৰ ধাৰণাৰ আনুষ্ঠানিক উৎপত্তিৰ সময়তে ভৰতবৰ্ষতো সুচনা হৈছিল পৰিৱেশ সুৰক্ষাৰ এক নতুন দিশ। 1970 ৰ দশকত ভাৰতত হোৱা চিপকো আন্দলোনে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনসাধাৰণৰ সজাগতাক সমগ্র বিশ্বৰ সন্মুখত দাঙি ধৰিছিল। ইয়াৰ পিছৰ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পৰ্কীয় প্রতিটো পদক্ষেপতে ভাৰতে সহাৰি জনাই আহিছে। 1972 চনৰ ষ্টকহম সন্মিলনত ভাৰতবৰ্ষৰ সেই সময়ৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে অংশগ্রহন কৰিছিল আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সহমত প্রদর্শণ কৰিছিল। এই সম্মিলনৰ আহ্বান ক্রমেই পৰিৱেশ সুৰক্ষাৰ বাবেই ৰাষ্ট্ৰীয় পর্যায়ত বিভিন্ন আইন গ্ৰহণ কৰা হৈছে। 1972 চনৰ বণ্যপ্রানী সুৰক্ষা আইন, 1960 চনৰ বন সুৰক্ষা আইন, 1980 চনৰ বায়ু প্ৰদূষণ নিয়ন্ত্রণ আইন, 1986 চনৰ পৰিৱেশ সুৰক্ষা আইন ইত্যাদি হ’ল ভাৰতবৰ্ষই পৰিৱেশ সুৰক্ষাৰ বাবে গ্রহণ কৰা বিভিন্ন আইনী ব্যৱস্থা। ইয়াৰ উপৰিও ভাৰতবৰ্ষত যান-বাহন ইন্ধন নীতি, শক্তি আইন (2011), বিদ্যুৎ আইন (2009) আদি গ্রহণ কৰি পৰিৱেশ প্ৰদূষণ ৰোধ কৰাত নবীকৃত শক্তিৰ পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতে ৰাষ্ট্ৰীয় জৈৱ ইন্ধন অভিধাৰণাৰ দ্বাৰা জৈৱ ডিজেল উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে। নবীকৃত সম্পদৰ দ্বাৰা শক্তি উৎপাদন কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত অন্যতম। ৰিঅ সম্মিলনত অংশগ্ৰহণ কৰা ভাৰতবৰ্ষই এই নীতিসমূহ ভাৰতবৰ্ষত কিমান দূৰ কার্যকৰী হৈছে তাক পৰীক্ষা কৰাৰ বাবেও ব্যৱস্থা গ্রহণ কৰিছিল।

পৰিৱেশৰ সুৰক্ষাৰ দায়িত্ব গ্রহণ সম্পর্কতো ভাৰতে এক সমূহীয়া অথচ পৃথকীকৃত দায়বদ্ধতাৰ পোষকতা কৰি আহিছে। ভাৰতবৰ্ষৰ মতে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ তুলনাত উন্নত ৰাষ্ট্ৰৰ অৰিহণা অধিক। সেয়েহে ইয়াৰ সুৰক্ষাৰ দায়িত্বত উন্নত ৰাষ্ট্রই অধিক পৰিমাণে দায়িত্ব গ্রহণ কৰিব লাগে। আন্তঃৰাষ্ট্রীয় পর্যায়তো পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই নিজৰ দায়িত্বশীলতাৰ পৰিচয় দাঙি ধৰিছে। 1997 চনৰ কিয়টো চুক্তিৰ পৰা ৰেহাই লাভ কৰা ভাৰতে 2002 চনত এই চুক্তিৰ সীমাবদ্ধতা মানি লৈ চুক্তিত সাক্ষৰ কৰিছিল।

এনেদৰেই ভাৰতবৰ্ষই আন্তঃ ৰাষ্ট্ৰীয় প্রেক্ষাপটত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্রহণ কৰি আহিছে।

10. সম্পদ কেন্দ্রিক ভু ৰাজনীতি মানে কি? বিশ্ব ৰাজনীতিত প্রাসঙ্গিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা।

উত্তৰঃ প্রাকৃতিক সম্পদ যিকোনো ৰাষ্ট্ৰৰ উন্নয়নৰ অন্যতম চাবিকাঠি। সম্পদৰ সঠিক আৰু চিন্তিত ব্যৱহাৰে ৰাষ্ট্ৰ আৰু বাক্তিক এক উন্নত জীবন প্ৰদান কৰে। প্ৰত্যেক ব্যক্তি আৰু ৰাষ্ট্ৰই বর্তমান সময়ত সম্পদৰ সর্বোচ্চ আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে উন্নয়নৰ গতি অধিক দ্রুতগামী হয়। ইয়াৰ ফলতে বিভিন্ন সময়ত সম্পদক কেন্দ্ৰ কৰি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয়। সম্পদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই সংঘাতকেই সম্পদকেন্দ্রিক ভু ৰাজনীতি বুলি কোৱা হয়।

ৰাষ্ট্ৰসমূহৰ মাজত সংঘাতৰ সূত্রপাত হোৱাৰ কাৰক হিচাপে পৰিলক্ষিত হোৱা প্রধান প্রাকৃতিক সম্পদ হল জলসম্পদ, খনিজ সম্পদ ইত্যাদি। বিভিন্ন সময়ত সাগৰীয় পথ, দুই-তিনিখন ৰাষ্ট্ৰৰ মাজেৰে বই যোৱা নদীৰ পানীৰ ভাগ বিতৰণক লৈ ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত হোৱা দেখা যায়। উদাহৰণ স্বৰূপে ব্ৰহ্মপুত্র নদীৰ পানীৰ ব্যৱহাৰক লৈ ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰিব পাৰি। আকৌ খনিজ সম্পদক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ইৰাকৰ ওপৰত হোৱা আক্রমনে সম্পদকেন্দ্রিক ভূ-ৰাজনীতিৰে উদাহৰণ। ইৰাকৰ খনিজ তেলৰ খনি বর্তমান সময়ত শক্তিশালী ৰাষ্ট্ৰসমূহৰ মাজৰ সংঘাতৰ অন্যতম কাৰণ হৈ উঠিছে। এইদৰে দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক নিৰ্দ্ধাৰণত প্রাকৃতিক সম্পদ সমূহে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

11. Agenda 21′ কি?

উত্তৰঃ ৰিঅ’ সম্মিলনৰ এক উন্নয়ন মূলক পদক্ষেপকে Agenda 21′ বুলি কোৱা হয়।

12. খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কেতিয়া গ্রহণ কৰা হৈছিল?

উত্তৰঃ 1975 চনত।

13. প্রথম বিশ্বক সাধাৰণতে_______ বুলি কোৱা হয়। (খালী ঠাই পূৰ কৰা)

উত্তৰঃ উত্তৰ বিশ্ব।

14. দ্বিতীয় বিশ্বক সাধাৰণতে ________ বুলি কোৱা হয়। (খালী ঠাই পূৰ কৰা।

উত্তৰঃ দক্ষিণ বিশ্ব।

15. ৰিঅ শীর্ষ সম্মিলনৰ ফলাফলবোৰ কি কি? 

উত্তৰঃ 1992 চনৰ জুন মাহৰ ব্রাজিলৰ ৰাজধানী চহৰ ৰিঅ দি কেনেৰিঅ’ ও ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ণ বিষয়ক সভাখন অনুষ্ঠিত হৈছিল। এই সভাত পৰিবেশ সংক্রান্তীয় বিষয়সমূহ বিশ্ব ৰাজনীতিৰ প্রেক্ষাপটত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছিল। 170 খন ৰাষ্ট্র, শতাধিক বেচৰকাৰী সংগঠন আৰু বিভিন্ন জাতিক প্ৰতিষ্ঠানে এই সভাত অংশগ্রহণ কৰিছিল। উক্ত সম্মিলনত পৰিবেশ সংক্রান্তীয় বিষয়সমূহত বিশ্বৰ উত্তৰ গোলার্ধৰ ৰাষ্ট্রসমূহক বিশেষকৈ গোলকীয় উষ্ণতা আৰু অজন স্তৰ হ্রাস কৰাৰ দৰে বিষয়সমূহলৈ বেছি চিন্তিত হোৱা দেখা গৈছিল আৰু দক্ষিণ গোলাৰ্থৰ ৰাষ্ট্রসমূহ তথা দুখীয়া উন্নয়নশীল দেশসমূহৰ দৃষ্টিভংগীত, বিশেষকৈ আর্থিক উন্নয়ন আৰু পাৰিপার্শ্বিক ব্যৱস্থাপনাৰ মাজৰ সম্পর্কৰ গুৰুত্ব এই প্রসঙ্গই ঠাই লাভ কৰিছিল। দুয়মেৰুৰ দেশসমূহৰ বিষয়সমূহৰ মাজত পার্থক্য দেখা গৈছিল। ৰিঅ সম্মিলনে জলবায়ু পরিবর্তন, জৈৱ বৈচিত্রতা, বনানীকৰণৰ দৰে বিষয়সমূহ অন্তর্ভুক্ত কৰি আৰ্থিক উন্নয়নৰ লগত পাৰিপার্শ্বিক বিষয়সমূহ সাঙুৰি লৈ উন্নয়ণৰ ক্ষেত্রত প্রাধান্য দিছিল। মুঠতে পৰিবেশৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত ৰিঅ সম্মিলনে সর্বাধিক গুৰুত্ব আৰোপ কৰিছিল।

16. 1990-ৰ দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপার্শ্বিকতা সংৰক্ষণৰ বিষয়টো কিয় গুৰুত্ব পাবলৈ আৰম্ভ কৰে?

উত্তৰঃ 1990 দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপার্শ্বিকতা সংৰক্ষণৰ বিষয়টোরে গুৰুত্ব পোৱাৰ কাৰণ সমূহ তলত দিয়া হল —

(i) সমগ্র বিশ্বতে কৃষিৰ উপযোগী ভূমিৰ পৰিমাণ কমি যোৱাৰ লগতে ভূমিৰ উৰ্বৰতা শক্তিও কমি আহিছে।

(ii) তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবোৰত গৰিষ্ঠসংখ্যক লোকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে।

(iii) গছ-গছনি, হাবি বন ধংস কৰাৰ ফলত জলবায়ু, মাটি, জৈৱ বৈচিত্র আৰু পানীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে।

(iv) গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পৰিস্থিতি তন্ত্র আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

17. UNFCCC-ব সম্পূর্ণ রূপটো কি?

উত্তৰঃ United Nations Framework Convention on Climate Change

18. 1992- চনৰ পৰিৱেশ সম্মিলনত কিমানখন বাষ্ট্রই অংশগ্রহণ কৰিছিল?

উত্তৰঃ 170 খন ৰাষ্ট্রই।

19. কিমান চনত UNFCCC অনুষ্ঠিত হৈছিল?

উত্তৰঃ 1992 চনত।

20. বহনক্ষম উন্নয়ন কি?

উত্তৰঃ যি উন্নয়ন বর্তমান প্ৰজন্মৰ লগতে ভৱিষ্যৎ প্রজন্মমৰ কথা চিন্তা কৰি কৰা হয়, তাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়।

21. পৰিৱেশ প্ৰদূষণ কাক বোলে? পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় লিখা।

উত্তৰঃ বায়ু , মাটি আৰু পানীৰ ৰাসায়ণিক, জৈৱিক অথবা ভৌতিক অৱস্থাৰ সলনি যিয়ে মানুহকে ধৰি জীৱজগতৰ ওপৰত কু প্রভাৱ পেলায় তাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। অর্থাৎ পৰিৱেশৰ আকাংশিত সাল সলনি, যাৰ ফলস্বৰূপে জীৱজগতত প্রতিকূল অৱস্থাৰ সৃষ্টি হয় সেয়াই হ’ল পৰিৱেশ প্রদূষণ।

ইয়াক ৰোধ কৰিবলৈ তলত চাৰিটা উপায় উল্লেখ কৰা হ’ল-

(i) বনানীকৰণ: গছ-গছনি বা বনাঞ্চল ধ্বংস কৰাৰ ফলত বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে, যিয়ে পৰিৱেশ প্ৰদূষণত ইন্ধন যোগাইছে। গতিকে গছ-গছনি ৰোপনৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ii) জনসংখ্যা নিয়ন্ত্রণ: জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিৰ ফলত বৰ্ধিত জনসংখ্যাই বিশুদ্ধ খোৱা পানী, মুক্ত বায়ু, ভূমি সেৱনৰ পৰা বঞ্চিত হৈছে। এনে অৱস্থাত জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰিলেহে পৰিৱেশ প্রঙ্গুষণ বোধ কৰিব পাৰি।

(iii) পৰিৱেশ সংৰক্ষণ সম্পর্কে জনসচেতনতা বৃদ্ধি: পৰিৱেশ প্রদূষণৰ ভয়াবহতা সম্পর্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ জৰিয়তেও পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(iv) আন্তর্জাতিক সহযোগীতা: পৰিবেশ প্ৰদূষণৰ সমস্যাই যিহেতু পৃথিৱীৰ সকলো ৰাষ্ট্রকে কম বেছি পৰিমাণে ক্ষতি কৰিছে। সেয়েহে আন্তর্জাতিক সহযোগীতাৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাটো সম্ভব।

22. খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু পৰিৱেশৰ মাজত সম্পর্ক কি? আলোচনা কৰা।

উত্তৰঃ বিশ্বত বসবাস কৰা প্ৰায় ত্রিশ কৌটি খিলঞ্জীয়া লোকক তেওঁলোকৰ মাটি, বায়ু, পানীৰ অধিকাৰ আদিৰ ওপৰত অনান্য জাতি- জনগোষ্ঠীৰ লোকৰ পৰা মুক্ত কৰিব লাগে। খিলঞ্জীয়া লোক সকলক বিশ্ব সম্প্রদায়ৰ মাজত সংস্থাপন দিবলৈ দাবী উত্থাপিত হোৱাটোৱেই হ’ল খিলঞ্জীয়া লোকসকলৰ প্ৰধান বিষয়। ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া লোকসকলৰ সংজ্ঞা এনেদৰে আগবঢ়াইছে “পৃথিৱীৰ বিভিন্ন সংস্কৃতি তথা নৃ-গোষ্ঠীয় মূলৰ পৰা লোকসকলৰ প্ৰব্ৰজন ঘটাৰ সময় কোনো এক নির্দিষ্ট স্থান বা অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰ পুৰুষ-সকলক সেই অঞ্চলৰ থলুৱা আধিবাসী বুলি কোৱা হয়।” খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে কিছুমান ব্যৱস্থা গ্রহণ কৰা হৈছিল। 1975 চনত খিলঞ্জীয়া লোকৰ বিশ্ব সংসদ নামৰ সংস্থাটোৱে জন্মলাভ কৰে। এই সংস্থাটোৱে বিশেষকৈ খিলঞ্জীয়া লোকৰ কলা-সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ ওপৰত গুৰুত্ব প্রদান কৰি আহিছে। ইয়াৰ উপৰি ভূমি অধিকাৰৰ নিশ্চয়তা প্ৰদানৰ বাবে উপযুক্ত বিধিগত ব্যৱস্থা প্রদান কৰা, সম্পদৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা, স্বায়ত্ব শাসন ব্যৱস্থাৰে খিলঞ্জীয়াসকলৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ইত্যাদি ব্যস্থাসমূহক মূল বিষয় হিচাপে লোৱা হৈছে। ভাৰতত খিলঞ্জীয়া সকলক জনজাতি বুলি জনা যায়। মূলত মধ্য আৰু দক্ষিণ আমেৰিকা, আফ্রিকা, ভাৰতবৰ্ষ আৰু দক্ষিণ-পূব এছিয়াই হ’ল খিলঞ্জীয়া লোকসকলৰ প্ৰধান বসতি স্থল। সমগ্র বিশ্বত সিচৰিত হৈ থকা এই প্রায় ত্রিশ কৌটি খিলঞ্জীয়া লোকসকলে অন্যান্য অধিকাৰৰ লগতে এক সুস্থ পাৰিপার্শ্বিকতা ভোগ কৰাটো বাঞ্ছনীয়।

23. হয় নে নহয় লিখা। 

‘ৰিঅ ‘ সন্মিলনে এজেণ্ডা – ২১‘ নামৰ উন্নয়নমূলক প্রকৰণৰ এক তালিকাত অনুমােদন জনাইছিল।

উত্তৰঃ হয়।

24. সেউজ গৃহৰ গেছ নির্গমণে কি সূচায় ? 

উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নােৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজ গৃহ গেছ বােলে। 

25. খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল ? 

উত্তৰঃ ১৯৭৫ চনত। 

26. পৰিৱেশ সচেতনতা দিৱস কোন দিনা উদ্যাপন কৰা হয় ? 

উত্তৰঃ ৫ জুন। 

27. এজেণ্ডা -২১ কি ? 

উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ ‘ শীর্য সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলােচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন , জৈৱ বিভিন্নতা , বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমােদিত কৰা হৈছিল। এই তালিকাখনকে ‘ এজেণ্ডা – ২১’ বুলি জনা যায়।

28. পৰিৱেশ সম্পর্কীয় আইন প্রণয়নৰ প্রয়ােজনীয়তা কি ? 

উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত। 

29. কি কাৰণে ভাৰতবৰ্ষক আৱশ্যকীয়তাসমূহ পূৰণ কৰাৰ পৰা ৰেহাই দিয়া হৈছিল ? 

উত্তৰঃ উন্নয়নশীল ৰাষ্ট্র হােৱা বাবে ভাৰতক ৰেহাই দিয়া হৈছিল। 

30. গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা দুবিধ গেছৰ নাম লিখা। 

উত্তৰঃ গােলকীয় উষ্ণতা বৃদ্ধি কৰা গেছ দুবিধ হৈছে– 

(১) কার্বন – ডাই – অক্সাইড। আৰু 

(২) হাইড্রোক্লৰাইড। 

31. বিশ্বৰ সামূহিক সম্পদ দুটাৰ উদাহৰণ দিয়া। 

উত্তৰঃ বিশ্বৰ সামূহিক সম্পদ দুটা হ’ল–

(১) নদী। আৰু 

(২) পৃথিৱীৰ জলবায়ু। 

32. কিয়ট’প্ৰট’কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল? 

উত্তৰঃ ভাৰত, চীনৰ দৰে অন্যান্য উন্নয়নশীল ৰাষ্ট্রসমূহক উদ্যোগীকৰণৰ সময়ছােৱাত নির্গত কৰা সেউজ গৃহ গেছৰ পৰিমাণ নগণ্য হােৱাৰ বাবে কিয়ট ’ চুক্তিৰ বাধ্যবাধকতা সমূহ পূৰণৰ পৰা ৰেহাই দিয়া হৈছিল। 

33. উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ’ল— পৃথিৱীৰ বায়ুমণ্ডল , সাগৰপৃষ্ঠ আৰু মহাকাশ।

34. উমৈহতীয়া সম্পদৰ ওপৰত সহযােগিতা সহজ নহয় বুলি ভাবানে ? কিয় ? 

উত্তৰঃ কিয়নাে প্রত্যেক ৰাষ্ট্ৰই উমৈহতীয়া সম্পদসমুহ ৰক্ষণাবেক্ষণৰ বাবে সমভাৱে দায়ৱদ্ধতা অনুভৱ নকৰে। 

35। গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা। 

উত্তৰঃ কার্বন – ডাই অক্সাইড (CO,) আৰু মিথেন। 

36. খিলঞ্জীয়া লােক সম্পর্কে ৰাষ্ট্ৰসংঘৰ সূত্ৰটো লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃগােষ্ঠীয় মূলৰ লােকসকলৰ প্ৰব্ৰজন ঘটাৰ সময়ত কোনাে এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগােষ্ঠীৰ উত্তৰপুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায়। 

37. গ্ৰিন হাউছ গেছ কি ? ইয়াৰ ফলাফল কি ? 

উত্তৰঃ কিছুমান গেছ যেনে— কার্বন – ডাই – অক্সাইড, মিথেন , হাইড্রোক্ল’ৰাইড, কার্বন , আদিক গ্ৰিন হাউচ গেছ বােলা হয়। এই গেছবােৰ আংশিকভাবে হলেও গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা না হয়। গােলকীয় উষ্ণতাই পৃথিৱীৰ তাপমাত্রা বৃদ্ধি কৰে, যিয়ে পৃথিৱীৰ জীৱ জগতত এক অনিষ্টকাৰী পৰিণামৰ সৃষ্টি কৰে। 

38. গােলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ (ক) উত্তৰ গােলার্ধ গােলকীয় জনসাধাৰণ। আৰু 

(খ) দক্ষিণ গােলার্ধৰ গােলকীয় জনসাধাৰণ। 

39. সাগৰীয় আৰু উপকূলীয় অৱনতি কি ? 

উত্তৰঃ সাগৰীয় আৰু উপকূলীয় অৱনতি হ’ল — সাগৰ – মহাসাগৰৰ উপকূলীয় অঞ্চলত প্রদূষণ বৃদ্ধি পাইছে। উপকূলীয় অঞ্চলৰ জনবসতিয়ে এই অঞ্চলবােৰ প্ৰদূষিত কৰিছে আৰু অৱনতিও হৈছে। নিয়ন্ত্রণ নকৰিলে আৰু বেছি দূষিত হ’ব। 

40. কিয়টো প্রটকলৰ পৰা ভাৰত আৰু চীনদেশক কিয় আঁতৰত ৰখা হৈছিল ? 

উত্তৰঃ ভাৰত আৰু চীন আদি উন্নয়নশীল ৰাষ্ট্রসমূহে জনমূৰি নির্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নির্গমনৰ তুলনাতকৈ যথেষ্ট কম সেইবাবে উক্ত দুয়ােখন ৰাষ্ট্রকে আঁতৰাই ৰখা হৈছিল। 

41. পাৰিপাৰ্শ্বিক অবনতিৰ সৈতে সম্পর্কিত দুটা বিষয় লিখা।

উত্তৰঃ পাৰিপাৰ্শ্বিকতা অৱনতিৰ কাৰণত বিশেষকৈ –

(ক) পানীৰ নাটনিয়ে পাৰিপাৰ্শ্বিকতা বা অৱনতি ঘটায়। 

(খ) দ্বিতীয়তে অৰণ্য ভূমিৰ ক্রমান্বয়ে বিলুপ্তি সাধন হােৱা বাবেও পাৰিপাৰ্শ্বিকতাৰ অৱনতি হৈ আছে। 

42. UNEP ৰ পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ United Nations Environment Programme. 

43. ধৰিত্ৰী শীর্ষ সন্মিলন কি ? 

উত্তৰঃ ধৰিত্ৰী শীর্ষ সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্রাজিলৰ ৰিঅ ‘ ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পর্কীয় সন্মিলন। 

44. ৰিঅ ‘ শীর্য সন্মিলনৰ ওপৰত এটি টোকা লিখা। 

উত্তৰঃ বিশ্বৰ পাৰিৱেশিক বিষয়ত, গােলকীয় ৰাজনীতিৰ ক্ষেত্ৰত বর্ধিত গুৰুত্ব সুপ্রতিষ্ঠিত কৰিছিল ১৯৯২ চনৰ জুনত, ব্রাজিলৰ ৰিঅ ’ – ডি – জেনেইৰােত বহা ৰাষ্ট্ৰসংঘৰ পাৰিৱেশিক আৰু উন্নয়নৰ শীৰ্য সন্মিলনখনে। এই সন্মিলনখনক পৃথিৱীৰ সন্মিলন ( Earth Summit ) বুলিও কোৱা হয়। এই সন্মিলনত ২৭০ খন ৰাষ্ট্রই যােগদান কৰিছিল। ইয়াত হেজাৰ হেজাৰ বে – চৰকাৰী সংগঠনে ( N.G.O ) আৰু বহুতাে বহুজাতিক সংগঠনেও যােগদান কৰিছিল। এই সন্মিলনত বিশেষকৈ আলােচনা কৰা হৈছিল , জলবায়ুৰ পৰিবর্তন , জৈৱবিভিন্নতা , বনাঞ্চল আদি বিষয়ত। লগতে এইবিলাকৰ উন্নয়নৰ অনুশীলনৰ বাৱে এখন তালিকা প্রস্তুত কৰা হৈছিল যাক “ Agenda ২১ ” বুলি কোৱা হয়। এই প্রচেষ্টাত যদিও বহুতাে পার্থক্য আৰু কষ্ট অমীমাংসিত হৈয়ে থাকিল তথাপি আর্থিক উন্নয়নৰ লগত পৰিৱেশিক ভাৰসাম্যতাৰ দায়বদ্ধৃতাৰ মিলন ঘটোৱাৰ ক্ষেত্ৰত সকলােৱে একমত হৈছিল। এই দৃষ্টিভংগীটোকে বর্তি থাকিব পৰা উন্নয়ন বুলি জনা যায় । ৰাষ্ট্ৰসংঘৰ এই সন্মিলনখনৰ পৰা বিশ্বৰাজনীতিত পাৰিৱেশিক বিষয়বােৰ গুৰুত্বপূৰ্ণ হৈ পৰে। 

45. কিয়ােটো প্রটকল কি ? কি কাৰণত ভাৰতক কিয়ােটা প্রটোকলৰ আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছে ? 

উত্তৰঃ অধিৱেশনৰ অংশিদাৰীসকলে সন্মতি প্রকাশ কৰে যে আটাইতকৈ ডাঙৰ ঐতিহাসিক ভাগটো আৰু বৰ্তমানৰ গােলকীয় কলা ধোৱা নির্গমনৰ উৎপত্তি হৈছিল উন্নয়নশীল দেশবােৰত। আকৌ এই ক্ষেত্ৰতাে সন্মতি প্রকাশ কৰিছিল যে ভাৰত আৰু চীনদেশৰ নিচিনা উন্নয়নশীল দেশবােৰত জনমূৰী নির্গমনৰ পৰিমাণ বৰ নিম্ন। সেইবাবে ভাৰত , চীন আৰু আন উন্নয়নশীল দেশবােৰক জাপানৰ কিয়ােটো প্রটোকল ( Kyoto Protocol ) আৱশ্যকতাৰ পৰা ৰেহাই দিয়া হৈছে। কিয়ােটো প্রটোকল ( Kyoto Protocol ) হ’ল এখন আন্তর্জাতিক চুক্তি , যাৰ দ্বাৰা ঔদ্যোগিক দেশবােৰ ক’লা ধােৱাৰ গেছ নির্গত নকৰাৰ বাবে এটা লক্ষ্য থিৰ কৰি দিয়া হয়। কার্বন – ডাই – অক্সাইড , মিথেইন আদি গেছক গােলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত দায়ী বুলি বিবেচনা কৰা হৈছে। গােলকীয় উষ্ণতা বৃদ্ধি পৃথিৱীৰ জীৱ – জগতৰ বাবে সাংঘাতিক পৰিমাণে দেখা দিয়াৰ সম্ভাৱনাই দেখা দিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top