Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা and select needs one.

Join Telegram channel

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Solutions for All Subject, You can practice these here…

দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৬ ) 

প্রশ্ন ১। মানৱ নিৰাপত্তা কি ? মানৱ নিৰাপত্তাৰ সংকীর্ণ আৰু বহল ধাৰণাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা । ই ৰাষ্ট্রৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে । মানৱ নিৰাপত্তাৰ প্রধান লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্রদান কৰা ।

 মানৱ নিৰাপত্তাৰ সংকীর্ণ অর্থই ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুকিৰ দিশটোৰ ওপৰত বেছিকৈ গুৰুত্ব প্রদান কৰে । আনহাতে , বহল অথই ব্যাখ্যা আগবঢ়াইছে যে ভােক , ৰোগ , প্রাকৃতিক দুর্যোগে মানৱ নিৰাপত্তাৰ প্রতি বেছি ভাবুকিৰ সৃষ্টি কৰে , যুদ্ধ সন্ত্রাসবাদতকৈও । ই অর্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মর্যাদাকে সামৰি লৈছে । অন্যধৰণে ক’বলৈ হ’লে , মানৱ নিৰাপত্তাই ‘ অভাৱৰ পৰা মুক্ত ’ আৰু ‘ ভয়ৰ পৰা মুক্ত ’ হােৱাত গুৰুত্ব প্রদান কৰে । 

প্রশ্ন ২। বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ মানৱ জীৱনত দৰিদ্ৰতাই আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভােগায় । অত্যধিক জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিশ্বৰ দৰিদ্ৰতাই অপৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে । বর্তমান বিশ্বত দেখা দিয়া বিভিন্ন স্বাস্থ্যজনিত ভাবুকি যেনে ভয়ংকৰ মহামাৰী , AIDS , পক্ষীজ্বৰ , খুৱাইন ফ্লু , মেলেৰিয়া , কলেৰা আদিয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্রৰ জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । ৰাষ্ট্র এখনত যেতিয়া কর্ম সংস্থাপনৰ অভাৱ বা আয়ৰ কোনাে সুবিধা নাথাকে , তেতিয়া জনসাধাৰণৰ জীৱনলৈ লাগি আহে দৰিদ্রতা । এনেদৰে দৰিদ্ৰতাই “ মানুহক সকলােফালৰ পৰা নিৰাপত্তাহীনতাত ভােগায় । 

প্রশ্ন ৩। ভাৰতীয় দৃশ্যপট চাই কি কি ধৰণৰ নিৰাপত্তাক ভাৰতত অগ্রাধিকাৰ দিয়া হৈছে— পৰম্পৰাগত নে অপৰম্পৰাগত ? যুক্তিৰে সামৰ্ম দাঙি ধৰিবলৈ তুমি কি উদাহৰণ দিবা । 

বা , ভাৰতত নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতাৰ পাছৰে পৰা নিৰাপত্তাৰ ক্ষেত্ৰত পৰম্পৰাগত আৰু অপৰম্পৰাগত ভাবুকিৰ সন্মুখীন হৈ আহিছে যিবােৰ সীমাৰ ভিতৰৰ পৰা আৰু সীমাৰ বাহিৰৰ পৰা আহি আছে । এই সকলােবােৰ ভাবুকিকে পৰম্পৰাগত আৰু অপৰম্পৰাগত এই দুটা ভাগত ভাগ কৰিব পাৰি । 

প্ৰথম অৱস্থাত , ভাৰতে ইয়াৰ সামৰিক শক্তি আৰু আনৱিক শক্তি বৃদ্ধিৰ বাবে চেষ্টা চলাই আহিছে । ভাৰতে চীন আৰু পাকিস্তানৰ দৰে আণবিক শক্তিৰ অধিকাৰী প্রতিবেশী ৰাষ্ট্ৰৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব লগা হৈছে । চীন দেশে ১৯৬২ চনত ভাৰতক আক্রমণ কৰিছিল , আৰু আনহাতে পাকিস্তানে কমেও তিনি চাৰিবাৰ ভাৰতৰ লগত যুদ্ধত লিপ্ত হৈছে— ১৯৪৭, ৪৮ , ১৯৬৫ আৰু ১৯৭১ ; ১৯৯৯ চনত । ভাৰতে আণৱিক অস্ত্র প্রথমে পৰীক্ষা কৰিছিল— ১৯৭৪ চনত আৰু পুনৰ পৰীক্ষা কৰিছিল । ৯৯৮ চনত । ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবেই এই শক্তি বৃদ্ধি কৰাৰ যুক্তিযুক্ততা চৰকাৰে দেখুৱাইছে । 

দ্বিতীয় ক্ষেত্ৰত , ভাৰতৰ নিৰাপত্তা শক্তি বৃদ্ধি কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় চৰ্ত , আন্তঃৰাষ্ট্ৰীয় সংস্থাবােৰত ভাৰতৰ নিৰাপত্তাৰ স্বার্থবােৰ পূৰণ কৰিব লাগিব । ভাৰতৰ প্রথম প্রধান মন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৱে ঔপনিবেশিক শাসন মুক্ত হােৱা , নিৰঞ্জীকৰণ কৰা , আৰু এছিয়াৰ ঐক্য সাধন কৰা , আদি কার্যক সমর্থন কৰিছিল । ভাৰতে গােষ্ঠী নিৰপেক্ষতা নীতি ব্যৱহাৰ কৰি এটা শান্তিপূর্ণ অঞ্চল গঢ়ি তুলিব বিচাৰিছিল যাতে দুয়ােটা শক্তিশালী সামৰিক গােষ্ঠীৰ পৰা সমান দূৰত্ব ৰক্ষা কৰিব পাৰি ।

তৃতীয়তে , ভাৰতৰ নিৰাপত্তাৰ আন এটা কৌশল হ’ল — ভাৰতৰ সীমাৰ ভিতৰৰ আভ্যন্তৰীণ প্রত্যাহ্নবােৰৰ সম্মুখীন হােৱাৰ প্রচেষ্টা চলােৱা । নাগালেণ্ড , মিজোৰাম , পাঞ্জাব , জম্মু – কাশ্মীৰ আদি ৰাজ্যই ভাৰত যুক্তৰাষ্ট্ৰৰ পৰা বিলগ্নিত হ’বলৈ দাবী জনাই , বিভিন্ন আতংকব্বাদী কার্যত লিপ্ত হৈছে । ভাৰত চৰকাৰে সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংহতি ৰক্ষা কৰিবলৈ গণতান্ত্রিক পদ্ধৰি ৰাজনীতি অৱলম্বন কৰি ইয়াক মীমাংসা কৰিবলৈ চেষ্টা কৰিছে ।

চতুর্থতে , ভাৰতে দেশখনৰ অর্থনীতি উন্নতি এনেদৰে কৰিব বিচাৰে যাতে বিশাল জনগণৰ মাজৰ পৰা দৰিদ্ৰতা নির্মূল কৰিব পৰা যায় , নাগৰিকৰ মাজৰ বৈষম্য আঁতৰাব পৰা যায় আৰু এখন উন্নত সমাজ ব্যৱস্থা গঢ়ি তুলিব পৰা যায় তাৰে প্রচেষ্টা চলাব খােজে ।

এইদৰে এই আলােচনাৰ সামৰণিত ইয়াকে প্রতিপন্ন কৰা হয় যে ভাৰতীয় দৃশ্যপট চাই দেশখনে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তা দুয়ােটা পন্থাকে অগ্রাধিকাৰ দিব বিচাৰে ।

প্রশ্ন ৪। তৃতীয় বিশ্বৰ জনসাধাৰণে সম্মুখীন হােৱা আৰু প্রথম বিশ্বৰ জনসাধাৰণে সন্মুখীন হােৱা ভাবুকিৰ মাজৰ পাৰ্থক্যবােৰ কি কি ? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ৰুচিয়া , এই দুই চূড়ান্ত ক্ষমতাশালী গােষ্ঠী । দুটাৰ মাজত হােৱা শীতল যুদ্ধবােৰ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত হােৱা প্রায় ১/৩ অংশ যুদ্ধৰ বাবে দায়বদ্ধ আছিল । এই যুদ্ধবােৰৰ প্ৰায় ভাগ যুদ্ধই হৈছিল তৃতীয় বিশ্বৰ দেশবােৰত । যিদৰে ইউৰােপীয়ান ঔপনিৱেশিক শক্তিবােৰে উপনিৱেশবােৰত আন্দোলন হােৱাৰ ভয় কৰিছিল , সেইদৰে উপনিৱেশবােৰেও স্বাধীন হােৱাৰ পাছত ভয় কৰিছিল যে তেওঁলােকক ইউৰােপৰ ঔপনিবেশিক শক্তিবােৰে আক্ৰমণ কৰিব । সেইবাবে নতুনকৈ স্বাধীন হােৱা তৃতীয় বিশ্বৰ , দেশৰ বাৰে আৰু এখন সাম্রাজ্যবাদী যুদ্ধ হােৱাৰ ভয় কৰিছিল । 

তৃতীয় বিশ্বৰ নতুনকৈ স্বাধীনতা পােবা দেশবােৰে সন্মুখীন হােৱা নিৰাপত্তাৰ প্ৰত্যাহ্বান । প্রথম বিশ্বৰ দেশৰ বাৰে সন্মুখীন হােৱা প্ৰত্যাহ্বানৰ পৰা দুই প্রকাৰে পৃথক । প্রথমতে , নতুনকৈ স্বাধীন হােৱা দেশবােৰে প্রতিবেশী ৰাজ্যবােৰৰ পৰা সামৰিক সংঘর্ষ হােৱাৰ আশংকাত থাকে । দ্বিতীয়তে , তেওঁলােকে নিজৰ দেশতে আভ্যন্তৰীণ সামৰিক সংঘৰ্ষৰ আশংকাতাে উদ্বিগ্ন হৈ থাকিব লগা হয় । এই দেশৰ বাৰে সীমাৰ বাহিৰৰ প্রতিবেশীৰ ভাবুকিৰাে সম্মুখীন হ’ব লাগে আৰু আনহাতে তৃতীয় বিশ্বৰ ভিতৰৰ দেশবােৰৰ পৰাও ভাবুকিৰ সন্মুখীন হ’ব লাগে । 

অভ্যন্তৰীণভাৱে নতুন দেশবােৰে বিচ্ছিন্নতাবাদী আন্দোলনৰ বাবেও উদ্বিগ্ন আৰু ভীতিগ্রস্ত হৈ থাকিব লগা হয় । প্রতিবেশী ৰাষ্ট্ৰয়াে আভ্যন্তৰীণ বিচ্ছিন্নতাবাদীসকলক উচটনি দিয়া কার্যত লিপ্ত হৈ দুয়ােখন দেশতে উদ্বিগ্নতা বৃদ্ধি কৰা কার্যত লিপ্ত হয় । সেইকাৰণে তৃতীয় বিশ্বৰ দেশবােৰৰ ক্ষেত্ৰত প্রতিবেশী ৰাজ্যৰ লগত যুদ্ধ আৰু দেশৰ ভিতৰৰ আভ্যন্তৰীণ কন্দলৰ মুখামুখি প্ৰত্যাহ্বানে নিজৰ নিৰাপত্তা বিপদাপন্ন কৰি তােলে । কিন্তু এই আটাইবােৰ সমস্যা । প্রথম বিশ্বৰ দেশবােৰত দেখা নাযায় । 

প্রশ্ন ৫। সামৰিক মিত্ৰতাৰ উদ্দেশ্যবােৰ কি ? সামৰিক মিত্রগােট এটাৰ নির্দিষ্ট উদ্দেশ্যৰে সৈতে ইয়াৰ কার্যাৱলীৰ উদাহৰণ দিয়া । 

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তা নীতিৰ এটা গুৰুত্বপূর্ণ উপাদন হ’ল মিত্রতা গঢ়ি তােলা । মিত্রতা হ’ল কিছুমান ৰাষ্ট্রৰ সন্মিলন , যিয়ে সামৰিক আক্রমণৰ বিৰুদ্ধে ঐক্যবদ্ধ কাৰ্যৰে বাধা দিব নাইবা প্রতিক্ষা দিব পাৰে । ৰাষ্ট্ৰবােৰে মিত্ৰতা গঢ়ি তােলে , অন্যদেশ বা মিত্র গােষ্ঠীৰ বিৰুদ্ধে সক্রিয় কার্যকৰী শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে । ৰাষ্ট্ৰীয় স্বার্থৰ ওপৰতে নিৰ্ভৰ কৰি মিত্রতা গঢ়ি উঠে আৰু স্বার্থৰ পৰিৱৰ্তন হ’লে , মিত্ৰতাৰ পৰিৱর্তন হয় । 

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইউৰােপৰ দেশবােৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰইও সামৰিক মিত্রতা গঢ়ি তােলে । এই মিত্রতাবােৰৰ ভিতৰত NATO ( উত্তৰ আটলান্টিক সন্ধি সংগঠন ) আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্রশক্তি । এই মিত্রতা গঢ়ি উঠিছিল ছােভিয়েট ৰুচিয়াৰ শক্তি বৃদ্ধি হােৱাৰ বাবে । আনহাতে NATO বিপৰীতে , কমিউনিষ্ট দেশবােৰৰে , ছােভিয়েট ৰুচিয়াৰ নেতৃত্বত ‘ ওৱাৰছাে ’ পেক্ট ’ ( Warsow Pact ) গঠন কৰে যাতে আৱশ্যক মতেনাটোৰ আক্ৰমণক প্রত্যাহ্বান জনাব পাৰে । 

কিন্তু ১৯৯১ চনত যেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিল আৰু ছােভিয়েট ৰুচিয়া ভাগি বিলগ্নিত হ’ল ইউৰােপৰ বহুতাে কমিউনিষ্ট ৰাষ্ট্ৰই NATO- ত যােগদান কৰিবলৈ আৰম্ভ কৰে । ১৯৯৪ চনত NATO- ৰ ব্ৰুচেলচ সন্মিলনত বহুতাে পূর্ব ইউৰােপীয় দেশক NATO ত সামৰি লােৱা হৈছিল । এনেকি ৰুছদেশেও আমেৰিকাৰ পৃষ্ঠপােষােকতাত গঢ়ি উঠা Part nership of peace ‘ সংস্থাত যােগদান কৰিছিল । এইদৰে মিত্ৰতা গােষ্ঠীৰ পৰিৱৰ্তন , ক্ষমতাৰ ভাৰসাম্যতা ’ পৰিৱৰ্তনৰ লগত জড়িত হৈ থাকে । 

প্রশ্ন ৬। ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য প্রার্থীত্বৰ বাবে ভাৰতৰ দাবী সমর্থন কৰানে ? যুক্তিৰে উত্তৰ লিখা । 

উত্তৰঃ ভাৰতৰ এজন নাগৰিক হিচাপে , নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্রার্থীত্বৰ বাবে মই মােৰ অন্তঃকৰণেৰে সৈতে সমর্থন জনাম । ভাৰত নিশ্চিতভাৱেই স্থায়ী সদস্য পদৰ যাগ্য প্রার্থী কাৰণ ভাৰতে ৰাষ্ট্ৰসংঘই নির্ধাৰণ কৰা সকলাে অৰ্হতা প্রায় পূৰণ কৰিছে । 

( i ) ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম জনসংখ্যাৰ দেশ । ইয়াৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১/৫ ভাগ । 

( ii ) ভাৰতবর্য পৃথিৱীৰ দ্বিতীয় বৃহত্তম আৰু দীর্ঘতম গণতান্ত্রিক দেশ । 

( iii ) ভাৰতে ৰাষ্ট্ৰসংঘৰ সকলােবােৰ অগ্রগামী কামতে অংশগ্রহণ কৰি আহিছে । 

( iv ) ৰাষ্ট্ৰসংঘৰ বিভিন্ন দেশৰ সংঘৰ্ষৰ ক্ষেত্ৰত অনুষ্ঠিত কৰা শান্তিৰক্ষাৰ অভিযান ভাৰতৰ অংশগ্রহণ বৰ প্রসংশনীয় আছিল । 

( v ) ভাৰতবর্ষ পৃথিৱীৰ ভিতৰতে এখন উল্লেখনীয় আর্থিকভাৱে টনকীয়াল দেশ বুলি পৰিগণিত হৈছে । 

( vi ) ভাৰতবৰ্ষই সদায়ে নিয়মীয়াকৈ ৰাষ্ট্ৰসংঘত আর্থিক বৰঙণি যােগাই আহিছে । কোনাে  ক্ষেত্ৰত অনিয়ম কৰা নাই ।

এই সকলােবােৰ ক্ৰিয়াৰ ক্ষেত্ৰতে ভাৰত যে এখন যােগ্য সদস্য ৰাষ্ট্ৰ আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ পদৰীৰ বাবে উপযুক্ত প্রার্থী তাত কোনাে সন্দেহ নাই ।

প্রশ্ন ৭। যদিও ৰাষ্ট্ৰসংঘই যুদ্ধ আৰু ইয়াৰ লগত জড়িত দুখ কষ্টবােক বাধা দিয়াত বিফল হৈছে , তথাপি ইয়াক প্ৰচলিত হৈ থকাটো বিচাৰে । কিহে ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংস্থা কৰিছে ? 

নাইবা , বৰ্তমানৰ একক মেৰু বিশ্বত তুমি ভাবা নেকি যে ৰাষ্ট্ৰসংঘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষত ? যুক্তি দিয়া । 

উত্তৰঃ শীতল যুদ্ধ অৱসান হােৱাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীত একমাত্র চূড়ান্ত বিশ্বশক্তিত পৰিণত হৈছে । ইয়াৰ কোনাে প্রতিদ্বন্দ্বী নাই , যিয়ে ইয়াক বিৰােধিতা কৰিব পাৰিব । আমেৰিকাক বাধা দিওঁতা কোনাে নাই ; যি ইচ্ছা তাকে কৰিব পাৰে । এনে এক পৰিস্থিতিত ৰাষ্ট্ৰসংঘ একমাত্র সংস্থা যিয়ে আমেৰিকাই ইচ্ছামতে কৰা কাৰ্যক বাধা দিব পাৰে । প্ৰকৃততে আমেৰিকাৰ ক্ষমতাক ৰাষ্ট্ৰসংঘই সহজে বাধা দিব নােৱাৰে কাৰণ— 

( i ) ছােভিয়েট ৰুচিয়াৰ অন্তর্ধান হােৱাৰ পাছত আমেৰিকাই হ’ল একমাত্র চূড়ান্ত ক্ষমতা । 

( ii ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সামৰিক আৰু অর্থনৈতিক ক্ষমতা । 

( iii ) আমেৰিকাই ৰাষ্ট্ৰসংঘৰ একমাত্র সর্ববৃহৎ বৰঙণি যােগাওঁতা । 

( iv ) ৰাষ্ট্ৰসংঘ মূল কার্যালয় সোঁ – শৰীৰে অৱস্থিত হ’ল আমেৰিকা যুক্তৰাষ্ট্রতে । 

( v ) আমেৰিকা যুক্তৰাষ্ট্রৰ ভেটো প্ৰদানৰ ক্ষমতা । 

( vi ) আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষমতাই বিশ্বৰ সকলাে ক্ষমতাকে সমানে বিভাজিত কৰি বিৰােধী ক্ষমতাক হ্রাস কৰিব পাৰে । 

প্রশ্ন ৮। “ ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিযদক পুনৰ সংগঠন কৰা ” —এই উক্তিটোৰ লগত তুমি একমত নে ? এই কথাৰ সপক্ষে বা বিপক্ষে যুক্তি দিয়া । 

উত্তৰঃ হয় , মই এই উক্তিৰ লগত একমত , যে– ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰা মানে নিৰাপত্তা পৰিষদক পুনৰ সংগঠন কৰা । কাৰণ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগ যিয়ে বিশ্বত শান্তি নিশ্চিত কৰাৰ বাবে দায়বদ্ধ । ইয়াৰ ১৫ জন সদস্য ৰাষ্ট্র আছে- ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য , যিসকলক সাধাৰণ সভাই দুই বছৰৰ বাবে নির্বাচিত কৰে । স্থায়ী পাঁচখন সদস্য ৰাষ্ট্ৰই ‘ভেটো ক্ষমতা’ উপভােগ কৰে । 

ভেটো ক্ষমতা মানে পাঁচখন ৰাষ্ট্ৰৰ যদি এখন ৰাষ্ট্ৰইও নেতিবাচক ভােট দিয়ে বা অসন্মতি প্ৰকাশ কৰে , বাষ্ট্রসংঘই কোনাে সিদ্ধান্ত গ্রহণ কৰিব নােৱাৰে । ইয়াৰ অৰ্থ হ’ল— কোনাে সিদ্ধান্তৰ ক্ষেত্ৰত যদি পাঁচখনৰ এখন ৰাষ্ট্ৰই বিৰােধিতা কৰে নাইবা বিৰুদ্ধে ভােট দিয়ে তেনে সিদ্ধান্ত নাকচ হৈ যায় । শান্তিৰ ক্ষেত্ৰত অহা ভাবুকি নাইবা দুখন বা তাতকৈ বেছি ৰাষ্ট্রৰ মাজত সংঘটিত হােৱা যুদ্ধত নিৰাপত্তা পৰিষদে শান্তি প্রতিষ্ঠা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 

এইদৰে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপুর্ণ অংগ ; ইয়াৰ সংস্কাৰ সাধন কৰা অতি দৰকাৰ সেইবাবে ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে যাতে বেছিসংখ্যক ৰাষ্ট্রই যােগদান কৰিব পাৰে ।

2 thoughts on “Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top