Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা and select needs one.

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Solutions for All Subject, You can practice these here.

সাম্প্রতিক বিশ্বত নিৰাপত্তা

পাঠ: ৭

প্ৰথম খণ্ড

অতি সংক্ষিপ্ত উত্তৰঃ

১। জন নিৰাপত্তা বা মানৱ নিৰাপত্তা কি?

উত্তৰঃ জন নিৰাপত্তা বা মানৱ নিৰাপত্তা হল ১৯৯০ ৰ দশকত জনপ্রিয় হোৱা নিৰাপত্তাৰ এক নতুন ধাৰণা। যিয়ে ৰাষ্ট্রৰ নিৰাপত্তাৰ সলনি ব্যাক্তি আৰু ব্যক্তিৰ জীৱনৰ লগত জড়িত প্ৰমূল্যক সুৰক্ষা প্রদান কৰে। জন নিৰাপত্তাই জনসাধাৰণৰ নিৰাপত্তাক বুজায়।

২। বর্তমান বিশ্বত সন্ত্রাসবাদ সৃষ্টি কৰা দুটা দুৰাৰোগ্য ৰোগৰ নাম লিখা।

 উত্তৰঃ ১। এইডছ (AIDS)

২। কৰনা ভাইৰাছ (Corona Virus) 

৩। ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান উল্লেখ কৰা।

উত্তৰঃ ১। সামৰিক দিশত দক্ষতা বৃদ্ধি কৰা।

২। ৰাষ্ট্রীয় বিধি আৰু আন্ত ৰাষ্ট্রীয় অনুষ্ঠানসমূহ শক্তিশালী কৰা।

উত্তৰঃ 1990 চনত।

৫। পৰম্পৰাগত নিৰাপত্তা কৌশলৰ এটা উপাদান উল্লেখ কৰা।

উত্তৰঃ ক্ষমতাৰ ভাৰসম্যতা।

৬। আধুনিক বিশ্বত মানুহৰ সম্মুখত দেখা দিয়া এটা ভয়ৰ উৎস উল্লেখ কৰা।

উত্তৰঃ সন্ত্রাসবাদ।

৭। সামৰিক শক্তিসম্পন্ন দুখন ৰাষ্ট্রৰ নাম লিখা।

উত্তৰঃ ভাৰত আৰু চীন।

৮। প্ৰব্ৰজনৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ১। দৰিদ্রতা।

২। জনসংখ্যা বৃদ্ধি।

৯। গোলকীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ১। সন্ত্রাসবাদ। 

২। দৰিদ্রতা।

১০। SARS-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Severe Acute Respiratory Syndrome

১১। অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ পাৰমাণবিক মি-সম্প্ৰসাৰণ চুক্তি (NPT)।

১২। নিৰস্ত্ৰীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ 1968 চনত।

সংক্ষিপ্ত উত্তৰঃ

১। নিৰাপত্তা বুলিলে কি বুজা ? 

উত্তৰঃ যিকোনাে ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্তি পােৱাকে নিৰাপত্তা বোলা হয়। 

২। আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলিলে কি বুজা ? 

উত্তৰঃ যিবােৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে তেওঁলােককে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলি কোৱা হয়। 

৩। ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটো কি ? 

উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বার্থ। 

৪। মানৱীয় নিৰাপত্তাই কি বুজায় ? 

উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা। ইয়াৰ প্রাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্রদান কৰা। 

৫। গােলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদ।

৬। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি ? 

উত্তৰঃ সন্ত্রাসবাদ বুলিলে ৰাজনৈতিক হিংসাক বুজায় যি হিংসাই সাধাৰণ মানুহৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। আন্তর্জাতিক সন্ত্রাসবাদে গােটেই বিশ্বজুৰি আলােড়ন সৃষ্টি কৰে।

৭। সহযােগী নিৰাপত্তা কি ? 

উত্তৰঃ অপাৰম্পৰিক সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত সামাৰিক বিৰােধিতাৰ পৰিৱর্তে সহযােগিতাৰ প্রয়ােজন। 

৮। কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে ? 

উত্তৰঃ জনসংখ্যাৰ হ্ৰাস লগতে আয় বৃদ্ধিয়ে। 

৯। মানুহে প্ৰব্ৰজন কিয় কৰে ? 

উত্তৰঃ মানুহে পাৰম্পৰিক আৰু অপাৰম্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায়। 

১০। NATO ৰ সম্পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ North Atlantic Treaty Organisation. 

১১। ভাৰতে পােন প্রথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায় ? 

উত্তৰঃ ১৯৭৪ চনত। 

১২। কোন বছৰ গােলকীয় নিৰাপত্তাৰ উদ্ভৱ হয় ? 

উত্তৰঃ ১৯৯০ চনত। 

১৩। অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ এন্টি বেলিষ্টিক মিছাইল চুক্তি ( ABM )। 

১৪। নিৰস্ত্রীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৯৬৮ চনত। 

১৫৷ ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা। 

উত্তৰঃ সামৰিক ক্ষমতা বৃদ্ধি। 

১৬। প্ৰদূষণ কি ? 

উত্তৰঃ বিশ্বৰ পৰিৱেশত জীৱই জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তােলাক প্রদূষণ বুলি ক’ব পাৰি। 

১৭। খালী ঠাই পূৰণ কৰা: 

(ক) গােলকীয় দাৰিদ্ৰ ………… ৰ আন এক উৎস। 

উত্তৰঃ গােলকীয় দাৰিদ্ৰ সন্ত্রাসবাদৰ আন এক উৎস। 

(খ) নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা ……….।

উত্তৰঃ নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত। 

(গ) অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ ………ৰ উদ্ধত। 

উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধত। 

১৮। কিমানখন দেশে ৰাসায়নিক অস্ত্র চুক্তি সম্মতি দিছিল ? 

উত্তৰঃ ১৮১ খন দেশে।

১৯। নিৰস্ত্রীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলত সহায় কৰে ? 

উত্তৰঃ অস্ত্র সম্বৰণৰ যােগেদি। 

২০। সকলােবােৰ সমাজতে নিৰাপত্তা ধাৰণাটো একেইনে ? 

উত্তৰঃ নহয়। 

২১। আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে বিশেষ কাৰণবশতঃ যেনে প্রাকৃতিক দুর্যোগৰ বাবে এখন দেশৰ এটা প্রধান অঞ্চলৰ মানুহ যদি আনটো অঞ্চললৈ স্থানান্তৰিত হয় তেতিয়া। 

২২। জন – নিৰাপত্তা বুলিলে কি বুজা ? 

উত্তৰঃ জনসাধাৰণৰ নিৰাপত্তা সমাজৰ সকলাে ধৰণৰ ভাবুকিৰ পৰা। 

২৩৷ পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? 

উত্তৰঃ ১৯৬৮ চনত। 

২৪। বিশ্ব দৰিদ্রতা কি ? 

উত্তৰঃ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভাবুকি হৈছে বিশ্ব দৰিদ্ৰতা । তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধি দৰিদ্ৰতাৰ এক অন্যতম প্রধান কাৰণ। 

২৫। সন্ত্রাসবাদ কি ? 

উত্তৰঃ সন্ত্রাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্র কার্য যি কার্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্র হাতত লয়। 

২৬। ভাৰতে কোনটো বছৰত প্রথমে আণবিক অস্ত্র পৰীক্ষা কৰিছিল? 

উত্তৰঃ ১৯৭৪ চনত। 

২৭। ৰাসায়নিক অস্ত্র অভিৱৰ্তন কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৯২ চনত। 

২৮। জন নিৰাপত্তাৰ দুটা প্রতিবন্ধকতা বা বাধা উল্লেখ কৰা।

উত্তৰঃ জন নিৰাপত্তাৰ দুটা প্রতিবন্ধকতা বা বাধা তলত উল্লেখ কৰা হ’ল-

১। দৰিদ্ৰতা: সাম্প্ৰতিক সময়ত ব্যক্তিৰ নিৰাপত্তা বিঘ্নিত কৰা এটা গুৰুত্বপূর্ণ প্রত্যাহ্বান হৈছে দৰিদ্ৰতা। দৰিদ্ৰতাৰ ফলত তৃতীয় বিশ্বৰ বিভিন্ন দেশত ব্যক্তিয়ে খাদ্য, স্বাস্থ্য, শিক্ষা আদি নূন্যতম সা-সুবিধাৰ পৰা বঞ্চিত হৈ এক সংকট পূর্ণ তথা কষ্টকৰ জীৱন কটাব লগা হয়।

২। প্রব্রজন: হিংসা, দৰিদ্ৰতা, কর্মসংস্থাপনহীনতা আদি কাৰণত এখন দেশৰ পৰা আন এখন দেশলৈ স্ব-ইচ্ছাই আঁতৰি যোৱাকে প্ৰব্ৰজন বুলি কোৱা হয়। প্রব্রজনৰ কাৰণ আৰু ফলাফল দুয়োটাই হ’ল নিৰাপত্তাহীনতা। প্ৰব্ৰজন ব্যক্তিৰ মানৱীয় মর্যাদা লাঘৱ কৰি ব্যক্তিৰ বিকাশৰ পথ বন্ধ কৰে।

২৯। জন নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকি উল্লেখ কৰা।

উত্তৰঃ ১। দৰিদ্ৰতা।

২। প্রব্রজন।

৩০। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা। 

উত্তৰঃ ১। পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই ব্যক্তিৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২। পৰম্পৰাগত নিৰাপত্তাই যুদ্ধ, সন্ত্রাসবাদ আদিৰহে নিৰাপত্তাৰ প্ৰত্যাহ্বান বুলি বিবেচনা কৰে।

আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই যুদ্ধ, সন্ত্রাস আদিৰ উপৰিও দৰিদ্ৰতা, নিৰক্ষৰতা, পৰিৱেশৰ অৱক্ষয়, মহামাৰী আদিৰ সমস্যাকো নিৰাপত্তাৰ প্ৰত্যাহ্বান বুলি দাবী কৰে।

৩১। দুটা মানৱ অধিকাৰ উল্লেখ কৰা।

উত্তৰঃ (i) পৌৰ আৰু ৰাজনৈতিক অধিকাৰ।

(ii) অর্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ।

৩২। ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই কেনেকৈ ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব পাৰে?

উত্তৰঃ দেশসমূহৰ মাজত হ’ব পৰা যুদ্ধ বা সংঘাতক যি উপায়েৰে নিয়ন্ত্ৰণ কৰা হয়, তেনে উপায় অৱলম্বনৰ দ্বাৰা ক্ষমতাৰ ভাৰসাম্য অনা হয়। ক্ষমতাৰ ভাৰসাম্য বজায় ৰাখিবলৈ বৃহৎ শক্তিশালী দেশসমূহক নিয়ন্ত্ৰণ কৰাৰ কিছুমান প্ৰয়োজনীয় উপায় অৱলম্বন কৰা হয়। বিশেষকৈ মিত্ৰতা স্থাপন, নিৰস্ত্ৰীকৰণ, যুদ্ধ, অস্ত্র আহৰণ আদিয়েই প্রধান

শক্তিশালী দেশসমূহৰ তুলনাত দুৰ্বল দেশসমূহৰ বিভিন্ন ক্ষমতা তথা অধিকাৰ কম থাকে। এই ক্ষেত্রত শক্তিশালী দেশে তেনে দেশসমূহক সহজতে বশ কৰিব পাৰে নাইবা নিজৰ অধীনলৈ নিবলৈ সক্ষম হয়। কিন্তু এনে কার্যক ৰোধ কৰিবলৈ যি উপায় অৱলম্বন কৰা হয়, তাকে ক্ষমতাৰ ভাৰসাম্য বোলে।

তলত দিয়া বিভিন্ন কাৰকসমূহৰ জৰিয়তে ৰাষ্ট্ৰই ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব পাৰে –

(i) মিত্ৰতা স্থাপন: বিশ্বৰ সকলো ৰাষ্ট্ৰৰ মাজতে এক প্রতিযোগিতাৰ ফলত শক্তিলূলক ভাৱ গঢ়ি উঠা দেখা যায়। এনে প্ৰতিযোগিতাৰ ফলত শক্তিশালী দেশসমূহৰ তুলনাত দুৰ্বল দেশসমূহে সহজতে মিত্ৰতা স্থাপন কৰে।

(ii) নিৰস্ত্ৰীকৰণঃ দুখন ৰাষ্ট্ৰৰ সামৰিক দিশত শক্তিশালী হ’লে ৰাষ্ট্ৰদুখনৰ মাজত নিৰাস্ত্ৰীকৰণ ব্যৱস্থা কৰি সমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা যায়।

(iii) সশস্ত্ৰীকৰণঃ দুখন ৰাষ্ট্ৰৰ মাজত অস্ত্ৰৰ পৰিমাণ বৃদ্ধিয়ে নিৰাপত্তাৰ ক্ষেত্ৰত শংকাৰ সৃষ্টি কৰে। এই শংকা দূৰ কৰিবৰ বাবে সশস্ত্ৰীকৰণ ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উপায়।

৩৩। ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদান চাৰিটা আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহ তলত উল্লেখ কৰা হ’ল-

(i) ভাৰতৰ নিৰাপত্তা কৌশলৰ প্ৰথমটো উপাদান হ’ল-সামৰিক দক্ষতা বৃদ্ধি কৰা। ভাৰতে ইয়াৰ সামৰিক দক্ষতা বৃদ্ধি কৰিবলৈ যুদ্ধ জাহাজ, যুদ্ধ বিমান তথা সামৰিক বাহিনীৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

(ⅱ) আন্তঃৰাষ্ট্ৰীয় বিধি আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান শক্তিশালী কৰি ভাৰতৰ নিৰাপত্তা সুৰক্ষিত কৰা।

(iii) দেশখনক আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুত কৰা যাতে বিচ্ছিন্নতাবাদ, সন্ত্রাসবাদ আদিৰ দৰে ব্যাধি সমূহক কঠোৰ হাতেৰে দমন কৰিব পৰা যায়।

(iv) ভাৰতৰ নিৰাপত্তা কৌশলৰ চতুৰ্থ তথা অন্তিমটো উপাদান নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাৰ লগত জড়িত। স্বাধীনতাৰ পিছত অর্থনৈতিক বিকাশ সাধনৰ বাবে ভাৰতবৰ্ষই বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। যেনে- দৰিদ্ৰতা দূৰীকৰণ, শিক্ষাৰ প্ৰসাৰ, উদ্যোগৰ সম্প্ৰসাৰণ, কৃষিৰ বিকাশ ইত্যাদি।

৩৪। মানৱ অধিকাৰ কি?

উত্তৰঃ সমগ্র বিশ্বত জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে বসবাস কৰা সকলো লোকেই মানুহ হিচাপে মর্যদা সম্পন্নভাবে জীয়াই থাকিবলৈ যি সুযোগ সুবিধা লাভ কৰে তাকেই মানৱ অধিকাৰ বুলি কোৱা হয়।

৩৫। সামৰিক মিত্ৰতাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ সামৰিক মিত্রতাৰ গঠন পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। ই ৰাষ্ট্ৰ সমূহৰ মাজত সামৰিক বাহিনীৰ আক্রমণৰ প্ৰতিৰোধ অথবা সামৰিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি সামৰিক প্ৰতিৰক্ষা ব্যৱস্থা গ্রহণ কৰে। কেতিয়াবা দেশসমূহে বিভিন্ন দেশৰ মিত্রজোট সমূহৰ তুলনাত ক্ষমতা বৃদ্ধি কৰিবলৈ নিজকে মিত্রজোট গঠন কৰে।

৩৬ । মানৱ প্ৰব্ৰজন মানে কি?

উত্তৰঃ যেতিয়া মানুহে এটা স্থান এৰি আন এক স্থানলৈ স্থায়ীভাবে বসতি কৰাৰ উদ্দেশ্যৰে যায় তেতিয়া তাক মানৱ প্রব্রজন হোৱা বুলি কোৱা হয়।

৩৭। মানৱ নিৰাপত্তা বা গোলকীয় নিৰাপত্তাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত বিশেষভাবে জড়িত সুৰক্ষাৰ দিশটোক মানৱ নিৰাপত্তা বুলি কোৱা হয়। মানৱ নিৰাপত্তা হল জনগণৰ নিৰাপত্তা। ই ৰাষ্ট্ৰৰ নিৰাপত্তাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে। অৱশ্যে মানৱ নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা প্রায় একে হোৱা দেখা যায়। কিন্তু ৰাষ্ট্ৰ এখন সুৰক্ষিত হ’লেই জনগণ নিজে সুৰক্ষিত নহয়। এই দিশটোত জনসাধাৰণৰ দৈনন্দিন জীৱনৰ প্ৰতিটো পদক্ষেপতে প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে আৰু ইয়াৰ বাবে বিশ্ব নিৰাপত্তাৰ প্ৰয়োজন হৈ পৰিছে। মানৱ জাতিৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰত্যাহ্বানবোৰ হ’ল বিশ্ব দৰিদ্ৰতা, স্বাস্থ্য, শিক্ষা, অধিকাৰ ইত্যাদি। অনুন্নত ৰাষ্ট্ৰবোৰত অতি দ্রুতগতিত জনসংখ্যা বৃদ্ধি হোৱা বাবে বিশ্ব দৰিদ্ৰতা আৰু উত্তৰ আৰু দক্ষিণৰ দেশবোৰৰ মাজত থকা জনমূৰি আয়ৰ ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে। AIDS, ডেংগু আদি ধৰণৰ মহামাৰীবোৰে মানৱ নিৰাপত্তাৰ প্ৰতি এক গুৰুত্বৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি গোলকীয় উষ্ণতা বৃদ্ধি, আন্তর্জাতিক সন্ত্রাসবাদ, পৰিৱেশৰ ভাৰসাম্যহীনতা আদিয়েও মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

গতিকে এইবোৰৰ পৰা হাত সাৰিবলৈ অর্থাৎ মানৱ বিকাশৰ বাবে আটাইতকৈ প্রয়োজনীয় চর্ত হ’ল শিক্ষা। শিক্ষাৰ অবিহনে মানৱ জাতিৰ বিকাশ সাধন হ’ব নোৱাৰে। সেয়েহে শিক্ষাৰ সম্প্ৰসাৰণৰ জৰিয়তে মানৱ নিৰাপত্তা নিশ্চিত কৰাটো সম্ভৱপৰ।

৩৮। চমুটোকা লিখা:

(i) বিশ্ব দৰিদ্ৰতা বা গোলকীয় দৰিদ্ৰতা

উত্তৰঃ বিশ্ব দৰিদ্ৰতা বা গোলকীয় দৰিদ্ৰতা: মানৱ জীৱনত নিৰাপত্তাহীনতাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল দৰিদ্ৰতা। ৰাষ্ট্র এখনত যেতিয়া কর্মসংস্থাপনৰ অভাৱ হয়, তেতিয়াই জনসাধাৰণৰ জীৱনলৈ দৰিদ্ৰতা নামি আহে। অর্থাৎ অর্থনৈতিক স্বতন্ত্রতা অবিহনে ব্যক্তি কেতিয়াও প্ৰকৃতাৰ্থত স্বাধীন হ’ব নোৱাৰে।

বিশ্ব দৰিদ্রতা হল নিৰাপত্তাহীনতাৰ এটা উৎস। বর্তমান বিশ্বশ্বৰ জনসংখ্যাৰ প্ৰায় 650 কৌটি। বিশ্বৰ বর্তমান মুঠ জনসংখ্যাৰ বৃদ্ধিৰ আধা সংখ্যক বৃদ্ধি হৈছে মাত্র ৬ খন দেশত। সেই দেশ কেইখন হ’ল- চীন, ভাৰত, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ আৰু ইণ্ডোনেছিয়া। বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ জনসংখ্যা অহা ১০ বছৰত তিনিগুণ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। আনহাতে ধনী ৰাষ্ট্ৰসমূহৰ জনসংখ্যা ইয়াৰ তুলনাত হ্রাস পাব বুলি ভবা হৈছে। উচ্চ জনমূৰি আয় আৰু নিম্ন হাৰত জনসংখ্যা বৃদ্ধিয়ে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰি তোলে। আনহাতে নিম্ন আয় আৰু উচ্চ হাৰত জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰ ৰাষ্ট্ৰক অধিক দৰিদ্ৰ কৰি তোলে।

এই বৈষম্যই গোলকীয় পর্যায়ত উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছে। কাৰণ অতি কম সংখ্যক দেশে জনসংখ্যা বৃদ্ধিত বাধা আৰু আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। বিশ্ব দৰিদ্ৰতাই সন্ত্রাস মূলক কার্যকলাপটো বৰঙণি যোগায়। ইয়াৰ ফলত জনসাধাৰণৰ নিৰাপত্তা অনিশ্চিত হৈ পৰে।

মুঠতে আমি ক’ব পাৰো যে, বিশ্ব দৰিদ্ৰতা এক ব্যাধি, যিয়ে সমগ্ৰ মানৱ জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। প্রয়োজনীয় শিক্ষাৰ বিকাশ, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্রহণ ইত্যাদিৰ মাধ্যমেৰে ইয়াক নির্মূল কৰাটো সম্ভৱ।

৩৯। প্রথম বিশ্বৰ নাগৰিকে সম্মুখীন হোৱা ভাবুকি আৰু তৃতীয় বিশ্বৰ নাগৰিকে সম্মুখীন হোৱা ভাবুকিৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰা।

উত্তৰঃ প্রথম বিশ্বৰ দেশ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া আৰু অন্যান্য ইউৰোপীয় ৰাষ্ট্ৰবোৰে সন্মুখীন হোৱা ভয় আৰু তৃতীয় বিশ্বৰ দৰিদ্র দেশবোৰে সন্মুখীন হোৱা নিৰাপত্তাজনিতৰ মাজত পাৰ্থক্য আছে। প্রথম বিশ্বৰ দেশবোৰৰ বাবে আন ৰাষ্ট্রৰ আক্রমনেই প্রধান নিৰাপত্তাজনিত ভয় বা সমস্যা। কিন্তু তৃতীয় বিশ্বৰ দেশবোৰে কেৱল আন ৰাষ্ট্ৰৰ আক্রমণৰ ভয়ৰেই সম্মুখীন নহয়। দেশৰ ভিতৰতে আন কিছুমান নিৰাপত্তা বিস্মিতকাৰী ঘটনাৰ সন্মুখীন হ’ব লগা হয়। অর্থাৎ, তৃতীয় বিশ্বৰ দেশবোৰক আভ্যন্তৰীণ ভাৱে চলি থকা সন্ত্রাসবাদীৰ কাৰ্যকলাপ তথা বিচ্ছিন্নতাবাদী আন্দোলনে ভাবুকি সৃষ্টি কৰে।

৪০। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য আলোচনা কৰা।

উঃপ্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাথক্য তলত আলোচনা কৰা হ’ল-

(i) যিসকলে সু-ইচ্ছাই নিজৰ দেশ ত্যাগ কৰে তেওঁলোকক প্ৰব্ৰজনকাৰী বুলি কোৱা হয়। আনহাতে, যিসকলে যুদ্ধ, প্রাকৃতিক দুর্যোগ আৰু ৰাজনৈতিক উৎপীড়নৰ ফলাফলত পলায়ন কৰে তেওঁলোকক শৰণাৰ্থী বোলে।

(ⅱ) প্ৰব্ৰজনকাৰী সকলে চৰকাৰৰ অনুমতি অবিহনে অর্থাৎ অবৈধভাৱে থাকিবলৈ লয়। আনহাতে, শৰণাৰ্থীসকলে চৰকাৰৰ অনুমতি অনুসৰি অর্থাৎ বৈধভাবে থাকিবলৈ লয়।

2 thoughts on “Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top