Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা and select needs one.

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১। বহিঃভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি ? উদাহৰণ দিয়া ।

উত্তৰঃ ( ক ) অৱৰােধ :- ইয়াৰ অৰ্থ হৈছে যুদ্ধৰ আশংকাক বাধা প্রদান কৰা । এইক্ষেত্ৰত ভাৰতত পাৰমাণৱিক পৰীক্ষাৰ বিষয়ে উল্লেখ কৰিব পৰা যায় । 

( খ ) ৰক্ষা :- যুদ্ধক সীমিত ৰখা বা ইয়াৰ সমাপ্ত কাক ৰক্ষা বুলি কোৱা হয় । 

( গ ) ক্ষমতাৰ ভাৰসাম্য :- প্রতিখন চৰকাৰে আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে । 

( ঘ ) মিত্ৰগােট গঠন :- মিত্রগােট গঠন মানে হৈছে কেইখনমান ৰাষ্ট্রৰ সন্মিলন যিসকলে নিজৰ কার্যাৱলীৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংঘটিত কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে । যেনে – NATO , CENTO আদি ।

প্রশ্ন ২। মানৱ অধিকাৰে কি বুজায় ? বিভিন্ন প্রকাৰৰ মানৱ অধিকাৰ কি কি ? 

উত্তৰঃ মানুহ হিচাপে ভালদৰে জীয়াই থকাৰবাবে প্রয়ােজনীয় অধিকাৰখিনিক মানৱ অধিকাৰ বােলা হয় । এই অধিকাৰখিনিৰ অবিহনে মানুহে নিজৰ সম্পূর্ণ বিকাশ সাধন কৰিব নােৱাৰে । বিভিন্ন প্রকাৰৰ মানৱ অধিকাৰবােৰ হ’ল— 

( ক ) পৌৰ অধিকাৰ :-

( ১ ) জীৱনৰ স্বাধীনতাৰ আৰু নিৰাপত্তাৰ অধিকাৰ ,

( ২ ) দাসত্ব প্ৰথাৰ বিৰুদ্ধে অধিকাৰ ,

( ৩ ) শিক্ষাৰ অধিকাৰ ।

( খ ) ৰাজনৈতিক অধিকাৰ :-

( ১ ) আইনৰ চকুত সকলাে সমান আৰু সমানে আইনগত নিৰপত্তা পােৱাৰ অধিকাৰ ;

( ২ ) চৰকাৰত আৰু মুক্ত নির্বাচনত অংশগ্রহণ কৰাৰ অধিকাৰ ।

( গ ) অর্থনৈতিক অধিকাৰ :-

( ১ ) সম্পত্তিৰ অধিকাৰ ,

( ২ ) কৰ্মৰ অধিকাৰ , সমমজুৰি লাভ কৰাৰ অধিকাৰ ,

( ৩ ) বিশ্রাম আৰু অৱকাশৰ অধিকাৰ ।

প্রশ্ন ৩। ক্ষমতাৰ সলন কি ? এখন ৰাষ্ট্ৰই কিদৰে ইয়াক পাব পাৰে ? 

উত্তৰঃ সাধাৰণতে বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ প্রত্যেকৰ নিজৰ স্বাৰ্থ আছে আৰু সেই স্বার্থ পূৰণ কৰিবলৈ চেষ্টা কৰাৰ ফলত বহুক্ষেত্ৰত ৰাষ্ট্ৰবিলাকৰ মাজত সংঘর্ষ হােৱা দেখা যায় । এনে সংঘর্ষ বা অনিশ্চয়তা আঁতৰ কৰিবৰ কাৰণে ক্ষমতাৰ তুলনামূলক পৰিমাণৰ ওপৰত ভিত্তি কৰি এক প্ৰকাৰ ভাৰসাম্যৰ সৃষ্টি কৰা হয় । ক্ষমতাৰ এনে তুলনামূলক পৰিমাণকে ক্ষমতাৰ সত্তলন বােলা হয় । এখন ৰাষ্ট্ৰই বিভিন্ন উপায়েৰে ইয়াক পাব পাৰে । 

( ক ) মৈত্রী :- বর্তমান বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মাজত বিভিন্ন দিশত প্রতিযােগিতা দেখা যায় । কেতিয়াবা এখন শক্তিশালী ৰাষ্ট্র ক্ষমতা প্রতিৰোধ কৰিবৰ কাৰণে দুর্বল বা ততােধিক ৰাষ্ট্র লগ লাগি বন্ধুত্ব স্থাপন কৰে । 

( খ ) সশস্ত্রীকৰণ :- কোনাে এখন দেশে নিজৰ নিৰাপত্তাৰ কাৰণে অস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিলে । ওচৰ – চুবুৰীয়া আনখন দেশত নিজৰ নিৰাপত্তাৰ কাৰণে অস্ত্র – শস্ত্ৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ধৰে , সেই দৃষ্টিকোণৰ পৰা সশস্ত্রীকৰণ ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উপায় । 

( গ ) নিৰস্ত্রীকৰণ :- নিৰস্ত্রীকৰণাে ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ আন এটা উল্লেখযােগ্য উপায় । দুখন ৰাষ্ট্র সামৰিক দিশত শক্তিশালী হ’লে ৰাষ্ট্ৰ দুখনৰ মাজত নিৰীকৰণ ব্যৱস্থা কৰিও ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পৰা যায় । 

প্রশ্ন ৪। সামৰিক মিত্ৰতাৰ উদ্দেশ্যবােৰ কি কি ? সামৰিক মিত্রগােট এটাৰ নির্দিষ্ট উদ্দেশ্যৰে সৈতে ইয়াৰ কার্যাৱলীৰ উদাহৰণ দিয়া । 

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তা নীতিৰ এটা গুৰুত্বপূর্ণ উপাদন হ’ল মিত্রতা গঢ়ি তােলা । মিত্ৰতা হ’ল কিছুমান ৰাষ্ট্রৰ সন্মিলন , যিয়ে সামৰিক আক্রমণৰ বিৰুদ্ধে ঐক্যবদ্ধ কার্যৰে বাধা দিব নাইবা প্ৰতিৰক্ষা দিব পাৰে । ৰাষ্ট্ৰবােৰে মিত্ৰতা গঢ়ি তােলে , অন্যদেশ বা মিত্র গােষ্ঠীৰ বিৰুদ্ধে সক্রিয় কার্যকৰী শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে । ৰাষ্ট্ৰীয় স্বার্থৰ ওপৰতে নিৰ্ভৰ কৰি মিত্রতা গঢ়ি উঠে আৰু স্বার্থৰ পৰিৱৰ্তন হ’লে , মিত্ৰতাৰো পৰিবর্তন হয় ।

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত ইউৰােপৰ দেশবােৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰইও সামৰিক মিত্ৰতা গঢ়ি তােলে । এই মিত্ৰতাবােৰৰ ভিতৰত NATO ( উত্তৰ আটলান্টিক সন্ধি সংগঠন ) আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্রশক্তি । এই মিত্রতা গঢ়ি উঠিছিল ছােভিয়েট ৰুচিয়াৰ শক্তি বৃদ্ধি হােৱাৰ বাবে । আনহাতে NATO বিপৰীতে , কমিউনিষ্ট দেশবােৰৰে , ছােভিয়েট ৰুচিয়াৰ নেতৃত্বত ওৱাৰছাে ’ পেক্ট ’ ( Warsow Pact ) গঠন কৰে যাতে আৱশ্যক মতে নাটোৰ আক্ৰমণক প্রত্যাহ্বান জনাব পাৰে । 

কিন্তু ১৯৯১চনত যেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিল আৰু ছােভিয়েট ৰুচিয়া ভাগি বিলগ্নিত হ’ল ইউৰােপৰ বহুতাে কমিউনিষ্ট ৰাষ্ট্ৰই NATO- ত যােগদান কৰিবলৈ আৰম্ভ কৰে । ২৯৯৪ চনত NATO- ৰ ব্ৰুচেলচ সন্মিলনত বহুতাে পূর্ব ইউৰােপীয় দেশক NATO ত সামৰি লােৱা হৈছিল । এনেকি ৰুছদেশেও আমেৰিকাৰ পৃষ্ঠপােষােকতাত গঢ়ি উঠা ‘ Part nership of peace ‘ সংস্থাত যােগদান কৰিছিল । এইদৰে মিত্ৰতা গােষ্ঠীৰ পৰিৱৰ্তন , ক্ষমতাৰ ভাৰসাম্যতা ’ পৰিৱৰ্তনৰ লগত জড়িত হৈ থাকে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৫। দ্রুতগতিৰ পাৰিৱেশিক অৱক্ষয়ে নিৰাপত্তাৰ সাংঘাতিক ভাবুকিৰ কাৰণ । তুমি এই উক্তিত একমতনে ? যুক্তিৰে সাৰমৰ্ম লিখা । 

অথবা , মানৱীয় নিৰাপত্তাৰ প্রতি দুটা ভাবুকিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ হয় , মই উক্ত উক্তিটো মানি লওঁ যে দ্রুতগতিৰে হােৱা পাৰিৱেশিক অৱক্ষয়ে সমাজত নিৰাপত্তাৰ এক সাংঘাটিক ভাবুকিৰ সৃষ্টি কৰে । মানৱীয় নিৰাপত্তাই ক্ষুধাৰ পৰা নিৰাপত্তা , আৰু দৰিদ্রতা ; ৰােগ ; প্রাকৃতিক দুর্যোগ , যেনে — বানপানী , আৰু ভূমিকম্প আদিয়ে বহু বেছিসংখ্যক মানুহৰ প্রাণ হানি কৰে — যুদ্ধ , গণহত্যা , আতংকবাদী কার্যাৱলীতকৈও । এই আটাইবােৰকে মানৱীয় নিৰাপত্তাই সামৰি লয় । 

মুঠতে , বিশ্ব নিৰাপত্তাৰ ধাৰণাটো উদ্ভৱ হৈছে কুৰি শতিকাৰ শেষৰ দশকটোত বিশ্বৰ প্রাকৃতিক ভাবুকিৰ বিপৰীতে যেনে— বিশ্বৰ উষ্ণতা বৃদ্ধি , বানপানী , ভূমিকম্প ইত্যাদি । পৃথিৱীৰ কোনাে দেশেই এই প্রাকৃতিক ভাবুকিৰ বিৰুদ্ধে অকলে সন্মুখীন হ’ব বা সমাধান কৰিব নােৱাৰে । কিছুমান পৰিস্থিতিত ভৌগােলিক অৱস্থানৰ বাবে কোনাে এখন দেশে নাইবা আন কোনাে কাৰণতে , তেনে সমস্যাৰ বােজা কিছু বেছিকৈ বহন কৰিব লগা হ’ব পাৰে আন । দেশবােৰতকৈ । উদাহৰণ স্বৰূপে গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সাগৰ পৃষ্ঠ ১,৫–২.00 মিটাৰ বৃদ্ধিৰ ফলত বাংলাদেশৰ ২০ শতাংশ অঞ্চল , প্রায় সম্পূর্ণ মালদ্বীপপানীত ডুব যােৱা আৰু প্রায় আধা অংশ থাইলেণ্ড ডুব যােৱাৰ আশংকা কৰা হৈছিল । ঠিক তেনেদৰে দুখীয়া দেশবােৰত AIDS ৰ নিচিনা মহামাৰী বেমাৰত আক্রান্ত হােৱা সম্ভাৱনা বেছি দেখা যায় আন উন্নত দেশৰ তুলনাত । যিহেতু এনেধৰণৰ সমস্যাবােৰ বিশ্ব ব্যাপ্ত প্রকৃতি , আন্তর্জাতিক , আৰু সকলােৰে সহযােগিতাৰ অবিহনে ইয়াক সমাধান কৰা অসম্ভব , সেই কাৰণে সকলােৱে ঐক্যবদ্ধভাবে  সন্মুখীন হ’ব লাগে ।

প্রশ্ন ৬। মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পর্ক কি ?

উত্তৰঃ মানৱীয় নিৰাপত্তাই সাধাৰণতে ৰাষ্ট্ৰক ৰক্ষণাবেক্ষণ দিয়াতকৈ জনসাধাৰণক বেছি ৰক্ষণাবেক্ষণ দিয়াটোক বুজায় । মানৱীয় নিৰাপত্তাৰ সমর্থকসকলে কয় যে ৰাষ্ট্ৰৰ প্রাথমিক লক্ষ্য হ’ল ইয়াৰ ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়া । তেওঁলােকৰ মতে মানৱীয় নিৰাপত্তাৰ ধাৰণাই ক্ষুধা , ৰোগ ব্যাধি আৰু প্ৰাকৃতিক দূর্যোগ আদিক সন্নিবিষ্ট কৰা উচিত । কিয়নাে , এইবােৰে এনেকি যুদ্ধতকৈ বেছি মানুহক মৃত্যুৰ মুখত পেলায় । এইদৰে মানৱীয় নিৰাপত্তাৰ নীতিয়ে এইবােৰ ভাবুকিৰ পৰা জনসাধাৰণক , সংঘৰ্য আৰু যুদ্ধতকৈ বেছি ৰক্ষণাবেক্ষণ দিয়া উচিত । কাৰণ দৰিদ্ৰতা , ক্ষুধা , ৰােগ ব্যাধি , প্রাকৃতিক দুর্যোগেহে মানুহৰ স্বাস্থ্যৰ লগত জড়িত হৈ এক অসহায় , নিৰুপায়তাৰ বেছি সৃষ্টি কৰে । 

প্রশ্ন ৭৷ প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পর্ক কি ? আলােচনা কৰা ।

উত্তৰঃ প্ৰব্ৰজন আৰু মানবীয় নিৰাপত্তাৰ মাজত এক গভীৰ সম্পর্ক আছে । মানুহে যেতিয়া এখন স্থান এৰি আন এক স্থানলৈ স্থায়ীভাৱে বসতি কৰাৰ উদ্দেশ্যে যায় তেতিয়া তাক প্ৰব্ৰজন কোৱা হয় । এনে ধৰণৰ প্ৰব্ৰজন নিজৰ অঞ্চলৰ ভিতৰত বা ৰাষ্ট্ৰখনৰ ভিতৰত বা বাহিৰত হ’ব পাৰে । কোনাে ব্যক্তি বা ব্যক্তি সমষ্টিয়ে নিজৰ স্থান সলনি কৰিলে স্বেচ্ছা প্ৰব্ৰজন আৰু অনিচ্ছাই কৰিলে অনিচ্ছাকৃত প্রব্রজন বােলে ।

বর্তমান বিশ্বত প্রব্রজন এক মানৱ নিৰাপত্তাৰ সৈতে জড়িত বিষয় হৈ পৰিছে । প্ৰব্ৰজনৰ বাবে আন্তর্জাতিক সংগঠন নামৰ সংগঠনটো ২০১০ চনত প্রস্তুত কৰা প্রতিবেদন অনুসৰি গঠন কৰা হৈছিল । ২০১০ চন লৈকে আন্তর্জাতিক প্ৰব্ৰজনকাৰীৰ সংখ্যা হ’ল ২১৪ নিযুত । এনেদৰে প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধি হলে ২০৫০ চনত ইয়াৰ সংখ্যা ৪০৫ নিযুতকৈও অধিক হ’ব । 

দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৰিদ্ৰতাৰ বাবে বৃহৎ সংখ্যক লােকৰ উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহলৈ প্ৰব্ৰজন । হয় । সাধাৰণতে দৰিদ্রতা বা কর্ম সংস্থাপনৰ বাবে এখন ৰাষ্ট্ৰৰ লােকে অন্য এখন ৰাষ্ট্ৰলৈ গমন কৰে । এনেদৰে প্ৰব্ৰজন হােৱা লােকসকলে যথেষ্ট দুর্দশাত ভুগিব লগা হয় । কাৰণ তেওঁলােকে যিখন ৰাষ্ট্ৰলৈ নিৰাপত্তাৰ বাবে যায় সেই ৰাষ্ট্ৰখনে তেওঁলােকক ৰাখিবলৈ বা সংস্থাপন দিবলৈ সন্মত নহয় । 

See Next Page…

2 thoughts on “Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top