Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা and select needs one.

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। খালী ঠাই পূৰণ কৰা : 

( ক ) নিৰাপত্তা অপৰম্পৰাগত দৃষ্টিভংগীক কোৱা হয় ………. বা ……….। 

উত্তৰঃ নিৰাপত্তা অপৰম্পৰাগত দৃষ্টিভংগীক কোৱা হয় মানৱ নিৰাপত্তা বা গােলকীয় , নিৰাপত্তা । 

প্রশ্ন ২। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ পার্থক্য কি ? 

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্র এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ কথা বুজায় । ইয়াত প্ৰধানকৈ সামৰিক দিশটো অন্তর্ভুক্ত কৰা হয় । আনহাতে , অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্রম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াৱহতা আৰু ভাবুকিক অন্তর্ভুক্ত কৰিছে ।

প্রশ্ন ৩। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পার্থক্য লিখা ।

উত্তৰঃ প্ৰব্ৰজনকাৰী সাধাৰণতে স্ব – ইচ্ছাই উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায় । কিন্তু শৰণাৰ্থীসকল হ’ল যুদ্ধৰ ভয়ত , প্রাকৃতিক দুর্যোগৰ কৱলত পৰি অথবা ৰাজনৈতিক হাৰাশাস্তি । সন্মুখীন হৈ অন্য দেশলৈ পলাই যােৱা লােক । 

প্রশ্ন ৪। দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ দিয়া । 

উত্তৰঃ দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ হ’ল— এইডছ ( ADIS ) আৰু এব’লা ভাইৰাছ । 

প্রশ্ন ৫। ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান উল্লেখ কৰা । 

উত্তৰঃ বিশ্বশান্তি প্রতিষ্ঠা আৰু নিৰীকৰণ ক্ষমতাৰ ভাৰসাম্য । 

প্রশ্ন ৬। সন্ত্রাসবাদ নিৰাপত্তাৰ প্ৰতি এক ভাবুকি বুলি তুমি ভাবানে ? কিয় ? 

উত্তৰঃ হয় , সন্ত্রাসবাদ নিৰাপত্তাৰ প্রতি এক ভাবুকি বুলি ভাবাে । কিয়নাে ই জনসাধাৰণৰ মনত ভয়ৰ সৃষ্টি কৰে । ল’ৰা – ছােৱালীক স্কুললৈ পঠাবলৈ ভয় কৰে । সন্ত্রাসবাদৰ কাৰণে জনসাধাৰণে নিজৰ নিৰাপত্তা নাই বুলি ভাবে । সেয়েহে , সন্ত্রাসবাদ নিৰাপত্তাৰ প্রতি এক ভাবুকি । 

প্রশ্ন ৭। ভাবুকিৰ দুটা নতুন উৎস উল্লেখ কৰা । 

উত্তৰঃ বিশ্ব দৰিদ্ৰতা আৰু স্বাস্থ্য মহামাৰী । 

প্রশ্ন ৮। নতুনকৈ স্বাধীন হােৱা দেশসমূহে সন্মুখীন হােৱা নিৰাপত্তাৰ প্ৰত্যাহ্বানবােৰ ইউৰােপৰ প্ৰত্যাহ্বানবােৰতকৈ কিভাৱে পৃথক ? 

উত্তৰঃ ( ক ) উন্নত দেশৰ বাবে আভ্যন্তৰীণ নিৰাপত্তা প্রায় নিশ্চিত । কিন্তু , নতুন দেশসমূহে আভ্যন্তৰীণ আৰু বাহ্যিক দুটা দিশতে নিৰাপত্তাহীনতাৰ সন্মুখীন হয় । 

( খ ) উন্নত দেশ বা ইউৰােপীয় দেশসমূহে সাধাৰণতে নিৰাপত্তাৰ অপাৰম্পৰিক দিশসমূহৰ সন্মুখীন হৈছে , কিন্তু নতুন স্বাধীন দেশসমূহে অপাৰম্পৰিক আৰু পাৰম্পৰিক দুয়ােধৰণৰ নিৰাপত্তাত ভুগি আছে । 

প্রশ্ন ৯। গােলকীয় নিৰাপত্তাৰ ধাৰণাটো কি ? 

উত্তৰঃ গােলকীয় নিৰাপত্তাই বিশ্বৰ সন্মুখীন হােৱা ভাবুকিৰ পৰা ৰক্ষণাবেক্ষণ দিয়াটো বুজায় । 

প্রশ্ন ১০। মানৱ অধিকাৰ বুলিলে কি বুজায় ? 

উত্তৰঃ মানৱ অধিকাৰ সামৰিক জীৱনৰ কিছুমান চৰ্ত যাৰ সহায়ত এজন মানুহে নিজৰ মানৱীয় অস্তিত্ব ৰক্ষা কৰিব পাৰে । ই মানুহৰ ব্যক্তিত্ব বিকাশৰ এক মৌলিক অধিকাৰ । 

প্রশ্ন ১১। ব্যক্তিৰ প্ৰতি ভাবুকিৰ নতুন উৎসৰ উল্লেখ কৰা । 

উত্তৰঃ AIDS , সন্ত্রাসবাদ , পৰিৱেশ প্ৰদূষণ ।

প্রশ্ন ১২। সামৰিক ভাবুকি কি ?  ই কিদৰে দেশৰ প্রতি বৃহৎ বিপদ হ’ব পাৰে ? 

উত্তৰঃ এখন দেশৰ সামৰিক বাহিনীয়ে যেতিয়া আন এখন দেশ আক্রমণ কৰে বা আক্ৰমণৰ বাবে নিজৰ সামৰিক বাহিনীৰ শক্তি বৃদ্ধি কৰে তাকে সামৰিক ভাবুকি বােলে । ইয়াৰ দ্বাৰা দেশত যুদ্ধৰ সৃষ্টি হৈ এক বৃহৎ বিপদ স্বৰূপ হ’ব পাৰে । 

প্রশ্ন ১৩। পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান লিখা । 

উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাৰ নীতিৰ দুটা উপাদান হ’ল— 

( ক ) সামৰিক আইনী গঠন । 

( খ ) যুদ্ধৰ সা – সঞ্জাম আৰু কৌশল আহৰণ । 

প্রশ্ন ১৪। সন্ত্রাসবাদ নিৰাপত্তাৰ প্রতি এক পৰম্পৰাগত বা অপৰম্পৰাগত ভাবুকি হয়নে ? 

উত্তৰঃ হয় । 

প্রশ্ন ১৫। খালী ঠাই পূৰ কবা :

( ক ) কাশ্মীৰ উপত্যকাত হিংসা বিয়পাই দিয়া ………… হ’ল ………… ৰ এটা উদাহৰণ । 

উত্তৰঃ কাশ্মীৰ উপত্যক হিংসা বিয়পাই দিয়া ভাবুকি হ’ল পৰম্পৰাগত নিৰাপত্তাৰ এটা উদাহৰণ ।

প্রশ্ন ১৬। ভাবুকিৰ পৰা মুক্তৰ বিৰুদ্ধে এখন দেশৰ আটাইতকৈ গুৰুত্বপূর্ণ নিৰাপত্তাবােৰ কি কি ? 

উত্তৰঃ ( ক ) যুদ্ধৰ আত্মসমর্পণ । 

( খ ) যুদ্ধৰ ব্যয় অত্যধিক বৃদ্ধি কৰা । 

প্রশ্ন ১৭। মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্রেণীবিভাগবােৰৰ কি কি ? 

উত্তৰঃ মানৱ অধিকাৰ তিনি শ্ৰেণীৰ– 

( ১ ) ৰাজনৈতিক – বাক  স্বাধীনতা , সমবেত হােৱাৰ ।

( ২ ) তার্থনৈতিক আৰু সামাজিক অধিকাৰ ।

( ৩ ) পৰাধীন দেশৰ জনগণৰ , নৃগােষ্ঠী , থলুৱা সংখ্যালঘু সকলৰ অধিকাৰ । 

See Next Page…

2 thoughts on “Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top