Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা and select needs one.

Join Telegram channel

Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Solutions for All Subject, You can practice these here…

সাম্প্রতিক বিশ্বত নিৰাপত্তা

পাঠ: ৭

প্ৰথম খণ্ড

অতি চমু প্রশ্নোত্তৰ ( প্রতি প্রশ্নৰ মূল্যাংক -১ ) 

প্রশ্ন ১। নিৰাপত্তা বুলিলে কি বুজা ? 

উত্তৰঃ যিকোনাে ধৰণৰ সামৰিক বা অসামৰিক ভাবুকিৰ পৰা মুক্তি পােৱাকে নিৰাপত্তা বোলা হয় । 

প্রশ্ন ২। আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলিলে কি বুজা ? 

উত্তৰঃ যিবােৰ মানুহে নিৰাপত্তাহীনতাৰ বাবে নিজৰ ঘৰ এৰি যায় কিন্তু নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰতে থাকে তেওঁলােককে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলি কোৱা হয় । 

প্রশ্ন ৩। ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যটো কি ? 

উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বার্থ । 

প্রশ্ন ৪। মানৱীয় নিৰাপত্তাই কি বুজায় ? 

উত্তৰঃ মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা । ইয়াৰ প্রাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্রদান কৰা । 

প্রশ্ন ৫। গােলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদ ।

প্রশ্ন ৬। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি ? 

উত্তৰঃ সন্ত্রাসবাদ বুলিলে ৰাজনৈতিক হিংসাক বুজায় যি হিংসাই সাধাৰণ মানুহৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে । আন্তর্জাতিক সন্ত্রাসবাদে গােটেই বিশ্বজুৰি আলােড়ন সৃষ্টি কৰে ।

প্রশ্ন ৭। সহযােগী নিৰাপত্তা কি ? 

উত্তৰঃ অপাৰম্পৰিক সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত সামাৰিক বিৰােধিতাৰ পৰিৱর্তে সহযােগিতাৰ প্রয়ােজন । 

প্রশ্ন ৮। কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে ? 

উত্তৰঃ জনসংখ্যাৰ হ্ৰাস লগতে আয় বৃদ্ধিয়ে । 

প্রশ্ন ৯। মানুহে প্ৰব্ৰজন কিয় কৰে ? 

উত্তৰঃ মানুহে পাৰম্পৰিক আৰু অপাৰম্পৰিক নিৰাপত্তাৰ বাবে এক স্থান এৰি আন স্থানলৈ যায় । 

প্রশ্ন ১০। NATO ৰ সম্পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ North Atlantic Treaty Organisation . 

প্রশ্ন ১১। ভাৰতে পােন প্রথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায় ? 

উত্তৰঃ ১৯৭৪ চনত । 

প্রশ্ন ১২। কোন বছৰ গােলকীয় নিৰাপত্তাৰ উদ্ভৱ হয় ? 

উত্তৰঃ ১৯৯০ চনত । 

প্রশ্ন ১৩। অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ এন্টি বেলিষ্টিক মিছাইল চুক্তি ( ABM ) । 

প্রশ্ন ১৪। নিৰস্ত্রীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৯৬৮ চনত । 

প্রশ্ন ১৫৷ ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা । 

উত্তৰঃ সামৰিক ক্ষমতা বৃদ্ধি । 

প্রশ্ন ১৬। প্ৰদূষণ কি ? 

উত্তৰঃ বিশ্বৰ পৰিৱেশত জীৱই জীৱন ধাৰণৰ বাবে অনুপযুক্ত কৰি তােলাক প্রদূষণ বুলি ক’ব পাৰি । 

প্রশ্ন ১৭। খালী ঠাই পূৰণ কৰা : 

( ক ) গােলকীয় দাৰিদ্ৰ ………… ৰ আন এক উৎস । 

উত্তৰঃ গােলকীয় দাৰিদ্ৰ সন্ত্রাসবাদৰ আন এক উৎস । 

( খ ) নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা ……….।

উত্তৰঃ নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত । 

( গ ) অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ ………ৰ উদ্ধত । 

উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধত । 

প্রশ্ন ১৮। কিমানখন দেশে ৰাসায়নিক অস্ত্র চুক্তি সম্মতি দিছিল ? 

উত্তৰঃ ১৮১ খন দেশে ।

প্রশ্ন ১৯। নিৰস্ত্রীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলত সহায় কৰে ? 

উত্তৰঃ অস্ত্র সম্বৰণৰ যােগেদি । 

প্রশ্ন ২০। সকলােবােৰ সমাজতে নিৰাপত্তা ধাৰণাটো একেইনে ? 

উত্তৰঃ নহয় । 

প্রশ্ন ২১। আভ্যন্তৰীণভাৱে বিতাড়িত ব্যক্তি বুলিলে কি বুজা ? 

উত্তৰঃ কোনাে বিশেষ কাৰণবশতঃ যেনে প্রাকৃতিক দুর্যোগৰ বাবে এখন দেশৰ এটা প্রধান অঞ্চলৰ মানুহ যদি আনটো অঞ্চললৈ স্থানান্তৰিত হয় তেতিয়া । 

প্রশ্ন ২২। জন – নিৰাপত্তা বুলিলে কি বুজা ? 

উত্তৰঃ জনসাধাৰণৰ নিৰাপত্তা সমাজৰ সকলাে ধৰণৰ ভাবুকিৰ পৰা । 

প্রশ্ন ২৩৷ পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল ? 

উত্তৰঃ ১৯৬৮ চনত । 

প্রশ্ন ২৪। বিশ্ব দৰিদ্রতা কি ? 

উত্তৰঃ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযােগ্য ভাবুকি হৈছে বিশ্ব দৰিদ্ৰতা । তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত জনসংখ্যা বৃদ্ধি দৰিদ্ৰতাৰ এক অন্যতম প্রধান কাৰণ । 

প্রশ্ন ২৫। সন্ত্রাসবাদ কি ? 

উত্তৰঃ সন্ত্রাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্র কার্য যি কার্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্র হাতত লয় । 

প্রশ্ন ২৬। ভাৰতে কোনটো বছৰত প্রথমে আণবিক অস্ত্র পৰীক্ষা কৰিছিল ? 

উত্তৰঃ ১৯৭৪ চনত । 

প্রশ্ন ২৭। ৰাসায়নিক অস্ত্র অভিৱৰ্তন কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৯২ চনত । 

See Next Page…

1 thought on “Class 12 Political Science Chapter – 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising