Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন

Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন and select needs one.

Join Telegram channel

Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন Solutions for All Subject, You can practice these here…

দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১। নিৰাপত্তা পৰিষদৰ কার্যাবলী কি কি ? 

উত্তৰঃ নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী তলত আলােচনা কৰা হ’ল– 

( ক ) নিৰাপত্তা পৰিষদে যিকোনাে বিবাদ সম্পর্কে আলােচনা বা তদন্ত কৰিব পাৰে আৰু সদস্য ৰাষ্ট্ৰসমূহক এনে সমস্যাৰ শান্তিপূর্ণ মীমাংসাৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে । 

( খ ) নিৰাপত্তা পৰিষদৰ যথেষ্ট নির্বাচনী ক্ষমতা আছে । এই পৰিষদে নতুন ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত অন্তর্ভুক্তিৰ ক্ষেত্ৰত সাধাৰণ সভাক পৰামর্শ দিয়ে । 

( গ ) ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ ‘ ভেটো ’ প্রয়ােগৰ ক্ষমতা আছে । এই ক্ষমতা প্রয়ােগ কৰি যিকোনাে সমস্যা ৰাষ্ট্ৰই এটা নির্দিষ্ট সিদ্ধান্ত লােৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰিব পাৰে ।

( ঘ ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা কোনাে সদস্য ৰাষ্ট্ৰক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ অনুমােদন প্রয়ােজন । 

প্রশ্ন ২। ৰাষ্ট্ৰসংঘক এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে ? কাৰণ দশোৱা । 

উত্তৰঃ ৰাষ্ট্ৰসংঘ এক সার্থক আন্তর্জাতিক সংগঠন । বিশ্বত শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠা কৰাৰ বাবে বিশ্বৰ নেতৃবর্গই এই আন্তর্জাতিক সংগঠন গঢ়ি তুলিছিল । বিভিন্ন ৰাষ্ট্রৰ মাজত সংঘটিত বিবাদসমূহৰ শান্তিপূর্ণ মীমাংসাৰ ক্ষেত্ৰত এনে সংগঠনে উল্লেখযােগ্য ভূমিকা পালন কৰে । তদুপৰি পৃথিৱীয়ে এনে কিছুমান সমস্যাৰ বা প্রত্যাহ্বানৰ সন্মুখীন হয় যি সমস্যাসমূহ সকলােৰে মিলিত প্রচেষ্টাৰ অবিহনে সমাধান কৰা নাযায় । এনে ক্ষেত্ৰত এই আন্তর্জাতিক সংগঠনে সকলাে ৰাষ্ট্ৰৰ মাজত সহযােগিতা স্থাপন কৰাৰ চেষ্টা কৰে । উদাহৰণস্বৰূপে , কিছুমান বেমাৰ সম্পূৰ্ণৰূপে নির্মূল কৰিব পৰা যায় , তেতিয়া সকলাে ৰাষ্ট্ৰই ইয়াৰ টীকাকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহে ।

প্রশ্ন ৩। WTO ৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ ১৯৪৫ চনৰ ১ জানুৱাৰীত আন্তর্জাতিক বাণিজ্য তদাৰক কৰিবৰ কাৰণে বিশ্ব বাণিজ্য সংস্থা গঠন কৰা হৈছিল । পূর্বতে এই কামটো GATT অর্থাৎ General Agreement on Tariff and Trade এ সমাধান কৰিছিল । 

বিশ্ব বাণিজ্য সংস্থাৰ উচ্চ ক্ষমতা সম্পর্কীয় অংগ হ’ল মন্ত্রীবর্গীয় সন্মিলন । এই সন্মিলন দুবছৰৰ অন্তত এবাৰ বহে আৰু বহিঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিসমূহৰ অধীনত থকা সকলাে বিপদৰ ক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰে । সাধাৰণ সভাৰ দৈনন্দিন কাম – কাজসমূহ চোৱাচিতা কৰে । বিশ্ব বাণিজ্য সংস্থাৰ মূল উদ্দেশ্যসমূহ হ’ল— 

( ক ) সদস্য ৰাষ্ট্রসমূহক বাণিজ্যিক চুক্তি আলােচনা কৰাৰ বাবে এক উপযুক্ত মঞ্চ প্রদান কৰা । 

( খ ) বিশ্ব বাণিজ্য উদাৰীকৰণ কৰা বা মুক্ত বাণিজ্যৰ প্ৰচলন কৰা । 

( গ ) বিশ্ব বাণিজ্যই প্রৱৰ্তন কৰা বিষয়সমূহ মূলতঃ সদস্য ৰাষ্ট্রসমূহে পৰস্পৰৰ মাজত চুক্তি কৰা কিছুমান সহমতৰ সমষ্টি । 

প্রশ্ন ৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্রার্থিত্বক তুমি সমর্থন কৰানে ? 

উত্তৰঃ ভাৰতৰ নাগৰিক হিচাপে মই ভাৰতৰ এই দাবীক পূর্ণ সমর্থন জনাওঁ । কাৰণ –

( ক ) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ । 

( খ ) ভাৰতবর্য ভিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্র আৰু ই গণতান্ত্রিক মূল্যবােধক স্বীকৃতি  দিয়ে ।

( গ ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কার্যত ভাৰতে সক্রিয়ভাৱে অংশগ্রহণ কৰে । 

( ঘ ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৰিহণা যােগায় ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৫। কোন বছৰত বিশ্ববেংক গঠন কৰা হৈছিল ? ইয়াৰ কামকাজৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ১৯৪৫ চনত বিশ্ববেংক গঠন কৰা হৈছিল । ইয়াৰ কাৰ্যসমূহ হ’ল— 

( ক ) বিশ্ব বেংকে মানৱ সম্পদ , কৃষি গ্রাম্য উন্নয়ন , পৰিৱেশ ৰক্ষা , আন্তঃগাঁথনি আদি দিশত উন্নতিৰ বাবে কার্য কৰে । 

( খ ) সদস্য ৰাষ্ট্রসমূহক ঋণ আৰু অনুদান আগবঢ়ায় । এইদৰে বিশ্ববেংকে উন্নয়নশীল দেশসমূহৰ অর্থনৈতিক নীতিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে । 

( গ ) ধন বিনিয়ােগৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ পুনৰ গঠন আৰু উন্নয়নৰ বাবে প্রচেষ্টা চলায় । 

( ঘ ) আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীর্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে উৎপাদনশীল সম্পদৰ ক্ষেত্ৰত অন্তর্গত বিনিয়ােগৰ ওপৰত গুৰুত্ব দিয়ে । 

প্রশ্ন ৬। সাধাৰণ পৰিষদৰ গাঁথনিটোৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এটা প্রধান অংগ হৈছে সাধাৰণ সভা । ৰাষ্ট্ৰসংঘৰ সকলাে সদস্যৰাষ্ট্রক লৈ সাধাৰণ সভা গঠিত হৈছে । প্রত্যেক সদস্য ৰাষ্ট্ৰই সাধাৰণ সভালৈ পাঁচজনকৈ প্রতিনিধি পঠিয়াব পাৰে । সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈ অনুষ্ঠিত হয় । এই অধিৱেশন ছেপ্তেম্বৰ মাহত আৰম্ভ হৈ বছৰৰ শেষলৈ চলি থাকে । প্রত্যেক বছৰে সদস্যসকলে সাধাৰণ সভাৰ বাবে এজন সভাপতি নির্বাচিত কৰে । উপস্থিত আৰু ভােটদানকাৰীগৰিষ্ঠসংখ্যক সদস্যৰ সমর্থনৰ ভিত্তিত বেছিভাগ সিদ্ধান্ত গ্রহণ কৰা হয় । কেতবােৰ গুৰুত্বপূর্ণ বিষয় যেনে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নির্বাচন , অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য নির্বাচন , ৰাষ্ট্ৰসংঘৰ নতুন সদস্য ৰাষ্ট্ৰৰ অন্তর্ভুক্ত আদি ক্ষেত্ৰত দুই – তৃতীয়াংশ সদস্যৰ সমর্থন প্রয়ােজন হয় । 

প্রশ্ন ৭। ৰাষ্ট্ৰসংঘৰ কেইটামান বিশেষকৃত সংস্থাৰ নাম লিখা । 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থাসমূহ হ’ল— 

( ক ) বিশ্ব স্বাস্থ্য সংস্থা ।

( খ ) খাদ্য আৰু কৃষি সংস্থা । 

( গ ) আন্তর্জাতিক শ্রমিক সংগঠন । 

( ঘ ) ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰী পুজি । 

প্রশ্ন ৮। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰি স্ৰজকৰ নাম লিখা । 

উত্তৰঃ গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰি স্ৰজকৰ নাম হ’ল— 

( ক ) যােচেপব্রজ টিটো । 

( খ ) গামাল আব্দুল নাছেৰ । 

( গ ) জৱাহৰলাল নেহৰু । 

( ঘ ) ছুকার্ণো ।

প্রশ্ন ৯। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যইহে কেৱল ভেটো ক্ষমতাৰ অধিকাৰ লাভ কৰে কিয় ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পাঁচখন সদস্য ৰাষ্ট্ৰক বিশেষ মর্যাদা প্রদান কৰাৰ বাবে ভেটো প্রদান কৰা হৈছে । 

প্রশ্ন ১০। বিশ্বত আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রয়ােজনীয়তা কিয় ? 

উত্তৰঃ বিশ্বত সকলাে ৰাষ্ট্ৰৰ মাজত শান্তি সম্প্রীতি , নিৰাপত্তা বৰ্তাই ৰাখিবলৈ এটা  আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রয়ােজন । 

প্রশ্ন ১১। শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কাম-কাজত হােৱা পৰিৱর্তনবােৰ লিখা । 

উত্তৰঃ গাঁথনি আৰু কার্যপ্রক্রিয়াৰ ভিতৰত আটাইতকৈ বেছি আলােচিত বিষয় হ’ল নিৰাপত্তা পৰিষদৰ কার্যপ্রণালী । ৰাষ্ট্ৰসংঘই নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি কৰা হৈছিল যাতে সাম্প্রতিক বিশ্বৰ ৰাজনীতিৰ সাংগঠনিক দিশত বিশ্ব ৰাজনীতি ভালদৰে প্রতিফলিত হয় । ইয়াৰ বাহিৰেও আমেৰিকা আৰু আন পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম নীতি আৰু প্ৰশাসনৰ উন্নয়ন বিচাৰিছে । ৰাষ্ট্ৰসংঘই উন্নয়ন আৰু মানৱীয় কার্যত মনােনিৱেশ কৰিব আৰম্ভ কৰিছে । যেনে – স্বাস্থ্য , শিক্ষা , পাৰিপাৰ্শ্বিকতা , জনসংখ্যা নিয়ন্ত্রণ , মানৱ অধিকাৰ লঙঘন আৰু সামাজিক ন্যায় । 

প্রশ্ন ১২। বিশ্ববেংকৰ কামকাজবােৰ আলােচনা কৰা । বিশ্ববেংকৰ বর্তমান সচিব প্রধান গৰাকী কোন ? 

উত্তৰঃ ১৯৪৫ চনত বিশ্ববেংক প্রতিষ্ঠা কৰা হৈছিল । ইয়াৰ কাৰ্যসমূহ হ’ল— 

( ক ) অর্থনৈতিক সংস্কাৰ আৰু পুনর্গঠন কৰা । 

( খ ) দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্রসমূহক সাহায্য প্রদান কৰা । 

( গ ) অনুন্নত ৰাষ্ট্ৰসমূহৰ আন্তঃগাঁথনি নির্মাণৰ বাবে ধন প্রদান কৰা । বিশ্ববেংকৰ বর্তমান সচিবগৰাকী হ’ল— জিম ইয়ং কিম । 

প্রশ্ন ১৩। আজিৰ বিশ্বই সন্মুখীন হােৱা প্রধান গােলকীয় প্রত্যাহানবােৰ কি কি ? 

উত্তৰঃ আজিৰ বিশ্বই সন্মুখীন হােৱা প্রধান গােলকীয় প্রত্যাহ্বানসমূহ হ’ল— 

( ক ) অনুন্নত আৰু দৰিদ্ৰ অৱস্থা :- আধুনিক বিশ্বই যদিও বিভাজন আৰু প্রযুক্তিবিদ্যাত যথেষ্ট আগবাঢ়ি গৈছে , কিন্তু এতিয়াও বিশ্ব প্রায় আধা সংখ্যক লােক দৰিদ্ৰ আৰু দুর্ভিক্ষ জীৱন – যাপন কৰিবলগীয়া হৈ আছে । 

( খ ) সন্ত্রাসবাদ আৰু নিৰাপত্তাহীনতা :- বিশ্বৰ বহুতাে দেশত সন্ত্রাসবাদে অতি প্ৰৱল ৰূপ ধাৰণ কৰিছে আৰু সাধাৰণ জনজীৱন দুর্বিষহ কৰি তুলিছে । 

( গ ) আঞ্চলিক ভাসাম্যহীনতা :- ইউৰােপ , উত্তৰ আমেৰিকা ইত্যাদি মহাদেশৰ বিপৰীতে এছিয়া , আফ্রিকা আৰু লেটিন আমেৰিকাৰ অন্তৰ্গত বহুতাে দেশৰ অর্থনীতি , সামাজিক আদি ব্যৱস্থাবােৰ অতি অনুন্নত অৱস্থাত থাকিবলগীয়া হৈছে ।

( ঘ ) পৰিৱেশ প্ৰদূষণ :- উষ্ণতা বৃদ্ধি , বায়ু , পানী , মাটিৰ আদি প্ৰদূষণৰ ফলত মানৱ জাতিয়ে চৰম অশংকাত ভুগিবলগীয়া হৈছে । 

প্রশ্ন ১৪। ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰৰ নাম লিখা । 

উত্তৰঃ ( ক ) বিশ্ব স্বাস্থ্য সংস্থা । 

( খ ) খাদ্য আৰু কৃষি সংস্থা ।

( গ ) আন্তর্জাতিক শ্রমিক সংগঠন । 

প্রশ্ন ১৫। শীতল যুদ্ধৰ পিছত বিশ্বত কি কি পৰিৱর্তনে দেখা দিছে ? 

উত্তৰঃ ( ক ) আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আবিৰ্ভাৱ হৈছিল । 

( খ ) এছিয়াৰ অর্থনীতি অভাৱনীয় হাৰত বৃদ্ধি হৈছিল । 

( গ ) চীন দ্রুতগতিত বৃহৎ শক্তিৰ পালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰ শক্তি ক্রমাগতবাৱে বৃদ্ধি হৈছিল । 

( ঘ ) বিশ্বত উদাৰনৈতিক গণতন্ত্রৰ সম্প্ৰসাৰণ আৰু নেপাল , ভূটান আদি দেশৰ পৰা বাজতন্ত্রৰ অৱসান ।

প্রশ্ন ১৬। IMF কি ? 

উত্তৰঃ IMF ( International Monetary Fund ) অর্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি হ’ল এটা আন্তর্জাতিক সংগঠন । এই সংগঠনটো ১৯৪৫ চনত গঠিত হৈছিল । ই ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সহযােগিতা বৃদ্ধি কৰে । ইয়াৰ সদস্যভূক্ত ৰাষ্ট্র সংখ্যা হ’ল ১৮৪ খন । অৱশ্যে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্রসমূহে সম অধিকাৰ ভােগ নকৰে । ইয়াৰ তালিকাৰ প্রথম ১০ খন ৰাষ্ট্র ৫৫ শতাংশ ভােটৰ অধিকাৰী । 

আন্তর্জাতিক মুদ্রানিধিয়ে বিনিয়ােগৰ ক্ষেত্ৰত প্রতিযােগিতাৰ সলনি বিনিয়ােগৰ স্থিৰতা আৰু পুঁজিৰ ধন ব্যৱহাৰৰ সুবিধা যাতে সকলাে সদস্য ৰাষ্ট্ৰই ভােগ কৰে তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে । তাৰােপৰি আন্তর্জাতিক মুদ্রানিধিয়ে বিদেশী মুদ্রা বিনিয়ােগৰ ক্ষেত্ৰত থকা বাধাসমূহ নােহােৱা কৰি আন্তর্জাতিক বিকাশৰ ওপৰত গুৰুত্ব আৰােপ কৰে । IMF ৰকাৰ্যসমূহ হ’ল— 

( ক ) আন্তঃৰাষ্ট্রীয় মুদ্রানিধিয়ে ৰাষ্ট্ৰসমূহৰ বিত্তীয় ঘাটি পূৰণৰ বাবে বৈদেশিক মুদ্রা ধাৰলৈ দিয়ে । 

( খ ) IMF এ সদস্য ৰাষ্ট্ৰসমূহলৈ ক্ষতিপূৰণ হিচাপে বিত্তীয় সাহায্য প্রদান কৰে । 

প্রশ্ন ১৭। ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দাৰীৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা । 

উত্তৰঃ ( ক ) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ । 

( খ ) ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্র আৰু গণতান্ত্রিক মূল্যবােধক স্বীকৃতি দিয়ে ।

( গ ) ৰাষ্ট্ৰসংঘৰ সকলাে ধৰণৰ কাৰ্যত ভাৰতে সক্রিয়ভাৱে অংশগ্রহণ কৰে । 

( ঘ ) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৰিহণা যােগায় । 

( ঙ ) ভাৰতবৰ্ষই অর্থনৈতিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি সাধন কৰিছে । এছিয়াৰ ভিতৰত অর্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থান আছে । 

প্রশ্ন ১৮। সাধাৰণ সভাৰ গঠন আলােচনা কৰা । 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সকলাে সদস্যৰাষ্ট্ৰক লৈ সাধাৰণসভা গঠিত হৈছে । সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰকৈ অনুষ্ঠিত হয় । এই অধিৱেশন ছেপ্টেম্বৰ মাহত আৰম্ভ হৈ বছৰৰ শেষলৈ চলি থাকে । নিৰাপত্তা পৰিষদ বা ৰাষ্ট্ৰসংঘৰ অর্ধসংখ্যক সদস্য ৰাষ্ট্রৰ অনুৰােধ মর্মে সচিব প্রধানে এবাৰ বা দুবাৰ বিশেষ অধিৱেশন আহ্বান কৰিব পাৰে । 

প্রত্যেক বছৰে সদস্যসকলে সাধাৰণ সভাৰ বাবে এজন সভাপতি নির্বাচিত কৰে । উপস্থিত আৰু ভােটদানকাৰী গৰিষ্ঠসংখ্যক সদস্যৰ সমর্থনৰ ভিত্তিত বেছিভাগ সিদ্ধান্ত গ্রহণ কৰা হয় । কেতবােৰ গুৰুত্বপূর্ণ বিষয় যেনে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নির্বাচন , অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য নির্বাচন , ৰাষ্ট্ৰসংঘৰ নতুন সদস্য ৰাষ্ট্রৰ অন্তর্ভুক্ত আদি ক্ষেত্ৰত দুই তৃতীয়াংশ সদস্যৰ সমর্থনৰ প্রয়ােজন হয় । 

প্রশ্ন ১৯। শীতল যুদ্ধৰ পিছত বিশ্বত কি কি পৰিৱৰ্তন ঘটিছে ? 

উত্তৰঃ ( ক ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অদ্বিতীয় বৃহৎ শক্তি হিচাপে আবির্ভাব । 

( খ ) এছিয়াৰ অর্থনীতি অভাৱনীয় হাৰত বৃদ্ধি । 

( গ ) বিশ্বত উদাৰনৈতিক গণতন্ত্রৰ সম্প্ৰসাৰণ আৰু নেপাল , ভূটান আদি দেশৰ পৰা ৰাজতন্ত্রৰ অৱসান । 

( ঘ ) চীন দ্রুতগতিত বৃহৎ শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰ শক্তি ক্রমাগতভাৱে বৃদ্ধি । 

প্রশ্ন ২০।এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ এমনেষ্টি ইণ্টাৰনেশ্যনেল হৈছে এটা বেচৰকাৰী সংগঠন যিয়ে সমগ্র বিশ্বৰ মানৱ অধিকাৰ সংৰক্ষণৰ বাবে প্ৰচাৰ চলায়। ই মানৱ অধিকাৰ সম্পর্কে প্রতিবেদন প্রস্তুত কৰি প্রকাশ কৰে । চৰকাৰে প্ৰায় সকলাে সময়তে এই প্রতিবেদন বিলাক লৈ সুখী নহয় , কাৰণ বেছিভাগ প্রতিবেদনে চৰকাৰ কর্তৃপক্ষৰ বেয়া কার্য প্রতিফলিত কৰে । 

প্রশ্ন ২১। বিশ্বৰ গােলকীয় প্রত্যাহ্বানসমূহ কি কি ? 

উত্তৰঃ বিশ্বৰ গােলকীয় প্রত্যাহানসমূহ হ’ল –

( ক ) অনুন্নত আৰু দৰিদ্ৰ অৱস্থা । 

( খ ) সন্ত্রাসবাদ আৰু নিৰাপত্তাহীনতা । 

( গ ) আঞ্চলিক ভাৰসাম্যহীনতা । 

( ঘ ) পৰিৱেশ প্ৰদূষণ ।

প্রশ্ন ২২। UNESCO- ৰ প্রধান উদ্দেশ্য চাৰিটা উল্লেখ কৰা । 

উত্তৰঃ প্রধান উদ্দেশ্য চাৰিটা হ’ল –

( ১ ) পৃথিৱীৰ বিভিন্ন অঞ্চলৰ শিক্ষা আৰু বিজ্ঞানব উন্নতি সাধন কৰি সাংস্কৃতিক বিনিময়ৰ ব্যৱস্থা কৰা । 

( ২ ) অনুন্নত দেশসমূহত শিক্ষক প্রশিক্ষণ , বিদ্যালয় স্থাপন , পাঠ্যপুথিৰ যােগান ধৰা । 

( ৩ ) ইঞ্জিনীয়াৰিং আৰু বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে গৱেষণা কেন্দ্র স্থাপন কৰা আৰু পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰা । 

( ৪ ) পৃথিৱীৰ বিভিন্ন জাতি আৰু সংস্কৃতিৰ মাজত মিলন – সেঁতু ৰচনা কৰা । 

প্রশ্ন ২৩। UNO ৰ তিনিটা মূল উদ্দেশ্য আৰু লক্ষ্য লিখা । 

উত্তৰঃ ( ক ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা অটুট ৰখা । 

( খ ) সকলাে সদস্য ৰাষ্ট্রৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰা । 

( গ ) আন্তঃৰাষ্ট্রীয় সহযােগিতা আহৰণ কৰা আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধান কৰা ৷ 

See Next Page…

Leave a Reply

error: Content is protected !!
Scroll to Top
adplus-dvertising