Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন

Join Telegram channel

Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন and select needs one.

Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 6 আন্তর্জাতিক সংগঠন Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রয়ােজনীয়তা কি ? 

উত্তৰঃ যুদ্ধৰ সম্ভাৱনাক নাইকিয়া কৰা , বিৰােধী গােটসমূহক আলাপ – আলােচনাৰ মেজলৈ লৈ অনা অর্থাৎ বিশ্বশান্তি ৰক্ষা কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রয়ােজন । 

প্রশ্ন ২। তুমি ভাবা নেকি যে আন্তঃৰাষ্ট্ৰীয় সংগঠন এটা অতি ৰাষ্ট্র ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা । 

উত্তৰঃ নাভাবাে । ৰাষ্ট্ৰসংঘ এখন অতিষ্ট্র নহয় । ই সদস্য ৰাষ্ট্ৰবােৰৰ ওপৰত কর্তৃত্ব । প্রয়ােগ কৰিব নােৱাৰে । ইয়াক ৰাষ্ট্রবিলাকে সন্মতিক্রমে সৃষ্টি কৰিছে । ইয়াৰ আন আন সদস্য ৰাষ্ট্ৰবােৰৰ ওপৰত সার্বভৌম ক্ষমতা প্রয়ােগৰ অধিকাৰ নাই । ইয়াৰ সার্বভৌম ক্ষমতাও নাই । সেয়েহে ৰাষ্ট্ৰসংগ এখন অতিষ্ট্র নহয় । 

প্রশ্ন ৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সকলৰ নাম লিখা ।

উত্তৰঃ আমেৰিকা , ৰাছিয়া , ইংলেণ্ড , ফ্রান্স আৰু চীন । 

প্রশ্ন ৪। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভােগ কৰা দুটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে উপভােগ কৰা দুটা সুবিধা হল— 

( ক ) স্থায়ী সদস্যসকলৰ ‘ ভেটো প্রয়ােগৰ অধিকাৰ আছে । আৰু

( খ ) ভেটো প্রয়ােগৰ দ্বাৰা তেওঁলােকে কোনাে জৰুৰী সিদ্ধান্ত কার্যকৰী কৰাত বাধা আৰােপ কৰিব পাৰে । 

প্রশ্ন ৫। এমনেষ্টি ইণ্টাৰনেশ্যনেল কি ? 

উত্তৰঃ এমনেষ্টি ইণ্টাৰনেশ্যনেল হ’ল এক আন্তঃৰাষ্ট্রীয় সংস্থা যাৰ মূল উদ্দেশ্য হৈছে বিশ্ব মানবাধিকাৰ ৰক্ষা কৰা । 

প্রশ্ন ৬। আজিৰ বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি ? 

উত্তৰঃ বর্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ যথেষ্ট তাৎপর্য আছে । ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছত বিশ্বত একমাত্র মহাশক্তিধৰ দেশ আমেৰিকা । আমেৰিকাক নিয়ন্ত্রণ কৰাৰ শক্তি আন দেশৰ নাই । সেই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আমেৰিকাক কিছু পৰিমাণে নিয়ন্ত্রণ কৰিবলৈ সক্ষম । ৰাষ্ট্ৰসংঘই একমাত্র সংস্থা যিয়ে যুদ্ধ সংঘটিত হােৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰি পৰস্পৰ বিৰােধী ৰাষ্ট্ৰসমূহক আলােচনাৰ বাবে একোটা মঞ্চত আনিব পাৰে । পৃথিৱীৰ বিভিন্ন অঞ্চলত হ’ব লগা যুদ্ধৰ পৰা ৰাষ্ট্ৰসংঘই দেশসমূহক ৰক্ষা কৰিছে । 

প্রশ্ন ৭। সমগ্র বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO ৰ নাম লিখা । 

উত্তৰঃ ( ক ) Amnesty International আৰু 

( খ ) Human Rights Watch .

প্রশ্ন ৮। সামাজিক আৰু অর্থনৈতিক বিষয়সমূহৰ কাম কৰা ৰাষ্ট্ৰসংঘৰ দুটা সংস্থাৰ নাম লিখা ।

উত্তৰঃ ( ক ) অর্থনৈতিক আৰু সামাজিক পৰিষদ ।

( খ ) আন্তর্জাতিক শ্রমিক সংস্থা ।

প্রশ্ন ৯। নিৰীকৰণৰ ক্ষেত্ৰত ভাৰতত স্থিতি কি ? 

উত্তৰঃ ভাৰতবৰ্ষই সদায় আক্রমণাত্মক মৰণাস্ত্রসমূহ নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘক  সমর্থন জনাইছে । ভাৰতবৰ্ষই সকলাে দেশকে শান্তিৰ বাবে আণৱিক শক্তি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে । 

প্রশ্ন ১০। ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত ? ৰাষ্ট্ৰসংঘৰ প্ৰথমগকাৰী সচিবপ্রধান কোন আছিল ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সচিবালয় নিউয়র্ক চহৰত অৱস্থিত । প্রথমগৰাকী সচিবপ্রধান আছিল— ট্রিগভিলি । 

প্রশ্ন ১১। নিৰাপত্তা পৰিষদৰ কার্য কি ? 

উত্তৰঃ নিৰাপত্তা পৰিষদে যিকোনাে বিবাদ সম্পর্কে তদন্ত কৰিব পাৰে আৰু সদস্য ৰাষ্ট্রসমূহক এনে সমস্যাৰ শান্তিপূর্ণ মীমাংসাৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে । 

প্রশ্ন ১২। ৰাষ্ট্ৰসংঘৰ চনদত কেতিয়া স্বাক্ষৰ কৰা হৈছিল ? ২০০৬ পর্যন্ত তাত কিমান সদস্য আছিল ? 

উত্তৰঃ ১৯৪৫ চনত স্বাক্ষৰিত হৈছিল আৰু ২০০৬ চনলৈ তাত ১৯২ খন সদস্য ৰাষ্ট্র আছিল ।

প্রশ্ন ১৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ………..স্থায়ী আৰু ………..অস্থায়ী সদস্য আছে । 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাঁচ স্থায়ী আৰু দই অস্থায়ী সদস্য আছে ।

প্রশ্ন ১৪। নিৰাপত্তা পৰিষদৰ গাঁথনি সম্পর্কে লিখা । 

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগ । আৰম্ভণিতে সদস্য ৬ আছিল । ১৯৬৫ চনত সদস্য সংখ্যা ১০ লৈ বৃদ্ধি কৰা হয় । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে । 

প্রশ্ন ১৫। সামাজিক আৰু অর্থনৈতিক বিষয়সমূহৰ সৈতে জড়িত সংস্থাবােৰৰ নাম লিখা । 

উত্তৰঃ ( ক ) অর্থনৈতিক আৰু সামাজিক পৰিষদ । 

( খ ) আন্তর্জাতিক শ্রমিক সংস্থা । 

প্রশ্ন ১৬। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কিয় বিচৰা হৈছে ? 

উত্তৰঃ পৰিৱৰ্তিত পৰিৱেশত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা ৰক্ষা কৰাৰ বাবে কেইটামান পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লােৱা হয় । যেনে – 

( ক ) শান্তিৰক্ষা আয়ােগৰ প্রতিষ্ঠা । 

( খ ) যদি কোনাে ৰাষ্ট্ৰই নিজৰ নাগৰিকসকলক যিকোনাে ধৰণৰ অত্যাচাৰ অথবা বিপদৰ পৰা ৰক্ষা কৰিবলৈ ব্যর্থ হয় , তেন্তে আন্তঃৰাষ্ট্রীয় সম্প্রদায়ে সেই দায়িত্ব বহন কৰিব লাগে ।

প্রশ্ন ১৭। ৰাষ্ট্ৰসংঘক কিহে এক অপৰিহাৰ্য সংগঠন কৰি তুলিছে ? 

উত্তৰঃ বিশ্ব শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ অপৰিহার্য ।

প্রশ্ন ১৮। যিকোনাে দুটা সামৰিক মিত্রজোটৰ নাম লিখা । 

উত্তৰঃ NATO আৰু Warsaw Pact . 

প্রশ্ন ১৯। ভেটো ক্ষমতা বুলিলে কি বুজা ? 

উত্তৰঃ নিৰাপত্তা পৰিষদত ভেটোৰ জৰিয়তে যিকোনাে সিদ্ধান্ত গ্রহণ কৰা হয় । এখন সদস্য ৰাষ্ট্ৰই মাত্র এটা ভােটহে প্রদান কৰিব পাৰে । যদি কোনাে এক সদস্য ৰাষ্ট্ৰই এটা নেতিবাচক ভােট প্রদান কৰে তেতিয়া স্থায়ী – অস্থায়ী উভয় শ্রেণীৰ সদস্যৰ দ্বাৰা গৃহীত প্রস্তাব নাকচ হৈ যায় । এই নেতিবাচক ভােটকে ভেটো ‘ বুলি কোৱা হয় । 

প্রশ্ন ২০। বর্তমান এক মেৰু বিশিষ্ট বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি ? 

উত্তৰঃ এক মেৰুকণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই হৈছে এনে একমাত্র প্রতিষ্ঠান যি প্রতিষ্ঠানে আমেৰিকাৰ স্বেচ্ছাধীন ক্ষমতাৰ ওপৰত কিছু পৰিমাণে হ’লেও নিয়ন্ত্রণ আৰােপ কৰিব পাৰে । 

প্রশ্ন ২১। সামাজিক আৰু অর্থনৈতিক বিষয়ৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ দুটা অংগৰ নাম লিখা । 

উত্তৰঃ ( ক ) অর্থনৈতিক আৰু সামাজিক পৰিষদ । 

( খ ) আন্তর্জাতিক শ্রমিক সংস্থা । 

প্রশ্ন ২২। আইনৰ চকুত সমতা ’ বুলিলে কি বুজা ? 

উত্তৰঃ জাতি , ধর্ম , নির্বিশেষে সকলাে মানুহক আইনে সমান সুৰক্ষা প্রদান কৰিব লাগিব । 

প্রশ্ন ২৩। ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি ? 

উত্তৰঃ বিশ্ব শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা । 

প্রশ্ন ২৪। সমগ্র বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰি থকা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা । 

উত্তৰঃ বেচৰকাৰী সংগঠন দুটা–

( ১ ) ৰেডিক্ৰছ । আৰু 

( ২ ) আন্তর্জাতিক ক্ষমা দান সংগঠন ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
adplus-dvertising