Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ and select needs one.
Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Solutions for All Subject, You can practice these here…
দীঘলীয়া প্রশ্নোত্তৰ ( ৬ নম্বৰৰ )
প্রশ্ন ১। ASEAN সম্প্রদায় কি ? ASEAN সম্প্রদায়ৰ তিনিটা স্তম্ভৰ বিষয়ে চমুকৈ বর্ণনা কৰা ।
উত্তৰঃ ১৯৬৭ চনত দক্ষিণ – পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা বা চমুকৈ এছিয়ান প্রতিষ্ঠা হৈছিল ২০০৩ চনত । এছিয়ানে তিনিটা স্তম্ভৰে সৈতে এছিয়ান সম্প্রদায় গঠন কৰি ইউৰােপীয় ইউনিয়নৰ পদ অনুসৰণ কৰিছে । ASEAN সম্প্রদায়ৰ তিনিটা স্তম্ভ হ’ল — এছিয়ান নিৰাপত্তা পৰিষদ , অর্থনৈতিক পৰিষদ আৰু সামাজিক – সাংস্কৃতিক পৰিষদ ।
( ক ) এছিয়ান নিৰাপত্তা পৰিষদ :- এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদ যাতে সশস্ত্র সংঘাতলৈ ৰূপান্তৰিত নহয় তাৰ প্রতি লক্ষ্য ৰখাটো এছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য ।
( খ ) এছিয়ান অর্থনৈতিক পৰিষদ :- এছিয়ান অর্থনৈতিক পৰিষদে ইয়াৰসদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজৰ সমূহীয়া বজাৰ আৰু উৎপাদনৰ ব্যৱস্থা কৰা , এছিয়ান অঞ্চলত আর্থ – সামাজিক উন্নতি সাধন কৰা এছিয়ান অর্থনৈতিক পৰিষদৰ উদ্দেশ্য ।
( গ ) এছিয়ান সামাজিক – সাংস্কৃতিক পৰিষদ :- বিশ্বৰ সকলাে ধৰ্মৰ লগত সাংস্কৃতিক সম্পর্ক । ৰক্ষা কৰাটো এছিয়ান সামাজিক – সাংস্কৃতিক পৰিষদে চেষ্টা চলায় । এছিয়ান ৰাষ্ট্ৰবােৰৰ মাজত এক মধুৰ সাংস্কৃতিক যােগাযােগ ৰক্ষা কৰাটো এই পৰিষদৰ উদ্দেশ্য ।
প্রশ্ন ২। ক্ষমতাৰ তিনিটা প্রধান বিকল্প কেন্দ্ৰৰ ভূমিকা বিষয়ে চমুকৈ বর্ণনা কৰা ।
উত্তৰঃ ইউৰােপীয় সংঘ :- ছােভিয়েট ৰাছিয়া বিভাজনৰ পিছত আমেৰিকাই বিশ্বৰ একমাত্র মহাশক্তিৰ দেশত পৰিণত হৈছিল । ইউৰােপীয় সংঘ বিশ্বৰ আটাইতকৈ ধনী অর্থব্যৱস্থাৰ অধিকাৰী । ইয়াৰ ২০০৫ চনত আয় আছিল ১২ নিযুত কৌটি । ইউৰােপীয় সংঘৰ মুদ্রা ইউৰােই আমেৰিকাৰ ডলাৰৰ প্রভুত্বৰ ক্ষেত্ৰত বিপদ সৃষ্টি কৰিব পাৰে । ইয়াৰ অৰ্থ ব্যৱস্থাৰ প্ৰভাৱ ওচৰ চুবুৰীয়া দেশৰ ওপৰত পৰাৰ লগতে এছিয়া আৰু আফ্রিকাৰ দেশসমূহৰ ওপৰতাে পৰিছে । ইউৰােপীয় সংঘৰ । সন্মিলিত সামৰিক শক্তি বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম শক্তি । ইউৰোপীয় সংঘৰ প্রধান দুখন ৰাষ্ট্র ব্রিটেন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ।
এছিয়ান ৰাষ্ট্রসমূহ :- দক্ষিণ – পূর্ব এছিয়াৰ ৰাষ্ট্রসমূহে এছিয়ান গঠন কৰে । এই অঞ্চলৰ পাঁচখন ৰাষ্ট্র— ইণ্ডোনেছিয়া , মালয়েছিয়া , ফিলিপাইনছ , ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকক ঘােষণা পত্ৰত স্বাক্ষৰ কৰি ১৯৬৭ চনত এছিয়ান প্রতিষ্ঠা কৰিছিল ।
চীন :- চীনদেশ অর্থনীতি আমেৰিকাৰ অৰ্থনীতিৰ তুলনাত অধিক শক্তিশালী হ’ব পাৰে । নিজ ভৌগােলিক অঞ্চলৰ বিভিন্ন ৰাষ্ট্ৰৰ অর্থনৈতিক ব্যৱস্থাৰ মাজত সমন্বয় সাধন কৰাৰ জৰিয়তে পূব এছিয়াৰ অর্থনৈতিক প্রগতিৰ লগত অন্যান্য উপাদান যেনে জনসম্পদ , ভৌগােলিক পৰিসৰ , সম্পদৰাজি আদিয়ে ইয়াৰ প্রতিপত্তি আৰু বৃদ্ধি কৰিছে আৰু চীনদেশক বিশ্বৰ ক্ষমতাৰ তৃতীয় বৈকল্পিক উৎস হিচাপে গঢ়ি তুলিছে ।
প্রশ্ন ৩। ভাৰত – চীন সম্পর্ক বিষয়ে এটা টোকা লিখা ।
উত্তৰঃ ভাৰত আৰু চীনৰ সম্পর্ক আগৰে পৰা চলি আহিছে । এক পুৰণি সভ্যতা , উভয়ৰ মাজত সাধাৰণ উমৈহতীয়া ভৌগােলিক সীমা আছে আৰু উভয়ৰ মাজত এক সম্পর্ক আছে । স্বাধীনতাৰ পিছত চীনৰ সৈতে ভাৰতৰ যথেষ্ট সু – সম্পর্ক স্থাপিত হৈছিল । ১৯৫৪ চনত ভাৰতে চীনৰ লগত বিখ্যাত ‘পঞ্চশীল নীতিত চহী কৰিছিল । এই নীতিয়ে ভাৰত আৰু চীনৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সৃষ্টি কৰিছিল আৰু উভয়ৰ মাজত আফ্রিকা , এছিয়ান দেশসমূহক লৈ যি বান্দুং সন্মিলন অনুষ্ঠিত হৈছিল তাত ভাবতে চীনক সম্পূর্ণ নৈতিক আৰু কূটনৈতিক সহযােগিতা । আগবঢ়ায় আৰু চীনেও গােৱাৰ ওপৰত ভাৰতৰ দাবীক সমর্থন জনাইছিল ।
আকৌ , পাকিস্তানক চীনে আগবঢ়োৱা সহায়ে বিশেষকৈ ১৯৬৫ চন আৰু ১৯৭১ চনৰ যুদ্ধৰ কালছােৱাত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছিল । ২০০৩ চনত তৎকালীনভাৱে প্রধানমন্ত্রী বাজপেয়ীৰ চীন ভ্রমণে দুয়াে দেশৰ মাজত এক মধুৰ সম্পর্ক গঢ়ি তােলে ।
প্রশ্ন ৪। ASEAN সম্প্রদায় গঠনৰ প্ৰচেষ্টাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ দক্ষিণ – পূর্ব এছিয়াৰ পাঁচখন ৰাষ্ট্র যেনে — ইণ্ডোনেছিয়া , মালয়েছিয়া , ফিলিপাইনছ , ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকক ঘােষণা পত্ৰত স্বাক্ষৰ কৰি ১৯৬৭ চনত এছিয়ান প্রতিষ্ঠা কৰিছিল । এছিয়ানৰ মুখ্য উদ্দেশ্য আছিল অর্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্রগতি আৰু সাংস্কৃতিক বিকাশৰ ব্যৱস্থা কৰা । ইয়াৰ এটা গৌণ উদ্দেশ্য হৈছে আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক স্থিৰতা আৰু শান্তি উন্নত কৰা ।
এছিয়ানৰ মুখ্য উদ্দেশ্য সমূহ হ’ল—
( ক ) সদস্য ৰাষ্ট্ৰবােৰৰ অর্থনৈতিক উন্নতি দ্রুতগামী কৰা ।
( খ ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক , সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা ।
( গ ) অন্যান্য উন্নয়নশীল দেশৰ লগত সহযােগিতা বৃদ্ধি কৰা ।
প্রশ্ন ৫। ভাৰত আৰু চীনৰ মাজৰ বিবাদমান বিষয়বােৰৰ নিষ্পত্তিৰ বাবে তােমাৰ পৰামৰ্শ আগবঢ়োৱা ।
উত্তৰঃ চীন আৰু ভাৰতৰ মাজৰ সম্পর্ক উন্নত কৰাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা লােৱা উচিত–
( ক ) ভাৰত আৰু চীনৰ নেতা আৰু বিষয়াসকলে বেইজিং আৰু নতুন দিল্লীৰ মাজৰ ভ্রমণ বিভিন্ন উদ্দেশ্য আগত লৈ সঘনে কৰিব লাগে ।
( খ ) পৰস্পৰ বুজাবুজিৰ মাধ্যমেৰে নিজৰ মাজত থকা বিৰােধসমূহ আঁতৰ কৰাৰ চেষ্টা কৰিব লাগে ।
( গ ) বিজ্ঞান , প্রযুক্তিবিদ্যা , বাণিজ্যিক ক্ষেত্ৰত উভয়ৰ মাজত সমন্বয় সাধন কৰিব লাগে ।
( ঘ ) যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতি , বিশ্বৰ ৰাজনীতি সম্পর্কে সচেতনতা আদিয়ে উভয়ৰ মাজৰ সম্পর্ক ভৱিষ্যতে আৰু অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হয় ।
( ঙ ) দুয়ােখন দেশৰনতুন অর্থনৈতিক শক্তি হিচাপে উত্থান হৈছে । তেওঁলােকৰ উমৈহতীয়া অর্থনৈতিক স্বার্থ ৰক্ষাৰ বাবে আৰু এছিয়া তথা সমগ্র বিশ্বত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে উভয়ে উমৈহতীয়া কাৰ্যসূচী যুগুত কৰিব লাগে ।
প্রশ্ন ৬। তলত দিয়া শিৰােনামৰ অধীনত ইউৰােপীয় সংঘৰ বিষয়ে টোকা লিখা—
( ক ) আৰম্ভণি , ( খ ) উদ্দেশ্য আৰু লক্ষ্য , ( গ ) তাৎপর্য ।
উত্তৰঃ ১৯৯১ চনত ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছতে ১৯৯২ চনত স্থাপন হােৱা ইউৰােপীয় সংঘই উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে স্বীকৃতি লাভ কৰিছিল । এই সংঘই আন্তঃৰাষ্ট্রীয় ক্ষেত্ৰখনত বিশেষকৈ অর্থনৈতিক , ৰাজনৈতিক আৰু সামৰিক দিশত এক বিৰল ভূমিকা পালন কৰিছিল । ইউৰােপীয়ান সংঘই ২০০৫ চনত বাৰ বিলিয়ন ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা বিশ্বৰ ভিতৰতে এক বৃহত্তম অর্থনীতি হিচাপে স্বীকৃতি লাভ কৰে । ই আমেৰিকাতকৈ বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত তিনিগুণ বেছি আছিল । ৰাজকীয় আৰু ৰাজনৈতিক বিষয়ইগুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল । বিশেষকৈ ব্রিটেইন আৰু ফ্ৰান্সৰ স্থায়ী সদস্যভুক্তিকৰণে ইউৰােপীয়ান সংঘত বাৰুকৈয়ে প্রভাৱ পেলাইছিল । মানৱ অধিকাৰ আৰু পৰিৱেশ অনুন্নত দিশ দুটাৰ ওপৰতে গুৰুত্ব প্রদান কৰিছিল ।
প্রশ্ন ৭। ইউৰােপীয় সংঘৰ প্ৰভাৱৰ প্ৰধান ক্ষেত্ৰবােৰ কি কি ? বিশদভাৱে আলােচনা কৰা ।
উত্তৰঃ ‘ইউৰােপীয় সংঘ’ স্থাপন হােৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে প্রয়ােজনীয় ভূমিকা গ্রহণ কৰি আহিছে । আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ই অর্থনৈতিক , ৰাজনৈতিক , সামৰিক আদি বিভিন্ন দিশত অগ্রণী ভূমিকা গ্রহণ কৰিছে ।
( ক ) অর্থনৈতিক দিশৰ পৰা :- ২০০৫ চনত ১২ বিলিয়ন ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰদ্বাৰা ইউৰােপীয় সংঘই পৃথিৱীৰ বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হৈছিল যিটো আমেৰিকাৰ কিছু পৰিমাণে বেছি আছিল । সেয়েহে ইউৰােপীয়ান সংঘই আমেৰিকাক প্রত্যাহ্বান দিব পাৰিছিল । আমেৰিকাতকৈ ইয়াৰ বেহা – বেপাৰ অংশৰ তিনিগুণ বেছি আছিল যিয়ে এছিয়া আৰু আফ্রিকাক প্রভাৱিত কৰিছিল ।
( খ ) ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ক :- ইউৰােপীয়ান সংঘৰ ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ত যথেষ্ট প্রভাৱ আছে । ইয়াৰ দুখন সদস্যৰাষ্ট্ৰ যেনে ব্রিটেইন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য । ইউৰােপীয়ান সংঘৰ নিৰাপত্তা পৰিষদৰ বিভিন্ন সদস্য অস্থায়ী হিচাপে আছিল । এইটোৱে ইউৰােপীয়ান সংঘক আমেৰিকাক প্ৰভাৱিত কৰাত সম্ভৱ কৰি তুলিছিল ।
( গ ) ইউৰােপীয়ান সংঘৰ সামৰিক প্ৰভাৱ :- ইউৰােপীয়ান সংঘৰ সামৰিক শক্তিয়ে দ্বিতীয় । শ্রেষ্ঠ স্থান অধিকাৰ কৰিছে । ই আমেৰিকাৰ পাছতে সর্বোচ্চ পৰিমাণৰ ধন সামৰিক ক্ষেত্ৰত ব্যয় কৰে ।
প্রশ্ন ৮। ইউৰােপীয় সংঘ EU ৰ ৰাজনৈতিক আৰু কূটনৈতিক প্রভাৱৰ বিষয়ে লিখা ।
উত্তৰঃ ইউৰােপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্র ব্রিটেইন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য । নিৰাপত্তা পৰিষদৰ কেইবাখনাে অস্থায়ী সদস্য ৰাষ্ট্রও ইউৰােপীয় সংঘৰ সদস্য । ইয়াৰ ফলত বর্তমান সময়ত ইউৰােপীয় সংঘই ইৰাণৰ আণৱিক কার্যসূচী আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান নীতিত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । ইয়াৰ কূটনৈতিক , অর্থনৈতিক বিনিয়ােগ আৰু আলােচনাবােৰ , ইগ্রহণ কৰা শাস্তিমূলক ব্যৱস্থা আৰু সামৰিক বাহিনীৰ তুলনাত অধিক ফলপ্রসূ হৈছে । উদাহৰণস্বৰূপে , চীনৰ মানৱ অধিকাৰ আৰু পৰিৱেশৰ অৱক্ষয় বিষয়ত ইয়াৰ দ্বি – পাক্ষিক আলােচনা ফলপ্রসূ হৈছিল ।
প্রশ্ন ৯। চীনৰ দ্রুত অর্থনৈতিক বিকাশ হােৱা সত্ত্বেও তাত এতিয়াও কিছুমান অর্থনৈতিক প্রত্যাহ্বান বর্তি আছে । এই প্রত্যাহ্বানসমূহ উল্লেখ কৰা ।
উত্তৰঃ চীনত অর্থনীতিৰ নাটকীয়ভাৱে উন্নতি ঘটিছে যদিও সংস্কাৰৰ সুবিধা চীনত সকলােৱে লাভ কৰা নাই । চীনত নিবনুৱাৰ সংখ্যা বাঢ়িছে আৰু প্রায় ১০ কোটি মানুহে কর্ম সংস্থাপন বিচাৰি আছে । বর্তমান চীনৰ মহিলাৰ নিযুক্তি আৰু কৰ্মৰ অৱস্থা অষ্টাদশ আৰু উনবিংশ শতিকাৰ ইউৰােপৰ মহিলাৰ অৱস্থাৰ সমানেই বেয়া । গাঁওবাসী আৰু চহৰবাসীৰ মাজৰ আৰু উপকূলবাসী আৰু আভ্যন্তৰীণ প্রদেশসমূহৰ অধিবাসীৰ মাজৰ অর্থনৈতিক অসমতা বৃদ্ধি পােৱাৰ উপৰিও পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ঘটিছে আৰু দুর্নীতি বৃদ্ধি পাইছে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Those questions and answers are very helpful for my study, thank you sir
Sir extra question answer dibo sun logote
COMING SOON