Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ and select needs one.

Join Telegram channel

Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১। ইউৰোপীয়ান ইউনিয়ন সময়ৰ লগে লগে আর্থিক সংঘৰ পৰা বর্ধিত ৰাজনৈতিক সংঘলৈ পৰিৱৰ্তিত হৈছে ।’— বহলাই লিখা । 

উত্তৰঃ ১৯৪৫ চনত ইউৰােপৰ ৰাষ্ট্ৰবােৰ অর্থনৈতিক বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । আমেৰিকাই ‘ মার্শাল ’ পৰিকল্পনাৰ অধীনত ইউৰােপীয় অর্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সহায় আগবঢ়াইছিল । ১৯৪৮ চনত মার্শাল পৰিকল্পনাৰ অধীনত পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰবােৰলৈ সাহায্য প্রদানৰ বাবে ইউৰােপীয় অর্থনৈতিক সহযােগিতা সংগঠন প্রতিষ্ঠা হয় । এনেদৰে বিশেষকৈ অর্থনৈতিক সংস্থা হিচাপে ১৯৯২ চনত ইউৰােপীয় সংঘ গঠন কৰা হয় । কিন্তু সময়ৰ লগে লগে ইউৰােপীয় সংগঠনে অর্থনৈতিক সংস্থাৰ পৰিৱর্তে নিজকে অধিক পৰিমাণে এটা ৰাজনৈতিক সংস্থা হিচাপেহে গঢ়ি তুলিব বিচাৰিছে । ইউৰােপীয় সংঘৰ বাবে এখন সংবিধান প্রস্তুত কৰিব নােৱাৰিলেও এখন ৰাষ্ট্ৰৰ দৰে ইয়াৰ নিজৰ পতাকা , সংগীত , প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে । আন ৰাষ্ট্রৰ লগত সম্পর্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে ।

প্রশ্ন ২।স্থৱিৰ আঁতৰাবলৈ চীনে গ্ৰহণ কৰা অর্থনৈতিক নীতিৰ বিষয়ে চমুকৈ আললাচনা কৰা । 

উত্তৰঃ ১৯৭৮ চনত সেই সময়ৰ নেতা ডেং জিয়াঅ’পিঙে চীনত ‘ মুক্তদ্বাৰ ’ নীতি আৰু অর্থনৈতিক সংস্কাৰৰ কথা ঘােষণা কৰিছিল । এই নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্রযুক্তিবিদ্যা বিনিয়ােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা । বজাৰ অৰ্থনীতিৰ সূচনা কৰিবলৈ চীনে এক নিজস্ব পন্থা অৱলম্বন কৰিছিল । চীনাসকলে প্রভাতী চিকিৎসাৰ পৰিৱর্তে তেওঁলােকৰ অর্থনীতি ক্রমান্বয়ে লাহে লাহে মুকলি কৰিছিল । নতুন অর্থনৈতিক নীতিবােৰে চীনৰ অর্থনৈতিক স্থিতাৱস্থা আঁতৰ কৰাত সহায় কৰিছিল । কৃষিৰ ব্যক্তিগতকৰণে কৃষিৰ উৎপাদন আৰু গ্ৰাম্য উপার্জনৰ উল্লেখযােগ্যভাৱে বৃদ্ধি কৰিছিল । গ্রাম্য অর্থনীতিত উচ্চ ব্যক্তিগত সঞ্চয়ে গ্রাম্য উদ্যোগৰ সূচকীয় বৃদ্ধি ঘটাইছিল । চীনৰ অর্থনীতি উদ্যোগ আৰু কৃষি এই দুয়ােটা খণ্ড সামৰি লৈ অতি দ্রুত হাৰত বৃদ্ধি পাইছিল।নতুন বাণিজ্যিক আই আৰু বিশেষ অর্থনৈতিক মণ্ডলৰ সৃষ্টিয়ে বৈদেশিক বাণিজ্যত বিস্ময়কৰভাৱে বৃদ্ধি ঘটাইছিল । বিদেশৰ প্রত্যক্ষ বিনিয়ােগৰ ( Foreign Direct Investment FDI ) বাবে চীন আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থল হিচাপে পৰিগণিত হৈছে ।

প্রশ্ন ৩। তুমি ভাবানে যে অর্থনৈতিক সংস্কাৰে চনিৰ প্ৰতিজনকে স্পর্শ কৰিছে ? কাৰণ দর্শোৱা । 

উত্তৰঃ নতুন অর্থনৈতিক নীতি চীনদেশত প্ৰয়ােগ কৰাৰ ফলত চীন দেশৰ অৰ্থ ব্যৱস্থাৰ প্রভূত উন্নয়ন হৈছে যদিও দেশৰ সকলাে শ্ৰেণীৰ নাগৰিকে এই সুবিধা সমানে ভােগ কৰিবলৈ সক্ষম হােৱা নাই । তেওঁলােক এতিয়াও বিভিন্ন ধৰণৰ অর্থনৈতিক প্রতিবন্ধকতাৰ সন্মুখীন হৈ আছে– 

( ক ) চীনদেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ংকৰ ৰূপে ধাৰণ কৰিছে । এতিয়াও চীনৰ কর্ম প্রার্থী সংখ্যা প্রায় ১০ কোটি । 

( খ ) বিভিন্ন ক্ষেত্ৰত মানবাধিকাৰ লংঘন কৰা হৈছে । 

( গ ) অর্থনৈতিক অসমতাও বৃদ্ধি পাইছে । 

( ঘ ) পৰিৱেশৰ ক্ষতিগ্রস্ততা আৰু ভ্ৰষ্টাচাৰে চীনৰ অর্থনৈতিক আৰু সামাজিক পৰিৱেশৰ যথেষ্ট ক্ষতি সাধন কৰিছে । 

( ঙ ) মহিলা কর্মচাৰীসকলৰ কামৰ পৰিৱেশ ইউৰােপৰ ১৮ আৰু ১৯ শতিকাৰ পৰিৱেশৰ দৰে তেনেই বেয়া । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৪। ASEAN দর্শন ২০২০ ৰ উপাদানসমূহ কি কি ? 

উত্তৰঃ ‘vision 2020′ য়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ASEAN ৰ বাবে বহির্মুখী দৃষ্টিভংগীৰ ভূমিকা নির্ধাৰণ কৰিছে । অঞ্চলটোৰ সংঘাতসমূহ আলােচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ উৎসাহিত কৰা আছিয়ানে Combodia ৰ বিবাদ মীমাংসা কৰিবলৈ আৰু পূর্ব টীমৰ সমস্যা সমাধান কৰিবলৈ মধ্যস্থতা কৰিছিল । তদুপৰি পূব এছীয় সহযােগিতাৰ বিষয়ে আলােচনা কৰিবলৈ বার্ষিক সন্মিলন অনুষ্ঠিত কৰে । 

প্রশ্ন ৫। ASEAN ত ভাৰতৰ স্থিতি আৰু মর্যাদাৰ বিষয়ে লিখা । 

উত্তৰঃ আছিয়ানৰ বৰ্তমানৰ অর্থনৈতিক শক্তি বিশেষকৈ ভাৰত আৰু চীনৰ দৰে উঠি অহা এছীয় অর্থনীতিৰ ব্যৱসায়িক আৰু বিনিয়ােগৰ সহযােগী হিচাপে ইয়াৰ অর্থনৈতিক গুৰুত্বই সংগঠনটোক এটা আকর্ষণীয় শক্তি হিচাপে গঢ়ি তুলিছে । শীতল যুদ্ধৰ সময়ছােৱাত ভাৰতৰ বৈদেশিক নীতিয়ে আছিয়ানৰ প্রতি উপযুক্ত মনােযােগ প্রদান কৰা নাছিল । কিন্তু যােৱা কিছু বছৰত ভাৰতে সেয়া সংশােধন কৰিবলৈ চেষ্টা কৰিছে । ছিংগাপুৰ আৰু থাইলেণ্ড এই দুইখন আছিয়ান সদস্য ৰাষ্ট্রৰ লগত ভাৰতে মুক্ত বাণিজ্য অঞ্চল চুক্তি স্বাক্ষৰ কৰিছে । 

প্রশ্ন ৬। ASEAN আঞ্চলিক মঞ্চৰ ( ARE ) সদস্যসকল কোন ? 

উত্তৰঃ ইণ্ডোনেছিয়া , মালয়েছিয়া , ফিলিপাইন , ছিংগাপুৰ আৰু থাইলেণ্ড । 

প্রশ্ন ৭। ইউৰােপীয় অর্থনৈতিক সম্প্রদায় ( EEC ) গঠন কৰা ৰােমৰ সন্ধিত স্বাক্ষৰ কৰা দেশ ছখনৰ নাম লিখা । 

উত্তৰঃ ফ্রান্স , পশ্চিম জার্মানী , ইটালী , বেলজিয়াম , নেডাৰলেণ্ড আৰু লুক্সেমবার্গ ।

প্রশ্ন ৮৷ ১৯৬৭ চনত ASEAN প্রতিষ্ঠা কৰা দেশ পাঁচখনৰ নাম লিখা । 

উত্তৰঃ ইণ্ডোনেছিয়া , মালয়েছিয়া , ফিলিপাইনছ , ছিংগাপুৰ আৰু থাইলেণ্ড । 

প্রশ্ন ৯। ASEAN সম্প্রদায়টোৰ স্তম্ভৰ নাম আৰু উদ্দেশ্যসমূহ লিখা । 

উত্তৰঃ ASEAN সম্প্রদায়ৰ তিনিটা স্তম্ভ হ’ল — আছিয়ান নিৰাপত্তা পৰিষদ , অর্থনৈতিক পৰিষদ আৰু সামাজিক – সাংস্কৃতিক পৰিষদ । ASEAN সম্প্রদায়ৰ উদ্দেশ্যসমূহ হ’ল— 

( ক ) সদস্য ৰাষ্ট্ৰবােৰৰ অর্থনৈতিক উন্নতি সাধন কৰা । 

( খ ) অর্থনৈতিক উন্নতিৰ জৰিয়তে সামাজিক – সাংস্কৃতিক উন্নতি সাধন কৰা । 

( গ ) আমেৰিকাৰ আধিপত্যৰ বিপৰীতে এটা ক্ষমতাৰ বিকল্প কেন্দ্র স্থাপন কৰা । 

( ঘ ) ৰাষ্ট্ৰসংঘৰ চনদ নীতিৰ ওপৰত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু সুস্থিৰতা সৃষ্টি কৰা ।

প্রশ্ন ১০। গােলকীয় স্তৰত চীনা অর্থনীতিক স্বীকৃতি প্রদান কৰা সহায়কাৰী উপাদানবােৰ লিখা । 

উত্তৰঃ ( ক ) জনসংখ্যা 

( খ ) ভূ – খণ্ড 

( গ ) সম্পদ 

( ঘ ) আঞ্চলিক স্থিতি তাৰু ৰাজনৈতিক প্রভাৱ । 

প্রশ্ন ১১। ইউৰােপীয় সংঘ হ’ল এটা অর্থনৈতিক সংঘতকৈ অধিক একজাতি ৰাষ্ট্ৰহে’— যুক্তিযুক্ততা প্রতিপন্ন কৰা । 

উত্তৰঃ সময়ৰ লগে লগে ইউৰােপীয় সংঘই অর্থনৈতিক সংস্থাৰ পৰিৱর্তে নিজকে অধিক । পৰিমাণে এটা ৰাজনৈতিক সংস্থা হিচাপেহে প্ৰকাশ কৰিছে । ই জাতি ৰাষ্ট্ৰ হিচাপেহে অধিক কার্য কৰিবলৈ আৰম্ভ কৰিছে । ইউৰােপীয় সংঘৰ বাবে এখন সংবিধান প্রস্তুত কৰা প্রচেষ্টা । বিফল হ’লেও ইয়াৰ নিজৰ পতাকা , সংগীত , প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে । আন ৰাষ্ট্রৰ লগত সম্পর্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে । ইউৰােপীয় সংঘই নতুন সদস্য , বিশেষকৈ পূর্বৰ ছােভিয়েট গােষ্ঠীৰ পৰা সদস্য অন্তর্ভুক্ত কৰি সহযােগিতাৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ ঘটাবলৈ চেষ্টা চলাইছে । 

প্রশ্ন ১২। ইউৰােপীয় সংঘৰ দক্ষতা সীমিত কৰা বৈষম্যবােৰ কি কি ?

উত্তৰঃ এটা অধিৰাষ্ট্রীয় সংগঠন হিচাপে ইউৰােপীয় , সংঘই অর্থনৈতিক , ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ সক্ষম । কিন্তু বহুতাে ক্ষেত্ৰত ইয়াৰ সদস্য ৰাষ্ট্ৰবােৰৰ ইখনৰ লগত সিখনৰ অমিল থকা নিজস্ব বৈদেশিক নীতি আৰু প্ৰতিৰক্ষা নীতি আছে । ইৰাক আক্ৰমণৰ সময়তবৃটেইনৰ প্ৰধানমন্ত্রী টনি ব্লেয়াৰ আমেৰিকাৰ সহযােগী আছিল আৰু ইউৰােপীয় সংঘৰ বহুতাে নতুন সদস্যই আমেৰিকাৰ দ্বাৰা পৰিচালিত ইচ্ছুকসকলৰ জোট গঠন কৰিছিল । কিন্তু জার্মানী আৰু ফ্রান্সে আমেৰিকাৰ নীতিৰ বিৰােধিতা কৰিছিল । ইউৰােপৰ কিছুমান অংশত ইউৰােপীয় সংঘৰ সমন্বয় সাধন কাৰ্যসূচীৰ বিষয়ত এটা বদ্ধমূল

‘ ইউৰােপীয় সংশয়পূর্ণতা ‘ আছে । উদাহৰণস্বৰূপে , ব্রিটেইনৰ পূৰ্বৰ প্রধানমন্ত্রী মার্গাৰেট থেচ্ছাৰে ব্রিটেইনক ইউৰােপীয় বজাৰৰ পৰা আঁতৰত ৰাখিছিল । ডেনমার্ক আৰু ছুইডেনে মাচট্রিস্বট চুক্তিৰ আৰু উমৈহতীয়া ইউৰােপীয় মুদ্রা ইউৰােৰ বিৰােধিতা কৰিছিল । ই ইউৰােপীয় সংঘৰ বৈদেশিক সম্পর্ক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কার্য কৰিব পৰা সামর্থ্যত সীমাৱদ্ধতা আনি দিছে । 

প্রশ্ন ১৩। চীনা অর্থনীতিৰ উত্থান বিশ্বশক্তিৰ প্রতি তৃতীয় বিকল্প হৈ পৰিছিল কিদৰে ? 

উত্তৰঃ ১৯৭৮ চনৰ পৰা আৰম্ভ হােৱা চীনৰ অর্থনৈতিক সফলতা এক বৃহৎ শক্তিৰূপে ইয়াৰ উত্থানৰ লগত জড়িত হৈ আছে । চীনত প্রথমে সংস্কাৰ প্রক্রিয়া আৰম্ভ হােৱাৰ পৰা ই আটাইতকৈ ক্ষিপ্র গতিত বাঢ়ি অহা অর্থনীতি হিচাপে পৰিগণিত হৈছে । ২০৪০ চনৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ বৃহৎ অর্থনীতি হিচাপে আমেৰিকাকো অতিক্রম কৰি আগবাঢ়ি যাব বুলি চীনক প্রক্ষেপ কৰা হৈছে । মাওৰ নেতৃত্বত হােৱা সাম্যবাদী বিপ্লৱৰ পিছত ১৯৪৯ চনত গণ প্রজাতান্ত্রিক চীন প্রতিষ্ঠা হােৱাৰ পিছত ইয়াৰ অর্থনৈতিক ভিত্তি হিচাপে ছােভিয়েট আর্থিক গ্রহণ কৰা হৈছিল । আকৌ , ১৯৭৩ চনত চীনৰ ৰাষ্ট্রপ্রধান চৌএন লাইয়ে চাৰিবিধ আধুনিকীকৰণৰ প্ৰস্তাৱ দাঙি ধৰিছিল । ১৯৭৮ চনত সেই সময়ৰ নে ডেং জিয়াঅপিঙে চীনত ‘ মুক্তদ্বাৰ ’ : নীতি আৰু অর্থনৈতিক সংস্কাৰৰ কথা ঘােষণা কৰিছিল । এই নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিয়ােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা । 

বজাৰ অৰ্থনীতিৰ সূচনা কৰিবলৈ চীনে এক নিজস্ব পন্থা অবলম্বন কৰিছিল । চীনাসকলে  ‘প্রভাতী চিকিৎসা’ৰ পৰিৱর্তে তেওঁলােকৰ অর্থনীতি ক্রমান্বয়ে লাহে লাহে মুকলি কৰিছিল । ১৯৮২ চনত কৃষিৰ ব্যক্তিগতকৰণ কৰাৰ পিছত ১৯৯৮ চনত উদ্যোগৰ ব্যক্তিগতকৰণ কৰিছিল । চীনৰ অর্থনীতি উদ্যোগ আৰু কৃষি এই দুয়ােটা খণ্ড সামৰি লৈ অতি দ্রুত হাৰত বৃদ্ধি হৈছিল । নতুন অর্থনৈতিক নীতিবােৰে চীনৰ অর্থনৈতিক স্থিতাৱস্থা আঁতৰ কৰাত সহায় কৰিছিল । নতুন বাণিজ্যিক আইন আৰু বিশেষ অর্থনৈতিক মণ্ডলৰ সৃষ্টিয়ে বৈদেশিক বাণিজ্যত বিস্ময়কৰভাৱে বৃদ্ধি ঘটাইছিল । বিদেশৰ প্রত্যক্ষ বিনিয়ােগৰ বাবে চীন আটাইতকৈ গুৰুত্বপূর্ণ লক্ষ্যস্থল হিচাপে পৰিগণিত হৈছে । 

প্রশ্ন ১৪। ভৌগােলিক সন্নিকটে আঞ্চলিক সংগঠনৰ গঠনক প্রভাৱিত কৰে কিদৰে ? 

উত্তৰঃ ভৌগােলিক সন্নিকটৰ এক ইতিবাচক প্রভাৱ আছে আঞ্চলিক সংগঠনৰ গঠনৰ ক্ষেত্রত । বহুসংখ্যক লােকে একেলগে বসবাস কৰা অঞ্চলটোত তেওঁলােকৰ মাজত বিৰাজমান এক ভাষা , এক ধর্ম , এক সংস্কৃতি , এক পৰম্পৰাই একতাৰ সৃষ্টি কৰে । ভৌগােলিক সন্নিকটে অর্থনৈতিক সহযােগিতা আৰু আন্তঃৰাজ্যিক বাণিজ্যৰ ক্ষেত্ৰত উৎসাহ প্রদান কৰে । এনেদৰে , আঞ্চলিক সংগঠন গঠনৰ দ্বাৰা সদস্য ৰাষ্ট্রসমূহে ইখনে আনখনৰ সার্বভৌমত্বক সন্মান প্রদর্শন কৰে , শান্তি , সহযােগিতা বৰ্তাই ৰখাত সহায় কৰে । 

প্রশ্ন ১৫। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত দেখা দিয়া প্রত্যাহানবােৰ কি কি ? 

উত্তৰঃ যেতিয়া ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল , তেতিয়া ইউৰােপীয় দেশবোৰে অর্থনৈতিক পতনৰ সন্মুখীন হৈছিল । ইউৰােপৰ বহুতাে নেতাই ‘ ইউৰােপৰ প্ৰশ্ন’ৰ বিষয়েই চিন্তা – চৰ্চা কৰি আছিল । সেয়া হৈছে ইউৰােপক পুৰণি শত্রুতাৰ মাজলৈ উভতি যাবলৈ দিয়া উচিত হ’ব নে ইয়াক নীতি আৰু অনুষ্ঠানৰ ভিত্তিত পুনৰ গঠন কৰা উচিত হ’ব , যিয়ে আন্তঃৰাষ্ট্রীয় সম্পর্ক ইতিবাচক ধাৰণা এটাত অৱদান আগবঢ়াব । দ্বিতীয় মহাসমৰে বহুতাে ধৰাণা আৰু গাঁথনি ক্ষত – বিক্ষত কৰিছিল যিবােৰৰ ওপৰত ভিত্তি কৰি ইউৰােপীয় ৰাষ্ট্ৰবােৰৰ সম্পৰ্ক বর্তি আছিল । ১৯৪৫ চনত ইউৰােপৰ ৰাষ্ট্ৰবােৰ অর্থনৈতিক বিপর্যয় আৰু ইউৰােপ প্রতিষ্ঠিত হৈ থকা নীতি আৰু গাঁথনিসমূহৰ বিধ্বস্ত হৈ পৰা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছিল । 

প্রশ্ন ১৬। চীনদেশত চৌ এন লাইয়ে আগবঢ়োৱা চাৰিটা আধুনিকীকৰণ ব্যৱস্থা উল্লেখ উত্তৰ ? 

উত্তৰঃ ( ক ) কৃষি । 

( খ ) উদ্যোগ । 

( গ ) বিজ্ঞান আৰু প্রযুক্তিবিদ্যা । 

( ঘ ) সামৰিক ক্ষেত্র । 

প্রশ্ন ১৭। পঞ্চশীল বুলিলে কি বুজা ? 

উত্তৰঃ তিব্বত সম্পর্কত ভাৰত আৰু চীনদেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হােৱা চুক্তিৰ সময়ত এই পঞ্চশীল তথা পাঁচটা নীতি ৰচনা কৰা হৈছিল । এই পাঁচটা নীতি হল— 

( ক ) প্রত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা ।

( খ ) আন দেশক আক্ৰমণৰ পৰা বিৰত ৰখা । 

( গ ) আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত ৰখা । 

( ঘ ) শান্তিপূর্ণ সহাৱস্থানৰ প্রতি সমর্থন জনােৱা । 

( ঙ ) সকলাে দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া । 

প্রশ্ন ১৮। ASEAN ৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি ? 

উত্তৰঃ ( ক ) সদস্য ৰাষ্ট্ৰবিলাকৰ অর্থনৈতিক উন্নয়ন দ্রুতগামী কৰা । 

( খ ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক , সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা । 

( গ ) অন্যান্য উন্নয়নশীল দেশৰ লগত সহযােগিতা বৃদ্ধি কৰা । 

( ঘ ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা । 

See Next Page…

3 thoughts on “Class 12 Political Science Chapter – 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ”

Leave a Reply

error: Content is protected !!
Scroll to Top
adplus-dvertising