Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য

Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য and select needs one.

Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য Solutions for All Subject, You can practice these here…

দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৪/৬ )

প্রশ্ন ১৷ গুৱান্টানাম উপসাগৰ কি ? ইয়াৰ তাৎপর্য আলােচনা কৰা । 

উত্তৰঃ গুৱান্টানাম বে কিউবাৰ নৌ ঘাটি । যুক্তৰাষ্ট্ৰৰ ৯/১১ প্রত্যুত্তৰ দ্রুত আৰু নিষ্ঠুৰ আছিল । যুক্তৰাষ্ট্রৰ সেনাই গােটেই পৃথিৱীত মানুহবােৰ আটক আৰু দেশান্তৰিত কৰি জেলত আৱদ্ধ কৰি থৈছিল । ইয়াৰে কিছুমানক কিউবাৰ গুৱান্টানাম নৌ ঘাটিতৰখা হৈছিল । বন্দীসকলৰ অৱস্থা বিশেষ ভাল নাছিল । 

এই অঞ্চলৰ বন্দীসকলে আন্তর্জাতিক আইনৰপৰা কোনাে ধৰণৰ ৰক্ষণাবেক্ষণ পােৱা নাছিল , নিজৰ দেশ বা আমেৰিকাৰ আইনৰ ব্যৱস্থাৰ পৰাও কোনাে সহায় পােৱা নাছিল । 

ৰাষ্ট্ৰসংঘৰ প্রতিনিধিসকলক এওঁলােকক সাক্ষাৎ কৰিবলৈ দিয়া হােৱা নাছিল । 

প্রশ্ন ২। ভাৰত – মার্কিন সম্পর্কৰ বিষয়ে এটা চমু টোকা লিখা । অথবা , মার্কিন যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ শীতল যুদ্ধৰ কালছােৱাত ছােভিয়েট ইউনিয়নৰ লগত ভাৰতৰ বন্ধুত্ব কটকটীয়া আছিল । ছােভিয়েট ইউনিয়নৰ পতনৰ পিছত বাঢ়ি অহা বিৰােধী আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত হঠাতে ভাৰতবৰ্ষই নিজকে বন্ধুত্বহীন কৰি পেলাইছিল । 

তথাপিতাে এই সময়ছােৱাত ভাৰতবৰ্ষই নিজৰ অর্থনীতিক শিথিল কৰি বিশ্ব অর্থনীতিৰৰ লগত চামিল কৰিবলৈ সিদ্ধান্ত লয় । এই নীতি আৰু ভাৰতবৰ্ষৰ বৰ্তমানৰ আকর্ষণীয় আর্থিক বৃদ্ধিৰ হাৰৰ বাবে দেশখনে যুক্তৰাষ্ট্রকে ধৰি বহুকেইখন দেশক আকর্ষণীয় আর্থিক অংশীদাৰী কৰিছে । বর্তমান সময়ত ভাৰত – মার্কিন যুক্তৰাষ্ট্রৰ সম্পৰ্কত দুটা নতুন উপাদান উদ্ভৱ হৈছে । এই উপাদান দুটা হ’ল কাৰিকৰী জ্ঞান সম্পর্কীয় বিস্তাৰ আৰু ভাৰতীয় আমেৰিকানসকলৰ আদান – প্রদান সম্পর্কীয় । এই উপাদান দুটা পৰম্পৰ সম্বন্ধীয় , যেনে— 

( ক ) ভাৰতৰ ছফটৱেৰ খণ্ডৰ মুঠ ৰপ্তানি প্রায় ৩৫ শতাংশ যুক্তৰাষ্ট্ৰই লয় । 

( খ ) বয়িং কোম্পানীৰ আনুমানিক ৩৫ শতাংশ কর্মচাৰী ভাৰতীয় মূলৰ । 

( গ ) চিলিকন ভেলীত প্রায় তিনি লাখ ভাৰতীয়ই কার্যনির্বাহ কৰে । 

( ঘ ) সকলাে উচ্চ কাৰিকৰী উদ্ভাৱনৰ ক্ষেত্ৰত ১৫ শতাংশ ভাৰতীয় মূলৰ আমেৰিকানসকলে কৰিছে । 

প্রশ্ন ৩। আধিপত্য প্রতিহত কৰাৰ কেইটামান উপায়ৰ পৰামর্শ দিয়া । 

উত্তৰঃ শীতল যুদ্ধৰ উত্তৰকালত মার্কিন যুক্তৰাষ্ট্ৰই আন্তর্জাতিক ৰাজনীতিত নিজৰ আধিপত্য প্রতিষ্ঠা কৰাৰ চেষ্টা চলাইছিল আৰু অৱশেষত সফলাে হৈছিল । আমেৰিকাৰ এই আধিপত্য প্রতিহত হয় তলত উল্লেখ কৰা ধৰণে— 

( ক ) যুক্তৰাষ্ট্ৰীয় পদ্ধতিত চৰকাৰৰ তিনিটা বিভাগৰ মাজৰ ক্ষমতা বিভাজন ব্যৱস্থাই কার্যনির্বাহক বিভাগে অদমনীয় আৰু অপৰিমিত সামৰিক ক্ষমতা প্রয়ােগত গুৰুতৰ বাধা দিয়ে । 

( খ ) দ্বিতীয় বাধা আমেৰিকাৰ চৰকাৰৰ ওপৰত হ’ল যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্ৰকৃতিৰ আৰু ই আমেৰিকান সমাজত খােলা প্রকৃতিৰপৰা উৎপত্তি হৈছে । আমেৰিকাৰ গণমাধ্যম এই ক্ষেত্ৰত বিশেষভাৱে ক্ষমতাশালী আৰু মুক্ত গণতান্ত্রিক অধিকাৰেৰে বলীয়ান । 

( গ ) তৃতীয় বাধা হ’ল NATO যিটোৱে আমেৰিকাৰ ক্ষমতা ব্যৱহাৰ কৰাত কিছু সাম্য কৰিব পাৰে । বর্তমান আমেৰিকা যুক্তৰাষ্ট্র এই গণতান্ত্রিক মিত্ৰতাৰ প্রতি অতি আগ্রহশীল কাৰণ এই মিত্রতাই বজাৰ অর্থনীতিক সক্রিয় কৰি ৰাখিছে । সেই কাৰণে NATO ৰ লগত কৰা মিত্রতাই আমেৰিকা যুক্তৰাষ্ট্ৰক ক্ষমতা প্রয়ােগ কৰাৰ কিছু পৰিমাণে হলেও বাধা প্রদান কৰে । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৪। আজিৰ বিশ্বত মার্কিন আধিপত্যই কি বুজায় ? মার্কিন আধিপত্যৰ ক্ষেত্ৰত থকা যিকোনাে দুটা প্রতিবন্ধকতা উল্লেখ কৰা । 

উত্তৰঃ এককেন্দ্রীয় বিশ্বত একমাত্র শক্তিশালী ৰাষ্ট্ৰ হ’ল মার্কিন যুক্তৰাষ্ট্র। মার্কিন যুক্তৰাষ্ট্রই নিজৰ আর্থিক , সামৰিক , সাংস্কৃতিক দিশেৰে অন্যান্য ৰাষ্ট্ৰক প্ৰভাৱিত কৰি ৰাখিছে আৰু এইদৰে একপ্রকাৰৰ আধিপত্যৰ সূচনা কৰিছে মার্কিন যুক্তৰাষ্ট্ৰই । মার্কিন আধিপত্যৰ ক্ষেত্ৰত থকা যিকোনাে দুটা প্রতিবন্ধকতা হল— 

( ক ) প্রথম প্রতিবন্ধকতা হ’ল যুক্তৰাষ্ট্ৰীয় ৰাজ্যত আইনৰ গাঁথনি । চৰকাৰৰ তিনিটা বিভাগৰ মাজৰ ক্ষমতা বিভাজন ব্যৱস্থাই কার্যনির্বাহক বিভাগে অদমনীয় আৰু অপৰিমিত সামৰিক ক্ষমতা প্রয়ােগত গুৰুতৰ বাধা দিছে । 

( খ ) দ্বিতীয় প্রতিবন্ধকতা হ’ল NATO যিয়ে আমেৰিকাৰ ক্ষমতা ব্যৱহাৰ কৰাত কিছু সাম্য কৰিব পাৰে । 

প্রশ্ন ৫। কিদৰে আধিপত্যক অতিক্রম কৰিব পাৰি ? 

উত্তৰঃ দেশবোৰে ল’ব পৰা এটা উল্লেখযােগ্য কৌশল হ’ল লুকাই থকা । ই আধিপত্য শক্তিৰপৰা যিমান পাৰে সিমান আঁতৰি থকাটো বুজায় । এই স্বভাৱৰ বহুতাে উদাহৰণ আছে । চীন , ৰাছিয়া , সংযুক্ত ইউৰােপীয় দেশ আদিয়ে বিভিন্ন ধৰণে এতিয়াৰ দৰে যুক্তৰাষ্ট্ৰৰ আৱৰণৰ পৰা বাহিৰত থাকিব খােজে । অতিৰিক্ত আৰু অনাৱশ্যকভাৱে যুক্তৰাষ্ট্ৰৰ লগত বিৰােধ কৰিব নিবিচাৰে । ক্ষুদ্র দেশসমূহৰ বাবে এইটো এটা আকর্ষণীয় বাস্তৱ নীতি । আকৌ , কিছুমান ব্যক্তিয়ে যুক্তি দর্শায় যে আধিপত্যিক শক্তিৰ বিৰুদ্ধে সক্রিয় বিৰােধিতা নকৰি আধিপত্য পদ্ধতিৰ ভিতৰতে থাকি লাভ আদায় কৰিব লাগে । 

প্রশ্ন ৬। জেফাৰছ বিল ক্লিণ্টনৰ অধীনত মার্কিন আধিপত্যৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ জেফাৰছন বিল ক্লিণ্টনৰ কালছােৱাত যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিৰ পৰা সম্পূর্ণৰূপে আঁতৰি আহি ঘৰুৱা বিষয়ত নিমগ্ন হয় । বৈদেশিক নীতিত সামৰিক ক্ষমতা আৰু সুৰক্ষা আদিৰ নিচিনা ‘ চৰম ৰাজনীতিৰ ঠাইত গণতন্ত্রৰ প্ৰসাৰণ , জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব বাণিজ্য আদি নৰম ৰাজনীতিৰ পথ লয় । 

প্রশ্ন ৭। ‘ইৰাকী স্বাধীনতাৰ অভিযান’ কি ? ইয়াৰ ফলাফলসমূহ উল্লেখ কৰা । 

উত্তৰঃ ২০০৩ চনৰ ১৯ মার্চ তাৰিখে যুক্তৰাষ্ট্ৰই ‘ইৰাকী স্বাধীনতাৰ অভিযান’ নামেৰে , ইৰাক আক্রমণ কৰে । এই আক্রমণৰ মূল উদ্দেশ্য আছিল ইৰাকৰ বৃহৎ ধ্বংসকাৰী অস্ত্র বিকাশত বাধা দিয়া । 

ফলস্বৰূপে , ইৰাকত যুক্তৰাষ্ট্ৰৰ দখলৰ বিৰুদ্ধে পূর্ণ বিদ্ৰোহৰ জুই জ্বলি উঠিছিল । যুক্তৰাষ্ট্ৰৰ ৩,০০০ সামৰিক লােক হেৰুওৱাৰ বিপৰীতে ইৰাকৰ বহু বেছি মানুহৰ প্রাণ হানি হৈছিল । বক্ষণশীল নিৰাপত্তাৰ দ্বাৰা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত এই আক্রমণত ৫০,০০০ অসামৰিক লােকৰ মৃত্যু হৈছিল । 

প্রশ্ন ৮। ৰাজহুৱা পণ্য বুলিলে কি বুজা ? গােলকীয় ৰাজহুৱা পণ্যৰ উদাহৰণ দিয়া । 

উত্তৰঃ যিবিলাক সামগ্রী এজন মানুহে অন্য এজনৰ বাবে আৱশ্যকীয় পৰিমাণ কম নকৰাকৈ ব্যৱহাৰ কৰিব পাৰে , তেনেবােৰ সামগ্ৰীক ৰাজহুৱা পণ্য বােলে । গােলকীয় ৰাজহুৱা পণ্যৰ উদাহৰণ হ’ল যােগাযােগৰ বাবে সাগৰীয় পথ আৰু ইণ্টাৰনেট সেৱা । 

প্রশ্ন ৯।  ৯ / ১১’ৰ বিষয়ে এটা টোকা লিখা । 

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্ৰটোত আক্রমণ কৰি যুক্তৰাষ্ট্ৰখনৰ বৃহৎ ক্ষতিসাধন কৰে । এই আক্রমণে বিশ্ব সন্ত্রাসবাদৰ ব্যাপ্তিক সূচায় । 

প্রশ্ন ১০। ক্লিণ্টনৰ যুগত মার্কিন সামৰিক যুদ্ধৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ নাইৰবি , কেনিয়া আৰু ডাৰ – এছ – চালামত থকা দূতাবাসত হােৱা বােমাবর্ষণত যুক্তৰাষ্ট্রৰ সামৰিক অভিযান ক্লিণ্টনৰ সময়ৰ এটা গুৰুত্বপূর্ণ ঘটনা । এই বােমাবর্ষণ ইছলামিক ভাবধাৰাৰে অতিকৈ প্ৰভাৱান্বিত অল – কায়দানামৰ সন্ত্রাসবাদী সংগঠনৰ দ্বাৰা সংগঠিত বুলি আৰােপ কৰা হৈছিল । এই বােমা আক্ৰমণৰ কেইদিনমানৰ ভিতৰতে ক্লিণ্টনে ইনফিনিট বিচ্ছ ’ নামৰ সামৰিক অভিযান চলাবৰ বাবে আদেশ দিয়ে । চুড়ান আৰু আফগানিস্তানত থকা অল – কায়দাৰ সন্ত্রাসবাদী ঘাটিসমূহত কুইজ ক্ষেপণাস্ত্ৰৰে এলানি আক্রমণ কৰিছিল । 

প্রশ্ন ১১। ‘কঠিন শক্তি হিচাপে আধিপত্য’ কি ? 

উত্তৰঃ আধিপত্য শব্দটোৱে প্ৰথমতে দেশৰ মাজত সম্বন্ধ , ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্যক বুজাইছিল । এই ক্ষেত্ৰত বৰ্তমানৰ বিশ্বৰাজনীতিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান আৰু ভূমিকা লক্ষ্য কৰি আধিপত্য শব্দটোৱে ইয়াৰ সামৰিক শ্রেষ্ঠতা বুজায় । আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয় । পৃথিৱীৰ ভিতৰত সর্বশক্তি দেশ বর্তমান আমেৰিকা । ইৰাকক কৰা আক্রমণে আমেৰিকাৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে ।

প্রশ্ন ১২। বিশ্ব পক্রিমাত আমেৰিকাৰ বর্তমান মর্যাদা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰই বর্তমান আন্তর্জাতিক ৰাজনীতিত যি আধিপত্য বিস্তাৰ কৰিছে ইয়াৰ ভিত্তি হ’ল ইয়াৰ সামৰিক ক্ষমতা প্রভুত্ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক আধিপত্য বর্তমান হৈ পৰিছে অসীম আৰু প্ৰাসংগিক । 

আমেৰিকাৰ কৃতকার্যতা আৰু সাফল্যতা পৃথিৱীৰ সকলাে লােকে দেখি বা জানি সকলােৱে প্রলােভিত , প্রভাবিত হয় । ইয়াৰ প্রথা , সাজ – পােছাক , খাদ্যৰ প্রতিও আকর্ষিত হয় । 

তদুপৰি , অর্থনৈতিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকাৰ সাফল্যই অন্যান্য ৰাষ্ট্ৰক বাৰুকৈ প্রভাবান্বিত কৰিছে । 

প্রশ্ন ১৩। আমেৰিকাৰ আধিপত্য স্থাপনৰ প্ৰক্ৰিয়াটো আলােচনা কৰা ।

উত্তৰঃ আমেৰিকাৰ আধিপত্য স্থাপন হােৱাৰ প্রক্রিয়াসমূহ হ’ল— শীতল যুদ্ধ অৱসানৰ পিছত আমেৰিকাই ছােভিয়েট ৰাছিয়াৰ নিচিনা সর্বশক্তিমান দেশ এখনৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিল । 

এই যুদ্ধত আমেৰিকা এখন বিশ্বৰ ভিতৰতে শক্তিশালী দেশ হিচাপে পৰিগণিত হয় । ইয়াৰ উপৰি বিশ্ববেংকৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত ইয়াৰ প্রভুত্ব বিস্তাৰ কৰিছিল । শীতল যুদ্ধৰ পিছত আমেৰিকাই সামৰিক শক্তি বৃদ্ধি কৰে যিয়ে ইৰাণ , আফগানিস্তান , ইকব বিপক্ষে থিয় দিব পাৰিছিল । 

প্রশ্ন ১৪। কঠোৰ শক্তি হিচাপে আধিপত্য আলােচনা কৰা । 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক আধিপত্য নিৰংকুশ । কোনাে ৰাষ্ট্ৰ বা ৰাষ্ট্ৰসমূহৰ গােটে এই ক্ষেত্ৰত ভাৰসাম্যতা প্রদান কৰিব নােৱাৰে।আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয় । ইৰাকক কৰা আক্রমণে আমেৰিকাৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে আৰু এই ক্ষেত্ৰত অধিক ভয়াৱহ কথাটো হ’ল যে বর্তমান তেওঁলােকৰ ওচৰ চাপিব পৰা এনে কোনাে শক্তি পৃথিৱীত নাই বুলিয়েই ক’ব পাৰি । 

প্রশ্ন ১৫। বিভিন্ন প্রকাৰৰ আধিপত্য কি কি ? আলােচনা কৰা ।

উত্তৰঃ বিভিন্ন প্রকাৰৰ আধিপত্য হৈছে— 

( ক ) কঠিন শক্তিৰ আধিপত্য ।

( খ ) গাঁথনিগত আধিপত্য । আৰু 

( গ ) নম শক্তি হিচাপে আধিপত্য । 

( ক ) কঠিন শক্তিৰ আধিপত্য :- পৃথিৱীৰ ভিতৰত আমেৰিকা সামৰিকভাৱে শ্রেষ্ঠ আৰু কঠিন শক্তি বুলি ক’ব পাৰি । আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয় । পৃথিৱীৰ যিকোনাে দেশে আমেৰিকাৰ দ্বাৰা আক্রমণ ভয় কৰে । কাৰণ , আমেৰিকাৰ সামৰিক শক্তিৰ সৈতে বর্তমানলৈকে কোনাে আন ৰাষ্ট্রই প্রতিদ্বন্দ্বিতা কৰিবলৈ সাহস কৰা নাই । 

( খ ) গাঁথনিগত ক্ষমতা :- অর্থনৈতিক গাঁথনিৰ ক্ষেত্ৰতাে আমেৰিকা যুক্তৰাষ্ট্র যথেষ্ট শক্তিশালী । গাঁথনিগত ক্ষমতাৰ উৎপত্তি হৈছে বিশ্ব অর্থনীতিক এক বিশেষ অবস্থা বুজাবলৈ বিশ্ব অর্থনীতিৰ জন্ম দিবলৈ আৰু অটুট ৰাখিবলৈ আধিপত্যৰ আৱশ্যক । 

আভ্যন্তৰীণভাৱে আমেৰিকাৰ পর্যাপ্ত পৰিমাণৰ গাঁথনিগত শক্তি আছে । উদাহৰণস্বৰূপে , অর্থনৈতিক আৰু প্ৰযুক্তিৰ কথাও উল্লেখযােগ্য । 

( গ ) নৰম শক্তি হিচাপে আধিপত্য :- আমেৰিকাৰ সংস্কৃতি অতি প্ৰভাৱশালী সংস্কৃতি । আমেৰিকাৰ এই গুণক ‘ Soft Power ‘ বােলে । ইয়াৰ অৰ্থ হৈছে শক্তি প্রয়ােগৰ পৰিৱর্তে মানুহক প্ৰভাৱান্বিত কৰা । ভাল জীৱন – যাপন , ব্যক্তিগত সাফল্যৰ আহি বা বিশ্বজুৰি ব্যক্তিৰ সপােন বাস্তৱত পৰিণত কৰাত আমেৰিকা প্ৰায়েই সফল হােৱা দেখা যায় । 

প্রশ্ন ১৬। আমেৰিকান আধিপত্যৰ সর্ববৃহৎ প্রতিবন্ধকতাটো ইয়াৰ আধিপত্যৰ আভ্যন্তৰতেই আছে— আমেৰিকান ক্ষমতাৰ তিনিটা প্রতিবন্ধক চিনাক্ত কৰা । 

উত্তৰঃ আমেৰিকাৰ আধিপত্যৰ ওপৰত আটাইতকৈ বেছি বাধা আহিছে আধিপত্যৰ নিজৰ ওপৰতে । ৯/১১ ঘটনাৰ পিছত আমেৰিকাত তিনিটা প্রতিবন্ধক চিনাক্ত কৰিব পৰা যায় –

( ক ) প্রথম সীমাবদ্ধতাৰ উৎপত্তি হৈছে আমেৰিকাৰ নিজৰ ৰাষ্ট্ৰখনৰ পৰাই । আমেৰিকাৰ চৰকাৰৰ তিনিটা বিভাগৰ মাজত যিক্ষমতাৰ বিভাজন বিধানমণ্ডল , কার্যপালিকা আৰু ন্যায়পালিকা আছে এই ব্যৱস্থাই আমেৰিকাৰ কাৰ্যপালিকাৰ অবাধ আৰু জধে – মধে ব্যৱহাৰ কৰা সামৰিক ক্ষমতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ বাধাৰ সৃষ্টি কৰিছে । 

( খ ) দ্বিতীয় সীমাবদ্ধতা আমেৰিকাৰ চৰকাৰৰ ওপৰত হ’ল যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্ৰকৃতিৰ আৰু ই আমেৰিকান সমাজৰ খােলা প্রকৃতিৰ পৰা উৎপত্তি হৈছে । আমেৰিকাৰ গণমাধ্যম এই ক্ষেত্ৰত বিশেষভাৱে ক্ষমতাশালী , মুক্ত গণতান্ত্রিক অধিকাৰেৰে বলীয়ান ।

( গ ) তৃতীয় সীমাবদ্ধতাটো হ’ল আমেৰিকাৰ আধিপত্যৰ ওপৰত বিশেষভাৱে তাৎপর্যপূর্ণ । এইটো বাধা হ’ল NATO ( North Atlantic Treaty Organisation ) — যিটোৱে আমেৰিকাৰ ক্ষমতা ব্যৱহাৰ কৰাত কিছু সাম্য কৰিব পাৰে । 

প্রশ্ন ১৭। শেহতীয়া ৰছৰবােৰত ভাৰত – মার্কিন সম্পর্কক বিকশাই তােলা নতুন কাৰকসমূহ উল্লেখ কৰা । 

উত্তৰঃ বিশ্বত শীতল যুদ্ধ অব্যাহত থকা সময়ছােৱাত ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্রৰ বিপৰীতে ছােভিয়েট ইউনিয়নৰ সৈতে বন্ধুত্বমূলক সম্পর্ক গঢ়ি তুলিছিল । কিন্তু , ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত ভাৰতবৰ্ষ আন্তর্জাতিক প্রেক্ষাপটত বন্ধুহীন হৈ পৰিছিল । এনে সময়তে গােলকীয় অর্থনীতিৰ সৈতে খাপ খােৱাকৈ ভাৰতবৰ্ষই ইয়াৰ অর্থনৈতিক উদাৰীকৰণ কৰিছিল । ভাৰতবৰ্ষই গ্ৰহণ কৰা এনে নীতিৰ ফলত অর্থনীতিৰ ক্ষেত্ৰত যথেষ্ট প্রগতি লাভ কৰিবলৈ সক্ষম হয় আৰু আমেৰিকা যুক্তৰাষ্ট্রকে আদি কৰি বিশ্বৰ বহু ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ লগত অর্থনৈতিক ক্ষেত্ৰত বন্ধুত্ব গঢ়াৰ পােষকতা কৰিছিল । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ বন্ধুত্বমূলক সম্পর্কই দুয়ােখন দেশকে যথেষ্ট লাভৱান কৰিছিল । যেনে–

( ক ) ভাৰতবৰ্ষই ছফটৱেৰ খণ্ডত ৰপ্তানি কৰা শতকৰা ৬৫ ভাগ আমেৰিকা যুক্তৰাষ্ট্ৰই লয় । 

( খ ) বয়িঙৰ শতকৰা ৩৫ ভাগ কাৰিকৰী কৰ্মচাৰী হ’ল ভাৰতীয় মূলৰ ।

( গ ) চিলিকন উপত্যকাত তিনি লাখ ভাৰতীয়ই কাম কৰে । 

প্রশ্ন ১৮। মার্কিন যুক্তৰাষ্ট্ৰৰ গাঁথনিগত ক্ষমতাৰ এটা ধ্রুপদী উদাহৰণ হ’ল মাষ্টাৰ্ছ ইন বিজনেছ নামৰ বিদ্যায়তনিক ডিগ্ৰীটো’— বহলাই লিখা । 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ব্যৱসায়ক এটা বৃত্তি হিচাপে গণ্য কৰিব পাৰি । ব্যৱসায় পৰিচালনাৰ ক্ষেত্ৰত যে বিশেষ শিক্ষাৰ প্রয়ােজন সেই বিষয়ে আমেৰিকাই প্রথম শিকাইছিল । ব্যৱসায় পৰিচালনাৰ বাবে শিক্ষাগত MBA উপাধি যুক্তৰাষ্ট্ৰৰ গঠনমূলক শক্তিৰ এটা উত্তম উদাহৰণ । ১৮৮১ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত ৱাৰটন স্কুলখন হ’ল বিশ্বৰ প্ৰথমখন ব্যৱসায়িক স্কুল । 

প্রশ্ন ১৯। মার্কিন আধিপত্যৰ সাংস্কৃতিক দিশটোৰ বিষয়ে এটা টোকা লিখা । 

উত্তৰঃ মার্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্য কেৱল সামৰিক আৰু অর্থনৈতিক প্রতিপত্তিৰ ওপৰত নিৰ্ভৰশীল নহয় । মার্কিন যুক্তৰাষ্ট্ৰই আচলতে বিশ্বৰ দেশসমূহৰ মাজত একধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে মার্কিন চিন্তা আৰু আদর্শ সকলােৰে বাবে মংগলজনক বুলি প্রতিপন্ন কৰাৰ হকে প্রচেষ্টা চলাই আহিছে । বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মার্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নির্মিত আৰু প্রভাবিত । এই অর্থত মার্কিন যুক্তৰাষ্ট্ৰ হ’ল সাংস্কৃতিকভাৱে আটাইতকৈ শক্তিশালী ৰাষ্ট্র । 

প্রশ্ন ২০। আধিপত্যৰ বিষয়ে বুৰঞ্জীয়ে আমাক কি শিকায় ? 

উত্তৰঃ ইতিহাসে আমাক কৈছে যে আধিপত্য যদিও ইয়াৰ উচ্চ স্তৰত ভয়ানক যেন দেখা যায় , ই কিন্তু চিৰকাল বর্তি নাথাকে । ইয়াৰ বিপৰীতে শক্তিৰ ৰাজনীতিৰ ভাৰসাম্যই সময় পাৰ হােৱাৰ লগে লগে তুলনামূলকভাৱে আধিপত্যৰ শক্তি হ্রাস কৰে । লুইচ xiv ৰ অধীনত ১৬৬০ চনতফ্রান্স অপ্রতিদ্বন্দ্বী আছিল । ১৭১৩ চনৰ লগে লগে ইংলেণ্ড , হেবছবার্গ , অষ্ট্রিয়া আৰু ৰাছিয়াই ফ্রান্সক প্রতিদ্বন্দ্বিতা কৰিছিল । ১৮৬০ চনত ভিক্টোৰিয়াৰ ৰাজত্বৰ ঊৰ্ধসীমাৰ সময়ত বৃটেইনৰ শান্তি চিৰস্থায়ী হােৱা যেন দেখা গৈছিল । 

প্রশ্ন ২১। আধিপত্যৰ বিভিন্ন প্রকৃতি বিশ্লেষণ কৰা । 

উত্তৰঃ ( ক ) পৃথিৱীৰ ভিতৰত আমেৰিকা সামৰিকভাৱে জ্যেষ্ঠ আৰু কঠিন শক্তি বুলি ক’ব পাৰি । আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয় । 

( খ ) অর্থনৈতিক গাঁথনিৰ ক্ষেত্ৰতাে আমেৰিকা যুক্তৰাষ্ট্র যথেষ্ট শক্তিশালী । গাথগিত ক্ষমতাৰ উৎপত্তি হৈছে বিশ্ব অর্থনীতিৰ এক বিশেষ অৱস্থা বুজাবলৈ বিশ্ব অর্থনীতি জন্ম দিবলৈ আৰু অটুট ৰাখিবলৈ আধিপত্যৰ আৱশ্যক ।

( গ ) তৃতীয় আধিপত্য হৈছে নৰম শক্তি হিচাপে আমেৰিকাৰ আধিপত্য য’ত আমেৰিকাই নিজৰ সাংস্কৃতিক দিশটোৱেদি আন আন ৰাষ্ট্ৰক প্ৰভাৱান্বিত কৰিছে ।

প্রশ্ন ২২। মার্কিন আধিপত্য প্রতিষ্ঠিত হােৱাৰ প্রক্রিয়াসমূহ বিশ্লেষণ কৰা । 

উত্তৰঃ মার্কিন আধিপত্য প্রতিষ্ঠা হােৱাৰ প্রক্রিয়াসমূহ হ’ল— শীতল যুদ্ধ অৱসানৰ পিছত আমেৰিকাই ছোভিয়েট ৰাছিয়াৰ নিচিনা সর্বশক্তিমান দেশ এখনৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিল । এই যুদ্ধত আমেৰিকা এখন বিশ্বৰ ভিতৰতে শক্তিশালী দেশ হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰি বিশ্ব বেংকৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় সংগঠন লগত ইয়াৰ প্রভুত্ব বিস্তাৰ কৰিছিল । শীতল যুদ্ধৰ পিছত আমেৰিকাই সামৰিক শক্তি বৃদ্ধি কৰে । যিয়ে ইৰাণ , আফগানিস্তান , ইৰাকৰ বিপক্ষে থিয় দিব পাৰিছিল । 

প্রশ্ন ২৩। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি প্রসংগত আধিপত্যৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ আন্তৰাষ্ট্ৰীয় ৰাজনীতিত আধিপত্যৰ কথা কবলৈ গ’লে বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্যৰ কথা উনুকিয়াব পাৰি । আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয় । পৃথিৱীৰ ভিতৰত সর্বশক্তিমান দেশ বর্তমান আমেৰিকাই ইৰাকক কৰা আক্রমণে সেই কথা প্রমাণ কৰিছিল । ঠিক তেনেদৰে আভ্যন্তৰীণভাৱে আমেৰিকাৰ পর্যাপ্ত পৰিমাণৰ গাঁথনিগত শক্তি আছে । উদাহৰণস্বৰূপে , অর্থনৈতিক আৰু প্ৰযুক্তিৰ কথা উল্লেখ কৰিব পাৰি । সাংস্কৃতিক দিশৰ ক্ষেত্ৰতাে আমেৰিকাই অন্যান্য দেশক প্রভাৱান্বিত কৰি ৰাখিছে ।

প্রশ্ন ২৪। মার্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত সম্পর্ক স্বাভাৱিক কৰাৰ প্রক্রিয়াটো বাখ্যা কৰা । 

উত্তৰঃবর্তমান সময়ত ভাৰতবৰ্ষই উদাৰ অর্থনৈতিক নীতি গ্রহণ কৰিছে।ইয়াৰ ফলস্বৰূপে ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰিছে । ভাৰতবৰ্ষই সামৰিক ক্ষেত্ৰতাে আমেৰিকাৰ সৈতে অংশীদাৰিত্ব কৰিছে । ভাৰতে পাৰমাণৱিক ক্ষেত্ৰতত আমেৰিকাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে । তদুপৰি , ভাৰতবৰ্ষই সাম্প্রতিক সময়ত আমেৰিকাৰ সৈতে কাৰিকৰী জ্ঞানৰ আদান প্রদান আৰু ভাৰতীয় আমেৰিকানসকলৰ আদান – প্রদান সম্পর্কীয় দিশত সম্বন্ধ স্থাপনত অধিক মনােনিৱেশ কৰিছে । 

প্রশ্ন ২৫। আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি ? প্রত্যেকৰে উদাহৰণ দিয়া । 

উত্তৰঃ ( ১ ) কঠিন শক্তি হিচাপে আধিপত্য । যেনে— আমেৰিকাৰ ইৰাক আক্রমণ । 

( ২ ) গঠনমূলক শক্তি হিচাপে আধিপত্য । যেনে — আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুক্ত অর্থনীতি । 

( ৩ ) নৰম শক্তি হিচাপে আধিপত্য । যেনে— আমাৰ সমাজত বর্তমান জীছ পেন্ট ’ বৰ প্রিয় পােছাক । আমি নিজেই এই সংস্কৃতিৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত হৈ ইয়াক গ্ৰহণ কৰিছে । 

প্রশ্ন ২৬। আমেৰিকাৰ আধিপত্যৰ বাধাসমূহ কি কি ? আলােচনা কৰা । 

উত্তৰঃ আমেৰিকাৰ আধিপত্যৰ বাধাসমূহ হ’ল— 

( ক ) প্রথম সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় ৰাজ্যত আইনৰ গাঁথনি । চৰকাৰৰ তিনিটা বিভাগ মাজৰ ক্ষমতা বিভাজন ব্যৱস্থাই কার্যনির্বাহক বিভাগে অদমনীয় আৰু অপৰিমিত সামৰিক ক্ষমতা প্রয়ােগত গুৰুতৰ বাধা দিছে ।

(খ ) দ্বিতীয় সীমাবদ্ধতাটো হৈছে যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্ৰকৃতিৰ আৰু ই আমেৰিকান সমাজৰ খােলা প্রকৃতিৰ পৰা উৎপত্তি হৈছে । আমেৰিকাৰ গণমাধ্যম এই ক্ষেত্ৰত বিশেষভাৱে ক্ষমতাশালী , মুক্ত গণতান্ত্রিক অধিকাৰেৰে বলীয়ান ।  

( গ ) তৃতীয় বাধা আহিছে NATO ৰ পৰা যিটোৱে আমেৰিকাৰ ক্ষমতা ব্যৱহাৰ কৰাত সীমাবদ্ধতাৰ সৃষ্টি কৰিছে ।

6 thoughts on “Class 12 Political Science Chapter – 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য”

  1. Aadhipatyar bivinna dharan xomu aalusona kora??? Aito lage aapunar tat thoka xan xoru muk 6mark xanar lage please…….

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top