Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান and select needs one.

Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Solutions for All Subject, You can practice these here.

দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

পাঠ: ২

প্ৰথম খণ্ড

১। দ্বি মেৰু ব্যৱস্থাৰ কেতিয়া অন্ত পৰিছিল? 

উত্তৰঃ ১৯৯১ চনৰ ২৫ ডিচেম্বৰত ছোভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হোৱাৰ লগে লগে দ্বি – মেৰু ব্যৱস্থাৰ অন্ত ঘটে। 

২। মিখাইল গভাৰ্ছেভ কোন আছিল ? 

উত্তৰঃ ১৯৮৫ চনত ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলত সাধাৰণ সম্পাদন হিছাপে নিৰ্বাচিত হোৱা ব্যক্তিজনেই আছিল মিখাইল মৰ্ভাছেভ ( Michael garvaehev)।

৩। USSR ( ছোভিয়েট ৰাছিয়া ) বিভাজনৰ চুৰান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল ? 

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি তথা গ্লাচনোষ্ট আৰু পৰেষ্ট্ৰাইকা নামৰ সংস্কাৰ কাৰ্যসূচী সমূহৰ প্ৰচাৰক হিছাপে মিখাইল গৰ্ভাছেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰাৰ পিছত ছোভিয়েত ইউনিয়নৰ পতন তথা পৰিসমাপ্তি ঘটে। 

৪। দ্বিতীয় বিশ্ব বুলিলে কি বুজা ?  

উত্তৰঃ পূব ইউৰোপৰ দেশসমূহে বিশেষকৈ ছোভিয়েট সাম্যবাদী আদৰ্শৰ ৰাষ্ট্ৰসমূহ যি সমূহ ৰাষ্ট্ৰ ৱাৰ্শ চুক্তিত স্বাক্ষৰ কৰিছিল সেই দেশ সমূহক সন্মিলিতভাবে সমাজবাদী গোট বা দ্বিতীয় বিশ্ব বুলি কোৱা হয়। 

৫। গাভাৰ্ছেভে U.S.S.R ত আৰম্ভ কৰা সংস্কাৰ নাম উল্লেখ কৰা ? 

উত্তৰঃ গাভাৰ্ছেভে U.S.S.R ত আৰম্ভ কৰা সংস্কাৰ দুটা হৈছে – গ্লাচনোষ্ট আৰু পেৰেষ্ট্ৰাইকা। 

৬। এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ? 

উত্তৰঃ সাম্যবাদী ব্যৱস্থাৰ ৰাজনৈতিক , অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা আমলাতান্ত্ৰিক আৰু প্ৰভূত্ত্ববাদী আছিল বাবে জনসাধাৰনে এনে ব্যৱস্থাক সমৰ্থন কৰা নাছিল। যাৰ ফলত কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল। 

৭। ইতহাসৰ ” বৃহৎ আৱৰ্জনা বিক্ৰি ” টো কি আছিল ? 

উত্তৰঃ ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিমন্ত্ৰনাধীন বৃহৎ উদ্যোগিক এলেকাসমূহৰ পতন ঘটাৰ ফলস্বৰূপে প্ৰায় ৯০ শতাংশ উদ্যোগিকেই ব্যক্তি বা ব্যক্তিগত কোম্পানীক বিক্ৰি কৰিবলগীয়া হোৱাটোৱেই আছিল ইতিহাসৰ আটাইতকৈ ডাঙৰ পেলনীয়া বস্তু বিক্ৰী বা বৃহৎ আৱৰ্জনা বিক্ৰি। 

৮। ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ? 

উত্তৰঃ ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল – 

(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদৰ্শৰ উপৰত প্ৰতিষ্ঠিত আছিল। 

(খ) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা এক নায়ত্ববাদী চৰিত্ৰৰ আছিল। 

৯। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন ব্যৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

নাইবা 

ছোভিয়েট ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নৰ অৰ্থ ব্যৱস্থা আছিল অতি টনকিয়াল। ছোভিয়েট ৰাছিয়াৰ অৰ্থ ব্যৱস্থা সমাজবাদী আদৰ্শ আৰু জনকল্যাৰ সৈতে জঢ়িত থকাৰ বাবে আমেৰিকা মুক্তৰাষ্ট্ৰৰ বাহিৰে অন্যান্য ৰাষ্ট্ৰসমূহতকৈ ইয়াৰ অৰ্থনীতি শক্তিশালী তথা পৰিকল্পিত বা সু – নিয়ন্ত্ৰিত আছিল। ছোভিয়েট ব্যৱস্থাৰ যোগাযোগ ব্যৱস্থা ইমানেই উন্নত আছিল যে , যিকোনো সময়ত যিকোনো এলেকাৰ সৈতে সহজে যোগাযোগ কৰিব পৰা সক্ষমতা ৰাখিছিল। তাৰ উপৰি ছোভিয়েট ব্যৱস্থাত এখন বৃক্ষ বজাৰ আছিল। য’ত এটা সৰু আলপিনৰ পৰা আৰম্ভ কৰি মোটৰ গাড়ী পৰ্যন্ত তথা ঘৰুৱা সকলো ধৰণৰ সামগ্ৰী উৎপাদন কৰা হৈছিল। একে সময়তে ৰাষ্ট্ৰই সকলো নাগৰিককে মৌলিক চাহিদাসমূহ পূৰণৰ লক্ষ্যতে , স্বাস্থ্য , শিক্ষা আৰু শিশুৰ যতন আদিৰ লগতে বিভিন্ন সামগ্ৰীসমূহ  যোগান তথা আৰ্থিক সাহায্য প্ৰদান কৰিছিল। 

১০। ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট পদ্ধতিত কিয় সন্তষ্ট হোৱা নাছিল ? 

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট ব্যৱস্থাত সন্তুষ্ট নোহোৱা কিছুমান কাৰণ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি – 

(ক) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। ছোভিয়েট ব্যৱস্থা আমূলাতন্ত্ৰিক আৰু প্ৰভূত্ববাদী আছিল বাবে জনসাধৰনে ছোভিয়েট ব্যৱস্থাত সন্তুষ্ট হোৱা নাছিল। 

(খ) ছোভিয়েট ব্যৱস্থা আৰাজকতা সংগঠিক দুৰ্বলতা আৰু দুৰ্নীতিৰ লগতে জনসাধাৰণৰ স্বাধীনতা নথকাৰ বাবে গণতান্ত্ৰিক সুবিধা তথা মতামত প্ৰকাশৰ স্বাধীনতাৰ পৰা ৰাইজে বঞ্চিত হৈছিল। ইয়াৰ ফলত জনসাধাৰনে ছোভিয়েট ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰিছিল। 

(গ) ছোভিয়েট ব্যৱস্থা সাধাৰণ জনগনতকৈ দলীয় নেতা সকলো অধিক অধিক সা – সুবিধা ভোগ কৰাৰ ফলত জনসাধাৰন ছোভিয়েট ব্যৱস্থা ভাল পোৱা নাছিল। 

(ঘ) সৌৰতান্ত্ৰিক কাৰ্যকলাপৰ বাবে সৌৰচাৰিৰ নেতাৰ ৰাজনৈতিক বা প্ৰশাসনিক দিশৰ লগত জনসাধাৰণৰ কোনো সম্পৰ্ক নথকাৰ ফলত  জনসাধাৰণ সন্তুষ্ট হোৱা নাছিল। 

১১। U.S.S.R ত বিভাজনৰ পৰিণতি সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ বিশ্ব ৰাজনীতিত ছোভিয়েট ৰাছিয়াৰ পতনৰ প্ৰভাৱ যথেষ্ট পৰিলক্ষিত হোৱা দেখা যায়। এই ক্ষেত্ৰত দেখিবলৈ পোৱা কিছমান ফলাফল আছিল এনেধৰণৰ – 

(ক) ছোভিয়েট ইউনিয়নৰ বিভাজন তথা পতনৰ লগে লগে সমাজবাদী তথা পুঁজিবাদী ব্যৱস্থাৰ মাজত উদ্ভৱ হোৱা সংঘাতৰ অন্ত পৰে আৰু শীতল যুদ্ধৰ অন্ত ঘটে। 

(খ) ছোভিয়েট ইউনিয়ন পতনৰ পিছত দুয়োটাৰ শক্তি গোষ্ঠীৰ মাজত সৃষ্টি হোৱা অস্ত্ৰ প্ৰতিযোগিতা আৰু সামৰিক গোট গঠনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ অন্ত পৰিছিল। 

(গ) ছোভিয়েট ইউনিয়ন পতনৰ পিছত বিভিন্ন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সলনি হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্ব একমাত্ৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল। 

(ঘ) ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে নতুন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। এই ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা ৰাষ্ট্ৰ গোট বন্ধনে আন্তর্জাতিক ৰাজনৈতিক মুখ্য ভূমিকা গ্ৰহণ কৰি নতুন প্ৰশাসনিক ব্যৱস্থাৰ উত্মান ঘটাইছিল। 

১২। শ্বক থেৰাপী বা ( আঘাত নিৰাময় ) মান কি ? ইয়াৰ পৰিণতি কি চমুকৈ লিখা।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদ ব্যৱস্থাৰ অৱসান আৰু পুঁজিবাদী গণতান্ত্রিক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰসমূহত এক অচলাবস্থা তথা ত্ৰাসৰ সৃষ্টি হৈছিল। এনে এক পৰিস্থিতিৰ পৰা ৰাছিয়া, মধ্য এছিয়া আৰু পুৱ ইউৰোপক উপশম দিয়াৰ বাবে বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াক শ্বক থেৰাপী (Shock Therapy) বা আঘাত নিৰাময় বোলা হয়।

আঘাত নিৰাময় (Shock Therapy) ৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ’ল —

(ক) ৰাছিয়াত ৰাষ্ট্ৰীয় নিয়ন্ত্রণাধীন বৃহৎ উদ্যোগিক এলেকাসমূহৰ পতন ঘটিছিল। প্রায় ৯০ শতাংশ উদ্যোগকেই ব্যক্তি বা কোম্পানীক বিক্ৰী কৰিবলগীয়া হৈছিল।

(খ) ৰাছিয়াৰ মুদ্ৰা ব্যৱস্থা ‘ৰুবল’ৰ মূল্য কমি আহিছিল আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম অভাৱনীয়ভাবে বৃদ্ধি পাইছিল।

(গ) ৰাছিয়াত প্ৰৱৰ্তিত হোৱা পুৰণি সামাজিক কল্যাণমূলক আঁচনিসমূহ ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছিল।

১৩। ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পৰ্ক আছে বুলি তুমি ভবানে? চাৰিটা কাৰণ দৰ্শোৱা।

উত্তৰঃ পূৰ্বৰ পৰাই সকলো সাম্যবাদী ৰাষ্ট্ৰবোৰৰ লগত সম্পৰ্ক গঢ়ি আহিছে। ছোভিয়েট ইউনিয়নৰ পতনৰ পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। এই ক্ষেত্ৰত তলত উল্লেখ কৰা কাৰণ সমূহ বিশেষ ভাৱে মন কৰিবলগীয়া।

(ক) ভাৰত আৰু ৰাছিয়াৰ পাৰস্পৰিক সম্বন্ধ বিশ্বাস আৰু উমৈহতীয়া নীতি আদৰ্শৰ ওপৰত প্রতিষ্ঠিত। ভাৰতবৰ্ষ আৰু ৰাছিয়াই বহু মেৰু সম্পন্ন বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল।

(খ) ২০০১ চনত স্বাক্ষৰ কৰা ‘ভাৰত ৰাছিয়া’ কৌশলগত চুক্তি, ২০০১ ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় ৮০ খনৰো অধিক দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে।

(গ) ভাৰতৰ সামৰিক বাহিনীয়ে বেছিভাগ অস্ত্র-শস্ত্ৰ তথা প্ৰতিৰক্ষাৰ সামগ্ৰী ৰাছিয়াৰ পৰা লাভ কৰে।

(ঘ) খনিজ তেল আমদানি কৰা দেশ হিচাপে ভাৰতবৰ্ষক ৰাছিয়াই খনিজ তেলৰ সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায়।

১৪। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অৰ্থনৈতিক পৃথক কৰা বৈশিষ্ট সমূহ উল্লেখ কৰা ?  

নাইবা 

ছোভিয়েট ব্যৱস্থাৰ লগত আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ পাৰ্থক্য নিৰ্ণয় কৰা। 

উত্তৰঃ ছোভিয়েট ৰাছিয়াত পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা কিছুমান পৃথক ৰাষ্ট্ৰ দেখা যায়। সেইসমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি।

(ক) ছোভিয়েট অর্থনীতি সমাজবাদী অর্থনীতি। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি ধনতান্ত্রিক অর্থনীতি।

(খ) ছোভিয়েটৰ অৰ্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত য’ত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই। আনহাতে, আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে।

(গ) ছোভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি খণ্ডটো নিয়ন্ত্ৰণ কৰে।

১৫। ছোভিয়েট ইউনিয়ন বিভাজন (পতন) ৰ কাৰণসমূহ বৰ্ণনা কৰা 

নাইবা

ছোভিয়েট ইউনিয়ন বিভাজন (পতন) কিয় ঘটিছিল ? 

উত্তৰঃ ছোভিয়েট ইউনিয়ন বিভাজন (পতন) ৰ কাৰণ সমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। 

(ক) ছোভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰণ হ’ল ভুল নেতৃত্ব শাসন ব্যৱস্থা। এনে শাসন ব্যৱস্থা ফলত জনসাধাৰনে আশা আকাংশা পুৰন কৰিব নোৱাৰিছিল। ফলত ছোভিয়েট ব্যৱস্থাত জনসাধাৰনে অতিষ্ট হৈ পৰাৰ ফলত ক্ৰমান্বয়ে ছোভিয়েট ব্যৱস্থাৰ পতন আৰম্ভ হৈছিল।

(খ) ছোভিয়েট ইউনিয়ন পতন মূলতে আছিল প্ৰশাসিক ক্ষেত্ৰত দেখা দিয়া দুৰ্নীতি আৰু সাম্যবাদীৰ মাজত বৃদ্ধি পোৱা স্বৈৰতান্ত্ৰীয় প্ৰবণতা। 

(গ) জনগণক অৱগত নকৰাকৈ গ্লাচনোষ্ট অৰ্থাৎ মুক্ত অৱস্থা আৰু পেৰেষ্টাইকা অৰ্থাৎ পুনৰ গঠন ধাৰণা কাৰ্যকৰী কৰিব বিচৰাৰ বাবেই ছোভিয়েট ইউনিয়নৰ পতন ঘটিছিল। 

(ঘ) বিভিন্ন গণৰাজ্যৰ জনগণৰ মাজত জাতীয়বোধৰ উত্থান আৰু সাৰ্বভৌমত্ব ৰাষ্ট্ৰ হোৱাৰ আকাংক্ষায় ছোভিয়েট ইউনিয়নৰ পতনত অৰিহণা যোগাইছিল। 

(ঙ) ঐতিহাসিক ঘটনা পৰিঘটনাৰ ওপৰত ভিন্ন কৰি গঢ়ি উঠা ধাৰণাক কেন্দ্ৰ কৰিয়েই ছোভিয়েট ইউনিয়ৰ পতন ঘটিছিল। 

9 thoughts on “Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top