Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান and select needs one.

Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Solutions for All Subject, You can practice these here…

প্রশ্ন ১৬.ভারত আরু রাছিয়ার সম্পর্কর প্রকৃতি আলোচনা করা ।

উত্তৰঃ ভাৰতে সকলাে উত্তৰসূৰী সাম্যবাদী দেসসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই ৰাখিছিল । কিন্তু সকলােতকৈ গাঢ় সম্বন্ধ আছিল ৰাছিয়াৰ লগত । ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্রভাৱ পৰিছিল । কিন্তু ২০০০ চনত ব্লাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পর্ক পুনৰ উন্নত হয় । 

( ক ) মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ৰাছিয়াই সহযােগিতা আগবঢ়ায় । 

( খ ) দুয়ােখন দেশে বাণিজ্য , বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্রব্যৰ বে – আইনী ব্যৱসায়ক নিয়ন্ত্রণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে । 

( গ ) ২০০৪ চনত ৰাছিয়াই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্রমণকালত দুয়ােখন দেশে প্রতিক্ষা , কাৰিকৰী কৌশল , সন্ত্রাসবাদ আদি ক্ষেত্ৰত সহযােগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে ।

প্রশ্ন ১৭.ছােভিয়েট ইউনিয়ন বিভাজন ঘটিছিল কিয় ?

উত্তৰঃ ছােভিয়েট ইউনিয়ন বিভিন্ন কাৰণত ভাগি গৈছিল । সেই কাৰণবােৰ তলত উল্লেখ কৰা হল-

( ক ) ত্রুটিপূর্ণ নেতৃত্ব :- ছােভিয়েট ৰাছিয়াৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব । দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল । এই নেতাসকলে বিলাসবহুল জীৱন যাপন আৰু ভ্ৰষ্টাচামূলক কার্যত লিপ্ত হৈছিল । দুর্বল নেতা আৰু দেশৰকল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব , ছােভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ । 

( খ ) গর্বাচেভৰ সংস্কামূলক নীতি :- ছােভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰক আছিল গর্বাচেভৰ সংস্কাৰমূলক নীতি । তেখেতে দেশৰ জনগণক স্বাধীনতা , সমতা , জাতীয়তাবােধ , অর্থনৈতিক স্ব – নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্রস্তুত নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnost আৰু Perestroika ৰ ধাৰণা কার্যকৰী কৰিব বিচাৰিছিল । 

( গ ) অথনৈতিক স্থৱিৰতা :- ছােভিয়েট ৰাষ্ট্ৰই পূর্ব ইউৰােপত থকা দেশসমূহক , মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি বহু ধন সামৰিক ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যয় কৰিছিল । ইয়াৰ ফলত ছােভিয়েট অর্থব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল ।

প্রশ্ন ১৮.শ্বক থেৰাপী কি ? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপীৰ পৰিণতিবােৰ কি কি আছিল ? সাম্যবাদৰপৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ এয়া উত্তম পথ আছিলনে ? 

উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লগা হয় । বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ প্ৰভাৱত ৰাছিয়া , মধ্য এছিয়া আৰু পূর্ব ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্রক্রিয়াক শ্বক থেৰাপী বুলি জনা যায় । প্রক্রিয়াসমূহ –

( ক ) মুক্ত বাণিজ্য :- ৰাছিয়াৰ লগতে আন আন স্বাধীন ৰাষ্ট্ৰসমূহত হঠাতে ৰাজনৈতিক আৰু অর্থনৈতিক পৰিৱৰ্তন সংঘটিত হােৱাৰ বাবে তৎক্ষণাৎ তেওঁলােকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে । 

( খ ) প্রত্যক্ষ বিদেশী ধন বিনিয়ােগ :- প্রত্যক্ষ বিদেশী ধন বিনিয়ােগ শ্বক থেৰাপী আন এটা উল্লেখযােগ্য প্ৰভাৱ । যিহেতু ৰাছিয়া আৰু সহযােগী দেশসমূহে মুক্ত বাণিজ্যক সমর্থন জনাইছিল সেয়েহে বিদেশী বিনিয়ােগকাৰীসকলেও ৰাছিয়ান গণৰাজ্যসমূহত ধন বিনিয়ােগ কৰিবলৈ আগুৱাই আহিছিল । এই বিনিয়ােগে গণৰাজ্যসমূহৰ অর্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰাে কিছু পৰিমাণে সমাধান কৰিছিল ।

( গ ) ব্যৱসায়িক চুক্তিৰ পৰিসমাপ্তি :- এই পৰিৱর্তনে তদানীন্তন ছােভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটায় । বর্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যবােৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আৱদ্ধ হােৱাৰ সুবিধা লাভ কৰে ।

( ঘ ) অর্থনৈতিক উন্নয়ন ও পৰিৱৰ্তনৰ বাবে যি শ্বক থেৰাপীৰ অভিজ্ঞতা এই গণৰাজ্যসমূহৰ হৈছিল এই থেৰাপীয়ে অর্থনৈতিক উন্নয়ন সাধন কৰিছিল ।

প্রশ্ন ১৯.ধৰা হ’ল ছােভিয়েট ইউনিয়ন বিভাজিত হােৱা নাই আৰু ১৯৮০ ৰ দশকৰ মাজভাগৰ দৰে পৃথিৱীখন দ্বিবিভক্ত হৈয়ে আছে । যােৱা দুই দশকৰ উন্নয়নত ই কিদৰে প্রভাৱ পেলালেহেঁতেন ? 

উত্তৰঃ ১৯৯১ চনত ছােভিয়েট ৰাষ্ট্রৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে আৰু দ্বি – মেৰুকৰণৰাে অন্ত পৰে । ইয়াৰ লগে লগে আমেৰিকাৰ আধিপত্যৰ যুগ আৰম্ভ হয় আৰুএক মেৰুকৰণ ব্যৱস্থা আৰম্ভ হয় । যদি ছােভিয়েট ৰাছিয়াৰ বিভাজন নহ’লহেঁতেন , তেনেহ’লে । ইয়াৰ প্ৰভাৱ পৃথিৱীত এনেদৰে পৰিলেহেঁতেন— 

( ক ) প্রথমে আমেৰিকা ইমান বেছি শক্তিশালী ৰাষ্ট্ৰত পৰিণত নহ’লহেঁতেন আৰু বিশ্বত ইয়াৰ আধিপত্য স্থাপন নহ’লহেঁতেন । ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ লগে লগে আমেৰিকাই বিশ্ব ৰাজনীতিত অধিক পৰিমাণে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু প্রধান প্রধান সিদ্ধান্তৰ ক্ষেত্ৰত নিজৰ মতামত জাপি দিবলৈ আৰম্ভ কৰে । 

( খ ) ছােভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে ৰাষ্ট্ৰসংঘত আমেৰিকাৰ মর্যাদা আৰু অধিক বৃদ্ধি পায় । ৰাষ্ট্ৰসংঘৰ প্ৰায় সকলােবােৰ সিদ্ধান্ত আমেৰিকাৰ ইচ্ছানুসাৰে গ্ৰহণ কৰা হয় । যদি ছােভিয়েট ৰাছিয়াৰ পতন নহ’লহেঁতেন তেন্তে আমেৰিকাৰ প্রতিপত্তি ৰাষ্ট্ৰসংঘত ইমান বেছি বৃদ্ধি নাপালেহেঁতেন । 

( গ ) ১৯১৯ চনত ছােভিয়েট ৰাষ্ট্র যদি বিভাজন নহ’লহেঁতেন ইৰাক , আফগানিস্তান আৰু ইৰাণত আমেৰিকাৰ হস্তক্ষেপ ইমান অধিক নহ’লহেঁতেন । আমেৰিকাই ইৰাক আৰু আফগানিস্তানত প্রৱেশ নকৰিলেহেঁতেন আৰু ইৰাণক ভাবুকি নিদিলেহেঁতেন । 

প্রশ্ন ২০.ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতে এক গাঢ় সম্পর্ক বৰ্তাই ৰাখিছিল ৰাছিয়াৰ লগত যি বৈদেশিক নীতিৰ এক গুৰুত্বপূর্ণ বিষয় । এই দুই দেশৰ সম্বন্ধ বিশ্বাস আৰু উমৈহতীয়া আদর্শ , নীতিৰ ওপৰত প্রতিষ্ঠিত । ৰাছিয়া আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমর্থন কৰে । ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষৰিত হৈছে । ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি , কাশ্মীৰ , আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হােৱা তথ্য আদান – প্রদান আদিত ভাৰত উপযুক্ত হৈছে । আনহাতে , ৰাছিয়াৰ বাবে ভাৰত অস্ত্র – শস্তুৰ দ্বিতীয় সর্ববৃহৎ হােৱাৰ বাবে ই উপকৃত হৈছে । ভাৰতীয় সেনাৰ প্রায় অস্ত্র – শস্ত্ৰ ৰাছিয়াৰ পৰা আহে । ভাৰতে Russia Kazakhastan আৰু Tunkenenitan ৰ পৰা শক্তি আহৰণ কৰে । এই দেশসমূহৰ লগত সম্বন্ধ হােৱাৰ বাবে ভাৰত তৈল ক্ষেত্ৰত এওঁলােকৰ বিনিয়ােগ , ব্যৱসায়িক মিত্ৰতাৰ প্ৰসাৰ সাধন ঘটিছে ৷ ৰাষ্ট্ৰসংঘ কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছােভিয়েট ইউনিয়নে সমর্থন জনাইছিল ।

প্রশ্ন ২১.মার্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰপৰা ছােভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্টবােৰ উল্লেখ কৰা । 

উত্তৰঃ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছছাভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে –

( ক ) ছােভিয়েট অর্থনীতি সমাজবাদী অর্থনীতি । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্রৰ অর্থনীতি পুঁজিবাদী অর্থনীতি । 

( খ ) ছােভিয়েটৰ অর্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত যত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই । আনহাতে , আমেৰিকাৰ অর্থনীতি ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে । 

( গ ) ছােভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্রণ কৰে । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডই এই কৃষি খণ্ডটো নিয়ন্ত্রণ কৰে । 

প্রশ্ন ২২.ছােভিয়েট পদ্ধতিৰ অসুবিধাবােৰ উল্লেখ কৰা । 

উত্তৰঃ ছােভিয়েট ব্যৱস্থাত বিষয়া স্বেচ্ছাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল । গণতন্ত্র আৰু বাক স্বাধীনতা নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল । ছােভিয়েট পদ্ধতি বহু ক্ষেত্রত পশ্চিমৰ তুলনাত পিছপৰি আছিল ; যেনে যাতায়াত ব্যৱস্থা , কাৰিকৰী কৌশল , আভ্যন্তৰীণ বিকাশ ইত্যাদি । তদুপৰি , ছােভিয়েট সংঘৰ প্রধান দুর্বলতা আছিল ই জনসাধাৰণৰ আশা – আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল হােৱা নাছিল । ১৯৭৯ চনৰ আফগানিস্তান আক্রমণ আৰু উৎপাদন , ব্যয় বৃদ্ধি , খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছােভিয়েট অর্থনীতি দুর্বল হৈ পৰিছিল । বিশেষতঃ এনে হােৱাৰ প্ৰধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ । 

ছােভিয়েট পদ্ধতি ৰাজনৈতিক আৰু প্রশাসনিক বিকাশৰ পৰাও দুর্বল হৈ পৰিছিল । ইয়াৰ সাম্যবাদী দল যি ৭০ বছৰ ধৰি শাসনৰ গাদীত আছিল , জনতাৰ ওচৰত কোনাে দায়বদ্ধতা নাছিল । প্রশাসনত দেখা দিয়া অৰাজকতা , সাংগঠনিক দুর্বলতা , দুর্নীতি আৰুজনতাৰ স্বাধীনতা নথকাৰ বাবে প্রশাসনৰ প্রতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল । ইত্যাদি এনেবােৰ অসুবিধাই ছােভিয়েট ব্যৱস্থাৰ পতনত অৰিহণা যােগাইছিল । 

প্রশ্ন ২৩.ভাৰতৰ দৰে দেশসমূহৰ বাবে ছােভিয়েট ইউনিয়ন বিভাজনৰ প্রধান পৰিণতিবােৰ কি কি ? 

উত্তৰঃ বৈদেশিক নীতিৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পর্ক মধুৰ । আনকি , ১৯৯১ চনত ছােভিয়েটৰ বিভাজনৰ পিছতাে এই দেশ দুখনৰ মাজত সম্পর্ক ভাল আছিল । তথাপি এই ছােভিয়েট বিভাজনে ভাৰতৰ দৰে দেশক তলত দিয়া ধৰণে প্ৰভাৱ পেলায় –

আন্তর্জাতিক ক্ষেত্ৰত দুয়ােখন দেশেই কেতবােৰ মৌলিক প্ৰমূল্যৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ হকে যৌথভাৱে কাম কৰি আহিছে । সেইবােৰৰ ভিতৰত অন্যতম হলঃ আন্তর্জাতিক ৰাজনীতিত বহু শক্তিৰ সহাৱস্থান , সামূহিক নিৰাপত্তা , প্ৰসাৰিত আঞ্চলিকতাবাদ , আলােচনাৰ মাধ্যমেৰে আন্তর্জাতিক সংঘাতৰ সমাধান , সকলাে দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্রতি সন্ধান ইত্যাদি । তদুপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তর্জাতিক প্রতিষ্ঠানৰ গণতান্ত্রিকীকৰণৰ জৰিয়তে শক্তিশালী কৰি তােলাৰ ক্ষেত্ৰত দুয়ােখন দেশে গুৰুত্ব প্রদান কৰি আহিছে । 

দ্বিপাক্ষিক ক্ষেত্ৰতাে দুয়ােখন দেশে পাৰস্পৰিকভাৱে লাভান্বিত হােৱাকৈ ঘনিষ্ঠভাৱে সহযােগিতা কৰি আহিছে । ২০০২ চনত দুয়ােখন দেশৰ মাজত ভাৰত – ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হৈছে । কাশ্মীৰৰ প্রশ্নতাে ৰাছিয়াই ভাৰতবৰ্ষৰ স্থিতিক সমর্থন কৰি আহিছে । 

প্রশ্ন ২৪.ছােভিয়েট সংঘৰ পতন কিয় হৈছিল ? 

উত্তৰঃ ছােভিয়েট সংঘৰ পতন বিভিন্ন কাৰণত হৈছিল । এই কাৰণবােৰ হ’ল –

( ক ) ত্রুটিপূর্ণ নেতৃত্ব :- ছােভিয়েট সংঘৰ পতনৰ উল্লেখযােগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব । দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল । দুর্বল নেতা আৰু দেশৰ কল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব ছােভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযােগ্য কাৰণ ।

( খ ) গর্বাচেভৰ সংস্কামূলক নীতি :- ছােভিয়েট ৰাছিয়া পতনৰ অন্যতম কাৰক আছিল গর্বাচেভৰ সংস্কাৰমূলক নীতি । তেখেতে দেশৰ জনগণৰ স্বাধীনতা , সমতা , জাতীয়তাবােধ , অর্থনৈতিক স্ব – নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্রস্তুতি নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnost আৰু Persestroika ৰ ধাৰণা কার্যকৰী কৰিব বিচাৰিছিল । 

( গ ) অর্থনৈতিক স্থৱিৰতা :- ছােভিয়েট ৰাষ্ট্ৰই পূর্ব ইউৰােপত থকা দেশসমূহক , মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি বহু ধন সামৰ্কি ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যক্ত কৰিছিল । ইয়াৰ ফলত ছােভিয়েট অর্থ ব্যৱস্থাৰ ওপৰত যথেষ্ট বােজা পৰিছিল । 

প্রশ্ন ২৫. ছােভিয়েট গণৰাজ্যৰ সংস্কাৰ আৰম্ভ কৰিবলৈ কোনবােৰ উপাদানে গর্বাচেভক বাধ্য কৰিছিল ? 

উত্তৰঃ তলত উল্লেখ কৰা উপাদানকেইটাই ছােভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গর্বাচেভক প্রভাৱিত কৰিছিল— 

( ক ) তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল , যিটো । অৱস্থাত ছােভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি আছিল । তদুপৰি প্রশাসনিক আৰু ৰাজনৈতিক দিশটো ছােভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰতা আছিল । 

( খ ) ছােভিয়েট সংঘই ইয়াৰ যথেষ্ট সংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়ন ব্যৱহাৰ কৰিছিল । যাৰ ফলত ছােভিয়েট অর্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল ।

( গ ) ১৯৭৯ চনত ছােভিয়েটে আফগানিস্তান আক্রমণ কৰাৰ ফলত ছােভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল । মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল । এই অনুন্নত অৱস্থাটোৰ ফলত ভােগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্রতি বছৰে খাদ্য সামগ্ৰীৰ আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল । 

এনেবােৰ কাৰণত ছােভিয়েটৰ অর্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল । 

প্রশ্ন ২৬.আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে পুঁজিবাদী দেশৰ অৰ্থনীতিৰপৰা ছােভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছােভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে –

( ক ) ছােভিয়েট অর্থনীতি সমাজবাদী অর্থনীতি । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনীতি পুঁজিবাদী অর্থনীতি । 

( খ ) ছােভিয়েট অর্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত য’ত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই । আনহাতে , আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ অধিকার আছে ।

( গ ) ছােভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্রণ কৰে । আনহাতে , আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি খণ্ডটো নিয়ন্ত্রণ কৰে । 

প্রশ্ন ২৭.ছােভিয়েট প্রথাৰ দুর্বলতাসমূহ উল্লেখ কৰা । 

উত্তৰঃ ছােভিয়েট প্রথাত বিষয়াসকল প্রায় স্বেচ্চাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল । গণতন্ত্র আৰু বাক স্বাধীনতা নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল । ছােভিয়েট ব্যৱস্থা বহু ক্ষেত্ৰত পশ্চিমৰ তুলনাত পিছপৰি আছিল , যেনে যাতায়াত ব্যৱস্থা , কাৰিকৰী কৌশল , আভ্যন্তৰীণ বিকাশ ইত্যাদি । তদুপৰি , ছােভিয়েট পদ্ধতিৰ প্রধান দুর্বলতা আছিল যে ই জনসাধাৰণৰ আশা – আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল হােৱা নাছিল । ১৯৭৯ চনৰ আফগানিস্তান আক্রমণ আৰু উৎপাদন , ব্যয় বৃদ্ধি , খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছােভিয়েট অর্থনীতি দুর্বল হৈ আহিছিল । বিশেষতঃ এনে হােৱাৰ প্রধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ । 

ছােভিয়েট প্রথা ৰাজনৈতিক আৰু প্রশাসনিক বিকাশৰ পৰাও দুর্বল হৈ নাছিল । প্রশাসনত দেখা দিয়া অৰাজকতা , সাংগঠনিক দুর্বলতা , দুনীতি আৰু জনতাৰ স্বাধীনতা । নথকাৰ বাবে প্ৰশাসনৰ প্রতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল । ইত্যাদি এনেবােৰ বিভিন্ন দুর্বলতা অথবা অসুবিধ্ব পৰিলক্ষিত হৈছিল ছােভিয়েট প্রথাত ।

9 thoughts on “Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top